Class 12 Political Science Chapter – 11 এক দলীয় প্রাধান্যৰ যুগ

Class 12 Political Science Chapter – 11 এক দলীয় প্রাধান্যৰ যুগ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 11 এক দলীয় প্রাধান্যৰ যুগ and select needs one.

Class 12 Political Science Chapter – 11 এক দলীয় প্রাধান্যৰ যুগ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 11 এক দলীয় প্রাধান্যৰ যুগ Solutions for All Subject, You can practice these here.

এক দলীয় প্রাধান্যৰ যুগ

পাঠ: ২

দ্বিতীয় খণ্ড

1. ভাৰতৰ প্ৰথম তিনিটা নিৰ্বাচনত কংগ্ৰেছৰ আধিপত্য বা একদলীয় আধিপত্য ৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পিছত কংগ্ৰেছ দলে প্ৰথম তিনিটা  নিৰ্বাচনত আধিপত্য লাভ কৰিবলৈ সক্ষম হৈছিল। ভাৰতবৰ্ষৰ প্ৰথম সাধাৰণ নিৰ্বাচনত অনুষ্ঠিত হৈছিল 1952 চনত এই নিৰ্বাচন আছিল লোক সভাৰ নিৰ্বাচন। এই নিৰ্বাচনত কগ্ৰেছ এ 489 খন আসনৰ ভিতৰত 364 খন আসন লাভ কৰি সৰ্ববৃহৎ দল হিচপে প্ৰাধান্যতা দেখুওৱাইছিল। কংগ্ৰেছ দল এ এই নিৰ্বাচনত 45% ভোট লাভ কৰি অতুলনীয় ভাবে ভাৰতীয় কমিউনিষ্ট পাৰ্টিক চেৰ কৰি পেলাইছিল।

ঠিক একে দৰে 1957 চনৰ দ্বিতীয় লোকসভা নিৰ্বাচনত কগ্ৰেছ দলে পূৰ্বৰ দৰেই নিজৰ স্থিতি বাহাল ৰাখিবলৈ সক্ষম হৈছিল। এই নিৰ্বাচনত কগ্ৰেছ এ সৰ্বমুঠ 494 খন আসনৰ ভিতৰত 371 খন আসন লাভ কৰিছিল আৰু মুঠভোটৰ 47.8% লাভ কৰি আধিপত্য বিস্তাৰ কৰিছিল।

তাৰোপৰি 1962 চনৰ সাধাৰণ নিৰ্বাচনতো সৰ্বমুঠ 494 খন আসনৰ ভিতৰত 361 খন আসন লাভ কৰিছিল আৰু মুঠ ভোটৰ 44.7% লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।

2. ভাৰতৰ ৰাজনৈতিক মঞ্চত কংগ্ৰেছে তিনিটা দশক জুৰি আধিপত্য বিস্তাৰ কৰাৰ মূল কৰণ কি কি আছিল?

উত্তৰঃ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পিছত কংগ্ৰছ এ তিনিটা দশক জুৰি আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। 

ইয়াৰ মূল কাৰণ আছিল তিনিটা যেনে – 

(i) প্ৰথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ ৰ লগতে আন কিছুমান ৰাজনৈতিক দল যেনে সাম্যবাদী দল, সমাজবাদী দল, প্ৰজা সমাজবাদী দল , কিষান মজদুৰ দল , প্ৰজা দল , সতন্ত্ৰ দল , ভাৰতীয় জন সংঘ দল আদি অংশ গ্ৰহণ কৰিছিল। যদিও এই দলবোৰে অভাবনীয় ভাবে পৰাস্ত বৰণ কৰিছিল কাৰণ এই দলবৰৰ মাজত আভ্যন্তৰীন কোনো মিল নাছিল। যাৰ ফলত কংগ্ৰেছ দল এ ইয়াৰ সুযোগ লৈ নিৰ্বাচন ত সংখ্যা গৰিষ্ঠতা লাভ কৰি আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।

(ii) 1952 চনৰ পৰা 1962 চন লৈকে ভাৰতীয় ৰাজনীতিত কংগ্ৰেছ এ আধিপত্য বিস্তাৰ কৰাৰ অন্যতম কাৰণ আছিল স্বাধীনতা আন্দোলনত কংগ্ৰেছ দল এ পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকা। অৰ্থাৎ জাতি আন্দোলন ৰ মূল নেতৃত্ব বহন কৰিছিল কংগ্ৰেছ দটোৱে।

(iii) জৱাহৰলাল নেহেৰুৰ শাসন কালত, গণতন্ত্ৰ, আইনৰ শাসন, ব্যক্তি স্বাধীতা আৰু মৰ্যাদা ৰ প্ৰতি সন্মান,সামাজিক সমতা, অহিংসা আদি নীতি প্ৰয়োগ কৰা হৈছিল। তাৰোপৰি সমাজৰ পিছপৰা শ্ৰেণীৰ উন্নয়ন ৰ বাবে উন্নয়ন মূলক আচঁনি গ্ৰহণ কৰাৰ বাবে কংগ্ৰেছৰ আধিপত্য বৃদ্ধি পাইছিল।

3. ’বিৰোধী পক্ষ হল ভাৰতৰ বিভাজিত সদন ‘- ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতীয় দলীয় ব্যবস্থা ৰ এটা অন্যতম প্ৰকৃতি হল শক্তিশাী বিৰোধী দলৰ অভাৱ আৰু অসংগঠিত তথা বিভিন্ন বিভাজনৰ সম্মুখীন হোৱা বিৰোধী দল। এই দলবোৰৰ মাজত কোনো ধৰণৰ ঐক্য বা সংহতি নথকাৰ বাবে এখন ঐক্যবদ্ধ মঞ্চ তৈয়াৰ কৰিবলৈ সম্পূৰ্ণ বিফল হোৱা দেখা যায়। এই দলবোৰৰ মাজত মাজে সময়ে মতানৈক্য সৃষ্টি হয় কিয়নো তেওঁলোকৰ খুদ্ৰ স্বাৰ্থ তথা লক্ষ আৰু উদ্দেশ্য থাকে ভিন্ন ভিন্ন। কোনো কোনো সময়ত কেন্দ্ৰীয় সংসদ তথা ৰাজ্যিক বিধান সভাত বিৰোধী দল সমূহে একত্ৰিত হৈ চৰকাৰী দলৰ বিৰোধিতা কৰিবলৈ এই দল সমূহে বিফল হোৱা পৰিলক্ষিত হয়। সেই বাবে বিৰোধী দলক ভাৰতবৰ্ষৰ বিভাজিত সদন বুলিও কোৱা হয়।

4. একদলীয় আধিপত্যই ভাৰতীয় ৰাজনীতিত গণতন্ত্ৰ প্ৰকৃতি ত আঘাত হানিছে নেকী? যুক্তি দৰ্শোৱা।

উত্তৰঃ ভাৰতীয় ৰাজনীতিত 1967 চন লৈকে বৰ্তি থকা এক দলীয় আধিপত্ত্যই নিশ্চয়কৈ ভাৰতীয় গণতন্ত্ৰ ত আঘাত হানিছে। প্ৰথম সাধাৰণ নিৰ্বাচন ৰ পৰা 1967 চন লৈকে কংগ্ৰেছৰ বাহিৰে বাকী দল সমূহে সামান্য প্ৰতিনিধিত্বৰহে সুবিধা পাইছিল। কিন্তু এইটো ঠিক যে CPI, BJS, PSP,SP আদি দল সমূহে কংগ্ৰেছৰ নীতি আৰু আচঁনিৰ যদিও যথা সময়ত সমালোচনা কৰিছিল তথাপিও সকলোকে কংগ্ৰেছৰ বৃহৎ সংখ্যা গৰিষ্ঠতা থকা বাবে এনে সমালোচনা ৰ বিশেষ কোনো প্ৰভাৱ পৰা নাছিল। তাৰোপৰি জৱাহৰলাল নেহেৰুৰ আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে কংগ্ৰেছ দলৰ বিৰুদ্ধে উত্থাপিত সমালোচনাক ঢাকি ৰাখিছিল। গতিকে এনে পৰিস্থিতিত ভাৰতীয় ৰাজনীতিৰ গণতান্ত্ৰিক প্ৰকৃতিত নেতিবাচক প্ৰভাৱ পৰিছিল বুলি কব পাৰি। 

5. ‘দ্বি জাতি তত্ত্ব’ – সূত্ৰটো ব্যাখ্যা কৰা।

উত্তৰঃ দ্বি জাতি তত্ত্ব সূত্ৰ মতে ভাৰতবৰ্ষত পূৰ্বৰ পৰাই দুটা জাতি বৃহৎ আকাৰে বসবাস কৰে আহিছে। সেইবাবে এই দুটা জাতিৰ বাবে পৃথক ৰাষ্ট্ৰ গঠন হব লাগে। মুছলিম লীগৰ উত্থপিত দাবী মতে ভাৰতবৰ্ষত বৃহৎ ভাবে বসবাস কৰা দুটা জাতিৰ আধাৰ হল ধৰ্ম আৰু জাতি আৰু এই জাতি দুটা হল ক্ৰমে হিন্দু আৰু মুছলমান। এই পৃথক জাতি দুটা এটা ৰাজনৈতিক ব্যৱস্থাৰ মাজত অৰ্থাৎ এখন জাতি ৰাষ্ট্ৰৰ মাজত থাকিব নোৱাৰে। গতিকে এই পৃথক দুই জাতিৰ বাবে দুখন পৃথক ৰাষ্ট্ৰ গঠন হব লাগে বুলি মুছলিম লীগে দাবী উত্থাপন কৰিছিল। তাৰোপৰি এই তত্বৰ আধাৰতে মুছলিম লীগে মুচলমান সকলৰ বাবে পৃথক পাকিস্তানৰ দাবী উত্থাপন কৰিছিল। কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছে মুছলিম লীগৰ উত্থাপিত দাবীৰ তীব্ৰ আন্দোলনত বৃটিছ উপনিবেশিক শাসক সকলে 1947 চনৰ 14 আগষ্ট তাৰখে ভাৰতবৰ্ষ নামৰ স্বাধীন ৰাষ্ট্ৰৰ জন্ম হয়।

6. ভাৰতীয় দলীয় ব্যবস্থাৰ বৈশিষ্ট উল্লেখ কৰা।

উত্তৰঃ ভাৰতীয় দলীয় ব্যবস্থাৰ বৈশিষ্ট তলত উল্লেখ কৰা হল – 

(i) স্বাধনোত্তৰ কালৰ পৰাই ভাৰতত বহুদলীয় ব্যবস্থা বিৰাজমান।

(ii) ভাৰতবৰ্ষত আঞ্চলিক ভিত্তিত সময়ে সময়ে আঞ্চলিক ৰাজনৈতিক দলৰ উপস্থিতি দেখিবলৈ পোৱা যায়।

(iii) স্বাধীনোত্তৰ কালৰ পৰাই ভাৰতত একদলীয় আধিপত্যৰ সূচনা হোৱা পৰিলক্ষিত হয়।

(iv) ভাৰতবৰ্ষত সম্প্ৰদায় ভিত্তিত কোনো কোনো সময়ত সাম্প্ৰদায়িক দলৰ উপস্থিতি দেখিবলৈ পোৱা যায়।

7. কি পৰিস্থিত দলীয় ব্যৱস্থাৰ সৃষ্টি হৈছিল?

উত্তৰঃ স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত আৰু দলীয় মতানৈক্য তথা আঞ্চলিক আৰু সাম্প্ৰদায়িক স্বাৰ্থ সুৰক্ষাৰ বাবে ভাৰতৰ দলীয় ব্যবস্থাৰ উৎপত্তি হৈছিল।

8. ভাৰতীয় জন সংঘ দলৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ 1951 চনত শ্যমপ্ৰসাদ মুখাৰ্জীৰ নেতৃত্বত ভাৰতীয় জন সংঘ দলৰ জন্ম হয়। স্বাধীনতাৰ পূৰ্বৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ আৰু হিন্দু মহাসভাৰ পৰা ভাৰতীয় সংঘ দলৰ জন্ম হৈছিল। এই দলৰ মূল তিনিজন নেতা আছিল যেনে স্যমপ্ৰসাদ মুখাৰ্জী, দিন্দয়াল উপাধ্যায়, আৰু বলৰাজ মাধ্ক। 

এই দলে এক জাতি এক ৰাষ্ট্ৰ আৰু এক সংস্কৃতিৰ আধাৰত ভাৰতবৰ্ষ গঠন হোৱা কামনা কৰিছিল। ভাৰতীয় জন সংঘ দলে ইংৰাজী ভাষাৰ পৰিবৰ্তে হিন্দী ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ পোষকতা কৰিছিল। তাৰোপৰি এই দলে ভাৰতবৰ্ষ আৰু পাকিস্তান এক হোৱাটো কামনা কৰিছিল। ভাৰতীয় জন সংঘ দলে ধৰ্মীয় আৰু ভাষিক সংখ্যা লঘূ সকলৰ বাবে বিশেষ সুবিধা দিয়াৰ ঘোৰ বিৰোধীতা কৰিছিল। 

পৰবৰ্তী সময়ত স্বাধনোত্তৰ কালত প্ৰথম তিনিটা নিৰ্বচনত ভাৰতীয় জন সংঘ দলে অংগ্ৰহণ কৰে আৰু ক্ৰমে তিনি, চাৰি আৰু চৈধখন আসন লাভ কৰিছিল।

9. স্বতন্ত্ৰ দলৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাজাগোপাল চাৰীয়াৰ তত্বাৱধনত 1959 চনত স্বতন্ত্ৰ দল গঠন হয়। স্বতন্ত্ৰ দলৰ মূল তিনিজন নেতা আছিল ক্ৰমে কে. এম . মুন্সী, এন. জি. ৰঙ্গা আৰু মিনু মাছানি।       

স্বতন্ত্ৰ দলে ইয়াৰ নীতি আৰু আদৰ্শ অন্য দলতকৈ বেতিক্ৰম ৰূপত প্ৰতিষ্ঠা কৰিছে। এই দলে বিশেষকৈ ব্যক্তি স্বাধীনতাৰ দ্বাৰা দেশৰ সৰ্বাঙ্গীন উন্নতিৰ কথা ব্যক্ত কৰিছে। স্বতন্ত্ৰ দলৰ মতে অৰ্থনৈতিক ক্ষেত্ৰখনত চৰকাৰে অতি কমকৈ হস্তক্ষেপ আৰু নিয়ন্ত্ৰন কৰিব লাগে। এই দলে বিশ্বাস কৰে যে অত্যধিক চৰকাৰৰ হস্তক্ষেপ ৰাষ্ট্ৰৰ বিকাশৰ গতি মন্থৰ কৰে। তাৰোপৰি এই দলে কেন্দ্ৰীয় পৰিকল্পনা, ৰাষ্ট্ৰীয়কৰণ আৰু চৰকাৰী খণ্ডৰ ও বিৰোধিতা কৰে। স্বতন্ত্ৰ দলে ব্যক্তি স্বাধীনতাৰ দ্বাৰা কৃষি ক্ষেত্ৰত থকা মাটিৰ চিলঙ ৰ বিৰোধিতা কৰে। তাৰোপৰি দেশৰ উন্নয়নৰ বাবে সাম্যবাদী ৰাষ্ট্ৰ ছোভিয়েট ৰাছিয়াৰ পৰিবৰ্তে পুঁজিবাদী ৰাষ্ট্ৰ আমেৰিকাৰ লগত  সম্পৰ্ক স্থাপনৰ পোষকতা কৰে। স্বতন্ত্ৰ দলে উন্নত কৰ ব্যবস্থা আৰু লাইচেন্স প্ৰথাৰ ও বিৰোধিতা কৰি ব্যক্তি স্বাৰ্থৰ হকে মতামত পোষণ কৰে।

10. প্ৰথম লোকসভা নিৰ্বাচনত কোনটো দল দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছিল?

উত্তৰঃ ভাৰতীয় সাম্যবাদী দল, কেৰেলা ৰাজ্যত।

11. কেৰেলাত কিমান কিমান চনত পোনপ্ৰথমে সাম্যবাদী দলৰ নেতৃত্বত এক সংযুক্ত চৰকাৰ প্ৰতিষ্ঠা হৈছিল? 

উত্তৰঃ 1957 চনত কংগ্ৰেছ দলৰ আধিপত্যক পৰাভূত কৰি কেৰেলা ৰাজ্যত সাম্যবাদী দলৰ নেতৃত্বত এখন সংযুক্ত চৰকাৰ গঠন হয়। 1957 চনৰ নিৰ্বচনত কেৰেলা ৰাজ্যৰ ৰাজ্যিক বিধান সভাৰ মুঠ 126 খন আসনৰ ভিতৰত 60 খন আসন সাম্যবাদী দলে লাভ কৰে। কিন্তু চৰকাৰ গঠন কৰিবলৈ প্ৰাপ্ত আসন নোপোৱাত পাঁচ জন নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থনত এখন সংযুক্ত চৰকাৰ গঠন হয়। কেৰেলা ৰাজ্যত সাম্যবাদী চৰকাৰ ৰ মুৰব্বী হিচাপে E.M.S নাম্বু দৃপদ এ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে। কিন্তু কেন্দ্ৰৰ কংগ্ৰেছ চৰকাৰে 1959 চনত কেৰেলাৰ সাম্যবাদী চৰকাৰখনক সংবিধানৰ 356 নং অনুচ্ছেদ বলবত কৰি বৰ্খাস্ত কৰে।

12. কংগ্ৰেছ দলৰ ওপৰত চমুকৈ টোকা লিখা।

উত্তৰঃ কংগ্ৰেছ দলৰ ভিতৰৰে কিছুমান যুব নেতাই 1934 চনত কংগ্ৰেছ সমাজবাদী দল গঠন কৰে। কিন্তু পৰবৰ্তী সময়ত কংগ্ৰেছে এই বিভাজনমুখি দলৰ পূৰ্ণ বিৰোধিতা কৰি সেই যুবনেতা সকলক 1948 চনত পৃথক সমাজবাদী দল গঠন কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। ফলত সমাজবাদী দলৰ 1948 চনত জন্ম হোৱা বুলি কোৱা হয়। এই দলৰ প্ৰখ্যাত নেতা সকল আছিল জয় প্ৰকাশ নাৰায়ণ, অশোক মেহতা, আচাৰ্য নৰেন্দ্ৰ দেৱ, ৰাম মনোহৰ লোহিয়া , এছ. এম্. যোশী, অচ্যুৎ পটবৰ্ধন আদি।

এই দলে নিৰ্বাচনী কাৰ্যকলাপৰ দ্বাৰা জনগণৰ কল্যাণৰ বাবে কংগ্ৰেছ বিৰোধী প্ৰচাৰ চলাইছিল। সমাজবাদী দলে কংগ্ৰেছক সমালোচনা কৰি কৈছিল যে কংগ্ৰেছ শ্ৰমিক আৰু দুখীয়া শ্ৰেণীক অবহেলা কৰে আৰু কেৱল পুঁজিপতি আৰু জমিদাৰ শ্ৰেণীক সমৰ্থন কৰে। এনে পৰিস্থিতিত কংগ্ৰেছে সমালোচনাৰ সম্মুখীন হৈ দলীয় আদৰ্শ সমাজবাদী আৰ্হিৰে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে। যাৰ ফলত ক্ৰমান্বয়ে কংগ্ৰেছৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিছিল।

13. কোন জন প্ৰখ্যাত ৰাজনীতিবিদ এ কংগ্ৰেছ দলক কংগ্ৰেছ ব্যবস্থা বুলি আখ্যা দিছিল?

উত্তৰঃ প্ৰখ্যাত ৰাজনীতিবিদ ৰজনী কুথাৰীয়ে।

14. কোন জন মহান ৰাজনীতিবিদ এ – ‘ কংগ্ৰেছে ই হৈছে দেশ আৰু দেশেই হৈছে কংগ্ৰেছ ‘ বুলি মন্তব্য কৰিছিল ?

উত্তৰঃ জৱাহৰলাল নেহৰু।

15. কোন জন ৰাজনীতিবিদ এ কংগ্ৰেছক ‘ সমন্বয় সংগঠন’ বুলি কৈছিল?

উত্তৰঃ বি . আৰ. আম্বেদকাৰ।

2 thoughts on “Class 12 Political Science Chapter – 11 এক দলীয় প্রাধান্যৰ যুগ”

  1. Dada aogotke aji kali bohut boring lage website tuu lagatke besi advertise ahe…
    Eneke viewers komi jabo apunar…. Add tu kom ke solaok dada

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top