Class 12 Political Science Chapter – 18 ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

Class 12 Political Science Chapter – 18 ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 18 ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ and select needs one.

Class 12 Political Science Chapter – 18 ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 18 ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্নোত্তৰ ( মূল্যাংক -৪ / ৬ ) 

প্রশ্ন ১। অবিচিৰ মাজত শক্তিশালী গ্রাম্য ভিত্তি থকা দলসমূহৰ তালিকা দিয়া ।

উত্তৰঃ বহুজন সমাজবাদী পার্টি , সমাজবাদী পার্টি , জে , ডি , ইউ আৰু জে , ডি ইত্যাদি । 

প্রশ্ন ২। ওলােমা সংসদৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ ওলােমা সংসদ হ’ল যত কোনাে এটা দলে সদনত সংখ্যাগৰিষ্ঠতা অর্জন কৰিবলৈ সক্ষম নহয় , তেনে অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ মাজত মিত্ৰতা গঠন হয় আৰু মিত্র জোটে চৰকাৰ গঠন কৰে । 

প্রশ্ন ৩। মৰ্চা চৰকাৰৰ যিকোনাে চাৰিটা বৈশিষ্ট্য লিখ । 

উত্তৰঃ মৰ্চা চৰকাৰৰ চাৰিটা বৈশিষ্ট্য হল- 

( ক ) মৰ্চা চৰকাৰক সংযুক্ত চৰকাৰ বুলি কোৱা হয় । 

( খ ) মৰ্চা চৰকাৰত আঞ্চলিক দলবােৰে গুৰুত্ব লাভ কৰে । 

( গ ) মৰ্চা চৰকাৰৰ ৰাজনৈতিক স্থিৰতা ক্ষণস্থায়ী হয় । 

( ঘ ) মৰ্চা চৰকাৰক দুর্বল চৰকাৰ বুলি কোৱা হয় ।

প্রশ্ন ৪। কেতিয়া নতুন অর্থনৈতিক নীতি ঘােষণা হৈছিল ? নতুন অর্থনৈতিক সংস্কাৰবােৰ কি কি ? 

উত্তৰঃ ১৯৯১ চনত ভাৰত চৰকাৰে নতুন অর্থনৈতিক নীতি আৰম্ভ কৰিছিল— যেনে , উদ্যোগ নীতি , অনুজ্ঞাপত্ৰৰ নীতি , আমদানি ৰপ্তানি নীতি , বিত্তীয় নীতি আদিৰ পৰিবর্তন সাধন কৰে । কঠোৰ নিয়ন্ত্রণ নীতিৰ পৰা উদাৰ নীতি , শিথিল নীতি গ্রহণ আদি কৰিবলৈ আৰম্ভ কৰে । নতুন অর্থনীতিৰ চৰকাৰে উদাৰীকৰণ পৰিচালনাৰ প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰে । এই নতুন নীতিৰে ইচ্ছা নকৰা কিছুমান বাধানিষেধ নিয়ন্ত্রণ কৰি , ৰপ্তানি আৰু আমদানি ক্ষেত্ৰত বিনিয়ােগৰ অনুজ্ঞাপত্ৰ দিয়াৰ নিয়ম বান্ধি দিয়ে । 

মুঠতে নতুন অর্থনীতিৰে ভাৰতীয় অর্থনীতিক আমােলাতান্ত্রিক মেৰপেচৰ পৰা মুক্ত কৰি ঔদ্যোগিক উন্নতি সাধন কৰাই মূল উদ্দেশ্য । 

প্রশ্ন ৫। ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ উল্লেখ কৰা ।

উত্তৰঃ ৰাষ্ট্ৰীয়তাবাদী , সর্বভাৰতীয় দলবোৰে ভাৰতৰ বিভিন্ন প্রান্তৰ আশা আকাংক্ষা পূৰণ কৰিব নােৱাৰে । সেইবাবে আঞ্চলিক বা স্থানীয় লােকৰ অভাৱ অভিযােগ সমস্যাৰ কথা স্থানীয় লােকেহে বুজিব পাৰে সেইবাবে আঞ্চলিক দলৰ আৱশ্যক । 

( ১ ) আঞ্চলিক দলসমূহে নিজৰ নিজৰ অঞ্চলৰ জনসাধাৰণৰ সামাজিক , অর্থনৈতিক , ৰাজনৈতিক তথা সাংস্কৃতিক স্বার্থপূৰণৰ প্ৰয়াস কৰে । সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় দলে স্থানীয় সমস্যাৰ কথা সকলাে ঠাইতে সমানে ধ্যান দিব নােৱাৰে । 

( ২ ) আঞ্চলিক দলে ৰাষ্ট্রীয় সমস্যাতকৈ স্থানীয় সমস্যাক অধিক গুৰুত্ব দিয়ে । আঞ্চলিক দলে সাংগঠনিক দিশটো অধিক গুৰুত্ব দিয়ে । অঞ্চলৰ সদস্যসকলক সোশৰীৰে সেৱা আগবঢ়াব পাৰে , বা লগ ধৰিব পাৰে । যােগাযােগ সঘনে হ’ব পাৰে । কাম কাজৰ গতি বৃদ্ধি পায় । 

গতিকেৰাষ্ট্ৰীয় দল থাকিলেও আঞ্চলিক দল অঞ্চলে অঞ্চলে অতি আৱশ্যক বুলি অনুভব কৰে । 

প্রশ্ন ৬। ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা NDA : (NationalDemocraticAlliance ) চৰকাৰৰ বিষয়ে কি জানা লিখা । 

উত্তৰঃ ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা হ’ল BJP ( ভাৰতীয় জনতা দল ) ৰ লগত আন কিছুমান দল সন্মিলিত হৈ গঠন কৰা এটা দল । ১৯৯৮ চনৰ নির্বাচনতে মাত্র ১৮২ খন আসন লাভ কৰি শিৱসেন , শিৰােমণি আকালি দল , ৰাষ্ট্ৰীয় লােকদল , অসম গণ পৰিষদৰ লগতে এ . আই . ডি . এম . কে আৰু তৃণমূল কংগ্রেছ আদি লগ লাগি চকাৰ গঠন কৰিছিল । এই চৰকাৰে এবছৰ পূৰ্ণ হােৱাৰ আগতে জয়ললিতাৰ এ , আই , ডি , এম . কে দলে মৰ্চা চৰকাৰৰ পৰা সমর্থন প্রত্যাহাৰ কৰে । ইয়াৰ ফলতে এই চৰকাৰৰ পতন ঘটে । কিন্তু ১৯৯৯ চনৰ লােকসভা নির্বাচনত জনতা ( BJP ) দলে মুঠ ১৯৭ আসন দখল কৰে আৰু অটল বিহাৰী বাজপায়ীয়ে চৰকাৰ গঠন কৰে । এই মৰ্চা চৰকাৰত আছিল তামিলনাডুৰ কৰুণা নিধিৰ ডি , এম , কে দল , উৰিষ্যাৰ বিজু জনতা আৰু বাহিৰৰ পৰা সমর্থন দিয়া দল চন্দ্রবাবু নাইডুৰ তেলেগু দেশম । অটল বিহাৰী বাজপায়ীয়ে গঠন কৰা এই দুখন চৰকাৰকে NDA চৰকাৰ বুলি জনা যায় । এই মৰ্চা চৰকাৰে পাঁচ বছৰীয়া কার্যকাল সম্পূর্ণ কৰে । কিন্তু ২০০৪ চনত লােকসভা নির্বাচনত NDA চৰকাৰ পৰাজিত হয় । 

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

প্রশ্ন ৭। গুজৰাটৰ মুছলিম – বিৰােধী আন্দোলন সম্পর্কে এটি টোকা লিখা । 

নাইবা , গুজৰাটৰ গােধৰাৰ ঘটনা সম্পর্কে কি জানা লিখা । 

উত্তৰঃ যােৱা ২০০২ চনৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত গুজৰাটত মুছলমানসকলৰ বিৰুদ্ধে এক ব্যাপক সংঘৰ্ষৰ সৃষ্টি হৈছিল । এই ঘটনাৰ তৎকালীন কাৰণ আছিল গুজৰাটৰ গােধ বে’ল ষ্টেচনত ঘটা এটা ঘটনা । কিছুমান লােকে সমতী যাত্রীবাহী ৰেলগাড়ীখন বলপূর্বকভাৱে ৰখাই তাৰে এটা ডবাত জুই জ্বলাই দিয়ে । ইয়াৰ ফলত এই ডবাটোত থকা অযােধ্যাৰ পৰা ঘূৰি অহা , শিশু মহিলাকে ধৰি প্ৰায় ৫৭ জন কৰ সেৱকৰ মৃত্যু হয় । এই দুষ্কার্য স্থানীয় মুছলমান লােকে বুলি এটা জনৰব হয় । ইয়াৰ ফলত গােটেই সমগ্র গুজৰাটতে সাম্প্রদায়িক সংঘৰ্ষৰ জুই জ্বলি উঠে । গুজৰাটৰ ২৫ খন জিলাৰ ১৫/১৬ খুন জিলাত প্রায় এক মাহ ধৰি এই হিংসা প্রতিহিংসাৰ সংঘর্ষ চলে আৰু প্রায় ১১০০ লােক প্রাণ হানি হৈছিল । ইয়াৰ সৰহভাগ লােক আছিল মুছলিম সম্প্রদায়ৰ লােক । এই সম্প্রদায়িক সংঘৰ্ষক সমগ্র দেশতে এনেকি বিদেশতাে কঠোৰভাৱে সমালােচনা কৰা হৈছিল । আমাৰ দেশৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়ােগে গুজৰাট চৰকাৰক এই সংঘর্ষ সময়মতে নিয়ন্ত্রণ কৰাত সম্পূর্ণ ব্যর্থ হােৱা বুলি কঠোৰ সমালােচনা কৰে আৰু আক্রান্ত লােকক সময়ত নিৰাপত্তা , আৰু সহায় – সহযােগ কৰাতাে ব্যর্থ আৰু দোষীসকলক ধৰি আনি উপযুক্ত শাস্তিৰ বিধান কণৰ ক্ষেত্ৰতাে সম্পূর্ণ ব্যর্থ হােৱা বুলি অভিযােগ আনিছিল । 

মুঠতে ভাৰতৰ নিচিনা ধর্মনিৰপেক্ষ দেশত এনে ঘটনা বৰ উদ্বগজনক । ধর্মক কোনাে কাৰণতে ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিব নালাগে । ই গণতান্ত্রিক শাসনৰ পৰিপন্থী । 

প্রশ্ন ৮। বাবৰি মছজিদ ধ্বংস আৰু ইয়াৰ পৰৱর্তী ঘটনাসমূহৰ এটি চমু আভাস দিয়া । 

নাইবা , অযােধ্যা বিবাদ কিদৰে সৃষ্টি হৈছিল তাৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ কেবাটাও দশক জুৰি অযােধ্যাৰ বাবৰি মছজিদ’নামৰ মছজিদটোৰ বিষয়ত এটা দ্বািদ চলি আহিছে । এই মছজিদটো ষষ্ঠদশ শতিকাতে মােগলসম্রাট বাবৰৰ সেনাপতি মিৰ বাকিয়ে নির্মাণ কৰিছিল । হিন্দুসকলে বিশ্বাস কৰে যে — সেই স্থানতে ৰামৰ জন্ম হৈছিল আৰু তাত পূজাসেৱা কৰাৰ বাবে এটা মন্দিৰৰ আছিল । সেই মন্দিৰ ভাঙিহে বাবৰি মছজিদ নির্মাণ কৰিছিল । এই লৈ বহু দশকৰ আগৰে পৰা আদালতৰ ওচৰ চপাও হৈছিল কিন্তু আদালতে ‘ কোনাে বায় নিদিয়া বাবে মছজিদত তলা লগাই দিয়া হৈছিল । 

এই বিবাদ ১৯৮৬ চনত , যেতিয়া ফৰিদাবাদৰ জিলা আদালতে এটা আদেশ দিলে যে— যিহেতু তাত ৰামৰ জন্মভূমিত পূজা সেৱা চলিছিল গতিকে তাৰ বাবে তলা খুলি দি তাত পূজাসেৱা চলাবলৈ অনুমতি দিয়া হওক । এই আদেশৰ বাবে দুয়াে ধৰ্মৰ মানুহে এই বিষয়ক লৈ নিজৰ নিজৰ সম্প্রদায়ক সংগঠিত কৰিবলৈ ল’লে । এইদৰে হঠাতে এটা স্থানীয় বিবাদে এটা দেশজুৰি ডাঙৰ ৰাষ্ট্ৰীয় বিষয়ত পৰিণত হ’ল । ১৯৯০ চনত পৰিস্থিতি আৰু বেছি উজ্জ্বগজনক হৈ পৰিছিল যেতিয়া ভাৰতীয় জনতা পার্টি আৰু বিশ্ব হিন্দু পৰিষদে ঘােষণা কৰিলে যে অযােধ্যাত তেওঁলােকে ৰাম মন্দিৰ নিৰ্মাণৰ কামত আগবাঢ়িব । 

১৯৯২ চনৰ ডিচেম্বৰ মাহত , ৰাম মন্দিৰ নিৰ্মাণৰ সমর্থকসকলে কসেৱক ’ ( Volun tary Service ) অর্থাৎ স্বেচ্ছাসেৱক’সংগঠন গঠন কৰে । ৬ ডিচেম্বৰত , অযােধ্যাত হাজাৰ হাজাৰ কৰ সেৱক ’ সন্মিলিত হয় । অৱশেষত বাবৰি মছজিদ সম্পূর্ণ ধ্বংস কৰে । ইয়াকে লৈ হিন্দু – মুছলিমৰ মাজত ভাৰতৰ বহুত ঠাইত ভীষণ সম্প্রদায়িক সংঘৰ্য আৰম্ভ হয় । মুম্বাইতে আটাইতকৈ বেছি সংঘর্ষ হয় ১৯৯৩ চনত । 

এই ‘বাবৰি মছজিদ’ ধ্বংসই ভাৰতৰ বিভিন্ন ঠাইত সাংঘাটিক কিছুমান ঘটনাৰ অৱতাৰণা কৰে । BJP -ৰৰাজ্য চৰকাৰ , আৰু মুখ্যমন্ত্রী কল্যাণ সিংঙক কেন্দ্রীয় চৰকাৰে বৰ্খাস্ত কৰে । আৰু ৰাজ্যখনত ৰাষ্ট্রপতি শাসন প্রবর্তন কৰে । আন কেবাখনাে BJ P শাসিত ৰাজ্যত ৰাষ্ট্রপতি শাসন ’ প্ৰৱৰ্তন কৰা হৈছিল । মুখ্যমন্ত্রী কল্যাণ সিঙৰ বিৰুদ্ধে আদালত অবমাননা কৰ বাবে তেওঁৰ বিৰুদ্ধে সর্বোচ্চ ন্যায়ালয়ত এটা গােচৰ পঞ্জীয়ন কৰা হৈছিল কাৰণ তেওঁ ‘ বাবৰি মছজিদ ’ কোনাে প্রকাৰে ভংগ কৰিব দিয়া নহ’ব বুলি ন্যায়ালয়ক প্রতিশ্রুতি দিছিল । কেন্দ্রীয় চৰকাৰে বাবৰি মছজিদ ভংগ কৰাৰ পৰিস্থিতি অনুসন্ধান কৰাৰ বাবে এখন আয়ােগ গঠন কৰি দিয়ে । BJP – দলৰ বাদে ভাৰতৰ সকলাে দলে এই কাৰ্য্যৰ বাবে গৰিহণা দিয়ে আৰু ইয়াক ধর্মনিৰপেক্ষ নীতিৰ পৰিপন্থী বুলি ঘােষণা কৰে । 

প্রশ্ন ৯। ভাৰতৰ ৰাজনীতিত সংযুক্ত চৰকাৰৰ বিকাশ সম্পর্কে চমুকৈ এটি টোকা প্রস্তুত কৰা । 

উত্তৰঃ ১৯৪৭ চনৰ স্বাধীনতাৰ পিছৰে পৰা ভাৰতত ভাৰতীয় জাতীয় কংগ্ৰেছ দলেই একেৰূহে নিৰংকুশ সংখ্যাগৰিষ্ঠ দল হিচাপে দেশৰ শাসন চলাই আহিছিল । ১৯৬৭ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলেই কেন্দ্ৰ আৰু ৰাজ্য উভয়তে এককভাৱে দেশৰ শাসন চলাই আহিছিল । ১৯৬৭ চনৰ নিৰ্বাচনত ছয়খন ৰাজ্যত কংগ্ৰেছ দলে পৰাজয় বৰণ কৰিব লগা হয় । আৰু সেই ৰাজ্যকেইখনত অকংগ্ৰেছী দলে চৰকাৰ গঠন কৰে । লাহে লাহে দল বাগৰা নীতি প্রচলিত হােৱাত ৰাজ্যবােৰত সংযুক্ত চৰকাৰ গঠনৰ নীতি আৰম্ভ হয় । 

ভাৰতত হােৱা ১৯৭৫ চনৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ পিছত হােৱা ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয় হয় আৰু জনতা দলে পােনপ্ৰথমবাৰৰ বাবে কেন্দ্ৰত সংযুক্ত চৰকাৰ গঠন কৰে । এই জনতা দলৰ চৰকাৰত আছিল– জনসংঘ , জাতীয় কংগ্রেছ 

( অ ) আৰু আন কেইবাটাও সৰু সৰু দল । দুবছৰ চলাৰ পিছত ১৯৭৯ চনত দলবােৰৰ মাজত অন্তর্দ্বন্দ্ব লাগি সংযুক্ত চৰকাৰৰ পতন ঘটে ।

১৯৮৯ চনৰ সাধাৰণ নিৰ্বাচনত পুনৰ জনতা দলৰ ভি পি সিঙৰ নেতৃত্বত কেইবাটাও দল লগ লাগি ৰাষ্ট্ৰীয় মৰ্চা নামৰ এখন সংযুক্ত চৰকাৰ গঠন কৰে । ভাৰতীয় জনতা পাৰ্টী আৰু বামপন্থী দলৰ বাবে মন্ত্রীসভাত যােগ নিদি বাহিৰৰ পৰা সমর্থন কৰে । কিন্তু পিছৰ বছৰতে ভাৰতীয় জনতা দলে সমর্থন প্রত্যাহাৰ কৰাত এই চৰকাৰৰ পতন ঘটে । কিন্তু জনতা দলৰে নেতা চন্দ্র শেখৰে কংগ্ৰেছৰ ( আইৰ ) সমর্থনত পুনৰ এখন সংযুক্ত চৰকাৰ গঠন কৰে । অৱশ্যে কম দিনৰ ভিতৰতে এই চৰকাৰৰাে পতন ঘটে । 

পিছত ভাৰতীয় জনতা পার্টীয়ে ১৩ টা দলৰ সহযােগত ( এন ডি এ ) এখন সংযুক্ত চৰকাৰ গঠন কৰে । এই চৰকাৰ ২০০৪ চনলৈ ক্ষমতাত থাকে যদিও আস্থাভােটত এই চৰকাৰৰৰ পতন ঘটে । ২০০৪ চনৰ লােকসভাৰ নিৰ্বাচনত জাতীয় কংগ্ৰেছৰ নেতৃত্বত ৯ টা দল লগলাগি আন এটা সংযুক্ত চৰকাৰ ( ইউ পি এ ) গঠন হয় । এই চৰকাৰে সফলতাৰে পাঁচ বছৰ শাসন চলাই ২০০৯ চনত প্রাক নির্বাচনী মিত্ৰতাৰে কেইবাটাও দলৰ সহযােগত আন এখন সংযুক্ত চৰকাৰ গঠন কৰে । ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নেতা শ্ৰীমনমােহন সিঙক প্রধান মন্ত্রী হিচাপে লৈ এই চৰকাৰ গঠন কৰে । 

অসমতাে স্বাধীনতাৰ পিছৰে পৰা বহুদিন কংগ্ৰেছে শাসন কৰাৰ পিছত ১৯৮৫ চনত বিদেশী খেদা আন্দোলনৰ পিছত ‘ অসম গণ পৰিষদ ’ দলে অসমত চৰ্কাৰ গঠন কৰিছিল । অৱশেষত ২০০৬ চনৰ নিৰ্বাচনত কোনাে দলে সংখ্যাগৰিষ্ঠতা নােপােৱাত কংগ্ৰেছ দলে বি পি এফ দলৰ সহযােগত এখন সংযুক্ত চৰকাৰ গঠন কৰি চৰকাৰ চলাইছিল । 

প্রশ্ন ১০। সংযুক্ত চৰকাৰৰ চাৰিটা অসুবিধা ব্যাখ্যা কৰা । 

উত্তৰঃ সংযুক্ত চৰকাৰৰ কিছুমান অসুবিধা আছে ।

১। সংযুক্ত চৰকাৰৰ কার্যকাল অস্থায়ী । এই চৰকাৰৰ নিৰ্ধাৰিত কার্যকলাপৰ নিশ্চয়তা নাই । বিভিন্ন দলীয় মতাদর্শ নাে মিল নথকাৰ ফলত মতভেদ হৈ চৰকাৰৰ পতন ঘটে । 

২। সংযুক্ত চৰকাৰ প্ৰকৃতাৰ্থত বৰ দুর্বল চৰকাৰ , কাৰণ বিভিন্ন দলৰ মাজত মতভেদ হােৱাৰ ভয়তে কোনাে দলে শক্তিশালী স্থিতি লৈ কাম চলাব নােৱাৰে । দ্বিধাগ্রস্ত চৰকাৰে কোনাে কামতে বলিষ্ঠ শক্তিৰে কাম কৰিব নােৱাৰে । 

৩। সংযুক্ত চৰকাৰত সাধাৰণতে উমৈহতীয়া কাৰ্যসূচী মতে ৰাজ্যৰ শাসন চলােৱা হয় কিন্তু এই ব্যৱস্থাত দলৰ স্বার্থ সম্পূর্ণকৈ ৰক্ষা নপৰে । ক্ষুদ্র আঞ্চলিক , স্থানীয় স্বার্থ ৰক্ষা পৰাৰ ফলত দলসমূহৰ মাজত মতভেদে দেখা দিয়ে আৰু চৰকাৰৰ পতন ঘটে । 

৪। সংযুক্ত চৰকাৰত প্ৰতিটো দলৰে কিছুমান ক্ষুদ্র স্বার্থ থাকে , বহুতাে সদস্যৰ এই ক্ষুদ্রস্বার্থ পূৰণ নহ’লেও ক্রমান্বয়ে দলীয় স্বার্থলৈ পৰিৱৰ্তন হয় । ফলত লাহে লাহে মতান্তৰ ঘটি চৰকাৰৰ পতন ঘটে । সংযুক্ত চৰকাৰৰ বিশ্বাসযােগ্যতা কম , ৰাইজে ইয়াক ক্ষণস্থায়ী বুলিয়ে জানে । 

প্রশ্ন ১১। কংগ্ৰেছ দলৰ পতন হােৱা সত্ত্বেও এই দলটোৱে দেশৰ ৰাজনৈতিক শাসন ব্যৱস্থাত প্ৰভাৱ পেলাই আহিছে । তুমি এই কথাত সন্মত নে ? যুক্তি দশোৱা ।

উত্তৰঃ এই কথা সত্য যে – কংগ্ৰেছ দলৰ পতন হােৱা সত্ত্বেও , দেশখনত কংগ্ৰেছ দলৰ প্রভাৱ চলিয়েই থাকিব । ১৯৮৯ চনৰ নিৰ্বাচনত লােকসভাত সাময়িকভাৱে কংগ্ৰেছদলৰ পৰাজয় হৈছিল যদিও দুটা বছৰৰ পাছতে ১৯৯১ চনত কংগ্ৰেছ দল পুনৰ ক্ষমতালৈ আহিবলৈ সক্ষম হৈছিল আৰু ১৯৯৬ চনলৈ ক্ষমতা দখল কৰি আছিল । ঠিক একেদৰে , ১৯৯৯ চনৰ নিৰ্বাচনত কংগ্ৰেছ দল পুনৰ ক্ষমতাচ্যুত হৈছিল আৰু লােকসভাত বিৰােধী দল হিচাপে কার্য সমাপন কৰিছিল । পৰৱৰ্তী কালত ২০০৪ চনৰ নিৰ্বাচনত পুনৰ কংগ্ৰেছ দলেই একমাত্র সংখ্যা গৰিষ্ঠ দল  হিচাপে পৰিগণিত হৈচৰকাৰ গঠন কৰিব পাৰিছিল । কংগ্ৰেছ দলে ১৪৫ আসন দখল কৰি মনমােহন সিঙৰ নেতৃত্বত UPA চৰকাৰ গঠন কৰি দেশ চলাইছিল । গতিকে বর্তমান সংযুক্ত চৰকাৰৰ ৰাজনীতিত কংগ্ৰেছ দলৰ প্ৰভাৱ যথেষ্ট পৰিমাণে শ্রেষ্ঠ বুলি ক’ব পাৰি । 

মুঠতে এতিয়ালৈ ( ২০০৪ চন ) কংগ্ৰেছৰ নেতৃত্বত UPA চৰকাৰখনে কেন্দ্ৰত এখন চৰকাৰ চলাই আছে । বর্তমান কংগ্ৰেছ দলে ভাৰতৰ কিছুসংখ্যক বাজ্যত চৰকাৰ গঠন কৰি চৰকাৰ চলাই আছে । যেনে— জম্মু আৰু কাশ্মীৰত ( সংযুক্ত হিচাপে PDP দলৰ লগত ) , একেদৰে দিল্লীত , উত্তৰাঞ্চলত , অন্ধ্রপ্রদেশত , মহাৰাষ্ট্ৰত , হাৰিয়ানাত আৰু অসম আদি বহুতাে ৰাজ্যত । এনেকি এতিয়াও দেশৰ ৰাজনীতি কংগ্ৰেছ দলৰ চাৰিওফালেই ঘূৰি আছে বুলি ক’ব পাৰি । আটাইতকৈ পুৰণা দল হিচাপে এই দলৰ তৃণমূল স্থিতি দেশখনৰ সকলাে ৰাজ্যতে আছে । কিন্তু আন নতুন দলৰবোৰে কংগ্ৰেছ দলক অনুকৰণ কৰিয়ে নীতি আৰু আঁচনিবােৰ কৰিবলগীয়া হয় । মুঠতে কংগ্ৰেছ দল যিটো ভেটিৰ ওপৰত বর্তমান প্রতিষ্ঠিত , আন কোনাে দলৰে তেনে সুবিধা নাই । 

এইবােৰৰ উপৰি কংগ্ৰেছ দলে ২০০৭ চনৰ ৰাষ্ট্রপতি নির্বাচনৰ ক্ষেত্ৰতাে এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে । সেইকাৰণে আমি যুক্তিপূর্ণভাবে ক’ব পাৰাে যে কংগ্ৰেছ দলে দেশখনৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰি যাব পাৰিব । 

প্রশ্ন ১২। ১৯৮৯ চনৰ পৰৱৰ্তী সময়ছােৱাৰ ভাৰতীয় ৰাজনীতিৰ প্রধান সমস্যাসমূহ লিখা । ৰাজনৈতিক দলৰ কেনেকুৱা পৃথক গঠনে এই পার্থক্যবােৰ ধাৰণ কৰে ? 

উত্তৰঃ ( ক ) ১৯৮৯ চনৰ পিছত যিবােৰ মূল বিষয়ৰ উদ্ভব হৈছিল সেইবােৰ হ’ল —

১ । ভাৰতৰ ৰাজনীতিত কংগ্ৰেছ দলৰ পতন আৰু ইয়াৰ প্রতিপত্তিৰ স্খলন । 

২। মণ্ডল আয়ােগৰ পৰামৰ্শৱলী কার্যকৰী কৰিবলৈ সিদ্ধান্ত গ্রহণ আৰু ইয়াৰ বিৰুদ্ধে বিৰূপ প্রতিক্রিয়া , প্রতিবাদ আৰু আন্দোলন ।

৩। অর্থনৈতিক সংস্কাৰ , নতুন অর্থনৈতিক নীতি গ্রহণ , সমালােচনা । 

৪ । ৰাজীৱ গান্ধীৰ হত্যা ।

৫। বাবৰি মছজিদ ধ্বংস আদি । এই আটাইবােৰ ঘটনা , ১৯৮৯ চনৰ নির্বাচনৰ পিছত গঠন হােৱা সংযুক্ত মৰ্চা চৰকাৰ দিনৰ পৰা আৰম্ভ হৈছিল । আচৰিত কথা , BJP আৰু বাওঁপন্থী দুয়ােটা দলে ভি পি সিঙৰ নেতৃত্বত গঠন হােৱা ৰাষ্ট্রীয় মর্চা চৰকাৰখনক বাহিৰৰ পৰা সমর্থন দি আছিল । BJP দলে জানিছিল যে এখন সংখ্যালঘু চৰকাৰক তেওঁলােকে সমর্থন জনাই আছিল কংগ্ৰেছ দলটোক কেন্দ্ৰত সম্পূর্ণ শেষ কৰিবলৈ । এইদৰে ১৯৮৯ চনৰ লােকসভা নির্বাচনৰ পিছত প্রথম সংখ্যালঘু দল এটাই কেন্দ্ৰত এখন সংযুক্ত চৰকাৰ গঠন কৰিছিল । প্রায় সকলাে অকংগ্ৰেছী ৰাজনৈতিক দলেই একত্ৰিত হৈ ৰাষ্ট্ৰীয় মৰ্চা চৰকাৰক সহায় কৰিছিল ।

( খ ) বাবৰি মছজিদ ধ্বংস আৰু ৰামমন্দিৰ নিৰ্মাণৰ বিষয় :- ১৯৯০ চনত BJP দল আৰু বিশ্ব হিন্দু পৰিষদে অযােধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সিদ্ধান্ত লৈ যাে – জা কবিবলৈ আৰম্ভ কৰে । আনহাতে এল কে আদৱানিয়ে গুজৰাটৰ পৰা আয়োধ্যালৈ ৰথ যাত্রা আৰম্ভ কৰে । কিন্তু ভি , পি . সিঙে আদবানিক বিহাৰত গ্রেপ্তাৰ কৰে । এই কার্যৰ বাবে BJP য়ে ভি . পি , সিঙৰ চৰকাৰৰ পৰা সমর্থন উঠায় লয় ফলত ভি , পি . সিঙৰ চৰকাৰৰ পতন ঘটে । ইয়াৰ পিছত , বিভিন্ন ৰাজনৈতিক দলে কিছুমান অনৈতিক মিত্ৰতাত লিপ্ত হৈ পৰে নিজৰ নিজৰ স্বাৰ্থৰক্ষাৰ বাবে আৰু নিজৰ ক্ষমতাৰ পৰীক্ষা কৰিবলৈ । এই মিত্রতা সমাজবাদী দল আৰু BSP , UP BSP আৰু BJP ; আৰু কংগ্ৰেছ আৰু DMK ৰ মাজত হৈছিল । এই ধৰণৰ মিত্রতা হৈছিল ১৯৮৯ চনৰ পিছত কেন্দ্ৰত সংযুক্ত চৰকাৰ গঠনৰ উত্থানৰ বাবে । 

প্রশ্ন ১৩। গণতন্ত্রত কেনে ধৰণৰ দলীয় ব্যৱস্থা থাকে আলােচনা কৰা ।

উত্তৰঃ আধুনিক যুগত , প্রতিনিধিত্বমূলক গণতন্ত্রত ৰাজনৈতিক দল অপৰিহার্য । ৰাজনৈতিক দল অবিহনে আধুনিক গণতান্ত্রিক শাসন ব্যৱস্থা সম্ভৱ নহয় । গণতন্ত্রত সাধাৰণতে এক দলীয় শাসন ব্যৱস্থা নচলে । গণতন্ত্রত একদলীয় শাসনত স্বেচ্ছাচাৰী শাসন চলে । প্রকৃত গণতান্ত্রিক শাসনত দ্বিদলীয় ব্যবস্থা নাইবা বহুদলীয় ব্যৱস্থাৰ প্ৰচলন থকা উচিত । 

বর্তমান গ্রেট ব্রিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বিদলীয় ব্যৱস্থাৰে শাসন চলি আহিছে । তাত দুটা দলৰ মাজতে শাসন ক্ষমতা হস্তান্তৰিত হৈ আহিছে । দ্বিদলীয় ব্যৱস্থাত ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিক দুটা ভাগতহে বিভক্ত কৰা হয় । যিটো দল বেছি জনপ্রিয় সেই দলেই শাসন ক্ষমতা দখল কৰে । কিন্তু বহুদলীয় ব্যৱস্থাত দেশৰ ৰাজনৈতিক শক্তি বহুধাবিভক্ত হয় । যিমান ৰাজনৈতিক দল থাকে সিমানটা ভাগতে ৰাজনৈতিক শক্তিবােৰ ভাগ হয় । বহুধাবিভক্ত জনসাধাৰণে শক্তিশালী জনমত গঢ়ি তুলিব নােৱাৰে । বহুতাে ৰাজনৈতিক দল থকা দেশত শক্তিশালী দল নাথাকে । সেইবাবেই বহু দল থকা দেশত সংযুক্ত চৰকাৰ গঠন হােৱা দেখা যায় । সংযুক্ত চৰকাৰ ক্ষণস্থায়ী , দুর্বল , দৃঢ় , বলিষ্ঠ পদক্ষেপ ল’ব নােৱাৰে । আনহাতে ৰাজ্যসমূহত গঠিত সংযুক্ত চৰকাৰে বলিষ্ঠ পদক্ষেপ লৈ কেন্দ্রীয় চৰকাৰক শক্তিশালী কোনাে দাবী উত্থাপন কৰি বিত্তীয় দান – অনুদান আদি আদায় কৰি আনিব নােৱাৰে । 

গতিকে তিনিটা দলীয় ব্যৱস্থাৰ আটাইকেইটা ভাল দলীয় ব্যৱস্থা হ’ল দ্বিদলীয় ব্যবস্থা । যি দলীয় ব্যৱস্থা ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত সফলভাৱে শতিকা জুৰি প্ৰচলিত হৈ আহিছে । আনহাতে আমাৰ ভাৰতত বহুদলীয় ব্যৱস্থা প্রচলিত হােৱা কাৰণতে ৰাষ্ট্ৰীয় কংগ্রেছৰ নিচিনা শক্তিশালী দলত লাহে লাহে শক্তিহীন হৈ আহি অৱশেষত পৰাজিত হৈছে । বর্তমান ভাৰতত নিৰংকুশ সংখ্যাগৰিষ্ঠ আসন দখল কৰিব পৰা দল ভাৰতত নাইকিয়া হৈ পৰিছে । আনহাতে দেশৰ ৰাজনৈতিক শক্তি বহুধা বিভক্ত হৈ পৰিছে , দুর্বল হৈ পৰিছে । অৱশেষত ভাৰতত জনগণৰ সংখ্যাৰ ভিত্তিত লঘিষ্ঠসংখ্যক ভােটাৰৰ দ্বাৰাহে চৰকাৰ গঠন হােৱা দেখা যায় । গতিকে বহুদলীয় ব্যবস্থাৰ নির্বাচন হলে প্রকৃত গণতান্ত্রিক শাসন প্রতিষ্ঠা কৰা টান । দ্বি – দলীয় ব্যবস্থাৰেহে প্রকৃত গণতান্ত্রিক চৰকাৰ গঠন কৰিব পৰা যায় ।

1 thought on “Class 12 Political Science Chapter – 18 ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top