Class 12 History Chapter 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য

Class 12 History Chapter 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য and select needs one.

Class 12 History Chapter 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। প্রাচীন কালৰ বলি – বিধান সম্পর্কে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃ প্ৰথম অৱস্থাত সমূহীয়া বা সামাজিকভাবে বলি – বিধান কৰা নিয়ম আছিল । পিছলৈ এনে ব্যৱস্থা ব্যক্তিগত পর্যায়ত অনুষ্ঠিত হয় । উদাহৰণ হিচাপে ঘৰৰ মুৰব্বীজনে ব্যক্তিগতভাবে ঘৰুৱা মংগলৰ কাৰণে বলি – বিধান কৰিছিল । ৰামায়ণ আৰু মহাভাৰতত অশ্বমেধ আৰু ৰাজসূয় যজ্ঞৰ কথা উল্লেখ আছে । ৰজা আৰু মহাৰজা সকলে এনে ধৰণৰ যজ্ঞৰ আয়ােজন কৰিছিল । যজ্ঞ সমূহ সমাপন কৰাৰ প্রধান দায়িত্ব আছিল ব্রাহ্মণ শ্ৰেণীৰ । এই যজ্ঞ সমূহ ব্যক্তিগত আৰু দেশৰ জনসাধাৰণৰ মংগলৰ কাৰণে সমাপন কৰিছিল । অৱশ্যে ৰজা আৰু মহাৰজা সকলে নিজ পৰিয়ালৰ কাৰণেও এনে যজ্ঞৰ আয়ােজন কৰিছিল বুলি কোৱা হয় । 

প্রশ্ন ২। ছাহজেহান বেগম কোন আছিল ? সাঁচিৰ বিষয়ে তেওঁৰ আত্মজীৱনীত কি উল্লেখ কৰিছিল ? 

উত্তৰঃ ছাহজেহান বেগম ভূপালৰ শাসনকর্তা আছিল ( ১৮৬৭-১৯০১ ) । তেওঁৰ আত্মজীৱনীখনৰ নাম হ’ল “ তাজ – উল – ইকবাল তােৱাৰিখ ভূপাল ” ( ভূপালৰ ইতিহাস ৷ তেওঁ এই পুথিখনত উল্লেখ কৰিছে যে উত্তৰ – পশ্চিম ভূপালৰ পৰা সাঁচিলৈ বিশ কিলােমিটাৰ দূৰ । বৌদ্ধ ধর্মৰ অন্যতম কেন্দ্ৰ আছিল এই সাঁচি । ইয়াতে অতি প্রাচীন আৰু আচৰিত ধৰণৰ স্তুপ  আৰু অট্টালিকাবােৰৰ অৱস্থিতি লক্ষ্য কৰা যায় । বৌদ্ধ ধর্মৰ বহুতাে নিদর্শন লক্ষ্য কৰা যায় । তেওঁৰ দিনতে ইংৰাজ পূৰাতত্ত্ববিদ আলেকজেণ্ডাৰ কানিংহাম সাঁচিলৈ আহিছিল । তাত তেওঁ কেবা সপ্তাহ থাকি সেইখন গাঁৱৰ উপৰিও ওচৰ – চুবুৰীয়া অঞ্চলতা এনে ধ্বংসাৱশেষবােৰৰ নিৰীক্ষণ কৰিছিল । তেওঁ আৱিষ্কাৰ কৰা ফলিসমূহ পিছত এখন ইংৰাজী কিতাপৰ জৰিয়তে প্ৰকাশ কৰিছিল বুলি বেগমে উল্লেখ কৰিছে । 

প্রশ্ন ৩। বৌদ্ধ ধর্ম আৰু জৈন ধৰ্মৰ আৱির্ভাবৰ আগৰ ধর্মীয় দিশৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ঋক্ বৈদিক যুগৰ আৰ্যসকলৰ ধৰ্মীয় জীৱন যাপন আৰু অনাড়ম্বৰপূৰ্ণ আছিল । তেওঁ লােকৰ আৰাধ্য দেৱ – দেৱতা সকল তিনিটা বিশেষ ক্ষেত্রত অবস্থান বা বিচৰণ কৰে বুলি বিশ্বাস কৰিছিল । 

প্রথমতে, পার্থিব দেৱ – দেৱতা যেনে পৃথিৱী , চোম আৰু অগ্নি । 

দ্বিতীয়তে, ইন্দ্র , বায়ু , মৰুত আৰু পাৰজন্য ।

তৃতীয়তে, দমুছ , আশ্বীন , সূর্য , সাবিত্রী , মিত্র , বিষ্ণু আৰু বৰুণ । 

প্রশ্ন ৪। গান্ধাৰ স্কুল অৱ আৰ্টৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ প্রাচীন কালত ভাৰতৰ লগত গ্রীচদেশৰ সম্পৰ্ক আছিল । কুষাণ যুগত গ্ৰীচৰ লগত সম্পর্ক মধুৰ আছিল । ফলত ভাৰতীয় শিল্পীসকলে গ্ৰীচৰ উন্নত ভাষ্কর্য স্থাপনৰ লগত চিনাকি হয় । লাহে লাহে ভাৰতীয় মানুহে গ্ৰীচৰ আধাৰত নানা ধৰণৰ ভগৱানৰ মূর্তি তৈয়াৰ কৰাৰ কৌশল আয়ত্ত কৰে । ফলত গান্ধাৰত এনে কলা – কৌশলৰ প্ৰভাৱ বৃদ্ধি পাবলৈ লয় । বৌদ্ধ আৰু ভাস্কর্য শিল্পৰ ওপৰত গ্ৰীক আৰু ৰােমান শিল্পৰ প্ৰভাৱ পৰিলক্ষিত হােৱাত অতি সুদর্শন বৌদ্ধ মূর্তি নির্মাণ সম্ভৱ হৈছিল । 

গান্ধাৰ শিল্পই কনিষ্কৰ দিনত যথেষ্ট উন্নতি লাভ কৰিছিল । পৰৱৰ্তী কালত গান্ধাৰ শিল্পৰ আৰু উন্নতি পৰিলক্ষিত হৈছিল । গান্ধাৰ শিল্পী সকলে গ্রীক দেৱতা এপলাে , জিউজ আদিৰ অনুকৰণ কৰি বুদ্ধ মূর্তি নির্মাণ কৰিছিল । গান্ধাৰ শিল্পৰ সর্বাধিক উল্লেখযােগ্য অৱদান হ’ল । বুদ্ধমূর্তিত গঠন ভংগিমাৰ নতুনত্ব । কাৰণ গান্ধাৰ শিল্পীসকলৰ দ্বাৰা নির্মিত বৌদ্ধ মূর্তিবিলাক অতি সুন্দৰ আৰু জীৱন্ত যেন অনুভৱ হয় । 

প্রশ্ন ৫। আজীৱিক ধর্মমত বুলিলে কি বুজা ? 

উত্তৰঃ খ্রীঃপূঃ শতিকাত ব্রাহ্মণ্য ধৰ্মৰ বিৰুদ্ধে এক প্রতিবাদী ধর্মৰ সূচনা হৈছিল । আজীৱিক ধর্মতাে তেনে এক প্রতিবাদী ধর্ম আছিল । গােশালমং খলিপুও আছিল এই ধৰ্মৰ প্রৱৰ্ত্তক । তেওঁ মহাবীব জৈনৰ সমসাময়িক আছিল বুলি কোৱা হয় । এই ধৰ্মৰ কোনাে নিজস্ব ধর্মগ্রন্থ পাবলৈ নাই । 

আজীৱিক সকলে মানুহৰ কর্মফলৰ ওপৰত বিশ্বাস ৰাখিছিল । সঙ্কৰ্মৰ জৰিয়তে সৎফল লাভৰ ওপৰতহে আজীৱিকসকলে বিশ্বাস কৰিছিল । সেইকাৰণে তেওঁলােকে সন্ন্যাস আৰু তপস্যাৰ দ্বাৰা আহৰণ কৰা জ্ঞানৰ ওপৰত বিশ্বাস ৰাখিছিল । আজীৱিকসকলক অদৃষ্টবাদী বুলি ক’ব পাৰি । 

প্রশ্ন ৬। বৌদ্ধ ধর্মই ভাস্কর্যলৈ কি অৰিহণা যােগাইছিল ? 

উত্তৰঃ ভাৰতীয় স্থাপত্য আৰু ভাস্কর্যলৈ বৌদ্ধধৰ্মৰ অৰিহণা উল্লেখযােগ্য আছিল । বৌদ্ধ ধৰ্মৰ প্রধান পৃষ্ঠপােষক হিচাপে অশােক , কণিষ্ক , হর্ষবর্ধন আদি সম্রাটসকলে ভালেমান বিহাৰ , স্থূপ আৰু বহুতাে মঠ নির্মাণ কৰাইছিল । অশােকৰ শাসন কালত নির্মিত পবিলাকৰ নির্মাণশৈলী অতি অতুলনীয় আছিল । আৰু বৌদ্ধ শৈলীৰ ধাতু নির্মাণকৰণ বিদ্যাৰ উজ্জল নিদর্শন আছিল । উল্লেখযােগ্য যে গান্ধাৰ আর্ট অৱ স্কুলে বৌদ্ধ কলাৰ প্রগতিৰ দিশত বিশেষ অৰিহণা যােগাইছিল । 

প্রশ্ন ৭। ধর্ম বুলিলে কি বুজা ? 

উত্তৰঃ অশােকৰ দ্বাৰা প্ৰচাৰিত বুদ্ধ ধৰ্মক বৌদ্ধ ধর্ম বুলি নকৈ “ ধর্ম ” বুলি কৈছে । এইটো তেওঁৰ নিজৰ আৱিষ্কাৰ আছিল । “ ধর্ম ” শব্দৰ বৈশিষ্ট্য এয়ে যে ই কোনাে ধর্মীয় তত্ত্বৰ আধাৰত প্রতিষ্ঠিত নহয় । তেওঁৰ ধৰ্ম আছিল কিছুমান আচৰণ বিধি । ব্যক্তি জীৱন আৰু সমাজ জীৱন শুদ্ধ কৰাই আছিল ইয়াৰ প্রধান উদ্দেশ্য । এই দিশত তেওঁ প্রতিজন ব্যক্তিকে কিছুমান নৈতিক অনুশীলন যেনে দয়া , দান , সত্য কথা কোৱা , পবিত্রতা পালন কৰা , ভদ্রতা আৰু নম্রতা পালন কৰাৰ কাৰণে তেওঁ আহ্বান জনাইছিল । 

প্রশ্ন ৮। অহিংস শব্দৰ অৰ্থ বুজাই লিখ । 

উত্তৰঃ জৈন ধমতি অহিংস নীতিৰ প্ৰচলন লক্ষ্য কৰা যায় । অহিংস মানে যিকোনাে হিংসামূলক কার্যৰ পৰা আঁতৰত থকা আৰু কোনাে প্রাণী হত্যাৰ পৰা আঁতৰত থকা । এই অহিংসা নীতি প্রথমে কৃষি কার্যত বিশেষভাৱে প্রতিফলিত হৈছিল । কাৰণ কৃষি কাৰ্যৰ দ্বাৰা কোনাে প্রাণী বধৰ পৰা আঁতৰত থকা হৈছিল ।

প্রশ্ন ৯। জৈন ধৰ্মৰ চতুর্যাম বা চাৰিটা নীতি কি কি আছিল ? 

উত্তৰঃ জৈন ধৰ্মৰ চতুর্যাম বা চাৰিটা নীতি হ’ল— 

( ক ) অহিংসা ।

( খ ) সত্যকথা কোৱা ।

( গ ) চুৰি নকৰা । আৰু 

( ঘ ) মায়াৰ পৰা মুক্ত হােৱা । 

প্রশ্ন ১০। অষ্টাংগিক মার্গ বুলিলে কি বুজা ? অথবা , গৌতম বুদ্ধৰ মতে অষ্টমার্গ যি প্রত্যেক বৌদ্ধধর্মী লােকে অনুসৰণ কৰিব লাগে । 

উত্তৰঃ বুদ্ধদেৱৰ দ্বাৰা প্ৰচাৰিত অষ্টাংগিক মার্গ হ’ল আঠটা পদ্ধতি বা মানিবলগীয়া পন্থা । নির্বাণ বা মুক্তি লাভ কৰাৰ উপায় হিচাপে তেওঁ মানিবলগীয়া আঠটা নীতিৰ কথা কৈছিল । এই আঠটা নীতি হল— 

সৎ বাক্য , সৎ দৃষ্টি , সৎ চিন্তা , সৎ শ্রম , সৎ মনােবৃত্তি , সৎ আদর্শ , সৎ ব্যৱহাৰ আৰু সৎ জীৱন । এই অষ্টাংগিক মার্গ বা নীতিকেইটা মানি চলিব পাৰিলে যিকোনাে ব্যক্তিয়ে প্রকৃত জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ব । আৰু পুনৰ জন্ম লাভ কৰাৰ পৰা নিষ্কৃতি লাভ বা নির্বাণ বা মুক্তি প্রাপ্ত হ’ব । নির্বাণ বা মুক্তি লাভ কৰাটোৱে হ’ল বৌদ্ধ ধৰ্মৰ চৰম উদ্দেশ্য ।

প্রশ্ন ১১। জৈন বা কৈৱল্য বুলিলে কি বুজা ? 

উত্তৰঃ জৈন বা কৈৱল্য মানে হল জয়ী হােৱা বা চৰম আধ্যাত্মিক জ্ঞান লাভ কৰা । মহাবীৰে কঠোৰ তপস্যাৰ ফলত চৰম আধ্যাত্মিক জ্ঞান লাভ কৰিবলৈ সক্ষম হয় । তেওঁ ‘ কৈৱলীন অর্থাৎ সর্বজ্ঞ আৰু জিতেন্দ্রীয় হয় । ইন্দ্রিয় জয় কৰিছিল বাবে মহাবীৰ জৈন ’ নামেৰে পৰিচিত । মহাবীক অৰিহন্তা বুলিও জনা গৈছিল । 

প্রশ্ন ১২। সংঘৰ অর্থ লিখা । 

উত্তৰঃ বৌদ্ধদেৱে বৌদ্ধ ধর্মাবলম্বী লােকসকলক লৈ এটি সংঘ স্থাপন কৰে । লাহে লাহে সংঘ বৌদ্ধ ধর্মৰ অপৰিহার্য অংগত পৰিণত হয় । পােন্ধৰ বছৰৰ ওপৰৰ সকলাে নৰ – নাৰীয়ে এই সংঘৰ সভ্য হ’ব পাৰিছিল । ইয়াত কোনাে জাতি ভেদৰ প্রশ্ন নাছিল । সংঘৰ প্ৰতিজন সদস্যই কঠোৰ নিয়মনীতি পালন কৰিব লাগিছিল । আনহাতে তেওঁলােকে সংঘৰ কাৰণে নিজাববীয়াকৈ কোনাে নতুন নিয়ম প্রচাৰ কৰিব নােৱাৰিছিল । প্রতিজন ভিক্ষুয়ে সংঘৰ প্রতি অবিচল ভক্তি দেখুৱাব লাগিছিল । 

প্রশ্ন ১৩। অদৃষ্টবাদী আৰু জড়বাদী বা বস্তুবাদী সকলৰ মাজত থকা পার্থক্য কথা উল্লেখ কৰা । 

উত্তৰঃ অদৃষ্টবাদী সকলে সকলােবােৰ কথা বা ভাগ্যৰ কথা অদৃষ্ট বা ভগৱানৰ ওপৰত এৰি দিছিল । কাৰণ তেওঁলােকৰ মতে ভগৱানেই হ’ল সকলােৰে মূল বা অধিকাৰী । ইয়াৰ বিপৰীতে , জড়বাদী বা বাস্তববাদী সকলে অকল সুখ ভােগৰ ওপৰতহে বিশ্বাস কৰিছিল । এই লােকসকলৰ মতে সুখ আৰু ভােগেই হ’ল জীৱনৰ মূল আধাৰ । 

প্রশ্ন ১৪। বুদ্ধদেৱৰ বাণী প্রচাৰ হােৱা কেইখনমান ঠাইৰ নাম উল্লেখ কৰা । 

উত্তৰঃ বুদ্ধদেৱৰ বাণী প্রচাৰ হােৱা ঠাই সমূহ হ’ল মধ্য এছিয়াৰ চীনদেশ, কোৰিয়া আৰু জাপান । ইয়াৰােপৰি শ্ৰীলংকা , মিয়ানমাৰ , থাইলেণ্ড আৰু ইন্দোনেছিয়া ।

প্রশ্ন ১৫। ‘নির্বাণ’ বুলিলে কি বুজা ? 

উত্তৰঃ নির্বাণ মানে হ’ল পুনৰ জনমৰ পৰা মুক্তি বা নিষ্কৃতি লাভ কৰা । নির্বাণ লাভ কৰাই আছিল বৌদ্ধ ধৰ্মৰ মূল কথা । মৃত্যুৰ পিছত আত্মাই পুনৰ জীৱন লাভ কৰে । পুনৰজীৱন লাভ কৰিলেও আগৰ জীৱনৰ ফল ভােগ কৰিব লগীয়া হয় । কর্মৰ পৰা উৎপত্তি হয় আসক্তি । আসক্তিৰ পৰা পাবলগা হয় দুঃখ । গতিকে পুনৰ জন্ম গ্রহণ বন্ধ কৰিব পাৰিলে মানুহ দুঃখৰ পৰা মুক্তি লাভ কৰিব পাৰে । অর্থাৎ নির্বাণ বা মুক্তি লাভ কৰিবলৈ সক্ষম হয় ।

প্রশ্ন ১৬। বৈদিক সংস্কৃত সাহিত্য বুলিলে কি বুজা ? 

উত্তৰঃ বৈদিক যুগত কিছুমান সংস্কৃত পুথি লিখা হৈছিল । এই সংস্কৃত পুথিবােৰত কিছুমান কিম্বদস্তিমূলক ৰূপক বা কাহিনী বর্ণনা কৰা হৈছিল । বিশেষকৈ ৰাজকীয় কাহিনীবিলাক এই সংস্কৃত সাহিত্যত বর্ণনা কৰা হৈছিল । এইবােৰেই আছিল বৈদিক সংস্কৃত সাহিত্যৰ মূল বৈশিষ্ট্য । 

প্রশ্ন ১৭। খ্রীঃপূঃ ৬০০ ৰ পৰা খ্রীঃ ৬০০ ৰ ভিতৰৰ কেইজনমান চিন্তাবিদৰ নাম উল্লেখ কৰা । 

উত্তৰঃ এই চিন্তাবিদ সকল হ’ল— 

( ক ) কং জাই ( চীনদেশ ) 

( খ ) ছক্ৰেটিছ , প্লেটো আৰু এৰিষ্টটল ( গ্ৰীচ ) 

( গ ) মহাবীৰ আৰু গৌতম বুদ্ধ ( ভাৰত ) 

প্রশ্ন ১৮। ‘ত্রিপিটক ’ শব্দটোৰ আক্ষৰিক অর্থ কি ? 

উত্তৰঃ ত্রিপিটক শব্দটোৱে তিনিটা পাচিত ( basket ) থকা বুদ্ধদেৱৰ জ্যেষ্ঠ শিষ্যসকলে ৫ ম আৰু ৪র্থ খৃঃ পূঃত যুগুতােৱা কিছুমান বাণীৰ সমষ্টিক বুজায় । বুদ্ধদেৱৰ বাণী সন্নিৱিষ্ট ‘ ত্রিপিটক ‘ নামৰ এখন গ্রন্থক বুজায় । 

প্রশ্ন ১৯। সাঁচি স্তুপ কিদৰে আৱিষ্কৃত হৈছিল ? 

উত্তৰঃ সাঁচিপ আৱিষ্কাৰ হৈছিল ১৮১৮ চনত যেতিয়া পণ্ডিতসকলে তাত পােৱা বস্তুবােৰৰ মূল্য বুজি পাইছিল আৰু তাক সংৰক্ষণ কৰা কিমান টান । সাঁচী আৱিষ্কৃত হৈছিল যেতিয়া তাৰ তিনিখন দুৱাৰমুখ থিয় হৈ আছিল আৰু চতুর্থখন তাতে পৰি আছিল । কিন্তু টিপাটো ভাল অৱস্থাতে বৰ্তি আছিল । 

প্রশ্ন ২০। স্তুপসমূহ কি ? 

উত্তৰঃ খৃঃ পূঃ দ্বিতীয় শতিকাৰ ভিতৰত ভাৰতত সাঁচি আৰু সাৰনাথকে ধৰি বিভিন্ন স্থানত প নির্মাণ হৈছিল । বুদ্ধৰ পার্থিব শৰীৰৰ অৱশিষ্ট আৰু ব্যৱহাৰ কৰা বস্তুবােৰ পৱিত্র স্থানত নির্মিত সমাধিবােৰত সংৰক্ষণ কৰা হৈছে । এনে স্থানকে বা সমাধিকে স্বপ বােলে । পালি শব্দ থুপৰ পৰা স্তূপ হৈছে । ই এটা মাটি , শিল বা ইটাৰে তৈয়াৰ কৰা ওখ ঢিপ । এই স্তূপবােৰ বর্তমান প্রাচীন বুদ্ধধৰ্মৰ বিষয়ে জানিবলৈ পুৰাতত্ববিদসকলৰ বাবে প্রধান উৎস হৈ পৰিছে । 

প্রশ্ন ২১। মহাবীৰ কোন আছিল ? 

উত্তৰঃ খৃঃ পূঃ ৬০০ শতিকাত আৱিৰ্ভাৱ হােৱা ২৫ নং ত্রির্থান্ধৰজনক মহাবীৰ বুলি জনা যায় ।

প্রশ্ন ২২। ইংৰাজীতে ‘হগিওগ্রাফী’ মানে কি ? 

উত্তৰঃ সন্তপুৰুষৰ জীৱনীক ইংৰাজীতে হগিও গ্রাফী বুলি জনা যায় । এনে জীৱনীত সাধাৰণতে সন্তপুৰুষৰ কীর্তি কলাপৰ গুণাৱলী আলােচনা কৰা হয় । 

প্রশ্ন ২৩ জন্মৰ সময়ত বুদ্ধদেৱৰ কি নাম আছিল ? 

উত্তৰঃ জন্মৰ সময়ত বুদ্ধদেৱৰ নাম আছিল সিদ্ধার্থ । 

প্রশ্ন ২৪। বৌদ্ধ ধর্মৰ যিকোনাে দুটা মূল শিক্ষা উল্লেখ কৰা ।

উত্তৰঃ বৌদ্ধ ধর্মৰ দুটা মূল শিক্ষা হল— 

( ক ) নির্বাণ বা মুক্তি লাভ কৰা । 

( খ ) অষ্টমার্গ বা আঠটা নীতি অনুসৰণ বা মানি চলা । 

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top