Class 12 History Chapter 6 পর্যটকৰ দৃষ্টিভংগীৰে

Class 12 History Chapter 6 পর্যটকৰ দৃষ্টিভংগীৰে The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 6 পর্যটকৰ দৃষ্টিভংগীৰে and select needs one.

Class 12 History Chapter 6 পর্যটকৰ দৃষ্টিভংগীৰে

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 6 পর্যটকৰ দৃষ্টিভংগীৰে Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। সংগীতৰ দিশত মােগলসকলে আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ( ক ) মােগল যুগত হিন্দু আৰু মুছলমানৰ মাজত প্রচলিত সংগীতবােৰ সমাজত বিশেষভাৱে সমাদৃত । 

( খ ) আকবৰৰ ৰাজসভাত তানচেন নামৰ প্রখ্যাত শিল্পীজনে উচ্চ আসন লাভ কৰিছিল । তেওঁ ভাৰতীয় সংগীত আৰু ৰাগ সৃষ্টিৰ দিশত বিশেষ অৱদান আগবঢ়াই গৈছে । তেওঁ বহুতাে ভাৰতীয় ৰাগৰ সৃষ্টি কৰি ভাৰতীয় সংগীতৰ বিশেষ বিকাশ সাধনত অৰিহণা যােগাইছিল । 

( গ ) জাহাঙ্গীৰ আৰু চাহজাহানৰ শাসনকালতাে ভাৰতীয় সংগীতে বিশেষ বিকাশ লাভ কৰিছিল । 

( ঘ ) অৱশ্যে ঔৰংজেৱে সংগীতৰ পৃষ্ঠপােষকতা নাছিল । তেওঁ তেওঁৰ ৰাজ সভাত সংগীতৰ চর্চা নিষিদ্ধ কৰিছিল । তথাপিও ঔৰংজেৱে এজন বীণা বাদক হিচাপে প্রতিষ্ঠা লাভ কৰিছিল । 

প্রশ্ন ২। চাহজাহানৰ শাসন কালত মােগল যুগৰ স্থাপত্য শিল্পৰ বিকাশৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ চাহজাহানৰ ৰাজত্বকালত মােগল যুগৰ স্থাপত্য শিল্পৰ চৰম উন্নতি সাধন হৈছিল । অৱশ্যে মৌলিকতাৰ দিশৰ পৰা বিচাৰ কৰি চালে চাহজাহানৰ দিনৰ শিল্পকলা আকবৰৰ দিনৰ শিল্পকলাতকৈ নিম্নস্তৰৰ আছিল সেই বিষয়ে সন্দেহ নাই । তথাপিও আলংকাৰিক শিল্প কৌশলত চাহজাহানৰ শিল্পকলা মােগলা যুগৰ আন শিল্পকলাতকৈ অতি উন্নত আৰু শ্রেষ্ঠ আছিল । চাহজাহানৰ দিনৰ নির্মাণ কার্যসমূহৰ ভিতৰত দেওৱান – ই – আন ’ , ‘ মতি মছজিদ ’ , ‘ দেওৰান – ই খাম ’ , ‘ জামেমছজিদ’ আদি উল্লেখযােগ্য । মছজিদ নির্মাণ শৈলীটো আছিল চাহজাহানে দি থৈ যােৱা স্থপতিশৈলীৰ নিখুঁত নিদর্শন । 

চাহজাহান তথা মােগল যুগৰ উল্লেখযােগ্য শিল্পকৃতি হ’ল পৃথিৱীখ্যাত তাজমহল । সৌন্দর্য আৰু জাক – জমকৰ দিশৰ ফালৰ পৰা তাজমহলক পৃথিৱীৰ আচৰিত বস্তু বিলাকৰ ভিতৰত এটা বুলি স্থান দিয়া হয় । কাৰণ তাজমহলৰ সৌন্দর্য তুলনাবিহীন । 

চাহজাহানৰ দিনত শিল্পী কৌশলৰাে যথেষ্ট উৎকর্ষ সাধন হৈছিল । এই ক্ষেত্ৰত বিখ্যাত ময়ুৰ সিংহাসনৰ কথা উল্লেখ কৰিব পাৰি । নাদিহচাহে ভাৰত আক্ৰমণৰ সময়ত এই ময়ুৰ সিংহাসন পাৰস্যলৈ লৈ গৈছিল । অৱশ্যে এই সিংহাসন এতিয়া পাবলৈ ক’তাে নাই ।

প্রশ্ন ৩। মধ্য যুগত ভাৰতৰ সামাজিক দিশত কেনে পৰিবর্তন সাধন হৈছিল আলােচনা কৰা । 

উত্তৰঃ প্রাচীন কালৰে পৰা ভাৰতীয় সমাজত শ্রেণী বিভাজন চলি আহিছিল । সমাজ ব্যৱস্থা প্রধানকৈ চাৰিটা ভাগত বিভক্ত আছিল । আৰু এনে বিভাজন মতে সমাজ পৰিচালিত হৈছিল । সাধাৰণতে শিক্ষিত আছিল । 

সমাজত পূর্ব প্রচলিত নিয়ম অনুসৰি ব্ৰাহ্মণসকলে আগস্থান লাভ কৰিছিল । ব্রাহ্মণসকল সাধাৰণতে শিক্ষিত আছিল ।

ঠিক তেনেদৰে অভিজাত শ্ৰেণীৰ জীৱনৰ মানদণ্ড আৰু উন্নত আছিল । তেওঁলােকে বিলাসী জীৱন যাপন কৰিছিল । তেওঁলােকে অনৈতিক জীৱন যাপন কৰিছিল আৰু খুব বেছি মদ্যপান কৰিছিল । সম্রাটৰ দৰে অভিজাতসকলৰাে হেৰেম আছিল ।মধ্যবিত্ত শ্রেণীৰ লোকৰ সংখ্যা বেছি আছিল । তেওঁলােকে সাধাৰণ জীবন – যাপন কৰিছিল । অৱশ্যে তেওঁলােকে মদ খাইছিল । সেয়ে ব্যভিচাৰৰ পৰা তেওঁলােক মুক্ত আছিল বুলি কোৱা হয় । 

সমাজৰ চতুর্থ তথা নিম্ন শ্রেণীৰ লােকসকলৰ অৱস্থা অতি শোচনীয় আছিল । কাৰণ তেওঁলোক নামতহে স্বাধীন আছিল । দৰাচলতে তেওঁলােকৰ অৱস্থা ক্রীতদাসতকৈ কোনাে গুণেই বেছি নাছিল    আনহাতে এই শ্রেণীৰ লােকসকল মিতব্যয়ী আৰু কৰ্ম পৰায়ণ আছিল । মাৰাঠা , জাট আৰু ব্রাহ্মণ – অব্রাহ্মণসকলৰ মাজত বিধবা বিবাহৰ প্রচলন ঘটিছিল ।

প্রশ্ন ৪। উৰিষ্যাৰ গাঁজাপতি ( Gajapati ) শাসকসকলৰ কৃতকার্যতাৰ বিষয়ে চমু আভাস । দিয়া । 

উত্তৰঃ ( ক ) উৰিষ্যাৰ গাজাপতি সকলৰ শাসনকালছােৱা সেই ৰাজাৰ এক উল্লেখযােগ্য ঘটনা । 

( খ ) সেই বংশৰ ৰজাসকল শক্তিশালী আৰু সংগঠক আছিল । 

( গ ) এই বংশৰ ৰজাসকল শক্তিশালী হােৱা কাৰণে ৰাজ্যৰ পৰিসীমা দক্ষিণৰ কৰ্ণাটক ৰাজ্যৰ সীমা চুইছিলগৈ । ফলত এই ৰাজ্যৰ লগত প্রায় দক্ষিণৰ বিজয়নগৰ ৰাজ্য আৰু বাহমনি ৰাজ্যৰ লগত বিবাদ চলি আহিছিল । 

( ঘ ) এই বংশৰ ৰজাসকলে পিছলৈ বংগ দেশৰ মিদিনাপুৰ আৰু হুগলি অঞ্চলৰ বহুতাে ঠাই উৰিষ্যাৰ ভিতৰুৱা কৰি ল’বলৈ সক্ষম হৈছিল । বিশেষকৈ গংগাৰ পৰা সৰস্বতী নদীয়েদি উৰিষ্যালৈ পানী বােৱাই নিয়াৰ কাৰণে এনে ব্যৱস্থা গ্ৰহণ কৰিছিল বুলি কোৱা হয় । 

প্রশ্ন ৫। মােগল যুগৰ ধর্মীয় দিশৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ মধ্য যুগত বহু দেৱ – দেৱীৰ পূজাৰ পৰিৱর্তে একেশ্বৰবাদ বা এক দেৱতাৰ পূজাৰ ভাব জনসাধাৰণৰ মনত জাগি উঠিছিল । ইয়াকে ভক্তি আন্দোলন বুলি কোৱা হৈছিল । অসমতাে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত ভক্তি আন্দোলনৰ জন্ম হৈছিল । 

নানকৰ নেতৃত্বত পঞ্জাৱত শিখ ধর্ম প্রতিষ্ঠা হয় । গুৰু গ্রন্থ চাহেব আছিল শিখসকলৰ প্রধান ধর্ম পুথি । শিখ ধর্মই লাহে লাহে শক্তিশালী ৰূপত প্ৰসাৰ লাভ কৰে । শিখসকলৰ পঞ্চম ধর্মগুৰু অৰ্জন দাসে গ্রন্থ চাহেব পুথিখন ৰচনা কৰে । লাহে লাহে অমৃতসৰ শিখ ধৰ্মৰ প্রধান কেন্দ্ৰ হৈ পৰে । 

মহামতি আকবৰে ধৰ্মীয় দিশত সদায় উদাৰনীতি গ্রহণ কৰি আহিছিল । তেওঁ শিখ ধর্মৰ প্রতি উদাৰ মনােভাব পােষণ কৰিছিল আৰু শাসন কৰিছিল । আনকি তেওঁ অসমতাে ভ্রমণ কৰিছিল বুলি কোৱা হয় । 

অৱশ্যে মােগল সম্রাট চাহজাহান শাসনকালত মােগল আৰু শিখ সকলৰ মাজত সংঘাত আৰম্ভ হয় । কাৰণ তেওঁৰ পুত্র খুসৰভ বা খুৱে তেওঁৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল । বিদ্রোহ সময়ত খুক পঞ্চমজন শিখগুৰু অর্জুন সিঙে সকলােফালৰ পৰা সহায় কৰাৰ অপৰাধত জাহাঙ্গীৰে অর্জুন সিঙক মৃত্যুদণ্ড বিহিছিল । অৱশ্যে আন কিছুমান লেখকৰ মতে অর্জুন সিঙৰ হত্যা ৰাজনৈতিক নাছিল । যিয়েই নহওক ইয়াৰ পিছৰে পৰা শান্তিপ্রিয় শিখ জাতি মােগলসকলৰ প্রধান শত্রু হিচাপে থিয় দিয়ে ।

প্রশ্ন ৬। আলবেৰুণীৰ বিৱৰণীৰ পৰা সেই সময়ৰ ভাৰতৰ ৰাজনৈতিক , সামাজিক , ধর্ম আৰু দৰ্শনৰ বিষয়ে কি কি তথ্য পােৱা যায় ? বা , আলবেৰুণী কোন আছিল ? ভাৰতৰ জাতিভেদ প্রথা সম্পর্কে তেওঁ কি কৈ গৈছে । বা , আলবেৰুণী কোন আছিল ? আলবেণীৰ ওপৰত এটি চমুটোকা যুগুত কৰা । 

উত্তৰঃ বৰ্তমানৰ উজবিকিস্তানত ৯৭৩ খ্রীষ্টাব্দত পৰিব্রাজক আলবেৰুণীৰ জন্ম হৈছিল । স্থলপথেৰে মধ্য এছিয়া ভ্রমণ কৰি তেওঁ ১৩৩৩ খ্রীষ্টাব্দত সিন্ধু প্রদেশত উপস্থিত হয় । তাতে তেওঁ শিক্ষা – সাংস্কৃতিৰ ধৰ্ম পথ প্রদর্শক মহম্মদ বিনটোগলকৰ বিষয়ে শুনি দিল্লীলৈ যাত্রা কৰে । চুলতানে তেওঁৰ পাণ্ডিত্যত মুগ্ধ হৈ ইবনবটুতাক কাজী পদত নিয়ােগ কৰে । তেওঁক এখন জায়গীদাৰ প্ৰদান কৰে । আলবেৰুণী ভাৰতত বহু বছৰ কাল থাকি নানা ঠাই ভ্রমণ কৰিছিল । ভ্ৰমণৰ অন্তত তেওঁ সেই সময়ৰ ভাৰতৰ ৰাজনৈতিক , সামাজিক , ধর্মীয় আৰু দর্শন দিশৰ বিষয়ে এটি টোকা লিখি থৈ গৈছে ।

( ক ) ৰাজনৈতিক অৱস্থা :- আলবেৰুণীয়ে উল্লেখ কৰা মতে সেই ভাৰতবৰ্ষ বিভিন্ন ৰাজ্যত বিভক্ত আছিল । এই ৰাজ্যসমূহৰ ভিতৰত ক্ষমতাশালী কেইখনমান ৰাজ্য হ’ল কনৌজ , কাশ্মীৰ , সিন্ধু , মালৱ , গুজৰাট আৰু বংগদেশ । ইয়াৰ উপৰি দক্ষিণ ভাৰতত সৰু সৰু কিছুমান ৰাজ্যৰ সৃষ্টি হৈছিল । প্রত্যেক ৰাজ্যই স্বাধীন হােৱা হেতুকে তেওঁলােকৰ মাজত কোনাে মিলা প্রীতি নাছিল । সততে এই ৰাজ্যসমূহৰ মাজত যুঁজ – বাগৰচলি আহিছিল । ইয়াৰ ফলত ৰাজ্যসমূহ জাতীয় প্রশ্নৰ দ্বাৰা উদ্বুদ্ধ হােৱাত ব্যৰ্থ হৈছিল । প্রত্যেকেই মাত্র নিজৰ কৰ্মক লৈ ব্যস্ত আছিল । 

আইন ব্যৱস্থা সিমান কঠোৰ নাছিল । ব্রাহ্মণসকলে মৃত্যু দণ্ডৰ পৰা ৰেহাই পাইছিল । দোষ অনুযায়ী দোষীক শাস্তি বিহাৰ নিয়ম আছিল । ৰজা দেশৰ সম্পত্তিৰ মালিক নাছিল । তেওঁ মাত্র জনসাধাৰণৰ পৰা কৰ সংগ্রহ কৰিছিল । আনহাতে , ব্রাহ্মণসকলে কোনাে কৰকাটল দিব নালাগিছিল । 

( খ ) সামাজিক অৱস্থা :- আলবেৰুণীয়ে উল্লেখ কৰা মতে সমাজত শ্রেণী বিভাজন আছিল । সমাজত সতীদাহ প্রথা , বিধবা বিবাহৰ প্ৰচলন , শিশু বিবাহ আদি কুপ্রথাবােৰ প্ৰচলিত আছিল । হিন্দুসকলে নিজক লৈ বৰ গৌৰৱ অনুভৱ কৰিছিল । মামুদৰ ভাৰত আক্ৰমণৰ সময়ত দেশত জাতিভেদ প্রথাই বিশেষভাৱে গা কৰি উঠিছিল । ব্রাহ্মণসকলে সমাজত শ্রেষ্ঠ আসন লাভ কৰিছিল । তেওঁলােকে সকলােধৰণৰ কৰৰ পৰা মুক্ত আছিল । ব্রাহ্মণসকলে সামাজিকভাৱে লাভ কৰা এনে সা – সুবিধাৰ ফলত সমাজত বৈষম্যই দেখা দিছিল বুলি আলবেৰুণীয়ে তেওঁৰ টোকাত উল্লেখ কৰি গৈছে । 

( গ ) ধর্মীয় অবস্থা :- আলবেৰুণীয়ে উল্লেখ কৰা মতে সমাজত মূর্তি পূজাৰ প্ৰচলন আছিল । মঠ – মন্দিৰ বিলাক ঐশ্বর্যশালী আছিল । সাধাৰণ মানুহে নানা ধৰণৰ দেৱ – দেৱতাক পূজা – পাতল কৰিছিল । অৱশ্যে কিছুমান হিন্দুলােকে একেশ্বৰবাদৰ ওপৰতাে বিশ্বাস কৰা দেখা গৈছেল । ব্রাহ্মণসকলে পূজা – পাতলৰ উপৰি যাগ – যজ্ঞ আদি তেওঁলােকে সমাপন কৰাৰ অধিকাৰ লাভ কৰিছিল । বাকী সম্প্রদায়সকলে পূজা পাতল কৰাৰ অধিকাৰ পােৱা নাছিল ।

( ঘ ) ভাৰতীয় দর্শন :- ভাৰতীয় দৰ্শনৰ ওপৰত আলবেৰুণীয়ে গভীৰ শ্রদ্ধা প্রকাশ কৰা দেখা  যায় । কাৰণ ভাগবতগীতা আৰু উপনিষদৰ সমূহত আলৱেৰণীয়ে যথেষ্ট গভীৰ আস্থা প্রকাশ কৰিছিল । গীতা আৰু উপনিষদৰ দ্বাৰা প্রকাশ পােৱা দৰ্শনিক তেওঁ শ্রেষ্ঠ স্থান প্রদান কৰিছিল । 

এনেদৰে দেখা যায় আলবেৰুণীৰ দৰে এজন প্রখ্যাত পণ্ডিতে সেই সময়ৰ ভাৰতৰ নানা দিশৰ ওপৰত সুন্দৰ ব্যাখ্যা আগবঢ়াই গৈছে । ভাৰতীয় পণ্ডিতসকলেও আলবেৰুণীৰ অতি সম্পর্কীয় লেখনিক গভীৰভাৱে শ্রদ্ধা কৰা দেখা যায় । আনকি আলবেৰুণীৰ টোকাবােৰ ভাৰতৰ নানান ভাষালৈ অনুবাদ কৰা হৈছে । 

প্রশ্ন ৬। সােতৰশ শতিকাত ভাৰত ভ্রমণ কৰা ফৰাচী পব্রিাজক ফ্রান্সিচ বার্ণিয়াৰৰ ভাৰতৰ বিষয়ে লিখা টোকাৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰঃ ষোল্লশ শতিকাত ভাৰত ভ্ৰমণ কৰা ব্যক্তি সকলৰ ভিতৰত ফৰাচী লােক ফ্রান্সিচ বার্ণিয়াৰো আছিল অতি উল্লেখযােগ্য । তেওঁ একাধাৰে এজন ডাক্তৰ , ৰাজনৈতিক , দার্শনিক আৰু বুৰঞ্জীবিদ আছিল । আন বহুতৰ দৰে তেওঁ সুযােগৰ সন্ধানত সম্রাট চাহজাহান আৰু ঔৰংজেৱৰ শাসনকালত ভাৰতলৈ আহিছিল । তেওঁ চাহজাহানৰ জ্যেষ্ঠ পুত্র দাৰাৰ ব্যক্তিগত চিকিৎসকো আছিল । 

তেওঁ চাহজাহানৰ পুত্ৰসকলৰ মাজত সিংহাসনক লৈ চলা বিবাদৰ কথা ভালদৰে জানিছিল । সেয়ে তেওঁ তেওঁৰ বিৱৰণীত ঔৰংজেৱ আৰু তেওঁৰ ভাতৃসকলৰ মাজত চলা গৃহ কন্দলৰ বিষয়ে বার্ণিয়াৰে নিজৰ টোকাত উল্লেখ কৰিছে । 

( ক ) বার্ণিয়াৰে কলহনৰ ৰাজ তৰংগণীৰ ওপৰত নিৰ্ভৰ কৰি কাশ্মীৰৰ শাসকসকলৰ বিষয়ে তেওঁৰ টোকাত সুন্দৰভাৱে বৰ্ণনা কৰিছে । 

( খ ) বার্ণিয়াৰৰে ভ্ৰমণ কৰা বিভিন্ন ঠাইৰ জনসাধাৰণৰ জীৱন ধাৰণৰ প্রক্রিয়া আৰু সেই অঞ্চলসমূহত উৎপাদিত বস্তু বিলাকৰ ওপৰত কিছু মন্তব্য প্রকাশ কৰিছিল । 

( গ ) বার্ণিয়াৰ চাহজাহানৰ প্রথম পুত্র দাৰাৰ বিষয়েও মন্তব্য দি কৈছে যে দাৰাৰ গাত ভাল গুণৰ সমাৱেশ দেখা নায়ায় । দাৰাই মানুহক বৰকৈ বিশ্বাস কৰিবলৈ টান পাইছিল ফলত তেওঁ ভাল মানুহৰ পৰা দিহা – পৰামর্শ বা সহায় লাভ কৰাত ব্যৰ্থ হৈছিল । 

( ঘ ) চাহজাহানৰ দ্বিতীয় পুত্র চাহজাৰ ওপৰত মন্তব্য দি বার্ণিয়াৰৰে কৈছে যে চুজাই মানুহৰ বিৰুদ্ধে ভালদৰে ষড়যন্ত্র লিপ্ত হােৱাৰ গুণ আয়ত্ত কৰিছিল । অৱশ্যে তেওঁ কৌশলেৰে সকলােৰে পৰা আনুগত্য লাভ কৰিবলৈ সক্ষম হৈছিল । 

( ঙ ) ঔৰংজেৱ সম্পর্কে বার্ণিয়াৰে মন্তব্য দি কৈছে যে চাহজাহানৰ পুত্ৰসকলৰ ভিতৰত ঔৰংজেৱ অতি বুধিয়ক , বিচক্ষণ আৰু কূটনীতিবিদ লােক আছিল । ঔৰংজেৱৰ মন বুজিব পৰা মানুহৰ সংখ্যা অতি তাকৰ আছিল । নিজৰ সিদ্ধান্ত আৰু কার্যপ্রণালী সম্বন্ধে আন লােকক তেওঁ কেতিয়াও জনাৰ সুবিধা দিয়া নাছিল । ধর্মীয় দিশত ঔৰংজেৱ অতি সংকীর্ণ মনৰ আছিল । 

( ঙ ) চাহজাহান কনিষ্ঠ ল’ৰা মুৰাদৰ ওপৰত মন্তব্য দি বার্ণিয়াৰে কৈছে যে মুৰাদ একেবাৰে দুর্বল আৰু বুদ্ধিহীন আছিল । কিন্তু তেওঁৰ মন সহজ – সৰল আৰু ভদ্র আছিল ।

( চ ) চাহজাহানৰ ছােৱালী বেগম জাহানাৰা চাহিবাৰৰ ওপৰত মন্তব্য দি বার্ণিয়াৰে কৈছে যে– জাহানাৰাই দেউতাক চাহজাহানক প্রাণ ভৰি ভাল পাইছিল । কাৰণ , চাহজাহানৰ বন্দিত্বৰ পৰা মৃত্যুৰ সময়লৈ জাহানাৰাই ছটোৰ দৰে দেউতাকৰ লগত লাগি আছিল । চাহজাহনৰ সকলাে কার্যতে জাহানাৰাই সততে সহায় কৰি গৈছিল । 

প্রশ্ন ৭। মােগল যুগৰ স্থাপত্য শিল্পৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ মােগল যুগৰ স্থাপত্য শিল্প হিন্দু আৰু মুছলমানৰ শিল্পনীতিৰ আধাৰত গঢ়ি উঠিছিল । উল্লেখযােগ্য যে ঔৰংজেৱৰ বাহিৰে আন সকলাে মােগল সম্রাটে মােগল যুগৰ স্থাপত্য শিল্পৰ উন্নতিৰ কাৰণে চেষ্টা কৰিছিল । 

বাবৰে মােগল স্থাপত্য শিল্পৰ দিশত ভাৰতীয় ৰীতি গ্রহণ কৰা নাছিল বুলি কোৱা হয় । তেওঁ তুর্কী আহিতহে স্থাপত্য শিল্পৰ কাম হাতত লৈছিল । 

হুমায়ুনৰ শাসন কালত দুটা মছজিদে স্থাপত্যৰ প্ৰতি থকা হুমায়ুনৰ অনুৰাগৰ কথা প্রকাশ কৰে । হুমায়ুনৰ নির্মাণশৈলীত ফাৰচী প্রভাৱ পৰিছিল । 

চেচাহৰ দিনৰ পৰাই স্থাপত্য বিদ্যাত হিন্দু – মুছলমান স্থপতি শৈলীৰ সংমিশ্রণ ঘটিছিল বুলি কোৱা হয় । 

সম্রাট আকবৰ শিল্প আৰু স্থাপত্যৰ বিশেষ অনুৰাগী আছিল । আকবৰৰ শিল্পজ্ঞান প্ৰচুৰ পৰিমাণে আছিল আৰু নির্মাণ কার্যৰ ক্ষেত্ৰত তেওঁ খুটিনাতি মাৰি সকলাে বিষয়ৰ ওপৰতেই চকু দিছিল । আকবৰৰ দিনত পাৰস্য আৰু হিন্দু স্থাপত্য ৰীতিৰ সম্পূর্ণ সংমিশ্রণ পৰিলক্ষিত হৈছিল , আকবৰৰ দিনত নির্মিত প্রসাদ , দুর্গ , মছজিদ আৰু সমাধি শৌধবিলাকৰ ভিতৰত – ‘ ফাটেহপুৰচিক্রী’,  ‘জাহাঙ্গীৰ মহল’, ‘পাচমহল’ আদি । 

আকবৰৰ শিল্পকীর্তিৰ তুলনাত তেওঁৰ পুত্র জাহাঙ্গীৰ দিনৰ স্থাপত্য কর্ম নগণ্য আছিল বুলি ক’ব পাৰি । তথাপি ইতিমাছ – উদ – দৌলাৰ সমাধিটোৱে জাহাঙ্গীৰৰ দিনৰ স্থাপত্য কৰ্মৰ নিদর্শন বুলি ক’ব পাৰি । জাহাঙ্গীৰৰ দিনত মােগল শিল্পৰীতিৰ সৈতে ৰাজপুত শিল্পৰীতিৰ সংমিশ্রণ ঘটিছিল । 

চাহজাহানৰ শাসন কালছােৱা আছিল মােগল যুগৰ স্থাপত্য আৰু শিল্পৰ সােণালী যুগ । কাৰণ চাহজাহান শিল্পকলা সকলােতকৈ শ্রেষ্ঠ আছিল । তেওঁৰ দিনত নির্মাণ কার্যসমূহৰ ভিতৰত উল্লেখযােগ্য হল — মতি মছজিদ , জামেমছজিদ , দেওৱান – ই – আন , দেওয়ান – ই – খাম আদি । কিন্তু চাহজাহানৰ দ্বাৰা নির্মিত পৃথিৱী বিখ্যাত তাজমহল হ’ল তেওঁৰ শিল্পকলাৰ শ্রেষ্ঠ নিদর্শন । কাৰণ সৌন্দর্য আৰু জাকজমকতাৰ কাৰণে তাজমহলক পৃথিৱীৰ আচৰিত বস্তুবিলাকৰ ভিতৰৰ এটা বুলি ধৰা হয় । তদুপৰি চাহজাহানৰ দ্বাৰা নির্মিত ময়ুৰ সিংহাসনৰ কথাও ক’ব পাৰি । কিন্তু নাদিচাহে ভাৰত আক্ৰমণৰ সময়ত এই আপুৰুগীয়া সিংসাহন পাৰস্য দেশলৈ লৈ যায় । 

ঔৰংজেবৰ ধর্মান্ধতা আৰু উৎকট গােড়ামি কাৰণে মােগল স্থাপত্য শিল্পৰ চৰম অৱনতি ঘটে । এনেদৰে ঔৰংজেৱৰ শাসনকালতে মােগল যুগ পতনৰ পিনে আগবাঢ়ি গৈছিল । 

প্রশ্ন ৮। ইবনতুটাৰ বিষয়ে চমুকৈ উল্লেখ কৰা ।

বা , ভাৰতবৰ্ষৰ ওপৰত ইবনবটুটাই লিখা টোকাৰ ওপৰত এটি চমু আলােচনা কৰা । 

উত্তৰঃ মুছলমান পৰিব্ৰাজকসকলৰ ভিতৰত সর্বশ্রেষ্ঠ পৰিব্রাজক আছিল ইবনবতুটা । উত্তৰ আফ্রিকাৰ টনজিয়াত ১৩০৪ খ্রীষ্টাব্দত ইবনবতুটাৰ জন্ম হয় । তেওঁ টোগলক বংশৰ চুলতান মহম্মদ বিনটোগলকৰ শাসনকালত ভাৰত ভ্ৰমণৰ কাৰণে ১৩৩৩ খ্রীষ্টাব্দত ভাৰতলৈ আহে । মহম্মদ টোগলকে তেওঁক কাজী পদত নিযুক্ত কৰে । প্রায় আঠ বছৰ কাল কাজী পদত থকাৰ পিছত চুলতানে ইবনবতুটাক ৰাজদূত হিচাপে চীন দেশলৈ প্ৰেৰণ কৰে । চীন দেশলৈ যােৱাৰ পথত তেওঁ বংগদেশ , সিংহল আৰু ভাৰতৰ আন বহুতাে ঠাই ভ্ৰমণ কৰাৰ সুযােগ লাভ কৰে ৷ 

আলবেৰুণীয়ে ভাৰতীয় সংস্কৃতিলৈ যথেষ্ট অৰিহণা যােগাইছিল । তেওঁ পতঞ্জলিৰ ব্যাকৰণ আৰু আন আন বহুতাে সংস্কৃত পুথি আৰৱী ভাষালৈ অনুবাদ কৰিছিল । আনকি তেওঁ সেই সময়ৰ ভাৰতীয় ব্রাহ্মণ লােকসকলৰ পৰাও সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল । কাৰণ তেওঁ বহুতাে পুথি সংস্কৃত ভাষলৈ অনুবাদ কৰিছিল । ইয়াৰ ফলত ভাৰতীয় সভ্যতা – সংস্কৃতিৰ বিভিন্ন দিশৰ বিষয়ে বাহিৰৰ মানুহে সম্যক জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top