Class 12 Logic And Philosophy Chapter – 1 আগমন

Class 12 Logic And Philosophy Chapter – 1 আগমন – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 1 আগমন – সমাধান and select needs one.

Class 12 Logic And Philosophy Chapter – 1 আগমন

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 1 আগমন – সমাধান Solutions for All Subject, You can practice these here…

দীঘলীয়া প্রশ্নোত্তৰ ( মূল্যাংক -৬ ) 

প্রশ্ন ১। আগমন কি ? ইয়াৰ সাধাৰণ লক্ষণবােৰ কি কি ?

উত্তৰঃ বিশেষ বিশেষ দৃষ্টান্ত কেইটামান পর্যবেক্ষণ কৰি তাৰ পৰা পােৱা অভিজ্ঞতাৰ ভিত্তিত সেইজাতীয় সকলাে বস্তু বা ঘটনা সম্পর্কে যথার্থ সামান্য বচন প্রতিষ্ঠা কৰাই আগমন । অর্থাৎ ‘ কিছুমানৰ পৰা সকলােলৈ জাঁপ দিয়া প্রক্রিয়াই আগমন । যেনে — মাত্র কেইজনমান মানুহৰ মৃত্যু লক্ষ্য কৰি সকলাে মানুহ মৰণশীল ’ — এই সামান্য বচন প্রতিষ্ঠা কৰাই আগমন । 

আগমনৰ মূল লক্ষণবােৰ হ’ল –

( ১ ) আগমনে এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে ।

( ২ ) আগমনৰ সিদ্ধান্ত প্রত্যক্ষ সাপেক্ষ বা পর্যবেক্ষণ সিদ্ধ ।

( ৩ ) আগমন অনুমিতি স্বভাৱৰ । অর্থাৎ আগমনে অনুমানৰ ওপৰত নিৰ্ভৰ কৰে ।

( ৪ ) আগমন অনুমানত আগমনাত্মক জাঁপ থাকে । তর্কশাস্ত্রবিদ মিল আৰু বেইনৰ মতে আগমনাত্মক জীপ আগমনৰ প্রধান লক্ষণ । 

( ৫ ) আগমনত একাধিক অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰা হয় । অর্থাৎ প্রকৃতিৰ একৰূপতা বিধিৰ ওপৰত নিৰ্ভৰ কৰা হয় । 

( ৬ ) আগমন অনুমানত কার্য – কাৰণ বিধিও প্রয়ােগ কৰাৰ চেষ্টা কৰা হয় । 

প্রশ্ন ২। আগমন নীতি বুলিলে কি বুজা ? ইয়াৰ বিভিন্ন স্তৰবােৰ ব্যাখ্যা কৰা । 

উত্তৰঃ যি নীতি বা প্রক্রিয়াৰ সহায়ত বিশেষ বিশেষ দৃষ্টান্ত পর্যবেক্ষণ কৰি সামান্য সম্বন্ধ প্রতিষ্ঠা কৰা হয় তাক আগমন নীতি বােলে । 

বিশেষ বিশেষ ঘটনাৰ অভিজ্ঞতাৰ ভিত্তিত সামান্য বচন প্রতিষ্ঠা কৰিবলৈ হ’লে আগমন নীতি বা পদ্ধতিয়ে পর্যায় ক্রমে নিম্নলিখিত স্তৰবােৰ অতিক্ৰম কৰিব লাগিব । যেনে 

( ক ) পর্যবেক্ষণ 

( খ ) প্রকল্প গঠন 

( গ ) সামান্যীকৰণ 

( ঘ ) প্রামাণীকৰণ । 

( ক ) পর্যবেক্ষণ :- পর্যবেক্ষণ আগমন পদ্ধতিৰ প্রথম স্তৰ । উদ্দেশ্যবিহীন যিকোনাে প্রত্যক্ষ পর্যবেক্ষণ নহয় । পর্যবেক্ষণ হ’ল কোনাে এটা নির্দিষ্ট উদ্দেশ্য অনুসৰি কৰা সুনিয়ন্ত্রিত প্রত্যক্ষ । পর্যবেক্ষণ নিৰীক্ষণমূলক আৰু পৰীক্ষণমূলক হ’ব পাৰে । প্ৰকৃতিৰ ঘটনাবােৰ জটিল । এই জটিল ঘটনাৰ পৰা অন্বেষণীয় ঘটনা উদ্ঘাটন কৰাই পর্যবেক্ষণৰ উদ্দেশ্য । গতিকে অতি সতর্কতাৰে প্রথম স্তৰৰ পৰাই সুনির্দিষ্ট পথেৰে অগ্ৰসৰ হ’ব লাগিব 

( ক ) প্রথমে সংজ্ঞা নিৰূপণ কৰি তাৰ পিছতহে বিশেষ ঘটনা পর্যবেক্ষণ কৰিব লাগিব । 

( খ ) প্রকৃতিত কোনাে এটা ঘটনা আন ঘটনাৰ লগত জটিলভাৱে মিশ্ৰিত হৈ ঘটে । মিশ্রিত ঘটনাৰ বিশ্লেষণ কৰি অপ্রয়ােজনীয় অংশ বাদ দি প্রয়ােজনীয় অংশ নির্ণয় কৰিব লাগে । 

( গ ) প্রয়ােজনীয় অংশৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি অপ্রয়ােজনীয় অংশ অপসাৰণ কৰিব লাগে । নিয়ত বা প্রয়ােজনীয় অংশই কার্য বা কাৰণ হ’ব পাৰে । অপ্রয়ােজনীয় অংশক অপসাৰণ কৰাই আগমন নীতি বা পদ্ধতিৰ গুৰুত্বপূর্ণ স্তৰ । গতিকে সাৱধানে সংজ্ঞা নির্ণয় , পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰিৱৰ্তন বা বিশ্লেষণ , অপসাৰণ আদিৰ সহায়ত পর্যবেক্ষণ প্রক্রিয়াক সফল কৰি তুলিব পাৰি । 

( খ ) প্রকল্প গঠন :- ওপৰত উল্লেখ কৰা ধৰণে পর্যবেক্ষণ কৰিলে ঘটনাৰ কাৰণ সম্পর্কে মনত এটা ধাৰণাৰ সৃষ্টি হয় । সাম্ভাৱ্য কাৰণবােৰৰ ভিতৰত কোনাে এটাক প্রকৃত কাৰণ বুলি ধৰি লােৱাই প্রকল্প গঠন। যদি এনে প্ৰকল্পৰ দ্বাৰা ঘটনাটো ব্যাখ্যা কৰিব পৰা নাযায় তেনেহ’লে • সেই প্রকল্প বাদ দি আন এটা প্রকল্পৰ সহায়ত পুনৰ অনুসন্ধান চলােৱা হয় । প্রকল্প গঠন আগমন প্রক্রিয়াৰ দ্বিতীয় স্তৰ । 

Whewell ৰ মতে প্রকল্প গঠনেই আগমন পদ্ধতিৰ গুৰুত্বপূৰ্ণ বা প্রধান স্তৰ । 

( গ ) সামান্যীকৰণ :- অন্বেষণীয় ঘটনা পর্যবেক্ষণ কৰি মনত উদয় হােৱা প্রকল্পক সেই জাতীয় সকলাে ক্ষেত্রলৈ সম্প্রসাৰিত কৰাই সামান্যীকৰণ । সামান্যীকৰণ আগমন নীতি বা পদ্ধতিৰ তৃতীয় স্তৰ । কিন্তু জন ষ্টুয়ার্ট মিলৰ মতে সামান্যীকৰণ আগমন পদ্ধতিৰ অন্তিম স্তৰ । কাৰণ আগমন পদ্ধতিত সামান্যীকৰণ চূড়ান্ত পর্যায় । কিন্তু জেভনছ , ফাউলাৰ আদি তর্কশাস্ত্রবিদৰ মতে আগমন পদ্ধতিৰ এটা অতি প্রয়ােজনীয় স্তৰ আছে । প্রামাণীকৰণ বা সত্যাপনেই আগমন পদ্ধতিৰ অন্তিম স্তৰ । 

( ঘ ) প্রামাণীকৰণ ৰা সত্যাপন :- পর্যবেক্ষণৰ পৰা পােৱা সামান্য সম্বন্ধৰ ধাৰণাক বাস্তৱ ঘটনাৰ লগত ৰিজাই তাৰ সত্যাসত্য নির্ণয় কৰাই প্রামাণীকৰণ বা সত্যাপন । প্রামাণীকৰণ প্রত্যক্ষ আৰু পৰােক্ষ হ’ব পাৰে । সামান্য সম্বন্ধক পােনপটীয়াকৈ বাস্তৱ ঘটনাৰ সৈতে ৰিজাই চালে প্রত্যক্ষ প্রামাণীকৰণ কৰা হ’ব । যেতিয়া প্রত্যক্ষভাবে সামান্য সম্বন্ধক বাস্তব ঘটনাৰ লগত ৰিজাই চাব নােৱাৰি তেতিয়া সামান্য সম্বন্ধ থকা বচনটোৰ পৰা নিগমন প্রক্রিয়াৰে নিঃসৰণ কৰি তথ্যবােৰৰ লগত বাস্তৱ ঘটনাক ৰিজাই চোৱা হয় । যদি নিঃসৃত তথ্যবােৰৰ লগত বাস্তৱ ঘটনাৰ সংগতি থাকে তেনেহ’লে তথ্যবােৰ সত্য হয় আৰু ফলত সামান্য বচনটো প্রমাণিত হয় । যদি নহয় তেনেহ’লে ইয়াক বর্জন কৰি আন প্রকল্প গঠন কৰি পুনৰ অনুসন্ধান কৰিব লাগে । এয়ে হৈছে পৰােক্ষ প্রামাণীকৰণ প্রক্রিয়া । 

আগমন পদ্ধতিৰ এই চাৰিটা এটা এটাকৈ অতিক্রম কৰি আহিলে এই পদ্ধতিৰে যথার্থ । সামান্য বচনত নিশ্চিতভাৱে উপনীত হ’ব পাৰি । 

প্রশ্ন ৩। বৈজ্ঞানিক আগমন কি ? ইয়াৰ বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ যি আগমনত বিশেষ বিশেষ দৃষ্টান্ত পর্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কার্যকাৰণ বিধিৰ ওপৰত ভিত্তি কৰি এক যথার্থ সামান্য বচন প্রতিষ্ঠা কৰা হয় তাক বৈজ্ঞানিক আগমন বােলে । 

     যেন –        ৰাম হয় মৰণশীল 

                     ৰহিম হয় মৰণশীল 

                     জন হয় মৰণশীল 

              সকলাে মানুহ হয় মৰণশীল । 

বৈজ্ঞানিক আগমনৰ সংজ্ঞা বিশ্লেষণ কৰিলে নিম্নলিখিত বৈশিষ্ট্যবোৰ পােৱা যায় ।

( ১ ) বৈজ্ঞানিক আগমনে এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে । ধাৰণা বা প্রত্যয় নহয় । 

( ক ) বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত প্রথমে এটা বচন । বচন মতে দুটা পদৰ মাজৰ সম্বন্ধৰ উক্তি বা উল্লেখ । 

( খ ) বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত এটা সামান্য বচন । বিশেষ বচন নহয় । 

( গ ) বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত এটা সংশ্লেষক বচন । বিশ্লেষক বচন নহয় । গতিকে আগমনে এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে । 

( ২ ) বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত পর্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল । পর্যবেক্ষণ দুই প্রকাৰৰ নিৰীক্ষণ আৰু পৰীক্ষণ । আগমন অনুমানত বস্তুগত সত্যতাৰ বিচাৰ কৰা হয় । নিৰীক্ষণ আৰু

পৰীক্ষণে আগমনব বস্তুগত সত্যতা নিরূপণ কৰে । কাৰণ নিৰীক্ষণ আৰু পৰীক্ষণৰ দ্বাৰা আগমনত বাস্তৱৰ পৰা বিশেষ বিশেষ দৃষ্টান্ত সংগ্রহ কৰা হয় । 

( ৩ ) আগমন সংকট বা জজাঁপ বৈজ্ঞানিক আগমনৰ প্ৰধান বৈশিষ্ট্য । বৈজ্ঞানিক আগমনত বিশেষণৰ পৰা সামান্যলৈ বা জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ এটা জাঁপ মৰা হয় । 

( ৪ ) বৈজ্ঞানিক আগমন দুটা মূল বিধিৰ ওপৰত প্রতিষ্ঠিত । এই বিধি দুটা হ’ল— 

( ক ) প্ৰকৃতিৰ একৰূপতা বিধি আৰু 

( খ ) কার্য – কাৰণ বিধি । 

প্রকৃতিৰ একৰূপতা বিধিৰ অৰ্থ হৈছে । একে অৱস্থাত প্রকৃতিয়ে একে আচৰণ কৰে আৰু কার্য – কাৰণ বিধিৰ অৰ্থ হৈছে প্রত্যেক কার্যৰ এটা কাৰণ আছে । এই দুই বিধি স্বতঃসিদ্ধ । এই দুই বিধিৰ ওপৰত আগমনৰ আকাৰগত সত্যতা নির্ভৰ কৰে । আগমনাত্মক জাঁপ অতিক্রম কৰিবলৈ এই দুই বিধিৰ ওপৰত নিৰ্ভৰ  কৰিবলগীয়া হয় । 

( ৫ ) কার্য – কাৰণ বিধিৰ ওপৰত প্রতিষ্ঠিত বাবে বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয় । 

প্রশ্ন ৪। অবৈজ্ঞানিক আগমন কি ? ইয়াৰ বৈশিষ্ট্যবােৰ কি কি ?

উত্তৰঃ যি আগমনত কোনাে বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত পর্যবেক্ষণ কৰি , কার্যকাৰণ সম্বন্ধ নির্ণয় কৰাৰ কোনাে চেষ্টা নকৰাকৈ কেৱল বাধাহীন , অভিজ্ঞতাৰ একেৰূপতাৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰা হয় তাক অবৈজ্ঞানিক আগমন বােলে । 

অবৈজ্ঞানিক আগমনৰ এই সংজ্ঞাটো বিশ্লেষণ কৰিলে তলত উল্লেখ কৰা বৈশিষ্ট্যবােৰ  পােৱা যায় । 

( ১ ) অবৈজ্ঞানিক আগমনে এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে । 

( ২ ) অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত প্রত্যক্ষ সাপেক্ষ বা পর্যবেক্ষণসিদ্ধ । 

( ৩ ) অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত পর্যবেক্ষণসিদ্ধ হলেও ই অনুমিতি স্বভাৱৰ । ই অনুমানৰ ওপৰত নিৰ্ভৰশীল । 

( ৪ ) অবৈজ্ঞানিক আগমনত আগমনাত্মক জাঁপ বা সংকট আছে । সেয়েহেই প্রকৃত আগমনৰ এটা প্রকাৰ । 

( ৫ ) অবৈজ্ঞানিক আগমনত অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰা হয় । বিৰােধী দৃষ্টান্ত অভাৱৰ ওপৰত নিৰ্ভৰ কৰি ইয়াত সিদ্ধান্ত প্রতিষ্ঠা কৰা হয় । অর্থাৎ ইয়াত প্রকৃতিৰ একৰূপতা বিধিৰ ওপৰত নিৰ্ভৰ কৰা হয় । 

( ৬ ) অবৈজ্ঞানিক আগমনত কার্যকাৰণ সম্বন্ধ নিৰূপণ কৰাৰ কোনাে চেষ্টা কৰা নহয় । 

( ৭ ) অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাৱনামূলক । কাৰণ ইয়াত কার্যকাৰণ সম্বন্ধ নিৰূপণৰ চেষ্টা কৰা নহয় । 

প্রশ্ন ৫। সাদৃশ্যানুমান কি ? ইয়াৰ বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ দুটা বস্তুৰ মাজত থকা কেতবােৰ গুণ বা লক্ষণৰ সাদৃশ্য লক্ষ্য কৰি , সেই সাদৃশ্যৰ ভিত্তিত এটা বস্তুত থকা আন কোনাে গুণ বা লক্ষণ দ্বিতীয় বস্তুটোতাে আছে বুলি যি অনুমান কৰা হয় তাক সাদৃশ্যানুমান বা সাদৃশ্যমূলক অনুমান বােলা হয় । যেনে পৃথিৱী আৰু মংগল । দুয়ােটাই সৌৰজগতৰ দুটা গ্রহ । দুয়ােটা গ্ৰহৰ মাজত বহু বিষয়ত সাদৃশ্য আছে । উভয়েই সূর্যক প্রদক্ষিণ কৰে , উভয়ৰে জলবায়ু , পানী , মাটি , বতাহ , উত্তাপ আদি বিষয়ত সাদৃশ্য আছে । পৃথিৱীত জীৱ আছে । গতিকে অনুমান কৰা হ’ল যে মংগল গ্রহতাে জীৱ আছে । 

সাদৃশ্যানুমানৰ সংজ্ঞা বিশ্লেষণ কৰিলে তলত দিয়া বৈশিষ্ট্যবােৰ পােৱা যায় । 

( ১ ) সাদৃশ্যানুমানত জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হােৱা যায়। ইয়াত আগমনে অনুমানৰ মূল লক্ষণ আগমনাত্মক জাঁপ আছে । গতিকে ই প্রকৃত আগমন । 

( ২ ) সাদৃশ্যানুমানত এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্তত উপনীত হােৱা যায় । বিশেষৰ পৰা সামান্য সত্যত নহয় । গতিকে ই অসম্পূর্ণ অনুমান । 

( ৩ ) দুটা বস্তুৰ মাজৰ কেতবােৰ গুণ বা লক্ষণৰ সাদৃশ্যই সাদৃশ্যানুমানৰ মূল ভিত্তি । গতিকে ইয়াৰ সাদৃশ্যও অসম্পূর্ণ সাদৃশ্য । 

( ৪ ) অকল সাদৃশ্যৰ ওপৰত ভিত্তি কৰিয়েই সাদৃশ্যানুমানত সিদ্ধান্ত প্রতিষ্ঠা কৰা হয় । গতিকে সিদ্ধান্ত সদায় সম্ভাৱনামূলক । কাৰণ ইয়াত কার্যকাৰণ বিধিও নির্ণয় কৰাৰ চেষ্টা কৰা নহয় । সেয়েহে সাদৃশ্যানুমানৰ সিদ্ধান্ত নিশ্চিত নহয় — সম্ভাৱনামূলক । 

প্রশ্ন ৬। অবৈজ্ঞানিক আগমনৰ মূল্য কি ? 

উত্তৰঃ অবৈজ্ঞানিক আগমনত অকল অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰা হয় । সেয়েহে ইয়াৰ সিদ্ধান্তৰ মূল্য সম্পর্কে প্রশ্ন উঠে । অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাৱনামূলক , নিশ্চিত স্বভাৱৰ নহয় । কিন্তু অবৈজ্ঞানিক আগমন মূল্যহীন নহয় । এই প্রকাৰৰ আগমন সকলাে আগমনৰেই প্রাথমিক স্তৰ । 

তর্কশাস্ত্রবিদ বেকনৰ মতে অবৈজ্ঞানিক আগমনৰ মূল্য নাই । ইয়াত অকল দৃষ্টান্তৰ সংখ্যাৰ আধিক্য আৰু অবিৰােধী দৃষ্টান্তৰ ওপৰত গুৰুত্ব দিয়া হয় । এটা মাত্র বিৰােধী দৃষ্টান্তই অবৈজ্ঞানিক আগমনক মূল্যহীন কৰিব পাৰে । যিহেতু অবৈজ্ঞানিক আগমনত কার্য – কাৰণ বিধি মানি চলা নহয় গতিকে বৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰা ই বেকনৰ মতে মূল্যহীন । 

আন কিছুমান তর্কশাস্ত্রবিদৰ মতে অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাৱনামূলক যদিও মূল্যহীন নহয় । কাৰণ পৃথিৱীৰ সকলাে সময়ৰ মানুহৰ অভিজ্ঞতাক মূল্যহীন বুলি ক’ব নােৱাৰি । ফাওলাৰৰ মতে– অবৈজ্ঞানিক আগমনৰ মূল্য দুটা বিষয়ৰ ওপৰত নিৰ্ভৰশীল । 

( ক ) সদর্থক দৃষ্টান্তৰ সংখ্যা । আৰু

( খ ) নেতিবাচক বা নঞর্থক দৃষ্টান্তৰ অনুপস্থিতি । 

সদর্থক দৃষ্টান্তৰ সংখ্যা যিমানেই বেছি হ’ব , অবৈজ্ঞানিক আগমনৰ মূল্যও সিমানেই বাঢ়ি যাব । সদর্থক দৃষ্টান্তৰ সংখ্যা যিমানেই কম হ’ব অবৈজ্ঞানিক আগমনৰ মূল্যও সিমানেই কমি । যাব । আনহাতে নেতিবাচক বানার্থক দৃষ্টান্ত যদি অনুপস্থিত থাকে তেনেহ’লে অবৈজ্ঞানিক আগমনৰ মূল্য বাঢ়িব ।গতিকে ক’ব পাৰি যে অবৈজ্ঞানিক আগমনব সিদ্ধান্ত মূল্যহীন নহয় । তথাপি কার্য – কাৰণ । সম্বন্ধ প্রতিষ্ঠা কৰাৰ চেষ্টা নকৰা বাবে ইয়াৰ সিদ্ধান্ত বৈজ্ঞানিক আগমনৰ দৰে নিশ্চিত স্বভাৱৰ নহয় । অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত প্রতিষ্ঠিত বাবে অবৈজ্ঞানিক আগমনে বৈজ্ঞানিক আগমনৰ বাট মুকলি কৰে । সেয়েহে অবৈজ্ঞানিক আগমন বৈজ্ঞানিক আগমনৰ প্রাথমিক স্তৰ । 

প্রশ্ন ৭। তুমি এই কথা মানি লােৱানে যে নিগমন আৰু আগমন পার্থক্য কেৱল ইয়াৰ আৰম্ভণিহে , ইয়াৰ পৰিণতিত নহয় ? ব্যাখ্যা কৰা । 

উত্তৰঃ জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হােৱাই অনুমান । আগমন দুই প্রকাৰৰ আগমন আৰু নিগমন । নিগমন আৰু আগমন অনুমানৰ পাৰ্থক্য মাত্র প্রক্রিয়াৰ আৰম্ভণিতহে । দুয়ােটাৰ মাজত আচলতে মূলগত পার্থক্য নাই । জ্ঞানৰ যথার্থতাই সত্যতা । ধাৰণাৰ লগত যদি আত্মসংগতি থাকে আৰু ধাৰণাৰ লগত যদি বিষয়বস্তুৰ সাদৃশ্য বা অনুৰূপতা থাকে তেনেহলে জ্ঞানৰ সত্যতা লাভ কৰা যায় । পাশ্চাত্য তর্কশাস্ত্রবিদসকলে সত্যতাক বস্তুগত আৰু আকাৰগতভাৱে দুভাগ কৰে । তথাপি দেখা যায় যে এই দুই প্রকার সত্যতা এটা আনটোৰ পৰিপূৰক । সত্যতাৰ আকাৰগত আৰু বস্তুগত দুয়ােটা ভাগ একেটা সত্যতাৰে দুটা দিশ । 

জ্ঞান আকাৰগতভাৱে সত্য নহ’লে বস্তুগতভাৱে সত্য হ’ব নােৱাৰে । সেইদৰে বস্তুগতভাৱে সত্য নহ’লে আকাৰগতভাৱে সত্য হ’ব নােৱাৰে । গতিকে এটাক উপেক্ষা কৰি আনটোৰ আলােচনা কৰিব নােৱাৰি । আলােচনাৰ সুবিধাৰ বাবেহে কেতিয়াবা আকাৰৰ ওপৰত কেতিয়াবা বস্তুৰ ওপৰত গুৰুত্ব দিয়া হয় । অনুমানৰ মূল উদ্দেশ্য অখণ্ড , অবিভাজ্য সত্য অন্বেষণ । গতিকে এটাক গুৰুত্ব দি আনটোক গুৰুত্বহীন কৰাৰ অর্থ নাই । ই যুক্তিসংগত নহয় । 

আগমন আৰু নিগমন — দুয়ােটা প্রক্রিয়াই পৰম্পৰৰ ওপৰত নিৰ্ভৰশীল । এটা আনটোৰ পৰিপূৰক । আগমনৰ সহায় নহ’লে নিগমনৰ সার্বিক সিদ্ধান্ত প্রতিষ্ঠিত নহয় । আনহাতে নিগমনৰ সহায় নহ’লে আগমনৰ সার্বিক সম্বন্ধৰ জ্ঞানৰ সত্যতা প্রমাণিত নহয় । গতিকে দুই প্রক্রিয়া পৰম্পৰৰ ওপৰত নিৰ্ভৰশীল । 

গতিকে ক’ব পাৰি যে আগমন আৰু নিগমনৰ পার্থক্য মাথােন প্রক্রিয়াৰ আৰম্ভণিতহে , মূলগত নহয় । 

প্রশ্ন ৮। আগমনৰ প্ৰয়ােজনীয়তা কি ? 

উত্তৰঃ আগমনৰ প্রয়ােজনীয়তা আছে । নিগমন অনুমানৰ বাবে প্রয়ােজনীয় সামান্য বচন আগমনে যােগান ধৰে । ই এক উপযােগী প্রক্রিয়া । ইয়াৰ প্ৰয়ােজনীয়তা হ’ল— 

( ১ ) আগমনে যুক্তিৰ বস্তুগত সত্যতা নিৰূপণ কৰি অনুমানক পূর্ণতা প্রদান কৰে । 

( ২ ) আগমনে নিগমনৰ সামান্য আশ্রয়বাক্য যােগান ধৰে । 

( ৩ ) প্রকৃতি নিয়মৰ ৰাজত্ব । এই নিয়মৰ জ্ঞান আগমনে দিয়ে । 

( ৪ ) প্রত্যেক বিজ্ঞানেই আগমনৰ ওপৰত নিৰ্ভৰ কৰে । 

( ৫ ) আগমন ভৱিষ্যত গৱেষণা বা অনুসন্ধানৰ পথ নির্দেশক ।

( ৬ ) কেৱল বিজ্ঞান বা তর্ক বিজ্ঞানৰ ক্ষেত্ৰতেই নহয় , ব্যৱহাৰিক জীৱনতাে আগমনৰ ভূমিকা অতি গুৰুত্বপূর্ণ । 

প্রশ্ন ৯ । সকলাে অনুমানেই সাদৃশ্যমূলক ’ – আলােচনা কৰা । 

উত্তৰঃ তর্কশাস্ত্র মিলৰ মতে সকলাে অনুমানেই সাদৃশ্যমূলক । সাদৃশ্যানুমানৰ স্বভাৱ লক্ষ্য কৰি জন স্টুয়ার্ট মিলে এই মত আগবঢ়াইছে । কাৰণ আগমনেই হওক বা নিগমনেই হওক যিকোনাে অনুমান প্রক্রিয়াত উদ্দেশ্য আৰু বিধেয় পদৰ মাজত সাদৃশ্য লক্ষ্য কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰা হয় । 

উদাহৰণ স্বৰূপে–

( ১ ) আগমন অনুমান :-    

ৰাম হয় মৰণশীল 

যদু হয় মৰণশীল 

           হৰি হয় মৰণশীল       

      সকলাে মানুহ হয় মৰণশীল । 

( ২ ) নিগমন অনুমান :-   

সকলাে মানুহ হয় মৰণশীল  

              ৰাম হয় মানুহ 

      ৰাম হয় মৰণশীল । 

প্রথম উদাহৰণত বিশেষ বিশেষ ব্যক্তিৰ ক্ষেত্ৰত মৃত্যুৰ সাদৃশ্য লক্ষ্য কৰি সকলাে মানুহৰ ক্ষেত্ৰত মৃত্যুক অনুমান কৰা হৈছে । আনহাতে দ্বিতীয় উদাহৰণটোত সকলাে মানুহৰ ক্ষেত্ৰত মৃত্যুৰ সাদৃশ্য লক্ষ্য কৰি ৰামৰ মৃত্যুক বা মৰণশীলতাক অনুমান কৰা হৈছে । 

গতিকে দেখা যায় যে সাদৃশ্য জ্ঞান সকলাে অনুমানৰেই ভিত্তি । কিন্তু সাদৃশ্যজ্ঞান আৰু সাদৃশ্যানুমান একে নহয় । যদি সাদৃশ্যানুমানৰ অৰ্থ কেৱল সাদৃশ্যজ্ঞান বুলি ধৰা হয় তেনেহ’লে সকলাে অনুমানেই সাদৃশ্য জ্ঞানৰ ওপৰত নিৰ্ভৰশীল বুলি ক’ব পাৰি ।

14 thoughts on “Class 12 Logic And Philosophy Chapter – 1 আগমন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top