Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান

Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান and select needs one.

Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান Solutions for All Subject, You can practice these here…

দীঘল প্ৰশ্নৰ উত্তৰ ( মুল্যাংক ৪/৫ )

প্রশ্ন ১.দ্বিতীয় বিশ্ব যুদ্ধৰ পিছৰ ছোভিয়েট ইউনিয়নৰ অৱস্থাৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত ছোভিয়েট ইউনিয়ন আমেৰিকা যুক্ত ৰাষ্ট্রৰ দৰে এক মহাশক্তি হিচাপে বিশ্বত প্রতিষ্ঠা লাভ কৰিছিল । আমেৰিকাৰ পুঁজিবাদী ব্যৱস্থাৰ সমসাময়িকভাবে ছোভিয়েট ইউনিয়িনৰ সাম্যবাদী বা সমাজবাদী ব্যৱস্থা শক্তিশালী ৰূপে প্রতিষ্ঠিত হৈছিল । ছোভিয়েট ইউনিয়নে নব্য এক স্বনির্ভৰশীল নীতিৰ পাতনি মেলিছিল । জনসাধাৰণৰ বাবে দৰকাৰ হোৱা সকলো সামগ্রী আৰু সেৱা ছোভিয়েট ইউনিয়নৰ ভিতৰতে প্রস্তুত কৰাৰ ব্যৱস্থা কৰিছিল । তেল, তীখা, লোহা, আৰু আন প্রাকৃতিক সম্পদৰ ব্যৱহাৰৰ জৰীয়তে ৰাষ্ট্রীয় অর্থনীতিৰ বুনিয়াদ অধিক শক্তিশালী কৰি তুলিছিল । প্রযুক্তি-কৌশল আৰু যোগাযোগৰ মাধ্যমেৰে বিভিন্ন অঞ্চলৰ বাবে সা-সুবিধাৰ ব্যৱস্থা কৰিছিল । খাদ্য, স্বাস্থ্য, শিক্ষা আদি সকলো লাগতিয়াল বিষয়সমূহেৰে সকলো জনগণৰ  বাবে নূন্যতম জীৱন ধাৰণৰ  মানদণ্ড প্রদান কৰিছিল । সম্পত্তিৰ মালিকানাস্বত্ব নাইকীয়া কৰি সকলো অনুষ্ঠান-প্রতিষ্ঠান চৰকাৰ আৰু ৰাষ্ট্রই নিয়ন্ত্রণ কৰিছিল ।

প্রশ্ন ২.ছোভিয়েট ইউনিয়নৰ জনসাধারণ ছোভিয়েট পদ্ধতিত সন্তুষ্ট হোৱা নাছিল ? চাৰিটা কাৰণ দর্শোৱা ।

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ জনসাধাৰণ ছোভিয়েট পদ্ধতিত সন্তুষ্ট হোৱা নাছিল । ইয়াৰ উল্লেখযোগ্য চাৰিটা কাৰণ হ’লঃ

(ক) ষ্টেলিনর অধীনত চলা স্বৈৰতন্ত্রী কাৰ্য-কলাপঃ ছোভিয়েট সংঘত সমাজবাদী আদর্শ প্রতিষ্ঠা কৰাৰ নামত ষ্টেলিনে বহুতো পশ্চাদঘাতী কর্মৰ জরীয়তে স্বৈৰতন্ত্রী শাসন চলাইছিল যিটো ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে মুঠেই ভাল পোৱা নাছিল । লগতে, ষ্টেলিনৰ সমালোচক ত্রৎক্সিৰ হত্যাত জনসাধাৰণ অতিকৈ অসন্তুষ্ট হৈ পৰিছিল ।

(খ) মিখাইল গৰ্বাচেভ আৰু কেলেংকাৰী সংস্কাৰ  ব্যৱস্থাঃমিখাইল গৰ্বাচেভে সমাজৰ সংস্কাৰৰ  বাবে যি গ্লাচনোষ্ট আৰু পেরেষ্ট্রোইকাৰ  ব্যৱস্থা গ্রহণ কৰিছিল সেই ছোভিয়েট ইউনিয়নৰ জনসাধারণে সন্দেশ প্রকাশ কৰিছিল আৰু উত্তাল প্রতিবাদ গ্রহণ কৰিছিল । মিখাইল গৰ্বাচেভ গ্রহণ কৰা আন্তর্জাতিক নীতি আৰু পশ্চিমীয়া দেশৰ লগত গঢ়ি তুলিব খোজা কাৰ্যত ছোভিয়েট ইউনিয়নৰ জনসাধাৰণ শংকিত হৈ পৰিছিল ।   

(গ) ব্রেজনেভ আৰু ছোভিয়েট অর্থনীতিৰ স্থবিৰতাঃ ছোভিয়েট অর্থনীতিৰ উন্নতিৰ ক্ষেত্রত ব্রেজনেভে চলোৱা নীতি আৰু কাৰ্যসূচীসমূহত ছোভিয়েট ইউনিয়নৰ জনসাধাৰণ বহু দিশত সন্তুষ্ট হোৱা নাছিল । বিশেষকৈ ব্রেজনেভৰ কাৰ্যকালত দৈনন্দিত ব্যৱহাৰ্য সামগ্রীৰ ক্ষেত্রত হোৱা ঘাটিয়ে দেশৰ অর্থনীতি ব্যর্থ হোৱাতো জনসাধাৰণে উপলব্ধি কৰিছিল ।

(ঘ) ১৯৬০ দশকৰ পৰৱৰ্তি সময়ত হোৱা ছোভিয়েট অর্থনীতিৰ স্থবিৰতাঃ ১৯৬০ দশকৰ পৰৱৰ্তি সময়ত হোৱা ছোভিয়েট অর্থনীতিৰ স্থবিৰতা ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে মুঠেই মানি লব পাৰা নাছিল । পাৰমাণৱিক আৰু বিশ্বৰ মহাশক্তিহিচাপে কৰা আধিপত্য বিস্তাৰৰ বাবে অধিক ব্যয় বহন কৰা বুলি জনসাধাৰণে সন্দেহ প্রকাশ কৰিছিল ।

(ঙ) ছোভিয়েট সাম্যবাদী দল বা কমিউনিষ্ট পার্টী আৰু প্রশাসনৰ দুর্নীতিঃ ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে ছোভিয়েট সাম্যবাদী দল বা কমিউনিষ্ট পার্টী আৰু প্রশাসনৰ বহুতো দুর্নীতি আৰু স্বেচ্ছাচাৰী   শাসনৰবলি হব লগা হৈছিল । এই বিষয়ে জনসাধাৰণৰ মাজত আলোড়ণ আৰু আন্দোলনৰ সৃষ্টি কৰিছিল ।

(চ)ব্যক্তি স্বাধীনতাৰ ওপৰত ছোভিয়েট ইউনিয়নে কৰা অবদমনঃ

ব্যক্তি স্বাধীনতাৰ ওপৰত ছোভিয়েট ইউনিয়নে যি অবদমন কাৰ্যসূচী গ্রহণ কৰিছিল সেই বিষয়ে ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে অসন্তুষ প্রকাশ কৰিছিল । লগতে নানান হৰতাল আৰু প্রতিবাদী কাৰ্যসূচীৰে ছোভিয়েট ইউনিয়নৰ অস্তিত্ব হ্রাস কৰিছিল ।

এনে পৰিস্থিতিবোৰৰ পৰিণতিস্বৰূপেই ১৯৯১ চনত বৰিছ য়েল্টচিনৰ  নেতৃত্বত ছোভিয়েট ইউনিয়নৰ ভংগ বা পতন ঘটিছিল ।

প্রশ্ন ৩.USSR ৰ বিভাজনৰ পৰিণতি সম্পর্কে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ USSR বিভাজনৰ পৰিণতি আছিল বিশ্বৰাজনীতিত ভয়াবহ আছিল । ইয়াৰ  উল্লেখযোগ্য পৰিণতিবোৰ হ’লঃ

(ক) শীতল যুদ্ধৰ সংঘাতৰ অৱসানঃ USSR বিভাজন হোৱাৰ লগে লগে ১৯৪৫ চনৰ পৰা চলিত হৈ অহা শীতল যুদ্ধৰ সমাপ্তি ঘটিছিল । অর্থাৎ শীতল যুদ্ধ পৰিক্রমা সিমানতেই অন্ত পৰিছিল ।

(খ) একক মহাশক্তি হিচাপে আমেৰিকা যুক্তরাষ্ট্রর উত্থানঃUSSR বিভাজন পৰৱৰ্তী পর্যায়ত আমেরিকা যুক্তই গোটেই বিশ্বত একক মহাশক্তি হিচাপে প্রতিষ্ঠিত হৈছিল । লগতে, আমেৰিকাৰ লগত প্রতিদ্বন্দী কৰিবৰ বাবে কোনো শক্তিগোষ্ঠী নাইবা ৰাষ্ট্র নাছিল ।

(গ) বহুসংখ্যক নব্য স্বাধীন ৰাষ্ট্রৰ উত্থানঃ USSR বিভাজন লগে লগে বহুতো নতুন স্বাধীনৰাষ্ট্রৰ উত্থান ঘটিছিল । এই ৰাষ্ট্রবোৰে সাম্যবাদী আদর্শ ত্যাগ কৰি আমেৰিকাৰ পুঁজিবাদী আদর্শ গ্রহণ কৰিছিল ।

(ঘ) পুঁজিবাদী ব্যৱস্থাৰ উত্থানঃUSSR বিভাজন হোৱাত আমেৰিকাৰ পুঁজিবাদী আদর্শই গা কৰি উঠিছিল । লগতে, উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্ব অর্থনীতিত বিশ্বায়ণ প্রক্রিয়াৰ সূচনা হৈছিল ।

(ঙ) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রভাৱ হ্রাসপ্রাপ্তঃUSSR বিভাজন হোৱাৰ লগে লগে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মৰ্যদা বহু পৰিমাণে হ্রাস পাইছিল । সেই সময়ত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রয়োজনৰ প্রায় কমি গৈছিল ।

(চ) তৃতীয় বিশ্বৰ দেশসমূহৰ ভূমিকাক দুর্বল করাঃUSSR বিভাজনৰ পাছত তৃতীয় বিশ্বৰ দেশসমূহৰ ভূমিকা বহু দিশত হ্রাস পাইছিল । সমসাময়িকভাৱে, ১৯৭০ দশকৰ পৰা তৃতীয় বিশ্বৰ দেশসমূহে নৱ্য-আন্তৰ্জাতিক অর্থব্যৱস্থাৰ হকে গঢ়ি তোলা দাবীসমূহৰ প্রায় ভূমিকা/অস্তিত্ব কমি গৈছিল ।

এনেধৰণৰ বহুতো পৰিস্থিতি USSR বিভাজনৰ পাছত পৰিলক্ষিত হৈছিল । লগতে, অর্থনীতি,ৰাজনীতি আৰু সামাজিক ভাৱে এক অস্থিৰতাৰ সংকটে দেখা দিছিল ।

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

প্রশ্ন ৪.ছােভিয়েট ইউনিয়নৰপৰা নতুনকৈ সৃষ্টি হােৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থাৰ বিষয়ে এটা চমু টোকা লিখা । 

উত্তৰঃ ছােভিয়েট ইউনিয়নৰ পতন হােৱা বাবে বহুতাে নতুন ৰাষ্ট্রৰ জন্ম হয় । এই ৰাষ্ট্ৰসমূহৰ নিজা স্বাধীন আশা আৰু আকাংক্ষা আছে । ইয়াৰে কিছুমান দেশে বিশেষকৈ Bal tic আৰু পূর্ব ইউৰােপৰ দেশসমূহে Europian Union ৰ লগত থাকিবলৈ ইচ্ছা প্রকাশ কৰে । আৰু NATO ৰ সদস্যভুক্ত হয় । কেন্দ্রীয় এছিয়াৰ দেশসমূহে নিজ ভৌগােলিক অৱস্থানৰ সুবিধা গ্রহণ কৰি ৰাছিয়াৰ লগত ওচৰ সম্বন্ধ ৰক্ষাৰ উপৰি পশ্চিমীয়া দেশ চীন আৰু আমেৰিকাৰ লগত সুসম্পর্ক ৰক্ষা কৰাৰ পক্ষপাতী । এনেদৰে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ স্বকীয়তা , বজাই ৰাখি বহুতাে নতুন সংঘৰ জন্ম হৈছে যাৰ নিজস্ব ৰাজনৈতিক ব্যৱস্থা আছে । 

প্রশ্ন ৫.ভাৰত আৰু ৰাছিয়াৰ ভাল সম্পর্ক আছে বুলি তুমি ভাবানে ? চাৰিটা কাৰণ লিখা । 

উত্তৰঃ ভাৰতে সকলাে উত্তৰসুৰী সাম্যবাদী দেশসমূহৰ লগত এক ভাল সম্পর্ক বর্তাই ৰাখিছিল । কিন্তু , সকলােতকৈ গাঢ় সম্বন্ধ আছিল ৰাছিয়াৰ লগত । ছােভিয়েট ৰাছিয়াৰ বিভাজনৰ পিছত এই সম্বন্ধত অলপ নকাৰাত্মক প্রভাৱ পৰিছিল । কিন্তু ২০০০ চনত ভ্রাডিমিৰ পুটিন ক্ষমতালৈ অহাৰ পিছত সেই সম্পর্ক পুনৰ উন্নত হয় ।

( ক ) মহাকাশ আৰু প্ৰতিৰক্ষাৰ পাৰ্মাণৱিক শক্তি ক্ষেত্ৰত ৰাছিয়াই সহযােগিতা আগবঢ়ায় । 

( খ ) দুয়ােখন দেশে বাণিজ্য , বিমান প্রস্তুতকৰণ আৰু নিচাযুক্ত দ্রব্যৰ বেআইনী ব্যৱসায়ক নিয়ন্ত্রণ কৰাৰ বাবে চুক্তি সম্পাদন কৰে । 

( গ ) ২০০৪ চনত ৰাছিয়াই ৰাষ্ট্ৰপতিৰ ভাৰত ভ্রমণকালত দুয়ােখন দেশে প্রতিক্ষা , কাৰিকৰী কৌশল , সন্ত্রাসবাদ আৰু অর্থনৈতিক ক্ষেত্ৰত সহযােগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰে ।

( ঘ ) ৬০ তকৈ অধিক চুক্তি ভাৰত আৰু ৰাছিয়াৰ মাজত ২০০২ চনৰ Strategic Agree ment ৰ আধাৰত স্বাক্ষৰিত হয় । 

প্রশ্ন ৬. ১৯১৭ চনৰ ৰাছিয়াৰ বিপ্লৱৰ তাৎপর্য কি ? 

উত্তৰঃ ১৯১৭ চনত ৰাছিয়াৰ বিপ্লৱৰ ফলত সৃষ্টি হােৱা ছােভিয়েট ৰাছিয়াত সাম্যবাদী শাসন ব্যৱস্থা প্রতিষ্ঠা হৈছিল । তাৰ জৰিয়তে আন্তর্জাতিক ৰাজনীতিত এক ভাৰসাম্য ব্যৱস্থাও গঢ়ি তােলাত অৰিহণা যােগাইছিল । তৃতীয় বিশ্বৰ বহুবােৰ দেশ ছােভিয়েট সমাজবাদী ব্যৱস্থাৰ দ্বাৰা অনুপ্রাণিত হৈছিল । ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে তৃতীয় বিশ্বত গঢ়ি উঠা জাতীয়তাবাদী আন্দোলনসমূহেও ছােভিয়েট সংঘৰপৰা পৃষ্ঠপােষকতা লাভ কৰিছিল । ভাৰতবৰ্ষৰ নিচিনা গােষ্ঠী নিৰপেক্ষ নীতিত বিশ্বাস কৰা দেশেও মার্কিন যুক্তৰাষ্ট্ৰতকৈ ছােভিয়েট সংঘৰপৰা অধিক পৃষ্ঠপােষকতা লাভ কৰিছিল । আন্তর্জাতিক ৰাজনীতিত সাতটা দশকৰাে অধিক কাল ধৰি এনে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি অহা ছােভিয়েট সংঘৰ ভাঙোন সেয়েহে বিংশ শতিকাৰ আন্তর্জাতিক ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূর্ণ ঘটনাসমূহৰ ভিতৰত অন্যতম ।

প্রশ্ন ৭.গর্বাচেভৰ সংস্কাৰ নীতিৰ বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰা । 

উত্তৰঃ ( ক ) ৰাছিয়া সংঘৰ ৰাষ্ট্রপতি মিখাইল গর্বাচেভে ৰাছিয়ান প্রজাতন্ত্ৰবােৰৰ বিকাশ সাধনৰ বাবে দুটা সংস্কাৰমূলক নীতি গ্রহণ কৰিছিল । এটা হল Glasnost আৰু আনটো Perestroika Glasnost মানে মুক্ত অৱস্থা আৰু Perestbika মানে হ’ল পুনৰ গঠন । 

( খ ) গর্বাচেভৰ এই সংস্কাৰে পশ্চিমীয়া ৰাজনৈতিক দর্শন আৰু মুক্ত অর্থনীতিৰ পথ মুকলি কৰে । 

( গ ) গর্বাচেভৰ সংস্কাৰ কৰা নীতিৰদ্বাৰা উৎসাহিত হৈ বিভিন্ন জনগােষ্ঠীৰ লােকে স্বাধীনতাৰ দাবী উত্থাপন কৰে আৰু জাতীয়তাবাদী তথা বিচ্ছিন্নতাবাদী আন্দোলনে মূৰ দাঙি উঠে । 

( ঘ ) গর্বাচেভে গ্ৰহণ কৰা সংস্কাৰসমূহ যুক্তিসহকাৰে জনসাধাৰণৰ ওচৰত প্রতিপন্ন নকৰাৰ ফলত তেওঁ জনসমর্থন হেৰুৱায় আৰু এই সংস্কাৰে ছােভিয়েট ইউনিয়নৰ ভাঙোনৰ কাৰণ হৈ পৰে । 

প্রশ্ন ৮.শ্বক থেৰাপীৰ পৰিণতিৰ ক্ষেত্রসমূহৰ বিশদ তালিকা দিয়া । 

উত্তৰঃ দ্বিতীয় বিশ্বৰ বেছিভাগ দেশত সাম্যবাদী ব্যৱস্থা ধ্বংস হৈ যােৱাৰ পিছত এই ৰাষ্ট্রসমূহে একনায়কত্ববাদী সাম্যবাদী ব্যৱস্থাৰপৰা গণতান্ত্রিক পুঁজিবাদী ব্যৱস্থালৈ নিজৰ অর্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাক পৰিৱৰ্তন কৰিব লগা হয় । বিশ্ববেংক আৰু আন্তর্জাতিক মুদ্রানিধিৰ প্রভাৱত ৰাছিয়া , মধ্য এছিয়া আৰু পূর্ব ইউৰােপৰ দেশসমূহৰ এই পৰিৱৰ্তন প্রক্রিয়াক শক থেৰাপী ‘ বুলি জনা যায় । 

এই শ্বক থেৰাপীৰ ফলস্বৰূপে ৰাছিয়াৰ লগতে আন আন স্বাধীন ৰাষ্ট্ৰসমূহত হঠাতে ৰাজনৈতিক আৰু অর্থনেতিক পৰিৱৰ্তন সংঘটিত হােৱাৰ বাবে তৎক্ষণাৎ তেওঁলােকে ৰক্ষণশীল বাণিজ্য ব্যৱস্থাৰ পৰা মুক্ত বাণিজ্যলৈ গতি কৰে । প্রত্যক্ষ বিদেশী ধন বিনিয়োেগশ্বক থেৰাপীৰ

আন এটা উল্লেখযােগ্য প্রভাৱ । যিহেতু ৰাছিয়া আৰু সহযােগী দেশসমূহে মুক্ত বাণিজ্যক সমর্থন জনাইছিল সেয়েহে বিদেশী বিনিয়ােগকাৰীসকলেও ৰাছিয়ান গণৰাজ্যসমূহত ধন বিনিয়ােগ কৰিবলৈ আগুৱাই আহিছিল । এই বিনিয়ােগে গণৰাজ্যসমূহৰ অর্থনৈতিক উন্নয়ন সাধন কৰাৰ লগতে নিবনুৱা সমস্যাৰাে কিছু পৰিমাণে সমাধান কৰিছিল । 

এই শ্বক থেৰাপীৰ পৰিণতিৰ ফলস্বৰূপে তদানীন্তন ছােভিয়েট ৰাছিয়াৰ গণৰাজ্যসমূহৰ মাজত থকা আর্থিক চুক্তিসমূহৰ সমাপ্তি ঘটে । বর্তমানে এই গােটসমূহৰ স্বাধীন গণৰাজ্যবােৰে নিজাববীয়াকৈ পশ্চিমীয়া দেশসমূহৰ লগত চুক্তিত আৱদ্ধ হােৱাৰ সুবিধা লাভ কৰে । 

প্রশ্ন ৯.USSR ত সংস্কাৰৰ পাতনি মেলিবলৈ কি কি কাৰকে গর্বাচেভক হেঁচা দিছিল ? 

উত্তৰঃ তলৰ উপাদানকেইটাই ছােভিয়েট ৰাছিয়াক সংস্কাৰ কৰাৰ ক্ষেত্ৰত গর্বাচেভক প্ৰভাৱিত কৰিছিল— 

( ক ) তথ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত পশ্চিমীয়া দেশসমূহে যথেষ্ট উন্নতি কৰিছিল যিটে অৱস্থাত ছােভিয়েট ৰাছিয়া যথেষ্ট পিছপৰি আছিল । তদুপৰি প্রশাসনিক আৰু ৰাজনৈতিক দিশতাে ছােভিয়েট দেশখনৰ যথেষ্ট স্থৱিৰত আছিল । 

( খ ) ছােভিয়েট সংঘৰ যথেষ্টসংখ্যক সম্পদ আণৱিক আৰু সামৰিক শক্তিৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰিছিল । যাৰ ফলত ছােভিয়েট অর্থনীতিত যথেষ্ট পৰিমাণে বাধা আহিছিল । 

( গ ) ১৯৭৯ চনত ছােভিয়েটে আফগানিস্তান আক্রমণ কৰাৰ ফলত ছােভিয়েট শাসন পদ্ধতিটো পুনৰ দুৰ্বল হৈ পৰিছিল । মজুৰিৰ হাৰ ক্ৰমে বৃদ্ধিৰ উপৰি উৎপাদন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত উন্নয়ন ঘটিছিল যদিও পশ্চিমীয়া দেশতকৈ যথেষ্ট পিছপৰি আছিল । এই অনুন্নত অৱস্থাটোৰ ফলত ভােগ্য সামগ্ৰীৰ অনাটন ঘটিছিল আৰু যাৰ বাবে প্রতি বছৰে খাদ্য সামগ্রী । আমদানি বৃদ্ধি কৰিবলগীয়া হৈছিল । এইবােৰ কাৰণত ছােভিয়েট অর্থনৈতিক অৱস্থাত বাৰুকৈ স্থৱিৰতা আহি পৰিছিল । এতেকে , এনেবােৰ কাৰণে গর্বাচেভক নতুন সংস্কাৰৰ পাতনি মেলিবলৈ হেঁচা দিছিল । 

প্রশ্ন ১০.ৰাজনৈতিক আৰু অর্থনৈতিক আদৰ্শৰ ক্ষেত্ৰত ভাৰত আৰু USSR ৰ মাজৰ সাদৃশ্য বর্ণনা কৰা । 

উত্তৰঃ ভাৰতে সকলাে উত্তৰসুৰী সাম্যবাদী দেশসমূহৰ লগত এক ভাল সম্বন্ধ বর্তাই চলিছিল , কিন্তু সকলােতকৈ গাঢ় সম্বন্ধ আছিল ভাৰত আৰু ৰাছিয়াৰ মাজত । ৰাছিয়াৰ লগত ভাৰতৰ সম্বন্ধ ভাৰতৰ বৈদেশিক নীতিৰ এক গুৰুত্বপূর্ণ বিষয় এই দুই দেশৰ সম্বন্ধ বিশ্বাস , আৰু উমৈহতীয়া আদর্শ নীতিৰ ওপৰত প্রতিষ্ঠিত । 

ৰাছিয়া আৰু ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিশ্বৰ নীতিক সমর্থন কৰে । তেওঁলােকৰ বাবে এই নীতি হ’ল বিভিন্ন ৰাষ্ট্ৰৰ সহাবস্থান , সমূহীয়া সুৰক্ষা , বৃহত্তৰ আঞ্চলিকতাবাদ মধ্যস্থতাৰে আন্তঃৰাষ্ট্ৰীয় । বিবাদৰ মীমাংসা , সকলাে দেশৰ বাবে এক স্বাধীন বৈদেশিক নীতি আৰু নীতি নির্ধাৰণ অনুষ্ঠান যেনে UN ক শাসিত গণতান্ত্রিক কৰা আৰু ক্ষমতাশালী কৰা । ৬০ তকৈ অধিক চুক্তি ভাৰত আৰু ৰাছিয়াৰ মাজত ২০০২ চনৰ Strategic Agreement ৰ আধাৰত স্বাক্ষবিত কৰা হৈছে ।

ৰাষ্ট্ৰসংঘত কাশ্মীৰ সমস্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিক ছােভিয়েট ইউনিয়নে সমর্থন জনাইছিল । প্রধান সমস্যাসমূহৰ সময়তাে ভাৰতৰ প্রতি ই সমর্থন আগবঢ়াইছিল , বিশেষকৈ ১৯৭১ চনত পাকিস্তান , সৈতে যুদ্ধ কৰাৰ সময়ত । কিন্তু পৰােক্ষভাৱে ভাৰতে কিছুমান দিশত ছােভিয়েট ইউনিয়নৰ বৈদেশিক নীতিকে সমর্থন কৰিছিল । 

প্রশ্ন ১১.ছােভিয়েট পদ্ধতিৰ বিষয়ে এটা টোকা লিখা । 

উত্তৰঃ ১৯১৭ চনত ৰুছ বিপ্লৱৰ ফলস্বৰূপে সৃষ্টি হােৱা ছােভিয়েট ৰাছিয়াত সাম্যবাদী শাসন ব্যৱস্থা প্রতিষ্ঠা কৰা হৈছিল । এই ব্যৱস্থাই ৰাষ্ট্ৰক আৰু দলীয় ব্যৱস্থাক প্রাধান্য দিছিল । ইয়াত সাম্যবাদী দলে সর্বহাৰাৰ নামত একনায়কত্ববাদী শাসন ব্যৱস্থা পৰিচালনা কৰিছিল আৰু বিৰােধী দলক কোনাে ঠাই দিয়া হােৱা নাছিল । অর্থনৈতিক ক্ষেত্ৰত ছােভিয়েট ব্যৱস্থাত ব্যক্তিবাদৰ বা পুঁজিবাদৰ কোনাে স্থান নাছিল । ব্যক্তিগত সম্পত্তিৰ বিলােপ সাধন কৰি ৰাষ্ট্ৰীয় মালিকানাস্বত্ব প্ৰৱৰ্তন কৰা হৈছিল । এই ব্যৱস্থাত ৰাজনৈতিক সমতাৰ পৰিৱর্তে অর্থনৈতিক ক্ষমতাৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছিল ।

প্রশ্ন ১২.গর্বাচেভৰ সংস্কাৰ নীতি কিয় ব্যর্থ হৈছিল ? 

উত্তৰঃ গর্বাচেভৰ সংস্কাৰ নীতিৰ ব্যর্থতাৰ কাৰণবােৰ হ’ল— 

( ক ) ছােভিয়েট ৰাছিয়াৰ ৰাজনৈতিক , অর্থনৈতিক আৰু সামাজিক ব্যৱস্থা আমােলাতান্ত্রিক আৰু প্রভুত্ববাদী আছিল । সেইবাবে জনসাধাৰণ অসন্তুষ্ট হৈছিল । 

( খ ) গণতান্ত্রিক সুবিধা আৰু মতামত প্রকাশৰ স্বাধীনতাৰ অভাৱ আছিল । 

( গ ) ব্যক্তিৰ ব্যক্তিগত পছন্দ আৰু স্বাধীনতাত গুৰুত্ব প্রদান কৰা হােৱা নাছিল । 

( ঘ ) দুর্নীতি আৰু স্বেচ্ছাচাৰিতা । 

প্রশ্ন ১৩.কমিউনিষ্ট ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পর্ক আলােচনা কৰা । 

উত্তৰঃ ভাৰতে সকলাে উত্তৰসুৰী সাম্যবাদী দেশসমূহৰ লগত এক ভাল সম্বন্ধ বর্তাই চলিছিল । কিন্তু সকলােতকৈ গাঢ় সম্পর্ক আছিল ৰাছিয়াৰ লগত । ভাৰতে ৰাছিয়াৰ লগত সম্বন্ধ উন্নীত কৰাৰ বাবে শক্তি , কাশ্মীৰ , আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদৰ অনুসন্ধানত ব্যৱহাৰ হােৱা তথ্য আদান – প্রদান বিস্তাৰ আদিত ভাৰত উপযুক্ত হৈছে । আনহাতে , ৰাছিয়াৰ বাবে ভাৰত অস্ত্র – শস্ত্র দ্বিতীয় সর্ববৃহৎ দেশ হােৱাৰ বাবে উপকৃত হৈছে । ভাৰতীয় সেনাৰ প্রায় অস্ত্র – শস্ত্র ৰাছিয়াৰ পৰা আহে । ৬০ তকৈও অধিক চুক্তি ভাৰত আৰু ৰাছিয়াৰ মাজত ২০০২ চনৰ Strategic Agreement ৰ আধাৰত স্বাক্ষৰিত হৈছে । 

সাম্যবাদী ৰাষ্ট যেনে ৰাছিয়াই ভাৰতবৰ্ষৰ চৰকাৰী কোম্পানীৰ ক্ষেত্ৰত সাহায্য আগবঢ়াইছিল ।ৰাছিয়াই ভিলাই , বকাৰ , বিশাখাপট্টনমৰ দৰে ষ্টিল প্রেণ্ট আৰু ভাৰত হেভি ইলেক্ট্রিকেল লিমিটেড দৰে মেচিনেৰি প্লেণ্টৰ কাৰণে অনুদান আৰু কাৰিকৰী সাহায্য আগবঢ়াইছিল । 

ৰাছিয়া আৰু ভাৰত উভয়ে আন্তঃৰাষ্টীয় বিশ্বৰ নীতিক সমর্থন কৰে । তেওঁলােকৰ বাবে এই নীতি হ’ল বিভিন্ন ৰাষ্ট্রৰ সহাৱস্থান , সমূহীয়া সুৰক্ষা ইত্যাদি ।

প্রশ্ন ১৪.ছছাভিয়েট ব্লকৰ পতনে অনেক নতুন ৰাষ্ট্র সৃষ্টিত কিদৰে কাম কৰিছিল ? 

উত্তৰঃ ছােভিয়েট ব্লকৰ পতন হােৱা বাবে বহুতাে নতুন ৰাষ্ট্রৰ জন্ম হৈছিল । এই প্রতিখন ৰাষ্ট্রৰ নিজা স্বাধীন আশা আৰু আকাংক্ষা আছে । ইয়াৰ কিছুমান দেশে বিশেষতঃ Baltic আৰু পূর্ব ইউৰােপীয় দেশসমূহ Europian Union ৰ লগত থাকিব বিচাৰিলে আৰু NATO ৰ সদস্যভুক্ত হ’ল । কেন্দ্রীয় এছিয়াৰ দেশসমূহে নিজ ভৌগােলিক অৱস্থানৰ সুবিধা গ্রহণ কৰি ছছাভিয়েটৰ লগত ওচৰ সম্বন্ধ ৰক্ষাৰ উপৰি পশ্চিমীয়া দেশ China , US আদিৰ লগত ভাল , সম্বন্ধ বর্তাই থাকিব বিচাৰিলে । এনেদৰে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ স্বকীয়তা বজাই ৰাখি বহুতাে নতুন সংঘৰ জন্ম হৈছে যাৰ নিজস্ব ৰাজনৈতিক ব্যৱস্থা আছে ।

প্রশ্ন ১৫.ছােভিয়েট যুক্তৰাষ্ট্ৰৰ ভাঙোনৰ ফলাফল সম্বন্ধে চমুকৈ আলােচনা কৰা ।

উত্তৰঃ বিশ্ব ৰাজনীতিত ছােভিয়েট ৰাছিয়া পতনৰ যথেষ্ট প্রভাৱ পৰিলক্ষিত হয় । 

( ক ) বিৰােধৰ পৰিসমাপ্তি :- ছােভিয়েট ৰাছিয়াৰ ধ্বংসই এই বিবাদৰ অন্ত পেলাইছিল যে সমাজবাদী নে পুঁজিবাদী কোন ব্যৱস্থা ভাল আৰু গ্রহণযােগ্য । 

( খ ) ক্ষমতাৰ সম্বন্ধৰ পৰিৱর্তন :- ছােভিয়েট ৰাছিয়াৰ পতনে আমেৰিকাক বিশ্বৰ একমাত্র মহাশক্তিধৰ দেশ হিচাপে পৰিগণিত কৰে । আমেৰিকাক প্রত্যাহ্বান জনাব পৰা বর্তমান বিশ্বত কোনাে ৰাষ্ট্র নাই । 

( গ ) নতুন দেশসমূহৰ উত্থান :- ছােভিয়েট ৰাছিয়াৰপৰা আঁতৰি যােৱা দেশসমূহৰ নিজা স্বাধীন অস্তিত্ব আৰু ব্যক্তিগত পছন্দ – অপছন্দ আছে । ছােভিয়েট ইউনিয়নৰ ভাঙোনে নতুন ৰাষ্ট্রৰ জন্ম দিয়ে ।

See Next Page…

9 thoughts on “Class 12 Political Science Chapter – 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top