Class 12 Logic And Philosophy Chapter – 1 আগমন

Class 12 Logic And Philosophy Chapter – 1 আগমন – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Logic And Philosophy Chapter – 1 আগমন – সমাধান and select needs one.

Class 12 Logic And Philosophy Chapter – 1 আগমন

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Logic And Philosophy Chapter – 1 আগমন – সমাধান Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ ( মূল্যাংক -৩ / ৪ ) 

প্রশ্ন ১। আগমনৰ সাধাৰণ বৈশিষ্ট্যবােৰ কি কি ? 

উত্তৰঃ আগমনৰ সাধাৰণ বৈশিষ্ট্যবােৰ হ’ল— 

( ১ ) আগমন অনুমানত বিশেষৰ পৰা সামান্য সত্যত উপনীত হােৱা যায় । 

( ২ ) আগমনৰ সিদ্ধান্ত আশ্রয় বাক্যতকৈ সদায় বেছি ব্যাপক । 

( ৩ ) আগমন অনুমানত আশ্রয়বাক্য নিৰীক্ষণ আৰু পৰীক্ষণৰ সহায়ত বাস্তৱ জগতৰ পৰা সংগ্রহ কৰা হয় । 

( ৪ ) আগমন অনুমানে আকাৰগত আৰু বস্তুগত উভয় প্রকাৰৰ সত্যতাৰ বিচাৰ কৰে । 

( ৫ ) যুক্তিৰ বস্তুগত সত্যতা নির্ণয় কৰি আগমনে অনুমানক পূর্ণতা প্রদান কৰে । 

( ৬ ) প্রত্যেক বিজ্ঞানেই আগমনৰ ওপৰত নিৰ্ভৰশীল । 

( ৭ ) আগমনে ভৱিষ্যৎ গৱেষণা বা অনুসন্ধানৰ পথৰ নির্দেশ দিয়ে । 

( ৮ ) আগমনে মনক কু – সংস্কামুক্ত কৰি বৈজ্ঞানিক দৃষ্টিভংগী গ্ৰহণ কৰাত সহায় কৰে । ( ৯ ) প্রকৃতি নিয়মৰ ৰাজত্ব আৰু এই নিয়মৰ জ্ঞান আগমনে দিয়ে । 

প্রশ্ন ২। আগমন আৰু নিগমনৰ মাজত থকা তিনিটা পার্থক্য উল্লেখ কৰা । 

উত্তৰঃ আগমন আৰু নিগমনৰ মাজত থকা তিনিটা পার্থক্য হল— 

( ১ ) নিগমন অনুমানত সামান্যৰ পৰা বিশেষ সত্যত উপনীত হােৱা যায় । আনহাতে আগমন অনুমানত বিশেষৰ পৰা সামান্য সত্যত উপনীত হােৱা যায় । 

( ২ ) নিগমন অনুমানৰ সিদ্ধান্ত আশ্রয় বাক্যতকৈ বেছি ব্যাপক হ’ব নােৱাৰে । আনহাতে আগমন অনুমানত সিদ্ধান্ত আশ্রয় বাক্যতকৈ বেছি ব্যাপক । 

( ৩ ) নিগমন অনুমানে আগাৰগত সত্যতাৰ বিচাৰ কৰে । আনহাতে আগমন অনুমানে আকাৰগত সত্যতাৰ লগতে বস্তুগত সত্যতাৰৰ বিচাৰ কৰে ।

প্রশ্ন ৩। আগমনাত্মক জাঁপ বুলিলে কি বুজা ? আগমনাত্মক জাঁপৰ জটিলতাবােৰ আঁতৰাবলৈ বৈজ্ঞানিক আগমনে কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰঃ আগমন অনুমানত ‘বিশ্যেৰ পৰা সামান্য’লৈ ‘জ্ঞাত সত্যৰ পৰা অজ্ঞাত’ সত্যলৈ যােৱা জাঁপকেই আগমনাত্মক জাঁপ বােলা হয় । এই জপ আগমনৰ মূল লক্ষণ ।

বৈজ্ঞানিক আগমনে আগমনাত্মক জাঁপৰ জটিলতা আঁতৰাবলৈ প্ৰকৃতিৰ একৰূপতা বিধি আৰু কার্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰে । ফলত বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয় ।

প্রশ্ন ৪। বৈজ্ঞানিক আগমনে দুটা নীতিৰ ওপৰত নিৰ্ভৰ কৰে । এই নীতি দুটা কি কি ? এই নীতি দুটাৰ অর্থ কি ? 

উত্তৰঃ বৈজ্ঞানিক আগমনে নিৰ্ভৰ কৰা নীতি দুটা হ’ল –

( ১ ) প্রকৃতিৰ একৰূপতা বিধি । আৰু 

( ২ ) কার্যকাৰণ বিধি ।

প্রকৃতিৰ একৰূপতা বিধিৰ অৰ্থ হ’ল– একে অৱস্থাত প্রকৃতিয়ে একে আচৰণ কৰে । আনহাতে কার্যকাৰণ বিধিৰ অৰ্থ হ’ল— প্রত্যেক ঘটনাৰে এটা কাৰণ থাকে । 

প্রশ্ন ৫। অবৈজ্ঞানিক আগমন কি ? অবৈজ্ঞানিক আগমনৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ যি আগমনত কোনাে বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত পর্যৱেক্ষণ কৰি , কার্য কাৰণ সম্বন্ধ নির্ণয় কৰাৰ কোনাে চেষ্টা নকৰি কেৱল বাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰা হয় তাক অবৈজ্ঞানিক আগমন বােলে । 

যেনে–

( ১ ) সকলাে কাউৰী কলা । 

( ২ ) গাখীৰ ব’গা ।

ওপৰৰ উদাহৰণ দুটাত অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত নিৰ্ভৰ  কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰা হৈছে । ইয়াত কার্য – কাৰণ সম্বন্ধ প্রতিষ্ঠা কৰাৰ কোনাে চেষ্টা কৰা হোৱা নাই ।

প্রশ্ন ৬। সাদৃশ্যমূলক অনুমানৰ মূল্য কিদৰে নিৰূপণ কৰিব পাৰি ? 

উত্তৰঃ সাদৃশ্যমূলক অনুমানৰ ভিত্তি হ’ল দুটা বস্তুৰ মাজৰ সাদৃশ্য জ্ঞান । এই অনুমানৰ সিদ্ধান্ত সদায় সম্ভাৱনামূলক । সম্ভাৱনা শূন্যৰ পৰা প্রায় নিশ্চিতলৈ হ’ব পাৰে । মিলৰ মতে সম্ভাৱনাৰ পৰিমাণ তিনিটা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে । 

( ১ ) জ্ঞাত সাদৃশ্যৰ পৰিমাণ ।

( ২ ) জ্ঞাত বৈসাদৃশ্যৰ পৰিমাণ । আৰু

( ৩ ) অজ্ঞাত গুণাৱলীৰ পৰিমাণ ।

এই তিনিটা তুলনা কৰি সাদৃশ্যানুমানৰ মূল্য নিৰ্দ্ধাৰণ কৰা হয় । কিন্তু ৱেল্টন ( Welton ) , বােছাংকে ( Bosanquet ) , ছিজউইক ( Siguik ) আদিৰ সৈতে গুণৰ সাদৃশ্য সংখ্যা আৰু গণনাৰ লগতে গুণবােৰৰ গুৰুত্বৰ ওপৰতাে সাদৃশ্যানুমানৰ মূল্য নিৰূপণ কৰে । কাৰণ এটা বস্তুৰ সকলাে গুণ সমানে গুৰুত্বপূৰ্ণ নহয় । 

এই মতবােৰ বিশ্লেষণ কৰি ক’ব পাৰি যে– 

( ১ ) জ্ঞাত সাদৃশ্য থকা গুণৰ পৰিমাণ আৰু গুৰুত্ব যিমানেই বেছি হ’ব সাদৃশ্যানুমানৰ সম্ভাৱনাও সিমানেই বেছি হ’ব । 

( ২ ) জ্ঞাত বৈসাদৃশ্য গুণৰ পৰিমাণ আৰু গুৰুত্ব যিমানেই বেছি হ’ব সম্ভাৱনাৰ গুৰুত্বও কমি যাব । 

( ৩ ) জ্ঞাত গুণৰ তুলনাত অজ্ঞাত গুণৰ পৰিমান যিমানেই বেছি হ’ব সম্ভাৱনাৰ মূল্যও , সিমানেই কমিব । 

আনহাতে কিছুমান তর্কবিদে ভগ্নাংশৰ জৰিয়তেও সাদৃশ্যানুমানৰ মূল্য নির্ধাৰণৰ চেষ্টা কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত পদ্ধতিটো ফলপ্রসূ নহয় ।

যেনে –  সাদৃশ্য / বৈসাদৃশ্য + অজ্ঞাত গুণাৱলী 

ইয়াত অজ্ঞাত গুণৰ সংখ্যা আৰু গুৰুত্ব নির্ণয় কৰা সহজ নহয় । অকল জ্ঞাত গুণৰ সাদৃশ্য আৰু বৈসাদৃশ্যহে বাস্তৱ ক্ষেত্ৰত নির্ণয় কৰিব পাৰি । গুণবােৰৰ গুৰুত্বও সংখ্যাৰে প্ৰকাশ কৰিব নােৱাৰি । গতিকে এই পদ্ধতিৰে সাদৃশ্যনুমানৰ মূল্য সঠিককৈ বিচাৰ কৰিব নােৱাৰি । 

প্রশ্ন ৭। উদাহৰণৰ সহায়ত সু – সাদৃশ্যমান আৰু দুঃসাদৃশ্যানুমান ব্যাখ্যা কৰা । 

উত্তৰঃ যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবােৰ মৌলিক আৰু গুৰুত্বপূর্ণ গুণৰ সাদৃশ্য হয় সেই সাদৃশ্যানুমানক সু – সাদৃশ্যানুমান বােলে । 

উদাহৰণস্বৰূপে পৃথিৱী আৰু মংগল গ্রহ দুয়ােটাই সৌৰজগতৰ গ্ৰহ । দুয়ােটাতে বায়ুমণ্ডল , মাটি , পানী , উত্তাপ আদি আছে । পৃথিৱীত জীৱ আছে । গতিকে মংগল গ্রহতাে জীৱ আছে । এই অনুমান সু – সাদৃশ্যানুমান । পৃথিৱী আৰু মংগল গ্ৰহৰ সাদৃশ্যবােৰ জীৱৰ অস্তিত্বৰ বাবে অনুকূল আৰু গুৰুত্বপূৰ্ণ বুলি বৈজ্ঞানিকসকলে অভিহিত কৰিছে । 

আনহাতে যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবােৰ মৌলিক আৰু গুৰুত্বপূর্ণ নহয় সেই সাদৃশ্যানুমানক দুঃসাদৃশ্যানুমান বােলে । 

উদাহৰণস্বৰূপে মানুহৰ দৰে উদ্ভিদৰ জন্ম , বৃদ্ধি আৰু মৃত্যু আছে । মানুহৰ বুদ্ধি আছে । গতিকে উদ্ভিদৰো বুদ্ধি আছে । এই অনুমান দুঃসাদৃশ্যানুমান । কাৰণ জন্ম , বৃদ্ধি আৰু মৃত্যু  বুদ্ধিৰ অস্তিত্বৰ বাবে মৌলিক নহয় ; গৌণ বা আকস্মিকহে ।

প্রশ্ন ৮। নিগমন আৰু আগমনৰ পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ নিগমন আৰু আগমন অনুমান বিশ্লেষণ কৰিলে তলত দিয়া পার্থক্যবােৰ পােৱা যায় । 

( ১ ) নিগমন অনুমানত সামান্যৰ পৰা বিশেষ সত্যত উপনীত হােৱা যায় । আনহাতে আগমন অনুমানত বিশেষৰ পৰা সামান্য সত্যত উপনীত হােৱা যায় । 

( ২ ) নিগমন অনুমানত সিদ্ধান্ত আশ্রয়বাক্যতকৈ বেছি ব্যাপক হ’ব নােৱাৰে । কিন্তু আগমন অনুমানত সিদ্ধান্ত আশ্রয়বাক্যতকৈ বেছি ব্যাপক হয় । 

( ৩ ) নিগমন অনুমানত সিদ্ধান্ত আশ্রয়বাক্যৰ পৰা অনিবার্যভাৱে নিসৃত হয় । আশ্রয়বাক্য সত্য হলে সিদ্ধান্তও সত্য হ’ব । কিন্তু আগমন অনুমানত আশ্রয়বাক্যৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্তটো প্রতিষ্ঠা কৰা হয় । আশ্রয়বাক্যই সিদ্ধান্তৰ নিশ্চয়তা সাব্যস্ত নকৰে । 

( ৪ ) নিগমন অনুমানত আশ্রয়বাক্য সত্য বুলি ধৰি লােৱা হয় । কিন্তু আগমন অনুমানত আশ্রয়বাক্য নিৰীক্ষণ আৰু পৰীক্ষণৰ দ্বাৰা বাস্তৱ জগতৰ পৰা সংগ্ৰহ কৰা হয় । 

( ৫ ) নিগমন আগমনে আকাৰত সত্যতাৰ বিচাৰ কৰে । কিন্তু আগমন অনুমানে আকাৰগত আৰু বস্তুগত দুয়াে প্রকাৰৰ সত্যতাৰ বিচাৰ কৰে । 

প্রশ্ন ৯। বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজৰ তিনিটা সাদৃশ্য উল্লেখ কৰা । 

উত্তৰঃ বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত তিনিটা সাদৃশ্য হ’ল— 

( ১ ) বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমন দুয়াে প্রকাৰৰ আগমনেই এক যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে । 

( ২ ) বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন — এই দুই প্রকাৰৰ আগমন পর্যবেক্ষণৰ ওপৰত ভৰশীল । 

( ৩ ) বৈজ্ঞানিক আৰু অবৈজ্ঞানিক দুয়াে প্রকাৰৰ আগমনৰ মূল লক্ষণ ‘ আগমনাত্মক জাঁপ ’ আছে । সেয়েহে দুয়াে প্ৰকাৰৰ আগমনেই প্রকৃত আগমন । 

প্রশ্ন ১০। আগমনৰ চাৰিটা স্তৰ ব্যাখ্যা কৰা । 

উত্তৰঃ আগমনৰ চাৰিটা স্তৰ হ’ল— 

( ক ) পর্যৱেক্ষণ ।

( খ ) প্রকল্প গঠন ।

( গ ) মান্যীকৰণ ।

( ঘ ) প্রামাণীকৰণ ।

আগমন অনুমানে বাস্তৱ জগতৰ পৰা দৃষ্টান্ত সংগ্রহ কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰে । বাস্তৱ জগতৰ পৰা বিশেষ বিশেষ দৃষ্টান্ত সংগ্রহ কৰি সামান্য সত্যত উপনীত হয় । প্রথমে আগমনে আশ্রয়বাক্য নিৰীক্ষণ আৰু পৰীক্ষণৰ দ্বাৰা বাস্তৱ জগতৰ পৰা সংগ্রহ কৰে । অর্থাৎ আগমনৰ প্রথম স্তৰ হ’ল পর্যবেক্ষণ । আগমনৰ দ্বিতীয় স্তৰ প্রকল্প গঠন । তাৰ পিছত তৃতীয় স্তৰত পর্যবেক্ষণৰ পৰা কোনাে জ্ঞানৰ ভিত্তিত মনত যি সামান্য সম্বন্ধৰ ধাৰণা জন্মে সেই সম্বন্ধকে বাস্তৱ জগতৰ লগত ৰিজাই তাৰ সত্যাসত্য নির্ণয় কৰাই চতুর্থ স্তৰ প্রামাণীকৰণ বা সত্যাপণ বা বাস্তৱ ঘটনাৰ সমর্থন । প্রামাণীকৰণ দুই প্রকাৰৰ হ’ব পাৰে – 

( ক ) প্রত্যক্ষ প্রামাণীকৰণ আৰু 

( খ ) পৰোক্ষ প্রামাণীকৰণ । 

প্রশ্ন ১১। বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজৰ চাৰিটা অমিল উল্লেখ কৰা । 

উত্তৰঃ বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ চাৰিটা অমিল হ’ল— 

( ১ ) বৈজ্ঞানিক আগমনত পৰীক্ষণ আৰু নিৰীক্ষণ— দুয়ােটা প্রক্রিয়াৰে বিশেষ বিশেষ দৃষ্টান্ত সংগ্রহ কৰা হয় । কিন্তু অবৈজ্ঞানিক আগমনত অকল নিৰীক্ষণৰ দ্বাৰাহে দৃষ্টান্ত সংগ্রহ কৰা হয় । 

( ২ ) বৈজ্ঞানিক আগমনত বিশেষ বচনৰ পৰা সার্বিক বচনলৈ যাওঁতে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কার্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰা হয় । আনহাতে অবৈজ্ঞানিক আগমনত অকল নিৰীক্ষণৰ ওপৰত নিৰ্ভৰ কৰি সামান্য সত্যত উপনীত হােৱা যায় । ইয়াত কার্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰা নহয় । 

( ৩ ) বৈজ্ঞানিক আগমনত কার্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰা হয় । বাবে ইয়াৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয় । কিন্তু অবৈজ্ঞানিক আগমনত অকল একাধিক অভিজ্ঞতা বা বাধাহীন অভিজ্ঞতা বা প্রকৃতিৰ একৰূপতা বিধিৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰা হয় বাবে ইয়াৰ সিদ্ধান্ত সম্ভৱনামূলক হয় । 

( ৪ ) বৈজ্ঞানিক আগমন এটা জটিল প্রক্রিয়া । ইয়াত কার্য-কাৰণ সম্বন্ধ প্রতিষ্ঠা কৰিবলৈ কেইবাটাও স্তৰ অতিক্ৰম কৰিবলগীয়া হয় । 

যেনে— ঘটনাৰ বিশ্লেষণ , পর্যবেক্ষণ , প্রকল্প গঠন , প্রামাণীকৰণ আদি অতিক্রম কৰিব লাগে । কিন্তু অবৈজ্ঞানিক আগমন এক সৰল প্রক্রিয়া । কাৰণ ইয়াত কার্য – কাৰণ সম্বন্ধ প্রতিষ্ঠা কৰাৰ কোনাে চেষ্টা কৰা নহয় । 

প্রশ্ন ১২। সুসাদৃশ্যমান আৰু দুঃসাদৃশ্যানুমানৰ মাজৰ পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ সাদৃশ্যানুমানৰ দুটা ভাগ হ’ল— 

( ১ ) সু – সাদৃশ্যানুমান আৰু 

( ২ ) কু সাদৃশ্যানুমান বা দুঃসাদৃশ্যানুমান । 

দুটা বস্তুৰ মাজৰ সাদৃশ্য থকা গুণবােৰ যদি মৌলিক বা গুৰুত্বপূৰ্ণ হয় তেতিয়া তাৰ ওপৰত নিৰ্ভৰ কৰি কৰা সিদ্ধান্তৰ মূল্য অধিক হয় । অর্থাৎ ইয়াৰ সিদ্ধান্তৰ সম্ভাৱনা অধিক হয় । এনে ধৰণৰ সাদৃশ্যানুমানক সু – সাদৃশ্যানুমান বােলে । যেনে – পৃথিৱী আৰু মংগল দুয়ােটাই সৌৰজগতৰ গ্রহ । দুয়ােটাই সূৰ্যৰ চাৰিওফালে ঘূৰে । পৃথিৱীত মাটি , পানী , বায়ু , উত্তাপ আদি আছে । মংগল গ্রহতাে এইবােৰ আছে । অর্থাৎ উভয়ৰ মাজত বহুবিষয়ত সাদৃশ্য আছে । অনুমান কৰা হ’ল যে পৃথিৱীত জীৱ আছে গতিকে মংগল গ্রহতাে জীৱ আছে । এনে সাদৃশ্যানুমান সু সাদৃশ্যানুমান । 

যদি দুটা বস্তুৰ মাজৰ সাদৃশ্য আকস্মিক বা গৌণ হয় , মৌলিক বা গুৰুত্বপূৰ্ণ নহয় , তেনেহ’লে । সেই সাদৃশ্যানুমানক কু – সাদৃশ্যানুমান বা দুঃসাদৃশ্যানুমান বােলে । উদাহৰণস্বৰূপে , মানুহৰ দৰে উদ্ভিদৰাে জন্ম , বৃদ্ধি আৰু মৃত্যু আছে । মানুহৰ বুদ্ধি আছে । গতিকে উদ্ভিদৰো বুদ্ধি আছে । এই সাদৃশ্যানুমান দুঃ বা কু – সাদৃশ্যানুমান । 

Sl. No.Contents
Chapter 1আগমন
Chapter 2আগমনৰ ভিত্তি
Chapter 3প্ৰকল্প
Chapter 4মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি
Chapter 5বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক
Chapter 6ভাববাদ: আত্মগত আৰু বস্তুগত
Chapter 7নীতিশাস্ত্র
Chapter 8ধর্ম

প্রশ্ন ১৩। আগমনাত্মক জাঁপৰ বিষয়ে চমুটোকা লিখা । 

উত্তৰঃ আগমন অনুমানৰ এটা উল্লেখযােগ্য লক্ষণ হল — আগমনাত্মক জাঁপ বা সংকট । আগমনৰ সিদ্ধান্ত পর্যৱেক্ষণৰ ওপৰত নিৰ্ভৰশীল যদিও অকল পর্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি সার্বিক সিদ্ধান্ত পর্যবেক্ষণ কৰিব নােৱাৰি । ইয়াৰ অৰ্থ আগমনৰ সিদ্ধান্ত পর্যবেক্ষণ ওপৰত নিৰ্ভৰশীল নহয় । 

আগমনত কোনাে বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত কেইটামান পর্যবেক্ষণ কৰা হয় । এই পর্যবেক্ষণৰ ভিত্তিত বিশেষ বিশেষ বস্তু বা ঘটনাৰ সম্বন্ধৰ জ্ঞান পােৱা যায় । সার্বিক সম্বন্ধৰ জ্ঞান পােৱা নাযায় । বিশেষ বিশেষ মানুহৰ মৃত্যুৰ জ্ঞানে সম্ভৱ হ’লেও সকলাে মানুহৰ মৃত্যুৰ জ্ঞান পর্যবেক্ষণৰ ওপৰত ভিত্তি কৰি পােৱা নাযায় । সার্বিক জ্ঞান অনুমানৰ ওপৰত নিৰ্ভৰশীল । আগমন অনুমানত বিশেষ বিশেষ জ্ঞানৰ পৰা সার্বিক জ্ঞানলৈ আগবাঢ়োতে বা জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ যাওঁতে এক জাঁপ সন্মুখীন হ’ব লগা হয় । এই জাঁপক আগমনাত্মক জাঁপ বােলা হয় । ইয়াক ‘ অন্ধকাৰত মৰা জাঁপ ’ বুলিও কোৱা হয় । জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হােৱা এই পথ দুর্গম । ইয়াত সকলাে সময়তে এটা অনিশ্চয়তা ৰৈ যায় । সেই বাবে আগমনাত্মক জাপক আগমনাত্মক সংকট বুলিও কোৱা হয় । আগমনাত্মক জপ আগমন অনুমানৰ মূল লক্ষণ । এই জাঁপ বা লক্ষণ নাথাকিলে কোনাে আগমনেই প্রকৃত আগমন হ’ব নােৱাৰে । 

প্রশ্ন ১৪। বৈজ্ঞানিক আগমন কি ? ইয়াৰ তিনিটা মূল বৈশিষ্ট্য কি ?

উত্তৰঃ বিশেষ বিশেষ দৃষ্টান্ত পর্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতাবিধি আৰু কার্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি বৈজ্ঞানিক আগমনে যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে । 

কার্য – কাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰা বাবে ইয়াৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয় । 

বৈজ্ঞানিক আগমনৰ তিনিটা বৈশিষ্ট্য হল— 

( ১ ) বৈজ্ঞানিক আগমনে এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে । বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত এটা বচন । ধাৰণা বা প্রত্যয় নহয় । 

বচনত দুটা পদৰ মাজত সম্বন্ধ ব্যক্ত কৰা হয় । 

দ্বিতীয়তে সিদ্ধান্তটো সামান্য বচন , বিশেষ বচন নহয় । 

তৃতীয়তে সিদ্ধান্তটো এটা সংশ্লেষক বচন ; শাব্দিক বা বিশেষ বচন নহয় । 

( ২ ) বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত পর্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল । পর্যবেক্ষণ দুই প্রকাৰৰ নিৰীক্ষণ আৰু পৰীক্ষণ । আগমনে নিৰীক্ষণ আৰু পৰীক্ষণৰ সহায়ত বাস্তৱ জগতৰ পৰা , বিশেষ বিশেষ ঘটনা পর্যবেক্ষণ কৰি বস্তুগত সত্যতা নিৰূপণ কৰে ।

( ৩ ) বৈজ্ঞানিক আগমন দুটা মূল বিধিৰ ওপৰত নিৰ্ভৰশীল ( ১ ) প্রকৃতিৰ একৰূপতাবিধি আৰু ( ২ ) কার্য – কাৰণ বিধি । দুয়ােটা বিধিয়েই স্বতঃসিদ্ধ বা পূর্বসিদ্ধ । অর্থাৎ বিধি দুটাৰ প্রমাণৰ প্ৰয়ােজন নাই । আগমনাত্মক জাঁপ বা সংকট অতিক্রম কৰিবলৈ বৈজ্ঞানিক আগমনত এই বিধি দুটাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় । 

প্রশ্ন ১৫। আগমনৰ সমস্যাৰ বিষয়ে এটা চমুটোকা লিখা । 

উত্তৰঃ আগমন অনুমানত বিশেষ বিশেষ দৃষ্টান্ত পর্যবেক্ষণ কৰি সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হােৱা যায় । বিশেষ বিশেষ বস্তু বা ঘটনা সম্বন্ধৰ অভিজ্ঞতাৰ পৰা সেই জাতীয় সকলাে বস্তু বা ঘটনাৰ সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হৈ আগমনত সামান্য সংশ্লেষক বা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰা হয় ; সেইটোৱেই আগমনৰ মূল সমস্যা । নিগমনৰ প্রয়ােজনীয় সামান্য বচন আগমনৰ পৰাই পােৱা যায় । 

আগমন অনুমানত বস্তুগত সত্যতা প্রতিষ্ঠা কৰাৰ চেষ্টা কৰা হয় । সামান্য সংশ্লেষক বচনবােৰ বস্তুগতভাৱে সত্য হ’ব যদিহে বিশেষ বিশেষ আধাৰ বচনবােৰ বস্তুগতভাৱে সত্য হয় । বিশেষ বিশেষ দৃষ্টান্তৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি কোনাে সামান্য সত্য প্রতিষ্ঠা কৰিলে সেই সামান্য সত্য যথার্থ বা নিশ্চিত বুলি কিদৰে প্ৰমাণ কৰিব পাৰি – সেইটোৱেই আগমনত মূল প্রশ্ন । বিশেষৰ পৰা সামান্যত উপনীত হােৱাৰ ন্যায্যতা কিদৰে প্রতিপন্ন কৰিব পাৰি – সেয়েই আগমনৰ মূল সমস্যা । 

আগমনৰ এই সমস্যা সমাধানৰ বাবে দুটা মূল বিধিৰ ওপৰত নিৰ্ভৰ কৰা হয়— ( ১ ) প্রকৃতিৰ এৰূপতা বিধি আৰু ( ২ ) কার্যকাৰণ বিধি । প্রকৃতিৰ এৰূপতা বিধি অনুসৰি একে অৱস্থাত প্রকৃতিয়ে একে আচৰণ কৰে আৰু কার্যকাৰণ বিধি অনুসৰি প্রত্যেক ঘটনাৰে এটা কাৰণ থাকে । বিনা কাৰণত কোনাে ঘটনাই নঘটে । বিশেষ বিশেষ বস্তু বা ঘটনাৰ মাজত সাধাৰণ আৰু মৌলিক লক্ষণবােৰ আৱিষ্কাৰ বা প্রমাণ কৰিব পাৰিলে এই সমস্যাৰ সমাধান হয় ।

See Next Page…

14 thoughts on “Class 12 Logic And Philosophy Chapter – 1 আগমন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top