Class 12 Logic And Philosophy Chapter – 5 বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক

Class 12 Logic And Philosophy Chapter – 5 বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 5 বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক – সমাধান and select needs one.

Class 12 Logic And Philosophy Chapter – 5 বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 5 বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক – সমাধান Solutions for All Subject, You can practice these here…

 

ৰচনাধর্মী প্রশ্নোত্তৰ ( মূল্যাংক -৬ ) 

প্রশ্ন ১। সৰল বাস্তৱবাদ কি ? সৰল বাস্তৱবাদৰ বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ জগতখন বস্তুৰে ভৰা । বস্তুৰ অস্তিত্ব মন নিৰপেক্ষ । প্রত্যক্ষৰ জৰিয়তে বস্তুবােৰ আমাৰ মনত প্রতিম্বিত হয় । গুণেৰে সৈতে এই বস্তুবােৰ মনৰ পৰা স্বতন্ত্রভাৱে বস্তুজগতত অস্তিত্বশীল হয় । এই বস্তুবােৰৰ গুণবােৰ আমাৰ মনৰ ধাৰণাতাে আছে । সেয়েহে এই ধাৰণা আৰু বস্তুবােৰৰ মাজত মিল আছে । গতিকে সৰল বাস্তৱবাদ অনুসৰি বস্তুৰ জ্ঞান পােনপটীয়া জ্ঞান । 

সর্বসাধাৰণৰ ধাৰণা মতে , জ্ঞাত মনে বস্তুবােৰ তাৰ গুণেৰে সৈতে সাক্ষাতভাৱে জানিব পাৰে । সেয়েহে ইয়াক সৰল বাস্তৱবাদ বা লৌকিক মতবাদ বােলা হয় । 

এই জগতৰ বস্তুবােৰ মৌলিক আৰু গৌণ গুণবিশিষ্ট । প্রকৃততে এই দুই প্রকাৰৰ গুণৰ কোনাে পার্থক্য নাই । আমি প্রত্যক্ষ কৰাে বা নকৰাে গুণসমূহ বস্তুৰ লগত থাকে । আমি যেতিয়া বস্তু প্রত্যক্ষ কৰাে তেতিয়া এই গুণসমূহকে প্রত্যক্ষ কৰোঁ । তাৰ সংবেদনসমূহ মানসিক অৱস্থা মাত্র । 

কিন্তু এই মতবাদ গ্রহণযােগ্য নহয় । কাৰণ মানসিক অৱস্থাৰ প্ৰতিৰূপ কোনাে বাহ্যবস্তু নাই । এই মতবাদ স্বীকাৰ কৰিলে জ্ঞানৰ সার্বিকতা নােহােৱা হ’ব । একে বস্তুকে বিভিন্ন মানুহে বেলেগে বেলেগে প্রত্যক্ষ কৰিব পাৰে । গতিকে সকলাে গুণক বস্তুগত বুলিব নােৱাৰি । কিছুমান । গুণ মনৰ ওপৰত নিৰ্ভৰশীল । সেয়েহে সৰল বাস্তৱবাদ আসোঁৱাহ মুক্ত নহয় । এই মতবাদ দার্শনিক মূল্য কম ।

সৰল বাস্তৱবাদৰ বৈশিষ্ট্যবােৰ হ’ল— 

( ক ) সৰল বাস্তৱবাদে বাস্তৱবাদৰ অস্তিত্ব স্বীকাৰ কৰে । 

( খ ) সৰল বাস্তৱবাদ অনুসৰি ইন্দ্রিয় অভিজ্ঞতাৰ দ্বাৰা বাস্তৱ জগতখনৰ জ্ঞান লাভ কৰিব পাৰি । বস্তুবােৰ আমি যিদৰে প্রত্যক্ষ কৰোঁ তেনেদৰেই থাকে । 

( গ ) বস্তুৰ অস্তিত্ব কোনাে মনে জনা বা নজনাৰ ওপৰত নিৰ্ভৰ নকৰে । অর্থাৎ মন নিৰ্ভৰশীল । নহয় । 

( ঘ ) বস্তুৰ সকলাে গুণ মনৰ পৰা স্বতন্ত্রভাৱে বস্তুত থাকে । 

প্রশ্ন ২। বৈজ্ঞানিক বাস্তৱবাদ কি ? ইয়াৰ বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ বৈজ্ঞানিক বাস্তৱবাদ অনুসৰি বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে । কিন্তু কিছুমান গুণ বস্তুত থাকে আৰু কিছুমান গুণ ব্যক্তিমনত থাকে । বস্তুত থকা গুণবােৰ মৌলিক । যেনে – বস্তুৰ আকাৰ , আয়তন , বিস্তৃতি , গতি ইত্যাদি । আনহাতে ব্যক্তিমনত থকা গুণবােৰ হ’ল ৰং , সােৱাদ , গােন্ধ , তাপ , চাপ ইত্যাদি গৌণ গুণবােৰ । আমাৰ মনত থকা ধাৰণাসমূহ এই মৌলিক গুণবােৰৰ প্রতিৰূপ । কিন্তু গৌণ গুণবােৰ ব্যক্তিভেদে বেলেগ বেলেগ । এইবােৰ মানসিক ৰূপ মাত্র । জন লক , ডেকার্ট , স্পিনােজা আদি এই মতবাদৰ সমর্থক । 

গৌণ গুণসমূহ আৰু মৌলিক গুণসমূহৰ বিশেষ অৱস্থান আৰু সংমিশ্ৰণৰ ফলত আমাৰ মনত ধাৰণাৰ উদ্ভৱ হয় । লক আৰু ডেকাৰ্টৰ মতে আমাৰ মনে পােনপটীয়াকৈ কোনাে বস্তু জানিব নােৱাৰে । লকৰ মতে বস্তুৰ প্রত্যক্ষ মনে ধাৰণাকহে মাত্র জানিব পাৰে । আমাৰ মনত থকা ধাৰণাবােৰ এই মৌলিক গুণবােৰৰ প্ৰতিৰূপ । কিন্তু গৌণ গুণবােৰ ব্যক্তিভেদে বেলেগ বেলেগ।বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে । আমাৰ মন বা চেতনা এখন পর্দাৰ নিচিনা । যাৰ মাধ্যমেৰে আমি বস্তুৰ ধাৰণা বা প্রতীক পাওঁ । আমাৰ মনৰ ধাৰণাৰ লগত যদি বাহ্য বস্তুৰ মিল পাওঁ , তেনেহ’লে জ্ঞান যথার্থ হ’ব । জন লকৰ এই মতবাদে বিজ্ঞানী সকলৰ স্বীকৃতি লাভ কৰিছিল । সেইবাবে এই মতবাদক বৈজ্ঞানিক বাস্তৱবাদ বােলে । এই মতবাদক সবিচাৰবাদ বা সংস্কৃত বস্তুবাদ বা প্রতীকবাদো বােলা হয় । 

বৈজ্ঞানিক বাস্তৱবাদৰ বৈশিষ্ট্যবােৰ হ’ল— 

( ক ) বৈজ্ঞানিক বাস্তৱবাদ মতে জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্র । 

( খ ) বৈজ্ঞানিক বাস্তৱবাদ মতে বস্তুবােৰ গুণৰ জৰিয়তে জানিব পাৰি । যিবােৰ মনৰ পৰা স্বতন্ত্ৰ ।

( গ ) বৈজ্ঞানিক বাস্তৱবাদ মতে জ্ঞান এটা সম্পূর্ণ স্বাধীন প্রক্রিয়া । এই প্রক্রিয়াই বস্তুৰ প্রতিলিপি বা নকলহে প্ৰভাৱান্বিত কৰে । 

( ঘ ) বস্তুৰ প্ৰকৃত স্বৰূপ গুণেহে প্রকাশ কৰে– যিবােৰ গুণ অপৰিৱর্তনীয় । 

প্রশ্ন ৩। বাস্তবতাৰ সংজ্ঞা হিচাপে বৈজ্ঞানিক বাস্তববাদ সম্পৰ্কত সমালােচনামূলক আলােচনা কৰা । 

উত্তৰঃ বাস্তৱবাদৰ সংজ্ঞা হিচাপে বৈজ্ঞানিক বাস্তৱবাদ সমালােচনামুক্ত নহয় । জন লক আৰু তেওঁৰ অনুগামীসকলৰ এই মতবাদ গ্রহণযােগ্য নহয় । কাৰণ , যদি আমি মনৰ ধাৰণাকহে জানাে তেন্তে বাহ্যবস্তু অজ্ঞাতে আৰু অজ্ঞেয় হৈয়ে থাকিব । তাৰােপৰি আমি এই মতবাদ মতে বস্তুক প্রত্যক্ষ নকৰোঁ তাৰ প্রতীককহে প্রত্যক্ষ কৰো । গতিকে ধাৰণাৰ লগত বস্তুৰ মিল আছে নে নাই তাক জানিম কেনেকৈ ? 

আনহাতে মৌলিক আৰু গৌণ গুণৰ শ্ৰেণীকৰণটো ভুল । আমি গুণবােৰ স্বতন্ত্রভাৱে কেতিয়াও নাপাওঁ । বস্তুবাদ মতে সত্তা নিত্য আৰু স্বতন্ত্র । অস্তিত্বৰ বাবে ই কাৰো ওপৰত নিৰ্ভৰশীল নহয় । 

বস্তুবাদৰ সাধাৰণ মতবাদ হ’ল –মনত নিৰপেক্ষভাৱে বস্তুৰ অস্তিত্ব থাকিব পাৰে । লকৰ এই বৈজ্ঞানিক বস্তুবাদে বার্কলিৰ ভাববাদৰ সূচনা কৰিলে । 

প্রশ্ন ৪। বাস্তৱবাদৰ সংজ্ঞা হিচাপে সৰলবাস্তৱবাদ সম্পৰ্কত সমালােচনামূলক আলােচনা আগবঢ়োৱা । 

উত্তৰঃ বাস্তৱবাদৰ সংজ্ঞা হিচাপে সৰল বাস্তৱবাদ সমালােচনা মুক্ত নহয় । সৰল বাস্তৱবাদ মানুহে সাধাৰণভাৱে গ্ৰহণ কৰা এক সাধাৰণ দৃষ্টিভংগীহে মাথােন । এই ব্যাখ্যাৰ দার্শনিক মূল্য কম । এই মতবাদৰ বিৰুদ্ধে আগবঢ়োৱা সমালােচনাবােৰ হ’ল— 

( ক ) সৰল বাস্তৱবাদে ভুল – ভ্রান্তিক ব্যাখ্যা কৰিব নােৱাৰে । আমি সদায় শুদ্ধৰূপত বস্তুক প্রত্যক্ষ নকৰোঁ । তেনে ক্ষেত্ৰত বস্তুৰ প্রকৃত স্বৰূপ আমাৰ প্রত্যক্ষত ধৰা নপৰে । সৰল বাস্তৱবাদে ভ্ৰান্তিৰ অভিজ্ঞতাৰ ব্যাখ্যা দিব নােৱাৰে । এই মতবাদ অনুসৰি আমাৰ বস্তুৰ প্রকৃত স্বৰূপেৰেই প্রত্যক্ষ হয় । কিন্তু এই কথা মানি ল’ব নােৱাৰি । 

( খ ) সৰল বাস্তৱবাদে কোৱাৰ দৰে বাহ্যবস্তুৰ অস্তিত্ব সকলাে ক্ষেত্রতে বস্তুটোৰ জ্ঞানৰ পৰা স্বতন্ত্র বুলি মানি ল’ব পৰা নাযায় । বস্তু এটা জ্ঞানৰ বিষয়বস্তু হােৱাৰ সম্পৰ্কলৈ আহিলেই জ্ঞেয় জ্ঞাতাৰ পৰা স্বতন্ত্র হ’ব নােৱাৰে । 

( গ ) সৰল বাস্তৱবাদে সপােনৰ ব্যাখ্যা দিব নােৱাৰে । সৰল বাস্তৱবাদ অনুসৰি , অভিজ্ঞতাত পােৱা সকলাে বস্তুৱেই মনৰ পৰা স্বতন্ত্র । কিন্তু আমি সপােনত দেখা বস্তুবােৰ মনৰ পৰা সম্পূর্ণ স্বতন্ত্র বা বাহ্যিক হ’ব নােৱাৰে । 

( ঘ ) সৰল বাস্তৱবাদে বিভিন্ন ব্যক্তিৰ ক্ষেত্ৰত হােৱা জ্ঞানৰ ভিন্নতা আওকাণ কৰে । 

( ঙ ) সৰল বাস্তৱবাদে জ্ঞানৰ ক্ষেত্ৰত মনৰ সংশ্লেষাত্মক কার্যসমূহৰ গুৰুত্ব গ্রাহ্য নকৰাটো গ্রহণযােগ্য নহয় । কোনাে এটা বস্তুক জানােতে কিছুমান মনস্তাত্ত্বিক আৰু জ্ঞানতাত্ত্বিক প্রক্রিয়া অতিক্রম কৰিবলগীয়া হয় । আচলতে বস্তুৰ প্রকৃত জ্ঞান মনৰ সংশ্লেষাত্মক ক্রিয়াৰহে ফল , কিন্তু সৰল বাস্তৱবাদে মনৰ এই সংশ্লেষাত্মক ক্রিয়াৰ গুৰুত্ব মানি নলয় ।

( চ ) সৰল বাস্তৱবাদে জ্ঞানৰ আন্তঃজৈৱিক আৰু বহিঃজৈৱিক চর্ত গ্রাহ্য নকৰে । কোনাে বস্তুৰ জ্ঞান কিছুমান আন্তঃজৈৱিক চর্ত , যেনে- ইন্দ্ৰিয়ৰ গঠন , ক্ষমতা আদি আৰু বহিঃ জৈৱিক চর্ত , যেনে — পােহৰৰ পৰিমাণ , বিভিন্ন সঁজুলিৰ ব্যৱহাৰ , যেনে – দূৰবীক্ষণ যন্ত্র , অনুবীক্ষণ যন্ত্র আৰু সেইবােৰৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে । এইবােৰৰ ব্যৱহাৰে আমাৰ জ্ঞানৰ ক্ষেত্ৰত প্ৰভাৱ পেলায় । কিন্তু সৰল বাস্তৱবাদে এই চৰ্তবােৰৰ প্ৰভাৱ অস্বীকাৰ কৰি কয় , যে বস্তুটো যেনে ভাৱে আছে , তেনেভাৱেই জনা যায় । এই কথাষাৰ গ্রহণযােগ্য নহয় । এইবােৰৰাে প্রয়ােজন জ্ঞানৰ ক্ষেত্রত । 

গতিকে সৰল বাস্তৱবাদে জ্ঞানৰ প্রকৃতি , জ্ঞাতা আৰু জ্ঞেয়ৰ সম্পৰ্কৰ যথাযথ ব্যাখ্যা আগবঢ়াব পৰা নাই । এই মতবাদে সাধাৰণ ধাৰণা আগবঢ়ালেও বৈজ্ঞানিক বা দার্শনিক গ্রহণযােগ্য মত আগবঢ়াব পৰা নাই । গতিকে ইয়াৰ দার্শনিক মূল্য কম ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top