Class 12 Political Science Chapter – 18 ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

Class 12 Political Science Chapter – 18 ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 18 ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ and select needs one.

Class 12 Political Science Chapter – 18 ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 18 ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ Solutions for All Subject, You can practice these here.

ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ 

পাঠ: ৯

দ্বিতীয় খণ্ড

১। “ কংগ্ৰেছী পদ্ধতি ” বুলিলে কি বুজা ? 

উত্তৰঃ ‘কংগ্ৰেছী পদ্ধতি’ বুলিলে কংগ্ৰেছ দলৰ আধিপত্যক বুজায়। 

২। ‘কৰ সেৱা’ কি ? 

উত্তৰঃ ১৯৯২ চনত অযােধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে যি অনুদান বিচৰা হৈছিল তাকে কৰ সেৱা বুলি জনা যায়।

৩। ১৯৮৯ চনত মৰ্চা চৰকাৰখনৰ মুৰব্বী কোন আছিল ? 

উত্তৰঃ ভি, পি, সিং। 

৪। ১৯৮৯ চনত কোনে চৰকাৰ গঠন কৰিছিল ? 

উত্তৰঃ ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাই। 

৫। ‘হিন্দুভাই’ কি বুজায় ? 

উত্তৰঃ ‘হিন্দু ভাই’য়ে সকলাে হিন্দু ভাই ভাই বুজায়। ইয়াত হিন্দু শব্দটোৱে প্রতিজন ভাৰতীয় নাগৰিকক বুজাইছে। 

৬। ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্রী কোন হৈছিল ? 

উত্তৰঃ নৰসিংহ ৰাও। 

৭। ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাৰ নেতৃত্ব কোন দলে দিছিল ? 

উত্তৰঃ ভাৰতীয় জনতা পাৰ্টীয়ে। 

৮। আদৱানিৰ পিছত বিজেপিৰ সভাপতি কোন হৈছিল ? 

উত্তৰঃ ৰাজনাথ সিং। 

৯। কিমানটা দলে মিলি NDA গঠন কৰিছিল ? 

উত্তৰঃ ১৩ টা দলে মিলি। 

১০। ১৯৯৬ চনৰ সংসদীয় নির্বাচনত কোনটো ৰাজনৈতিক একক সংখ্যাগৰিষ্ঠ দল হিচাপে জিলিকি উঠিছিল ? 

উত্তৰঃ ভাৰতীয় জনতা পাটি। 

১১। মণ্ডল আয়ােগ কি ? 

উত্তৰঃ ১৯৭৮ চনত কেন্দ্রীয় চৰকাৰে পিছপৰা শ্ৰেণীৰ জনসাধাৰণৰ আৰ্থ – সামাজিক উন্নয়নৰ বাবে পৰামর্শ দিবলৈ বি . পি . মণ্ডলৰ নেতৃত্বত গঠন কৰা আয়ােগক মণ্ডল আয়ােগ বােলা হয়।

১২। মণ্ডল আয়ােগৰ যিকোনাে এটা অনুমােদন উল্লেখ কৰা। 

উত্তৰঃ মণ্ডল আয়ােগৰ অন্যতম অনুমােদন হ’ল কেন্দ্রীয় চৰকাৰৰ বিভাগসমূহত ২৭ শতাংশ চাকৰিৰ আসন অন্যান্য পিছপৰা শ্রেণীসমূহৰ বাবে সংৰক্ষণ কৰা। 

১৩। NDA ৰ সম্পূৰ্ণ ৰূপটো কি ? 

উত্তৰঃ NDA- National Democratic Allience . শতাংশ চাকৰিৰ আসন অন্যান্য পিচপৰা শ্রেণীসমূহৰ বাবে সংৰক্ষণ কৰা।

১৪। সংযুক্ত চৰকাৰ বুলিলে কি বুজা ? 

উত্তৰঃ যেতিয়া দুটা বা তাতকৈ অধিক দলে লগ লাগি চৰকাৰ গঠন কৰে তাকে সংযুক্ত চৰকাৰ বােলে। 

১৫। আঞ্চলিকতাবাদী দলসমূহ প্রয়ােজনীয় নে ? তােমাৰ উত্তৰৰ সমৰ্থনত মত আগবঢ়োৱা। 

উত্তৰঃ হয়। কাৰণ, ভাৰতবর্ষ এখন বিশাল আৰু বৈচিত্র্যৰে ভৰা আঞ্চলিক ভিন্নতাৰে ভৰপূৰ দেশ। 

১৬। NDA ৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ National Democratic Allience – ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত গঠন হৈছিল। ১৯৯৮ চনৰ নিৰ্বাচনত এই মৰ্চাই জয়লাভ কৰি চৰকাৰ গঠন কৰিছিল। 

১৭। নতুন অর্থনৈতিক সংস্কাৰবােৰ কি কি ? এই নতুন অর্থনৈতিক সংস্কাৰসমূহ কেতিয়া ঘােষণা কৰা হৈছে ? 

উত্তৰঃ নতুন অর্থনৈতিক সংস্কাৰবােৰ হ’ল উদাৰীকৰণ, ব্যাক্তিগতকৰণ আৰু বিশ্বায়ন। নতুন অর্থনৈতিক সংস্কাৰবােৰ ১৯৯১ চনত ঘােষণা কৰা হৈছিল। 

১৮। মৰ্চা চৰকাৰ বুলিলে কি বুজা ? কেন্দ্ৰত প্ৰথমবাৰৰ বাবে কেতিয়া মৰ্চা চৰকাৰ গঠন হৈছিল ? 

উত্তৰঃ মৰ্চা চৰকাৰ বুলিলে কেইবাটাও ৰাজনৈতিক দল একেলগ হৈ চৰকাৰ গঠন হােৱা বুজায়। ১৯৮৯ চনত প্রথম মৰ্চা চৰকাৰ গঠিত হৈছিল। 

১৯। সংযুক্ত চৰকাৰৰ দুটা দোষ আঙুলিয়াই দিয়া। 

উত্তৰঃ ১। সংযুক্ত চৰকাৰৰ কার্যকলাপৰ কোনাে স্থায়িত্ব নাই, যিকোনাে সময়ত ইয়াৰ পতন ঘটিব পাৰে। 

২। সংযুক্ত চৰকাৰে দেশৰ ৰাজনৈতিক শক্তিক বহুতাে ভাগত ভাগ কৰি দুর্বল কৰে। সংযুক্ত চৰকাৰ দুৱল চৰকাৰ, ইয়াত বলিষ্ঠ সিদ্ধান্ত লৈ কামত আগবাঢ়িব নােৱাৰে। 

২০। ভাৰতবৰ্ষত সাম্প্রদায়িকতাবাদ ৰােধৰ বাবে দুটা পৰামর্শ দিয়া। 

উত্তৰঃ ভাৰতবৰ্ষত সাম্প্রদায়িকতাক ৰােধ কৰিবলৈ বা বাধা দিবলৈ পৰামৰ্শ দুটা হ’ল–

(ক) ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি প্রতিষ্ঠিত আৰু গঠন হােৱা ৰাজনৈতিক দলসমূহক আইন মতে অবৈধ কৰিব লাগে। 

(খ) ধর্মীয় মতভেদ থকা তীর্থস্থানবােৰ ভাৰতৰ জাতীয় স্থান হিচাপে ঘােষণা কৰিব লাগে। 

২১। কেতিয়া আৰু কিয় মণ্ডল বিষয়টো ভাৰতীয় ৰাজনীতিত উত্থাপন কৰিছিল ? 

উত্তৰঃ ১৯৭৯ চনত ভাৰত চৰকাৰে দেশৰ অন্যান্য পিছপৰা জাতিসমূহক চিনাক্ত কৰি তেওঁলােকৰ কল্যাণ আৰু উন্নয়নৰ পৰামৰ্শ আগবঢ়াবলৈ বি.পি মণ্ডলৰ নেতৃত্বত এখন আয়ােগ গঠন কৰি দিছিল। ১৯৮০ চনত এই আয়ােগে প্রতিবেদন দাখিল কৰে। ১৯৯০ চনত চৰকাৰে এই প্রতিবেদন গ্রহণ কৰি কার্য কৰিবলৈ আগবাঢ়ে। ১৯৯২ চনত এই সিদ্ধান্ত সর্বোচ্ছ ন্যায়ালয়ে মানি লয়। 

২২। ভাৰতত আঞ্চলিকতাবাদ উত্থানৰ দুটা কাৰণ লিখা। 

উত্তৰঃ ভাৰতৰ আঞ্চলিকতাবাদৰ উত্থানৰ দুটা কাৰণ হ’ল – 

(ক) আঞ্চলিক ভিন্নতা। আৰু 

(খ) অসমান উন্নয়ন। 

২৩। কোন কোন ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা (NDA) গঠন কৰিছিল ? 

উত্তৰঃ মৰ্চা চৰকাৰৰ অংশীদাৰী দলসমূহ শিৱসেনা, শিৰােমনি আকালী দল, ৰাষ্ট্ৰীয় লােক দল, অসম গণ পৰিষদ, এ আই ডি এম কে, তৃণমূল কংগ্ৰেছ আৰু ভাৰতীয় জনতা পার্টি (N.D.A) ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাত আছিল। 

২৪। আঞ্চলিক দলৰ বিকাশৰ এটা কাৰণ লিখা।

উত্তৰঃ ভাৰতৰ বিভিন্ন ৰাজ্যত বৈষম্যমূলক উন্নয়নৰ কাৰণতে বিভিন্ন আঞ্চলিক ৰাজনৈতিক দল বিকাশ সাধন হৈছে। অনুন্নত, পিছপৰা ৰাজ্য আৰু জাতিসমূহ ৰাজনৈতিকভাৱে সজাগ সচেতন হৈ নিজৰ অস্তিত্ব ৰখাৰ বাবে ৰাজনৈতিকভাৱে আঞ্চলিক দলৰ জড়িয়তে ভােট যুদ্ধত নামিব বিচাৰে। 

২৫। বি এছ পিৰ মর্যাদা বিচাৰ কৰা। 

উত্তৰঃ বহুজন সমাজবাদী দল, চমুকৈ বি . এছ , পি – য়ে দলিত নেতা কাশীৰামৰ নেতৃত্বত পিছপৰা শ্ৰেণীৰ আঞ্চলিক দল হিচাপে আত্মপ্রকাশ কৰে। তেওঁৰ পাচত নেত্রী মায়াৱতীয়ে এই দলক এটা ৰাষ্ট্ৰীয় দল হিচাপে প্রতিষ্ঠা কৰে। ই উত্তৰ প্ৰদেশৰ এটা শক্তিশালী দল।

দীঘল প্ৰশ্নোত্তৰঃ 

১। মৰ্চা চৰকাৰ আৰু মৰ্চা ৰাজনীতিৰ মূল বৈশিষ্ট্যসমূহ লিখা। 

উত্তৰঃ মৰ্চা চৰকাৰ আৰু মৰ্চা ৰাজনীতিৰ মূল বৈশিষ্ট্যসমূহ (Main Features of Alliance Government and Alliance Politics): বিগত দুটা দশকত ভাৰতবৰ্ষত গঠিত হোৱা মৰ্চা চৰকাৰৰ ৰাজনীতি বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে আগবাঢ়িছে।

বিগত দুটা দশকৰ অভিজ্ঞতাৰ ভিত্তিত মৰ্চা চৰকাৰৰ ক্ষেত্ৰত সাধাৰণভাৱে তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়ঃ   

(ক) আঞ্চলিক ৰাজনৈতিক দলৰ প্রাধান্য: নেশ্যনেল ফ্রণ্ট মৰ্চা চৰকাৰৰ পৰা আৰম্ভ কৰি সংযুক্ত প্রগতিশীল মৰ্চা চৰকাৰলৈকে এই সকলোতে আঞ্চলিক ৰাজনৈতিক দলসমূহৰ প্রাধান্য লক্ষ্য কৰা যায়। উদাহৰণস্বৰূপে, নেশ্যনেলফ্রন্ট চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেলেগু দেশম পাৰ্টিৰ মুৰব্বী এন.টি. ৰামা ৰাওৱে। ঠিক সেইদৰে, ইউনাইটেড্ ফ্রন্ট, ৰাষ্ট্ৰীয় গণতান্ত্রিক মর্চা তথা সংযুক্ত প্রগতিশীল মর্চা – এই আটাইকেইখন চৰকাৰতেই তামিলনাডুৰ ডি.এম.কে. দলে যথেষ্ট গুৰুত্ব লাভ কৰিছে। মৰ্চা চৰকাৰে ক্ষুদ্র ক্ষুদ্র আঞ্চলিক ৰাজনৈতিক দলসমূহক অধিক দৰ-দাম কৰাৰ সুবিধা প্ৰদান কৰিছে। ২০১৪ চনৰ লোকসভা নির্বাচনত এ.আই.ডি.এম.কে. দল, বিজু জনতা দল আৰু তৃণমূল কংগ্রেছ দলে যথেষ্টসংখ্যক আসন লাভ কৰিবলৈ সক্ষম হয়।

(খ) কংগ্রেছ অথবা ভাৰতীয় জনতা পার্টিক ক্ষমতাৰ বাহিৰত ৰখা লক্ষ্যই মর্চা গঠনত পালন কৰা নিৰ্ণায়ক ভূমিকা: নেশ্যনেল ফ্রন্ট চৰকাৰ গঠিত হৈছিল কংগ্রেছ বিৰোধী সকলো শক্তি একত্রিত হৈ। কংগ্রেছক ক্ষমতাচ্যুত কৰিবৰ বাবে আদর্শগতভাবে বিৰোধী অবস্থান গ্রহণ কৰা ভাৰতীয় জনতা পার্টি আৰু সাম্যবাদী দলসমূহো একে মঞ্চত উপস্থিত হৈছিল। পৰৱৰ্তী সময়ত ভাৰতবৰ্ষত কংগ্রেছ আৰু ভাৰতীয় জনতা পার্টিক কেন্দ্র কৰি দুই প্রতিদ্বন্দ্বী মর্চা গঢ়ি উঠিছে। কিন্তু মৰ্চাৰ ক্ষুদ্র-ক্ষুদ্র অংশীদাৰ গোটসমূহে ক্ষমতাৰ লক্ষ্য সন্মুখত ৰাখি এটা মৰ্চাৰ পৰা আনটো মৰ্চালৈ স্থান সলাইছে। মর্চাক নেতৃত্ব দিয়া দুয়োটা দলেই প্রতিদ্বন্দ্বী দলটোক অর্থাৎ কংগ্রেছে ভাৰতীয় জনতা পার্টিক আৰু ভাৰতীয় জনতা পার্টিয়ে কংগ্রেছক ক্ষমতাচ্যুত কৰিবৰ বাবে ক্ষুদ্র-ক্ষুদ্র ৰাজনৈতিক দলসমূহক মর্চা সলনি কৰিবৰ বাবে আহ্বান জনাই আহিছে। ফলত, তৃণমূল কংগ্ৰেছ দলে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন বাষ্ট্রীয় গণতান্ত্রিক মর্চা অথবা কংগ্রেছ নেতৃত্বাধীন সংযুক্ত প্রগতিশীল মর্চাতো মন্ত্রীত্বৰ পদ লাভ কৰিছে।

(গ) দলিত আৰু পিছপৰা শ্রেণীসমূহৰ পৰিচয়ৰ ভিত্তিত গঠিত ৰাজনৈতিক দলসমূহৰ ক্রমবর্ধিত শক্তিঃ বিগত দশকৰ ৰাজনীতিত যিবোৰ ৰাজনৈতিক শক্তিয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে, তাৰ ভিতৰত অন্যতম হ’ল দলিত সম্প্রদায়ক নেতৃত্ব দিয়া মায়াৱতীৰ ৰাজনৈতিক দল বহুজন সমাজ পার্টি, মুলায়েম সিঙে নেতৃত্ব দিয়া সমাজবাদী পার্টি আৰু লালুপ্রসাদ যাদৱে নেতৃত্ব দিয়া ৰাষ্ট্রীয় জনতা দল। এই দলসমূহৰ প্রধান ভিত্তি জাতি পৰিচয়। ১৯৮০-ৰ দশকলৈকে ক্ষমতাৰ মূল কেন্দ্র হিচাপে পৰিচিত উত্তৰপ্ৰদেশ তথা বিহাৰত এই শক্তিসমূহৰ উত্থানৰ ফলশ্রুতিত কংগ্রেছ দলৰ প্ৰচুৰ ক্ষতিসাধন হৈছে আৰু ই ভাৰতবৰ্ষত মৰ্চা চৰকাৰ গঠনৰ বাট প্রশস্ত কৰি তুলিছে।

(ঘ) সাম্প্রদায়িক শক্তি আৰু ধর্মনিৰপেক্ষ শক্তিৰ মাজত থকা ব্যবধানৰ ক্রমাগত অবসান: ভাৰতীয় ৰাজনীতিত সাম্প্রতিক সময়ত ভাৰতীয় জাতীয় কংগ্রেছে নিজাকৈ ধৰ্মনিৰপেক্ষতাৰ বাহক বুলি দাবী কৰাৰ বিপৰীতে ভাৰতীয় জনতা পার্টিক সাম্প্রদায়িক শক্তি হিচাপে চিহ্নিত কৰা হয়। কিন্তু এই দুয়ো দলৰ নেতৃত্বত গঠিত মর্চাত অংশগ্রহণ কৰা ৰাজনৈতিক দলসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে এই দলবোৰে ধৰ্মনিৰপেক্ষতা অথবা সাম্প্রদায়িকতাৰ নীতিগত পার্থক্য মানি চলা নাই। 

উদাহৰণস্বৰূপে তেলেগু দেশম পার্টিক ধর্মনিৰপেক্ষ শক্তি বুলি জনা যায়। কিন্তু এই দলৰ নেতা চন্দ্রবাবু নাইডুৱে বি.জে.পি. নেতৃত্বাধীন জাতীয় গণতান্ত্রিক মৰ্চাৰ সমন্বয়ৰ দায়িত্ব পালন কৰিছে। ডি.এম.কে. দলে এই প্রশ্নক কোনো ধৰণে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। তৃণমূল কংগ্রেছৰ ক্ষেত্ৰতো একেটা কথা ক’ব পাৰি। ২০১৪ চনৰ লোকসভা নির্বাচনত ভাৰতীয় জনতা পার্টিয়ে ৰাম মন্দিৰৰ প্রশ্নটোক বিশেষভাৱে গুৰুত্ব নিদিলে। তাৰ পৰিৱর্তে বিকাশ, দুর্নীতি আৰু মূল্যবৃদ্ধিক এই নির্বাচনৰ মূল বিষয় হিচাবে গ্রহণ কৰে।

২। অসম গণ-পৰিষদৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ গণ-পৰিষদ (Asom Gana Parishad): অসমৰ আঞ্চলিক দল বুলিলে সাধাৰণতে “অসম গণ পৰিষদ “ক বুজায়।

বিভিন্ন ৰাজনৈতিক সমস্যাৰ পৰিপ্ৰেক্ষিতত ১৯৮৫ চনৰ শেষ ভাগত অসম গণ-পৰিষদ নামৰ আঞ্চলিক দল এটাৰ অসমত সৃষ্টি হৈছিল। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ প্রায় ছয়বছৰ কাল সদৌ অসম ছাত্রসস্থাৰ তত্বাৱধানত “বিদেশী বহিষ্কাৰ আন্দোলন” চলিছিল। এই আন্দোলনৰ সময়ছোৱাত ছাত্র সন্থাৰ সভাপতি আৰু সম্পাদক আছিল ক্রমান্বয়ে প্রফুল্ল কুমাৰ মহন্ত আৰু ভূত্ত কুমাৰ ফুকন। প্রায় ছয় বছৰ বিদেশী বহিষ্কাৰ আন্দোলন চলাৰ পিছত ১৯৮৫ চনৰ আগষ্ট মাহত “অসম চুক্তি’ত স্বাক্ষৰ কৰা হৈছিল আৰু এই চুক্তি স্বাক্ষৰ হোৱাৰ পিছত “বিদেশী বহিষ্কাৰ আন্দোলন” সাময়িকভাবে স্থগিত ৰখা হৈছিল। ১৯৮৫ চনৰ অক্টোবৰ মাহত অসম গণ পৰিষদ নামৰ আঞ্চলিক ৰাজনৈতিক দলটোৰ জন্ম হৈছিল আৰু পিছৰ সাধাৰণ নির্বাচনত অসম গণ পৰিষদে অসমত চৰকাৰ গঠনৰ সুবিধা পাইছিল।

অসমৰ খিলঞ্জীয়া লোকসকলৰ উপৰিও বিভিন্ন জনগোষ্ঠীৰ লোকৰ-পৰা এই দলে সমর্থন লাভ কৰিছিল। অসমীয়া লোকৰ উপৰিও, ভৈয়ামৰ জন জাতিৰ লোক, বাগিছাত কাম কৰা বনুৱা, অসমত স্থায়ীভাবে বাস কৰা মুছলমান, বঙালী হিন্দু আৰু বঙালী মুছলমান লোক কিছুমানেও এই দলৰ প্রতি সমর্থন আগবঢ়াইছিল। ফলত ১৯৮৫ চনৰ নিৰ্বাচনত “অসম গণ-পৰিষদে” অসম বিধানসভাৰ ৬৪ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল।

“অসম গণ-পৰিষদ” চৰকাৰে “অসম চুক্তি” কার্যকৰী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। কিন্তু, “অসম চুক্তিয়ে” বিভিন্ন গোষ্ঠীৰ লোকৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি নকৰাকৈ থকা নাছিল। “গণ-পৰিষদে” গণতন্ত্র, সমাজবাদ আৰু ধর্ম নিৰপেক্ষতাবাদৰ প্ৰতিও সমর্থন জনাইছিল। “গণ-পৰিষদ” চৰকাৰে “এখন নতুন অসম” গঢ়ি তোলাৰ আশ্বাস দিছিল। অসম এনে এখন ৰাজ্য হ’ব য’ত সকলো লোকে কামৰ সুবিধা পাব আৰু ইয়াৰ ফলত এখন প্রগতিশীল সমাজৰ সৃষ্টি হ’ব। অসমত বিভিন্ন জাতি, গোষ্ঠী আৰু ভাষাৰ লোক বাস কৰে। অসমীয়া লোকৰ উপৰিও অসমত বঙালী, অনুসূচিত জনজাতি, বিহাৰী, নেপালী, স্থানীয় মুছলমান আৰু আন দেশৰ পৰা প্ৰব্ৰজন কৰা মুছলমান লোক কিছুমানো বাস কৰে। ভৈয়াম আৰু পাহাৰ অঞ্চলৰ জনজাতিৰ লোকসকলৰ নিজৰ ভাষা-সংস্কৃতি আছে আনহাতে কেইখনমান জিলাত বঙালী লোকসকলৰ শক্তিশালী অবস্থাও আছে। সেয়েহে বিভিন্ন জাতি, ভাষা আৰু গোষ্ঠীৰ লোক বাস কৰা অসমৰ সকলো শ্রেণীকে সন্তুষ্ট কৰা সহজ নহয়। জনজাতীয় লোক আৰু সংখ্যালঘুসকলেও “গণ-পৰিষদ”-ৰ ওপৰত আস্থা স্থাপন কৰা নাই। এসময়ত “ছাত্র সন্থা’ব যিসকল লোকে নেতৃত্ব বহন কৰিছিল, তেওঁলোকেই হৈছে “অসম গণ পৰিষদৰো” নেতা।

সেয়েহে “বিদেশী বহিষ্কাৰ আন্দোলনৰ” শুৰী ধৰা এই নেতাসকলৰ প্রতি সংখ্যালঘু শ্রেণীৰ সক্রিয় সমর্থন নাই। এই শ্রেণীৰ লোকৰ বিশ্বাস যে “অসম গণ-পৰিষদে” অকল বর্ণ হিন্দুসকলৰ স্বাৰ্থ ৰক্ষাৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে। “অসম গণ-পৰিষদে” “অসম চুক্তি” কার্যকাৰী কৰাৰ ওপৰত বেছি গুৰুত্ব দি আহিছে। এই দায়িত্ব কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ উভয়ে বহন কৰিব লাগিব। কিন্তু, সাম্প্রতিক কালত বিভিন্ন কাৰণত “অসম গণ-পৰিষদ” আৰু “সদৌ অসম ছাত্রসস্থা’ৰ মাজত মতভেদৰ সৃষ্টি হোৱা দেখা যায়।

৩। আঞ্চলিক ৰাজনৈতিক দলৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ আঞ্চলিক ৰাজনৈতিক দল (Regional Political Party): ১৯৬৭ চনৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে আন আন ৰাজনৈতিক দলৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় আৰু সেই সময়ৰ পৰাই ভাৰতৰ বিভিন্ন প্রান্তত আঞ্চলিক দলৰ আবির্ভাব হোৱাৰ পথ সুগম হয় বুলি ক’ব পাৰি। অৱশ্যে এই সময়ৰ আগতে আঞ্চলিকতাবাদী মনোভাবৰ সৃষ্টি হোৱা নাছিল বুলি ক’ব নোৱাৰি। স্বাধীনতা আন্দোলন চলি থকা সময়তো জাতীয়তাবাদী ভাবধাৰাৰ লগে লগে আঞ্চলিকতাবাদী মানসিকতাৰ সৃষ্টি হৈছিল। আঞ্চলিকতাবাদৰ প্ৰতি আনুগত্য প্রকাশ অকল ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ একমাত্র বিশেষত্ব নহয়। পৃথিৱীৰ আন আন দেশতো আঞ্চলিকতাবাদী মনোভাবৰ প্রকাশ দেখা যায়। অখণ্ড জাতীয়তাবোধ কোনো দেশতেই পোৱা নাযায়। ইংলেণ্ডৰ নিচিনা সৰু দেশত যেনেকৈ আঞ্চলিকতাবাদী মনোভাব দেখা যায়, ৰুছিয়াৰ নিচিনা ডাঙৰ দেশতো তেনেকৈ এনে মনোবৃত্তি দেখা যায়। ইংলেণ্ড, স্কটলেণ্ড, উত্তৰ আয়াৰলেণ্ড, ওৱেলছ আদিত আঞ্চলিকতাবাদী মানসিকতা দেখা যায়। গতিকে বিভিন্ন জাতি, ভাষা আৰু ধৰ্মৰ লোক বাস কৰা ভাৰতত আঞ্চলিকতাবাদী মনোভাবৰ সৃষ্টি হোৱাত একো আচৰিত হ’ব লগা নাই। ইচ্ছা কৰিয়ে ভাৰতৰ পৰা আঞ্চলিকতাবাদী মনোভাবৰ আঁতৰ কৰিব পৰা নাযায়; সেইদৰে ইয়াক অস্বীকাৰ কৰিলেও ই নাইকিয়া নহয়। বৃটিছ শাসনৰ সময়ত এই মনোভাব সুপ্ত হৈ আছিল যদিও বৰ্তমান ভাৰতৰ আৰ্থ-সামাজিক পটভূমিত এই মনোভাবে পুনৰ গা কৰি উঠি আহিছে।

৪। ভাৰতীয় জাতীয় কংগ্ৰেছৰ একাধিপত্যৰ অবসানৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ একাধিপত্যৰ অবসান End of Monopoly of Indian National Congress): তোমালোক সকলোৱে জানা যে ভাৰতীয় স্বাধীনতা আন্দোলনক নেতৃত্ব দিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দলে স্বাধীনতাৰ পাছত ১৯৫২ চনৰ পৰা অনুষ্ঠিত প্রায় সকলো নির্বাচনতে একক সংখ্যাগৰিষ্ঠতা, আনকি দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ এৰিবলৈকো সক্ষম হৈ আহিছিল। ১৯৭৫ চনৰ জৰুৰীকালীন শাসনৰ পাছত অনুষ্ঠিত ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত এই হল চৰম বিপৰ্যয়ৰ সমুখীন হয়। কিন্তু ১৯৮০ আৰু ১৯৮৪ চনত অনুষ্ঠিত নির্বাচনত পুনৰ ভাৰতীয় জাতীয় কংগ্রেছ দলে দেশৰ শাসন ক্ষমতা নিজৰ হাতলৈ আনে। কিন্তু ১৯৮৯ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ পাছত এই দলে পূৰ্বৰ স্থিতি কেতিয়াও লাভ কৰিব পৰা নাই। সেই অৰ্থত ১৯৮৯ চনত স্থায়ীভাবে “কংগ্রেছ ব্যবস্থা” (Congress System) বা কংগ্রেছৰ একাধিপত্য (Congress Monopoly)-ৰ অৱসান ঘটে। ১৯৮৪ চনত অনুষ্ঠিত লোকসভাৰ নিৰ্বাচনত এই দলে সৰ্বমুঠ ৫৪৩ খন আসনৰ ভিতৰত ৪১৫ খন আসন লাভ কৰাৰ বিপৰীতে ১৯৮৯ চনত মাত্র ১৯৭ খন আসন লাভ কৰে। ১৯৯১ চনত এই দলে সর্বমুঠ ২৪৪ খন আসন লাভ কৰে আৰু চৰকাৰ গঠন কৰে। কিন্তু এই দলে লোকসভাত নিজাকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ ব্যর্থ হয়। ১৯৯৬, ১৯৯৮ আৰু ১৯৯৯ চনত অনুষ্ঠিত নিৰ্বাচনত এই দল ক্ষমতাৰ পৰা অপসাৰিত হয়। ২০০৪ আৰু ২০০৯ বৰ্ষত অনুষ্ঠিত লোকসভাৰ নিৰ্বাচনৰ পাছত এই দলৰ নেতৃত্বত মৰ্চা চৰকাৰহে গঠিত হৈছে – নিজা দলীয় চৰকাৰ গঠিত হোৱা নাই। অর্থাৎ ১৯৮৯ চনৰ পৰা ভাৰতীয় ৰাজনীতিত স্থায়ীভাবেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ একাধিপত্যৰ অৱসান ঘটিছে।

৫। ভাৰতীয় ৰাজনীতিত মিত্ৰজোঁটৰ যুগ বুলিলে কি বুজা ?

উত্তৰঃ ভাৰতীয় ৰাজনীতিত মিত্ৰজোঁটৰ যুগ (Era of coalitions in Indian Politics): ১৯৮৯ চনত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ সময়ৰে পৰা ২০০৯ চনত অনুষ্ঠিত লোকসভা নির্বাচনলৈকে – এই দুটা দশকত কোনো এটা ৰাজনৈতিক দলে লোকসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই। এই দুটা দশকত গঠিত প্রায় সকলো চৰকাৰেই মিত্ৰজোঁটৰ চৰকাৰ। ব্যতিক্রম কেৱল ১৯৯১ চনত গঠিত কংগ্রেছ নেতৃত্বাধীন চৰকাৰ। এই চৰকাৰেও লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল। লোকসভাত সংখ্যাগৰিষ্ঠতা প্রতিপন্ন কৰিবৰ বাবে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে সাংসদ ক্ৰয় কৰাৰ অভিযোগ উত্থাপিত হৈছিল আৰু তাৰ দীর্ঘকালীন অনুসন্ধান চলিছিল। ১৯৯৬ চনত অনুষ্ঠিত লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পার্টিয়ে লোকসভাত সর্বাধিক আসন (১৬০) লাভ কৰে, কিন্তু সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ ব্যর্থ হয়। মাত্র এঘাৰ দিনৰ বাবে শাসনত থকা এই চৰকাৰে লোকসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ পূৰ্বেই পদত্যাগ ভাৰতীয় ৰাজনীতিত নতুনকৈ আৰম্ভ হোৱা মিত্ৰজোঁটৰ চৰকাৰৰ ৰাজনীতি প্ৰথম অৱস্থাত গভীৰ অনিশ্চয়তা আৰু অস্থিৰতা অতিক্ৰম কৰি বৰ্তমান সুস্থিৰতাৰ দিশে গতি কৰিছে। অর্থাৎ মিত্রজোঁটৰ চৰকাৰেই একমাত্র বাস্তৱতা বুলি ভাৰতবৰ্ষৰ প্ৰায় সকলো সৰু-বৰ আৰু ৰাষ্ট্ৰীয় তথা আঞ্চলিক ৰাজনৈতিক দলে স্বীকাৰ কৰি লৈছে। এই বিষয়ে যথাস্থানত বহলাই আলোচনা কৰা হ’ব। তাৰ আগেয়ে ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলসমূহৰ বিষয়ে চমু আলোচনা আগবঢ়োৱা হ’ল।

1 thought on “Class 12 Political Science Chapter – 18 ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top