Class 12 Logic And Philosophy Chapter – 6 ভাববাদ: আত্মগত আৰু বস্তুগত

Class 12 Logic And Philosophy Chapter – 6 ভাববাদ: আত্মগত আৰু বস্তুগত – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 6 ভাববাদ: আত্মগত আৰু বস্তুগত – সমাধান and select needs one.

Class 12 Logic And Philosophy Chapter – 6 ভাববাদ: আত্মগত আৰু বস্তুগত

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 6 ভাববাদ: আত্মগত আৰু বস্তুগত – সমাধান Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্নোত্তৰ ( মূল্যাংক -8 / ৬ ) 

প্রশ্ন ১। Esse est Pericipii ৰ বিষয়ে এটা চমুটোকা লিখা । 

উত্তৰঃ এই জগতত মন আৰু মনৰ ধাৰণাহে অস্তিত্বশীল । জ্ঞাতাৰ অবিহনে বস্তুৰ অস্তিত্ব অর্থহীন । জগতত এনে কোনাে বস্তু নাই যাক মনে প্রত্যক্ষ কৰা নাই । এনে ধাৰণাৰ ওপৰত ভিত্তি কৰিয়েই বার্কলিয়ে কৈছে যে – “ প্রত্যক্ষতে বস্তু বিদ্যমান । ” বস্তুবােৰ জ্ঞাতাৰ জ্ঞানৰ সান্নিধ্যলৈ আহিলেই অস্তিত্বশীল হৈ উঠে । 

জর্জ বার্কলি এজন অভিজ্ঞতাবাদী দার্শনিক । তেওঁৰ ভাববাদ আত্মনিষ্ঠ ভাববাদ । তেওঁৰ ভাববাদ অনুসৰি বাহ্যজগতৰ অস্তিত্ব ব্যক্তিমন নিৰ্ভৰ । ব্যক্তিমনৰ বাহিৰত বাহ্যবস্তুৰ কোনাে স্বতন্ত্র অস্তিত্ব নাই । বার্কলিয়ে তেওঁৰ ভাববাদক সবলভাৱে সমর্থন জনাবলৈ ‘ Esse est Pericipii’— এইসূত্ৰটো আগবঢ়াইছে। ইয়াত তিনিটা শব্দ আছে , ‘Esse’,  ‘est’ আৰু ‘Pecipii’ । ‘Esse’ ৰ অৰ্থ ‘অস্তিত্ব’,  ‘est’ এটা সংযােজন শব্দ । ইয়াৰ অসমীয়া প্রতিশব্দ হ’ল ‘হয়’ । Percipii হ’ল প্রত্যক্ষ । গতিকে বার্কলিৰ ‘Esse est percipii’ ৰ মূল অর্থ হ’ল –‘অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ’ বা  ‘প্রত্যক্ষতে বস্তু বিদ্যমান ।’ 

Sl. No.Contents
Chapter 1আগমন
Chapter 2আগমনৰ ভিত্তি
Chapter 3প্ৰকল্প
Chapter 4মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি
Chapter 5বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক
Chapter 6ভাববাদ: আত্মগত আৰু বস্তুগত
Chapter 7নীতিশাস্ত্র
Chapter 8ধর্ম

প্রশ্ন ২। আত্মগত ভাববাদৰ বিষয়ে এটি চমুটোকা লিখা । 

উত্তৰঃ এই জগতৰ মূলতে আছে আত্মা । জগতখন আত্মসচেতন বা আত্মাৰ এটা ধাৰণা । আত্মপূর্ণ আৰু সৎ । জগতখন আত্মাৰ কাৰণে প্রয়ােজনীয় । জগতৰ অস্তিত্ব আত্মাতে থাকে । জগতখন থকা নথকাৰ ওপৰত আত্মাৰ কোনাে লাভ বা ক্ষতি নহয় । আত্মগত ভাববাদৰ তিনিটা ভাগ আছে— 

( ক ) আত্মকেন্দ্রিক ।

( খ ) ব্যক্তিনিষ্ঠ ভাববাদ । আৰু 

( গ ) পৰম আত্মগত ভাববাদ । 

( ক ) আত্মকেন্দ্রিক ভাববাদ :- এই মতবাদ অনুসৰি সমগ্ৰ জগত , ঈশ্বৰ , ব্যক্তি আদি সকলােবােৰেই আমাৰ নিজা নিজা মনৰ ধাৰণা । ব্যক্তি এজনে যিমান সময় কিবা এটা বস্তুৰ সম্বন্ধে ভাবিব তেতিয়ালৈকে ই থাকিব । ভাবিবলৈ এৰিলেই ইনাইকিয়া হ’ব । জগতখনৰ চিন্তা নকৰাকৈও ব্যক্তি এজন থাকিব পাৰে । এয়ে আত্মকেন্দ্রিক ভাববাদৰ মূল কথা । 

কিন্তু এই মতবাদ গ্রহণযােগ্য হ’ব নােৱাৰে । কাৰণ ব্যক্তি এজন সীমিত আৰু অপূর্ণ । গতিকে জগতখন ব্যক্তি এজনে চিন্তা কৰা বা নকৰাৰ ওপৰত নিৰ্ভৰ নকৰে । মই নাভাবিলেও কিতাপখন নােহােৱা হৈ যাব ” — তেনে কথাৰ যুক্তি নাই । এজন মানুহ ব্যক্তি এজনৰ ধাৰণা হ’লে তেৱো সেই ব্যক্তিজনৰ ধাৰণা হ’ব পাৰে । তেতিয়া জ্ঞানৰ মানদণ্ড ব্যক্তিগত হ’ব সার্বিকতা নাথাকিব ।

( খ ) ব্যক্তিনিষ্ঠ ভাবাদ :- সকলােবােৰ ব্যক্তি বিষয়েই সৎ । সসীম ব্যক্তিৰ দৰে ঈশ্বৰৰ । এক ব্যক্তি । কোনাে ব্যক্তি আন এজন ব্যক্তিৰ ধাৰণা নহয় । যিবােৰ বস্তু ব্যক্তি বা আত্ম সচেতন মন নহয় সেইবােৰহে ব্যক্তিৰ মনৰ ভাব । সেই কাৰণে মানুহ ঈশ্বৰৰ ধাৰণা নহয় । জড় বা বস্তু জগতৰ কথা ব্যক্তিয়ে চিন্তা কৰে কাৰণেই ইয়াৰ অস্তিত্ব আছে । চিন্তা নকৰিলে ই নাইকিয়া হব । গতিকে জগতৰ কোনো প্রকৃত সত্তা নাই । সকলােবােৰ ব্যক্তি যদি স্বতন্ত্র হয় , তেন্তে এইবােৰৰ মাজত কোনাে সম্পর্ক সম্ভৱ নহয় । এই সকলােবােৰ আত্মৰ মাজত কিবা এটা সাধাৰণ গুণ স্বীকাৰ কৰি ল’লেহে এইবােৰৰ মাজৰ ক্রিয়া সম্ভৱপৰ হ’ব । 

( গ ) পৰম আত্মগত ভাববাদ বা কেৱল অদ্বৈতবাদ বা অবিনশ্ববাদ :- একমাত্র ঈশ্বৰেই পৰম আত্মা । জীৱাত্মা আৰু জগত তেওঁৰ মনৰ ধাৰণা । জগতৰ ধাৰণা নােহাৱাকৈও ঈশ্বৰ থাকিব পাৰে । কাৰণ ঈশ্বৰ স্বয়ংসম্পূর্ণ তেওঁ পূর্ণ পৰ্মাত্মা । ঈশ্বৰৰ ইচ্ছাৰ ওপৰত জগত নিৰ্ভৰ কৰি আছে । এয়ে হ’ল পৰম আত্মগত ভাববাদ । 

আত্মকেন্দ্রিক ভাববাদ আৰু পৰম আত্মগত ভাববাদৰ মাজত পার্থক্য হল যে — আত্মকেন্দ্রিক ভাববাদৰ মতে মই ’ ( ব্যক্তি ) হ’ল একমাত্র সত্তা আৰু পৰম আত্মগত ভাববাদ অনুসৰি পৰআত্মাই হ’ল একমাত্র সত্তা । 

পৰম আত্মগত ভাববাদ অনুসৰি জগতখন মায়াৰ সৃষ্টি । ই ক্ষণস্থায়ী । পূর্ণ পৰম আত্মাই একমাত্র সত্য । 

প্রশ্ন ৩। হেগেলৰ বস্তুনিষ্ঠ ভাববাদৰ বিৰুদ্ধে উত্থাপিত সমালােচনাবােৰ কি কি ? 

উত্তৰঃ হেগেলৰ বস্তুনিষ্ঠ ভাববাদৰ বিৰুদ্ধে উত্থাপিত সমালােচনাবােৰ হ’ল— 

( ক ) হেগেলৰ মতবাদে সত্তা আৰু বুদ্ধিক একাকাৰ কৰি পেলাইছে যি সমর্থনযােগ্য নহয়।বুদ্ধিয়েই তেওঁৰ মবাদৰ মূল । সেয়েহে হেগেলৰ বস্তুনিষ্ঠ ভাবাদ যুক্তি বা বুদ্ধিবাদৰ দোষেৰে দোষমুক্ত । 

( খ ) হেগেলৰ এই মতবাদে বস্তুজগতৰ অস্তিত্ব স্বীকাৰ কৰিলেও ইয়াৰ চূড়ান্ত সত্যতা স্বীকাৰ নকৰে । তেওঁৰ মতে পৰম সত্তাহে পৰম সত্য । 

( গ ) হেগেলে ইন্দ্রিয়লব্ধ জ্ঞানৰ যথাযথ ব্যাখ্যা উলাই কৰি অধিবৈজ্ঞানিক দিশতহে গুৰুত্ব দিছে । গতিকে তেওঁৰ মতবাদত অধিবৈজ্ঞানিক আলােচনা অত্যধিক হৈছে বুলি সমালােচক সকলে উল্লেখ কৰিছে । 

( ঘ ) কিছুমান সমালােচকে হেগেলৰ বস্তুনিষ্ঠ ভাববাদক ৰহস্যবাদী বুলিও উল্লেখ কৰিছে । 

( ঙ ) হেগেলৰ মতে জগতখন পৰম আত্মাৰ ধাৰণাৰ পৰাই বিকশিত হৈছে । কিন্তু সমালােচকসকলে কয় যে বস্তু থাকিলেহে তাৰ ধাৰণা হ’ব পাৰে । 

প্রশ্ন ৪। হেগেলৰ বস্তুনিষ্ঠ ভাববাদৰ চাৰিটা বৈশিষ্ট্য চমুকৈ ব্যাখ্যা কৰা ৷ 

উত্তৰঃ হেগেলৰ বস্তুনিষ্ঠ ভাববাদৰ চাৰিটা বৈশিষ্ট্য হল –

( ক ) ভাববাদে মনৰ পৰা স্বতন্ত্র এখন জগতৰ অস্তিত্ব স্বীকাৰ নকৰে ।

( খ ) ভাববাদ জগত বা প্রকৃতিৰ বিশেষ বিশেষ দিশবােৰতকৈ সামগ্রিক দিশটোৰ লগতহে বেছি জড়িত । 

( গ ) ভাববাদীসকলে প্রাকৃতিক নিয়মবােৰক চূড়ান্ত বুলি নাভাৱে । তেওঁলােকৰ মতে প্রাকৃতিক নিয়ম আধ্যাত্মিক সত্তাৰ প্ৰভাৱৰ অধীন । 

( ঘ ) ভাববাদে বিষয়বস্তু প্রকাশ কৰোঁতে প্ৰকৃতিৰ বিভিন্ন অংশৰ মাজত সংহতিৰ ওপৰত বা সংগতিৰ ওপৰত গুৰুত্ব দিয়ে ।

প্রশ্ন ৫। আত্মগত ভাববাদ কি ? সমালােচনামূলক আলােচনা কৰা । 

উত্তৰঃ আত্মগত ভাববাদ অনুসৰি বস্তুৰ অস্তিত্ব ব্যক্তি প্রত্যক্ষৰ ওপৰত নিৰ্ভৰ কৰে । আত্মগত ভাববাদে বস্তুৰ স্থায়িত্ব আৰু ধাৰাবাহিকতা ব্যাখ্যাৰ বাবে পৰমাত্মাৰ ধাৰণা টানি আনিছে । জ্ঞাতা আৰু জ্ঞেয়ৰ সম্পৰ্কৰ ক্ষেত্ৰত আত্মগত ভাববাদে জ্ঞেয় বস্তু ব্যক্তি মনৰ ধাৰণা বুলি মানি চলে । আত্মগত ভাববাদ অনুসৰি বাহ্য বস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল । সকলাে গুণেই মনােগত বা ব্যক্তিনিষ্ঠ , গতিকে পৰিৱৰ্তনশীল । 

বার্কলিৰ আত্মগত ভাববাদ সম্পূৰ্ণৰূপে মানি ল’ব নােৱাৰি । তেওঁৰ অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ ’ কথাষাৰ সমালােচিত হৈছে । 

( ক ) সমসাময়িক বাস্তৱবাদী দার্শনিক G. E. Moore- এ তেওঁৰ ‘ Refutation of Idealism ‘ নামৰ প্ৰৱন্ধত আত্মগত ভাববাদক মনােবৈজ্ঞানিক দিশত দোষযুক্ত বুলি কৈছে । তেওঁৰ মতে জ্ঞাতা আৰু জ্ঞানৰ বিষয়বস্তু পৃথক পৃথক । প্রত্যক্ষ ক্রিয়া আৰু প্ৰত্যক্ষ বিষয়বস্তু একে নহয় । বার্কলিয়ে প্রত্যক্ষ মানসিক বুলি কৈছে । সংবেদন আৰু সংবেদনৰ বিষয়বস্তু একে নহয় । 

( খ ) আত্মগত ভাববাদী দার্শনিক বার্কলিৰ মতে ‘ অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ । বস্তুৰ অস্তিত্ব আৰু বস্তুৰ অস্তিত্বৰ জ্ঞানৰ মাজত পার্থক্য আছে । আচলতে বস্তুৰ অস্তিত্ব থাকিলেহে বস্তুৰ প্রত্যক্ষ সম্ভৱ হ’ব পাৰে । বস্তুৰ অস্তিত্ব থাকিলেহে বস্তুৰ প্রত্যক্ষ সম্ভৱ । 

( গ ) আত্মগত ভাববাদে বস্তুৰ অস্তিত্বৰ ধাৰাবাহিকতা , স্থিতি আদিৰ ব্যাখ্যা দিব নােৱাৰি । অস্তিত্বৰ ধাৰাবাহিকতাৰ ব্যাখ্যা দিবলৈ ‘ অসীম মন ’ বা ঈশ্বৰৰ ধাৰণাক প্রত্যক্ষৰ বাবে টানি  আনিছে । 

( ঘ ) আত্মগত ভাববাদী দার্শনিক বার্কলিয়ে কোৱাৰ দৰে সকলাে বস্তুৱেই যদি ব্যক্তিমনৰ ধাৰণা হয় অর্থাৎ জ্ঞাতা আৰু জ্ঞাতাৰ মনৰ ধাৰণাই অস্তিত্বশীল হয় , তেনেহ’লে আত্মগত ভাববাদ ‘ আত্মকেন্দ্রিকতাবাদ’ত পৰিণত হ’ব । কিন্তু ঈশ্বৰৰ ধাৰণাই আত্মগত ভাববাদক এনে দোষৰ পৰা দোষমুক্ত কৰে । ঈশ্বৰৰ ধাৰণাই আত্মগত ( বার্কলি ) ভাববাদক বস্তুগত ভাববাদৰ দিশে ঢাল খােৱায় । 

এনেবােৰ ত্রুটি থকা বাবে আত্মগত ভাববাদ সকলােৰে বাবে গ্রহণযােগ্য মতবাদ নহয় । 

প্রশ্ন ৬। হেগেলৰ বস্তুনিষ্ঠ ভাববাদৰ বিষয়ে সমালােচনামূলক আলােচনা আগবঢ়োৱা । 

উত্তৰঃ হেগেলৰ মতবাদ ভাববাদী মতবাদ।বাস্তববাদী দার্শনিক সকলে হেগেলৰ বস্তুনিষ্ঠ ভাববাদৰ সমালােচনা কৰিছে । সমসাময়িক দার্শনিক জি . ই . মুৰ , বাট্রাণ্ড ৰাছেল আদি দার্শনিকসকলে এই মতবাদৰ সমালােচনা কৰিছে । এই মতবাদৰ আসোঁৱাহসমূহ হ’ল –

( ক ) হেগেলৰ মতবাদে বুদ্ধি আৰু সত্তাক একাকাৰ কৰি পেলাইছে । ই সমর্থনযােগ্য নহয় । হেগেলৰ মতবাদৰ মূল কথা হৈছে বুদ্ধি । সেয়েহে তেওঁৰ মতবাদ যুক্তি বা বুদ্ধিবাদৰ দোষেৰে দোষযুক্ত ।

( খ ) হেগেলে বস্তুজগতৰ অস্তিত্ব স্বীকাৰ কৰিলেও ইয়াৰ চূড়ান্ত সত্যতা স্বীকাৰ নকৰে । তেওঁৰ মতে পৰমসত্তাহে পৰম সত্য । 

( গ ) হেগেলৰ মতবাদত অধিবৈজ্ঞানিক আলােচনা অত্যধিক হৈছে । ইন্দ্রিয়লব্ধ জ্ঞানৰ যথাযথ ব্যাখ্যা উলাই কৰি অধিবৈজ্ঞানিক দিশতহে গুৰুত্ব আৰােপ কৰে । সমালােচকসকলে সেইবাবেই এই মতবাদক অবৈজ্ঞানিক আখ্যা দিছে । 

( ঘ ) কিছুমান দার্শনিকে হেগেল এই মতবাদক ৰহস্যবাদী মতবাদ বুলিও কয় । 

( ঙ ) হেগেলৰ মতে জগতখন পৰমাত্মাৰ বা ধাৰণাৰ পৰাই বিকশিত হৈছে । কিন্তু সমালােচকসকলৰ মতে বস্তু থাকিলেহে তাৰ ধাৰণা হ’ব পাৰে । বিভিন্ন দিশত সমালােচিত হলেও হেগেলৰ মতবাদৰ দার্শনিক মূল্য আছে । 

প্রশ্ন ৭। বার্কলিৰ ভাববাদ আত্মগত নে বস্তুনিষ্ঠ ? 

উত্তৰঃ বার্কলিৰ ভাববাদক কিছুমান বস্তুগত ভাববাদ বুলি অভিহিত কৰিছে । বাকলিৰ ভাববাদ আত্মগত নে বস্তুগত তাক মূল্যায়ন কৰিবলৈ প্রথমে বস্তুগত ভাববাদৰ মূল বিষয় সম্পর্কে জানিব লাগিব । 

বস্তুগত ভাববাদ মতে পৰমাত্মাই একমাত্র মূল সত্তা । এই সমগ্র জগত পৰমাত্মাৰেই প্রকাশ । এই জগত ব্যক্তি – মনৰ ধাৰণা নহয় । ই পৰমাত্মাৰ মনৰ ধাৰণা হিচাপে বর্তি আছে । পৰমাত্মাৰ আত্মপ্রকাশৰ বাবেই এই জগতৰ প্রয়ােজন । গতিকে পৰমাত্মাৰ প্রত্যক্ষ বা জ্ঞানৰ বিষয়ৰূপে এই জগতৰ অস্তিত্ব আছে । 

বস্তুগত ভাববাদ এই মূল বিষয়ৰ লগত বার্কলিৰ ভাববাদ ৰিজাই চালে দেখা যায় যে বার্কলিৰ ভাববাদৰ প্রথম পর্যায় সম্পূৰ্ণৰূপে আত্মগত ভাববাদ । কাৰণ তেওঁৰ মতে কেৱল ব্যক্তিমন আৰু ব্যক্তিমনৰ ধাৰণাৰহে অস্তিত্ব আছে । ব্যক্তিমন নিৰপেক্ষ বাহ্যজগতৰ কোনাে অস্তিত্ব বা সত্তা নাই । বাহ্য বস্তুৰ অস্তিত্ব প্রত্যক্ষৰ ওপৰত নিৰ্ভৰশীল । 

কিন্তু এনে আত্মগত ভাববাদৰ দোষ – ত্রুটিবােৰ তেওঁ যেতিয়া উপলব্ধি কৰিব ধৰিলে । তেতিয়া তেওঁ প্রত্যক্ষক ব্যক্তিমনৰ পৰা আঁতৰাই আনি ঈশ্বৰ বা পমাত্মাৰ মনত আৰােপ কৰিলে । তেওঁ ক’লে যে – সমগ্র জগত পৰমাত্মা বা ঈশ্বৰৰ প্রত্যক্ষৰ বিষয় । এই কাৰণেই তেওঁৰ ভাববাদী বিচাৰ – ধাৰাৰ এই পর্যায়ক কিছুমানে বস্তুগত ভাববাদ বুলি অভিহিত কৰে । 

কিন্তু ভালদৰে বিচাৰ কৰিলে দেখা যায় যে বার্কলিৰ ভাববাদক প্রকৃত বস্তুবাদ বুলিব নােৱাৰি । কাৰণ ঈশ্বৰ বা পৰমাত্মা তেওঁৰ ভাববাদৰ মূল বিষয় নহয় । আত্মগত ভাববাদৰ কিছুমান দোষৰ পৰা হাত সাৰিবলৈ বাধ্যত পৰি তেওঁ ঈশ্বৰ বা পৰমাত্মাৰ অস্তিত্ব স্বীকাৰ কৰিছে । 

গতিকে , বার্কলিৰ ভাববাদ মূলতঃ আত্মগত ভাববাদ । ইয়াক বস্তুগত ভাববাদ বুলি আখ্যা দিব নােৱাৰি । অৱশ্যে বার্কলিৰ আত্মগত ভাববাদৰ দ্বিতীয় পর্যায়ে বস্তুগত ভাববাদৰ বাট মুকলি কৰিছে ।

1 thought on “Class 12 Logic And Philosophy Chapter – 6 ভাববাদ: আত্মগত আৰু বস্তুগত”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top