Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি

Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি – সমাধান and select needs one.

Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি – সমাধান Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্নোত্তৰ ( ৬ নম্বৰ ) 

প্রশ্ন ১। প্রকৃতিৰ একৰূপতা নীতি বুলিলে কি বুজা ? ইয়াক কিয় আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয় ? 

উত্তৰঃ যথার্থ সামান্য বচন প্রতিষ্ঠা কৰিবলৈ আগমনে যি যি বিধি বা প্রক্রিয়াৰ ওপৰত নিৰ্ভৰ কৰে তাক আগমনৰ ভিত্তি বােলে । আগমনৰ আকাৰগত ভিত্তি দুই প্রকাৰৰ –

( ক ) প্রকৃতিৰ একৰূপতা বিধি আৰু 

( খ ) কার্য – কাৰণ বিধি । 

প্ৰকৃতিৰ একৰূপতা নীতি বা বিধিৰ অৰ্থ নানা ধৰণে ব্যক্ত কৰিব পাৰি । যেনে– 

( ১ ) প্ৰকৃতিৰ আচৰণৰ ৰূপ এক ।’ 

( ২ ) প্রকৃতিত সমান্তৰাল ঘটনা ঘটে ।’ 

( ৩ ) ‘ প্ৰকৃতিত ঘটনাৰ পুনৰাবৃত্তি হয় ।’ 

( ৪ ) ভৱিষ্যৎ অতীতৰ নিচিনাই হয় ।’ 

( ৫ ) ‘বিশ্ব প্রকৃতি নিয়মৰ ৰাজত্ব ।’ 

( ৬ ) যি অৱস্থাত যি ঘটে অনুৰূপ অৱস্থাত সেই ঘটনা আকৌ ঘটিব । ” আদি এই সকলাে বর্ণনাৰ মূল অর্থ হৈছে –একে অৱস্থাত প্রকৃতিয়ে একে আচৰণ কৰে । একে অৱস্থাত প্রকৃতিয়ে বেলেগ আচৰণ নকৰে । প্রকৃতি নিয়মৰ ৰাজত্ব । প্রকৃতিত খামখেয়ালি নাই । এই বিধিৰ ওপৰত বিশ্বাস আছে কাৰণেই আমি ক’ব পাৰোঁ সূর্য সদায় পূর্ব ফালে ওলাব । জুয়ে সদায় পুৰিব । দিনৰ পিছত ৰাতি আৰু ৰাতিৰ পিছত দিন আহিব ইত্যাদি । 

প্রশ্ন ২। কাৰণ কি ? কাৰণৰ পৰিমাণগত লক্ষণবােৰ কি কি ? 

উত্তৰঃ কাৰণ কি এই প্রশ্নৰ উত্তৰ বিভিন্ন তর্কশাস্ত্রবিদে বিভিন্ন ধৰণে দিছে । কাৰভেথ ৰীডৰ মতে— গুণগত দিশৰ পৰা কাৰণ হৈছে কাৰ্যৰ চৰ্তহীন বা অন্যনিৰপেক্ষ , বা নিৰূপাধিক , নিয়ত , অব্যৱহৃত পূর্বৱর্তী ঘটনা আৰু পৰিমাণগত দিশৰ পৰা কাৰণ আৰু কার্য সমপৰিমাণৰ বা সমান । 

গুণবাচক লক্ষণ ( Qualitative marks ) :- ( ক ) কাৰণ আৰু কার্য হৈছে পৰস্পৰ সাপেক্ষ ( relative ) পদ । কাৰণ নহলে কার্যৰ অৰ্থ আমাৰ মনত স্পষ্ট নহয় আৰু কার্য নহ’লেও কাৰণৰ অর্থই আমাৰ মনত ৰেখাপাত নকৰে । কিন্তু প্রকৃতি ৰাজ্যত এনে কোনাে ঘটনা নাই যাক সদায় কাৰণ বা সদায় কার্য বুলি ক’ব পৰা যায়।একোটা বস্তুৱেই এটা ঘটনাৰ সম্বন্ধত কাৰণ আৰু অন্য এটা ঘটনাৰ সম্বন্ধত কার্য হ’ব পাৰে । 

( খ ) কাৰণ কাৰ্যৰ পূৰ্বৱর্তী কোনাে ঘটনা আৰু কার্যকাৰণৰ অনুৱর্তী কোনাে ঘটনা । কাৰ্য আৰু কাৰণৰ সম্বন্ধ সহৱৰ্তিতা বা সহ উপস্থিতি সম্বন্ধ নহয় । এই সৰ্বন্ধ হৈছে পূর্বাপৰ বা অগ্রৱর্তী আৰু পৰৱৰ্তী সম্বন্ধ । কিছুমান তর্কবিদে কাৰণ আৰু কাৰ্যৰ মাজত কোনাে সাময়িক ব্যৱধান মানি ল’ব নােখােজে । তেওঁলােকৰ মতে কাৰণ থকাৰ সময়ত যদি কার্য নঘটে আৰু কাৰণৰ অনুপস্থিতিত যদি কার্য ঘটে তেনেহ’লে সেই কাৰণটোক সেই কাৰ্যৰ কাৰণ বুলি ব্যাখ্যা দিব নােৱাৰি । আকৌ কার্যকাৰণৰ মাজত সময়ৰ ব্যৱধান নাথাকে । যদি কাৰ্য আৰু কাৰণৰ মাজত সময়ৰ ব্যৱধান থকা বুলি ভবা হয় , তেনেহ’লে প্ৰকৃতিৰ ঘটনাবােৰ পৰস্পৰ বিচ্ছিন্ন বুলি প্রতীয়মান হ’ব । বিজ্ঞানে এই মত স্বীকাৰ নকৰে । কাৰ্য আৰু কাৰণৰ মাজত পূর্বাপৰ সম্বন্ধ স্বীকাৰ কৰাৰ পৰা কাৰ্য আৰু কাৰণক বিচ্ছিন্ন বা পৃথক বুলি স্বীকাৰ কৰিব নােৱাৰি । কাৰণ আৰু কার্য পৰস্পৰযুক্ত হ’লেও আৰু কাৰ্যক কাৰণৰ পৰিণতি বুলি ধৰিলেও কাৰণ আপেক্ষিকভাৱে ( Relatively ) কার্যৰ পূৰ্বৱর্তী হ’বই লাগিব আৰু কার্যকাৰণৰ পৰৱতী বা অনুৱতী হ’বই লাগিব । ইয়াৰ ব্যতিক্রম হলে কার্যকাৰণ সম্বন্ধ সহবর্তিতা বা সহ – উপস্থিতি সম্বন্ধৰ পৰা যে বেলেগ তাক বুজা নাযায় । 

( গ ) কাৰণ কাৰ্যৰ পূৰ্বৱর্তী ঘটনা হলেও যিকোনাে পূর্বৱর্তী ঘটনাই কাৰণ হ’ব নােৱাৰে । পূর্বৱতী ঘটনা দুইপ্রকাৰৰ হ’ব পাৰে — নিয়ত আৰু অনিয়ত বা ব্যভিচাৰী ( variable ) আৰু অব্যভিচাৰী ( invariable ) । যদি কোনাে এটা ঘটনা কোনাে এটা কাৰ্যৰ আগত অনিয়তভাৱে উপস্থিত থাকে অর্থাৎ কেতিয়াবা উপস্থিত থাকে আৰু কেতিয়াবা নাথাকে তেনেহ’লে সেই অগ্রবর্তী ঘটনাক কাৰণ বুলিব নােৱাৰি । ঘটনা দুটাৰ সুম্বন্ধ অব্যভিচাৰী ( invarible ) বা নিয়ত স্বভাৱৰ হলে ঘটনা দুটাৰ মাজৰ সম্বন্ধক কার্যকাৰণ সম্বন্ধ বুলিব পাৰি । গতিকে কার্যকাৰণ সম্বন্ধ হ’বলৈ ঘটনা দুটাৰ মাজৰ সম্বন্ধ পূর্বগ – অনুগ আৰু নিয়ত হ’ব লাগে । 

( ঘ ) পূর্বগটো অনুগৰ অব্যবহিত সম্বন্ধৰ হ’ব লাগিব । কাৰ্য আৰু কাৰণৰ মাজত কোনাে সাময়িক ব্যৱধান স্পষ্টভাৱে থকা নেদেখিলেও ইয়াৰ মাজত যৎসামান্য সময়ৰ ব্যৱধান নথকাটো নুবুজায় । অর্থাৎ কাৰণৰ পৰা কাৰ্য উৎপন্ন হলে সামান্য সময় অতিক্রম হ’বই । বৈজ্ঞানিক দৃষ্টিত দূৰৱৰ্তী কাবণ প্রকৃত কাৰণ নহয় । কাৰণ কাৰ্যৰ সমীপৱৰ্তী অব্যবহিত এটা ঘটনা হ’ব লাগিব । উদাহৰণস্বৰূপে হাতুৰীৰ কোব আৰু ঘণ্টাৰ ( Bell ) শব্দ এই ঘটনা দুটা অব্যবহিত পূর্ববর্তী ঘটনা । ইয়াত হাতুৰীৰ কোব আৰু ঘণ্টাৰ শব্দৰ মাজত সময়ৰ ব্যৱধান প্রায় নাথাকে । দুয়ােটাৰ মাজত অন্য কোনাে ঘটনা ঘটানাে কোনাে সম্ভাৱনানাই । গতিকে এই ঘটনা দুটাৰ সম্বন্ধ অব্যৱহিত । যি কাৰণৰ উপস্থিতিৰ পাছতেই কার্য ঘটে সেয়ে প্রকৃত কাৰণ । গতিকে যি ঘটনা কার্যৰ অব্যৱহিত পূর্বৱর্তী হ’লেও কোনাে ঘটনাব কাৰণ নহ’বও পাৰে । 

( ঙ ) কোনাে ঘটনা আন কোনাে পূর্বৱর্তী অপৰিবর্তনীয় আৰু অব্যহিত হলেও কার্যৰ কাৰণৰূপে নির্ণয় কৰিব নােৱাৰি যদি পূর্ব ঘটনাটোত পৰৱর্তী ঘটনাৰ অনুপাধিক লক্ষণ নাথাকে । ইয়াৰ অনুপাধিক শব্দৰ তাৎপর্য হৈছে যে যি পূর্বৱর্তী ঘটনাই অন্য কোনাে ঘটনাৰ সহায় নােলােৱাকৈ বা স্বতন্ত্রভাৱে কোনাে কার্য ঘটাবলৈ সক্ষম হয় তাক অনুপাধিক বা চর্তহীন পূর্বৱর্তী ঘটনা বােলে । উদাৰহণস্বৰূপে বিজুলীবাতি ছুইচ অন ( swich on ) কৰি দিলে লাইট জুলে । ইয়াৰ চুইচ অনটো পূর্বৱর্তী ঘটনা হলেও চর্তহীন ঘটনা নহয় । কাৰণ লাইট জ্বলাৰ আন এটি চর্ত হৈছে বিজুলী প্রবাহৰ উপস্থিতি । যদি বিজুলী প্রবাহ নাথাকে ব’র্ডত ছুইচ অন কৰি দিলেও লাইট নজুলে । গতিকে কোনাে ঘটনা পূর্বৱর্তী অপৰিবর্তনীয় আৰু অব্যৱহিত হলেও ই যদি চৰ্তহীন নহয় তেনেহ’লে ইয়াক কোনাে কার্যৰ কাৰণ বুলি বিজ্ঞানসন্মতভাৱে স্বীকাৰ কৰিব নােৱাৰি । গতিকে বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা কাৰ্য আৰু কাৰণৰ মাজৰ সম্বন্ধটো অব্যৱহিত , অপৰিবর্তনীয় আৰু অনুপাধিক সম্বন্ধ হ’ব লাগে ।

প্রশ্ন ৩। নানা কাৰণবাদ মতবাদ বুলিলে কি বুজা ? ই বিজ্ঞানসন্মতভাৱে গ্রহণযােগ্য নে ? 

উত্তৰঃ বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা কোনাে এটা কাৰণ কোনাে এটা বিশেষ ঘটনা নহয় । ই একাধিক ঘটনাৰ সমষ্টি । সাধাৰণতে আমি এটা কার্য বা কাৰণ অন্তর্গত সকলাে ঘটনা যথাযথভাৱে বিচাৰ নকৰোঁ । মাত্র প্রধান উপকাৰণটোহে বিচাৰ কৰা হয় । গুৰুত্ব নিদিয়া আৰু অসতর্কভাৱে লক্ষ্য কৰাৰ ফলত কার্য – কাৰণ সম্পর্কে ভ্রান্ত ধাৰণাৰ সৃষ্টি হয় । নানা কাৰণবাদ কাৰণ সম্পর্কীয় এটা ভ্রান্ত ধাৰণা । একে অৱস্থাত একে কার্য বিভিন্ন সময়ত বা বিভিন্ন অৱস্থাত বিভিন্ন কাৰণৰ দ্বাৰা ঘটিব পাৰে । এয়ে নানা কাৰণবাদৰ অর্থ । 

লৌকিক মতবাদৰ ফালৰ পৰা নানাকাৰণবাদ সঁচা যেন লাগে যদিও বৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰা নানাকাৰণবাদ গ্রহণযােগ্য নহয় । ই কার্যকাৰণ সম্পর্কীয় ভ্রান্ত ধাৰণা ।

নানা কাৰণবাদ মতবাদ বুলিলে কি বুজা

কার্য আৰু কাৰণৰ প্রকৃত স্বভাৱ সম্পর্কে অসতৰ্ক আৰু অসম্পূর্ণ উপলব্ধিৰ দ্বাৰা নানাকাৰণবাদৰ উদ্ভৱ হয় । যেনে —একে পােহৰ কেতিয়াবা সূৰ্যৰ , কেতিয়াবা চন্দ্ৰৰ , কেতিয়াবা চাকিৰ পৰা পাব পাৰি । একেই মৃত্যু কেতিয়াবা পানীত পৰি , সর্পদশংনত , দুর্ঘটনাত , বিষপান কৰি , ৰােগত ঘটিব পাৰে । মৃত্যুৰ প্রকৃত কাৰণ মৰণােত্তৰ পৰীক্ষাৰ দ্বাৰা নির্ণয় কৰিব পাৰি । 

কাৰণৰ সামান্য স্বভাৱ আৰু লক্ষ্য নকৰি কাৰ্যৰ সামান্য স্বভাৱ লক্ষ্য কৰিলেও নানাকাৰণবাদৰ উৎপত্তি হয় । যদি একে কার্য নানা কাৰণৰ দ্বাৰা বিভিন্ন সময়ত উৎপন্ন হ’ব পাৰে তেনেহ’লে সেই কাৰণ নিয়ত নহৈ অনিয়ত কাৰণ হ’ব । কিন্তু যথার্থ কাৰণ , অনিয়ত নহয় । গতিকে বৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰা নানা কাৰণ সমর্থনযােগ্য নহয় । এটা কাৰ্যৰ কাৰণ এটাই । ইয়াৰ বাবে কার্যৰ সামান্য স্বভাৱৰ লগতে কাৰণৰাে সামান্য স্বভাৱ লক্ষ্য কৰিব লাগিব । 

প্রশ্ন ৪। এৰিষ্টটলৰ মতে কাৰণ কেই প্রকাৰৰ ? উদাহৰণসহ প্রত্যেকৰে ব্যাখ্যা কৰা । 

উত্তৰঃ এৰিষ্টট’লৰ মতে কাৰণ চাৰি প্ৰকাৰৰ । যেনে– 

( ১ ) উপাদান কাৰণ । 

( ২ ) আকাৰিক কাৰণ ।

( ৩ ) নিমিত্ত কাৰণ । আৰু

( ৪ ) পৰিণাম বা উদ্দেশ্য কাৰণ 

( ১ ) উপাদান কাৰণ :- যি উপাদানেৰে পদাৰ্থৰ দ্বাৰা কাৰ্য উৎপন্ন কৰা হয় তাক উপাদান কাৰণ বােলে । যেনে –তর্কবিজ্ঞানৰ এই কিতাপখন যি কাগজেৰে ছপা হৈছে সেই কাগজ ইয়াৰ উপাদান কাৰণ । 

( ২ ) আকাৰিক কাৰণ :- উপাদানৰ ওপৰত যি আকৃতি দি কাৰ্যটো উৎপন্ন হয় তাক আকৰিক কাৰণ বােলে । যেনে -কিতাপখনত যি আকাৰ দিয়া হৈছে সেয়ে আকৰিক কাৰণ ।

( ৩ ) নিমিত্ত কাৰণ :- কোনাে কার্য উৎপন্ন কৰিবলৈ যি শক্তি , দক্ষতা আৰু কৌশলৰ প্রয়ােজন হয় সেই শক্তি , দক্ষতা , কৌশল নিমিত্ত কাৰণ । লেখক – লেখিকা , আন কৰ্মীৰ দক্ষতা  আৰু কৌশল লগতে শক্তি কিতাপখনৰ নিমিত্ত কাৰণ । 

( ৪ ) পৰিণাম বা উদ্দেশ্য কাৰণ :- যি উদ্দেশ্যে এটা কার্য উৎপাদন কৰা হয় তাক পৰিণাম বা উদ্দেশ্য কাৰণ বােলে । তর্কবিজ্ঞানৰ জ্ঞান দিয়াৰ উদ্দেশ্যেৰে এই কিতাপখন যুগুত কৰি ছপা কৰা হৈছে । গতিকে তর্কবিজ্ঞানৰ জ্ঞান দিয়াই এই কিতাপখনৰ উদ্দেশ্য বা পৰিণাম কাৰণ । 

প্রশ্ন ৬। নিৰীক্ষণ কি ? ইয়াৰ বৈশিষ্ট্যবােৰ কি কি ?

উত্তৰঃ কোনাে এটা নির্দিষ্ট উদ্দেশ্য অনুসৰি প্রাকৃতিক পৰিৱেশত কোনাে প্রাকৃতিক ঘটনাক সুনির্দিষ্টভাৱে প্রত্যক্ষ কৰাই নিৰীক্ষণ । 

প্রাকৃতিক পৰিৱেশত প্রকৃতিয়ে যােগান ধৰা ঘটনাক সতর্কতা , গুৰুত্বসহ প্রত্যক্ষ কৰাই নিৰীক্ষণ । 

এই সংজ্ঞাক বিশ্লেষণ কৰিলে নিম্নলিখিত বৈশিষ্ট্যবােৰ পােৱা যায় । 

( ১ ) নিৰীক্ষণ নির্দিষ্ট উদ্দেশ্যপ্রণােদিত সুনিয়ন্ত্রিত প্রত্যক্ষ । ই পর্যবেক্ষণৰ এটা প্রকাৰ । ইয়াত উদ্দেশ্য অনুসৰি বিষয়বস্তু নির্বাচন কৰি অপ্রয়ােজনীয়খিনি আঁতৰাই বিষয়বস্তু মনােযােগেৰে প্রত্যক্ষ কৰা হয় । 

( ২ ) নিৰীক্ষণৰ ক্ষেত্ৰত প্রাকৃতিক ঘটনাক প্রত্যক্ষ কৰা হয় । প্রাকৃতিক ঘটনাৰ ওপৰত নিৰীক্ষণৰ নিয়ন্ত্রণ নাথাকে । প্রকৃতিয়ে যােগান ধৰা ঘটনাই নিৰীক্ষণৰ বিষয়বস্তু । 

( ৩ ) নিৰীক্ষণৰ ক্ষেত্ৰত প্রাকৃতিক ঘটনাক প্রাকৃতিক পৰিৱেশত প্রত্যক্ষ কৰা হয় । ঘটনাবােৰ যি অৱস্থাত যেনেদৰে ঘটে সেই অৱস্থাত তেনেদৰেই প্রত্যক্ষ কৰিব লাগিব । 

ইন্দ্রিয় স্বাভাৱিক শক্তি বঢ়াবলৈ অৱশ্যে বৈজ্ঞানিক যন্ত্রপাতিৰ ব্যৱহাৰ কৰিব পাৰে । ঘটনা নিৰীক্ষকৰ নিয়ন্ত্রণাধীন নহয় । 

গতিকে দেখা যায় যে কোনাে এটা উদ্দেশ্য অনুসৰি কোনাে প্রাকৃতিক ঘটনাক প্রাকৃতিক পৰিৱেশত সুনিয়ন্ত্রিত প্রত্যক্ষ কৰাই নিৰীক্ষণ । 

প্রশ্ন ৭৷ পৰীক্ষণ কি ? নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ সুবিধাবােৰ কি কি ? 

উত্তৰঃ কোনাে এটা নির্দিষ্ট উদ্দেশ্য অনুসৰি কৃত্রিম পৰিৱেশত কৃত্রিমভাবে কোনাে এটা কিছুমান বিশেষ সুবিধা আছে । সেইবােৰ হ’ল— 

( ১ ) পৰীক্ষণৰ ক্ষেত্ৰত ধীৰ – স্থিৰভাৱে আৰু সতর্কতাৰে ঘটনাবােৰ প্রত্যক্ষ কৰিব পাৰি । কাৰণ ইয়াত কৃত্রিমভাৱে ঘটনা প্রস্তুত কৰি পৰীক্ষকে ধীৰ স্থিৰ আৰু সতর্কতাৰে ঘটনা নিয়ন্ত্ৰণত ৰাখি প্রত্যক্ষ কৰি ইয়াৰ প্রকৃত স্বৰূপ নির্ণয় কৰিব পাৰে ।

( ৫ ) পৰীক্ষণৰ দ্বাৰা কাৰ্য আৰু কাৰণৰ পৰিমাণগত স্বভাৱ লক্ষ্য কৰিব পাৰি । 

প্রশ্ন ৮। নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত পার্থক্য মাত্ৰ পৰিমাণগতহে মূলগত নহয় ‘ — উক্তিটো ব্যাখ্যা কৰা । 

উত্তৰঃ নিৰীক্ষণ আৰু পৰীক্ষণ উভয় প্রক্রিয়াই উদ্দেশ্যমূলক । উভয় ক্ষেত্ৰতেই ঘটনাৰ স্বভাৱ নির্ণয় কৰি তাৰ কাৰণ উলিওৱা হয় । বিজ্ঞানেও উভয় প্রক্রিয়াক সমান গুৰুত্ব দিছে । আচলতে যি সময়ত ঘটনা সৃষ্টি বা নিয়ন্ত্রণ সম্ভৱ হােৱা নাছিল তেতিয়া নিৰীক্ষণেই আছিল বৈজ্ঞানিক অনুসন্ধানৰ পদ্ধতি । পৰীক্ষণৰ ঘটনা আৰু পৰিৱেশ জ্ঞাতাৰ নিয়ন্ত্রণত থাকে বাবে একে ঘটনা বাৰে বাৰে সৃষ্টি কৰি এক নিশ্চিত সিদ্ধান্তত উপনীত হ’ব পাৰে । নিৰীক্ষণত প্রাকৃতিক ঘটনালৈ অপেক্ষা কৰিব লগা হয় । নিজ ইচ্ছামতে ঘটাব নােৱাৰি । গতিকে সাম্ভাব্য সিদ্ধান্ততেই সন্তুষ্ট থাকিব লগীয়া হয় । গতিকে ক’ব পাৰি যে,  ‘নিৰীক্ষণ আৰু পৰীক্ষণৰ পার্থক্য মাত্ৰ পৰিমাণগতহে — মূলগত নহয় । ”

6 thoughts on “Class 12 Logic And Philosophy Chapter – 2 আগমনৰ ভিত্তি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top