Class 12 History Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী

Class 12 History Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী and select needs one.

Class 12 History Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। মহাভাৰতৰ যুগৰ শাসন ব্যৱস্থাৰ বিষয়ে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃ মহাকাব্য যুগৰ শাসন ব্যৱস্থা অছিল ৰাজতান্ত্রিক । ৰাজসভাৰ বয়ােজ্যষ্ঠ মন্ত্রীসকলে আৰু ৰাজকুলৰ দিহা – পৰামৰ্শ ৰজাই মানি চলিব লাগিছিল । ইয়াৰ দ্বাৰা ৰজাৰ ক্ষমতাৰ ওপৰত নিয়ন্ত্রণ থকাৰ প্ৰমাণ পােৱা যায় । ৰাজশাসনৰ কাৰণে এখন মন্ত্রী পৰিষদ আছিল । য’ত চাৰিজন ব্রাহ্মণ , আঠজন ক্ষত্রিয় , একৈশজন বৈশ্য আৰু কেইজনমান শূদ্র মন্ত্রীয়ে কার্যনির্বাহ কৰিছিল । মন্ত্রী পৰিষদৰ পৰামর্শও ৰজাই মানিব লাগিছিল । সামৰিক বিষয়ত সভা’ই ৰজাক পৰামর্শ প্রদান কৰিছিল । সমাজৰ গণ্যমান্য লােকসকলৰ ওপৰত প্রজাতন্ত্রৰ শাসনভাৰ আছিল । প্রজাসাধাৰণৰ সামূহিক কল্যাণৰ কাৰণে ৰজা সততে দায়বদ্ধ থাকিব লাগিছিল । 

শাসন ব্যৱস্থাত বিকেন্দ্রীকৰণ নীতি মানি চলা হৈছিল । গাঁৱৰ দায়িত্বত আছিল গ্রামীনসকল । সেই অঞ্চলৰ শান্তিৰক্ষা কৰা আৰু ৰাজহ সংগ্ৰহ কৰা আছিল গ্রামীণসকলৰ প্রধান দায়িত্ব । 

বিশখনমান গাঁও লগলগাই একোটা গােট গঠন কৰা হৈছিল । আৰু সেই গােটৰ দায়িত্ব এজন দায়িত্বশীল কর্মচাৰীৰ ওপৰত অৰ্পণ কৰা হৈছিল । কৰ্মচাৰীসকলৰ ওপৰত থকা অধিপতিজনে এহেজাৰখন গাঁৱৰ শাসন ব্যৱস্থা চোৱা – চিতা কৰিছিল । এহেজাৰখন গাঁৱৰ সমষ্টিকে জনপদ বােলা হৈছিল । আনহাতে নগৰৰ শাসন বিভাগৰ নাম আছিল বিষয় । 

প্রশ্ন ২। মহাভাৰতৰ যুগৰ যুদ্ধনীতি সম্বন্ধে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ মহাভাৰতৰ যুগৰ যুদ্ধনীতি শৃঙ্খলাবদ্ধ আছিল । যুদ্ধৰ শেষত শত্রুতা পাহৰি পৰস্পৰে পৰস্পৰৰ শিৱিবলৈ গৈ নানা ধৰণৰ আলােচনা বিলােচনা কৰিছিল । গােপন বা ৰাতিৰ আক্রমণ নিষেধ আছিল । তেনে নীতি গ্রহণ কৰিলে তাক সামাজিকভাৱে নিন্দা কৰা হৈছিল । যুদ্ধৰ সময়ত যাতে কৃষি কার্যত কোনাে ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰখা হৈছিল । নাৰী আৰু নপুশংকসকলক যুদ্ধত হত্যা কৰা হৈছিল । ক্ষত্রিয় সকলেহে যুদ্ধত অংশ গ্রহণ কৰিছিল । ক্ষত্রিয়সকলে শাসন আৰু যুদ্ধ কৰিছিল কাৰণ ক্ষত্রিয় ধৰ্মৰ প্রশংসা কৰা হৈছিল । বীৰধর্ম পালন কৰা আত্মমর্যাদা ৰক্ষা , আনহাতে শত্রুক হত্যা নকৰা আদি গুণৰ কাৰণে ক্ষত্রিয়সকল প্রশংসিত হৈছিল । অৱশ্যে প্রয়ােজন অনুসৰি ব্ৰাহ্মণসকলওে যুদ্ধত অংশ গ্রহণ কৰাৰ প্ৰমাণ পােৱা যায় । উদাহৰণহিচাপে দ্রোণাচার্য আৰু অশ্বথামা ব্রাহ্মণ আছিল । তেওঁলােকে যুদ্ধ কৰাই নহয় যুদ্ধৰ সেনাপতিও আছিল । 

প্রশ্ন ৩। মহাকাব্য যুগৰ ধর্মীয় জীৱনৰ ওপৰত চমুকৈ লিখা । 

উত্তৰঃ তথ্যৰ পৰা মহাকাব্য যুগৰ ধর্মীয় দিশৰ বিষয়ে জানিব পাৰি । মহাকাব্য যুগত বিষ্ণুৰ প্ৰভাৱ বাঢ়ে । তেওঁ স্থিতি , প্রলয় আৰু সৃষ্টিৰ অধিকাৰী বুলি পৰিগণিত হয় । বৈষ্ণৱ যুগত দেৱতাসকলৰ ভিতৰত ইন্দ্ৰই শ্রেষ্ঠ আসন লাভ কৰিছিল । পিছলৈ সেই স্থান বিষ্ণুদেৱতাই লাভ কৰে কাৰণ ৰামায়ণৰ ৰামক বিষ্ণুৰ অৱতাৰ বুলি গণ্য কৰা হৈছিল । ইয়াৰােপৰি মহাভাৰতৰ প্রধান চৰিত্র শ্রীকৃষ্ণ যুদবংশৰ গােষ্ঠী পতি মানুহ হ’লেও নৱৰূপী বিষ্ণু বুলি জ্ঞান কৰা হৈছিল । তেওঁ আছিল বিশ্বপ্রকৃতিৰ ৰক্ষক ।

মহাকাব্যৰ যুগতে ব্রহ্মা , বিষ্ণু , মহেশ্বৰ — এই ত্রিমূর্তিৰ ধাৰণা উদ্ভৱ হয় । ব্রহ্মা , বিষ্ণু আৰু মহেশ্বৰ হ’ল সত্ত্ব , ৰজ , তম— এই তিনিগুণৰ অধিকাৰী । এই ত্রিমূর্তিৰ ধাৰণা ধর্মীয় ঐক্য কাৰণে কৰা হৈছিল ৷ কাৰণ আদিতে ব্রহ্মা , বিষ্ণু , মহেশ্বৰ এই তিনিজন আছিল সম্প্রদায়িক ঈশ্বৰ । সম্ভৱতঃ সামাজিক আৰু ৰাজনৈতিক ঐক্য প্রয়ােজনমতে ধর্মীয় ঐক্যৰ ধাৰণা সৃষ্টি কৰা হৈছিল । বৈদিক যুগৰ দৰে মহাকাব্যৰ যুগতাে যজ্ঞ পতা হৈছিল । কুৰুক্ষেত্র যুদ্ধত জয় লাভ কৰাৰ পিছত যুধিষ্ঠিৰে যজ্ঞ পাতি দান দক্ষিণা দিয়াৰ প্রমাণ পােৱা যায় । 

প্রশ্ন ৪। ৰামায়ণৰ ঐতিহাসিক তাৎপর্য ব্যাখ্যা কৰা । 

উত্তৰঃ ভাৰতীয় জনসাধাৰণে ৰামায়ণখন এখন ঐতিহাসিক গ্রন্থ বুলি ভবাৰ লগতে ইয়াত উল্লেখ থকা সকলাে ঘটনাৰ বিৱৰণ সত্য বুলি বিশ্বাস কৰি আহিছে । ইয়াৰ বিপৰীতে ইউৰােপীয় ঐতিহাসিক সকলে ৰামায়ণখন এখন কাল্পনিক কাব্য বুলি বিবেচনা কৰে । অৱশ্যে কিছুমান ভাৰতীয় লােকেও ৰামায়ণ এখন কাব্য বুলি গ্ৰহণ কৰিলেও ইয়াৰ প্রধান চৰিত্ৰসমূহ ঐতিহাসিক বুলি ক’ব নােখােজে । 

তথাপিও ৰামায়ণৰপৰা মহাকাব্য যুগৰ ৰাজনৈতিক , সামাজিক , ধর্মীয় আৰু সাংস্কৃতিক জীৱনৰ বিষয়ে নানা কথা জানিব পাৰি । ইয়াৰােপৰি ৰামায়ণৰ যােগেদি দক্ষিণলৈ আর্য সংস্কৃতি কেনেদৰে বিস্তাৰ হৈছিল সেই কথাৰৰ উমান পােৱা যায় । ৰামায়ণৰ পৰা অতীত ভাৰতৰ ভৌগােলিক দিশৰ বিষয়েও সম্যক জ্ঞান লাভ কৰিব পাৰি । 

প্রশ্ন ৫। ভাৰতীয় সাংস্কৃতিক জীৱনত ৰামায়ণৰ প্ৰভাৱ সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ ৰামায়ণ কাব্যখনে ভাৰতীয় সংস্কৃতিৰ ওপৰত বিশেষ প্রভাৱ পেলাইছে । ইয়াত জীৱন তত্ত্বৰ বিষয়ে আলােচনা আগবঢ়োৱা হৈছে । 

আদর্শ চৰিত্ৰ ৰাম আৰু সীতাৰ পৰা ভাৰতবাসী অনুপ্রাণিত হৈছে । ৰামায়ণৰ আদর্শ চৰিত্ৰবােৰ নৈতিকতাৰ বাহক হিচাপে বিবেচনা কৰি অহা হৈছে । উদাহৰণ হিচাপে সীতাৰ কথা ক’ব পাৰি । সীতা হ’ল পবিত্রতা , সতীত্ব আৰু বিশ্বস্ততাৰ প্রতিবিম্ব । লক্ষ্মণৰ চৰিত্ৰটোৱে ভাৰতীয় মানুহ সৎ ত্যাগী হােৱাৰ বাবে অনুপ্ৰেৰণা যােগায় । সীতা আৰু লক্ষ্মণৰ ত্যাগে প্রাচীন কালৰ পৰা ভাৰতবর্ষ এখন কল্যাণকামী ৰাষ্ট্ৰৰ কথা মনত পেলায় । মুঠতে বামায়ণ হৈছে জ্ঞানৰ ভঁৰাল । সেয়ে ইয়াৰ পৰা বহুতাে জ্ঞান লাভ কৰিব পাৰি ।

প্রশ্ন ৬। একলব্য আৰু দ্ৰোণৰ মাজৰ ঘটনাটো বর্ণনা কৰা । 

উত্তৰঃ একলব্য এজন নিষাদ বা ব্যাধৰ সন্তান আছিল ৷ কুৰু ৰাজ কোৱৰসকলক ধনুবিদ্যাৰ প্রশিক্ষণ দিয়া দ্রোণাচার্য নামৰ ব্রাহ্মণজনক একলব্যই তেওঁকো শিশুবিদ্যা শিকাবলৈ অনুৰােধ জনায় । কিন্তু দ্রোণাচার্যই একলব্যৰ অনুৰােধ প্রত্যাখ্যান কৰে । একলব্য হতাশ নহৈ বােকামাটিৰে দ্রোণাচাৰ্যৰ এটি মূর্তি তৈয়াৰ কৰি সেইটো গুৰু হিচাপে পুজিবনতে ধনুবিদ্যা শিকিবলৈ আৰম্ভ কৰে । যথা সময়ত তেওঁ ধনু বিদ্যাত পাৰ্গত হৈ উঠিল । 

এদিন কুৰু ৰাজকোৱৰ সকল বনলৈ মৃগয়াৰ কাৰণে আহিছিল । তেওঁলােকৰ লগত অহা কুকুৰটো একলব্যৰ ওচৰ পালেগৈ । একলব্যক শুঙি কুকুৰটোৱে ভুকিবলৈ ধৰে । কুকুৰটোৰ এনে কার্যত ক্ষুন্ন হৈ একলব্যই সাতড়াল শৰেৰে কুকুৰটোৰ মুখখন বন্ধ কৰি দিয়ে । তেনেদৰে কুকুৰটো পাণ্ডৱসকলৰ আগত উপস্থিত হ’ল । তেওঁলােকে ধনুবিদ্যাৰ এনে অপূর্ব চানেকি দেখি বিচূর্তি খালে । পিছত তেওঁলােকে একলব্যক বিচাৰি পালে আৰু একলব্যই তেওঁ এজন দ্রোণৰ ছাত্ৰ বুলি পৰিচয় দিলে । 

ইয়াৰ পিছত অর্জুনে দ্রোণাচাৰ্যক লগ ধৰি একলব্যৰ অপূর্ব ধনুবিদ্যাৰ কথা জনালে ৷ এনে কথাত দ্রোণাচার্য বিমােৰত পৰিল । কাৰণ তেওঁ অৰ্জুনক শ্রেষ্ঠ ধনুর্বিদ হিচাপে প্রতিষ্ঠা কৰাৰ প্রতিশ্রুতি দিছিল । সেয়ে নিজৰ প্রতিশ্রুতি ৰক্ষাৰ কাৰণে শেষত একলব্যৰ ক্ষমতা হ্রাস কৰাৰ কাৰণে একলব্যক লগ ধৰে আৰু গুৰু দক্ষিণা হিচাপে সোঁহাতৰ বুঢ়া আঙুলিটো বিচাৰে । গুৰুৰ প্রতি আঁচলা ভক্তিৰ চিনস্বৰূপে একলব্যই কোনাে শংকাবােধ নকৰি নিজৰ আঙুলিটো গুৰুক দান কৰে । ইয়াৰ ফলত একলব্যৰ ধনুবিদ্যাৰ গুণ হ্রাস পালে । কাৰণ এটি আঙুলি অবিহনে তেওঁৰ পূৰ্বৰ ক্ষমতাৰ পৰা বঞ্চিত হ’ব লগা হ’ল । 

প্রশ্ন ৭৷ মনুস্মৃতি অনুসৰি পুৰুষ আৰু মহিলাই কি কি উপায়েৰে সম্পদ আহৰণ কৰিব পাৰিছিল ? এই উপায়বােৰে পুৰুষ আৰু মহিলাক পৃথক কৰিছে বুলি তুমি ভাবানে ?

উত্তৰঃ মনুস্মৃতি অনুসৰি তলত উল্লেখ কৰা ধৰণে মহিলাসকলে সম্পত্তি আহৰণ কৰিব পাৰিছিল । 

( ক ) বিবাহৰ সময়ত উপহাৰ হিচাপে লাভ কৰা সম্পত্তি ।

( খ ) পিতৃ – মাতৃৰ পৰা পােৱা সকলাে ধন – সােণ , সা – সম্পত্তি । আৰু 

( গ ) স্বামীয়ে দিয়া সা – সম্পদ । 

আনহাতে , মনুস্মৃতিত পুৰুষসকলৰ সম্পত্তি আহৰণত সাত প্ৰকাৰৰ উপায় বর্ণনা কৰিছে । এই সাত প্ৰকাৰ উপায় হ’ল — উত্তৰাধিকাৰী সূত্রে , বিচাৰি লােৱা , ক্রয় কবি , জয় কৰি , বিনিয়ােগ  কৰি , কাম কৰি আৰু উপহাৰ হিচাপে সম্পত্তি আহৰণ কৰিব পাৰিছিল । 

সেই যুগত পৰিৱেশ আৰু নিয়ম – নীতি অনুসৰি মহিলা আৰু পুৰুষৰ মাজত থকা সীমাৱদ্ধতা সম্পূৰ্ণৰূপে যুক্তিসঙ্গত নাছিল বুলি ক’ব পৰা নাযায় । কাৰণ সময়ে নিয়ম – নীতি নিৰ্দ্ধাৰণ কৰাৰ লগতে একো একোটা সময়ত সেই নিয়মনীতিত শিথিলতা লক্ষ্য কৰা যায় । অৱশ্যে বর্তমান সময়ৰ লগত তেনে নিয়ম – নীতিৰ তুলনা কৰিব পৰা নাযায় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top