Class 12 Logic And Philosophy Chapter – 7 নীতিশাস্ত্র

Class 12 Logic And Philosophy Chapter – 7 নীতিশাস্ত্র – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 7 নীতিশাস্ত্র – সমাধান and select needs one.

Class 12 Logic And Philosophy Chapter – 7 নীতিশাস্ত্র

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 7 নীতিশাস্ত্র – সমাধান Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ / ৩ ) 

প্রশ্ন ১। নীতিশাস্ত্ৰৰ সংজ্ঞা দিয়া । 

উত্তৰঃ নীতি বিজ্ঞান হ’ল মানুহৰ ঐচ্ছিক ক্রিয়া বা আচৰণৰ ঔচিত্য – অনৌচিত্য , শুদ্ধতা অশুদ্ধতা আদি নৈতিক গুণৰ বিচাৰ আদৰ্শনিষ্ঠ বিজ্ঞান । 

প্রশ্ন ২। আদর্শনিষ্ঠ বিজ্ঞান কি ? 

উত্তৰঃ আদৰ্শনিষ্ঠ বিজ্ঞান কি বুলিলে ক’ব লাগিব যে— যি বিজ্ঞানে কোনাে এক আদৰ্শৰ জৰিয়তে বিষয়বস্তুৰ মূল্য নির্ণয় কৰে বা বিচাৰ কৰে বা এটা আদৰ্শৰ লগত সংগতি ৰাখি বিষয়বস্তুৰ মূল যি বিজ্ঞানে বিচাৰ কৰে তাক আদর্শনিষ্ঠ বিজ্ঞান বােলে ।

প্রশ্ন ৩। ঐচ্ছিক ক্রিয়াৰ বিভিন্ন স্তৰবােৰ কি কি ? 

উত্তৰঃ ঐচ্ছিক ক্রিয়াৰ বিভিন্ন স্তৰবােৰ হ’ল— 

( ক ) মানসিক স্তৰ ।

( খ ) দৈহিক স্তৰ । আৰু

( গ ) বাহ্যবস্তুৰ বা পৰিসমাপ্তিৰ স্তৰ । 

প্রশ্ন ৪। অভ্যাসজনিত ক্রিয়া নৈতিক বিচাৰৰ বিষয়বস্তু হয়নে ? 

উত্তৰঃ অভ্যাসজনিত কৰ্ম ঐচ্ছিক কর্মৰ পৰিণতি । অভ্যাসজনিত কৰ্ম আৰম্ভণিতে ইচ্ছাৰ বশৱৰ্তী হৈ কৰা কৰ্ম । পিছলৈহে অভ্যাসত পৰিণত হয় । গতিকে ঐচ্ছিক আৰু অভ্যাসজনিত কর্ম নৈতিক বিচাৰৰ বিষয়বস্তু । 

প্রশ্ন ৫। কামনাৰ সংঘাত বুলিলে কি বুজা ? 

উত্তৰঃ অভাৱবােধৰ লগত লক্ষ্যৰ ধাৰণা যুক্ত হলে যি মানসিক অৱস্থাৰ উদ্ভৱ হয় , তাকেই কামনা বােলে । মানুহৰ জীৱনত কামনাৰ অন্ত নাই । মানুহৰ অভাৱাে সীমাহীন । একে সময়ত উদ্ভৱ হােৱা একাধিক কামনা পৰিতৃপ্তি একেলগে , একেসময়তে সম্ভৱ নহয় ৷ এনে । পৰিস্থিতিত গুৰুত্ব অনুসৰি গ্ৰহণীয় বা বর্জনীয় কামনা নির্ণয় কৰিব নােৱাৰা অৱস্থাক কামনা দ্বন্দ্ব বা কামনাৰ সংঘাত বােলা হয় । 

প্রশ্ন ৬। পুৰুষাৰ্থৰ অর্থ কি ? 

উত্তৰঃ প্রাচীন ভাৰতীয় দর্শনত মানুহৰ জীৱনৰ চাৰিটা পৰম মূল্য বা পৰম লক্ষ্যক স্বীকৃতি দিয়া হয় । এই চাৰিটা পৰম মূল্য হ’ল — ধর্ম , অর্থ , কাম আৰু মােক্ষ । এই চাৰিটা পৰম মূল্যক পুৰুষাৰ্থ বুলি কোৱা হয় । এই শব্দটো সংস্কৃত শব্দ ‘ পুৰুষ আৰু ‘ অর্থ ’ শব্দ দুটাৰ পৰা উদ্ভৱ হৈছে । পুৰুষ ’ মানে ‘ আত্মা ’ আৰু অৰ্থ মানে ‘ উদ্দেশ্য । ধর্ম , অর্থ , কাম , মােক্ষ— এই চাৰিটা পুৰুষাৰ্থক চতুর্বর্গ বুলিও কোৱা হয় । 

প্রশ্ন ৭। ‘বর্ণাশ্রম ধর্ম’ বুলিলে কি বুজা ? 

উত্তৰঃ গীতাৰ নিষ্কাম কৰ্মৰ লগত বর্ণাশ্রম ধর্ম গভীৰভাৱে জড়িত হৈছে । বর্ণ – ধৰ্ম আৰু আশ্রম ধৰ্মৰ সন্মিলিত ৰূপেই হ’ল বর্ণাশ্রম ধর্ম । ধর্ম ’ মানে নির্বাচন কৰা । অর্থাৎ ব্যক্তিয়ে নিজৰ স্বভাৱ আৰু সাধ্য অনুসৰি বৃত্তি নির্বাচন কৰাই বর্ণাশ্রম ধর্ম। চাৰিটা বৰ্ণ হ’ল — ব্রাহ্মণ , ক্ষত্রিয় , বৈশ্য আৰু শূদ্র । 

প্রশ্ন ৮। নীতিশাস্ত্ৰক কিয় আদর্শনিষ্ঠ বিজ্ঞান বােলে ? 

উত্তৰঃ যি বিজ্ঞানে কোনাে এটা আদৰ্শৰ জৰিয়তে বিষয়বস্তুৰ মূল্য নিৰূপণ কৰে তাক আদর্শনিষ্ঠ বিজ্ঞান বােলে । নীতিবিজ্ঞান হ’ল এনে এক বিজ্ঞান যি মানৱীয় আচৰণৰ পৰম আদর্শসমূহৰ যথার্থ মূল্য নির্ধাৰণৰ নীতিসমূহ নিৰ্দ্ধাৰণ কৰে । এই বিজ্ঞান সমাজত বাস কৰা মানুহৰ আচৰণৰ আদৰ্শনিষ্ঠ বিজ্ঞান । যিহেতু নীতি বিজ্ঞানে মানুহৰ আচৰণৰ শুদ্ধতা – অশুদ্ধতা , ভাল – বেয়া আদিক সেই ধৰণে বিচাৰ কৰে । গতিকে নীতি বিজ্ঞানক আদর্শনিষ্ঠ বিজ্ঞান বােলে ।

প্রশ্ন ৯। মােক্ষৰ সংজ্ঞা দিয়া । 

উত্তৰঃ ভাৰতীয় দার্শনিকসকলে ( চার্বাকৰ বাহিৰে ) নির্বাণ , কৈৱল্য , অপবর্গ আদি শব্দক মােক্ষৰ সমার্থক শব্দ হিচাপে ব্যৱহাৰ কৰে । মােক্ষ এক পূর্ণ জ্ঞানযুক্ত , পৰম শান্তিৰ অৱস্থা— যি অৱস্থাত ব্যক্তিয়ে কর্মৰ নঞর্থক স্বভাৱবােৰৰ পৰা মুক্ত হ’ব পাৰে । মােক্ষৰ ধাৰণাই পৰম আনন্দময় , অৱস্থাৰ কথাও সূচায় । আত্মিক উপলব্ধিৰ জৰিয়তে আত্মাৰ মৌলিক পৱিত্ৰতা আৰু পূর্ণস্থিতি অনুভৱ কৰাৰ কথাও সূচায় । গতিকে মােক্ষক এক সম্পূর্ণতাৰ উপলব্ধি বা স্থিতি বুলি অভিহিত কৰিব পৰা যায় ।

প্রশ্ন ১০। ‘ত্রিবর্গ’ বুলিলে কি বুজা ? 

উত্তৰঃ ত্রিবর্ণ বুলিলে ‘অর্থ’,  ‘কাম’ আৰু ধৰ্ম’ক বুজায় । ‘মােক্ষ লাভ কৰিবলৈ এই তিনিটা পুৰুষাৰ্থৰ অনুশীলন কৰিবলৈ দার্শনিক সকলে অনুমােদন কৰা দেখা যায় । গতিকে ত্রিবর্গ বুলিলে অর্থ , কাম , মােক্ষ — এই তিনি পুৰুষাৰ্থক বুজা যায় ।

প্রশ্ন ১১। নৈতিক কার্য কি ? নৈতিক কার্যৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ যিবােৰ কার্যত নৈতিক গুণ জড়িত থাকে , তেনে কর্ম বা কার্যক নৈতিক কার্য বােলে । নৈতিক কর্ম বা কার্য নৈতিক বিচাৰৰ বস্তু বা বিষয় ।  নৈতিক কার্যৰ দুটা উদাহৰণ হ’ল– 

( ক ) সত্য কথা কোৱা ( ঐচ্ছিক ক্রিয়া ) । ই এটা নৈতিক ক্রিয়া । 

( খ ) মদ্যপান কৰা — অভ্যাসজনিত ক্রিয়া । যিহেতু এই ক্রিয়া অভ্যাসজনিত ক্রিয়া গতিকে ঐচ্ছিক ক্রিয়া । সেয়েই এই কার্য নৈতিক বিচাৰৰ বস্তু বা বিষয় । 

প্রশ্ন ১২। অনৈতিক কার্য কি ? অনৈতিক কার্যৰ দুটা উদাহৰণ দিয়া ।

উত্তৰঃ যিবােৰ ক্ৰিয়াৰ কোনাে নৈতিক গুণ নাই অর্থাৎ যিবােৰ ক্ৰিয়াক ভাল , বেয়া , উচিত , অনুচিত বুলি অভিহিত কৰিব নােৱাৰি তাক অনৈতিক কার্য বােলে । 

উদাহৰণস্বৰূপে– ( ক ) চকুৰ টিপ মৰা ,( খ ) হাঁচি মৰা ইত্যাদি । 

প্রশ্ন ১৩। ঐচ্ছিক ক্রিয়াৰ সংজ্ঞা দিয়া । অভ্যাসমূলক কার্য ঐচ্ছিক ক্রিয়াৰ অন্তর্ভুক্ত নে?

উত্তৰঃ যিবােৰ ক্ৰিয়াত নৈতিক গুণ নাই অৰ্থাৎ যিবােৰ ক্রিয়া ভাল , বেয়া , উচিত , অনুচিত বুলি বিচাৰ কৰিব পাৰি তাক ঐচ্ছিক ক্রিয়া বা নৈতিক ক্রিয়া বােলা হয় ।

ঐচ্ছিক ক্রিয়াৰ লগত অভ্যাসমূলক ক্রিয়াও নৈতিক কর্ম । যিবােৰ ক্রিয়া ( চিগাৰেট খােৱা , মদ্যপান কৰা , ঘূৰি ফুৰা) অনুশীলনৰ দ্বাৰা অভ্যাসত পৰিণত হয় তাক অভ্যাসজাত ক্রিয়া বােলে । অভ্যাসজাত ক্রিয়াক ঐচ্ছিক ক্রিয়া বােলা হয় । কাৰণ প্ৰথম অৱস্থাত কর্তাই স্বেচ্ছাই এই ক্রিয়া কৰি অভ্যাসত পৰিণত কৰিছিল ৷ এনে ক্রিয়াৰ ভাল , বেয়া , উচিত – অনুচিত আদি বিচাৰ কৰিব পাৰি । গতিকে এনে ক্রিয়া ঐচ্ছিক ক্রিয়াৰ অন্তর্ভুক্ত ।

প্রশ্ন ১৪। যিকোনাে তিনিটা অনৈচ্ছিক ক্রিয়া ব্যাখ্যা কৰা । 

উত্তৰঃ তলত তিনিটা অনৈচ্ছিক ক্রিয়াৰ ব্যাখ্যা কৰা হ’ল— 

( খ ) উন্মাদ ব্যক্তিৰ ক্রিয়া :- মানুহ যেতিয়া পগলা হয় , তেতিয়া মানুহজনৰ বিচাৰ বুদ্ধি নােহােৱা হয় । ফলত তেওঁ সেই অৱস্থাত যিকোনাে কাম কৰি পেলাব পাৰে । এই অৱস্থাত তেওঁৰ সকলাে কর্ম অৱচেতন মনৰ দ্বাৰাই সম্পাদিত হয় । গতিকে এনে ব্যক্তিৰ ক্ৰিয়াত নৈতিক গুণ আৰােপ কৰি বিচাৰ কৰিব নােৱাৰি ৷ উন্মাদ ব্যক্তিৰ ক্রিয়া অনৈচ্ছিক হােৱা বাবে এনে ক্রিয়াৰ নৈতিক বিচাৰ কৰিব নােৱাৰি । 

( খ ) আকস্মিক ক্রিয়া :- কোনাে ব্যক্তিৰ ইচ্ছাৰ বিৰুদ্ধে যদি হঠাৎ কিবা কর্ম সম্পাদিত হয় , তেনেহ’লে সেই ক্রিয়াক আকস্মিক ক্রিয়া বােলা হয় । যেনে— একাপ চাহ ব্যক্তি এজনক দিবলৈ আনােতে যদি চাহকাপ মাটিত পৰি কাপটো ভাগে তেতিয়া তেনে ক্রিয়াক – আকস্মিক ক্রিয়া বােলা হয় । এনে ধৰণৰ ক্ৰিয়াত ভাল , বেয়া , উচিত , অনুচিত আদি নৈতি গুণ আৰােপ কৰি নৈতিক বিচাৰ কৰিব নােৱাৰি । 

( গ ) ভাবজ ক্রিয়া :- আমাৰ অজ্ঞাতসাৰে আমাৰ মনৰ ভাব যেতিয়া কোনাে ক্রিয়াত পৰিণত হয় , তাক ভাবজ ক্রিয়া বােলা হয় । এনে ক্রিয়া মনৰ তীব্র ভাবৰ ফলত সম্পাদিত হয় । ফলত এইবােৰ ক্ৰিয়াৰ ক্ষেত্ৰত কৰ্তাৰ কোনাে নিয়ন্ত্রণ নাথাকে । যেনে— ফুটবল খেল চাই গােল দিয়া দেখি আনন্দত আত্মহাৰা হৈ ব্যক্তি এজনে যদি সন্মুখত বহা মানুহ এজনক গােৰ মাৰি দিয়ে তেনেহ’লে এনে ক্রিয়া ভাবজ ক্রিয়া হ’ব । এনে ভাবজ ক্রিয়াৰ ক্ষেত্ৰত নৈতিক গুণ আৰােপ কৰি নৈতিক বিচাৰ কৰিব নােৱাৰি । 

প্রশ্ন ১৫৷ কামনাৰ সংঘাত বুলিলে কি বুজা ? 

উত্তৰঃ একাধিক কামনাৰ পৰা সৃষ্টি হােৱা মানসিক দ্বন্দ্বই কামনাৰ দ্বন্দ্ব বা সংঘাত । ব্যক্তিৰ মনত এটাতকৈ বেছি কামনা থাকিলে ব্যক্তিয়ে তৎক্ষণাৎ কাম কৰিব নােৱাৰে । কাৰণ একে সময়ত দুটা কামনাক তৃপ্ত কৰিব নােৱাৰি । বহু সময়ত দুটা কামনা পৰস্পৰ বিৰােধী , হােৱাও দেখা যায় । তেতিয়া ব্যক্তিৰ মন দ্বিধাগ্রস্ত হয় । মনত কামনাৰ দ্বন্দ্ব হয় । ব্যক্তিয়ে কোনটো কামনা তৃপ্ত কৰিব ঠিক কৰিব নােৱৰা হয় । উদাহৰণ স্বৰূপে দুজন লেখকৰ দুখন কিতাপৰ কোনখন কিনিব তাক লৈ ছাত্র – ছাত্রীৰ মনত দ্বন্দ্ব সৃষ্টি হয় । এয়ে কামনাৰ সংঘাত । 

প্রশ্ন ১৬। পৰিসমাপ্তিৰ স্তৰৰ বিষয়ে চমুটোকা লিখা । 

উত্তৰঃ দৈহিক ক্রিয়াৰ ফলত বাহ্য জগতৰ কিছুপৰিৱৰ্তন সাধিত হয় । কাম্য বস্তু লাভত ব্যক্তি সুখী হয় আৰু বস্তুটোৰ কিছু পৰিৱৰ্তন হয় । উদাহৰণ স্বৰূপে , কাম্য বস্তুটো লাভ কৰাত দোকানত সেইটোৰ অভাৱ হয় আৰু নিজৰ ঘৰত জিলিকি থাকে । এইবােৰ হৈছে বাহ স্তৰ । অৱশ্যে বাহ্যবস্তুৰ সকলাে সময়তে ব্যক্তি সফল নহ’বও পাৰে । কাম্যবস্তু লাভ কৰাত হয় সফল হয় নহ’লে বিফল হয় । মুঠতে , কাম্যবস্তু লাভৰ বাবে বিশেষ উপায় অবলম্বন কৰা হয় । ইষ্ট বা অনিষ্ট ফল লাভ কৰা ইত্যাদি সকলােবােৰেই বাহ্য স্তৰৰ অন্তর্ভুক্ত । গতিকে ঐচ্ছিক ক্রিয়াত তিনিটা স্তৰ থাকে— 

( ক ) মানসিক স্তৰ ।

( খ ) দৈহিক স্তৰ । আৰু 

( গ ) বাহ্যস্তৰ বা পৰিসমাপ্তিৰ স্তৰ ।

See Next Page…

2 thoughts on “Class 12 Logic And Philosophy Chapter – 7 নীতিশাস্ত্র”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top