Class 12 Political Science Chapter – 1 শীতল যুদ্ধৰ যুগ

Class 12 Political Science Chapter – 1 শীতল যুদ্ধৰ যুগ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 1 শীতল যুদ্ধৰ যুগ and select needs one.

Class 12 Political Science Chapter – 1 শীতল যুদ্ধৰ যুগ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 1 শীতল যুদ্ধৰ যুগ Solutions for All Subject, You can practice these here…

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ ( মূল্যাংক ৪/৫ )

প্রশ্ন ১.শীতল যুদ্ধ কিয় ‘এক শীতল যুদ্ধ’ হৈ আছিল আৰু ‘উত্তপ্ত’ যুদ্ধ হোৱাগৈ নাছিল ?

উত্তৰঃ শীতল যুদ্ধ এক শীতল যুদ্ধ হৈ আছিল আৰু ‘উত্তপ্ত’ যুদ্ধ হোৱাগৈ নাছিল । প্রতিমুহূর্ততে যুদ্ধৰ উত্তেজনা হৈছিল । কিন্তু দুয়ুটা শিবিৰৰ মাজত পোনপটীয়া যুদ্ধৰ সূত্রপাত ঘটা নাছিল, যাৰ বাবে ‘শীতল যুদ্ধ’ বোলা হৈছিল । কাৰণ দুই মহাশক্তিৰ পাৰমাণৱিক শক্তি মজুত আছিল । হিৰোছিমা আৰু নাগাছাকিৰ ঘটনাৰ বাবে দুয়ুপক্ষই পুনৰ এক ভয়াবহ বিপদৰ আশংকা কৰিছিল । তেওঁলোকে দুয়ুপক্ষই নিঃশেষ হোৱাৰো ভয় কৰিছিল । সেয়েহে দুয়ুপক্ষই কোনো পৰিস্থিতিতেই যাতে প্রত্যক্ষ যুদ্ধ নহয় তাৰ বাবে সাবধানতা অৱলম্বন কৰিছিল । লগতে, দুয়ুপক্ষই প্রত্যক্ষ যুদ্ধৰ পৰা বিৰত থকাটো মঙ্গল হব বুলি ভাবিছিল । সেই পৰিস্থিতিত আণবিক বোমাই প্রত্যক্ষ যুদ্ধ নিবাৰক হিচাপে সক্রিয় আছিল । দুয়ুটা পক্ষই বিশ্বত নিজৰ আধিপত্য প্রতিষ্ঠাৰ বাবে চেষ্টা কৰিছিল । কিন্তু কোনো প্রত্যক্ষ ‘উত্তপ্ত’ যুদ্ধৰ  সংঘটন কৰা নাছিল । কাৰণ দুয়ুপখই সম-শক্তি আছিল ।  

প্রশ্ন ২.তুমি ভাবানে নে যে দুই মহাশক্তিয়ে নেতৃত্ব দিয়া মিত্র শক্তি ব্যৱস্থাই সমগ্র বিশ্বকে দুটা শিবিৰত ভাগ কৰিছিল ? তোমাৰ উত্তৰৰ যুক্তি-যুক্তিতা প্রতিপন্ন কৰা ।

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সৃষ্টি হোৱা শীতল যুদ্ধই বিশ্বৰ প্রতিটো প্রান্তত নিজৰ আধিপত্য প্রতিষ্ঠাৰ কাৰণে প্রতিযোগিতা কৰিছিল । গোটেই বিশ্ব দুই শক্তিগোষ্ঠীৰ প্রতিনিধিৰ সহায়ত দুটা শিবিৰত বিভক্ত হৈছিল । পুঁজিবাদী শিবিৰে প্রধানকৈ পশ্চিম ইউৰোপৰ দেশসমূহক কেন্দ্রীভূত কৰিছিল । লগতে, পূব ইউৰোপৰ দেশসমূহে সমাজবাদী শিবিৰত যোগদান কৰিছিল । দুয়ুটা শিবিৰে পৃথিৱীৰ বিভিন্ন প্রান্তত আধিপত্য প্রতিষ্ঠাৰ বাবে প্রচেষ্টা কৰিছিল । পৃথিবীৰ প্রায়বোৰ স্বাধীন দেশসমূহে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে কোনো এক শিবিৰত যোগদান কৰিছিল । বিশ্বৰ সৰু সৰু দেশসমূহে অর্থনীতি আৰু সামৰিক ব্যবস্থাৰ পুনৰ গঠনৰ অর্থে এই দুই শিবিৰত যোগদান কৰিছিল । মুঠতে বিশ্বৰ প্রায়সংখ্যক দেশসমূহে অস্তিত্ব যাতে বিলুপ্ত নহয় তাৰ বাবে কোনো এক শিবিৰত যোগদান কৰি অর্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক সুবিধাসমূহ লাভ কৰিছিল ।

প্রশ্ন ৩.সৰু সৰু দেশবোৰে দুই মহাশক্তিক কিদৰে সহায় কৰিছিল ?

উত্তৰঃ শীতল যুদ্ধৰ সময়ছোৱাত দুই শক্তিধৰে সৰু সৰু ৰাষ্ট্রসমূহৰ সৈতে সামৰিক সহযোগিতা গঢ়ি তুলিছিল আরু বহু দিশত সহায় লাভ কৰিছিল । ইয়াৰে উল্লেখযোগ্য দিশ বা কাৰণসমূহ হ’লঃ

(ক) সৰু সৰু সহযোগী ৰাষ্ট্রসমূহে দুই মহাশক্তিক তেওঁলোকৰ অস্ত্র আৰু সৈন্য বাহিনীৰে সহায় কৰিছিল ।

(খ) খনিজ সম্পদ, তেল আরু আন প্রাকৃতিক সম্পদসমূহৰ চহকী সরু সরু ৰাষ্ট্রবোৰে তেওঁলোকৰ সম্পদৰ ভঁৰালেৰে দুই মহাশক্তিক সহায় কৰিব পাৰিছিল ।

(গ)দুই মহাশক্তিক সৰু সৰু দেশবোৰে চোৰাং চোৰাৰ ঘাটি হিচাপে ব্যবহাৰ কৰাৰ সুযোগ প্রদান কৰিছিল ।

(ঘ) দুই মহাশক্তিৰ বর্ধিত সামৰিক ব্যয় বহন কৰাৰ বাবে সৰু সৰু দেশবোৰে আর্থিক সাহায্য আগবঢ়াইছিল ।

(ঙ) সৰু সৰু দেশৰ ভূখণ্ডক যুদ্ধক্ষেত্রত ব্যৱহাৰ কৰিব পাৰিছিল ।

(চ) সৰু সৰু দেশৰ সামৰিক বাহিনীৰ সহযোগত যুদ্ধৰ বাবে সৈন্যৰ শক্তিশালী সংগঠন গঢ়ি তুলিবলৈ সক্ষম হৈছিল ।

প্রশ্ন ৪.শীতল যুদ্ধৰ সময়ত NAM ৰ ভূমিকা আলোচনা কৰিছিল ?

উত্তৰঃ শীতল যুদ্ধৰ সময়ত তৃতীয় বিশ্বৰ দেশসমূহ বিশেষকৈ এছিয়া, আফ্রিকা আৰু লেটিন আমেৰিকাৰ দেশসমূহৰ সহযোগত গোষ্ঠী নিৰপেক্ষ আন্দোলন অর্থাৎ NAM or Non Aligned Movement গঢ়ি উঠিছিল । শীতল যুদ্ধৰ কালছোৱাত সামৰিক দুই মিত্রজোটৰ পৰা এই NAM ৰ অন্তর্গত দেশসমূহে আতৰি আছিল । সেই পৰিস্থিতিত অর্থনীতি আৰু বিকাশৰ ভেটিৰ নির্মাণৰ বাবে যুদ্ধৰ পৰিবর্তে শান্তিহে বিচাৰিছিল । এই দেশসমূহে দুই মহাশক্তিৰ কবলৰ পৰা মুক্ত হৈ শীতল যুদ্ধৰ সময়ত স্বাধীনভাৱে দেশীয় আৰু বৈদেশিক নীতি প্রস্তুত কৰিছিল । ফেচিবাদ, উপনিবেশবাদ, বর্ণবাদ, আৰু আনবিক বোমাৰ দৰে বিষয়সমূহৰ ক্ষেত্রত NAM এ বিৰোধিতা কৰিছিল । শীতল যুদ্ধৰ সময়ত NAM ৰ ৰাষ্ট্রসমূহে বৈদেশিক ৰাষ্ট্রত সামৰিক ঘাটি নির্মাণৰ বিৰোধিতা কৰিছিল । সেই ৰাষ্ট্রবোৰে বিশ্বশান্তি আরু নিৰাপত্তাৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰিছিল । সেয়েহে শীতল যুদ্ধৰ কালছোৱাত NAM ক পৃথিবীৰ সর্ববৃহৎ শান্তি আন্দোলন নামেৰে জনা গৈছিল ।

প্রশ্ন ৫.তুমি ভাবানে যে আদর্শগত পার্থক্যই শীতল যুদ্ধৰ সৃষ্টিত অৰিহনা যোগাইছিল ?

উত্তৰঃ হয় শীতল যুদ্ধৰ কালছোৱাত দুই মহাশক্তিয়ে দুই পৃথক আদর্শৰে অনুপ্রাণিত হৈছিল । আমেৰিকা যুক্তৰাষ্ট্রৰ অধীনৰ মহাশক্তিয়ে পুঁজিবাদী আদর্শ গ্রহণ কৰিছিল । লগতে, ছোভিয়েট ৰাছিয়াৰ নেতৃত্বাধীন শক্তিগোষ্ঠীয়ে সমাজবাদী শিবিৰৰ আদর্শত প্রতিষ্ঠিত হৈছিল । দুই শক্তিগোষ্ঠীয়ে পৃথক ধৰণৰ ৰাষ্ট্র ব্যৱস্থা, অর্থনীতিৰ নিয়ন্ত্রণ আৰু আদর্শগত পৰিচালনাৰে পৰিচালিত হৈছিল । পুঁজিবাদী শিবিৰৰ আদর্শয়ে ব্যক্তিৰ আধিকাৰ আৰু ব্যক্তিগত মালিকানাস্বত্বক সংলগ্ন কৰিছিল । আনহাতে, সমাজবাদী শিবিৰৰ আদর্শয়ে ৰাষ্ট্রৰ হাতত প্রায়বোৰ ক্ষমতা অর্পণ কৰিছিল । তাৰোপৰি, পুঁজিবাদী আদর্শৰ শক্তিগোষ্ঠীয়ে উদাৰ অর্থনীতি আরু উদাৰ গণতান্ত্রিক ব্যবস্থা আৰোপ কৰিছিল । বিপৰীতে, সমাজবাদী শিবিৰৰ আদর্শই ৰাষ্ট্রৰ একাত্মক শাসনৰ মাধ্যমেৰে জাতীয় অর্থনীতিৰ বুনিয়াদ নির্মাণ কৰাৰ আদর্শ প্রতিষ্ঠা কৰিছিল ।

প্রশ্ন ৬.NAM ৰ অৱস্থিতিত ভাৰতৰ ভূমিকা নির্ণয় কৰা ।

উত্তৰঃ ১৯৬১ চনত বেলগ্রেডত স্থাপন হোৱা গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ মুখ্য খনিকৰ আছিল ভাৰতৰ প্রথমজন প্রধানমন্ত্রী জৱাহৰলাল নেহৰু । “গোষ্ঠীনিৰপেক্ষতা” ৰ ধাৰণাতো প্রথম বাৰৰ বাবে জবাহৰলাল নেহৰুয়ে ব্যৱহাৰ কৰিছিল । গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল আধাৰ আছিল- ভাৰত আৰু চীনৰ মাজত  হোৱা দ্বি-পাক্ষিক “পঞ্চশীল নীতি” । ভাৰতে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ জৰীয়তে দুখন দেশৰ মাজত ভোগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্রতি পাৰস্পৰিক সন্মানৰ নীতিৰ প্রভাৱ পেলাইছিল । লগতে, ভাৰতৰ পঞ্চশীল নীতিৰ জৰীয়তেই গোষ্ঠীনিৰপেক্ষ আন্দোলনত পাৰস্পৰিক নিআগ্রাশন নীতিৰ পালন কৰিছিল । ইয়াৰ উপৰিও, ভাৰতে বৈদেশিক ৰাষ্ট্রত সামৰিক ঘাটি নির্মাণ কৰাত ঘুৰ বিরুদ্ধিতা কৰিছিল । ভাৰতে গোষ্ঠী নিৰপেক্ষতাৰ জৰীয়তে সমতা আরু পাৰস্পৰিক সুযোগ-সুবিধা পোৱাৰ ক্ষেত্রত পৃষ্ঠ-পোষকতা কৰিছিল । সমসাময়িকভাবে, গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল নীতি স্বরূপ শান্তিপূর্ণ সহৱস্থানৰ নীতিও ভাৰতৰ পঞ্চশীল নীতিৰ সহায়তে স্থাপন কৰা হৈছিল ।

প্রশ্ন ৭.বেলগ্রেড শীর্ষ সন্মিলনৰ তাৎপর্য্য বিশ্লেষণ কৰা ।

উত্তৰঃ ১৯৬১ চনত বেলগ্রেডৰ শীর্ষ সন্মিলন স্থাপন হৈছিল । এই সন্মিলনতেই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ পাতনি মেলিছিল । ২৫ খন ৰাষ্ট্রৰ সহযোগত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নীতি আরু কাৰ্য্যসূচীসমূহ এই সন্মিলনতেই গঠন কৰা হৈছিল । বেলগ্রেডৰ এই সন্মিলনৰ জৰীয়তেই ভাৰত আরু চীনৰ মাজত হোৱা পঞ্চশীল নীতিকেইটাৰ পূর্ণ বিকাশ আৰু কাৰ্যকৰী হৈছিল । এই সন্মিলনৰ মাধ্যমেৰেই পৃথিৱীৰ সর্ববৃহৎ শান্তি আন্দোলন হিচাপে গোষ্ঠীনিৰপেক্ষ আন্দোলন প্রতিষ্ঠিত হৈছিল । লগতে, দক্ষিণ আফ্রিকাৰ বর্ণবাদ বিৰোধী আন্দোলনৰ মূল পাতনি এই আন্দোলনৰ জৰীয়তে বিস্তাৰ ঘটিছিল । সমসাময়িকভাৱে পেলেষ্টাইন, জিম্বাবোৱে আৰু নামিবিয়াৰ স্বাধীনতা সংগ্রামৰ বিষয়ে বেলগ্রেড শীর্ষ সন্মিলনত আলোচনা কৰা হৈছিল । তাৰোপৰি, গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ পূর্ণ ৰূপত এই সন্মিলনৰ সহযোগত স্থাপিত হৈছিল ।

প্রশ্ন ৮.NATO ৰ সদস্য ৰাষ্ট্রবোৰ কি কি ?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্রৰ নেতৃত্বৰ জৰীয়তে ১৯৪৯ চনৰ ৪ এপ্রিলত উত্তৰ আটলান্টিক চুক্তি সংগঠন অর্থাৎ NATO (North Atlantic Treaty Organisation) গঢ়ি উঠিছিল । NATO ৰ গঠনৰ সময়ত ইয়াৰ সদস্য ৰাষ্ট্রৰ সংখ্যা আছিল- ১২ খন । সেই ৰাষ্ট্রসমূহৰ নাম আছিল- বেলজিয়াম, কানাডা, ডেনমার্ক, ফ্রান্স, আইচলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, নেডাৰলেণ্ড, নৰওৱে, পর্তুগাল, ব্রিটেইন আৰু মার্কিন যুক্তৰাষ্ট্র । পৰৱৰ্তী সময়ত NATO ৰ সংগঠনত আন বহু ৰাষ্ট্রই অংশগ্রহণ কৰিছিল ।

প্রশ্ন ৯.মিত্র শক্তি ব্যৱস্থাৰ আদর্শগত কাৰণ কি ?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধ(১৯৩৯-৪৫)ৰ সময়ত মিত্রশক্তি আৰু চক্রশক্তি বা অক্ষীয়শক্তি হিচাপে দুটা শক্তিগোষ্ঠীত বিভক্ত হৈছিল । মিত্র শক্তি সাধাৰণতে মার্কিন যুক্তৰাষ্ট্র, ছোভিয়েট সংঘ, ব্রিটেইন, ফ্রান্স আৰু আন কিছু দেশৰ সংলগ্নৰে গঠিত হৈছিল । মিত্র শক্তি ব্যৱস্থাৰ আদর্শগত মূল কাৰণ আছিল নিজৰ আদর্শৰে আধিপত্য বিস্তাৰ কৰা । দুই মহাশক্তিয়ে তেওঁলোকৰ নিজৰ মতাদর্শগত আদর্শসমূহ পৃথিৱীৰ সকলো প্রান্তত প্রতিষ্ঠাৰ বাবে চেষ্টা কৰিছিল । লগতে, সামৰিক, সাংস্কৃতিক আৰু অর্থনীতি ক্ষেত্রত নিজৰ আদর্শৰ মাধ্যমেৰে বিশ্বত প্রতিযোগিতাৰ সৃষ্টি কৰিছিল । সমসাময়িক ভাৱে নিজ আদর্শগত ব্যৱস্থাৰ মাধ্যমেৰে নিজ শক্তিগোষ্ঠীত থকা সদস্য ৰাষ্ট্রবোৰৰ মাজত সহযোগিতাৰ সৃষ্টি কৰিছিল । ইয়াৰোপৰি, মিত্র শক্তিগোষ্ঠীৰ আদর্শগত ব্যৱস্থা বিশেষকৈ পুঁজিবাদী ব্যৱস্থাৰ মাধ্যমেৰে আন দেশক সংলগ্ন কৰিব বিচাৰিছিল । এই আদর্শৰে বিশ্বত মিত্রশক্তি পৰিপেক্ষিতত সহৱস্থানৰ সৃষ্টি কৰাৰ প্রয়াস কৰিছিল । 

প্রশ্ন ১০.ৰাষ্ট্রীয় আরু দায়িত্বশীল দৃষ্টিভংগী গ্রহণেৰে দুই বিশ্বশক্তিক কোনে গঢ় দিছিল ?

উত্তৰঃ  ৰাষ্ট্রীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্রহণেৰে দুই বিশ্বশক্তিক পুঁজিবাদী আদর্শ আৰু সমাজবাদীৰ আদর্শৰ জৰীয়তে সহযোগী ৰাষ্ট্রবোৰে গঢ় দিছিল । দুই মহাশক্তিৰ মাজত গঢ়ি উঠা সংশয় আৰু সন্দেহ সমূহৰ বাবে সৃষ্টি হোৱা উত্তেজনাসমূহৰ মূলতে পুঁজিবাদী আদর্শ আৰু সমাজবাদী আদর্শ আৰু সহযোগী ৰাষ্ট্রসমূহে মধ্যস্থতাকাৰী হিচাপে থিয় দিছিল । সামৰিক আৰু অর্থনৈতিক শক্তি প্রদর্শন কৰাৰ দিশতো এইসমূহে সহায় কৰিছিল । ইয়াৰ সহযোগত দুই বিশ্বশক্তিয়ে পৃথিৱীৰ বিভিন্ন অঞ্চলত নিজৰ আধিপত্য প্রতিষ্ঠা কৰাত সক্ষম হৈছিল । নিজৰ আদর্শ, মতাদর্শ আরু সামৰিক শক্তি প্রতিষ্ঠাৰ বাবে এইসমূহে সহায়ক হিচাপে প্রতিষ্ঠিত হৈছিল । সামৰিক অভিযান আৰু বিভিন্ন দেশসমূহৰ ভূ-খণ্ডসমূহৰ ব্যৱহাৰ কৰাৰ দিশতো এইসমূহে সহায় কৰিছিল । ভিন্ন প্রাকৃতিক সম্পদ সমূহৰ সুযোগ আৰু ব্যৱহাৰৰ বেলিকাও দুই মহাশক্তিয়ে সহায় পাইছিল । মুঠতে এইসমূহে পৃথিৱীৰ বিভিন্ন প্রান্তত দুই মহাশক্তিক পূর্ণৰূপত গঢ় দি তুলিছিল ।

Sl. No.সূচী-পত্ৰ
Unit 1 প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

প্রশ্ন ১১.১৯৬২ চনত ছোভিয়েট ৰাছিয়াই কিউবাত পাৰমাণৱিক ক্ষেপনাস্ত্র স্থাপন কৰাৰ কাৰণ কি আছিল ?

উত্তৰঃ শীতল যুদ্ধৰ কালছোৱাত দুই মহাশক্তিৰ মাজত সন্দেহ আৰু সংশয়ৰ গঢ় লৈ উঠিছিল । এই পৰিস্থিতিত প্রতি মুহূর্ততে আক্রমণৰ সূচনা হৈছিল । বিশেষকৈ কিউবাৰ ওপৰতো ছোভিয়েট সংঘই এই ধৰণৰ সন্দেহ প্রকাশ কৰিছিল । এই সন্দেহ ১৯৬১-৬২ চনত পূর্ণ ৰূপ পাইছিল । মার্কিন ৰাষ্ট্রপতি আরু চোরাংচোৱা বাহিনীৰ সহযোগত কিউবাৰ ওপৰত আক্রমণ চলোৱাৰ ষড়যন্ত্র ছোভিয়েট সংঘই সন্দেহ কৰিব ধৰিছিল । এই পৰিস্থিতিৰ মুকাবিলা কৰিবৰ বাবে ছোভিয়েট সংঘই আগতীয়াকৈ পৰিকল্পনা কৰিছিল । এই পৰিকল্পনাৰ আধাৰতেই ১৯৬২ চনত নিকিটা খ্রুছেভে কিউবাট ৰাছিয়াৰ সামৰিক ঘাটি প্রতিষ্ঠাৰ বাবে সিদ্ধান্ত লয় । এই পৰিপেক্ষিততেই ১৯৬২ চনৰ ছেপ্তেম্বৰ মাহত কিউবা আৰু ছোভিয়েট সংঘ চৰকাৰৰ যুটীয়া প্রচেষ্টাত কিউবাত পাৰমাণৱিক ক্ষেপনাস্ত্র স্থাপন কৰিছিল ।

প্রশ্ন ১২.কি ভিত্তিত ভাৰতৰ গোষ্ঠী নিৰপেক্ষতাৰ নীতিক সমালোচনা কৰা হৈছিল ?

উত্তৰঃ ভাৰতৰ গোষ্ঠী নিৰপেক্ষতাৰ নীতিক সমালোচনা কৰাৰ বিভিন্ন দিশসমূহ পৰিলক্ষিত হৈছে । ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হ’ল এনেধৰণৰ-

(ক) ভাৰতবর্ষই আন্তর্জাতিক ৰাজনীতিৰ ক্ষেত্রত বিশেষকৈ জাতীয় স্বার্থত অধিক গুৰত্ব আৰোপ কৰিছিল ।

(খ) বহু দিশত ‘গোষ্ঠী নিৰপেক্ষতা’ৰ নামত ভাৰতে নীতিহীন স্থিতি গ্রহণ কৰা পৰিলক্ষিত হৈছিল ।

(গ) ভাৰতে আন্তর্জাতিক সংকটৰ সময়ত কোনো সবল স্থিতি গ্রহণ কৰা নাছিল যিয়ে গোষ্ঠী নিৰপেক্ষতাৰ নীতিক বিৰদ্ধিতা কৰাক সূচায় ।

(ঘ) সঁচা অর্থত ভাৰতে গোষ্ঠী নিৰপেক্ষতাৰ নীতিক সম্পূর্ণৰূপে অনুসৰণ নকৰিছিল ।

(ঙ) কোনো শক্তিগোষ্ঠীত অংশগ্রহণ কৰা নাছিল যদিও ভাৰতে ছোভিয়েট সংঘৰ অতি ঘনিষ্ঠ হিচাপে প্রকাশ পাইছিল ।

(চ) ১৯৭১ চনত বাংলাদেশৰ সংকটৰ সময়ছোৱাতে ভাৰতে ছোভিয়েট সংঘৰ সৈতে বিছ বছৰীয়া মৈত্রী চুক্তিত স্বাক্ষৰ প্রদান কৰিছিল যি গোষ্ঠী নিৰপেক্ষতাৰ নীতিৰ বিপৰীত আছিল ।

(ছ) লগতে, গোষ্ঠী নিৰপেক্ষতাৰ নীতিক চেৰ পেলাই ভাৰতে আমেৰিকা আৰু আন পশ্চিমীয়া দেশৰ লগতো বন্ধুত্বপূর্ণ সম্বন্ধ ৰক্ষা কৰিছিল ।

প্রশ্ন ১৩.শীতল যুদ্ধ সৃষ্টি যিকোনো চাৰিটা কাৰণ লিখা ।

উত্তৰঃ শীতল যুদ্ধ সৃষ্টিৰ  চাৰিটা মূল কাৰণ হ’লঃ

(ক) হিৰোছিমা আরু নাগাছাকিৰ আণৱিক বোমা নিক্ষেপঃছোভিয়েট সংঘৰ বর্ধিত হোৱা অর্থনীতি আরু সামৰিক ব্যৱস্থাত আমেৰিকাই শংকিত হৈ পৰিছিল । এই পৰিপেক্ষিতত ছোভিয়েট সংঘই যাতে এছিয়াত একাধিপত্য প্রতিষ্ঠা কৰিব নোৱাৰে তাৰ বাবে আমেৰিকাই হিৰোছিমা আৰু নাগাছাকিত আণৱিক বোমা নিক্ষেপ কৰি নিজৰ পৰাক্রম পৰিচয় কৰিছিল যিটো শীতল যুদ্ধ আৰম্ভণিত অৰিহণা যোগাইছিল ।

(খ) দুই মহাশক্তিৰ মাজৰ পাৰস্পৰিক সংশয় আৰু বিশ্বাসহীনতাৰ মনোভাবঃ

আমেৰিকা আৰু ছোভিয়েট সংঘৰ মাজত দ্বিতীয় যুদ্ধৰ সময়ত পাৰস্পৰিক সংশয় আৰু বিশ্বাসহীনতাৰ মনোভাব গঢ়ি উঠিছিল । ইয়াৰ বাবে দুই মহাশক্তিৰ অধীনত শীতল যুদ্ধৰ অবতাৰণা হৈছিল ।

(গ) দুই মহাশক্তিৰ প্রভাৱ আন দেশসমূহত প্রতিষ্ঠাৰ হকে কৰা প্রতিযোগিতাঃ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত দুই মহাশক্তিয়ে নিজৰ নিজৰ আধিপত্য প্রতিষ্ঠাৰ বাবে শীতল যুদ্ধৰ সূচনা কৰিছিল । লগতে, আধিপত্য প্রতিষ্ঠাৰ হকে সৰু সৰু দেশসমূহৰ লগত সহযোগিতা স্থাপন কৰিছিল ।

(ঘ) বিশ্বত নিজৰ আদর্শ আৰু আধিপত্য প্রতিষ্ঠাৰ বাবে কৰা পৰিচৰ্যাঃ

শীতল যুদ্ধৰ এক অন্যতম কাৰণ হ’ল এই যে দুই মহাশক্তিয়ে নিজৰ আধিপত্য প্রতিষ্ঠাৰ বাবে চেষ্টা কৰিছিল । লগতে, আমেৰিকা যুক্তৰাষ্ট্রই পুঁজিবাদী আদর্শ আৰু ছোভিয়েট সংঘই সাম্যবাদী আদর্শৰে বিশ্বত প্রতিষ্ঠা লাভ কৰাৰ প্রয়াসৰ ফলতে শীতল যুদ্ধৰ অবতাৰণা হৈছিল ।

প্রশ্ন ১৪.দুই মহাশক্তিক কিহে সহযোগী কৰিছিল ?

উত্তৰঃ দুই মহাশক্তিক সৰু সৰু ৰাষ্ট্রবোৰে সহযোগী কৰিছিল । তেওঁলোকৰ উল্লেখনীয় সহযোগসমূহ হ’লঃ  

(ক) সৰু সৰু সহযোগী ৰাষ্ট্রসমূহে দুই মহাশক্তিক তেওঁলোকৰ অস্ত্র আৰু সৈন্য বাহিনীৰে সহায় কৰিছিল ।

(খ) খনিজ সম্পদ, তেল আৰু আন আন প্রাকৃতিক সম্পদসমূহৰ চহকী সৰুসৰু ৰাষ্ট্রবোৰে তেওঁলোকৰ সম্পদৰ ভঁৰালেৰে দুই মহাশক্তিক সহায় কৰিব পাৰিছিল ।

(গ)দুই মহাশক্তিক সৰু সৰু দেশবোৰে চোরাংচোৱাৰ ঘাটি হিচাপে ব্যবহাৰ কৰাৰ সুযোগ প্রদান কৰিছিল ।

(ঘ) দুই মহাশক্তিৰ বর্ধিত সামৰিক ব্যয় বহন কৰাৰ বাবে সৰু সৰু দেশবোৰে আর্থিক সাহায্য আগবঢ়াইছিল ।

প্রশ্ন ১৫.NAM ৰ সাফল্য সন্দর্ভত এটা টোকা লিখা ।

উত্তৰঃ ১৯৬১ চনত ২৫ খন ৰাষ্ট্রৰ সহযোগত গোষ্ঠীনিৰপেক্ষ আন্দোলন অর্থাৎ NAM ৰ প্রতিষ্ঠা কৰা হৈছিল । শীতল যুদ্ধৰ সময়ত NAM ৰ ভূমিকা উল্লেখনীয় আছিল । ইয়াৰ ভিতৰত গুৰুত্বপূর্ণ বিষয় সমূহ হ’লঃ

(ক) গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ সহযোগত সদস্য ৰাষ্ট্রবোৰে স্বাধীনভাৱে দেশীয় আৰু বৈদেশিক নীতি গঠনত সুবিধা গ্রহণ কৰিছিল ।

(খ) ফেচিবাদ, উপনিৱেশবাদ আরু বর্ণবাদৰ বিৰুদ্ধে অৱস্থান গ্রহণ কৰিব পাৰিছিল ।

(গ) সদস্যৰাষ্ট্রবোৰৰ মাজত ভৌগোলিক অখণ্ডতা আৰু সার্বভৌমত্ব ৰক্ষাৰ ক্ষেত্রত সফল হৈছিল ।

(ঘ) বিশ্বত শান্তিপূর্ণ সহঅৱস্থান গঢ়ি তুলাত গোষ্ঠীনিৰপেক্ষ আন্দোলনে মুখ্য ভূমিকা পালন কৰিছিল ।

(ঙ) শীতল যুদ্ধৰ সময়ছোৱাত বিশ্বশান্তি আরু নিৰাপত্তাক প্রাধান্য দি গোষ্ঠী নিৰপেক্ষ আন্দোলন পৃথিৱীৰ সর্ববৃহৎ শান্তি আন্দোলন হিচাপে প্রতিষ্ঠিত হৈছিল ।

(চ) দুই মহাশক্তিৰ মাজত স্বতন্ত্র অৱস্থান কৰি শীতল যুদ্ধৰ উন্মাদনা হ্রাস কৰাত সফল হৈছিল ।

(ছ) সমসাময়িকভাৱে, গোষ্ঠিনিৰপেক্ষ আন্দোলনৰ সহযোগত দক্ষিণ আফ্রিকাৰ বর্ণবাদ বিৰোধী আন্দোলন, পেলেষ্টাইন, জিম্বাবোৱেৰ লগতে নামিবিয়াৰ স্বাধীনতাৰ সংগ্রামসমূহ সফল ৰূপায়ণ হৈছিল ।

(জ)শীতল যুদ্ধৰ সময়ছোৱাত আন ৰাষ্ট্রত সামৰিক ঘাটি প্রতিষ্ঠা কৰাৰ বিৰুদ্ধেও গোষ্ঠী নিৰপেক্ষ আন্দোলনে মাত মাতিছিল ।

(ঝ) আণবিক আৰু পাৰমাণবিক বোমাৰ ব্যৱহাৰৰ দিশতো বিৰুদ্ধাচৰণ কৰি শীতল যুদ্ধৰ বহু পৰিমাণে উপশম কৰিছিল ।

See Next Page…

26 thoughts on “Class 12 Political Science Chapter – 1 শীতল যুদ্ধৰ যুগ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top