Class 12 Political Science Chapter – 12 পৰিকল্পিত বিকাশৰ ৰাজনীতি

Class 12 Political Science Chapter – 12 পৰিকল্পিত বিকাশৰ ৰাজনীতি The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 12 পৰিকল্পিত বিকাশৰ ৰাজনীতি and select needs one.

Class 12 Political Science Chapter – 12 পৰিকল্পিত বিকাশৰ ৰাজনীতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 12 পৰিকল্পিত বিকাশৰ ৰাজনীতি Solutions for All Subject, You can practice these here.

পৰিকল্পিত বিকাশৰ ৰাজনীতি

পাঠ: ৩

দ্বিতীয় খণ্ড

1. পৰিকল্পিত উন্নয়ন বুলিলে কি বুজা? 

উত্তৰঃ পৰিকল্পিত বিকাশ বা উন্নয়ন হল বিকাশৰ এটা আৰ্হি অথবা পৰিকল্পনাৰ জৰিয়তে সাধন কৰা বিকাশ বা উন্নয়ন সাধন কৰাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাক পৰিকল্পিত বিকাশ বোলে। 

2. পৰিকল্পনাৰ অৱকাশ বুলিলে কি বুজা?

উত্তৰঃ ভাৰতবৰ্ষৰ 1951 চনৰ পৰা প্ৰতি পাঁচ বছৰ মূৰে মূৰে একোটা পঞ্চবাৰ্ষিক পৰিকল্পনা গ্ৰহণ কৰাৰ ব্যবস্থা আৰম্ভ হৈছিল যদিও তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অন্তত পঞ্চবাৰ্ষিক পৰিকল্পনা সাময়িক ভাৱে স্থগিত ৰখা হৈছিল। ইয়াকে পৰিকল্পনা বিশ্ৰাম বা অৱকাশ বুলি কোৱা হয়। 

ভাৰতৰ তীব্ৰ সংকটৰ বাবে তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অন্তত তিনিটা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰিবৰ্তে বাৰ্ষিক পৰিকল্পনাৰ গ্ৰহণ কৰা হৈছিল। 

3. Plan holding কি ?

উত্তৰঃ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা 1951 চনত আৰম্ভ হৈছিল। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাক কেন্দ্ৰ কৰি দ্বিতীয় পঞ্চ বাৰ্ষিক পৰিকল্পনা (1956) আৰু তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা (1961) আৰম্ভ হোৱা লৈকে জনগণৰ মাজত যথেষ্ঠ উৎসা হ উদ্দীপনা বৰ্তি থাকিছিল। কিন্তু লাহে লাহে জনগণৰ মাজত পূৰ্বৰ উৎসাহ উদ্দপনা স্থমিত হব ধৰে । কিয়নো 1962 চনত ভাৰত আৰু চীনৰ সীমা বিবাদ সংগঠিত হৈছিল। 1964 চনত জৱাহলাল নেহেৰুৰ মৃত্যু হৈছিল আৰু দেশখনৰ অৰ্থনীতিও গভীৰ সংকটত পৰিছিল। সেয়ে লাহে লাহে জনগণৰ মাজত পৰিকল্পনা ব্যবস্থা আৰু অগ্ৰগতি লৈ দেশখনত সমালোচনা আৰম্ভ হৈছিল। কিন্তু 1966 চনত চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হব লাগিছিল যদিও উল্লেখিত বিভিন্ন সমস্যা তথা সংকটৰ পৰিপ্ৰেক্ষিতত চৰকাৰে পাঁচ বছৰৰ পৰিকল্পনা তিনি বছৰৰ বাবে স্থগিত ৰাখিছিল। এই স্থগিত ৰখা সময়ছোৱাক পৰিকল্পনাৰ বিশ্ৰাম তথা অৱকাশ নাইবা প্লান হল্ডিং বা প্লাণ হলিডে বুলি কোৱা হয়। 

4. বোম্বে প্লেন কি ? 

উত্তৰঃ 1944 চনত ভাৰতবৰ্ষৰ একাংশ উদ্যোগপতিয় – এ বোম্বে নগৰত মিলিত হৈ দেশখনৰ উদ্যোগ তথা অন্যান্য ক্ষেত্ৰ বোৰৰ বিকাশ সাধনৰ বাবে এখন আঁচনি বোম্বে প্লেন বা বোম্বে পৰিকল্পনা বুলি কোৱা হয়। এই আচঁনিৰ জৰিয়তে দেশৰ উদ্যোগিক খণ্ড বিকাশৰ বাবে চৰকাৰক সক্ৰিয় ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছিল। 

5. উৰিষ্যাৰ গাঁওবাসীয়ে কিয় posco প্ৰকল্পৰ বিৰোধিতা কৰিছিল?

উত্তৰঃ উৰিষ্যাৰ গাঁওবাসীয়ে posco প্ৰকল্প কৰাৰ বিৰোধিতা কৰাৰ কাৰণ আছিল – এই প্ৰকল্প স্থাপনৰ ফলত গাঁওবাসীয়ে নিজৰ বাসগৃহ আৰু খেতিপথাৰৰ পৰা বঞ্চিত তথা উচ্ছেদিত হোৱাৰ সম্ভাৱনা আছিল।

6. বাওঁপন্থী আৰু সোঁপন্থী বুলিলে কি  বুজা? 

উত্তৰঃ ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাৰ ক্ষেত্ৰত সাম্যবাদী আৰ্হি তথা ৰক্ষণশীল আৰু দুখীয়া নিপীৰিত জনসাধাণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাক বাওঁপন্থী বুলি কোৱা হয়।

আনহাতে ধনিক শ্ৰেণীৰ স্বাৰ্থ সুৰক্ষিত তথা উদাৰ পুঁজিবাদী আৰ্হিক সমৰ্থন কৰা সকলক সোঁপন্থী বুলি কোৱা হয়।

7. কেৰেলা আৰ্হি কি ? এই আৰ্হিত জৰিয়তে কি বিশেষ বিষয়ৰ ওপৰত আলোকপাত কৰা হৈছিল?

উত্তৰঃ কেৰেলা আৰ্হি বা মডেল বুলি কলে কেৰেলা ৰাজ্যৰ বছৰেকীয়া পৰিকল্পনাক বুজায়। ভাৰতবৰ্ষৰ কেৰেলা চৰকাৰে বিকাশৰ বাবে গ্ৰহণ কৰা এটা আৰ্হি বা মডেল ই হৈছে কেৰেলা আৰ্হি।

এই আৰ্হিৰ জৰিয়তে কেৰেলা চৰকাৰে শিক্ষা, স্বাস্থ্য, ভূমি সংস্কাৰ, ফলপ্ৰসূ খাদ্য বিতৰণ আৰু দৰিদ্ৰতা নিবাৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।

8. পৰিকল্পনা বাজেট কি ?

উত্তৰঃ ভাৰতৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা বাজেটক পৰিকল্পনা বাজেট বুলি কোৱা হয়, কিয়নো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উমৈহতীয়াকৈ পৰিকল্পনাৰ মাজেৰে প্ৰস্তুত কৰা বাজেটক পৰিকল্পনা বাজেট বুলি কোৱা হয়।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা বাজেট প্ৰধানকৈ দুই ধৰণৰ যেনে পৰিকল্পনা বহিৰ্ভূত বাজেট আৰু পৰিকল্পনা অন্তৰ্ভূক্ত বাজেট।

যি বাজেট পৰিকল্পনা আৰু নিৰ্দিষ্ট আঁচনি অনুযায়ী প্ৰস্তুত কৰা হয় তাক পৰিকল্পনা বাজেট বুলি কোৱা হয়। আনহাতে যি বাজেট পৰিকল্পনা তথা নিৰ্দিষ্ট আঁচনিৰ মাজেৰে প্ৰস্তুত কৰা নহয় তাক পৰিকল্পনা বহিৰ্ভুত বাজেট বোলে।

9. পৰিকল্পনা আয়োগক কিয় সংবিধান বহীৰ্ভূত বিষয় বা নিকায় বুলি কোৱা হয়?

উত্তৰঃ 1950 চনত গঠিত পৰিকল্পনা আয়োগ সম্পৰ্ক এ ভাৰতীয় সংবিানৰ কোনো অংশত কোনো কথা উল্লেখ নাই। সেইবাবে পৰিকল্পনা আয়োগক সংবিধান বহীৰ্ভূত বা নিকায় বুলি কোৱা হয়। 

10. প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কোনে যুগুত কৰিছিল ? 

উত্তৰঃ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ খচৰা প্ৰস্তুত কৰিছিল – K.N.Raj – নামৰ এজন যুৱ অৰ্থনীতি বিদ। 

প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্য আছিল দেশৰ কৃষিখণ্ডক শক্তিশালি কৰি তোলা। এই খণ্ডৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত সৰ্বাধিক ধনৰ আবণ্টন দিয়া হৈছিল। 

প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই কৃষিৰ উন্নতিৰ বাবে আন কিছুমান লক্ষ্য নিৰ্ধাৰণ কৰিছিল- 

১। কৃশিষণ্ডৰ উন্নতিৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত জলসিঞ্চন ব্যবস্থাৰ প্ৰসাৰ ঘটোৱা ৰ বাবে বহুমুখী নদিবন্ধৰ স্থাপন ৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।

২। কৃশিষণ্ডত ক্ষেতিয়কেৰ মাজত কৃষিভূমি বিতৰণ সঠিকভাৱে হোৱাৰ ওপৰত প্ৰথম পঞ্চবাৰ্শিক পৰিকল্পনাই লক্ষ্য নিৰ্ধাৰণ কৰিছিল। 

৩। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই জাতীয় আয় বৃদ্ধিৰ ওপৰত দি জনসাধাণৰ সঞ্চযৰ ওপৰত প্ৰাধান্যতা প্ৰদান কৰিছিল।

11. দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ক্ষণিকৰ বা প্ৰস্তুত কাৰক কোন আছিল? এই পৰিকল্পনাৰ লক্ষ্য কি আছিল? 

উত্তৰঃ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ খচৰা প্ৰস্তুত কৰিছিল এজন বিশিষ্ট পৰিসংখ্যা বিধ  P.C Mahalanobis। তেওঁক ভাৰতীয় পৰিকল্পনা ব্যবস্থাৰ মূল ক্ষণীকৰ বুলিও কোৱা হয়। 

দ্বিতীয় আৰু তৃতীয় পঞ্চবাৰ্শিক পৰিকল্পনাৰ মূল লক্ষ্য আছিল দ্ৰুত উদ্দোগিকৰণ।

12. খাদ্যৰ পর্যাপ্ততা নিশ্চিত কৰিববলৈ ভাৰতে কি ধৰণৰ নীতি গ্রহণ কৰিছিল ?

উত্তৰঃ খাদ্যৰ পর্যাপ্ততা নিশ্চিত কৰিবলৈ ভাৰতবৰ্ষই প্রধানত সেউজ বিপ্লবৰ নীতি গ্রহণ কৰিছিল। তাৰোপতি ভাৰতবর্ষই খাদ্য সংকট দূৰ কৰিবলৈ আমেৰিকাৰ পৰা আমদানিকৃত খাদ্য সামগ্ৰীৰ ভৰাল চহকী কৰিছিল।

13. সেউজ বিপ্লৱ কি ই কেনেদৰে আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯৬০ দশকৰ মাজ ভাগত ভাৰতবর্ষৰ কৃষিজাত সামগ্রীৰ উৎপাদন বৃদ্ধিৰ বাবে যি প্রচেষ্টা হাতত লোৱা হৈছিল তাকেই সেউজ বিপ্লৱ বুলি কোৱা হয়। সেই সময়ত ভাৰতে খাদ্য সকটৰ সন্মূখীন হব লগা হৈছিল আৰু সেয়ে আমেৰিকাৰ লগত খাদ্য সামগ্রিক আমদানি কৰ লৈ হৈছিল। এনে সময়ত আমেৰিকাই ভাৰতত বিভিন্ন নীতিত হস্তক্ষেপ কবিবলৈ আৰম্ভ কৰিছিল। তাৰোপৰিও ভাৰতবর্ষত বিভিন্ন প্ৰান্তত খৰাং বতৰে মাটিৰ উর্বৰতা হ্ৰাস কৰিছিল। এনে পৰিস্থিতিত ভাৰতে খাদ্য উৎপাদনৰ দ্বাৰা আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টাৰে কৃষিখণ্ডত বৈজ্ঞোনিক কৗশল প্ৰবৰ্তনৰ বাবে অগ্ৰসৰ হ’বলৈ লয়।  ভাৰতৰ খাদ্য সংকট দুৰ কৰিবলৈ খেতি পথাৰত উন্নত মানৰ বীজ ৰাসায়নিক সাৰৰ ব্যৱহাৰ জলসিঞ্চন ব্যৱস্থা তথা নতুন তথ্য প্ৰযুক্তিৰ প্ৰয়োগ কৰা হৈছিল। এনেদৰে কৃষিখণ্ডৰ আমূল পৰিবর্তন আনিবলৈ  যিবিলাক নীতি হাতত লোৱা সেই নীতিবোৰক সেউজ বিপ্লৱ বুলি জনা যায়।

14. ভূমি সংস্কাৰ কি ? ভূমি সংস্কাৰৰ বিধান সমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষত ব্ৰিটিছৰ পৰা যেতিয়া দেশৰ শাসন ভাৰ গ্ৰহণ কৰে তেতিয়া ভাৰত চৰকাৰে কৃষিভূমিৰ ক্ষেত্ৰত জমিদাৰী প্ৰথাৰ বিলোপ সাধন কৰি মাটিৰ উৰ্ধতম সীমা নিৰ্ধাৰণৰ জৰিয়তে কৃষক, শ্রমিক আৰু দৰিদ্র জনসাধাৰণক প্রয়োজনীয় ভূমি প্ৰদান কৰিবলৈ যি বৱস্থা গ্ৰহণ কৰিছিল সি আছিল ভূমি সংস্কাৰ ব্যবস্থা। ঔপনিৱেশিক ব্যৱস্থাত দ্বাৰা জমিদাৰি ব্যবস্থা বিলোপ সধন কৰাই কৃষিভূমিক নিয়ন্ত্ৰণ কৰিবলৈ ব্যবস্থা লোৱা হৈছিল।

ভূমি সংকাৰৰ বিধান সমূহঃ

(i) যতে ততে সিঁচৰিত ইৈ থকা ভূমিক একত্ৰিত কৰি তোলাৰ বাবে চেষ্টা চলোৱা হৈছিল।

(ii) চিলিং ব্যাৱস্থা প্ৰবৰ্তন কৰি এজন ব্যক্তিৰ হাতত সৰ্বাধিক কিমান ভূমি থাকিব পাৰিব তাৰ এটা সীমা নিৰ্ধাৰণ কৰি তাৰ জড়িয়তে অধিগ্ৰহণ কৰা ভূমি খিনি ভূমিহিন লোকক বিতৰণ কৰা হৈছিল। 

(iii) আনৰ ভূমিত ক্ষেতিকৰা কৃষকক বিধিগতভাবে নিভাপত্তা প্ৰদানত জোড় দিয়া হৈছিল।

এনেদৰে ভূমি সংস্কাৰ নীতিষ জৰিয়তে কৃষিষণ্ডত উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ চেষ্টা চলোৱা  হৈছিল। 

15. বক্তিগত খণ্ড কি ? ৰাজহুৱা খণ্ডৰ পৰা ই কেনেদৰে পৃথক? 

উত্তৰঃ যিবোৰ খণ্ডত চৰকাৰী নিয়ন্ত্ৰণ নাথাকে কেৱল ব্যক্তিগত ভাৱে পুঁজি বিনিয়গ কৰিব পাৰে তাকেই সাধাৰণ অর্থত ব্যক্তিগত খণ্ড বোলে।

(i) ব্যক্তিগত খণ্ডই পুঁজিবাদী আৰ্হি সমৰ্থন তথা অনুসৰণ কৰে আনহাতে ৰাজহুৱা খণ্ডই সমাজবাদী আৰ্হি সমৰ্থন কৰে।

(ii) বক্তিগত খণ্ডই ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হৈ কাম কৰিব পাৰে। আনহাতে, ৰাজহুৱা খণ্ডই ৰাষ্ট্ৰীয় নিয়ন্তৰণাধীন আৰু চৰকাৰী নীতি নিয়মৰ দ্বাৰা পৰিচালিত হয়।

16. 1965 আৰু 1967 সময়ৰ চোৱাত বিহাৰৰ খাদ্য সংকটৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় ৰাজনীতি আৰু অর্থনীতিৰ বাবে 1960 ৰ দশকটো আছিল এক মহা দুৰ্যোগৰ সময়। চীনৰ সৈতে ১৯৬২ চনত হোৱা যুদ্ধ আৰু ১৯৫৫-৬৭ ৰ সময় চোৱাত খৰাং বতৰে ভাৰতীয় অৰ্থনীতিক জুৰুলা কৰি পেলাইছিল। এনে সংকটৰ সময়ত দেশৰ চুকে–কূনে এক দুর্ভিক্ষ সম পৰিস্থিতিহে দেখা দিছিল। ১৯৫৫-৬৬ চনত প্ৰচুৰ পৰিমাণে হ্রাস পোৱা বৰষুণৰ ফলত ভাততবর্ষৰ বিভিন্ন প্ৰান্তত কৃষি খণ্ডৰ উৎপাদনৰ পৰিমাণ কমি আহিছিল ফলত ভাৰতবৰ্ষত বিহাৰ ৰাজ্যত  বিশেষভাবে খাদ্য শস্যৰ নাটনী হৈছিল। লগতে আন আন অঞ্চলত ইয়াৰ বাপক প্ৰভাৱ পৰিছিল। ফলত ভাৰতবৰ্ষৰ বিহাৰৰ  লগতে আন কিছুমান অঞ্চলত ব্যাপক মূল্য বৃদ্ধিয়ে জনগণৰ জীৱন যাপনতে ব্যাঘাত জন্মাইছিল। এনে পৰিস্থিতিত ভাৰত চৰকাৰে পঞ্চবাৰ্ষিক পৰিকল্পনা বন্ধ ৰাখিছিল। খাদ্য সংকটৰ ফলত সৃষ্টি হোৱা বিপদক ৰক্ষা কৰিবলৈ আমেৰিকাই আগবঢ়োৱা অৰ্থ সাহায্য ও পাক ভাৰত যুদ্ধৰ বাবে বাতিল কৰা হৈছিল। 

এনেদৰে ভাৰত চৰকাৰে সময়ে সময়ে বিভিন্ন সমস্যাৰ সম্মুখীন হৈছিল। সেয়ে ভাৰতবৰ্ষই সম্মুখীন হোৱা এই আটাইবোৰ সমস্যা সমাধান কৰিবলৈ আত্ম নিৰ্ভৰ শিল নীতি প্ৰবৰ্তনৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰি উলয়াইছিল।

17. প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল বিষয়বস্তু সমূহ কি কি ? ই দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰা কিদৰে পৃথক ?

উত্তৰঃ ১৯৫১ চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আৰম্ভ হৈছিল। এই পৰিকল্পনাৰ জৰিয়তে দেশৰ অৰ্থনৈতিক টনকিয়াল কৰিব বিচৰা হৈছিল। এই পৰিকল্পনাত মূলত কৃশিখণ্ডৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল। কৃষিৰ উন্নতিৰ বাবে বান্ধ নিৰ্মাণ আৰু জলসিঞ্চনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। এই লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত “ ভাক্ৰা নাঙল” বান্ধ নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। তাৰোপৰি কৃষি খণ্ডৰ বিকাশৰ বাবে ভূমি বিভাজন নীতি টোক অন্যতম বাধা হিচাপে এই পৰিকল্পনাই চিনাক্ত কৰিছিল। সেইবাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত ভূমি সংস্কাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। 

পাৰ্থক্য: 

১। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই মূলতঃ কৃশিষণ্ডৰ ওপৰত গুৰুত্ব দিছিল। আনহাতে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত গধূৰ তথা দ্ৰুত উদ্যোগীকৰণৰ ওপৰত গুৰুত্ব দিছিল।

২। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ স্থপতি হিচাপে K.N Raj নামৰ যুব অৰ্থনীতিবিদ এ পৰিকল্পনাৰ খচৰা যুগুত কৰিছিল। আনহাতে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ জনক হিচাপে P.C Mohalanbis এ পৰিকল্পনা আৰ্হি যুগুত বা প্ৰস্তুত কৰিছিল।

18. পৰিকল্পনা আয়োগৰ কাৰ্যাৱলী উল্লেখ কৰা।

উত্তৰঃ ১৯৫০ চনৰ মাৰ্চ মাহত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য আৰু কাৰ্যাৱলী তলত দিয়া ধৰণে বাখ্যা কৰা হয় – 

১। সকলো নাগৰিকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাত গুৰুত্ব আৰোপ কৰা।

২। পৰিকল্পনাৰ জৰিয়তে জাতীয় আয় বৃদ্ধিৰ বাবে অৰ্থনৈতিক বিকাশৰ ওপৰত জোৰ দিয়া।

৩। সম্প্ৰদায় সমূহৰ উৎপাদিত সম্পদৰ অধিকাৰ আৰু নিয়ন্ত্ৰণ জনসাধাৰণৰ হিতৰ হকে সুৰক্ষিত কৰি ৰখা।

৪। সম্পদৰ সদ ব্যবহাৰৰ ওপৰত পৰিকল্পনা আয়োগে গুৰুত্ব প্ৰদান কৰি দেশৰ স্বাৰ্থ সুৰক্ষিত কৰা।

৫। অৰ্থনৈতিক অসমতা হ্ৰাস কৰিবলৈ গুৰুত্ব প্ৰদান কৰা।

৬। বিভিন্ন জনকল্যান মূলক আচনিৰ জৰিয়তে দৰিদ্ৰ দূৰীকৰণ, নিবনুৱা সমস্যা সমাধান আদি কাৰ্য পন্থা গ্ৰহন কৰা।

৭। সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে নূন্যতম প্ৰয়োজনখিনি যাতে দেশৰ সকলো জনসাধাৰণে লাভ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা।

৮। পঞ্চবাৰ্ষিক পৰিকল্পনাই আঞ্চলিক ভাৰসাম্যতা ৰক্ষা কৰিবলৈ পিছপৰা অঞ্চলৰ বিকাশ সাধন কৰা।

৯। ৰাজ্য সমূহৰ দ্ৰুত গতিত বিকাশৰ জৰিয়তে সমতা স্থাপন কৰিবলৈ গুৰুত্ব প্ৰদান কৰা।

19. শ্বেত বিপ্লৱৰ বিষয়ে টোকা লিখা।

নাইবা 

গুজৰাটৰ দুগ্ধ বিপ্লৱৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ গাখীৰ উৎপাদন বৃদ্ধিৰ বাবে ভাৰতত বিশেষকৈ গুজৰাটত আৰম্ভ হোৱা বিপ্লৱক শ্বেত বিপ্লৱ বুলি জনা যায়। এই বিপ্লৱৰ অন্যতম নেতা হল ভাৰ্গিজ কুৰেইন আৰু তেওঁক ভাৰতবৰ্ষৰ দুগ্ধ মানৱ বুলি জনা যায়। এই  বিপ্লৱত আটাইতকৈ গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰা কোম্পানী টো হল ‘Amul’ । ‘Amul’ – ৰ সম্পূৰ্ণ ৰূপ হৈছে – ‘ Anand Milk Union Limited’ । ১৯৭০ দশকত ভাৰত চৰকাৰে গ্ৰাম্য অঞ্চলৰ বিকাশৰ বাবে ‘Operation Flood’ নামেৰে এখন আঁচনি আৰম্ভ কৰিছিল। এই আচঁনিৰ জৰিয়তে অধিক দুগ্ধ উৎপাদনৰ লক্ষ্য আগত ৰাখি দেশ জুৰি দুগ্ধ উৎপানকাৰী সকলক সংগঠিত কৰা হৈছিল। ‘Operation Flood’ নামৰ এই আচঁনিৰ মূল উদ্দেশ্য আছিল দুগ্ধ উৎপাদন বৃদ্ধি কৰা। মধ্যভাগী আঁতৰাই উৎপাদক আৰু গ্ৰাহকৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক স্থাপন কৰা আৰু গোটেই বছৰ ধৰি উৎপাদকৰ উপাৰ্জন নিশ্চিত কৰা। ‘Operation Flood’ আঁচনি এ দুগ্ধ উৎপাদনৰ এটা পথ হিচাপে গাঁওৰ পৰিয়াল বোৰৰ নিয়োগ আৰু উপাৰ্জন বৃদ্ধিৰ লগতে দৰিদ্ৰতা নিবাৰণৰ উপায় হিচাপে গ্ৰহণ কৰা হৈছিল। 

4 thoughts on “Class 12 Political Science Chapter – 12 পৰিকল্পিত বিকাশৰ ৰাজনীতি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top