Class 12 Political Science Chapter – 15 গণতন্ত্রৰ সংকট

Class 12 Political Science Chapter – 15 গণতন্ত্রৰ সংকট The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 15 গণতন্ত্রৰ সংকট and select needs one.

Class 12 Political Science Chapter – 15 গণতন্ত্রৰ সংকট

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 15 গণতন্ত্রৰ সংকট Solutions for All Subject, You can practice these here.

গণতন্ত্রৰ সংকট

পাঠ: ৬

দ্বিতীয় খণ্ড

১। জয়প্রকাশ নাৰায়ণ কোন ৰাজ্যৰ লােক আছিল ? 

উত্তৰঃ বিহাৰ ৰাজ্যৰ। 

২। কমিউনিষ্ট পার্টী অৱ ইণ্ডিয়া (মার্ক্সবাদী – লেনিনবাদী) ৰ প্রতিষ্ঠা কোনে কৰিছিল ? 

উত্তৰঃ চাৰু মজুমদাৰ। 

৩। ভাৰতত প্ৰথমবাৰৰ বাবে জৰুৰীকালীন অৱস্থা কেতিয়া ঘােষণা কৰা হৈছিল ? 

উত্তৰঃ ১৯৭৫ চনত। 

৪। শ্বাহ আয়ােগৰ নেতৃত্ব কোনে দিছিল ? 

উত্তৰঃ ন্যায়ধীশ জে , টি , শাহ।

৫। গুজৰাট আৰু বিহাৰত ছাত্র আন্দোলনৰ নেতৃত্ব কোনে দিছিল ? 

উত্তৰঃ জয় প্রকাশ নাৰায়ণে। 

৬। ইন্দিৰা গান্ধীৰ দ্বাৰা কুৰি দফীয়া কাৰ্যসূচীৰ অন্তর্ভুক্ত যিকোনাে এটা বিষয় উল্লেখ কৰা। 

উত্তৰঃ দৰিদ্ৰতা দূৰীকৰণ। 

৭। জনতা চৰকাৰ কেতিয়া ক্ষমতালৈ আহিছিল। 

উত্তৰঃ ১৯৭৭ চনত। 

৮। কোন চৰকাৰৰ দিনত মণ্ডল আয়ােগক নিযুক্তি দিয়া হৈছিল ? 

উত্তৰঃ জনতা দলৰ চৰকাৰৰ দিনত।

৯। ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত কোন দল জয়ী হৈছিল ? 

উত্তৰঃ জনতা দলে। 

১০। ভাৰতত ‘দায়বদ্ধ আমােলাতন্ত্ৰ আৰু ন্যায়পালিকা’ৰ ধাৰণাটো কোনে উলিয়াইছিল ? 

উত্তৰঃ ইন্দিৰা গান্ধীয়ে। 

১১। ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা ঘােষণা কৰা ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি ? 

উত্তৰঃ ফকৰুদ্দিন আলী আহমেদ। 

১২। চাৰু মজুমদাৰ কোন আছিল ? 

উত্তৰঃ চাৰু মজুমদাৰ এজন সমাজবাদী বিপ্লৱী আৰু নাবাদী আন্দোলনৰ নেতা আছিল। 

১৩। ভাৰতৰ কোনটো অঞ্চলত মার্ক্সবাদী – লেনিনবাদী গােট শক্তিশালী আছিল ? 

উত্তৰঃ পশ্চিমবংগত। 

১৪। শুদ্ধ শব্দটো বাছি উলিওৱা: 

(ক) ১৯৭১ চনৰ নিৰ্বাচনত (কংগ্ৰেছ / জনতা) ই ‘ গৰিবী হটাও ‘ শ্লোগান দিছিল। 

উত্তৰঃ কংগ্রেছ। 

(খ) (১৯৬৬/১৯৬৭) ত দার্জিলিং পাহাৰৰ নক্সালবাদী আৰক্ষী থানা এলেকাত কৃষক অভ্যুত্থান হৈছিল। 

উত্তৰঃ ১৯৬৭ চনত। 

(গ) অনুচ্ছেদ নম্বৰ (৩৫২/৩৫৬) অনুসৰি ১৯৭৫ চনত ভাৰতত জৰুৰীকালীন অৱস্থা ঘােষণা কৰা হৈছিল। 

উত্তৰঃ ৩৫২

(ঘ) ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত (মােৰাৰজী দেশাই / চৰণ সিং) জনতা পাৰ্টী চৰকাৰৰ প্রধানমন্ত্রী হৈছিল। 

উত্তৰঃ মােৰাৰজী দেশাই । 

(ঙ) ১৯৭৪ চনত ৰেলৱে ধর্মঘট (জয় প্রকাশ নাৰায়ণ / জর্জ ফার্ণাণ্ডেজে) নেতৃত্ব দিছিল। 

উত্তৰঃ জর্জ ফার্ণাণ্ডেজে।

(চ) শাহ আয়ােগ (১৯৭৫/১৯৭৭/১৯৮০) চনত নিযুক্ত হৈছিল। 

উত্তৰঃ ১৯৭৭ চনত। 

(ছ) নক্সালবাদী আন্দোলন (১৯৬৭/১৯৬৯/১৯৭৪) চনত আৰম্ভ হৈছিল। 

উত্তৰঃ ১৯৬৭ চনত।

(জ) ইন্দিৰা ইজ ইণ্ডিয়া , ইণ্ডিয়া ইজ ইন্দিৰা ‘ শ্লোগানটো (চৰণ সিং / জগজীৱন ৰাম / দেৱকান্ত বৰুৱা) ই দিছিল। 

উত্তৰঃ দেৱকান্ত বৰুৱাই দিছিল। 

(ঝ) সর্বাত্মক বিপ্লৱৰ আহ্বান জনাইছিল (মােৰাৰজী দেশাই / জর্জ ফার্ণাণ্ডেজ / জয় প্রকাশ নাৰায়নে)। 

উত্তৰঃ জয় প্রকাশ নাৰায়ণে। 

১৫। নৱ – নির্মাণ আন্দোলন কোন ৰাজ্যত আৰম্ভ হৈছিল ? 

উত্তৰঃ গুজৰাটত। 

১৬। যিকোনাে এটা সামাজিক স্বতন্ত্র সংগঠনৰ নাম লিখা । 

উত্তৰঃ পৌৰ স্বাধীনতা সম্পর্কীয় সংগঠন। 

১৭। মহা মৰ্চা ’ কেতিয়া গঠিত হৈছিল ? 

উত্তৰঃ ১৯৭১ চনত। 

১৮। জনতা পাৰ্টী কেতিয়া গঠিত হৈছিল ? 

উত্তৰঃ ১৯৭৭ চনত। 

১৯। জনতা পাৰ্টীৰ প্রথম সভাপতিগৰাকী কোন আছিল ? 

উত্তৰঃ জয় প্রকাশ নাৰায়ণ। 

২০। দায়বদ্ধ আমালাতন্ত্র’ৰ এটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ শাসক শ্রেণীৰ ভাৱাদৰ্শৰ ওচৰত দায়বদ্ধ। 

২১। ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা ঘােষণা কৰা ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম লিখা। 

উত্তৰঃ ফকৰুদ্দিন আলী আহমেদ। 

২২। ১৯৭৪ চনত ৰেলৱে ধর্মঘটৰ নেতৃত্ব কোনে দিছিল ? 

উত্তৰঃ জর্জ ফার্ণাণ্ডেজে। 

২৩। জয় প্রকাশ নাৰায়ণ কোন আছিল ? 

উত্তৰঃ জয় প্রকাশ নাৰায়ণ মার্ক্সবাদী , সমাজবাদী দল আৰু কংগ্ৰেছ সমাজবাদী দলৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ নায়ক আছিল। 

২৪। খালী ঠাই পূৰণ কৰা: 

(ক) মােৰাৰজী দেশাই ……… দলৰ প্ৰথমগৰাকী প্রধানমন্ত্রী আছিল। 

উত্তৰঃ জনতা দলৰ। 

(খ) ১৯৭৭ চনৰ মে’মাহত জনতা পাৰ্টী চৰকাৰে ……… নেতৃত্বত এখন তদন্ত আয়ােগৰ নিযুক্তি দিছিল। 

উত্তৰঃ জে . টি . শ্বাহৰ।

(গ) ……….. নেতৃত্বত বিৰােধী ৰাজনৈতিক দলসমূহে শ্ৰীমতী ইন্দিৰা গান্ধীক পদত্যাগৰ বাবে হেঁচা দিছিল। 

উত্তৰঃ জয় প্রকাশ নাৰায়ণৰ নেতৃত্বত। 

২৫। ভাৰতৰ সাম্যবাদী (মার্ক্সবাদী – লেনিনবাদী) দল কোনে প্রতিষ্ঠা কৰিছিল ? 

উত্তৰঃ চাৰু মজুমদাৰে। 

২৬। ১৯৭৭ চনৰ নিৰ্বাচনৰ পাচত ভাৰতৰ প্ৰধানমন্ত্রী কোন হৈছিল ? 

উত্তৰঃ মােৰাৰজী দেশাই। 

২৭৷ সম্পূর্ণ বিপ্লৱৰ আহ্বান কোনে দিছিল ? 

উত্তৰঃ জয় প্রকাশ নাৰায়ণে।

২৮। যিকোনাে এটা নাগৰিক (অসামৰিক) স্বাধীনতা সংস্থাৰ নাম লিখা। 

উত্তৰঃ পৌৰ স্বাধীনতা সম্পর্কীয় সংগঠন। 

২৯। তলত দিয়া জৰুৰীকালীন অৱস্থা সম্পর্কীয় তথ্যবােৰ শুদ্ধ নে অশুদ্ধ লিখা। 

(ক) ১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে এই ঘােষণা কৰিছিল। 

উত্তৰঃ শুদ্ধ।

(খ) ইয়াৰ ফলত সকলােবােৰ মৌলিক অধিকাৰ খর্ব হৈছিল। 

উত্তৰঃ শুদ্ধ।

(গ) অর্থনৈতিক অৱস্থাৰ অৱনতিৰ বাবে এই ঘােষণা কৰা হৈছিল। 

উত্তৰঃ অশুদ্ধ।

(ঘ) জৰুৰীকালীন অৱস্থাত বিৰােধীপক্ষৰ অনেক নেতাক গ্রেপ্তাৰ কৰা হৈছিল। 

উত্তৰঃ শুদ্ধ।

(ঙ) জৰুৰীকালীন অবস্থা বলৱকৰণত সমর্থন দিছিল চি . পি . আই . য়ে। 

উত্তৰঃ অশুদ্ধ।

৩০। জৰুৰীকালীন অৱস্থা বলৱকৰণ সন্দৰ্ভত নিমিলা কথাটো বাছি উলিওৱা— 

(ক) সর্বাত্মক বিপ্লৱৰ আহ্বান। 

(খ) ১৯৭৪ চনৰ ৰেলৱে ধৰ্মঘট। 

(গ) নক্সালবাদী আন্দোলন।

(ঘ) এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়। 

(ঙ) শ্বাহ কমিছনৰ প্রতিবেদন প্রাপ্তিসমূহ। 

উত্তৰঃ (গ) নক্সালবাদী আন্দোলন।

দীঘল প্ৰশ্নোত্তৰঃ  

১। ইন্দিৰা গান্ধীৰ প্রধানমন্ত্রীত্বৰ কালছোৱাত ভাৰতত সংঘটিত হোৱা কাৰ্যপালিকা আৰু ন্যায় পালিকাৰ সংঘাতৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ 1970 ৰ দশকত ইন্দিৰা গান্ধীৰ প্রধানমন্ত্রীত্বৰ কালছোৱাত প্রধানকৈ দুটা গুৰুত্বপূর্ণ বিষয়ক কেন্দ্ৰ কৰি ন্যায়পালিকা আৰু কার্যপালিকাৰ মাজত সংঘাতৰ সূত্রপাত হৈছিল। 

সেই দুটা তলত আলোচনা কৰা হ’ল –

(i) 1973 চনৰ কেশৱানন্দ ভাৰতী গোচৰৰ ৰায়দানৰ ঠিক পিছতেই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদটো খালি হয়। উচ্চতম ন্যায়ালয়ৰ জোত বিচাৰপতিজনক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াটো নিয়ম। কিন্তু 1973 চনত চৰকাৰে তিনিগৰাকী ন্যায়াধীশৰ জ্যেষ্ঠতাক অতিক্রম কৰি ন্যায়ধীশ AN. Roy- ক ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে। লগে লগেই সংঘাতন সুত্রপাত হয়।

(ii) 1971 চনৰ লোকসভাৰ নিৰ্বাচনত নাৰায়ণে ইন্দিৰা গান্ধীৰ প্রতিদ্বন্দি ৰাজ নাৰায়ণে কৰা গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জগমোহন লাল সিনহাই ইন্দিৰা গান্ধীক নির্বাচনী প্ৰচাৰ কাৰ্যত চৰকাৰী চাকৰিয়ালক ব্যৱহাৰ কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰি 1971 চনৰ ইন্দিৰা গান্ধীৰ নিৰ্বাচনক অবৈধ বুলি ঘোষণা কৰে।

২। 1980 চনৰ মধ্যকালীন নির্বাচনৰ কাৰণবোৰ কি কি আছিল? আলোচনা কৰা।

উত্তৰঃ 1975 চনত ঘোষিত জাতীয় জৰুৰীকালীন অৱস্থাৰ অন্ত পৰে 1977 চনত আৰু বহুতো বিৰোধী নেতা কাৰাগাৰৰ পৰা মুক্ত হয়। কাৰামুক্ত বিৰোধী নেতাসকল একত্রিত হৈ 1977 চনত জনতা পার্টী নাম এক ৰাজনৈতিক দলৰ জন্ম দিয়ে। 1977 চনত হোৱা লোকসভাৰ নিৰ্বাচনত উক্ত দলটোৱে প্রতিদ্বন্দিতা আগবঢ়ায় আৰু বৃহৎ সংখ্যক আসনতে জয়লাভ কৰি জনতা দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।

1977 চনত ক্ষমতালৈ অহা জনতা দলৰ চৰকাৰ একত্রিত নাছিল। নিৰ্বাচনৰ পিছত প্ৰধানমন্ত্ৰীৰ পদটো লৈ তিনিগৰাকী নেতাৰ মাজত তুমুল প্রতিযোগীতা আৰম্ভ হয়। মোৰাৰজী দেশাই যিগৰাকী 1966-67 চনৰ ভিতৰত ইন্দিৰা গান্ধীৰ প্রতিদ্বন্দী আছিল, চৰণ সিং, উত্তৰ প্ৰদেশৰ কৃষক নেতা তথা ভাৰতীয় লোকসকলৰ নেতা, আৰু কংগ্ৰেছ চৰকাৰৰ দিনত জ্যেষ্ঠ মন্ত্রী হিচাপে অভিজাত জগজীৱন ৰাম- এই তিনিজনৰ মাজত প্রতিযোগিতা আৰম্ভ হৈছিল। অৱশেষত মোৰাজী দেশাই প্রধানমন্ত্রী হয় যদিও দলৰ ভিতৰত হোৱা ক্ষমতাকেন্দ্রিক অৰিয়া অৰিৰ বিলুপ্তি ঘটাব নোৱাৰিলে। 18 মাহতকৈ কম দিনৰ ভিতৰত মোৰাৰজী দেশাই চৰকাৰৰ পতন ঘটে। ফলস্বৰূপে 1980 চনত দেশত মধ্যকালীন নির্বাচন অনুষ্ঠিত কৰিবলগীয়া হয়।

৩। 1977 চনত জনতাৰ দল চৰকাৰে শ্বাহ আয়োগ নিযুক্তি দিছিল। ইয়াক কিয় নিযুক্তি দিছিল আৰু ইয়াৰ লাভালাভ কি আছিল?

উত্তৰঃ 1977 চনৰ মে’ মাহত জনতা দলৰ চৰকাৰে 1975 চনৰ 25 জুনত ঘোষণা কৰা জৰুৰী অৱস্থাৰ সময়ত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন অপৰাধমূলক কার্য তথা আন আন দিশৰ তদন্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ জে. চি. শ্বাহৰ নেতৃত্বত এখন তদন্ত কমিটি গঠন কৰি দিয়ে। এই কমিছনে বিভিন্ন প্রমাণ আৰু প্রত্যক্ষদর্শীৰ সাক্ষ্য প্রমাণ পৰীক্ষা কৰিছিল। এইবোৰৰ ভিতৰত ইন্দিৰা গান্ধীও অন্তর্ভূক্ত আছিল, যদিও তেওঁ কোনো উত্তৰ দিবলৈ অস্বীকাৰ কৰিছিল। ভাৰত চৰকাৰে স্বাহ কমিছনৰ মধ্যকালীন প্রতিবেদন আৰু তৃতীয় তথা চুড়ান্ত প্রতিবেদনত ইয়াৰ তথ্য-প্রমাণ পর্যবেক্ষন তথ্য পৰামৰ্শৱলী গ্ৰহণ কৰিছিল। এই প্রতিবেদন সংসদৰ দুয়োখন সদনতো উত্থাপন কৰা হৈছিল।

৪। চমু টোকা লিখা-বিহাৰ আন্দোলন।

উত্তৰঃ 1974 চনত মূল্যবৃদ্ধি, খাদ্য দ্ৰব্যৰ নাটনি, নিৱনুৱা সমস্যা আৰু দুর্নীতিৰ বিৰুদ্ধে বিহাৰৰ ছাত্র সমাজ সংগঠিত হয়। কিছুদিন পিছতে ছাত্র আন্দোলনটোৰ নেতৃত্ব ল’বলৈ তেওঁলোকে জয়প্রকাশ নাৰায়ণক আমন্ত্রণ কৰে, যিয়ে সক্রিয় ৰাজনীতি ত্যাগ কৰি সামাজিক কাম-কাজত জড়িত হৈ পৰিছিল। তেওঁ অহিংস আন্দোলনটো বিহাৰতে সীমাবদ্ধ নকৰাৰ চৰ্তসাপেক্ষ ইয়াক গ্রহণ কৰে। এইদৰে ছাত্র আন্দোলনটোৱে ৰাজনৈতিক চৰিত্ৰ আৰু ৰাষ্ট্ৰীয় ভাবমূর্তি লাভ কৰে। সকলো শ্ৰেণীৰ জনসাধাৰণ আন্দোলনত জড়িত হৈ পৰে। জয়প্রকাশ নাৰায়ণে বিহাৰ কংগ্ৰেছ চৰকাৰৰ অপসাৰণৰ দাবী তোলে আৰু প্রকৃত গণতন্ত্র প্রতিষ্ঠাৰ বাবে সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক দিশক সামৰি তেওঁ সর্বাত্মক বিপ্লৱৰ আহ্বান জনায়। বিহাৰ চৰকাৰৰ বিৰুদ্ধে বন্ধ, ঘেৰাও তথা অৱস্থান ধর্মঘট আদি কাৰ্যসূচী গ্ৰহণ কৰা হয়। অৱশ্যে, চৰকাৰে পদত্যাগ কৰিবলৈ অমান্তি হয়।

৫। চমু টোকা লিখা-নৱনির্মাণ আন্দোলন (গুজৰাট আম্পোলন)।

উত্তৰঃ খাদ্যৰ নাটনি, বাদ্যসামগ্ৰীৰ মূল্য বৃদ্ধি আদি সমস্যা সমূহকলৈ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে 1974 চনত গুজৰাটৰ ছাত্ৰসকলে কৰা আন্দোলন সমূহকেই নৱনির্মাণ আন্দোলন বুলি জনা যায়। প্ৰায়বোৰ বিৰোধী দলে এই আন্দোলনলৈ সমর্থন জনাইছিল। বিৰোধী দলসমূহে ৰাজ্যখনত নতুনকৈ বিধানমণ্ডলৰ নিৰ্বাচনৰ দাবী উত্থাপন কৰে। মেৰাজী দেশাই, এগৰাকী আগশাৰীৰ কংগ্ৰেছ নেতা: যিগৰাকী কংগ্ৰেছত থকা সময়ত ইন্দিৰা গান্ধীৰ প্রধান প্রতিদ্বন্দ্বী আছিল, ঘোষণা কৰে যে ৰাজ্যখনত নির্বাচন অনুষ্ঠিত নকৰিলে তেওঁ অনিৰ্দিষ্টকালীন অনশনত বহিব। বিৰোধী ৰাজনৈতিক দল সমূহৰ সমর্থন লাভ কৰা ছাত্রসমূহৰ প্ৰচণ্ড হেঁচাৰ পৰিপ্ৰেক্ষিতত 1975 চনত গুজৰাট বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হয়। এই নির্বাচনত কংগ্ৰেছ পৰাজিত হয়।

৬। চমু টোকা লিখা নক্সালবাদী আন্দোলন।

উত্তৰঃ ভাৰতীয় সাম্যবাদী দল (মার্ক্সবাদী) (CPM) ৰ স্থানীয় নেতাসকলৰ নেতৃত্ব পশ্চিমবঙ্গৰ দার্জিলিং পাহাৰীয়া জিলাৰ নক্সালবাদি আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত 1967 চনত এক বৃহৎ কৃষক বিদ্রোহ আৰম্ভ হৈছিল। নক্সালবাৰী আৰক্ষী ধানা অঞ্চলত আৰম্ভ হৈ এই কৃষক বিদ্রোহ ভাৰতৰ আন আন ৰাজ্যলৈও বিয়পি পৰে আৰু পিছত ই নক্সালবাদী আন্দোলন হিচাপে জনাজাত হৈ পৰে 11969 চনত তেওঁলোকে চিপি আই (এম) ৰ পৰা আঁতৰি আহি চাৰু মজুমদাৰৰ নেতৃত্বত মার্ক্সবাণী- লেনিনবাদী সাম্যবাদী দল (CPI- ML) নামে এটা নতুন দল গঠন কৰে। ইয়ে এই বুলি মতপোষণ কৰে যে, ভাৰতবৰ্ষৰ গণতন্ত্র ফাঁকি আৰু সেয়ে এটা বৈপ্লবিক পৰিৱেশৰ সৃষ্টি কৰিবলৈ তেওঁলোকে গেৰিলা যুদ্ধৰ কৌশল অৱলম্বন কৰে।

নক্সানবাদী আন্দোলনে জমিদাৰসকলৰ পৰা ভূমি কাঢ়ি আনি দুখীয়া ভূমিহীনক ভগাই দিয়াৰ ওপৰত জোৰ দিছিল। ইয়াৰ সমর্থকসকলে তেওঁলোকৰ ৰাজনৈতিক লক্ষ। পুৰনৰ বাবে হিংসাত্মক পন্থা অৱলম্বনৰ ওপৰত গুৰুত্ব দিছিল। কংগ্রেছ শাসিত পশ্চিমবংগ চৰকাৰে নিবাৰক বিৰোধী আইন তথা আন আন উপায় অৱলম্বন কৰা সত্ত্বেও নক্সালবাদী আন্দোলন দমন কৰিব পৰা নগ’ল। পৰবৰ্তী সময়ত দেশৰ আন আন অংশকলৈও বিয়পিহে যায়। নক্সালবাদী আন্দোলন বর্তমান বিভিন্ন দলক সংগঠনত ভাঙ্গ-ভাগ হৈ পৰিছে।

৭। 1977 চনৰ লোকসভা নির্বাচনৰ দুটা ফলাফল আলোচনা কৰা।

উত্তৰঃ 1977 চনৰ লোকসভা নির্বাচনে কংগ্ৰেছ দলৰ আধিপত্য কিছু হলেও হ্রাস কৰিছিল।

এই নির্বাচনৰ পিছত প্রথমবাৰৰ বাবে কেন্দ্রত মর্চা চৰকাৰ গঠন হয়।

৮। 1975 চৰত চৰকাৰৰ জৰুণী অৱস্থাৰ ঘোষণাৰ কাৰণ কি আছিল? আলোচনা কৰা। 

উত্তৰঃ এলাহাবাদ উচ্চ ন্যায়ালয়ে 1975 চনত লোকসভা নির্বাচনত বার্ধ হোৱা বুলি সমাজবাদী নেতা ৰাজনাৰায়ণে দাখিল কৰা এক আর্থিব ভিত্তিত এক নির্দেশ জাৰি কৰিছিল। নির্দেশানুসৰি 1971 চনৰ নিৰ্বাচনত ৰাজনাৰায়ণে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে যুঁজ কৰিছিল। কিয়নো এনে সময়ত ইন্দিৰা সান্ধীয়ে নিৰ্বাচনী প্রচাৰত চৰকাৰী কৰ্মচাৰী ব্যৱহাৰ কৰিছিল। কিন্তু ইন্দিৰা গান্ধীৰ এই কাম কাজ সম্পূর্ণ বে-আইনী আছিল। যাৰ বাবে উচ্চ ন্যায়ালয়ে ইন্দিৰা গান্ধীক প্রধানমন্ত্রী আসনত অধিষ্ঠিত থকাৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিছিল। এই নায়ত কোৱা হৈছিল যে, তেওঁ বৈধভাৱে সাংসদ নির্বাচিত হোৱা নাই আৰু সেয়েহে তেওঁ প্রধানমন্ত্রীৰ আসনত থাকিব নোৱাৰিব যদিহে আকৌ হয় মাহৰ ভিতৰত সাংসদ নির্বাচিত নহয়। তাৰোপৰি জয়প্রকাশ নাৰায়ণৰ নেতৃত্বত বিৰোধী দলসমূহে ইন্দিৰা গান্ধীক পদত্যাগৰ দাবীত জোৰদান আন্দোলন চলাইছিল। তেওঁলোকে চৰকাৰী চাকৰীয়াল, সেনা সামৰিক বাহিনীক বে আইনী আৰু অনৈতিক নীতিসমূহ মানি নচলিবলৈ আহ্বান জনাইছিল। সেয়েহে চৰকাৰে তেনেবোৰ হেঁচাৰ পৰিপ্ৰেক্ষিতত আভ্যন্তৰীণ অশান্তিৰ দোহাই দি 1975 চনৰ 25 জুন তাৰিখে জৰুৰী অৱস্থা ঘোষণা কৰিছিল।

2 thoughts on “Class 12 Political Science Chapter – 15 গণতন্ত্রৰ সংকট”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top