Class 12 History Chapter 7 ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ

Class 12 History Chapter 7 ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 7 ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ and select needs one.

Class 12 History Chapter 7 ভক্তি আৰু চুফী পৰম্পৰা , ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 7 ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ Solutions for All Subject, You can practice these here…

 ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। ভক্তি আন্দোলনৰ মুখ্য নীতিবােৰ আলােচনা কৰা । অথবা , ভক্তি পৰম্পৰাৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ ভক্তি আন্দোলনৰ মূল নীতিসমূহ হ’ল— 

( ক ) এই আন্দোলনৰ নীতি মতে একেশ্বৰবাদৰ ওপৰত বিশ্বাস ৰখা । 

( খ ) ভগৱানৰ প্রতি কৃতজ্ঞ আৰু ভক্তিৱান হােৱা । 

( গ ) ভগৱানৰ সেৱাৰ নামত নিজৰ জীৱনটোক উচৰ্গা কৰা ।

( ঘ ) ভক্তি আন্দোলনৰ লগত জড়িত সকলাে সন্ত বা গুৰুৰ প্ৰতি অচলা ভক্তি নিবেদন কৰা ।

( ঙ ) জাতিভেদ প্রথাক বিশ্বাস নকৰা । 

প্রশ্ন ২। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ আগবঢ়োৱা অৱদান সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ অসমত একশৰণ ভাগৱতী বা বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয় । ১৪৪৯ খ্রীষ্টাব্দত নগাঁৱৰ বৰদোৱাত । তেওঁ এটি কায়স্থ পৰিয়ালত জন্ম লৈছিল । নানা ঘাত – প্রতিঘাত অতিক্রম কৰি শংকৰদেৱে অসমীয়া সমাজলৈ অপূৰণীয় অৱদান আগবঢ়াই গৈছে । তেওঁ আছিল একশৰণ ভাগৱতী ধৰ্মৰ প্ৰধান প্ৰচাৰক । তেওঁৰ ধর্ম মতে সকলাে শক্তিৰ আধাৰ আৰু একমাত্ৰ নিৰাকাৰ পৰমেশ্বৰ বিষ্ণুৱেহে সকলােৰ পূজা অর্থাৎ কৃষ্ণৰ বাহিৰে এই পৃথিৱীত আন কোনাে পূজ্য ঈশ্বৰ নাই । তেওঁৰ মতে কৃষ্ণৰ বাহিৰে আন দেৱ – দেৱীৰ পূজা – অর্চনাৰ কোনাে প্রয়ােজন নাই । তেওঁক পূজা কৰিলে মুক্তি লাভ কৰিব পাৰি ।

প্রকৃত পুৰুষ হৈয়াে নিয়ন্তা মাধৱ অর্থাৎ শ্রীকৃষ্ণই হ’ল শ্রেষ্ঠ আৰু একমাত্র দেৱতা । গতিকে মুক্তি বা মােক্ষ লাভৰ কাৰণে আন কোনাে দেৱ – দেৱতাৰ ওচৰত যাগ – যজ্ঞ , বলি – বিধান আদিৰ কোনাে প্রয়ােজন নাই । শংকৰদেৱৰ একান্ত প্রচেষ্টাৰ ফলতেই গােটেই অসম জুৰি বৈষ্ণৱ ধর্ম প্রচাৰিত হয় । 

মহাপুৰুষ শংকৰদেৱ কল ধর্ম প্রচাৰকেই নাছিল , অসমীয়া সাহিত্য আৰু সমাজলৈ তেওঁৰ দান আছিল অপৰিসীম ৷ তেওঁ নিজে বৰগীত , ৰুক্মিণীহৰণ কাব্য , অংকীয়া নাট আৰু দশম ভাগৱত অনুবাদ কৰিছিল । শংকৰদেৱে ছয়খন নাট ৰচনা কৰিছিল । এই আটাইবােৰ অংকীয়াত আৰু প্রাচীন ধর্ম গ্রন্থৰ বিভিন্ন কাহিনীৰ অৱলম্বনত ৰচিত । 

প্রশ্ন ৩। গুৰু নানক দেৱৰ বিষয়ে চমুকৈ আলােচনা কৰা । অথবা , গুৰু নানক কোন আছিল ? তেওঁৰ ধৰ্মীয় নীতিসমূহ কি কি আছিল ?

উত্তৰঃ ১৪৫৯ খ্রীষ্টাব্দত বর্তমান পাকিস্তানৰ অন্তৰ্গত লাহােৰৰ ওচৰৰ তালবন্দী নামৰ গাঁৱৰ এটি পৰিয়ালত গুৰুনানক দেৱৰ জন্ম হৈছিল । শিখ ধৰ্মৰ প্রৱর্তক আছিল গুৰু নানকদেৱ । তেওঁৰ ধর্মতো উপনিষদৰ একেশ্বৰবাদৰ প্রতিফলন দেখিবলৈ পােৱা যায় । সকলাে ধৰ্মৰ প্রতি সহিষ্ণু নীতি অবলম্বন কৰি সকলাে মানুহৰ মাজত আন্তৰিক মিলন প্রতিষ্ঠা কৰাই আছিল গুৰু নানকৰ ধৰ্মৰ প্রধান বৈশিষ্ট্য । 

কবীৰৰ দৰেও নানাকেও হিন্দু আৰু মুছলমানৰ মাজত কোনাে প্রভেদ দেখা নাছিল । আন্তৰিকভাৱে ভগৱানক উপসনা কৰা আৰু চিত্ত বুদ্ধি ৰখা এইটোৱেই আছিল নানকৰ ধৰ্মৰ মূল দিশ , তেওঁ হিন্দু বা মুছলমানৰ মাজত প্রচলিত সকলােধৰণৰ কু – সংস্কাৰ সমর্থন কৰা নাছিল । পূর্ণ ভােগ – বিলাস আৰু সম্পূর্ণ সন্যাস এই দুয়ােটাৰ মাজত মধ্যম পন্থা অৱলম্বন কৰি নানকে তেওঁৰ শিষ্যসকলক স্বার্থপৰতা , ভণ্ডামি আৰু অসত্য পৰিহাৰ কৰিবলৈ পৰামর্শ দিছিল । উল্লেখযােগ্য যে হিন্দু আৰু মুছলমান উভয় পক্ষৰ লােকে নানকৰ প্ৰচাৰিত শিখ ধৰ্মৰ শিষ্যত্ব গ্ৰহণ কৰিছিল । 

প্রশ্ন ৫। কবীৰৰ বিষয়ে চমু ইতিহাস বর্ণনা কৰা । 

উত্তৰঃ ৰমানন্দৰ প্রধান বাৰজন শিষ্যৰ ভিতৰত কবীৰ আছিল প্রধান শিষ্য । কবীৰৰ জন্ম – মৃত্যু সম্পর্কে নিশ্চিতভাৱে জনা নাযায় । কিংবদন্তি মতে কবীৰ আদিতে এজন ব্রাহ্মণৰ সন্তান আছিল বুলি কোৱা হয় । কিন্তু সম্ভৱতঃ বিশেষ পৰিস্থিতিত নিৰু নামৰ এজন মুছলমান তাতীয়ে তেওঁক ডাঙৰ – দীঘল কৰিছিল । 

সৰু কালৰে পৰা কবীৰ ধৰ্মৰ প্রতি অতি আগ্রহী আছিল । লাহে লাহে তেওঁ ধৰ্মৰ প্ৰতি আকর্ষিত হয় । সেই সময়ৰ হিন্দু দর্শন আৰু চুফী ফক্ৰিসকলে স্ত্রীৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে । পিছত কবীৰে ৰমানন্দৰ শিষ্যত্ব গ্রহণ কৰে আৰু হিন্দী ভাষাত তেওঁৰ ধৰ্ম প্ৰচাৰ কৰে । হিন্দু আৰু মুছলমান সম্প্রদায়ৰ মাজত এক স্থাপন কৰাই আছিল তেওঁৰ ধৰ্মৰ প্ৰধান উদ্দেশ্য । বাম আৰু আল্লা এক আৰু অদ্বিতীয়– এইটোৱেই আছিল কবীৰৰ মূল বাণী । তেওঁৰ মতে হিন্দু আৰু মুছলমান একে মাটিৰে গঢ়া দুটা পাত্র । 

তেওঁ ৰচনা কৰা ‘ দোহা’বােৰ দার্শনিক তত্ত্বৰে চহকী । কবীৰে হিন্দু মুছলমানৰ ধৰ্মীয় অনুষ্ঠানবােক সমর্থন কৰা নাছিল । শুদ্ধ অন্তৰেৰে ভগৱানক পাব পাৰি বুলি কবীৰে মানুহৰ মাজত প্ৰচাৰ কৰিছিল । 

প্রশ্ন ৬। ৰামানন্দৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ ভক্তি আন্দোলনৰ সন্তসকলৰ ভিতৰত ৰমানন্দও আছিল এগৰাকী উল্লেখযােগ্য ব্যক্তি । বর্তমানৰ উত্তৰ প্ৰদেশৰ এলাহাবাদত ৰামানন্দৰ জন্ম হৈছিল । তেওঁ ৰাম আৰু সীতাৰ প্রধান উপাসক আছিল । তেওঁ হিদী ভাষাত ধর্ম প্রচাৰ কৰিছিল । জাতি – ধর্ম নির্বিশেষে সকলােকে তেওঁ নিজৰ শিষ্য কৰি লৈছিল । হিন্দু – মুছলমান উভয় সম্প্রদায়ৰ লােকে তেওঁৰ শিষ্যত্ব গ্রহণ কৰাত কোনাে বাধা নাছিল । তেওঁৰ মতে ঈশ্বৰ বা আল্লাৰ প্ৰাপ্তিৰ কাৰণে ভেদাভেদৰ কোনাে অৱকাশ নাই । কাৰণ তেওঁ ব্রাহ্মণকুলত জন্মগ্রহণ কৰিও ধর্মীয় গােড়ামিক তেওঁ কোনােদিনে প্রশ্রয় দিয়া নাছিল । তেওঁৰ প্রধান বাৰজন শিষ্য আছিল । এইসকল শিষ্যৰ ভিতৰত কবীৰ আছিল প্রধান । 

প্রশ্ন ৭। চুফী পৰম্পৰাৰৰ বিকাশ সম্পর্কে আলােচনা কৰা । অথবা , চুফীবাদৰ জন্ম আৰু বিকাশ সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ মধ্য যুগত চুফীবাদ এক গৰুত্বপূৰ্ণ ধর্মীয় শক্তি আছিল । ইতিমধ্যে ইছলাম ধৰ্মৰ মাজত গােড়ামি আৰু জড়বাদৰ সৃষ্টি হৈছিল । ফলত এনে গােড়ামি আৰু জড়বাদৰ বিৰুদ্ধে কিছুমান আধ্যাত্মিক লােকৰ মাজত বৈৰাগ্য আৰু ৰহস্যবাদী চিন্তা – ধাৰাৰ সূচনা হয় । ইয়াকে চুফীবাদ বুলি কোৱা হৈছিল । চমুকৈ ক’বলৈ গ’লে চুফীবাদ হ’ল গােড়া ইছলামৰ বিৰুদ্ধে এক মুকলি বিদ্রোহ । 

চুফী সাধু – সন্তসকলে সংসাৰ ত্যাগ কৰি ঈশ্বৰ বা আল্লাৰ ওচৰত নিজকে সপি দিছিল । এইখিনিতে উল্লেখ কৰিব পাৰি যে অষ্টম আৰু নৱম শতিকাৰ অদ্বৈতবাদ আৰু প্ৰেমৰ ধাৰণাৰ মাধ্যমত বৈৰাগ্যবােধক এক উচ্চ স্তৰৰ ৰহস্যবাদলৈ উন্নীত কৰা হৈছিল । 

চুফীসকলৰ প্রধান নেতাসকলৰ ভিতৰত চুফী সন্যাসিনী ৰাৱিয়া , ৰায়াজিদ বিজ্ঞানী আদি আছিল উল্লেখযােগ্য । বিজ্ঞানী নামৰ চুফী সাধুজনে পােনতে ভগৱানৰ সৈতে আত্মাৰ মিলনৰ তত্ত্বকথা শিকাইছিল । চুফী মতবাদ মতে সমাজৰ সকলাে শ্ৰেণীৰ লােকে এই ধর্মমত গ্রহণ কৰাত বাধা নাছিল । 

প্রশ্ন ৮। খাজা মইনুদ্দিনৰ দৰগাহ জনপ্রিয় হােৱাৰ দুটা কাৰণ লিখা ।

উত্তৰঃ উক্ত দৰগাহ জনপ্রিয় হােৱাৰ দুটা কাৰণ হ’ল – 

( ক ) খাজা মইনুদ্দিন এজন অতি শ্রদ্ধাশীল ব্যক্তি আছিল । ঠিক তেনেদৰে তেওঁৰ শিষ্য সকলাে আদর্শবান আছিল । 

( খ ) দিল্লী আৰু গুজৰাটৰ সংযােগ পথৰ কাষত এই দৰগাহ অৱস্থিত । ফলত তীর্থযাত্রী সকল সহজে আকর্ষিত হয় । 

প্রশ্ন ৯। লিংগায়তসকলৰ ধর্মীয় ৰীতি – নীতিসমূহ ব্যাখ্যা কৰা । 

উত্তৰঃ ( ক ) ১২ শতিকাৰ আন আন্দোলনৰ ভিতৰত লিংগায়ত বা বীৰ আন্দোলনাে আছিল এটি জনপ্রিয় সামাজিক আন্দোলন । 

( খ ) এই আন্দোলনৰ প্রতিষ্ঠাতা হ’ল বাসাক আৰু তেওঁৰ ভতিজা চান্নাবাচক । তেওঁলােকে কর্ণাটক ৰাজ্যৰ ৰজা কলাচুৰু ৰজাৰ ৰাজসভাত পৃষ্ঠপােষকতা লাভ কৰিছিল । 

( গ ) জৈন আন্দোলনৰ লগত সংঘাত আৰম্ভ হােৱাৰ পিছত এই দুয়ােজন সন্তই এই আন্দোলন গঢ়ি তুলিছিল । 

( ঘ ) লিংগায়তসকল শিৱভক্ত আছিল । 

( ঙ ) তেওঁলােকে জাতি – ভেদ প্রথা , বলি – বিধান আৰু তীর্থ ভ্ৰমণৰ বিৰােধিতা কৰিছিল । 

( চ ) তেওঁলােকে বাল্যবিবাহৰ বিৰােধিতা কৰাৰ বিপৰীতে বিধৱা বিবাহৰ সমর্থন কৰিছিল ।

1 thought on “Class 12 History Chapter 7 ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top