Class 12 Political Science Chapter – 17 আঞ্চলিক আকাংক্ষাবোৰ

Class 12 Political Science Chapter – 17 আঞ্চলিক আকাংক্ষাবোৰ answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 17 আঞ্চলিক আকাংক্ষাবোৰ and select needs one.

Class 12 Political Science Chapter – 17 আঞ্চলিক আকাংক্ষাবোৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 17 আঞ্চলিক আকাংক্ষাবোৰ Solutions for All Subject, You can practice these here.

আঞ্চলিক আকাংক্ষাবোৰ

পাঠ: ৮

দ্বিতীয় খণ্ড

১। ভাৰত আৰু পাকিস্তানৰ মাজৰ কোনটো বিষয়ক সদায় প্রধান বিষয় হিচাপে বােধ হয় ? 

উত্তৰঃ জম্মু আৰু কাশ্মীৰৰ বিষয়টো। 

২। হৰি সিং কোন আছিল ? 

উত্তৰঃ হৰি সিং আছিল দেশ বিভাজনৰ সময়ত কাশ্মীৰৰ মহাৰজা। 

৩। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক বিস্তৰ স্বায়ত্ততা প্রদান কৰে। 

উত্তৰঃ ৩৭০ নং অনুচ্ছেদে। 

৪। তাৰা সিং কোন আছিল ? 

উত্তৰঃ পঞ্জাবৰ এজন শিখ ধর্মীয় ৰাজনৈতিক নেতা।

৫। পঞ্জাৱত আকালি দল কোন চনত গঠন কৰা হৈছিল ? 

উত্তৰঃ ১৯২০ চনত। 

৬। MNF ৰ পূৰ্ণ ৰূপটো লিখা। 

উত্তৰঃ Mizo National Front. 

৭। লালডেংগা কোন আছিল ? 

উত্তৰঃ লালডেংগা আছিল মিজো ৰাষ্ট্ৰীয়তাবাদী ফ্রণ্টৰ নেতা। 

৮। বিদেশী বিষয়ক লৈ অসমত আন্দোলন কেতিয়া আৰম্ভ হৈছিল ? 

উত্তৰঃ ১৯৭৯ চনত। 

৯। AGP কোন ৰাজ্যৰ ? 

উত্তৰঃ অসমৰ।

১০। কোন চনত, গােৱা ভাৰতৰ এখন ৰাজ্য হিচাপে চামিল হৈছিল ? 

উত্তৰঃ ১৯৮৭ চনত। 

১১। প্রধানমন্ত্রী ইন্দিৰা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল ? 

উত্তৰঃ ১৯৮৪ চনত। 

১২। নগা নেচনেল কাউন্সিলৰ নায়ক কোন আছিল ? 

উত্তৰঃ এ . জে . ফিজো। 

১৩। আনন্দপুৰ চাহিব প্ৰস্তাৱ কেতিয়া গৃহীত হৈছিল ? 

উত্তৰঃ ১৯৭৩ চনত। 

১৪। ভাৰত চৰকাৰে কেতিয়া অপাৰেচন ব্লু ষ্টাৰ চলাইছিল ? 

উত্তৰঃ ১৯৮৪ চনত। 

১৫। ছিকিমত প্রথম বিধানসভা নির্বাচন কেতিয়া হৈছিল ? 

উত্তৰঃ ১৯৭৪ চনত। 

১৬। MG ৰ পূৰ্ণ ৰূপটো কি ? 

উত্তৰঃ Maharastrabadi Gomontak Party. 

১৭। ছিকিম কেতিয়া ভাৰতৰ সৈতে চামিল হৈছিল ? 

উত্তৰঃ ১৯৭৫ চনত। 

১৮। AASU পূর্ণ ৰূপটো লিখা। 

উত্তৰঃ All Assam Student Union. 

১৯। নেচনেল কনফাৰেন্স কেতিয়া গঠিত হৈছিল ? 

উত্তৰঃ ১৯৩৯ চনত।

২০। কোনখন ৰাজ্যত অসম গণ পৰিষদ সক্রিয় ? 

উত্তৰঃ অসমত। 

২১। তেলুগু দেশমৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল ? 

উত্তৰঃ এন , টি , ৰামাৰাও। 

২২। কোনটো বছৰত নগালেণ্ড ৰাজ্য গঠন  হৈছিল ? 

উত্তৰঃ ১৯৬৩ চনত। 

২৩। সাতভনী বুলিলে কি বুজা ? 

উত্তৰঃ ভাৰতবৰ্ষৰ উত্তৰ – পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যক একেলগে সাতভনী বুলি কোৱা হয়। 

২৪। আঞ্চলিকতাবাদৰ সৃষ্টি কৰা যিকোনাে এটা কাৰক উল্লেখ কৰা।

উত্তৰঃ (ক) কেন্দ্রীয় চৰকাৰৰ ৰাজ্যবিলাকলৈ গ্ৰহণ কৰা বৈষম্যমূলক নীতি। 

২৫। খালী ঠাই পূৰণ কৰা –

(ক) ছিকিম ভাৰতৰ …………ৰাজ্য হৈছিল। 

উত্তৰঃ ২২ তম্ ৰাজ্য। 

(খ) উত্তৰ – পূৰ্বাঞ্চলৰ পুনৰ গঠন সম্পূর্ণ হৈছিল………….চনত। 

উত্তৰঃ ১৯৭২ চনত। 

(গ) অনুচ্ছেদ …………এ জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা দিছে। 

উত্তৰঃ ৩৭০ নং অনুচ্ছেদ। 

চমু প্রশ্নোত্তৰঃ

১। আঞ্চলিকতাবাদ বুলিলে কি বুজা ? 

উত্তৰঃ আঞ্চলিকতাবাদ হ’ল কোনাে এটা নির্দিষ্ট অঞ্চলত বসবাস কৰা জনসাধাৰণৰ মনােভাৱ যিটোৱে তেওঁলােকক অর্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক ক্ষমতা বৃদ্ধিৰ বাবে উৎসাহিত কৰে। এই উৎসাহ আৰু উদ্দীপনা জাগৰিত কৰে অঞ্চলটোৰ ভৌগােলিক পৰিবেশ, সামাজিক আৰু অর্থনৈতিক কাৰকতাই।

২। আঞ্চলিকতাবাদ গঢ়ি উঠাৰ তিনিটা উপাদান (কাৰক) উল্লেখ কৰা। 

উত্তৰঃ উপাদান তিনিটা –

(ক) ভৌগােলিক নিৰৱচ্ছিন্নতা।

(খ) উমৈহতীয়া সংস্কৃতি।

(গ) উমৈহতীয়া ভাষা। 

৩। উত্তৰ – পূবৰ সাতখন ৰাজ্যৰ নাম লিখা। 

উত্তৰঃ ১। অসম।

২। মেঘালয়। 

৩। অৰুণাচল প্রদেশ। 

৪। নগালেণ্ড। 

৫। মণিপুৰ।

৬ । মিজোৰাম।

৭। ত্রিপুৰা।

৪। সীমান্ত – অতিক্রমি সন্ত্রাসবাদ কি ? 

উত্তৰঃ যেতিয়া এখন দেশৰ সন্ত্রাসবাদীয়ে আন এখন দেশৰ সীমা পাৰ হৈ গৈ অপৰাধ কার্যকৰী কৰে তাকে সীমান্ত অতিক্রমি সন্ত্রাসবাদ বােলে। 

৫। লালডেংগা কোন ? 

উত্তৰঃ লালডেংগা আছিল মিজোৰাম ৰাষ্ট্ৰীয় ফ্ৰণ্টৰ প্ৰতিষ্ঠাপক নেতা। ১৯৫৭ চনত এজন বিপ্লবী নেতা হিচাপে পৰিগণিত হয়। তেওঁ প্রায় দুটা দশক ভাৰত চৰকাৰৰ লগত সংঘর্ষত লিপ্ত থাকে। পিছত প্রধান মন্ত্রী ৰাজীৱ গান্ধীৰ লগত চুক্তি কৰি মিজোৰাম ৰাজ্য গঠন হােৱাত তেওঁ মিজোৰামৰ মুখ্যমন্ত্ৰী হৈছিল। তেওঁৰ ১৯৯০ চনত মৃত্যু হৈছে। 

৬। অপাৰেচন ব্লু ষ্টাৰ কি ? 

উত্তৰঃ পঞ্জাৱৰ আকালি দলৰ কিছুমান সন্ত্রাসবাদীয়ে বিচ্ছিন্নতাবাদী মনােভাৱেৰে সুকীয়া ৰাজ্যৰ দাবী কৰি অমৃতসৰৰ স্বর্ণ মন্দিৰ দখল কৰি লৈ তাকে মুখ্য কার্যালয় কৰি সংঘৰ্য আৰম্ভ কৰিছিল। তেতিয়া ভাৰত চৰকাৰে ১৯৮৪ চনত এই সন্ত্রাসবাদী দলটোৰ বিৰুদ্ধে সামৰিক অভিযান এটা চলাব লগা হৈছিল। এই অভিযানকে অপাৰেচন  ব্লু ষ্টাৰ বােলে। এই অভিযানে সন্ত্রাসবাদীসকলক মন্দিৰৰ পৰা বিতাৰিত কৰি ইয়াক মুক্ত কৰে।

৭। ভাৰতৰ চাৰিটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। 

উত্তৰঃ ১। আকালি দল।

২। তেলেগু দেশম।

৩। অসম গণ পৰিষদ।

৪। ডি , এম , কে।  

৮। ভাৰতত আঞ্চলিকতাবাদৰ গুৰুত্ব আৰু উৎপত্তিৰ দুটা কাৰণ লিখা। 

উত্তৰঃ (১) কেন্দ্রীয় চৰকাৰৰ বৈষম্যমূলকনীতিৰ বাবে। 

(২) অনুন্নত পিচপৰা অঞ্চলক চৰকাৰে গুৰুত্ব নিদিয়া বাবে। 

৯। আঞ্চলিকতাবাদী আন্দোলন নিৰাময় কৰাৰ বাবে তিনিটা পৰামর্শ দিয়া। 

উত্তৰঃ আঞ্চলিকতাবাদী আন্দোলন ভাৰতৰ সংহতিৰ বাবে এক সাংঘাতিক সমস্যা। 

ইয়াক নিৰাময় কৰাৰ বাবে তলত দুটা পৰামৰ্শ আগবঢ়োৱা হ’ল— 

১। সকলাে অঞ্চলতে সমভাবে অর্থনৈতিক উন্নতি কৰা উচিত। 

২। ভাষা আৰু সংস্কৃতিৰ সকলাে সমস্যাত অধিক গুৰুত্ব দিব লাগে। ইয়াক কাৰৰ ওপৰত জাপি দিব নালাগে। 

৩। সকলাে সমস্যা আলােচনাৰ মাধ্যমেৰে মীমাংসা কৰিব লাগে। এৰাধৰা সমস্যা সমাধানৰ মূল উপায়। 

১০। স্বাধীনতাৰ পূর্বে মুছলীম লীগে দ্বি – জাতি তত্ত্বৰ পােষকতা কৰিছিল। এই তত্ত্বত অন্তর্ভুক্ত কৰা ৰাষ্ট্ৰ দুখন কি আছিল ? 

উত্তৰঃ (১) পাকিস্তান। আৰু 

(২) ভাৰতবর্ষ (হিন্দুস্তান)।

১১। হৰি সিং কোন আছিল ? 

উত্তৰঃ হৰি সিং জম্মু – কাশ্মীৰৰ ৰজা আছিল। তেওঁ মুছলিম প্রধান জম্মু – কাশ্মীৰ ৰাজ্যখনৰ হিন্দু ৰজা। বংশানুক্রমে হিন্দু ৰাজপৰিয়ালটোৱে ৰাজ্যখন শাসন কৰি আহিছে। তেওঁ ভাৰত বা পাকিস্তান কোনাে এখন ৰাজ্যতে অন্তর্ভুক্ত নহৈ স্বাধীন ৰাজ্য হিচাপে চলিব খুজিছিল। কিন্তু পাকিস্তানে আক্রমণ কৰাত তেওঁ ভাৰতৰ সহায় বিচাৰি ভাৰতত অন্তর্ভুক্তি চুক্তিত স্বাক্ষৰ কৰিছিল। 

১২। জম্মু কাশ্মীৰৰ বিশেষ সম্মানৰ যিকোনাে দুটা ব্যবস্থা উল্লেখ কৰা।

উত্তৰঃ জম্মু – কাশ্মীৰক প্ৰদান কৰা বিশেষ সংবিধানিক মর্যাদাটি হ’ল— 

(১) সংবিধানৰ ৩৭০ অনুচ্ছেদ মতে ৰাজ্যখনৰ নিজা সংবিধান থাকিব। 

(২) ভাৰতৰ আন সংযুক্ত ৰাজ্যৰ শাৰীত নাথাকে। ই ভাৰতৰ একত্রিত ৰাজ্য নহয়।

দীঘল প্ৰশ্নোত্তৰঃ 

১। ভাৰতৰ ৰাজনীতিত আঞ্চলিকতাবাদ উৎপত্তিৰ চাৰিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ ৰাজনীতিত আঞ্চলিকতাবাদৰ উৎপত্তিৰ চাৰিটা কাৰণ তলত উল্লেখ কৰা হল –

(i) কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা: ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো অংগৰাজ্যসমূহৰ প্ৰতি সমভাৱ প্রদান কৰা দেখা নাযায়। অর্থাৎ কিছুমান ৰাজা বা অঞ্চলক অৱহেলাৰ চকুৰে দেখা যায়। ফল স্বৰূপে এনে অৱহেলিত ৰজা বা অঞ্চলসমূহে নিজৰ প্রাপ্য আদায়ৰ বাবে আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা দেখা যায়। 

(ii) কেন্দ্রীয়কৰণৰ প্ৰৱণতা: কেন্দ্রীয় চৰকাৰৰ অধিক কেন্দ্ৰীয়কৰণৰ প্ৰৱণতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কর্তৃত্ব লাভৰ চেষ্টাও বহু সময়ত আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ কাৰণ হৈ পৰে।

(iii) ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্রীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা: ৰাষ্ট্ৰীয় দলত থকা কিছুমান ৰাজ্যিক নেতাই ৰাজ্যৰ সমস্যা ৰাজি সংসদ বা ৰাষ্ট্ৰীয় পৰ্যায়ত ভালদৰে উত্থাপন কৰিব নোৱাৰে। ফলত তেনে ৰাজ্য বা অঞ্চলৰ সমস্যাসমূহ সমস্যা হৈয়ে ৰয়। ইয়াৰ পৰিনতি মানুহৰ মনত তেনে নেতাৰ প্রতি আস্থা নোহোৱা হয়। ফলশ্রুতিত কিছুমান নেতৃত্ব স্থানীয় লোকে মিলি আঞ্চলিক দলৰ জন্ম দিছে।

(ⅳ) ভৌগলিক অৱস্থান: ভৌগলিকভাবে কিছু পৃথক অঞ্চলত সহজে আঞ্চলিকতাবাদী ধাৰণাই গা কৰি উঠে আৰু এনে মানসিকতাই এটা সময়ত আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম দিয়ে।

২। ভাৰতৰ উত্তৰ-পূৱ অঞ্চলৰ স্বতন্ত্রতাৰ দাবীৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ স্বাধীনতাৰ পিছৰে পৰা উত্তৰ-পূৰ্বাঞ্চলত স্বতন্ত্ৰতাৰ দাবী উত্থাপন হোৱা দেখা যায়। বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ উত্তৰ-পূৰ্বাঞ্চলত বিভিন্ন সময়ত এই জাতি-জনগোষ্ঠীসমূহে নিজৰ স্বকীয়তা বজায় ৰাখিবৰ কাৰণে স্বতন্ত্ৰতাৰ দাবী উত্থাপন কৰি আহিছে। তাৰোপৰি কেন্দ্ৰৰ অৱহেলা, ইয়াৰ প্ৰাকৃতিক সম্পদৰ ওপৰত কেন্দ্ৰৰ অত্যাধিক প্ৰভাৱ বিস্তাৰ, দৰিদ্ৰতা, অনগ্ৰসৰতা আদি বিভিন্ন কাৰণত ইয়াত স্বতন্ত্ৰতাৰ দাবী উত্থাপিত হৈ আহিছে। 

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিচ্ছিন্নতাবাদী আন্দোৱনসমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল:

(i) নাগালেণ্ড: উত্তৰ পূৰ্বাঞ্চলত বিচ্ছিন্নতাবাদী আন্দোলনৰ বাটকটীয়া আছিল নগাসকল। 1946 চনত এ.জে. ফিজৰ নেতৃত্বত গঢ়ি উঠা Naga National Council ৰ সংযোগত নগা সকলৰ সাৰ্বভৌমত্বৰ দাবীত সশস্ত্র বিপ্লৱৰ দাবী উত্থাপন কৰে। ভাৰত চৰকাৰে ফিজোক আন্দোলনৰ বাবে মাতিছিল যদিও তেওঁ ইয়াক প্রত্যাখ্যান কৰিছিল। পিছলৈ 1975 চনৰ 11 নৱেম্বৰ তাৰিখে Naga Nationalist Council আৰু ভাৰত চৰকাৰৰ মাজত শ্বিলং চুক্তি সম্পাদিত হয়। কিন্তু এই চুক্তিক অস্বীকাৰ কৰি ইছাক ছি ছি. Shu এছ. এছ খাপলাং, থুইংগালেং মুইজৰৰ নেতৃত্বত 1980 চনত National Socialist Council of Nagaland (NSCN) নামৰ সশস্ত্ৰ সংগঠন এটাৰ জন্ম হয়। পিছলৈ 19৪৪ চনত ইয়াৰ বিভাজন ঘটি NSCN (TM) আৰু NSCN (K) দুটা গোটত পৰিণত হয়। দুয়োটা সংগঠনেই স্বাধীন নগা জাতিৰ গঠনৰ বাবে বিদ্রোহ চলাই আহিছে। সম্প্রতি দুয়োটা গোট শান্তি আন্দোলনত অংশগ্ৰহণ কৰিছে।

(ii) মিজোৰাম: 1959 চনত মিজো পাহাৰত দুর্ভিক্ষ হয় আৰু ইয়াক মোকাবিলা কৰাত অসম চৰকাৰ সম্পূৰ্ণ ব্যর্থ হয়। 1961 চনত Mizo Nationalist Front গঠন কৰা হয়। M NE য়ে মিজোৰামৰ স্বতন্ত্ৰতাৰ দাবীত স্বতন্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰে। মিজো বিদ্রোহীসকলে পাকিস্তানৰ পৰাও সাহায্য লাভ কৰিছিল। প্ৰায় দুই দশক ধৰি মিজো বিদ্রোহী আৰু ভাৰতীয় সেনাৰ মাজত সশস্ত্র বিদ্রোহ চলি আছিল। অৱশেষত M.N/ আক ভাৰত চৰকাৰৰ মাজত শান্তি চুক্তি হয় আৰু 1987 চনত মিস্তোৰামে পূৰ্ণ ৰাজ্যৰ মর্যাদা লাভ কৰে।

(iii) অসম 1979 চনত সংযুক্ত যুক্ত বাহিনী, অসম (UL/A) নামেৰে অসমৰ এটা সশস্ত্র সংগঠনৰ জন্ম হয়। ইয়াৰ মুখ্য উদ্দেশ্য আছিল অসমক ভাৰতৰ অৰ্থনৈতিক শোষণৰ পৰা মুক্ত কৰি স্বাধীন অসম প্রতিষ্ঠা কৰা।

1980 চনত ই যথেষ্ট শক্তিশালী হৈ পৰে আৰু হিংসাত্মক কার্যকলাপ কৰিবলৈ আৰম্ভ কৰে। ১৬৪ চনত তেতিয়াৰ প্ৰধানমন্ত্রী হিতেশ্বৰ শইকীয়াৰ দিনত ইয়াৰ বহুতো সদস্যই আত্মসমর্পন কৰাত ই কিছু দুর্বল হৈ পৰে। পিছলৈ ইয়াৰ বহুতো নেতাই ভাৰত চৰকাৰৰ লগত আলোচনাও মিলিত হয় যদিও ইয়াৰ সেনাপ্রধান পৰেশ কৰুৱা পন্থীৰ এনি গোটে এতিয়াও সশস্ত্র সংগ্রাম অব্যাহত ৰাখিছে।

৩। কাশ্মীৰৰ সমস্যাৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ স্বাধীনতাৰ আগৰে পৰাই কাশ্মীৰ বিষয়টোৰে বিবাদৰ সৃষ্টি কৰি আহিছে। স্বাধীনাতাৰ সময়ত কাশ্মীৰৰ ৰজা আছিল হৰি সিং। ৰজাজন হিন্দু হোৱাৰ বিপৰীতে ইয়াৰ গৰিষ্ঠসংখ্যক লোক মুছলমান সম্পরদায়ৰ আছিল আৰু সেয়েহে কাশ্মীৰ পাকিস্তানৰ অংশ হব লাগে বুলি পাকিস্তানে দাবী উত্থাপন কৰিছিল। তাৰ বিপৰীতে ৰজা হৰি শিং যে ভাৰত নাইবা পাকিস্তান কাৰো লগতে চামিল হ’ব বিচৰা নাছিল। তেওঁ কাশ্মীৰৰ স্বাধীনতা যতাই ৰাখিব যুজিছিল। কিন্তু পাকিস্তানে জম্মু কাশশ্মীৰন এই স্বাধীন স্থিতিক মানি লব নিবিছাৰিলে। 1947 চনৰ অক্টোবৰ মাহত কাশ্মীৰ সীমান্তত বসবাস কৰা জনজাতীয় লোকসকলক মৰণাস্ত্ৰৰে সজ্জিত কৰি কাশ্মীৰ দখল কৰিবলৈ পাকিস্তানে পঠিয়ায়। উপায়হীন হৈ মহাৰাজ হৰি সিঙে ভাৰ ত ৰ সহায় বিচাৰিছিল। চামিলকৰণৰ চুক্তিত স্বাক্ষৰ কৰাৰ পাছত হে ভাৰতে হৰি সিঙক সহায়ৰ হাত আগঢ়াইছিল আৰু জনজাতীয় আক্ৰমণকাৰী সকলকৰ পৰা যদিও কাশ্মিৰ যুক্ত কৰা হৈছিল তথাপি কাশ্মীৰৰ কিছু অংশ আক্রমণকাৰীসকলৰ হাতত/দখলত থাকি যায়।

পাকিস্তানে ইয়াক আজাদ কাশ্মীৰ আখ্যা দিয়ে, যি এতিয়াও ভাৰত পাকিস্তানৰ মাজত এক বিবাদমান বিষয় হৈ আছে।

1990 দশকৰ পৰা কাশ্মীৰত বিছিন্নতাবাদী আন্দোলনে গা কাই উঠে। কাশ্মীৰ সমস্যাই দিনে দিনে অধিক জটিল ৰূপ ধাৰণ কৰি আহিছে। ই ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰো সূচনা কৰিছে। ই ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাতো স্থান পাইছে। এই দুয়োখন দেশে এই সমস্যা সমাধানৰ বাবে চেষ্টা কৰিছে যদিও ই সফল হ’ব পৰা নাই।

ভাৰতীয় সংবিধানৰ 370 আৰু 371 নং অনুচ্ছেদৰ জৰিয়তে জম্মু- কাশ্মীৰক বিশেষ ৰাস্তাৰ মৰ্থনা প্রদান কৰা হৈছে। ছামিলকৰণৰ চুক্তিত সাক্ষৰ কৰাৰ পাছত জম্মু  আৰু কাশ্মীৰ ভাৰতৰ অংগৰাজ্য হয় আৰু ন্যাচমেল কনফাৰেন্সৰ নেতা শ্বেইখ আব্দুল্লা কাশ্মীৰৰ প্রধানমন্ত্রী হয়। আনহাতে, সংবিধানৰ 370 নং অনুচ্ছেদে প্রদান কৰা বিশেষ ৰাজ্যৰ মৰ্যদা কাশ্মীৰ সমস্যাক এক জটিলায় প্রদান কৰিছে। কাশ্মীৰৰ বাহিৰত এটা গোটে ক’ব খোজে যে ১১০ নং অনুচ্ছেদে কাশ্মীৰক ভাৰতৰ অবিভাজ্য অংগ হিচাপে গ্রহণ কৰাত বাধা প্রদান কৰিছে গতিকে সংবিধানৰ ১১০ নং অনুচ্ছেদ বাতিল কৰিব লাগে। আনহাতে, কাশ্মীৰক জনসাধাৰণে ১২০ নং অনুচ্ছেদে প্রদান কৰা বিশেষ ৰাজাৰ মর্যদা অনুসৰি অধিক স্বায়ত্ব শাসনৰ দাবী কৰে। কিন্তু যোৱা 2018 চনত ভাৰত চৰকাৰৰ এক সিদ্ধান্তমর্মে জম্মু কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰা হয় আৰু জম্মু-কাশ্মীৰ দুটা ভাগত ভাগ কৰি কেন্দ্রীয় শাসিত অঞ্চলৰ মর্যাদা প্রদান কৰা হৈছে।

৪। অসম চুক্তি আছিল সাংস্কৃতিক গৌৰৱ আৰু অর্থনৈতিক অনগ্ৰসৰতাৰ সংমিশ্রণ। ব্যাখ্যা কৰা।

নাইবা

অসম চুক্তিৰ ওপৰত এটি টোকা লিখা।

নাইবা

অসমৰ ছাত্র আন্দোলনৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ স্বাধীন ভাৰতত গঢ়ি উঠা আন্দোলন সমূহৰ ভিতৰত অসম আন্দোলন আছিল অন্যতম। এই আন্দোলনৰ নেতৃত্ব বহন কৰিছিল অসমৰ ছাত্র সমাজে। এই আন্দোলনত অসমীয়া জনসাধাৰণৰ আঞ্চলিক ৰাজনৈতিক প্রত্যাশা শক্তিশালীভাবে প্রতিফলিত কৰা হৈছিল।

1979 চনত সদৌ অসম ছাত্র সন্থা (AASU) ই কোনো ৰাজনৈতিক দলৰ সৈতে নথকা ছাত্র সংগঠন, এক বিদেশীবিৰোধী আন্দোলন আৰম্ভ কৰে। আন্দোনলটো বে-আইনী অনুপ্রবেশ, বেঙ্গলী আৰু আন বহিৰাগত আৰু ত্রুটিপূর্ণ ভোটাৰ অলিকা যত লাখ লাখ অণুপ্রবেশ নাম আছিল আৰু বিৰুদ্ধে হৈছিল। আন্দোলনটোৱে 1951 চনৰ পাছত অহা সকলো বহিৰাগতক খেদাৰ দাবী কৰিছিল। আন্দোলনটোরে বহুতো নতুন পদ্ধতি লৈছিল আৰু ৰাজ্যজুৰি সকলো শ্ৰেণীৰ লোকৰ পৰা জনসমর্থন লাভ কৰিছিল। ই সম্পত্তি হেৰুৱা আৰু জীৱন হেৰুৱাৰ দৰে হিংসাত্মক আৰু দুখজনক ঘটনাক সামৰি লৈছিল। আন্দোলনটোৱে ৰেল বন্ধ আৰু অসমৰ পৰা বিহাৰৰ শোধনাগাৰলৈ তেল নিয়াত বাধা জনাইছিল।

ছয় বছৰৰ পৰিশ্ৰমৰ পাছত 1985 চনত ৰাজীৱ গান্ধীৰ চৰকাৰ আৰু AASU-ৰ নেতাসকলৰ মাজত আন্দোলনৰে অসম চুক্তি স্বাক্ষৰিত হয়। চুক্তি মতে বাংলাদেশৰ যুদ্ধৰ সময়ত অসমলৈ অহা বিদেশীসকলক চিনাক্ত কৰি বহিষ্কাৰ কৰিব লাগে। আন্দোলনৰ সমুলি সামৰণিৰ পিছত AASU আৰু অসম গণ সংগ্রাম পৰিষদে নিজকে অসম গণ পৰিষদ নামেৰে সংবদ্ধ কৰিলে। সোণৰ অসম গড়া আৰু বিদেশীৰ সমস্যা সমাধানৰ প্রতিজ্ঞাৰে 1985 চনত ই ক্ষমতালৈ আহে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top