Class 12 History Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী

Class 12 History Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী and select needs one.

Class 12 History Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। ব্রাহ্মণ সকলে কিয় বেদৰ শ্লোক বেছিকৈ আওৰাইছিল ? 

উত্তৰঃ প্রাচীন কালৰ পৰা ব্রাহ্মণসকলে উচ্চ আসন লাভ কৰি আহিছিল । সেয়ে তেওঁলােকৰ স্থান সুৰক্ষিত কৰি ৰখাৰ কাৰণে তেওঁলােকে তেনেদৰে বেদৰ শ্লোকবােৰ বেছিকৈ আওৰাইছিল বুলি ধাৰণা কৰা হয় । 

প্রশ্ন ২। পুত্র শব্দটো কোন ভাষাৰ পৰা আহিছে ? পুত্র শব্দৰ অর্থ কি ? 

উত্তৰঃ পুত্র শব্দটো সংস্কৃত ভাষাৰপৰা অহা বুলি কোৱা হয় । পুত্র শব্দটোৰ অৰ্থ হ’ল– ল’ৰা বা পুৰুষ । 

প্রশ্ন ৩। বেদত উল্লেখ কৰা মতে চাৰিবর্ণ বা জাতৰ সৃষ্টি ক’ৰ পৰা হৈছে ? 

উত্তৰঃ বেদত উল্লেখ থকা মতে— ( ক ) আদি মানৱ পুৰুষৰ মুখৰ পৰা ব্রাহ্মণসকলৰ জন্ম । হৈছে । 

( খ ) আদি মানৱ পুৰুষৰ বাহুৰ পৰা ক্ষত্রিয়সকলৰ জন্ম হৈছে ।

( গ ) আদি মানৱ পুৰুষৰ উৰুৰ পৰা বশ্যসকলৰ জন্ম হৈছে আৰু 

( ঘ ) শেষত আদি মানৱ পুৰুষৰ ভৰিৰ পৰা শূদ্ৰসকলৰ জন্ম হােৱা বুলি বিশ্বাস কৰা হয় । 

প্রশ্ন ৪। বেদত উল্লেখ কৰা চাৰিবৰ্ণ কি কি আছিল ? 

উত্তৰঃ বেদত উল্লেখ কৰা চাৰিবৰ্ণ হ’ল– ব্রাহ্মণ , ক্ষত্রিয় , বশ্য আৰু শূদ্র ।

প্রশ্ন ৫। বেদত উল্লেখ কৰা চতুৰাশ্রম বা চাৰি আশ্ৰম কি কি ? 

উত্তৰঃ বেদত উল্লেখ কৰা চতুৰাশ্রম হ’ল–ব্রহ্মচর্য , গার্হস্থশ্রম , বাণপ্রস্থাশ্ৰম আৰু সন্যাসশ্রম । 

প্রশ্ন ৬। পাণ্ডৱ আৰু কৌৰৱসকল কোন আছিল ? 

উত্তৰঃ পাণ্ডৱ আৰু কৌৰৱসকল কুৰুবংশৰ লােক আছিল । পাণ্ডুৰ পুত্ৰসকল পাণ্ডৱ আৰু ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল কৌৰৱ হিচাপে জনা গৈছিল । 

প্রশ্ন ৭৷ বর্তমান ভূপালৰ প্রাচীন অট্টালিকা কোনটো ? 

উত্তৰঃ ভূপালৰ প্রাচীন অট্টালিকাটো হ’ল ঝান্সিৰ অট্টালিকা । 

প্রশ্ন ৮। প্রাচীন ভাৰতত লিংগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল বুলি তুমি ভাবানে ? 

উত্তৰঃ প্রাচীন কালত লিংগৰ ওপৰত গুৰুত্ব আৰােপ কৰাৰ প্ৰমাণ পােৱা যায় । বিশেষকৈ ছােৱালীৰ সন্তানতকৈ ল’ৰা সন্তানৰ ওপৰত গুৰুত্ব আৰােপ কৰিছিল । ৰাজসিংহাসনৰ উত্তৰাধিকাৰীৰ প্রশ্নলৈয়ে ল’ৰা সন্তানৰ ওপৰত গুৰুত্ব আৰােপ কৰা হৈছিল । 

প্রশ্ন ৯। প্রাচীন ভাৰতীয় সমাজত মাতৃৰ স্থান কেনে আছিল ? 

উত্তৰঃ প্রাচীন ভাৰতীয় সমাজত মাতৃয়ে উচ্চ আসন লাভ কৰিছিল । মাতৃগৰাকীয়ে পৰিয়ালৰ সকলাে সদস্যৰ প্রতি সমানে আদৰ আৰু যতন লৈছিল । অৱশ্যে ল’ৰা – ছােৱালীয়ে সকলাে সময়তে মাতৃগৰাকীৰ দিহা পৰামর্শ গ্রহণ কৰাটো বাধ্যতামূলক নাছিল । 

প্রশ্ন ১০। কুৰুক্ষেত্রৰ যুদ্ধৰ আগমুহূর্তত গান্ধাৰীয়ে তেওঁৰ ডাঙৰ পুত্র দুর্যোধনক কি উপদেশ দিছিল ? ইয়াৰ ফলাফল কি আছিল ?

উত্তৰঃ তথ্যৰ পৰা জনা যায় যুদ্ধৰ আগমুহূর্তত গান্ধাৰীয়ে দুর্যোধনক যুদ্ধ পৰিহাৰ কৰি পাণ্ডৱসকলৰ লগত শান্তি স্থাপনৰ কাৰণে পৰামৰ্শ আগবঢ়াইছিল । কাৰণ পাণ্ডৱসকলৰ ন্যায্য দাবীৰ প্রতি গান্ধাৰী সচেতন আছিল । সেয়ে তেওঁ পাণ্ডৱসকলৰ ন্যায্য অধিকাৰৰ প্রতি মনােনিবেশ কৰাৰ কাৰণে দুর্যোধনক পৰামর্শ দিছিল । কিন্তু অহংকাৰী মনােভাবৰ দুর্যোধনে মাতৃৰ তেনে আবেদনৰ প্রতি সঁহাৰি দিয়াৰপৰা বিৰত আছিল । ফলত কুৰুক্ষেত্র যুদ্ধত পাণ্ডৱৰ হাতত কৌৰৱবংশ ধ্বংস হৈছিল । 

প্রশ্ন ১১৷ সাতবাহনসকল কোন আছিল ? 

উত্তৰঃ মৌর্য সাম্রাজ্যৰ পতনৰ পিছত দক্ষিণ ভাৰতত সাতবাহন বংশৰ উত্থান হৈছিল । হাতীগুমফা নামৰ ফলিখনৰপৰা এই বংশৰ শক্তিশালী ৰজা খাৰভেলৰ বিষয়ে কিছু তথ্য পােৱা যায় । খাৰভেলে নিজ বলৰ গুণত উত্তৰ ভাৰতৰ কিছু অংশ জয় কৰিছিল । আৰু ৰাজগৃহ বা মগধৰ ৰজাক পৰাস্ত কৰিছিল । সাহিত্য আৰু সংস্কৃতিলৈ সাতবাহন সকলে বিশেষ বৰঙণি আগবঢ়াই গৈছে । 

প্রশ্ন ১২। মৌর্যসকল কোন আছিল ? তেওঁলােকৰ উৎপত্তি সম্বন্ধে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃ খ্রীঃ পূঃ চতুর্থ শতিকাত মৌর্য সাম্রাজ্যৰ উত্থান ঘটিছিল বুলি তথ্যৰ পৰা জনা যায় । তথ্য মতে চাণক্য বা কৌটিল্য নামৰ এজন বিচক্ষণ ব্রাহ্মণ পণ্ডিতে নন্দবংশৰ পতন ঘটাই মৌর্য সাম্রাজ্য প্রতিষ্ঠা কৰিছিল । 

মৌর্য বংশ সম্বন্ধে অর্থশাস্ত্র , ইণ্ডিকা , বৌদ্ধ আৰু জৈন সাহিত্য , পুৰাণ , সংস্কৃত নাটক , লিপি আৰু মুদ্রা আদিৰ পৰা জনা যায় । 

প্রশ্ন ১৩। ঘটোৎকচ কোন আছিল ? 

উত্তৰঃ ঘটোৎকচ দ্বিতীয় পাণ্ডৱ ভীম আৰু হিড়িম্বাৰ গৰ্ভজাত সন্তান আছিল । প্রাচীন কামৰূপৰ পৰা ভীমে হিড়িম্বাক বিয়া কৰাইছিল । কিছুদিন অতিবাহিত হােৱাৰ পিছত হিড়িম্বা আৰু ঘটোৎকচ পুনৰ কামৰূপ ৰাজ্যলৈ উভতি আহিছিল বুলি কোৱা হয় । 

প্রশ্ন ১৪। শকসকল কোন আছিল ? 

উত্তৰঃ শকসকল এটি বিদেশী জাতি আছিল । প্রথমে তেওঁলােকে মধ্য এছিয়াত বাস কৰিছিল । পিছত প্ৰব্ৰজনৰ জৰিয়তে এছিয়া মহাদেশৰ উত্তৰ – পশ্চিম সীমান্তলৈ আহিছিল আৰু তাতে স্থায়ীভাৱে বাস কৰিবলৈ লৈছিল । তেওঁলােকক বৰ্বৰ বুলি কোৱা হৈছিল । 

প্রশ্ন ১৫। মহাভাৰতৰ ঐতিহাসিক তাৎপর্য কেনে আছিল ? 

উত্তৰঃ মহাভাৰতখন পৃথিৱীৰ ভিতৰত বৃহত্তম কাব্য বুলি কোৱা হয় । ইয়াত প্ৰধানকৈ পাণ্ডৱ আৰু কৌৰৱৰ মাজত হােৱা যুদ্ধখনৰ কথা বর্ণনা কৰা হৈছে । এই যুদ্ধখনৰ মূল তাৎপর্য হ’ল অন্যায়ৰ বিৰুদ্ধে ন্যায় প্রতিষ্ঠা হােৱা । শেষত সৎ বা ন্যায়ৰ জয় দেখুওৱা হৈছে । এই মহাকাব্যখনৰ উল্লেখ থকা বহুতাে কথা নৈতিকতাৰ দৃষ্টান্তস্বৰূপ । মহাভাৰতৰ প্ৰধান চত্রিই ভাৰতীয় সংস্কৃতিৰ প্রতীক হিচাপে দেখা গৈছে । উদাহৰণ হিচাপে দ্রৌপদীৰ কথা আঙুলিয়াব পাৰি । মহাভাৰতৰ দৰে ৰামায়নখনাে জ্ঞানৰ ভঁৰাল , বিশ্বকোষ ।

প্রশ্ন ১৬। ইতিহাসবিদসকলে ‘মহাভাৰত’ৰ কাহিনীভাগ কিদৰে বিভক্ত কৰিছিল ?

উত্তৰঃ বুৰঞ্জীবিদসকলে মহাকাব্য মহাভাৰত কাব্যক দুটা প্রধান ভাগত শ্রেণীভুক্ত কৰিছে— 

( ক ) কাহিনীটোৰ বৰ্ণনাত্মক বৃত্তান্ত । আৰু 

( খ ) শিক্ষামূলক উপদেশ বা নীতিমূলক শিক্ষণ । 

মহাকাব্যৰ প্ৰথম ভাগত কাহিনী বর্ণনা অন্তর্ভূক্ত আৰু দ্বিতীয় ভাগত সামাজিক নীতিজ্ঞান , ন্যায় , ধৰ্ম আৰু সামাজিক বাণীসমূহ । 

প্রশ্ন ১৭। মহাভাৰতৰ যুগৰ কিছুমান উল্লেখযােগ্য নগৰৰ নাম উল্লেখ কৰা । 

উত্তৰঃ মহাভাৰতৰ যুগত বহুতাে চহৰ বা নগৰৰ উল্লেখ পােৱা যায় । উদাহৰণহিচাপে হস্তিনাপুৰ , ইন্দ্রপ্রস্থ , কৌশম্বী , কাশী , কনৌজ , মথুৰা , গান্ধাৰ , কুশী , অৱন্তী , পাঞ্চাল , কোশল আদি । 

প্রশ্ন ১৮। মহাভাৰত বা কাব্য যুগৰ দাস প্রথাৰ বিষয়ে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃ তথ্যত উল্লেখ থকা মতে মহাভাৰতৰ যুগৰ বহু আগৰে পৰা ভাৰতত দাস প্রথাৰ প্রচলনৰ কথা জনা যায় । অর্থাৎ বৈদিক যুগৰ পৰা এই প্রথা প্রচলনৰ কথা জনা যায় । দাসতকৈ দাসী প্রথাৰ প্ৰচলন সমাজত বেছি আছিল বুলি জনা যায় । 

Sl. No.সূচী-পত্ৰ
Chapter 1ইটা মণি আৰু হাড়বােৰ
Chapter 2ৰজা কৃষক আৰু নগৰসমূহ
Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী
Chapter 4দার্শনিক প্রত্যয় আৰু স্থাপত্য
Chapter 5যুগে যুগে অসম
Chapter 6পর্যটকৰ দৃষ্টিভংগীৰে
Chapter 7ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ
Chapter 8এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ
Chapter 9কৃষক, জমিদাৰ আৰু ৰাজ্য
Chapter 10সম্রাট আৰু ইতিহাস
Chapter 11উপনিবেশবাদ আৰু গ্রাম্য সমাজ
Chapter 12বিদ্রোহীসকল আৰু ৰাজ
Chapter 13ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ
Chapter 14মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Chapter 15ভাৰত বিভাজন আৰু ৰাজনীতি
Chapter 16ভাৰতীয় সংবিধান সংকলন

প্রশ্ন ১৯। বর্ণ বুলিলে কি বুজা ? 

উত্তৰঃ বর্ণ শব্দটোৰ অৰ্থ সাধাৰণতে শ্রেণী বুলিহে বুজিব লাগিব । আৰ্যসকল পাৰস্যত থাকোতেই শ্রেণী বা বর্ণ প্রথাৰ প্ৰচলন হৈছিল । আর্য সকলৰ মাজত থকা ক’লা ৰঙৰ আৰ্যসকলৰ লগত বগা ৰঙৰ আৰ্যসকলৰ পার্থক্য বুজাবলৈ এই প্রথাৰ উদ্ভৱ হােৱা বুলি কোৱা হয় । ঋকবেদৰ যুগত বর্ণ শব্দটোৰ অৰ্থ জাতিবাচক নহয় বুলি ঐতিহাসিক কৌশাম্বীয়ে মত প্রকাশ কৰিছে ।

প্রশ্ন ২০। অশ্বমেধ যুজ্ঞ বুলিলে কি বুজা ? 

উত্তৰঃ আৰ্যসকলৰ সময়ৰ পৰাই অশ্বমেধ যজ্ঞৰ প্ৰচলনৰ কথা জনা যায় । অশ্বমেধ যজ্ঞৰ অনুষ্ঠানটো আছিল সম্রাট বা ৰাজচক্ৰৱর্তী বুলি গণ্য হােৱাৰ উপায় । যিজন ৰজাই এই যজ্ঞ সমাপন কৰিব খােজে তেওঁ বহু সৈন্য – সামন্তৰে এটা শক্তিশালী অশ্বক স্বাধীনভাৱে বিচৰণ কৰিবলৈ এৰি দিয়ে । অশ্বটোৰ লগত এজন ৰাজপ্রতিনিধিও সসৈন্যে যােৱাৰ নিয়ম আছিল । অশ্বটো বিভিন্ন ৰাজ্যত উপস্থিত হােৱাৰ লগে লগে সেইবােৰ ৰাজ্যৰ ৰজাই অশ্বক বন্দী কৰি অশ্বক্ষক সৈন্যদলৰ লগত যুদ্ধ কৰিবলগীয়া হৈছিল , অথবা অশ্বধিকাৰী ৰজাৰ বশ্যতা স্বীকাৰ কৰিব লাগিছিল । অশ্বক্ষক সেনাদলে যদি সকলাে বিৰােধী ৰজাক পৰাস্ত কৰি অশ্বটোক ঘূৰাই আনিব পাৰে তেন্তে অশ্বটোক যত বলি দি অশ্বমেধ যজ্ঞ সমাপন কৰিব লাগিছিল । আৰু যজ্ঞ সমাপণ কৰােতা ৰজাজন সম্রাট বা ৰাজচক্ৰৱৰ্তী বুলি ঘােষিত বা স্বীকৃত হৈছিল । ৰাজসূয় যজ্ঞত যজ্ঞকাৰী ৰজাৰ ৰাজধানীলৈ সকলাে ৰাজ্যৰ ৰজাক নিমন্ত্রণ কৰি অনা হৈছিল । তেওঁলােকে আহি যজ্ঞকাৰী ৰজাৰ অধীনতা মানি লৈছিল । কোনাে ৰজা আহিবলৈ অমান্তি হলে তেওঁক যুদ্ধত পৰাস্ত কৰা হৈছিল । এনে ধৰণৰ ৰাজচক্রবর্তী ৰাজ্য প্রতিষ্ঠাই ৰাষ্ট্ৰীয় ঐক্য বা ৰাজনৈতিক সংহতি ৰক্ষা কৰিছিল ।

প্রশ্ন ২১। সংগৃহিতৃ বুলিলে কি বুজা ? 

উত্তৰঃ বৈদিক যুগৰ পিছৰ ফালৰ যিসকল লােকে ৰাজকীয় কৰ আৰু খাজনা সংগ্রহ কৰিছিল এই লােকসকলকে সংগৃহিতৃ বুলি কোৱা হৈছিল । 

প্রশ্ন ২২। যজ্ঞ বুলিলে কি বুজা ? 

উত্তৰঃ যজ্ঞৰ লগত অগ্নি আৰু বিষ্ণুদেৱতাৰ নাম জড়িত । আৰ্যসকলৰ ধৰ্ম আছিল যজ্ঞকেন্দ্রিক । যজ্ঞ এটি জটিল প্রক্রিয়া । পুৰােহিত শ্ৰেণীৰ বাহিৰে যজ্ঞ আন কোনাে লােকে সমাপন কৰিব নােৱাৰিছিল । ঘি ঢালি অগ্নিদেৱতাক পূজা কৰা হৈছিল । বৰষুণ , ভাল খেতিবাতি , যুদ্ধ জয় , সম্পদ বৃদ্ধি , সুদীর্ঘ জীৱন যাপন আদিৰ কাৰণে প্রার্থনা জনাইহে যজ্ঞ অনুষ্ঠিত কৰা হৈছিল । অৱশ্যে নিজৰ বৈদিক যুগত যজ্ঞৰ প্রক্রিয়া অধিক জটিল হয় । 

প্রশ্ন ২৩। মহাভাৰতৰ যুগত শ্রেণী বিভাজন সম্পর্কে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃ মহাভাৰতৰ যুগতাে সমাজত প্ৰচলিত শ্রেণী বিভাজনৰ কথা জনা যায় । পূর্বৰ চাৰি শ্ৰেণীৰ উপৰিও সমাজত আৰু নানা গােট সৃষ্টি হৈছিল । ব্রাহ্মণসকলে সমাজত উচ্চ আসন লাভৰ কাৰণে চেষ্টা কৰিছিল । যাগ – যজ্ঞ আদিত তেওঁলােকে মুখ্য ভূমিকা পালন কৰিছিল । শূদ্ৰসকলৰ অৱস্থা ভাল নাছিল । তেওঁলােকক তপ – জপ , পূজা – অর্চনা আদিৰ পৰা বাহিৰত ৰখা হৈছিল । ব্রাহ্মণসকলে সমাজত শ্রেণী বিভাজনৰ ওপৰত আর্থিক গুৰুত্ব আৰােপ কৰিছিল । 

প্রশ্ন ২৪। মনু শাস্ত্ৰত উল্লেখ কৰা মতে সমাজত নিষাদ বা চণ্ডালসকলৰ স্থিতি কেনে আছিল ? বা , চণ্ডালসকলৰ বাবে মনুস্মৃতিয়ে নিৰ্দ্ধাৰণ কৰা যি কোনাে দুটা কৰ্তব্য লিখা । বা , কোনখন স্মৃতি শাস্ত্রই চণ্ডালসকলৰ কৰ্তব্য নির্ধাৰণ কৰি দিছিল ? এই গ্রন্থখনৰ মতে চণ্ডালসকলৰ কৰ্তব্যসমূহ কি কি আছিল ?

উত্তৰঃ মনু শাস্ত্ৰত উল্লেখ কৰা মতে সমাজত নিষাদ বা চণ্ডালসকলৰ স্থান অতি নিম্ন আছিল । তেওঁলােকে সমাজৰ বাহিৰত বাস কৰিব লাগিছিল । নিজৰ হিচাপে তেওঁলােকে বান্দৰ , গাধ আৰু কুকুৰ ৰাখিব পাৰিছিল । ভগা সাজ – বাচনত আহাৰ গ্ৰহণ কৰিব লাগিছিল । তেনেদৰে ক’লা , মলিয়ন বস্ত্ৰ আৰু গহনা পৰিধান কৰিব লাগিছিল । নিশা ভ্ৰমণত তেওঁলােকৰ বাধা আছিল । কোনাে গৰাকী নােহােৱা মৃতদেহ তেওঁলােকে শ্মশানত দাহ কৰিব লাগিছিল । 

প্রশ্ন ২৫। ‘ মনুস্মৃতি ‘ অনুসৰি নাৰীসকলে সম্পত্তি আহৰণ কৰিব পৰা দুটা উপায় উল্লেখ কৰা । 

উত্তৰঃ নাৰীসকলে সম্পত্তি আহৰণ কৰা উপায় দুটা হ’ল–

( ক ) বিবাহৰ সময়ত উপহাৰ হিচাপে লাভ কৰা সম্পত্তি ।

( খ ) পিতৃ – মাতৃৰ পৰা পােৱা সকলাে ধন – সােণ সা – সম্পত্তি । আৰু 

( গ ) স্বামীয়ে দিয়া সা – সম্পদ । 

প্রশ্ন ২৬। মহাভাৰতৰ যুগৰ শিক্ষা ব্যবস্থা সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ ( ক ) মহাভাৰতৰ যুগত শিক্ষা ব্যৱস্থা পদ্ধতিগত আৰু সীমাবদ্ধ আছিল । উদাহৰণ হিচাপে শূদ্ৰসকলৰ শিক্ষা গ্রহণত বাধা আছিল ।

( খ ) সমাজত উচ্চ শ্ৰেণীৰ লােকসকলে শিক্ষা গ্রহণৰ সুবিধা লাভ কৰিছিল । গুৰুৰ গৃহত থাকি শিক্ষা লাভ কৰিছিল । 

( গ ) ব্রাহ্মণ পণ্ডিতসকলে ঘৰুৱাভাৱে শিক্ষা প্রদান কৰিছিল । এই ক্ষেত্ৰত দ্রোণাচার্যৰ কথা  উল্লেখ কৰিব পাৰি । গুৰুৰ ওচৰত ছাত্ৰসকল নিষ্ঠাৱান হােৱাটো প্রধান চৰ্ত আছিল । 

( ঘ ) শিক্ষাগুৰুসকলৰ ভিতৰত মহিলা শিক্ষাগুৰুও আছিল । উদাহৰণ হিচাপে গার্গী আৰু মৈত্রেয়ী নামৰ শিক্ষয়িত্রী দুগৰাকীৰ কথা উল্লেখ কৰিব পাৰি । 

প্রশ্ন ২৭। মহাভাৰত নামৰ কাব্যখনৰ মূল বিষয়বস্তু সম্বন্ধে চমু আভাস দিয়া । 

উত্তৰঃ মহাভাৰতত প্ৰধানকৈ পাণ্ডৱ আৰু কৌৰৱৰ মাজৰ ঘটনা – পৰিঘটনা আৰু দুই পক্ষৰ মাজত চলা ওঠৰদিনীয়া কুৰুক্ষেত্র যুদ্ধখনৰ বর্ণনা দিয়া হৈছে । কাৰণ শ্রীকৃষ্ণই আর্য – অনার্য  সকলােৰে সৈতে মিত্রতা স্থাপন কৰি এক ৰাজনৈতিক ঐক্য আৰু সংহতি গঢ়ি তুলিছিল । 

মহাভাৰতৰ লগত গীতা নামৰ মহৎ গ্রন্থখনৰ কথাও বর্ণনা কৰা হৈছে । গীতাখন হ’ল কুৰুক্ষেত্র যুদ্ধৰ আগমুহূর্তত শ্রীকৃষ্ণ আৰু অৰ্জুনৰ মাজত হােৱা ন্যায় – অন্যায় আৰু নীতি অনীতিৰ বিষয়ে কথােপকথন । গীতৰ জৰিয়তে অর্জুনে শ্রীকৃষ্ণক শ্রেষ্ঠ ভগৱান বুলি কৈছে । গীতা অধ্যায়নৰ জৰিয়তে জীৱনবােধ সম্পর্কে নানা ধৰণৰ জ্ঞান লাভ কৰিব পাৰি । 

প্রশ্ন ২৮। গােত্র কি ? গােত্র ব্যৱস্থাৰ উল্লেখযােগ্য বিধান দুটা কি কি ? 

উত্তৰঃ খৃঃপূঃ ১০০০ মানৰ পৰাই শ্রেণী বিভাজনৰ কাৰণ গােত্র পদ্ধতিৰ প্ৰচলন হৈছিল । ” ব্রাহ্মণ সকল শ্রেণী বিভাজন কৰাটোৱে আছিল গােত্র পদ্ধতি প্রচলনৰ প্রধান উদ্দেশ্য । প্রতিটো গোত্ৰ একো একোজন ঋষিৰ নামেৰে ৰখা হৈছিল । একোটা গােত্রৰ সদস্য সকল একোজন ঋষিৰ বংশধৰ বুলি ধৰা হৈছিল । 

গােত্র ব্যৱস্থাৰ উল্লেখযােগ্য বিধান দুটা হ’ল – 

( ক ) বিবাহৰ পিছত প্ৰতিগৰাকী মহিলাই পিতৃৰ গােত্র ত্যাগ কৰি স্বামীৰ গােত্র ব্যৱহাৰ কৰিব লাগিছিল । 

( খ ) সমগােত্রীয় লােকৰ লগত বিবাহ কার্য সম্ভৱ নাছিল । 

প্রশ্ন ২৯। ধর্মশাস্ত্ৰ আৰু ধর্মসূত্রসমূহে বিধান দিয়া চাৰিওটা বৰ্ণৰ আদর্শ বৃত্তিসমূহ কি কি আছিল ? 

উত্তৰঃ ধর্মশাস্ত্ৰ আৰু ধর্মসূত্রসমূহে বিধান দিয়া চাৰিটা বর্ণই কৰিবলগীয়া কামসমূহ বর্ণনা কৰিছে । এই অনুসৰি ব্ৰাহ্মণসকলে যাগ – যজ্ঞ , পূজা – পাতল কৰা , ক্ষত্রিয় সকলে দান কৰা , শাসন , প্রতিক্ষা আৰু যুদ্ধ – বিগ্ৰহ কৰা , বৈশ্যসকলে কৃষি , বেপাৰ বাণিজ্য আৰু পশুপালন কৰা আৰু শূদ্ৰসকলে উপৰােক্ত তিনিও বৰ্ণৰ সেৱা – শুশ্রুষা কৰা । 

প্রশ্ন ৩০। বহি র্বিবাই আৰু বহুপতি প্রথাৰ সংজ্ঞা দিয়া । 

উত্তৰঃ কন্যাক নিজ গােত্রৰ বাহিৰত বিয়া দিয়া পদ্ধতিটোক বহিঃবিবাহ প্রথা বােলে । আনহাতে , এজনতকৈ বেছি পতি বা স্বামীৰ লগত হােৱা বিবাহ পদ্ধতিক বহুপতি প্রথা বুলি কোৱা হয় ।

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top