Class 12 Political Science Chapter – 17 আঞ্চলিক আকাংক্ষাবোৰ

Join Telegram channel

Class 12 Political Science Chapter – 17 আঞ্চলিক আকাংক্ষাবোৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 17 আঞ্চলিক আকাংক্ষাবোৰ and select needs one.

Class 12 Political Science Chapter – 17 আঞ্চলিক আকাংক্ষাবোৰ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 17 আঞ্চলিক আকাংক্ষাবোৰ Solutions for All Subject, You can practice these here…

দীঘলীয়া প্রশ্নোত্তৰ ( মূল্যাংক -৪ / ৬ )

প্রশ্ন ১। জম্মু আৰু কাশ্মীৰৰ এটা চমু বর্ণনা দিয়া ।

উত্তৰঃ বাহ্যিক আৰু আভ্যন্তৰীণ ক্ষেত্ৰত জম্মু আৰু কাশ্মীৰৰ ৰাজনীতি সদায়ে বিতর্ক হৈয়ে থাকে । বাহ্যিকভাৱে পাকিস্তানে সদায়ে দাবী কৰে যে কাশ্মীৰ উপত্যকা পাকিস্তানৰ এটা অংশ হােৱা উচিত । আভ্যন্তৰীণভাৱে ভাৰতীয় যুক্তৰাষ্ট্ৰত কাশ্মীৰৰ প্ৰস্থিতিক লৈ এটা বিবাদ আছে । ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ মূতে কাশ্মীৰক এটা বিশেষ প্রস্থিতি দিয়া হৈছে । ভাৰতীয় যুক্তৰাষ্ট্রৰ আন ৰাজ্যৰ তুলনাত জম্মু আৰু কাশ্মীৰক বেছি স্বায়ত্ব শাসনৰ অধিকাৰ দিয়া হৈছে । ৰাজ্যখনৰ নিজা সংবিধান আছে । সংবিধানখনৰ সকলাে ব্যৱস্থা ৰাজ্যখনত কাৰ্যকৰীনহয় , যিবােৰ সংসদে প্রণয়ন কৰে , কাৰ্যকৰী কৰিব পাৰি যদিহে জম্মু আৰু কাশ্মীৰে তাক বিচাৰে । 

কাশ্মীৰত একশ্রেণীৰ লােক আছে যিসকলে ভাবে যে যি বিশেষ প্রস্থিতি জম্মু আৰু কাশ্মীৰক ৩৭০ অনুচ্ছেদৰ দ্বাৰা দিছে , তাৰ দ্বাৰা ভাৰতৰ আন ৰাজ্যৰ লগত সম্পূর্ণ সংহতিৰ অনুমতি নাই । গতিকে এই অনুচ্ছেদটো নাইকিয়া কৰি কাশ্মীৰক আন ৰাজ্যৰ দৰে কৰা উচিত । 

আন এটা শাখাই , যাৰ প্ৰায় ভাগেই বিশ্বাস কৰে , যে ৩৭০ অনুচ্ছেদৰ দ্বাৰা দিয়া স্বায়ত্ত শাসন যথেষ্ট নহয় । কাশ্মীৰিকসকলৰ আন এটা শাখাই অনুভৱ কৰে যে ভাৰতে কাশ্মীৰক চামিলকৰণৰ সময়ত দিয়া প্রতিশ্রুতি পূৰণ কৰা হােৱা নাই । দ্বিতীয়তে , এইটো যুক্তি দিয়া হয় । যে ৩৭০ অনুচ্ছেদৰ দ্বাৰা ৰাজ্যখনক দিয়া বিশেষ প্রস্থিতি বাস্তৱ ক্ষেত্ৰত নাইকিয়া হৈ যাব ধৰিছে । এই কাৰণতে আৰু বেছি স্বায়ত্ত্বশাসনৰ দাবী উত্থাপন হৈ থাকে । তৃতীয়তে , এইটোও অনুভৱ হয় যে যি গণতন্ত্র ভাৰতৰ আন ঠাইত ব্যৱহাৰ হৈ আছে ঠিক তেনেদৰে জম্মু আৰু কাশ্মীৰত আনুষ্ঠানিকতা কৰা হােৱা নাই ।

প্রশ্ন ২। উত্তৰ – পূব ভাৰতৰ বিচ্ছিন্নতাবাদী আন্দোলনসমূহৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ আমি জানিব পাৰিছাে যে সকলাে আঞ্চলিক আন্দোলনে বিচ্ছিন্নতাবাদী দাবী উত্থাপন নকৰে । ১৯৬৬ চনত মিজো জাতীয়তাবাদী ফ্রন্টে স্বাধীনতাৰ বাবে সশস্ত্র সংগ্রাম আৰম্ভ কৰিছিল । এই সংঘর্ষ মিজো উগ্রবাদীসকলৰ লগত ভাৰতীয় সৈন্যৰ বহুদিন চলিল । মিজোসকলে গৰিলা কৰিলে পাকিস্তান ( বাংলাদেশৰ ) সহায় ল’লে , বাংলাদেশত আশ্রয় লৈও থাকিলে । ভাৰতীয় সৈন্যই তেওঁলােকক দমন কৰিবলৈ বিমান বাহিনীও ব্যৱহাৰ কৰিছিল । এই ব্যৱস্থাই উগ্রবাদীসকলক বেছি খঙাল আৰু বিচ্ছিন্নতাবাদীহে কৰি তােলে । 

যেতিয়া এই উগ্রবাদিতা আৰু বিচ্ছিন্নতাবাদে কোনাে ফল নিদিলে , উগ্রবাদী নেতা লালডেংগাই পাকিস্তানৰ পৰা দেশান্তৰী হৈ আহি ভাৰত চৰকাৰৰ লগত এক বুজাবুজিত উপনীত হয় । অৱশেষত এখন শান্তি চুক্তিত ১৯৮৬ চনত স্বাক্ষৰ কৰিবলৈ সন্মত হয় । ভাৰতৰ প্ৰধানমন্ত্রী ৰাজীব গান্ধী আৰু লালডেংগাৰ মাজত এই চুক্তি হৈছিল । এই চুক্তি মতে , ১৯৮৬ চনৰ মিজোৰামক সম্পূর্ণ ৰাজ্য হিচাপে স্বীকৃতি দিয়া হয় কিছুমান বিশেষ ক্ষমতা সহিতে আৰু মিজোসকলেও ভাৰত যুক্তৰাষ্ট্ৰৰ পৰা বিচিছন্ন হােৱা আন্দোলন পৰিহাৰ কৰে । 

ঠিক সেইদৰে নগালেণ্ডৰ কাহিনীও প্রায় একে বুলি ক’ব পাৰি । বহুত দীঘলীয়া উগ্রবাদী সংগ্রাম চলাই অৱশেষত , নাগাসকলেও ভাৰত চৰকাৰৰ লগত এখন সন্মতি চুক্তি স্বাক্ষৰ কৰি আন্দোলন পৰিহাৰ কৰে । যদিও এটা শ্ৰেণীয়ে এতিয়াও এই চুক্তি মানি লােৱা নাই । 

প্রশ্ন ৩। ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা আঞ্চলিকতাৰ দাবীয়ে ‘ বিচিত্ৰতাৰ মাজৰ ঐক্যতা নীতিৰ উদাহৰণকে দাঙি ধৰে তুমি ইয়াত সন্মত নে ? যুক্তি দিয়া । 

নাইবা ভাৰতৰ আঞ্চলিক ৰাজনৈতিক ভাবধাৰাৰ ক্রমবর্ধমান গুৰুত্বৰ দুটা কাৰক লিখা ।

উত্তৰঃ ভাৰতবৰ্ষই স্বাধীনত পােৱা প্রায় ছয়টা দশক হ’লহি তথাপিও ভাৰতীয় ৰাষ্ট্ৰীয় সংহতিৰ কিছুমান সমস্যা এতিয়াও সমাধান হােৱা নাই । ইয়াৰ উপৰি দেশখনৰ চাৰিওফালৰ পৰা বেছিকৈহে সুকীয়া ৰাজ্যৰ দাবী , অর্থনৈতিক উন্নয়নৰ দাবী আৰু অসামঞ্জস্যতা আদিৰ দাবী আহিয়ে আছে । এইবােৰৰ পৰা আমি তলত উল্লেখ কৰা শিকনিবােৰ পাওঁ । 

১। আঞ্চলিক আকাংক্ষাবোেৰ গণতান্ত্রিক ৰাজনীতিৰ একোটা অংশ :- সমাজৰ বিভিন্ন শ্ৰেণীৰ , বিভিন্ন দাবী , আপত্তি – বিপত্তিৰ পৰা আমি শিকিব লাগিব যে আঞ্চলিক আকাংক্ষাবােৰ গণতান্ত্রিক ৰাজনীতিৰ এটা এৰাব নােৱাৰা অংশ । এনেকি ইংলেণ্ড , শ্রীলংকা আদি দেশেও এই বিচ্ছিন্নতাবাদী আন্দোলনৰ সন্মুখীন হৈছে । 

২। গণতান্ত্রিক আলােচনাৰ জৰিয়তে সমস্যাৰ সমাধানঃ দ্বিতীয় শিক্ষণ হ’ল আঞ্চলিক আকাংক্ষাৰ প্রত্যুত্তৰ গণতান্ত্রিক আলােচনাৰ জৰিয়তে দিব লাগে দমনমূলক নীতিৰে নহয় ।

১৯৮০ চনৰ সময়ছােৱাত ভাৰতে বহুতাে সমস্যাৰ সন্মুখীন হৈছে — যেনে , পঞ্জাৱৰ সন্ত্রাসবাদী কার্য , উত্তৰ – পূব ভাৰত সমস্যা , অসমৰ ছাত্র আন্দোলন , জম্মু – কাশ্মীৰৰ সন্ত্রাসবাদ । ভাৰত চৰকাৰে এই সমস্যাবােৰ কিছুমান আলােচনা বুজাবুজিৰ মাজেৰে সমাধান কৰিছে । 

৩। ক্ষমতাৰ ভাগ বটৰা :- তৃতীয় পাঠ হ’ল — ক্ষমতাৰ ভাগ – বাটোৱাৰাত গুৰুত্ব । জাতিৰ অদৃষ্টৰ সিদ্ধান্ত লােৱাত অঞ্চলবােৰক ক্ষমতাৰ ভাগ দিব লাগিব যদি দিয়া নহয় অৱজ্ঞা কৰা ভাব , এফলীয়া কৰা , অন্যায় কৰা ভাব আহিব পাৰে । 

৪। আর্থিক উন্নয়নত আঞ্চলিক অসমতা :- পৰৱর্তী পাঠ হ’ল অর্থনৈতিক উন্নয়নত আঞ্চলিক অসমতাই আঞ্চলিক বৈষম্যতাৰ ভাব আনি দিয়ে । যদি কোনাে অঞ্চল দুখীয়া , অনুন্নত হৈ থাকে সেই অঞ্চলৰ জনসাধাৰণে নিজকে বঞ্চিত হােৱা বুলি ভাবে আৰু বিচ্ছিন্নতাবাদৰ আকাংক্ষা বৃদ্ধি পায় । 

৫। ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যবস্থা :- ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা এক নমনীয় ব্যৱস্থা , ইয়াৰ দ্বাৰা জটিল আৰু বৈচিত্র্যময় প্রশ্ন সমাধান কৰা বৰ উপযােগী । ভাৰতৰ সকলাে ৰাজ্য সমান যদিও জম্মু কাশ্মীৰ আৰু উত্তৰ – পূব ভাৰতৰ ব্যৱস্থা বিশেষ ধৰণৰ । উত্তৰ – পূবৰ পাহাৰী ৰাজ্যবােৰক স্বায়ত্ত শাসনৰ ব্যৱস্থা দিয়া হৈছে , সুকীয়া ৰাজ্য দিয়া হৈছে । পঞ্জাৱ , তামিলনাডুৰ জটিল সমস্যা বুজাবুজিৰ আলােচনাৰে সমাধান কৰা হৈছে । 

এইদৰে ভাৰতবৰ্ষত সাংবিধানিক ব্যৱস্থা নমনীয় আৰু সুবিধাজনক হােৱা বাবেই আঞ্চলিক আকাংক্ষাই বিচ্ছিন্নতাবাদৰ ৰূপ পােৱা নাই । বৰং ভাৰতৰ ৰাজনীতিত আঞ্চলিকতাবাদ গ্রহণ কৰাত সফল হৈছে । কাৰণ ই গণতন্ত্রৰ এটা অপৰিহার্য অংশ । 

প্রশ্ন ৪। অসমৰ আন্দোলন আছিল সাংস্কৃতিক গৌৰৱ আৰু পিছপৰা অর্থনীতিৰ সংমিশ্রণ ’ ব্যাখ্যা কৰা । 

উত্তৰঃ উত্তৰ – পূব ভাৰতৰ ঐতিহ্যপূর্ণ অসমত আশীৰ দশকত হােৱা অসম আন্দোলন প্ৰকৃতাৰ্থতে সাংস্কৃতিক গৌৰৱ আৰু পিছপৰা অর্থনৈতিক অৱস্থাৰ বাবেই হােৱা বুলি ক’ব পাৰি । এই আন্দোলনে দাবী কৰিছিল যে ১৯৫১চনৰে পৰা অসমলৈ প্ৰব্ৰজন হােৱা বিদেশী নাগৰিকৰ সােত বন্ধ কৰি , সকলাে বিদেশীক অসমৰ পৰা বিতাৰিত কৰিব লাগে। ইয়াৰ উপৰি , ইয়াৰ লগত বহুতাে ভয়ানক আৰু দুখজনক ঘটনা জীৱন আৰু সম্পত্তিৰ ক্ষতিৰ কথাও জড়িত । হৈ আছে  আন্দোলনৰ সময়ত বাহিৰৰ শােধনাগাৰলৈ তেল পৰিবহণ বন্ধ কৰাৰ দাবী কৰা হৈছে । অসমীয়াসকলে ভাবে যে বহিৰাগত বিদেশীৰ সোঁত বন্ধ কৰি বিদেশীক চিনাক্ত নকৰিলে অসমত স্থায়ী বাসিন্দাসকল সংখ্যালঘিষ্ঠত পৰিণত হ’ব । 

অসমত প্রাকৃতিক সম্পদ যেনে— চাহ , তেল আৰু কয়লা আদি থকা সত্ত্বেও , অসমৰ সকলো অঞ্চলতে দৰিদ্ৰতা , নিবনুৱাৰ সংখ্যা তুলনাহীন হৈ পৰিছে । 

সেয়ে ১৯৭৯ চনত অসমৰ ছাত্র সংস্থাই বিদেশী বিতাৰণৰ বাবে এক দীঘলীয়া আন্দোলন গঢ়ি তুলিছিল । অৱশেষত ছয় বছৰ সংগ্ৰাম কৰাৰ পিছত ভাৰতৰ ৰাজীৱ গান্ধী চৰকাৰে আন্দোলনৰ নেতাসকলৰ লগত এখন চুক্তিত স্বাক্ষৰ কৰে ১৯৮৫ চনত । এই চুক্তি মতে , এইটো সিদ্ধান্ত হৈছিল যে বাংলাদেশ যুদ্ধৰ সময়ৰে পৰা যিসকল লােক অসমলৈ প্ৰব্ৰজন হৈছিল তেওঁলােকক চিনাক্ত কৰি , ঘূৰাই পঠোৱা হ’ব । বিদেশী খেদা আন্দোলন সফলভাৱে অন্ত পৰাত , অসম ছাত্র সংস্থাৰ নেতাসকলে নিজে অসম গণপৰিষদ নামে এটা আঞ্চলিক দল গঠন কৰে । ১৯৮৫ চনৰ নিৰ্বাচনত এই দলে অসম চৰকাৰ গঠন কৰি শাসনৰ গাদী দখল কৰে । তেওঁলােকে বিদেশী নাগৰিকৰ বিষয়টো সমাধান কৰিম বুলি প্রতিজ্ঞাবদ্ধ হৈছিল । 

যদিও অসম চুক্তিৰ দ্বাৰা শান্তি আৰু অসমৰ ৰাজনীতিৰ এটা পৰিৱৰ্তন আনিছিল , তথাপি এই চৰকাৰে এবাৰ নহয় দুবাৰ শাসনৰ গাদী দখল কৰিও অবৈধ প্রব্রজন বন্ধ কৰি নাইবা অসমৰ পৰা বাংলাদেশী নাগৰিকক ঘূৰাই পঠাব পৰা নাই বৰং বিদেশী নাগৰিকৰে অসম ভৰি পৰাৰ উপক্রমহে হৈছে । বর্তমান বহিৰাগত নাগৰিকৰ বিষয়টো অসমৰ এটা মূল আৰু গুৰুত্বপূর্ণ বিষয় হৈ পৰিছে । 

প্রশ্ন ৫। কি কাৰণত আনন্দপুৰ চাহিব প্রস্তাৱ বিতর্কিত আছিল ? 

উত্তৰঃ ১৯৬৬ চনত , পঞ্জাৱ ৰাজ্যখন পুনৰ সংগঠন হােৱাৰ পিছত , আকালি দল ১৯৬৭ চনত শাসন ক্ষমতালৈ আহে । আকালিসকলে আৱিষ্কাৰ কৰিলে যে পঞ্জাৱৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত তেওঁলােকৰ স্থান বেছি সংকটাপন্নহে হৈছে । সেই কাৰণে ১৯৭০ চনত আকালিসকলৰ এটা শ্ৰেণীয়ে অঞ্চলটোৰ বাবে স্বায়ত্ত শাসনৰ দাবী উত্থাপন কৰিবলৈ আৰম্ভ কৰে । এই কথা তেওঁলােকে ১৯৭৩-ত আনন্দপুৰ চাহিবত গ্ৰহণ কৰা প্ৰস্তাৱ এটাত প্রতিফলিত হৈছিল । এই প্রস্তাৱ যােগে আঞ্চলিক স্বায়ত্তশাসন দাবী কৰাৰ লগতে কেন্দ্ৰ ৰাজ্য সম্পর্ক পুনৰ নির্ধাৰণ কৰিব বিচাৰে । এই কথাই শিখসকলৰ আকাংক্ষাৰ কথাক বুজায় আৰু শিখসকলৰ আধিপত্য বিস্তাৰৰ লক্ষ্যত উপনীত হােৱা ইচ্ছাক বুজায় । এই প্রস্তাৱেৰে ‘ যুক্তৰাষ্ট্ৰীয়বাদক শক্তিশালী কৰিব বিচৰা হৈছিল আৰু লগতে পৃথক শিখ ৰাজ্য বিচৰাৰ ভাও কৰিছিল । 

এইপ্ৰস্তাৱৰ দ্বাৰা শিখসকলে বিচ্ছিন্নতাবাদী মনােভাবেৰে কাম আৰম্ভ কৰি এখন সুকীয়া শিখ ৰাজ্য সৃষ্টিৰ দিহা কৰিছিল আৰু খালিস্তান নাম দিছিল । এইবাবেই আনন্দপুৰ চাহিব প্রস্তাৱ এক বিতর্কিত প্ৰস্তাৱ আছিল । 

প্রশ্ন ৬। জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ আভ্যন্তৰীণ বিভাগ কেইটা ব্যাখ্যা কৰা আৰু বর্ণনা দিয়া , কিদৰে ৰাজ্যখনত বহু আঞ্চলিক আকাংক্ষাক পথ দেখুৱাইছে । 

উত্তৰঃ ভাৰতৰ অঙ্গ ৰাজ্য জম্মু আৰু কাশ্মীৰে তিনিটা সামাজিক আৰু ৰাজনৈতিক অঞ্চল আগুৰি আছে । এই তিনিটা অঞ্চল হল— 

১। জম্মু , ২। কাশ্মীৰ আৰু ৩। লাখ ।

১। কাশ্মীৰ :- অঞ্চলৰ মূল কেন্দ্রভূমি হল কাশ্মীৰ উপত্যকা ; ইয়াৰ জনসাধাৰণে কাশ্মীৰি ভাষা কয় ; আৰু প্ৰায় ভাগ লােক ইছলাম ধৰ্মাৱলম্বী । ইয়াত কিছুসংখ্যক কাশ্মীৰি ভাষা কোৱা হিন্দু ধর্মাৱলম্বী লােকো আছে । তেওঁলােক সংখ্যালঘিষ্ট ।

২। জম্মু :- জম্মু অঞ্চলটো পাহাৰৰ নামনি আৰু সমভূমি দুয়ােটাৰে সংমিশ্ৰিত অঞ্চল । এই অঞ্চলত হিন্দু , মুছলিম , শিখ আদি জাতিৰ লােক বসবাস কৰে । এওঁলােক বিভিন্ন ভাষা – ভাষী লােক । 

৩। লাডাখ :- এইটো পার্বত্য অঞ্চল , ইয়াৰ জনসংখ্যা কম । এই লােকসকলৰ আধা বৌদ্ধ ধর্মীয় আৰু বাকী আধাসংখ্যক মুছলমান ধর্মীয় লােক । 

ভাৰতৰ কাশ্মীৰ সমস্যা , ভাৰত – পাকিস্তানৰ মাজৰ কেৱল বিবাদেই নহয় , ইয়াৰ এটা আভ্যন্তৰীণ আৰু বাহ্যিক গুৰুত্বও আছে । ই কাশ্মীৰি পৰিচয়ৰ অস্তিত্ব ৰক্ষা কৰি আছে । ইয়াক কাশ্মীৰিয়াচ বুলি জনা যায় ; আৰু তেওঁলােকৰ অর্থাৎ জম্মু – কাশ্মীৰৰ লােকসকলৰ ৰাজনৈতিক স্বায়ত্ত্ব শাসনৰ বাবে আকাংক্ষাও আছে । 

প্রশ্ন ৭। পাঞ্জাৱ চুক্তিৰ মূল বিধানবােৰ কি আছিল ? পাঞ্জাৱ আৰু ইয়াৰ ওচৰ চুবুৰীয়া ৰাজ্যসমূহৰ মাজত পুনৰ বিবাদ সৃষ্টিৰ ক্ষেত্ৰত ই কিদৰে এটা ভিত্তি হ’ব পাৰে ? 

উত্তৰঃ ১৯৮৫ চনৰ ২৪ জুলাইত ৰাজীৱ গান্ধী আৰ আকালি দলৰ সভাপতি হৰছাক সিং লংগােৱালৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয় । ইয়াকে পাঞ্জাৱ চুক্তি বােলে । এই চুক্তিৰ প্রধান বিষয়বােৰ আছিল— 

( ক ) চণ্ডীগড় পাঞ্জাবলৈ হস্তান্তৰিত কৰা হ’ব । 

( খ ) পাঞ্জাৱ আৰু হাৰিয়াণাৰ মাজত সীমা বিবাদ নিষ্পত্তি কৰিবলৈ এখন আয়ােগ গঠন কৰা হব । 

( গ ) ৰবি – বিয়াছ নদীৰ পানী ভগােৱাৰ বাবে এখনি ট্রিবিউনেল গঠন কৰা হ’ব ।

( ঘ ) পাঞ্জাৱৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিল কৰা ৷ 

( ঙ ) সন্ত্রাসবাদীৰ দ্বাৰা ক্ষতিগ্রস্তসকলক উন্নত সুবিধা প্রদান কৰা হ’ব । 

অৱশ্যে এই চুক্তিয়ে পাঞ্জাৱত শান্তিৰ বাট মুকলি কৰিছিল যদিও চুবুৰীয়া ৰাজ্যবােৰৰ সৈতে থকা মতানৈক্য দূৰীকৰণ কৰিবলৈ সফল হােৱা নাই । ববি বিয়াছ নদীৰ পানী ভাগ কত পাঞ্জাব , হাৰিয়াণা আৰু ৰাজস্থান এতিয়াও একমত হ’ব পৰা নাই ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top
adplus-dvertising