Class 12 Political Science Chapter – 1 শীতল যুদ্ধৰ যুগ

Class 12 Political Science Chapter – 1 শীতল যুদ্ধৰ যুগ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 1 শীতল যুদ্ধৰ যুগ and select needs one.

Class 12 Political Science Chapter – 1 শীতল যুদ্ধৰ যুগ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 1 শীতল যুদ্ধৰ যুগ Solutions for All Subject, You can practice these here…

প্রশ্ন ১৬.মহা শক্তিয়ে কিয় ৰাষ্ট্রীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্রহণ কৰিছিল ?

উত্তৰঃ দুই মহাশক্তিয়ে ৰাষ্ট্রীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্রহণ কৰিছিল । কাৰণঃ

(ক) গোটেই বিশ্ব সেই সময়ছোৱাত কেবল দুই শক্তি গোষ্ঠীত বিভক্ত হৈ পৰিছিল ।

(খ) শীতল যুদ্ধৰ সময়ত সরু সৰু ৰাষ্ট্রবোৰ পুঁজিবাদী আৰু সমাজবাদী আদর্শত বিভক্ত হৈ পৰিছিল ।

(গ) সেই সংকটৰ সময়ত দুই মহাশক্তিয়ে অর্থনৈতিক, ৰাজনৈতিক আরু সামাজিক দিশসমূহো মন কৰিব লগা হৈছিল ।

(ঘ) শত্রু গোষ্ঠীয়ে যাতে সদস্য ৰাষ্ট্রসমূহক আক্রমণ কৰিব নোৱাৰে তাৰ বাবে সুৰক্ষা প্রদান কৰিব লগা হৈছিল ।

(ঙ) সৰু সৰু দেশসমূহে সেই সময়ক্ষনত আর্থিক আৰু সামৰিক দিশৰ সর্ব-সর্বে শক্তিগোষ্ঠী দুইটাৰ বাবে আগবঢ়াইছিল ।

(চ) সংশয় আৰু সন্দেহৰ সেই প্রতি মুহূর্ততে আক্রমণৰ সম্ভাৱণাই বিৰাজমান হৈ আছিল ।

এই দিশসমূহৰ বাবে মহা শক্তিয়ে ৰাষ্ট্রীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্রহণ কৰিছিল ।

প্রশ্ন ১৭.কিউবাৰ ক্ষেপনাস্ত্র সংকট কি আছিল ?

উত্তৰঃ শীতল যুদ্ধৰ কালছোৱাত দুই মহাশক্তিৰ মাজত সন্দেহ আৰু সংশয়ৰ গঢ় লৈ উঠিছিল । এই পৰিস্থিতিত প্রতি মুহূর্ততে আক্রমণৰ সূচনা হৈছিল । বিশেষকৈ কিউবাৰ ওপৰতো ছোভিয়েট সংঘই এই ধৰণৰ সন্দেহ প্রকাশ কৰিছিল । এই সন্দেহ ১৯৬১-৬২ চনত পূর্ণ ৰূপ পাইছিল । মার্কিন ৰাষ্ট্রপতি আৰু চোৰাংচোৱা বাহিনীৰ সহযোগত কিউবাৰ ওপৰত আক্রমণ চলোৱাৰ ষড়যন্ত্রৰ কথা ছোভিয়েট সংঘই সন্দেহ কৰিব ধৰিছিল । এই পৰিস্থিতিৰ মুকাবিলা কৰিবৰ বাবে ছোভিয়েট সংঘই আগতীয়াকৈ পৰিকল্পনা কৰিছিল । এই পৰিকল্পনাৰ আধাৰতেই ১৯৬২ চনত নিকিটা খ্রুছেভে কিউবাত ৰাছিয়াৰ সামৰিক ঘাটি প্রতিষ্ঠাৰ বাবে সিদ্ধান্ত লয় । এই পৰিপেক্ষিততেই ১৯৬২ চনৰ ছেপ্তেম্বৰ মাহত কিউবা আৰু ছোভিয়েট সংঘ চৰকাৰৰ যুটীয়া প্রচেষ্টাত কিউবাত পাৰমাণৱিক ক্ষেপনাস্ত্র স্থাপন কৰিছিল । এই বিষয়ৰ সন্দর্ভত অক্টোবৰ মাহত আমেৰিকাই গম পাই । লগে লগে আমেৰিকাই আকাশ মার্গ আরু সাগৰৰ জৰীয়তে কিউবাত আক্রমণ কৰাৰ পৰিকল্পনা কৰে । লগতে, ছোভিয়েট সংঘক সামৰিক ঘাটি উঠাই নিয়াৰ বাবে দাবী উত্থাপন কৰে আৰু ছোভিয়েট সংঘৰ জাহাজবোৰ প্রতিহত কৰাৰ বাবে আমেৰিকাৰ যুদ্ধ জাহাজবোৰ ব্যৱহাৰ কৰাৰ কথা ঘোষণা কৰে । অৱশেষত ভয়াবহ সংকটৰ মুখা-মুখী হৈ ১৯৬২ চনৰ ২৮ অক্টোবৰ তাৰিখে এই সংঘাতৰ উৰ পৰে আৰু নৱেম্বৰ মাহত সামৰিক ক্ষেপনাস্ত্র সেই ঠাইৰ পৰা প্রতিহত কৰে ।

কিউবাৰ ক্ষেপনাস্ত্র সংকটৰ তাৎপৰ্যঃ কিউবাৰ ক্ষেপনাস্ত্র সংকটৰ তাৎপৰ্যসমূহ হ’ল এনেধৰণৰ-

(ক)কিউবাৰ ক্ষেপনাস্ত্র সংকট আছিল শীতল যুদ্ধৰ এক চৰম বিন্দু (high point) ।

(খ) আমেৰিকা, ছোভিয়েট সংঘ আরু মিত্রৰাষ্ট্রৰ মাজত এই সংকট এক প্রতিদ্বণ্ডিতা, উত্তেজনা আরু সংঘৰ্ষৰ কেন্দ্র আছিল ।

(গ) সোভাগ্যক্রমে, এই যুদ্ধ এক পূৰ্ণাঙ্গ যুদ্ধলৈ পৰিৱৰ্তন হোৱা নাছিল ।

(ঘ) এই সংকটে সকলো বিশ্ববাসীক সংকিত কৰি তুলিছিল ।

(ঙ) এই সংঘাতত ক্ষমতা, সামৰিক মিত্রতা আৰু ক্ষমতাৰ ভাৰসাম্যতাৰ নীতিসমূহ বিৰাজমান হৈছিল ।  

(চ) আদৰ্শ প্রতিষ্ঠাৰ ই এক শীতলযুদ্ধৰ নিদৰ্শন আছিল ।

প্রশ্ন ১৮.শীতল যুদ্ধৰ কালছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা আলোচনা কৰা ।

উত্তৰঃদুই মহাশক্তিয়ে ৰাষ্ট্রীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্রহণ কৰিছিল । কাৰণঃ

(ক) গোটেই বিশ্ব সেই সময়ছোৱাত কেবল দুই শক্তি গোষ্ঠীত বিভক্ত হৈ পৰিছিল ।

(খ) শীতল যুদ্ধৰ সময়ত সৰু সৰু ৰাষ্ট্রবোৰ পুঁজিবাদী আৰু সমাজবাদী আদর্শত বিভক্ত হৈ পৰিছিল ।

(গ) সেই সংকটৰ সময়ত দুই মহাশক্তিয়ে অর্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক দিশসমূহো মন কৰিব লগা হৈছিল ।

(ঘ) শত্রু গোষ্ঠীয়ে যাতে সদস্য ৰাষ্ট্রসমূহক আক্রমণ কৰিব নোৱাৰে তাৰ বাবে সুৰক্ষা প্রদান কৰিব লগা হৈছিল ।

(ঙ) সৰু সৰু দেশসমূহে সেই সময়ক্ষনত আর্থিক আৰু সামৰিক দিশৰ সর্ব-সর্বে শক্তিগোষ্ঠী দুইটাৰ বাবে আগবঢ়াইছিল ।

(চ) সংশয় আৰু সন্দেহৰ সেই প্রতি মুহূর্ততে আক্রমণৰ সম্ভাৱণাই বিৰাজমান হৈ আছিল ।

এই দিশসমূহৰ বাবে মহা শক্তিয়ে ৰাষ্ট্রীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্রহণ কৰিছিল ।

প্রশ্ন ১৯.ভাৰতৰ গোষ্ঠী নিৰপেক্ষ নীতিৰ কিয় সমালোচনা কৰা হৈছিল ?

উত্তৰঃ  ভাৰতৰ গোষ্ঠী নিৰপেক্ষতাৰ নীতিক সমালোচনা কৰাৰ বিভিন্ন দিশসমূহ পৰিলক্ষিত হৈছে । ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হ’ল এনেধৰণৰ-

(ক) ভাৰতবর্ষই আন্তর্জাতিক ৰাজনীতিৰ ক্ষেত্রত বিশেষকৈ জাতীয় স্বার্থত অধিক গুৰুত্ব আৰোপ কৰিছিল ।

(খ) বহু দিশত ‘গোষ্ঠী নিৰপেক্ষতা’ৰ নামত ভাৰতে নীতিহীন স্থিতি গ্রহণ কৰা পৰিলক্ষিত হৈছিল ।

(গ) ভাৰতে আন্তর্জাতিক সংকটৰ সময়ত কোনো সবল স্থিতি গ্রহণ কৰা নাছিল যিয়ে গোষ্ঠী নিৰপেক্ষতাৰ নীতিক বিরুদ্ধিতা কৰাক সূচায় ।

(ঘ) সঁচা অর্থত ভাৰতে গোষ্ঠী নিৰপেক্ষতাৰ নীতিক সম্পূর্ণৰূপে অনুসৰণ নকৰিছিল ।

(ঙ) কোনো শক্তিগোষ্ঠীত অংশগ্রহণ কৰা নাছিল যদিও ভাৰতে ছোভিয়েট সংঘৰ অতি ঘনিষ্ঠ হিচাপে প্রকাশ পাইছিল ।

(চ) ১৯৭১ চনত বাংলাদেশৰ সংকটৰ সময়ছোৱাতে ভাৰতে ছোভিয়েট সংঘৰ সৈতে বিছ বছৰীয়া মৈত্রী চুক্তিত স্বাক্ষৰ প্রদান কৰিছিল যি গোষ্ঠী নিৰপেক্ষতাৰ নীতিৰ বিপৰীত আছিল ।

(ছ) লগতে, গোষ্ঠী নিৰপেক্ষতাৰ নীতিক চেৰ পেলাই ভাৰতে আমেৰিকা আৰু আন পশ্চিমীয়া দেশৰ লগতো বন্ধুত্বপূর্ণ সম্বন্ধ ৰক্ষা কৰিছিল ।

প্রশ্ন ২০.বৃহৎ শক্তিসমূহৰ মাজত কিহে সহযোগিতা আনি দিছিল ?

উত্তৰঃ ১৯৬১ চনত ২৫ খন ৰাষ্ট্রৰ সহযোগত গোষ্ঠীনিৰপেক্ষ আন্দোলন অর্থাৎ NAM ৰ প্রতিষ্ঠা কৰা হৈছিল । শীতল যুদ্ধৰ সময়ত NAM ৰ ভূমিকা উল্লেখনীয় আছিল । ইয়াৰ ভিতৰত গুৰুত্বপূর্ণ বিষয় সমূহ হ’লঃ

(ক) গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ সহযোগত সদস্য ৰাষ্ট্রবোৰে স্বাধীনভাৱে দেশীয় আৰু বৈদেশিক নীতি গঠনত সুবিধা গ্রহণ কৰিছিল ।

(খ) ফেচিবাদ, উপনিৱেশবাদ আরু বর্ণবাদৰ বিৰুদ্ধে অৱস্থান গ্রহণ কৰিব পাৰিছিল ।

(গ) সদস্যৰাষ্ট্রবোৰৰ মাজত ভৌগোলিক অখণ্ডতা আৰু সার্বভৌমত্ব ৰক্ষাৰ ক্ষেত্রত সফল হৈছিল ।

(ঘ) বিশ্বত শান্তিপূর্ণ সহঅৱস্থান গঢ়ি তুলাত গোষ্ঠীনিৰপেক্ষ আন্দোলনে মুখ্য ভূমিকা পালন কৰিছিল ।

(ঙ) শীতল যুদ্ধৰ সময়ছোৱাত বিশ্বশান্তি আৰু নিৰাপত্তাক প্রাধান্য দি গোষ্ঠী নিৰপেক্ষ আন্দোলন পৃথিৱীৰ সর্ববৃহৎ শান্তি আন্দোলন হিচাপে প্রতিষ্ঠিত হৈছিল ।

(চ) দুই মহাশক্তিৰ মাজত স্বতন্ত্র অৱস্থান কৰি শীতল যুদ্ধৰ উন্মাদনা হ্রাস কৰাত সফল হৈছিল ।

(ছ) সমসাময়িকভাৱে, গোষ্ঠিনিৰপেক্ষ আন্দোলনৰ সহযোগত দক্ষিণ আফ্রিকাৰ বর্ণবাদ বিৰোধী আন্দোলন, পেলেষ্টাইন, জিম্বাবোৱেৰ লগতে নামিবিয়াৰ স্বাধীনতাৰ সংগ্রামসমূহ সফল ৰূপায়ণ হৈছিল ।

(জ)শীতল যুদ্ধৰ সময়ছোৱাত আন ৰাষ্ট্রত সামৰিক ঘাটি প্রতিষ্ঠা কৰাৰ বিৰুদ্ধেও গোষ্ঠী নিৰপেক্ষ আন্দোলনে মাত মাতিছিল ।

(ঝ) আণবিক আৰু পাৰমাণবিক বোমাৰ ব্যৱহাৰৰ দিশতো বিৰুদ্ধাচৰণ কৰি শীতল যুদ্ধৰ বহু পৰিমাণে উপশম কৰিছিল ।

প্রশ্ন ২১.গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সফলতাসমূহৰ ওপৰত এটা টোকা লিখা ।

উত্তৰঃদুই মহাশক্তিয়ে ৰাষ্ট্রীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্রহণ কৰিছিল । কাৰণঃ

(ক) গোটেই বিশ্ব সেই সময়ছোৱাত কেবল দুই শক্তি গোষ্ঠীত বিভক্ত হৈ পৰিছিল ।

(খ) শীতল যুদ্ধৰ সময়ত সৰু সৰু ৰাষ্ট্রবোৰ পুঁজিবাদী আৰু সমাজবাদী আদর্শত বিভক্ত হৈ পৰিছিল ।

(গ) সেই সংকটৰ সময়ত দুই মহাশক্তিয়ে অর্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক দিশসমূহো মন কৰিব লগা হৈছিল ।

(ঘ) শত্রু গোষ্ঠীয়ে যাতে সদস্য ৰাষ্ট্রসমূহক আক্রমণ কৰিব নোৱাৰে তাৰ বাবে সুৰক্ষা প্রদান কৰিব লগা হৈছিল ।

(ঙ) সৰু সৰু দেশসমূহে সেই সময়ক্ষনত আর্থিক আৰু সামৰিক দিশৰ সর্ব-সর্বে শক্তিগোষ্ঠী দুইটাৰ বাবে আগবঢ়াইছিল ।

(চ) সংশয় আৰু সন্দেহৰ সেই প্রতি মুহূর্ততে আক্রমণৰ সম্ভাৱণাই বিৰাজমান হৈ আছিল ।

এই দিশসমূহৰ বাবে মহা শক্তিয়ে ৰাষ্ট্রীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্রহণ কৰিছিল ।

প্রশ্ন ২২.কিউবাৰ মিছাইল সংকট কি আছিল ?

উত্তৰঃ দুই মহাশক্তিয়ে ৰাষ্ট্রীয় আরু দায়িত্বশীল দৃষ্টিভংগী গ্রহণ কৰিছিল । কাৰণঃ

(ক) গোটেই বিশ্ব সেই সময়ছোৱাত কেবল দুই শক্তি গোষ্ঠীত বিভক্ত হৈ পৰিছিল ।

(খ) শীতল যুদ্ধৰ সময়ত সৰু সৰু ৰাষ্ট্রবোৰ পুঁজিবাদী আৰু সমাজবাদী আদর্শত বিভক্ত হৈ পৰিছিল ।

(গ) সেই সংকটৰ সময়ত দুই মহাশক্তিয়ে অর্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক দিশসমূহো মন কৰিব লগা হৈছিল ।

(ঘ) শত্রু গোষ্ঠীয়ে যাতে সদস্য ৰাষ্ট্রসমূহক আক্রমণ কৰিব নোৱাৰে তাৰ বাবে সুৰক্ষা প্রদান কৰিব লগা হৈছিল ।

(ঙ) সৰু সৰু দেশসমূহে সেই সময়ক্ষনত আর্থিক আৰু সামৰিক দিশৰ সর্ব-সর্বে শক্তিগোষ্ঠী দুইটাৰ বাবে আগবঢ়াইছিল ।

(চ) সংশয় আৰু সন্দেহৰ সেই প্রতি মুহূর্ততে আক্রমণৰ সম্ভাৱণাই বিৰাজমান হৈ আছিল ।

এই দিশসমূহৰ বাবে মহা শক্তিয়ে ৰাষ্ট্রীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্রহণ কৰিছিল ।

প্রশ্ন ২৩.তুমি ভাবা নেকি যে শীতল যুদ্ধৰ পিছত NAM এ নিজৰ প্রাসংগিকতা হেরুৱাই পেলাইছে ? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা নিৰ্ণয় কৰা ।

উত্তৰঃ শীতল যুদ্ধৰ পিছত বা যুদ্ধোত্তৰ কালত বা শীতল যুদ্ধৰ সমাপ্তিৰ পাচত তৃতীয় বিশ্বৰ দেশসমূহে যিসমূহে শীতল যুদ্ধৰ কালত গোষ্ঠীনিৰপেক্ষ আন্দোলন গঢ়ি তুলিছিল, সেই দেশসমূহে প্রায়বোৰে নতুন অৰ্থনৈতিক নীতি আৰু পুঁজিবাদী মুক্ত বাণিজ্য নীতি গ্রহণ কৰিছে । তথাপি গোষ্ঠী নিৰপেক্ষ আন্দোলনে ইয়াৰ প্রাসংগিকতা পূৰ্ণমাত্রে হেৰুৱাই পেলোৱা নাই । ইয়াৰ প্রাসংগিক যুক্তিযুক্ততা সমূহ হ’ল এনেধৰণৰ-

(ক) সদস্যৰ বা অংশীদাৰিত্বৰ প্রাসংগিকতাঃ শেহতীয়াকৈ ২০১৯ চনত ২৫-২৬ অক্টোবৰত বাকু(Baku), আজাৰবাইজানত (Azerbaijan) অনুষ্ঠিত হোৱা নিৰপেক্ষ আন্দোলনৰ ১৮ তম শীৰ্ষ সন্মিলনত ১২০ খন সদস্য ৰাষ্ট্র, ১৭ খন পৰ্যবেক্ষক ৰাষ্ট্র আরু ১০ টা আন্তৰ্জাতিক সংগঠনে অংশগ্রহণ কৰিছিল । ইয়েই গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বৰ্তমান প্রাসংগিকতাক স্বীকাৰ কৰে ।

(খ) তৃতীয় বিশ্বৰ দেশসমূহৰ এক সামূহিক প্রতিৰোধ শক্তিঃ বৰ্তমান আন্তৰ্জাতিক পৰ্যায়ত এক মহাশক্তি অব্যাহত আছে । এই মহাশক্তিয়ে যাতে তৃতীয় বিশ্বৰ দেশসমূহৰ অস্তিত্ব ৰক্ষা কৰিবৰ নিমিত্তে গোষ্ঠী নিৰপেক্ষ আন্দোলনে এক সামূহিক প্রতিৰোধ শক্তি হিচাপে সহায় কৰি আহিছে ।

(গ) অগণতান্ত্রিক নীতিৰ সহায়ত গঢ়ি উঠা আন্তৰ্জাতিক ব্যৱস্থাসমূহৰ বিপক্ষে যুঁজ কৰাৰ পৰপেক্ষিততঃ বৰ্তমান বহুতো আন্তৰ্জাতিক সংস্থাসমূহ অগণতান্ত্রিক নীতিৰ উপৰত গঢ়ি উঠিছে । এই অনুষ্ঠান প্রতিষ্ঠান সমূহৰ বিপক্ষে যুঁজ কৰিবলৈ আৰু গণতন্ত্র ৰক্ষা কৰিবৰ বাবে গোষ্ঠী নিৰপেক্ষ আন্দোলনে সহায় কৰি আহিছে ।

(ঘ) তৃতীয় বিশ্ব দেশসমূহৰ সহযোগিতা গঢ়ি তুলা সম্পৰ্কঃ বৰ্তমানেও তৃতীয় বিশ্বৰ সহযোগিতা গঢ়ি তুলাৰ দিশত গোষ্ঠী নিৰপেক্ষতাই মুখ্য ভূমিকা গ্রহণ কৰিছে । এই গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মাধ্যমেৰে এই দেশসমূহৰ আন্তৰ্জাতিক পৰ্যায়ত ভাৰসাম্য গঢ়ি তুলিবৰ বাবে সহায়ক হৈছে ।

(ঙ) তৃতীয় বিশ্বৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানত সহায়কঃ শীতল যুদ্ধৰ অন্তত বা পাছত, তৃতীয় বিশ্বৰ দেশসমূহৰ দীৰ্ঘদিনীয়া সমস্যা বিশেষকৈ দৰিদ্রতা, বৈষম্যমূলক বিশ্ব বাণিজ্য নীতিৰ প্রভাৱ আদি অব্যাহত আছে । এই সমস্যাসমূহ সমাধানৰ অৰ্থে তৃতীয় বিশ্বৰ দেশসমূহৰ সহযোগিতা নিতান্তই প্রয়োজন আৰু এই সহযোগিতা গঢ়ি তুলাত গোষ্ঠী নিৰপেক্ষতা আন্দোলনে মুখ্য গুৰি ধৰি আহিছে ।

এনেদৰে দেখা যায় যে শীতল যুদ্ধৰ অন্তত বা পাছতো, গোষ্ঠী নিৰপেক্ষ আন্দোলনে বা NAM or The Non-Aligned Movement য়ে প্রাসংগিকতা বজাই ৰাখিছে ।   

প্রশ্ন ২৪.ধৰা হ’ল শীতল যুদ্ধ হােৱাই নাছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কেইবাটাও প্রধান শক্তি থাকি গ’ল । তেনে পৰিস্থিতিত ভাৰতৰ বৈদেশিক নীতি কিদৰে প্রবাৱিত হ’লহেঁতেন ? যিকোনাে তিনিটা দিশ চিনাক্ত কৰা আৰু পার্থক্য নিরূপণ কৰা । 

উত্তৰঃ ধৰা হ’ল শীতল যুদ্ধ হােৱাই নাছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ কেইবাটাও প্রধান শক্তি থাকি গ’ল । এনে পৰিস্থিতিয়ে নিতান্তই ভাৰতৰ বৈদেশিক নীতিক বেয়াকৈ প্ৰভাৱিত কৰিব । এয়া নিম্নোক্ত তিনিটা দিশৰ পৰা স্পষ্ট 

( ক ) অন্যান্য ৰাষ্ট্ৰবিলাকৰ লগত সম্পর্ক :- শীতল যুদ্ধৰ সময়ত ভাৰতে পশ্চিমীয়া আৰু আফ্রিকান ৰাষ্ট্ৰবিলাকৰ অধিকাংশৰ লগত সু – সম্পর্ক ৰক্ষা কৰি চলিছিল আৰু অন্যান্য অর্থনৈতিক , ৰাজনৈতিক ব্যৱস্থাসমূহৰ লগতাে সম্পর্ক ৰক্ষা কৰিছিল । কিন্তু , যদি শীতল যুদ্ধ নহ’লহেঁতেন তেন্তে ভাৰতৰ লগত অন্যান্য ৰাষ্ট্ৰবিলাকৰ সম্পর্ক প্রকৃতি বেলেগ হ’লহেঁতেন । 

( খ ) কাশ্মীৰ সমস্যা :- কাশ্মীৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত ভাৰত জটিল পৰিস্থিতিৰ সন্মুখীন হৈছিল । শীতল যুদ্ধৰ অনুপস্থিতিয়ে কাশ্মীৰ সীমাৰেখাৰ বিষয়টো মীমাংসা কৰিলেহেঁতেন আৰু ভাৰত – পাকিস্তানৰ মাজৰ মধুৰ সম্পর্ক অব্যাহত থাকিলহেঁতেন । 

( গ ) গােষ্ঠীনিৰপেক্ষ নীতি :- পশ্চিমীয়া আৰু পূর্বৰ মৈত্রীৰ মাজৰ দ্বি – বিভাজনৰ ফলশ্ৰুতিত গােষ্ঠীনিৰপেক্ষ নীতিৰ উদ্ভৱ হৈছিল আৰু নতুনকৈ স্বাধীনতাপ্রাপ্ত এফ্র – এছিয়ান ৰাষ্ট্ৰবিলাকে পুনৰ ঔপনিৱেশবাদ আৰু সাম্রাজ্যবাদৰ দৰে নীতিবিলাক পৰিহাৰ কৰিব বিচাৰিছিল । শীতল যুদ্ধ নােহােৱাহেঁতেন NAM নীতিৰ অভ্যুত্থান নহ’লহেঁতেন আৰু ভাৰতৰ বৈদেশিক নীতি কিছু পৃথক ৰূপৰ হ’লহেঁতেন । 

প্রশ্ন ২৫.যুদ্ধোত্তৰ কালত NAM ৰ নতুন ভূমিকা নুকৈ বিশ্লেষণ কৰা । 

উত্তৰঃ শীতল যুদ্ধৰ কালত NAM এ এক তাৎপর্যপূর্ণ ভূমিকা গ্রহণ কৰিছিল । NAM ভূমিকা নিম্নোক্ত ধৰণে আলােচনা কৰিব পাৰি—

( ক ) গােষ্ঠীনিৰপেক্ষতা নীতিয়ে শান্তি উত্তৰণ ঘটোৱাৰ লগতে ৰাষ্ট্ৰবিলাকৰ মাজত শান্তিপূর্ণভাৱে বািবদ নিষ্পত্তিকৰণৰ ওপৰত গুৰুত্ব দিছিল । 

( খ ) এই আন্দোলনে ঔপনিৱেশিকতাবাদ , বর্ণ – বৈষম্য আদিৰ ঘােৰ বিৰােধিতা কৰি ৰাষ্ট্ৰসমূহৰ স্বাধীনতাৰ পথ প্রশস্ত কৰি তােলে । 

( গ ) এই আন্দোলনে শীতল যুদ্ধৰ অৱসান ঘটোৱাত অৰিহণা যােগায় । 

( ঘ ) গােষ্ঠীনিৰপেক্ষ আন্দোলনে আন্তঃৰাষ্ট্ৰীয় শান্তি প্রতিষ্ঠা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে ।

26 thoughts on “Class 12 Political Science Chapter – 1 শীতল যুদ্ধৰ যুগ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top