Class 12 Logic And Philosophy Chapter – 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি

Class 12 Logic And Philosophy Chapter – 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি – সমাধান and select needs one.

Class 12 Logic And Philosophy Chapter – 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি – সমাধান Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ ( মূল্যাংক -৩ / ৪ )

প্রশ্ন ১। অন্বয়ী পদ্ধতিৰ তিনিটা অসুবিধা লিখা । 

উত্তৰঃ অন্বয়ী পদ্ধতিৰ তিনিটা অসুবিধা হ’ল–

( ক ) অন্বয়ী পদ্ধতি বা প্রণালীৰ প্ৰয়ােগক্ষেত্র অতি ব্যাপক । 

( খ ) অন্বয়ী প্রণালীত কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ নির্ণয় কৰিব পাৰি । 

( গ ) অন্বয়ী পদ্ধতিয়ে কাৰণ সম্পর্কে প্রকল্প গঠন কৰাত আৰু কাৰণ আৱিষ্কাৰ কৰাত সহায় কৰে । 

প্রশ্ন ২। ব্যতিৰেকী পদ্ধতিৰ তিনিটা সুবিধা লিখা । 

উত্তৰঃ ব্যতিৰেকী পদ্ধতিৰ তিনিটা সুবিধা হল— 

( ক ) ব্যতিৰেকী প্রণালীত মাত্র দুটা দৃষ্টান্তৰ প্ৰয়ােজন আৰু এই দুটা দৃষ্টান্তৰ ওপৰত নিৰ্ভৰ কৰিয়েই কার্য – কাৰণ সম্বন্ধ নির্ণয় কৰা হয় । 

( খ ) পৰীক্ষাৰ দ্বাৰা দৃষ্টান্ত দুটা সংগ্রহ কৰি সঠিকভাৱে এই প্রণালী প্রয়ােগ কৰিব পাৰিলে সুনিশ্চিতভাৱে কার্যকাৰণ সম্বন্ধ নির্ণয় কৰিব পাৰি । সেয়েহে এই পদ্ধতিক আগমন পদ্ধতিবােৰৰ ভিতৰত উৎকৃষ্ট প্রমাণৰ পদ্ধতি বােলা হয় । 

( গ ) প্রয়ােগৰ সুবিধা থাকিলে আন আন প্রণালীয়ে কার্যকাৰণ সম্বন্ধৰ বিষয়ে কি সন্ধান । দিয়ে তাক ব্যতিৰেকী পদ্ধতিৰ দ্বাৰা নিশ্চিতভাৱে প্ৰমাণ কৰিব পাৰি । 

প্রশ্ন ৩। “ ব্যতিৰেকী পদ্ধতিয়ে প্ৰমাণ কৰিব পাৰে এটা কাৰণ , কিন্তু কাৰণবােৰ নহয় । ” — ব্যাখ্যা কৰা । 

উত্তৰঃ ব্যতিৰেকী প্রণালীয়ে কোনাে এটা ঘটনা বিশেষৰ কাৰণ নিশ্চতভাৱে প্ৰমাণ কৰিব পাৰে । কিন্তু এই কাৰণেই যে সকলাে ক্ষেত্রতে এই ঘটনাৰ কাৰণ । এনে সার্বিক সিদ্ধান্ত প্রতিষ্ঠা কৰিব নােৱাৰে । একে ঘটনা বিভিন্ন সময়ত কাৰণৰ দ্বাৰা ঘটিব পাৰে । গতিকে ব্যতিৰেকী পদ্ধতি নানাকাৰণ সম্ভাৱনাৰ পৰা মুক্ত নহয় । 

প্রশ্ন ৪। অন্বয়ী পদ্ধতিয়ে কাৰণ আৰু সহকাৰ্যৰ মাজত পার্থক্য নিৰূপণ কৰিব নােৱাৰে । ” — ব্যাখ্যা কৰা । 

উত্তৰঃ অন্বয়ী পদ্ধতি মতে দুটা ঘটনা একেলগে উপস্থিত থাকিলে বা দুটা ঘটনা অগা পিছাকৈ ঘটিলেই ঘটনা দুটাৰ মাজৰ কার্য – কাৰণ সম্বন্ধ থকা বুলি ধৰি লােৱা হয় । কিন্তু একেলগে দুটা ঘটনা নিয়তভাৱে ঘটিলে বা অগা – পিছাকৈ ঘটিলেই এটা আনটোৰ কাৰণ বা কার্য হ’ব নােৱাৰে বা নহ’বও পাৰে । হয়তাে ইয়াৰ প্রকৃত কাৰণ বেলেগ ; দুয়ােটাই সহ অৱস্থানহে কৰিছে  মাত্র । গতিকে অন্বয়ী পদ্ধতিয়ে কার্য – কাৰণ সম্বন্ধক সহ – অবস্থান সম্বন্ধ আৰু সহ কার্য সম্বন্ধৰ পৰা পৃথক কৰিব নােৱাৰে । কার্য – কাৰণ সম্বন্ধৰ ইংগিতহে দিব পাৰে । 

প্রশ্ন ৫। অন্বয়ী ব্যতিৰেকী পদ্ধতি নিশ্চিতভাৱে অন্বয়ী পদ্ধতিৰ উন্নতি । ” — ব্যাখ্যা কৰা । 

উত্তৰঃ অন্বয়ী ব্যতিৰেকী পদ্ধতি প্ৰকৃততে অন্বয়ী পদ্ধতিৰ প্ৰকাৰভেদ মাত্র । ইয়াত উন্নত প্ৰকাৰৰ অন্বয়ী পদ্ধতি প্রয়ােগ কৰা হয় । সদর্থক দৃষ্টান্তৰ শাৰীত উপস্থিতিৰ অন্বয় বা মিল আৰু নঞর্থক দৃষ্টান্তৰ শাৰীত অনুপস্থিতৰ অন্বয় ‘ বা মিলৰ ওপৰত নিৰ্ভৰ কৰি ইয়াত কার্য-কাৰণ সম্বন্ধ নির্ণয়ৰ প্ৰচেষ্টা কৰা হয় । গতিকে মিলৰ মতেও এই পদ্ধতি অন্বয়ী পদ্ধতিৰেই পৰিবর্ধিত ৰূপ । অন্বয়ী পদ্ধতিৰ কাৰ্য – কাৰণ সম্পর্কীয় ধাৰণা এই প্রণালীয়ে দৃঢ়ভাৱে সমর্থন কৰে । 

প্রশ্ন ৬। সহ পৰিৱৰ্তন পদ্ধতিৰ তিনিটা সুবিধা উল্লেখ কৰা । 

উত্তৰঃ সহপৰিবর্তন পদ্ধতিৰ তিনিটা সুবিধা হল— 

( ক ) সহ পৰিৱৰ্তন পদ্ধতিৰ ডাঙৰ সুবিধাটো হ’ল যে উত্তাপ , মাধ্যাকর্ষণ শক্তি , বায়ুমণ্ডলৰ চাপ , আদি কিছুমান স্থায়ী উপাদানৰ ক্ষেত্ৰত এই প্রণালী প্রয়ােগ কৰিয়েই কার্য – কাৰণ সম্বন্ধ নির্ণয় কৰা হয় । 

( খ ) এই প্রণালীৰ দ্বাৰা অকল কার্য – কাৰণ সম্বন্ধই নহয় কার্য – কাৰণৰ পৰিমাণগত হ্রাস বৃদ্ধিৰ সঠিক অনুপাত নির্ণয় কৰে । যেনে — উত্তাপ কিমান বৃদ্ধি হলে বস্তুৰ আয়তন কিমান  বৃদ্ধি হ’ব তাকো সহপৰিৱৰ্তন প্রণালীয়ে নিৰ্দ্ধাৰণ কৰে ৷ 

প্রশ্ন ৭৷ পৰিশেষ পদ্ধতিৰ সুবিধাৰােৰ উল্লেখ কৰা । 

উত্তৰঃ পৰিশেষ পদ্ধতিৰ সুবিধাবােৰ হ’ল— 

( ক ) বৈজ্ঞানিক আৱিষ্কাৰৰ ক্ষেত্ৰত এই প্রণালীৰ অৱদান লেখত ল’বলগীয়া । এই প্রণালীৰ সার্থক প্রয়ােগত জ্যোতির্বিজ্ঞান , ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত নতুন নতুন তথ্যৰ আৱিষ্কাৰ হৈছে । 

( খ ) জটিল ঘটনা আৱিষ্কাৰৰ ক্ষেত্ৰত এই প্রণালীয়ে সহায় কৰে । 

( গ ) এই পদ্ধতিৰ সহায়ত কাৰ্যৰ পৰা কাৰণ আৰু কাৰণৰ পৰা কাৰ্য অন্বেষণ কৰিব পাৰি ।

( ঘ ) একমাত্র পৰিশেষ প্রণালীয়ে মিশ্ৰকাৰ্যৰ কাৰণ অনুসন্ধান কৰিব পাৰে । 

( ঙ ) প্রত্যেক আগমন প্রণালীয়েই পৰিশেষ পদ্ধতিৰ সহায় লয় । 

প্রশ্ন ৮। ব্যতিৰেকী পদ্ধতিয়ে কাৰণ আৰু উপকাৰণৰ মাজৰ পার্থক্য নিৰূপণ কৰিব নােৱাৰে । উদাহৰণসহ ব্যাখ্যা কৰা । 

উত্তৰঃ ব্যতিৰেকী পদ্ধতিয়ে কাৰণ আৰু উপকাৰণৰ মাজৰ কার্য – নিৰূপণ কৰিব নােৱাৰি । উদাহৰণস্বৰূপে বায়ুপূর্ণ কাচৰ পাত্ৰত বিদ্যুৎচালিত ঘণ্টা বজালে শব্দ শুনা যায় । গতিকে এই প্রণালী অনুসৰি সিদ্ধান্ত কৰা হ’ল যে বায়ুৱেই শব্দ শুনাৰ কাৰণ । কিন্তু প্রকৃততে বতাহ এটা উপকাৰণহে , কাৰণ হ’ব নােৱাৰে । অন্যান্য উপকাৰণ নাথাকিলে কেৱল বতাহে শব্দ উৎপাদন কৰিব নােৱাৰে । 

প্রশ্ন ৯। অন্বয়ী পদ্ধতিৰ অসুবিধাবােৰ কিদৰে কিছুপৰিমাণে আঁতৰাব পাৰি ? 

উত্তৰঃ ( ক ) অন্বয়ী পদ্ধতিৰ নানা কাৰণবাদৰ দোষটো কিছু পৰিমাণে দৃষ্টান্তৰ সংখ্যা বৃদ্ধি কৰি দূৰ কৰিব পাৰি । 

কিন্তু কার্য-কাৰণ সম্বন্ধ নিশ্চিত ৰূপত প্রতিষ্ঠা কৰিব নােৱাৰি । নানা কাৰণবাদৰ দোষটো । সম্পূৰ্ণৰূপে দূৰীভূত নহয় । 

( খ ) মিশ্র অন্বয়ী ব্যতিৰেকী পদ্ধতি প্রয়ােগ কৰিও নানা কাৰণৰ সম্ভাৱনা বহু পৰিমাণে নােহােৱা কৰিব পাৰি । কিন্তু অন্বয়ী প্রণালীৰ দৰে অন্বয়ী ব্যতিৰেকী পদ্ধতিও নিৰীক্ষণৰ ওপৰত নিৰ্ভৰশীল ।

( গ ) প্রয়ােজনীয় দৃষ্টান্তৰ সংখ্যা বৃদ্ধি কৰাও সমস্যা । 

এই অসুবিধা দূৰ কৰা আমাৰ পক্ষে নিয়ন্ত্ৰণৰ বাহিৰত । কিন্তু অপর্যবেক্ষণ বা অনিৰীক্ষণৰ দোষটো দৃষ্টান্ত নির্বাচনৰ জৰিয়তে কিছু পৰিমাণে কমাব পাৰি । 

তথাপি নিৰীক্ষণৰ প্রণালী হােৱা বাবে অন্বয়ী প্রণালীক দোষবােৰৰ পৰা সম্পূর্ণ মুক্ত কৰিব নােৱাৰি । 

প্রশ্ন ১০। কাকতালীয় দোষ সম্পর্কে চমুটোকা লিখা । 

উত্তৰঃ কাৰণ কাৰ্যৰ নিয়ত পূর্বৱর্তী ঘটনা । যিকোনাে পূর্বৱর্তী ঘটনাই কাৰণ হ’ব নােৱাৰে । পূর্বৱর্তী ঘটনা দুই প্রকাৰৰ— 

( ক ) নিয়ত আৰু 

( খ ) অনিয়ত । 

যি ঘটনা কাৰ্যৰ পূর্বে কেতিয়াবা উপস্থিত থাকে তাক অনিয়ত পূর্ববর্তী ঘটনা বােলে ।

আনহাতে যি ঘটনা ব্যতিক্রমহীনভাৱে সদায় উপস্থিত থাকে তাক নিয়ত পূর্বৱর্তী ঘটনা বােলে । কোনাে এটা কার্যৰ আগত অসংখ্য ঘটনা ঘটে । যি ঘটনা নিয়তভাৱে কাৰ্যৰ আগত ঘটে সেই নিয়ত পূর্বৱর্তী ঘটনাকে কাৰণ বােলে । অভিজ্ঞতাবাদী দার্শনিক ডেভিদ হিউমৰ মতে কাৰণ কাৰ্যৰ নিয়ত পূর্বৱর্তী ঘটনা । যিকোনাে পূর্বৱর্তী ঘটনাক কাৰণ বুলি ক’লে এটা দোষৰ উদ্ভৱ হয় । ইয়াকেই কাকতালীয় দোষ বােলে । 

Sl. No.Contents
Chapter 1আগমন
Chapter 2আগমনৰ ভিত্তি
Chapter 3প্ৰকল্প
Chapter 4মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি
Chapter 5বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক
Chapter 6ভাববাদ: আত্মগত আৰু বস্তুগত
Chapter 7নীতিশাস্ত্র
Chapter 8ধর্ম

প্রশ্ন ১১। পৰীক্ষণমূলক পদ্ধতিয়ে কি বুজায় ? মিলে কিমানটা পৰীক্ষণ পদ্ধতিৰ স্বীকৃতি দিছে । এই পদ্ধতিবােৰৰ নাম লিখা । 

উত্তৰঃ কার্যকাৰণ সম্বন্ধ নির্ণয়ৰ বাবে বা কোনাে ঘটনাৰ প্রকৃত কাৰণ নির্ণয়ৰ উদ্দেশ্যে তর্কশাস্ত্ৰসকলে কেইটামান উপায় বা প্রণালী বা পদ্ধতিৰ আৱিষ্কাৰ কৰিছে । এই পদ্ধতি বা প্রণালীবােৰকেই পৰীক্ষণ পদ্ধতি বা আগমন পদ্ধতি বােলা হয় । 

মিলে পাঁচটা পৰীক্ষণ পদ্ধতিৰ স্বীকৃতি দিছে । এই পদ্ধতিবােৰৰ নাম হৈছে – 

( ক ) অন্বয়ী পদ্ধতি ।

( খ ) ব্যতিৰেকী পদ্ধতি ।

( গ ) মিশ্র পদ্ধতি বা অন্বয়ী ব্যতিৰেকী পদ্ধতি । 

( ঘ ) সহ – পৰিৱৰ্তন পদ্ধতি । আৰু

( ঙ ) পৰিশেষ পদ্ধতি । 

প্রশ্ন ১২। “ অন্বয়ী পদ্ধতি হ’ল এটা নিৰীক্ষণৰ পদ্ধতি । ” — ব্যাখ্যা কৰা । 

উত্তৰঃ অন্বয়ী পদ্ধতিত নিৰীক্ষণৰ জৰিয়তেই দৃষ্টান্ত সংগ্রহ কৰা হয় । নিৰীক্ষণৰ জৰিয়তেই এই দৃষ্টান্তবােৰক বিশ্লেষণ কৰি পৰস্পৰৰ লগত তুলনা কৰি অন্বয় অর্থাৎ মিল থকা বিষয়টো নির্ধাৰণ কৰা হয় । অৱশ্যে পৰীক্ষণৰ দ্বাৰাও দৃষ্টান্ত সংগ্রহ কৰিব পাৰি । কাৰণ যি ক্ষেত্ৰত পৰীক্ষণ সম্ভৱ তাত নিৰীক্ষণ সম্ভৱ । কিন্তু ইয়াৰ ওলােটাটো হ’ব নােৱাৰে । কিছুমান প্রাকৃতিক ঘটনাৰ ক্ষেত্ৰত ঘটনা আৰু পৰিৱেশ আমাৰ নিয়ন্ত্ৰণত নাথাকে । তেতিয়া পৰীক্ষণ পদ্ধতি প্রয়ােগ কৰিব নােৱাৰি । এনে ক্ষেত্ৰত নিৰীক্ষণৰ দ্বাৰা দৃষ্টান্ত সংগ্রহ কৰি অন্বয়ী প্রণালী প্রয়ােগ কৰাৰ বাহিৰে আন উপায় নাই । 

প্রশ্ন ১৩। ব্যতিৰেকী পদ্ধতিক কিয় পৰীক্ষণ পদ্ধতি বুলি কোৱা হয় ? 

উত্তৰঃ ব্যতিৰেকী পদ্ধতি প্রয়ােগ কৰিবলৈ মাত্র দুটা দৃষ্টান্ত লাগে । দৃষ্টান্ত দুটাৰ এটাত ঘটনাটো উপস্থিত থাকিব লাগে আনটো দৃষ্টান্তত ঘটনাটো অনুপস্থিত থাকিব লাগে । অর্থাৎ দুটাৰ এটা সদর্থক আৰু আনটো নঞর্থক হ’ব লাগে । 

দৃষ্টান্ত দুটাৰ মাজত কেৱল এটা বিষয়ৰ বাহিৰে আন সকলাে বিষয়ত হুবহু মিল থাকিব লাগিব । অমিল থকা বিষয়টো সদর্থক দৃষ্টান্তৰ উপস্থিত থাকিব লাগিব আৰু নঞর্থক দৃষ্টান্তত সম্পূর্ণভাৱে অনুপস্থিত থাকিব লাগিব । 

এনে বৈশিষ্ট্যপূর্ণ দৃষ্টান্ত যদিও সংখ্যাত দুটা মাত্র , নিৰীক্ষণৰ দ্বাৰা তাক সংগ্রহ কৰিব নােৱাৰি । এনে বৈশিষ্ট্যপূর্ণ দৃষ্টান্ত গৱেষণাগাৰত পৰীক্ষণৰ দ্বাৰাহে সম্ভৱ । 

ব্যতিৰেকী প্রণালী বা পদ্ধতি প্রয়ােগৰ বাবে প্রয়ােজনীয় দৃষ্টান্ত দুটাৰ মাজত একমাত্র অমিল থকা বিষয়টো সম্পূর্ণকৈ অপসৰণ কৰা হয় আৰু বিষয়টো অপসৰণৰ লগে লগে কার্য কাৰণ সম্বন্ধেৰে সম্বন্ধিত বিষয়টোও অপসাৰিত হৈ যায় । এই সম্পূর্ণ অপসৰণ ক্রিয়া গৱেষণাগাৰত সকলাে পাৰিপাৰ্শ্বিক অৱস্থা নিয়ন্ত্ৰণত ৰাখি কৃত্রিমভাৱেহে সন্তোষজনক কৰিব পৰা আৰু তাৰ ফলাফল অধ্যয়ন বা পৰীক্ষণ কৰিব পাৰি । সেয়েহে ব্যতিৰেকী পদ্ধতিক ‘ পৰীক্ষণ পদ্ধতি ’ বােলা হয় । 

প্রশ্ন ১৪। পার্থক্য পদ্ধতিৰ বিধানটো লিখা । এই পদ্ধতিত প্রয়ােগ কৰিব লগীয়া বস্তুবােৰ কি কি ? 

উত্তৰঃ অন্বেষণীয় ঘটনাটো উপস্থিত থকা এটা দৃষ্টান্ত আৰু ঘটনাটো অনুপস্থিত থকা আন এটা দৃষ্টান্তৰ মাজত যদি মাত্ৰ এটা বিষয়ৰ বাহিৰে আন সকলাে বিষয়তে সম্পূর্ণভাৱে মিল থকা দেখা যায় , যদি মিল নথকা বিষয়টো প্রথম দৃষ্টান্ততেই থাকে তেতিয়া দৃষ্টান্ত দুটাৰ মাজত মিল নথকা সেই একমাত্র বিষয়টোৱেই অন্বেষণীয় ঘটনাৰ কার্য বা কাৰণ বা কাৰণৰ অপৰিহার্য অংশ হ’ব । 

এই পদ্ধতিক প্রয়ােগ কৰিবলৈ হ’লে প্রথমে দুটা দৃষ্টান্ত সংগ্ৰহ কৰিব লাগিব । এটা সদর্থক আৰু আনটো নঞর্থক দৃষ্টান্ত হ’ব লাগিব । মাত্র এটা বিষয়ৰ বাহিৰে দুটাৰ মাজত সকলাে বিষয়তে মিল থাকিব লাগিব । সদর্থক দৃষ্টান্তত অমিল থকা বিষয়ৰ উপস্থিতি আৰু নঞর্থক দৃষ্টান্তত অনুপস্থিতি লক্ষ্য কৰিব লাগিব । অৱশেষত মিল নথকা বিষয়টোৱেই ঘটনাৰ কাৰণ বা কার্য বুলি পৰিগণিত হ’ব । এই পদ্ধতিত এটা ক্ষেত্ৰত পার্থক্য আছে । 

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top