Class 12 History Chapter 6 পর্যটকৰ দৃষ্টিভংগীৰে

Class 12 History Chapter 6 পর্যটকৰ দৃষ্টিভংগীৰে The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 6 পর্যটকৰ দৃষ্টিভংগীৰে and select needs one.

Class 12 History Chapter 6 পর্যটকৰ দৃষ্টিভংগীৰে

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 6 পর্যটকৰ দৃষ্টিভংগীৰে Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। “ চৰাই বাহৰ পৰা উৰিল ” —বুলি কাক কোৱা হয় ? 

উত্তৰঃ “ চৰাই বাহৰ পৰা উৰিল বুলি ইবনবটুতাক কোৱা হৈছিল । কাৰণ তেওঁ আফ্রিকা মৰক্কোৰ পৰা ২২ বছৰ বয়সতে দেশ ত্যাগ কৰি ভ্ৰমণলৈ ওলাইছিল । পিছত প্রায় ৩০ বছৰ ভ্ৰমণৰ পিছত ১৩৫৪ খ্রীষ্টাব্দত পুনৰ নিজ দেশলৈ ওভতি গৈছিল । 

প্রশ্ন ২। ইবনবটুতাৰ পক্ষক অনুসৰণ কৰি ভাৰতলৈ অহা আন তিনিজন ভ্ৰমণকাৰীৰ নাম উল্লেখ কৰা । 

উত্তৰঃ এই তিনিজন ভ্ৰমণকাৰী হ’ল সমৰখণ্ডৰ আব্দুৰ ৰেজ্জাক , মহম্মদ ৱালি আৰু শেইখ আলী হাজীন । 

প্রশ্ন ৩। আলবেৰুণীৰ মতে ভাৰতীয় সমাজ ব্যবস্থা সমতাৰ ভিত্তিত প্রতিষ্ঠিত হৈছিলনে ? 

উত্তৰঃ আলবেণীৰ মতে ভাৰতীয় সমাজ ব্যৱস্থা সমতাৰ ভিত্তিত প্রতিষ্ঠিত হােৱা নাছিল । কাৰণ সেই সময়ৰ ভাৰতৰ সমাজ জীৱনত শ্রেণী বিভাজন ঘটিছিল । এই শ্রেণী কেইটা হ’ল— 

( ক ) নাইট বা বাজক্টোৱৰসকল ।

( খ ) ভিক্ষু , পুৰােহিত , আইনজ্ঞসকল ।

( গ ) চিকিৎসক , জ্যোতির্বিদ আৰু বিজ্ঞানীসকল । আৰু 

( ঘ ) খেতিয়কসকল । 

প্রশ্ন ৪। আলবেৰুণীৰ মতে ভাৰতীয় সমাজৰ প্রচলিত শ্রেণীকেইটা কি কি আছিল ? 

উত্তৰঃ আলবেণীৰ মতে ভাৰতীয় সমাজ ব্যৱস্থা সমতাৰ ভিত্তিত প্রতিষ্ঠিত হােৱা নাছিল । কাৰণ সেই সময়ৰ ভাৰতৰ সমাজ জীৱনত শ্রেণী বিভাজন ঘটিছিল । এই শ্রেণী কেইটা হ’ল— 

( ক ) নাইট বা বাজক্টোৱৰসকল ।

( খ ) ভিক্ষু , পুৰােহিত , আইনজ্ঞসকল ।

( গ ) চিকিৎসক , জ্যোতির্বিদ আৰু বিজ্ঞানীসকল । আৰু 

( ঘ ) খেতিয়কসকল । 

প্রশ্ন ৫। চৈধ্যশ শতিকাৰ ভাৰতৰ নগৰ সমন্ধে ইবনবটুতাৰ দৃষ্টিভংগী কেনে আছিল ? দুটা উদাহৰণ দিয়া । 

উত্তৰঃ ( ক ) তেওঁৰ মতে নগবােৰ ঘনবসতিপূর্ণ আৰু সমৃদ্ধিশালী আছিল । 

( খ ) নগৰৰ বেছিভাগ ৰাষ্ট্ৰই জনসমাগমপূর্ণ আৰু বিভিন্ন জাকজমকীয়া সামগ্রীৰে পৰিপূৰ্ণ আছিল । 

প্রশ্ন ৬। ইবনবটুতাই ভাৰতৰ যােগাযোগ ব্যৱস্থাৰ ওপৰত কি মন্তব্য দিছিল ? 

উত্তৰঃ তেওঁৰ বর্ণনা মতে সকলােবােৰ বাণিজ্য পথতে জিৰণীঘ’ৰ আৰু আলহীঘ’ৰ আছিল । তথ্য আৰু টকা – পইচা আৰু সামগ্রী প্রেৰণ কৰাৰ কাৰণে উপযুক্ত ডাক ব্যৱস্থা আছিল । ডাক – ব্যৱস্থা ইমানেই উন্নত আছিল যে সিন্ধুৰ পৰা দিল্লী পাবলৈ ৫০ দিন সময় লাগিছিল । ইয়াৰােপৰি গুপ্তচৰৰ পৰা বার্তা লাভ কৰাৰ কাৰণে চুলতানক মাত্র ৫ দিন সময় লাগিছিল । 

প্রশ্ন ৭। ভাৰতীয় সমাজত বর্ণ বা ব্রাহ্মণ সম্পর্কে আলবেৰুণীয়ে কি মন্তব্য প্রকাশ কৰিছিল ? 

উত্তৰঃ আলবেৰুণীৰ মতে সেই সময়ৰ ভাৰতীয় সমাজ ব্যৱস্থাত বর্ণ বা ব্রাহ্মণসকল উচ্চ শ্রেণীৰ লােক আছিল । তেওঁৰ মতে ব্রাহ্মণসকল ব্ৰহ্মাৰ মস্তিষ্কৰ পৰা সৃষ্টি হৈছিল । ব্ৰহ্মাৰ আন এটা নাম হ’ল প্রকৃতি আৰু মস্তিষ্ক হ’ল শৰীৰৰ আটাইতকৈ উচ্চ স্থান । সেয়ে ব্রাহ্মণসকল সকলােৰে ভিতৰত শ্রেষ্ঠ আছিল বুলি বিশ্বাস কৰা হৈছিল । 

প্রশ্ন ৮। ‘ কিতাব – উল – হিন্দ’ৰ বিষয়ে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃ আলবেৰুণীয়ে ভাৰত ভ্ৰমণৰ অভিজ্ঞতাৰ ভিত্তিত সহজ – সৰল আৰবী লিখা গ্রন্থখনৰ নামেই হ’ল ‘ কিতাব – উল – হিন্দ ’ । এই গ্রন্থখন ৪০ টা অধ্যায়ত ভাগ কৰা হৈছিল । আনহাতে গ্ৰন্থখনৰ বিষয় বস্তুও আছিল ধর্ম , সাহিত্য , সংস্কৃতি , দর্শন , অংক , বিজ্ঞান , ৰসায়ন বিজ্ঞান , জ্যোতিষ , ৰীতি – নীতি , আচাৰ ব্যৱহাৰ , অন্ধ বিশ্বাস , জোখ – মাপ আদি । এইবােৰ বৰ্ণনাৰ পৰা সেই সময়ৰ ভাৰতীয় সমাজৰ নানা দিশৰ বিষয়ে আমি জানিব পাৰাে । 

প্রশ্ন ৯। ইবনবটুতাই ভ্ৰমণ কৰা ঠাইবােৰৰ নাম লিখা । 

উত্তৰঃ ইবনবটুতাই গৃহ দেশ মক্কোলৈ যােৱাৰ আগতে উত্তৰ আফ্রিকা , পশ্চিম এছিয়া , মধ্য এছিয়াৰ কিছু অংশ , ভাৰত উপ মহাদেশ আৰু চীন দেশকে ধৰি বহু দেশ তেওঁ ভ্ৰমণ কৰিছিল । 

প্রশ্ন ১০। হিন্দু শব্দৰ বিষয়ে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃ হিন্দু শব্দটো পাৰ্চিয়ান শব্দৰ পৰা আহিছে । খ্রীষ্টপূর্ব ষষ্ঠ শতিকাত সিন্ধু ( ইন্দুচ ) নদীৰ পূবৰ অঞ্চলৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হৈছিল । পার্চিসকল আৰু আৰবৰ লােকসকলেও এই অঞ্চলক ‘ অলহিন্দ ’ আৰু ইয়াৰ বাসিন্দাসক ‘হিন্দ’ বুলিছিল । পিছলৈ তুর্কীসকলে ইন্দুচৰ পূৰ্বৰ বাসিন্দাসকলক ‘হিন্দু’ আৰু ঠাইখনক ‘হিন্দুস্তান’ বুলি কৈছিল । তেওঁলােকৰ ভাষা আছিল হিন্দাভি । 

প্রশ্ন ১১৷ বার্ণিয়াৰে মােগল কাৰখানাৰ বিষয়ে কি মত পােষণ কৰিছিল ? 

উত্তৰঃ বার্ণিয়াৰে বৰ্ণনাৰ পৰা মােগল কাৰখানাৰ বিষয়ে জানিব পাৰি । তেওঁ বৰ্ণনা কৰা অনুসৰি বহু ঠাইত ডাঙৰ আৰু আহল বহল ঘৰ দেখা গৈছিল , এইবােৰক কাৰখানা বা শিল্পীসকলৰ কর্মশালা বুলি কোৱা হৈছিল । এই কাৰখানাবােৰত শিল্পীসকলে গুণাৰ কাম , সোণাৰী , চিত্ৰকৰ , বার্ণিচ , বাঢ়ৈ , কুন্দশাল , দর্জী , মুচী , বেশম আদি উৎপাদনৰ কাৰ্যবােৰ ভাগে ভাগে কৰিছিল । 

শিল্পীসকলে প্রতিদিনে পুৱাভাগতে কাৰাখানালৈ আহে আৰু কামৰ শেষত গধূলি ঘৰলৈ উভতি গৈছিল । 

প্রশ্ন ১২। মহিলা দাস সম্পর্কে ইবনবটুতাই কি মন্তব্য কৰিছে ? 

উত্তৰঃ ইবনবটুতাই উল্লেখ কৰিছে যে সম্রাটৰ লগত সৰু – ডাঙৰ সকলাে আমীৰৰ লগত এজন দাস আছিল । যিজন সেই আমীৰৰ গুপ্তচৰ আছিল তেওঁ মহিলা চাফাই কর্মীসকলকো নিয়ােগ কৰিছিল । তেওঁৰ বিনা অনুমতিত ঘৰৰ ভিতৰত সােমাব পাৰিছিল আৰু তেওঁলােকৰ ওচৰত থকা সকলাে তথ্য জনাব পাৰিছিল । 

প্রশ্ন ১৩। বার্ণিয়াৰৰ বৰ্ণনাৰ পৰা সেই সময়ৰ বালিকা সতী ব্যৱস্থা কেনে আছিল ? অথবা , সতী প্রথাৰ বিষয়ে বার্ণিয়াৰে কি অভিমত দাঙি ধৰিছিল ? 

উত্তৰঃ বার্ণিয়াৰে বৰ্ণনা কৰা মতে বালিকা সতী যােৱা প্রথা অতি কৰুণ আছিল । কাৰণ বাৰ বছৰৰ বয়সৰ অতি কম বয়সীয়া আৰু সুন্দৰী নাৰী বা ছােৱালী বিধবাবােৰকে সতী যাবলৈ বাধ্য কৰা হৈছিল । তেওঁলােকক জোৰকৈ চিতাত জাপি দিয়া হৈছিল । চিতাত যােৱাৰ আগতে তেওঁলােকে থৰথৰকৈ কঁপে আৰু হুকহুকাই কান্দে । যাতে কোনাে সতী পলাব নােৱাৰে তাৰ কাৰণে তেওঁলােকক হাত – ভৰি বান্ধি থােৱা হৈছিল । এনে দৃশ্য অতি মর্মন্তুদ আছিল বুলি বার্ণিয়াৰে তেওঁৰ টোকাত উল্লেখ কৰি গৈছে ।

প্রশ্ন ১৪। ভাৰতলৈ অহা পর্যটকসকলে লগত কিয় অস্ত্র লৈ আহিব লগা হৈছিল ? 

উত্তৰঃ বিদেশী পর্যটকসকলে নিজৰ নিৰাপত্তাৰ কাৰণে লগত অস্ত্র – শস্ত্র লৈ আহিছিল । কাৰণ ভ্ৰমণৰ পথত তেওঁলােকে নানা ধৰণৰ দস্যু – ডকাইতৰ সন্মুখীন হ’ব লগা হৈছিল । আনকি ভ্রমণকাৰী ইবনবটুতা এবাৰ তেনে লােকৰ দ্বাৰা আক্ৰান্ত হৈ আঘাতপ্রাপ্ত হ’ব লগা হৈছিল । সেয়ে তেওঁলােকে নিজৰ নিৰাপত্তাৰ কাৰণে তেনে ব্যৱস্থা গ্ৰহণ কৰিছিল । 

প্রশ্ন ১৫। মধ্য যুগত ভ্রমণকাৰীসকলে ভ্ৰমণৰত অৱস্থাত কি কি সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল ? 

উত্তৰঃ সেই সময়ত ভাৰত ভ্রমণ কৰা ভ্রমণকাৰীসকলে সন্মুখীন হােৱা সমস্যাবিলাক হ’ল— 

( ক ) অহা – যােৱা পথত দস্যু – ডকাইতৰ সঘন আক্রমণ । 

( খ ) বহুদিন বাহিৰত থকাৰ পিছত গৃহাভিমুখী হােৱাৰ প্ৰৱণতা জাগে । 

( গ ) সময়ে সময়ে নানা ধৰণৰ বেমাৰ – আজাৰৰাে তেওঁলােকে সন্মুখীন হ’ব লগা হৈছিল । 

প্রশ্ন ১৬। “ বিশ্ব ভ্রমণকাৰী ” বুলি কাক আৰু কিয় কোৱা হৈছিল ? 

উত্তৰঃ ইবনবটুতাক বিশ্ব ভ্রমণকাৰী বুলি কোৱা হৈছিল । কাৰণ তেওঁ প্রায় ত্রিছ বছৰ কাল বিশ্বৰ  নানা ঠাই ভ্ৰমি ফুৰিছিল । এনে ভ্রমণকালত তেওঁ বহুতাে জ্ঞান অর্জন কৰিবলৈ সক্ষম হৈছিল । 

Sl. No.সূচী-পত্ৰ
Chapter 1ইটা মণি আৰু হাড়বােৰ
Chapter 2ৰজা কৃষক আৰু নগৰসমূহ
Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী
Chapter 4দার্শনিক প্রত্যয় আৰু স্থাপত্য
Chapter 5যুগে যুগে অসম
Chapter 6পর্যটকৰ দৃষ্টিভংগীৰে
Chapter 7ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ
Chapter 8এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ
Chapter 9কৃষক, জমিদাৰ আৰু ৰাজ্য
Chapter 10সম্রাট আৰু ইতিহাস
Chapter 11উপনিবেশবাদ আৰু গ্রাম্য সমাজ
Chapter 12বিদ্রোহীসকল আৰু ৰাজ
Chapter 13ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ
Chapter 14মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Chapter 15ভাৰত বিভাজন আৰু ৰাজনীতি
Chapter 16ভাৰতীয় সংবিধান সংকলন

প্রশ্ন ১৭। আলবেৰুণীয়ে তেওঁৰ ভাৰত সম্বন্ধে লিখা টোকাটো কি তথ্যৰ ওপৰত ভিত্তি কৰি যুগুত কৰিছিল ?

উত্তৰঃ সেই সময়ত ভাৰতীয় ভাষাত প্রকাশিত সাহিত্য – বিষয়ক পুথি , ব্রাহ্মণসকলৰ দ্বাৰা ৰচিত বেদ , পুৰাণ , ভাগৱত , গীতা , মনুস্মৃতি , পটঞ্জলি আদি পুথিৰ ওপৰত নিৰ্ভৰ কৰি আলবেৰুণীয়ে তেওঁৰ টোকাটো প্রস্তুত কৰিছিল । 

প্রশ্ন ১৮। ইবনবটুতাই নাৰিকলক কিয় মানুহৰ লগত তুলনা কৰিছিল ? 

উত্তৰঃ ইবনবটুতাই নাৰিকল গছক সকলোবােৰ গছৰ ভিতৰত অসাধৰণ আৰু বিস্ময়কৰ বুলি অভিহিত কৰিছে । কাৰণ তেওঁৰ মতে গছজোপাত লাগি থকা অৱস্থাত নাৰিকলবােৰ দেখাত মানুহৰ মূৰৰ নিচিনা কাৰণ মানুহৰ মূৰৰ দৰে ইয়াতাে দুটা চকু আৰু এখন মুখ লক্ষ্য কৰা যায় । সেউজীয়া অৱস্থাৰ ভিতৰতে যেনিবা মগজুটো আৰু ওপৰত লাগি থকা আঁহবােৰ মানুহৰ চুলি যেন দেখি । 

প্রশ্ন ১৯। ইবনবটুতাই পাণ – তামােলৰ ব্যৱহাৰ সম্পর্কে কি মত পােষণ কৰিছিল ? 

উত্তৰঃ ইবনবটুতাই উল্লেখ কৰে যে ৰীতি মতে পাণ সাধাৰণতে তামােলৰ লগত ব্যৱহাৰ কৰে । আন কিছুমানত আকৌ প্রথমে তামােলখন দাতেৰে মিহি কৰি পিছত পাণখিনি চোৱাই খায় । পাণৰ লগত চূণ ব্যৱহাৰ হ’ল এটি সাধাৰণ নিয়ম । 

প্রশ্ন ২০। ইবনবটুতাই দিল্লী মহনগৰী সম্পর্কে কেনেকুৱা বর্ণনা দিছে ? 

উত্তৰঃ তেওঁৰ টোকাৰ পৰা জনা যায় দিল্লী নগৰখন বহুত অঞ্চলজুৰি বিস্তৃত আছিল । চহৰখন অসমান আছিল । ইটাৰ প্রাচীৰেৰে নগৰখন আগুৰা আছিল । প্রাচীৰবােৰ ১১ ফুট পর্যন্ত ওখ আছিল । নগৰত প্ৰৱেশ কৰাৰ কাৰণে কিছুমান দুৱাৰ আছিল । দুৱাৰবােৰত সকলাে সময়তে প্ৰহৰী আছিল । দুর্গৰ ভিতৰত নগৰখনৰ ৰক্ষণাবেক্ষণৰ কাৰণে নানা ধৰণৰ ৰচদ – পাতি মজুত কৰি ৰখা হৈছিল , দুর্গটোৰ ভিতৰত অশ্বাৰােহী আৰু পদাতিক সৈন্যই তহল দি ফুৰিছিল । প্রাচীৰসমূহত খিৰিকী আছিল , নগৰখন পােহৰাই ৰখাৰ কাৰণে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । বেৰসমূহৰ তলৰ অংশ শিল আৰু ওপৰৰ অংশ পােৰা ইয়াৰে তৈয়াৰ কৰা হৈছিল । ইয়াত বহুতাে গম্বুজ আছিল , মুঠতে ২৪ খন প্ৰৱেশদ্বাৰ আছিল । এইবােৰক দৰৱাজা বুলি কোৱা হৈছিল । ইয়াৰে আটাইতকৈ ডাঙৰ দুৱাৰখন আছিল বুলম দৰৱাজা । চহৰৰ ভিতৰত বজাৰবােৰ আছিল । এখন কৱৰস্থানাে আছিল । কৱৰস্থানখন ফুলনিৰে আগুৰা আছিল বুলি তেওঁ উল্লেখ কৰি গৈছে । 

প্রশ্ন ২১। ইৱনবটুতাই দৌলতাবাদ সম্পর্কে কি মত প্রকাশ কৰিছিল ? 

উত্তৰঃ দৌলতাবাদ আছিল এখন পুৰুষ – মহিলাৰ উমৈহতীয়া বজাৰ । ই অতি ধুনীয়া আৰু বিখ্যাত আছিল । ইয়াত অসংখ্য দোকান আছিল । দোকান মালিকৰ ঘৰলৈ যােৱাৰ কাৰণে একোখন দুৱাৰ আছিল । কার্পেটেৰে সজোৱা দোকানবােৰত মাজভাগত মহিলা গায়িকাবােৰে গীত – মাত পৰিৱেশন কৰিছিল । গায়িকা গৰাকীয়ে সুন্দৰকৈ সাজ – পাৰ পৰিধান কৰিছিল আৰু লিগিৰীসকলে তেওঁক দোলনাত দোলাই আছিল । প্রতি বৃহস্পতিবাৰে মুখিয়াল গায়ফজনে লগুৱা – লিকচৌ লৈ পুৱাৰ প্ৰাৰ্থনাৰ পিছত আসন গ্রহণ কৰিছিল । পিছত নানা ধৰণৰ নাচ – গান চলিছিল । এই বজাৰখনতে এটি মছজিদ আছিল । 

এজন হিন্দু শাসনকর্তাই এই বজাৰখন পাৰ হৈ যাওঁতে সদায় আহি ইয়াত ৰৈছিল । তেওঁৰ আগত মহিলা গায়কসকলে নানা ধৰণৰ নাচ – গান কৰিছিল । আনকি বহু সময়ত মুছলমান শাসকেও এনেকুৱা কৰিছিল ।

প্রশ্ন ২২। আলবেৰুণী আৰু ইবনবটুতাই ভাৰত সম্বন্ধে যি টোকা লিখিছিল তাৰ প্রধান উদ্দেশ্য কি আছিল ? 

উত্তৰঃ দুয়ােজনে ভাৰত সম্বন্ধে সুকীয়াকৈ টোকা যুগুত কৰিছিল । কিন্তু দুয়ােজনৰ টোকাৰ মাজত কিছু পার্থক্য লক্ষ্য কৰা যায় । উদাহৰণ হিচাপে আলবেৰুণীৰ টোকাত সেই সময়ৰ ভাৰতত প্রচলিত ধর্ম সম্পর্কে স্থান লাভ কৰিছিল । 

ইয়াৰ বিপৰীতে ইবনবটুতাৰ লিখনিত সেই সময়ৰ ভাৰতত প্রচলিত শিক্ষা , ধর্ম , সাহিত্য , বিজ্ঞান , সংস্কৃতি আদি সকলােবােৰ বিষয়েই স্থান লাভ কৰিছিল । 

প্রশ্ন ২৩। ভাৰতৰ সংস্কৃত ভাষা সম্পর্কে আলবেৰুণীৰ মনােভাব কেনে আছিল ? 

উত্তৰঃ আলবেৰুণীয়ে ভাৰতৰ প্রাচীন সংস্কৃত ভাষাক উচ্চ প্রশংসা কৰিছিল । তেওঁৰ মতে সংস্কৃতৰ পৰিসৰ অতি বহল , শব্দৰ সংখ্যা আৰু তাৰ অৰ্থ এই দুয়ােটা ক্ষেত্ৰতে একেটা শব্দকে বিভিন্ন অর্থত ব্যৱহাৰ কৰা হয় । শব্দৰ ব্যৱহাৰ নাজানিলে সংস্কৃত ভাষাৰ অৰ্থ বুজা টান বুলি আলবেৰুণীয়ে মত পােষণ কৰিছে । উচ্চাৰণৰ ক্ষেত্ৰটো অন্য ভাষাৰ লগত ইয়াৰ মিল নাই । সংস্কৃত হ’ল ছন্দবদ্ধ ৰচনা পদ্ধতি । সেয়ে এই ভাষা বুজিবলৈ হলে গভীৰ অধ্যয়নৰ প্রয়ােজন বুলি তেওঁ মত পােষণ কৰিছে । 

প্রশ্ন ২৪। জন বেপ্তিষ্ট টেভাৰনিয়াৰ কোন আছিল ? 

উত্তৰঃ ১৬ শতিকাৰ পিছত যথেষ্ট সংখ্যক ডাচ , ফৰাচী আৰু ইংৰাজ পর্যটকৰ ভাৰতলৈ আগমন ঘটে । এইসকলৰ ভিতৰত ৰত্ন ব্যৱসায়ী জন বেপ্তিষ্ট টেভাৰনিয়াৰ আছিল উল্লেখযােগ্য । তেওঁ মুঠতে ছয়বাৰ ভাৰত ভ্রমণ কৰে । এজন ব্যৱসায়ী হিচাপে তেঁও ভাৰতত ব্যৱসায় বাণিজ্যৰ ওপৰত বেছি আগ্রহী আছিল । 

তেওঁ ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল । ভাৰতত দেখা ঘটনাৱলী প্রায়ে ইউৰােপৰ পৰিস্থিতিৰ লগত তুলনা কৰি লিপিবদ্ধ কৰিছিল । তেওঁৰ লিখনিৰ বেছিভাগেই ফ্ৰান্সৰ সেই সময়ৰ পুৰণি বংশৰ সম্রাট চতুর্দশ লুইৰ নামত উচৰ্গা কৰিছিল । অৱশ্যে তেওঁৰ লিখনিসমূহ সম্পূর্ণ নিখুঁত আছিল বুলি ক’ব নােৱাৰি । 

১৬৭০-৭১ খ্রীষ্টাব্দত তেওঁৰ লিখনিসমূহ ফৰাচী ভাষাত প্রকাশ হয় আৰু পাঁচ বছৰ পিছত ক্রমে ইংৰাজী , ডাচ , জার্মান আৰু ইটালী ভাষালৈ অনুবাদ কৰা হয় । উল্লেখযােগ্য যে ১৯৭০-৭১ খ্রীষ্টাব্দৰ ভিতৰত তেওঁৰ লিখনিসমূহ ফৰাচী ভাষাত আঠবাৰ আৰু ইংৰাজীত তিনিবাৰ পুনৰ মুদ্রণ হয় । 

প্রশ্ন ২৫। বার্ণিয়াৰৰ মতে ভূমিৰ ওপৰত ৰাষ্ট্ৰৰ কু – প্রভাৱবােৰ কি আছিল ? 

উত্তৰঃ বার্ণিয়াৰৰ মতে ইউৰোপ আৰু ভাৰতৰ মাজত এটা প্রধান পার্থক্য আছিল যে– ভাৰতীয়সকল ব্যক্তিগত ভূমিস্বত্বৰ অধিকাৰী নাছিল । কাৰণ ভূমিৰ ওপৰত ৰাষ্ট্ৰৰহে অধিকাৰ আছিল । এই প্রথা ৰাষ্ট্ৰ আৰু জনসাধৰণ— দুয়ােপক্ষৰ কাৰণে হানিকৰ আছিল । তেওঁ ধাৰণা কৰা মতে মােগল সম্রাটসকল সকলাে ভূমি মালিক আছিল । সম্রাটে এইভূমি অভিজাতসকলৰ মাজত ভাগ কৰিছিল । যিয়ে সমাজ আৰু অর্থনীতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছিল । অৱশ্যে বার্ণিয়াৰৰ এই ধাৰণা সম্পূর্ণ শুদ্ধ আছিল বুলি বহুতাে ভাৰতীয় পণ্ডিতে নাভাবে ।

প্রশ্ন ২৬। আলবেণীয়ে গ্রীক দর্শনৰ বিষয়ে কেনেদৰে জ্ঞান অর্জন কৰিছিল ? 

উত্তৰঃ আলবেৰুণীয়ে অতি কম দিনৰ ভিতৰতে চিৰিয়া , আৰবী , পাৰ্চী, হিব্রু আৰু সংস্কৃত ভাষাত পাৰ্গত হৈ পৰে । কিন্তু তেওঁ গ্রীক ভাষা নজনাকৈয়ে আৰবী ভাষালৈ অনূদিত গ্রন্থৰ যােগেদি প্লেটো আৰু আন গ্রীক দার্শনিকসকলক লিখনিৰ লগত পৰিচিত হৈ পৰিছিল । এইদৰে তেওঁ গ্রীক সভ্যতা আৰু সংস্কৃতিৰ বিষয়ে যথেষ্ট জ্ঞান অর্জন কৰিবলৈ সক্ষম হৈছিল । 

প্রশ্ন ২৭। আলবেৰুণীয়ে ভাৰতৰ এটি বিৱৰণ দিবলৈ গৈ সম্মুখীন হােৱা যিকোনাে দুটা অসুবিধা উল্লেখ কৰা । 

উত্তৰঃ আলবেৰুণীয়ে সন্মুখীন হােৱা দুটা সমস্যা হ’ল –

( ক ) আলবেৰুণীৰ প্ৰথম অৱস্থাত সংস্কৃত ভাষাৰ ওপৰত কোনাে জ্ঞান নাছিল । সেয়ে সংস্কৃত ভাষাৰ পৰা বিষয়বস্তু আৰবী । আৰু পাৰ্চী ভাষালৈ অনুবাদ কৰাত তেওঁ সমস্যাৰ সন্মুখীন হব লগা হৈছিল । 

( খ ) সেই সময়ত ভাৰতবৰ্ষত প্রচলিত বিভিন্ন ধর্ম আৰু আছাৰ – নীতিৰ বিষয়ে অনুধাৱন কৰাটো তেওঁৰ পক্ষে টান হৈ পৰিছিল । 

প্রশ্ন ২৮। দুজন পর্যটকৰ নাম লিখা যি দুজনৰ বিৱৰণীৰ পৰা যােল্ল আৰু সােতৰ শতিকাৰ অসমৰ সামাজিক অৱস্থাৰ বিষয়ে জানিব পাৰি । 

উত্তৰঃ ষােল্ল আৰু সােতৰ শতিকাৰ দুজন পর্যটক হ’ল – ফ্রান্সৰ জন ব্যপ্টিষ্ট টেভাৰনিয়াচ আৰু ফ্ৰান্সৰ বার্ণিয়াৰ । 

প্রশ্ন ২৯। মধ্য যুগত ভাৰত ভ্রমণ কৰা দুজন পর্যটকৰ নাম লিখা । তেওঁলােক ক’ৰ পৰা আহিছিল ? 

উত্তৰঃ মধ্যযুগত ভাৰত ভ্রমণ কৰা দুজন পর্যটক হ’ল আফ্রিকাৰ পৰা অহা ইবনবটুতা আৰু সমৰখণ্ডৰ পৰা অহা আব্দুল ৰেজ্জাক । 

প্রশ্ন ৩০। আবুল ফজলে চিত্ৰক কিয় ‘ ভেল্কিবাজী কলা ’ বুলি কৈছিল ?

উত্তৰঃ আবুল ফজলৰ মতে চিত্রকলা হ’ল এক যাদু কলা বা ভেল্কবাজী । তেওঁৰ বাবে এই ছবিবােৰ ইমান সজীৱ আছিল যে নির্জীৱ ছবিবােৰ যেনে চিত্ৰকৰ সকলৰ হাতৰ পৰশত জীৱন্ত হৈ উঠিছিল । 

প্রশ্ন ৩১। ভাৰতত মাটিৰ মালিকীস্বত্বৰ বিষয়ে বার্ণিয়াৰে কি মত প্রকাশ কৰিছিল ? 

উত্তৰঃ বার্ণিয়াৰৰ মতে ভাৰতীয় সকল ব্যক্তিগতভাৱে ভূমিস্বত্বৰ অধিকাৰী নাছিল । তেওঁৰ মতে ভূমিৰ ওপৰত ৰাষ্ট্রৰ অধিকাৰ ৰাষ্ট্ৰ আৰু জনসাধাৰণ দুয়াে পক্ষৰ কাৰণে হানিকাৰক আছিল । তেওঁ অনুভৱ কৰিছিল যে মােগল সাম্রাজ্যৰ সকলাে ভূমিৰ অধিকাৰ আছিল সম্রাট । সম্রাটে এই ভূমি অভিজাত সকলৰ মাজত ভাগ কৰিছিল । ইয়াৰ ফলত সমাজ আৰু অর্থনীতি । ওপৰত বিৰূপ প্ৰভাৱ পেলাইছিল । অৱশ্যে বার্ণিয়াৰৰ এনে ধাৰণা শুদ্ধ নাছিল । 

প্রশ্ন ৩২। ইবন বটুটাৰ মতে ভাৰতত প্রচলিত ডাক ব্যৱস্থা দুবিধ কি কি আছিল ? 

উত্তৰঃ ইবন বটুটাৰ মতে ভাৰতত প্রচলিত ডাক ব্যৱস্থা দুবিধ আছিল— ঘোৰাৰ ডাক বা উল্কৰ আৰু খােজকাঢ়ি দৌৰি নিয়া ডাক বা দাৱা ।

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top