Class 12 Political Science Chapter – 16 গণ আন্দোলনৰ অভ্যুত্থান

Class 12 Political Science Chapter – 16 গণ আন্দোলনৰ অভ্যুত্থান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 16 গণ আন্দোলনৰ অভ্যুত্থান and select needs one.

Class 12 Political Science Chapter – 16 গণ আন্দোলনৰ অভ্যুত্থান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 16 গণ আন্দোলনৰ অভ্যুত্থান Solutions for All Subject, You can practice these here.

গণ আন্দোলনৰ অভ্যুত্থান

পাঠ: ৭

দ্বিতীয় খণ্ড

1. সামাজিক আন্দোলন বুলিলে কি বুজা? সামাজিক আন্দোলন আৰু ৰাজনৈতিক আন্দোলন মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ যি আন্দোলন গণতান্ত্ৰিক ভাৱে দেশৰ সকলো জনসাধাৰণৰ অংশগ্ৰহণৰ লগতে সকলোৰে স্বাৰ্থ সুৰক্ষিত কৰাত গুৰুত্ব প্ৰদান কৰে, তেনে আন্দোলনক সামাজিক আন্দোলন বোলা হয়। দেশৰ অৱহেলিত উপেক্ষিত তথা শোষিত লোকৰ স্বাৰ্থ ৰক্ষাৰ বাবে এনে আন্দোলন গঢ়ি উঠে।

সামাজিক আন্দোলন আৰু ৰাজনৈতিক আন্দোলনৰ মাজৰ পাৰ্থক্য তলত উল্লেখ কৰা হল—

(i) সামাজিক আন্দোলনৰ জৰিয়তে সামাজিক সমস্যা সমূহ সমাধান অথবা সমাজৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ প্ৰতিবাদী কাৰ্য সূচী গ্ৰহণ কৰা হয়। আনহাতে, ৰাজনৈতিক আন্দোলনৰ জৰিয়তে ৰাজনৈতিক মুনাফা আদায় কৰা হয়।

(ii) সামাজিক আন্দোলন নিৰ্বাচনক কেন্দ্ৰ কৰি গঢ়ি নুঠে। ই জনগণৰ স্বাৰ্থ ৰক্ষাৰ বাবেহে গঢ়ি উঠে।

আনহাতে ৰাজনৈতিক আন্দোলন নিৰ্বাচনক কেন্দ্ৰ কৰি গঢ়ি উঠে আৰু চৰকাৰৰ দ্বাৰা জনগণৰ স্বাৰ্থৰ বাবে কাম কৰে। 

(iii) সামাজিক আন্দোলনে ইয়াৰ দাবীসমূহ কোনো ৰাজনৈতিক দলৰ জৰিয়তে পূৰণ কৰাৰ পৰিবৰ্তে জনগণৰ দ্বাৰা সবল জনমত গঠন কৰি দাবীসমূহ পূৰণ কৰে। আনহাতে ৰাজনৈতিক দলৰ জৰিয়তে পূৰণ কৰাৰ চেষ্টা কৰে।

(iv) সামাজিক আন্দোলনে, সামাজিক সাংস্কৃতিক আৰু অৰ্থনৈতিক চৰিত্ৰৰ উপৰত গুৰুত্ব প্ৰদান কৰে। আনহাতে, ৰাজনৈতিক আন্দোলনে উল্লেখিত দিশসমূহ বাহিৰত দলীয় চৰিত্ৰৰ উপৰত গুৰুত্ব প্ৰদান কৰে।

2. নাম দেও ধাছাল কোন  আছিল? শ্ৰেনী সংগ্রামৰ বিষয়ে লিখা।

উত্তৰঃ নাম দেও ধাছাল ভাৰতৰ দলীত সম্প্ৰদায়ৰ সপক্ষে মাতা এগৰাকী মাৰাঠী বিপ্লৱী কবি আছিল। হিন্দু ব্যৱস্থাৰে উচ্চ জাতিৰ প্ৰধান্যতা আৰু উৎপিৰণৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিবলৈ ধাছাল-এ উৎসাহ যোগাইছিল।

শ্ৰেণী সংগ্ৰাম হ’ল ধনী আৰু দুখীয়া তথা মালিক আৰু শ্ৰমিকৰ মাজত দেখা দিয়া দুই পক্ষীয় সংগ্ৰাম। মালিকসকলে শ্ৰমিকসকলক  শোষণ কৰা আৰু এই শোষণৰ পৰা মুক্তি পাবলৈ শ্ৰমিক সকলে এক গোট হৈ ইয়াৰ বিৰুদ্ধে সংগ্ৰাম গঢ়ি তোলাই এই আন্দোলনৰ মূল উদ্দেশ্য আছিল। হিন্দু ধৰ্মৰ উচ্চ জাতি আৰু নিম্নজাতিৰ মাজত হোৱা সংঘাই আছিল শ্ৰেণী সংগ্ৰামৰ অন্যতম কাৰন।

3. জনপ্ৰিয় আন্দোলন বুলিলে কি বুজা?

উত্তৰঃ সামাজিক সমস্যা তথা সমাজৰ বৃহত্তৰ স্বাৰ্থপূৰণৰ বাবে সমাজৰ  অধিকাংশ লোক একত্ৰিকত হৈ গঢ়ি তোলা আন্দোলনকেই জনপ্ৰিয় আন্দোলন বুলি অভিহিত কৰা হয়।

4. চৰ্দাৰ সৰোবৰ প্ৰকল্প কি?

উত্তৰঃ নৰ্মদা আৰু ইয়াৰ উপনদী সমূহত নিৰ্মান কৰিবলৈ লোৱা বিহু মুখি বান্ধ প্ৰকল্পকেই চৰ্দাৰ সৰোবৰ প্ৰকল্প বুলি জনা যায়।

এই প্ৰকল্পৰ জৰিয়তে বৃহৎ জলবিদ্যুৎ উৎপাদনৰ আঁচনি হাতত লোৱা হৈছিল আৰু ইয়াৰ দ্বাৰা ভবিষ্যৎ-এ সম্ভৱনাময় ক্ষতি হোৱাৰ আশংকা আছিল যাৰ বাবে প্ৰতিবাদী সকলে আন্দোলন গঢ়ি তুলিছিল। 

5. দলিত পেন্থাৰচ‌ ( dalit panthers) কোনবোৰ বিষয় উত্থাপন কৰিছিল?

উত্তৰঃ দলিত পেন্থাৰচ‌ হ’ল 1972 চনত মহাৰাষ্ট্ৰত দলিত যুৱক সকলৰ দ্বাৰা গঠিত এটা সশস্ত্ৰ সংগঠন। ভাৰতীয় সংবিধানে সকলকে সমতা আৰু স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰা সত্বেও দলিত সকলে সদায় অন্যায় আৰু অসমতাৰ বলী হ’ব লগীয়া বিষয়টো দলিত পেন্থাৰচ‌য়ে উত্থাপন কৰিছিল। তদুপৰি ভাৰত চৰকাৰে সূচনা কৰা সংৰক্ষা আৰু সামাজিক সেৱাৰ আঁচনি ৰূপায়ণৰ দাবীও দলিত পেন্থাৰচে উত্থাপন কৰিছিল।

6. নৰ্মদা বচাঁও আন্দোলনে কিয়‌ নৰ্মদা উপত্যকাত বান্ধ প্ৰকল্পৰ বিৰোধিতা কৰিছিল? 

উত্তৰঃ মেধা পতেকাৰৰ নেতৃত্বত 1988-1989 চনত নৰ্মদা বচাঁও আন্দোলনে গা কৰি উঠিছিল। বিশেষকৈ এই আন্দোলনে চৰকাৰে হাতত লোৱা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে গ্ৰহণ কৰা সামূহিক প্ৰতিবাদৰ কাৰ্যসূচী তথা আন্দোলন আছিল। মধ্যপ্ৰদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ লোকসকল এই বৃহৎ নদী বান্ধৰ সফল প্ৰায় 245 খন গাওঁ জলময় হোৱাৰ উপৰি হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হোৱাৰ শংকা হৈছিল। মেধা পাটেকাৰে নৰ্মদাৰ আন্দোলনক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে এই নদিবান্ধৰ বিৰুদ্ধে সজাগ হৈ পৰিছে।

7. নৰ্মদা বচাঁও আন্দোলন কি? 

উত্তৰঃ দক্ষিণ ভাৰতৰ নৰ্মদা নদীত নিৰ্মান কৰিবলৈ লোৱা বহুমুখী বান্ধৰ বিৰুদ্ধে গঢ়ি তোলা এক আন্দোলনেই হৈছে নৰ্মদা বঁচাও আন্দোলন। এই বান্ধৰ দ্বাৰা বৃহৎ জলবিদ্যুৎ উৎপাদন আঁচনিৰ দ্বাৰা হ’ব পৰা ক্ষতিক বাধা প্ৰদান কৰিব গঢ়ি তোলা আন্দোলনেই হ’ল এই আন্দোলনআন্দোলনৰ মূল উদ্দেশ্য।

8. চিপকো আন্দোলনৰ তিনিটা বৈশিষ্ট লিখা।

উত্তৰঃ (১) বনাঞ্চল ধ্বংস ৰোধ কৰিবৰ বাবে গঢ়ি উঠা ই এটা পৰিবেশ আন্দোলন আছিল।

(২) পাৰিপাৰ্শ্বিক আৰু অৰ্থনৈতিক শোষণৰ বিষয়বোৰ এই আন্দোলনৰ যোগেদি উত্থাপিত হৈছিল।

(৩) প্ৰাকৃতিক সম্পদৰ ওপৰত স্থানীয় লোকৰ নিয়ন্ত্ৰণ থকা উচিত বুলি আন্দোলন কৰি সকলে সজোৰে দাবী উত্থাপন কৰিছিল।

10. ‘90 ৰ দশকত অন্ধ্ৰপ্ৰদেশত আৰম্ভ হোৱা সুৰা বিৰোধী আন্দোলনটোৰ (Anti- Arrack movement) বিষয়ে চমুকৈ লিখা।

উত্তৰঃ 1990 চনত প্ৰথম ভাগত অন্ধ্ৰপ্ৰদেশৰ নেলোৰ (Nellore) জিলাৰ এখন গাওঁত মহিলাসকলে এৰাক (Arrack) নামৰ সুৰাবিধৰ বিক্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰে। মহিলাসকলে সংগঠিত হৈ তেওঁলোকৰ সেই সুৰাবিধৰ বিক্ৰী বন্ধ কৰিছিল। তেওঁলোকৰ মতে সেই সুৰা বিধৰ বিক্ৰীয়ে মহিলাসকলক বেছিকৈ ক্ষতি কৰিছিল। কাৰণ পৰিয়ালৰ পুৰুষজনে সেই সুৰ সেৱন কৰি মহিলাৰ ওপৰত অত্যাচাৰ কৰাৰ লগতে কাম- বন কৰাৰ পৰাও বিৰত আছিল। এনে অৱস্থাত মহিলাসকলৰ জীৱনলৈ বিপৰ্য্যয় নামি আহিছিল। গতিকে তেওঁলোকৰ অঞ্চলটোক সুৰাৰ আক্ৰান্তৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে সকলো সুৰাৰ দোকান বন্ধ কৰিবলৈ প্ৰবল আন্দোলন গঢ়ি তুলিছিল। ই মূলতঃ সুৰবিৰোধী আন্দোলন আছিল যদিও অন্য কিছমান বিষয়ো পোহৰলৈ আনিছিল। ঘৰুৱা পৰিৱেশত মহিলাৰ নিৰ্যাতন গ্ৰাম্য ঋনগ্ৰস্ততা আদি বিষয়বোৰ এই আন্দোলনৰ সময়তে আলোচিত হৈছিল। মুঠৰ উপৰত ই সুৰাবিৰোধী আন্দোলন হৈ নাথাকি বৃহত্তৰ নাৰী আন্দোলনৰ এক অংশ হৈ পৰিছিল।

11. BKU বুলিলে কি বুজা? তেওঁলোকৰ মূল দাবিবোৰ কি কি আছিল? সাফল্যৰ বাবে তেওঁলোকে কেনেকুৱা কাম- কাজ আৰম্ভ কৰিছিল?

উত্তৰঃ ভাৰতত সাধাৰণ জনগণৰ মাজত বিভিন্ন সময়ত বিভিন্ন সমস্যাক কেন্দ্ৰ কৰি বহুতো আন্দোলন মূৰ দাঙি উঠিছিল। তাৰে ভিতৰত ভাৰতীয় কিসান ইউনিয়ন গঢ়ি তোলা আন্দোলন আছিল অন্যতম। এই আন্দোলন কৃষি- ভিত্তিক সমস্যা সমাধানৰ বাবে ভাৰতীয় কৃষক ইউনিয়ন সংঘ চমুকৈ BKU গঠন কৰা হয়। এই আন্দোলনৰ ভোটতে বিভিন্ন সমাবেশ,ৰ্ধনা, কাৰাগাৰবৰন আদিৰ দৰে প্ৰতিবাদী কাৰ্য সূচী হাতত লোৱা হৈছিল। এটি আনুষ্ঠানিক অনুষ্ঠান হিচাপে ই কৃষিভিত্তিক সমস্যাবলীৰ সমাধানৰ বাবে একত্ৰিত হৈ ওলাই আহিছিল। এক প্ৰভাৱশালী গোষ্ঠীৰ দৰে ই ৰাজনীতিতো নামি পৰিছিল। ভাৰতীয় কিসান ইউনিয়নে চৰকাৰক বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰিছিল। 

সেই সমূহ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি—

(১) কৃষিভিত্তিক বিভিন্ন সমস্যা বলীৰ সমাধানৰ বাবে জনপ্ৰিয় আন্দোলন গঢ়ি তোলা।

(২) বিদ্যুৎ-ৰ নিৰিখ অথবা মূল্য হ্ৰাস কৰা।

(৩) কুঁহিয়াৰ আৰু গাখীৰৰ মূল্য বৃদ্ধি কৰা।

(৪) নলা- নৰ্দমাৰ বাবে পঞ্চাবৰ কৃষক সকলে চৰকাৰক দিবলগীয়া কৰৰ বাতিলকৰণৰ ব্যৱস্থা হাতত লোৱা।

(৫) প্ৰকৃতিক দুৰ্যোগৰ সময়ত পৰ্যাপ্ত চৰকাৰী সাহায্য প্ৰদান কৰা।

(৬) উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ বাবে খেতিত চৰকাৰে দায়িত্ব গ্ৰহণ কৰিব লাগিব বুলি দাবী জনোৱা হৈছিল।

ইয়াৰ উপৰি জাতিভিত্তিক আন্দোলন গঢ়ি তুলি কৃষকসকলৰ সমস্যা সমূহ দূৰ কৰিবলৈ বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছিল এই আন্দোলনত শোভাযাত্ৰা, জনসমাবেশ, ৰ্ধনা,কাৰাগাৰবৰন প্ৰতিবাদী কাৰ্য্যসূচী হাতত লৈ চৰকাৰক দাবী জনাইছিল। বিভিন্ন আৰ্থিক সমস্যৰ ক্ষেত্ৰত এই আন্দোলনে সক্ৰিয় অংশ গ্ৰহণ কৰিছিল। ফলত প্ৰভাৱশালী গোষ্ঠীৰ দৰে ৰাজনীতিৰ লগত জড়িত হৈ গুৰুতত্বপূৰ্ন ভূমিকা গ্ৰহণ কৰিছিল।

12. দলভিত্তিক আৰু দলভিত্তিক নোহোৱা আন্দোলনৰ বিষয়ে লিখা।

উত্তৰঃ (১) দলীয় আন্দোলনে নিৰ্বাচনত যোগদান কৰিব নোৱাৰে কিন্ত ৰাজনৈতিক দলৰ সৈতে সম্পৰ্ক থাকে। আনহাতে দলবিহীন আন্দোলনকাৰী ৰাজনীতিৰ বাহিৰত থাকে।

(২) দলীয় আন্দোলনে বিভিন্ন দাবীসমূহ ৰাজনৈতিক দলৰ দ্বাৰা পূৰণ কৰিব বিচাৰে। আনহাতে, দলবিহীন আন্দোলনে জনসাধাৰণৰ ভূমিকাৰ দ্বাৰা দাবীসমূহ পূৰণ কৰিব বিচাৰে।

(৩) দলীয় আন্দোলন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলন হিছাপে গঢ়ি উঠে। আনহাতে, দলবিহীন আন্দোলনে আন্তৰাষ্টৰীয় সাহায্য আৰু সমৰ্থন লাভ কৰিবলৈ সক্ষম হয়।

13. চিপকো আন্দোলনৰ দাবী সমূহ কি আছিল?

উত্তৰঃ 1970 ৰ দশকৰ আৰম্ভ হোৱা চিপকো আন্দোলনৰ প্ৰধান দাবী সমূহ তলত উল্লেখ কৰা হ’ল—

(১) বনাঞ্চল ধ্বংস আৰু কোনো ঠিকা বা কাম বহিৰাগত ঠিকাদাৰক দিয়া বন্ধ কৰাৰ বাবে দাবী উত্থাপন কৰিছিল।

(২) ভূমি, পানী, বনাঞ্চল আদি প্ৰাকৃতিক সম্পদৰ ওপৰত থলুৱালোকৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে দাবী ওলোৱা হৈছিল।

(৩) জীৱিকাৰ উৎস হিচাপে বনাঞ্চলৰ ওপৰত স্থানীয় জনসাধাৰণৰ অধিকাৰ প্ৰদান কৰা।

(৪) বনাঞ্চলৰ ওপৰত ভিত্তি কৰি ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠাৰ বাবে স্থানীয় লোকৰ অনুমতি প্ৰদানৰ দ্বাৰা স্থানীয় লোকৰ পৰিবেশ বিনষ্ট নকৰাকৈ জনগণৰ তথা অঞ্চলটোৰ বিকাশ সাধন কৰা আদিয়ে মূল দাবী আছিল।

14. সামাজিক আন্দোলনসমূহে গণতন্ত্ৰক সবল কৰে বুলি ভাবানে? তোমাৰ সমৰ্থনত যুক্তি দিয়া।

উত্তৰঃ কিছুমানৰ মতে গণ আন্দোলনে আৰু প্ৰতিবাদৰ দৰে সামূহিক কাৰ্যই চৰকাৰৰ কাৰ্যক্ৰমনিকাক বাধা জন্মৱাৰ লগতে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াটোত অযথা পলম কৰায়। এনে কাৰ্য গণতন্ত্ৰৰ কাৰ্যকাৰিতাৰ বাবেও শুভ নহয় বুলি এইচামলোকে বিশ্বাস কৰে। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top