Class 12 Logic And Philosophy Chapter – 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি

Class 12 Logic And Philosophy Chapter – 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি – সমাধান and select needs one.

Class 12 Logic And Philosophy Chapter – 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি – সমাধান Solutions for All Subject, You can practice these here…

মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি

পাঠ: ৪ 

চমু প্রশ্নোত্তৰ ( মূল্যাংক -১ ) 

প্রশ্ন ১। কিমানটা পৰীক্ষণমূলক পদ্ধতিক মিলে স্বীকৃতি দিছিল ? 

উত্তৰঃ মিলৰ মতে পৰীক্ষণমূলক পদ্ধতি পাঁচ প্রকাৰৰ । 

প্রশ্ন ২। মিলৰ আগমন পদ্ধতিৰ উদ্দেশ্য কি ? 

উত্তৰঃ মিলৰ আগমন পদ্ধতিৰ উদ্দেশ্য হল— কার্য – কাৰণ সম্বন্ধ নির্ণয় । 

প্রশ্ন ৩। অপসৰণ পদ্ধতি বুলিলে কি বুজা ? 

উত্তৰঃ অন্বেষণীয় ঘটনাৰ লগত যি যি ঘটনাৰ কোনাে সম্বন্ধ নাই বা আকস্মিক সম্বন্ধ অর্থাৎ অপ্রাসংগিক সেইবােৰক এটা এটাকৈ বর্জন কৰাই অপসৰণ পদ্ধতি । 

প্রশ্ন ৪। অন্বয়ী পদ্ধতি প্রয়ােগ কৰিবলৈ কিমানটা দৃষ্টান্তৰ প্রয়ােজন ? 

উত্তৰঃ অন্বয়ী পদ্ধতি প্রয়ােগ কৰিবলৈ দুটা বা ততােধিক দৃষ্টান্তৰ প্রয়ােজন । 

প্রশ্ন ৫। ব্যতিৰেকী পদ্ধতি প্রয়ােগ কৰিবলৈ কিমানটা দৃষ্টান্তৰ প্ৰয়ােজন ? 

উত্তৰঃ ব্যতিৰেকী পদ্ধতি প্রয়ােগ কৰিবলৈ দুটা দৃষ্টান্তৰ প্রয়ােজন । এটাত ঘটনাটো উপস্থিত থাকিব লাগিব আৰু আনটোত ঘটনাটো অনুপস্থিত থাকিব লাগিব ।

প্রশ্ন ৬। কাকতালীয় দোষৰ অর্থ কি ? 

উত্তৰঃ যিকোনাে পূর্বৱর্তী ঘটনাক কাৰণ বুলি ধৰিলে কাকতালীয় দোষৰ সৃষ্টি হয় । 

প্রশ্ন ৭। অন্বয়ী পদ্ধতিৰ সিদ্ধান্ত নিশ্চিত’— শুদ্ধনে ? 

উত্তৰঃ অন্বয়ী পদ্ধতিৰ সিদ্ধান্ত নিশ্চত নহয় । 

প্রশ্ন ৮। ব্যতিৰেকী পদ্ধতিৰ সিদ্ধান্ত নিশ্চিত । তুমি কথাটো মানি লােৱানে ? 

উত্তৰঃ ‘ব্যতিৰেকী পদ্ধতিৰ সিদ্ধান্ত নিশ্চিত’ মই কথাষাৰ মানাে । 

প্রশ্ন ৯। সহ পৰিৱৰ্তন পদ্ধতিটো বিশেষকৈ স্থায়ী কাৰণ নে অস্থায়ী কাৰণত প্রযােজ্য ? 

উত্তৰঃ সহ পৰিৱৰ্তন প্রণালীটো স্থায়ী কাৰণত প্রযােজ্য । 

প্রশ্ন ১০। অন্বয়ী ব্যতিৰেকী পদ্ধতিৰ বাবে …….. দৃষ্টান্তৰ প্রয়ােজন । 

উত্তৰঃ অন্বয়ী ব্যতিৰেকী পদ্ধতিৰ বাবে দুটা দৃষ্টান্তৰ প্রয়ােজন । 

প্রশ্ন ১১। ……….. পদ্ধতিত অসাৱধানৰ বাবে কাকতালীয় দোষৰ সৃষ্টি হয় । 

উত্তৰঃ অন্বয়ী পদ্ধতিত অসাৱধানতাৰ বাবে কাকতালীয়া দোষৰ সৃষ্টি হয় । 

প্রশ্ন ১২। অন্বয়ী পদ্ধতিটো …….. সম্ভাৱনাই নিষ্ফল কৰি তুলিব পাৰে ? 

উত্তৰঃ অন্বয়ী পদ্ধতিটো নানা কাৰণবাদৰ সম্ভাৱনাই নিষ্ফল কৰি তুলিব পাৰে ।

প্রশ্ন ১৩। নিৰীক্ষণ পদ্ধতি হিচাপে ব্যতিৰেকী পদ্ধতিৰ মাজে – সময়ে উদ্ভৱ হােৱা দোষটোৰ নাম কি ? 

উত্তৰঃ নিৰীক্ষণ পদ্ধতি হিচাপে ব্যতিৰেকী পদ্ধতিৰ মাজে – সময়ে উদ্ভৱ হােৱা দোষটোৰ নাম হ’ল- কাকতালীয় দোষ । 

প্রশ্ন ১৪। অন্বয়ী পদ্ধতিটো হ’ল–বিশেষভাৱে এক নিৰীক্ষণৰ পদ্ধতি শুদ্ধনে ? 

উত্তৰঃ অন্বয়ী পদ্ধতিটো হ’ল–বিশেষভাৱে এক নিৰীক্ষণৰ পদ্ধতি শুদ্ধ ।

প্রশ্ন ১৫। ব্যতিৰেকী পদ্ধতিটো বিশেষভাৱে এক …….. ৰ পদ্ধতি । 

উত্তৰঃ ব্যতিৰেকী পদ্ধতিটো বিশেষভাৱে এক পৰীক্ষণ ৰ পদ্ধতি । 

প্রশ্ন ১৬। অন্বয়ী পদ্ধতিটো সহঅৱস্থানৰ পৰা কাৰ্য কাৰণ সম্বন্ধক পৃথক কৰি দেখুৱাবলৈ সক্ষম / সক্ষম নহয় । 

উত্তৰঃ অন্বয়ী পদ্ধতিটো সহাৱস্থানৰ পৰা কার্যকাৰণ সম্বন্ধক পৃথক কৰি দেখুৱাবলৈ সক্ষম নহয় । 

প্রশ্ন ১৭। উষ্ণতা বঢ়াৰ লগে লগে থার্মমিটাৰৰ পাৰাৰ পৰিমাণ বাঢ়ি যায় । সেইবাবে পাৰাৰ বিস্তৃতিৰকাৰণ হ’ল উষ্ণতা — ওপৰৰ সিদ্ধান্তত উপনীত হ’ব পৰা পৰীক্ষণ পদ্ধতিটোৰ নাম লিখা । 

উত্তৰঃ উষ্ণতা বঢ়াৰ লগে লগে থার্মমিটাৰৰ পাৰাৰ পৰিমাণ বাঢ়ি যায় । সেইবাবে পাৰাৰ বিস্তৃতিৰকাৰণ হ’ল উষ্ণতা — ওপৰৰ সিদ্ধান্তত উপনীত হ’ব পৰা পৰীক্ষণ পদ্ধতিটোৰ নাম হ’ল- সহপৰিৱৰ্তন প্রণালী ।

চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ ) 

প্রশ্ন ১। মিলৰ মতে বিভিন্ন প্ৰকাৰৰ আগমনাত্মক পদ্ধতিবােৰ কিকি ? এই পদ্ধতিবােৰৰ নাম লিখা ।

উত্তৰঃ মিলৰ মতে অগমনাত্মক পদ্ধতিবােৰ হ’ল— 

( ক ) অন্বয়ী পদ্ধতি ।

( খ ) ব্যতিৰেকী পদ্ধতি ।

( গ ) মিশ্র পদ্ধতি বা অন্বয়ী ব্যতেৰিকী পদ্ধতি । 

( ঘ ) সহপৰিৱৰ্তন পদ্ধতি । আৰু 

( ঙ ) পৰিশেষ পদ্ধতি । 

প্রশ্ন ২। অন্বয়ী পদ্ধতিৰ অপসৰণ সূত্ৰটো লিখা । 

উত্তৰঃ অন্বয়ী পদ্ধতিৰ অপসৰণ সূত্ৰটো হ’ল- কি নিয়ম অনুসৰি অপসৰণ কৰা হ’ব এই প্রশ্নৰ উত্তৰত তর্কশাস্ত্রবিদসকলে কেইটামান নিয়মৰ কথা উল্লেখ কৰে । এই নিয়মবােৰকেই অপসৰণৰ মূল সূত্ৰাৱলী বােলা হয় । 

প্রশ্ন ৩। অপসৰণৰ কি মৌলিক নীতিৰ ভিত্তিত ব্যতিৰেকী পদ্ধতিটো গঠন কৰা হৈছে ? 

উত্তৰঃ অপসৰণৰ মূল সূত্ৰটোৰ ভিত্তিত ব্যতিৰেকী পদ্ধতিটো গঠন কৰা হৈছে । কার্যৰ কোনাে ক্ষতি নকৰাকৈ অগ্রৱর্তী ঘটনাৰ যি অংশ বাদ দিব নােৱাৰি সেই অংশ কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংশ হ’বই লাগিব । 

প্রশ্ন ৪। ব্যতিরেকী পদ্ধতিটো প্রয়ােগ কৰিবলৈ কিমানটা দৃষ্টান্তৰ প্রয়ােজন ?

উত্তৰঃ ব্যতিৰেকী পদ্ধতিটো প্রয়ােগ কৰিবলৈ এটা ঘটনাতো উপস্থিত থকা আৰু এটা ঘটনাতাে অনুপস্থিত থকা দুটা দৃষ্টান্তৰ প্রয়ােজন । 

প্রশ্ন ৫। সহ পৰিবর্তন পদ্ধতিৰ বিশেষ বৈশিষ্ট্যটো কি ? 

উত্তৰঃ সহ পৰিবর্তন পদ্ধতিৰ বিশেষ বৈশিষ্ট্যটো হ’ল যে সহ পৰিৱৰ্তন প্রণালী বা পদ্ধতি অন্বয়ী আৰু ব্যতিৰেকী প্রণালীৰ প্ৰকাৰভেদ মাত্র । গতিকেই আৱিষ্কাৰ আৰু প্রমাণ — উভয়ৰেই প্রণালী । 

প্রশ্ন ৬। অন্বয়ী পদ্ধতিৰ সিদ্ধান্ত কিয় নিশ্চিত নহয় ? 

উত্তৰঃ অন্বয়ী পদ্ধতিয়ে কার্য-কাৰণ সম্বন্ধত সহায় কৰিব পাৰে । কাৰণ ই নিৰীক্ষণ প্রণালী । কিন্তু নিশ্চিতভাৱে কার্যকাৰণ সম্বন্ধ প্রতিষ্ঠা কৰিব নােৱাৰে । গতিকে ইয়াৰ সিদ্ধান্ত নিশ্চিত নহয় । 

প্রশ্ন ৭। অপসৰণৰ কোনটো সূত্রৰ ওপৰত পৰিশেষ পদ্ধতিৰ ভিত্তি কৰা হয় ? 

উত্তৰঃ অপসৰণৰ নিন্মলিখিত সূত্ৰটোৰ ওপৰত পৰিশেষ পদ্ধতিৰ ভিত্তি কৰা হয় । “ যি ঘটনা কোনাে এটা কাৰ্যৰ কাৰণ , সি আন কোনাে বেলেগ কার্যৰ কাৰণ হ’ব নােৱাৰে । ” 

প্রশ্ন ৮। অন্বয়ী পদ্ধতিটো মূলতঃ এটা নিৰীক্ষণৰ পদ্ধতি কিয় ? 

উত্তৰঃ অন্বয়ী পদ্ধতিটো মূলতঃ এটা নিৰীক্ষণৰ পদ্ধতি । কাৰণ নিৰীক্ষণৰ জৰিয়তেই এই প্রণালীত দৃষ্টান্ত সংগ্রহ কৰা হয় । নিৰীক্ষণৰ সহায়তেই দৃষ্টান্তবােৰ বিশ্লেষণ কৰি মিল থকা বিষয়টো নিৰ্ধাৰণ কৰা হয় । অৱশ্যে পৰীক্ষণৰ দ্বাৰা সংগ্ৰহ কৰা দৃষ্টান্তবােৰৰ ক্ষেত্ৰত অন্বয়ী প্রণালী প্রয়ােগ কৰিব নােৱাৰি কথাটো তেনে নহয় । অন্বয়ী পদ্ধতি বা প্রণালী নিৰীক্ষণ পৰীক্ষণ উভয় প্রক্রিয়াতেই ব্যৱহাৰ কৰিব পাৰি । কাৰণ যিবােৰ ক্ষেত্ৰত পৰীক্ষণ সম্ভৱ তাত নিশ্চয় নিৰীক্ষণ সম্ভব । কিন্তু ইয়াৰ ওলােটা নহ’বও পাৰে । যিবােৰ ক্ষেত্ৰত পৰীক্ষণ একেবাৰেই অসম্ভৱ বা প্রাকৃতিক ঘটনা আৰু পৰিৱেশ আমাৰ নিয়ন্ত্ৰণত নাথাকে তাত কার্য – কাৰণ সম্বন্ধ নির্ণয় কৰিবলৈ অন্বয়ী প্রণালীৰ ওপৰতেই নিৰ্ভৰ কৰিব লাগে । গতিকে অন্বয়ী পদ্ধতিটো মূলতঃ এটা নিৰীক্ষণৰ পদ্ধতি । 

প্রশ্ন ৯। সহ পৰিৱৰ্তন পদ্ধতিৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ সহ পৰিৱৰ্তন পদ্ধতিৰ এটা উদাহৰণ হ’ল- “ শিক্ষাৰ প্ৰসাৰ বাঢ়িলে কুসংস্কাৰ কমে । শিক্ষাৰ প্ৰসাৰ কমিলে কুসংস্কাৰ বাঢ়ে । গতিকে শিক্ষাই কুসংস্কাৰ নাশ কৰে । ” 

প্রশ্ন ১০। অন্বয়ী ব্যতিৰেকী পদ্ধতিৰ সিদ্ধান্ত বেছি সম্ভাৱনামূলক কিয় ? 

উত্তৰঃ অন্বয়ী ব্যতিৰেকী পদ্ধতি নিৰীক্ষণৰ প্ৰণালী হিচাপে কার্য – কাৰণ সম্বন্ধ নিশ্চিতভাৱে প্রতিষ্ঠা কৰিব নােৱাৰে । এই প্রণালী নানা কাৰণবাদৰ পৰাও সম্পূর্ণভাৱে মুক্ত হ’ব নােৱাৰে । ইয়াতাে অপর্যৱেক্ষণ দোষ ঘটিব পাৰে । ই কার্যকাৰণ সম্বন্ধ আৰু সহ – উপজাত সম্বন্ধৰ মাজত পার্থক্য নির্ণয় কৰিব নােৱাৰে । গতিকে অন্বয়ী ব্যতিৰেকী পদ্ধতিৰ সিদ্ধান্ত বেছি সম্ভাৱনামূলক । 

প্রশ্ন ১১। অপসৰণৰ কোনটো নীতিৰ ওপৰত অন্বয়ী পদ্ধতি প্রতিষ্ঠিত । 

উত্তৰঃ অন্বয়ী পদ্ধতি অপসৰণৰ নিম্নলিখিত নীতিৰ ওপৰত প্রতিষ্ঠিত । “ কার্যৰ কোনাে ক্ষতি নকৰাকৈ অগ্রৱর্তী ঘটনাৰ যি অংশ বাদ দিব পাৰি সেই অংশটো কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংশ হ’ব নােৱাৰে । অর্থাৎ কাৰণৰ অনুপস্থিতিত কোনাে কার্য ঘটিব নােৱাৰে । 

প্রশ্ন ১২। অপসৰণৰ পদ্ধতিৰ সংজ্ঞা দিয়া । 

উত্তৰঃ অপসাৰণ পদ্ধতিৰ সংজ্ঞাটো হ’ল—  ‘অন্বেষণীয় ঘটনাৰ লগত যি যি ঘটনাৰ কোনাে সম্বন্ধ নাই বা সম্বন্ধ আকস্মিক বা অপ্রাসংগিক সেইবােৰ এটা এটাকৈ বৰ্জন কৰাই অপসৰণ পদ্ধতি ।

প্রশ্ন ১৩। আগমনাত্মক পদ্ধতিক কিয় অপসৰণ পদ্ধতি বুলি কোৱা হয় ? 

উত্তৰঃ অপসৰণ পদ্ধতিত কাৰণৰ অনুপস্থিতিত কোনাে কার্য ঘটিব নােৱাৰে । অন্বয়ী বা আগমনাত্মক পদ্ধতিটো অনিয়ত বিষয় বর্জন কৰি মিল থকা বা নিয়তভাৱে উপস্থিত থকা । বিষয়টোক কাৰণ বুলি ধৰিব লাগে । সেয়েহে আগমনাত্মক অন্বয়ী পদ্ধতিক অপসৰণ পদ্ধতি বুলি কোৱা হয় । 

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top