Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ

Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ and select needs one.

Join Telegram channel

Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ Solutions for All Subject, You can practice these here…

প্রশ্ন ৩০। এলাহাবাদ প্রশস্তি বা শিলালিপিৰ বিষয়ে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃ হৰিসেন নামৰ এজন কবি যথাক্রমে সমুদ্রগুপ্ত আৰু তেওঁৰ পুতেক চন্দ্রগুপ্ত ৰাজসভাত আছিল । হৰিসেন সেই যুগৰ অন্যতম শ্রেষ্ঠ সংস্কৃতজ্ঞ পণ্ডিত আৰু কবি আছিল । এই হৰিসেনে এলাহাবাদ প্রশস্তি নামৰ শিলালিপিখন ৰচনা কৰিছিল । এই শিলালিপিখনৰ জৰিয়তে তেওঁ সমুদ্রগুপ্তৰ শাসন কালৰ বিষয়ে বিভিন্ন ধৰণৰ প্ৰশক্তি ৰচনা কৰিছিল । হৰিসেনৰ এই এলাহাবাদ প্রশস্তি বা শিলালিপিৰ পৰা সমুদ্রগুপ্তৰ চৰিত্ৰ আৰু বৈশিষ্ট্য সম্পর্কে জনা যায় । এই মতে , সমুদ্রগুপ্ত কেৱল এজন দ্বিগ্বীজয়ী বীৰেই নাছিল , তেওঁ তীক্ষ্ণ বুদ্ধি সম্পন্ন , সুদক্ষ ৰাষ্ট্ৰশাসক , সংগীতজ্ঞ , কবি , প্রতিভাসম্পন্ন ব্যক্তি আছিল । তেওঁ কাব্য গ্রন্থ ৰচনা কৰি কবিৰাজ ’ উপাধি কৰিছিল । সমৰ কৌশল আৰু দ্বিগ্বীজয়ৰ কাৰণে তেওঁক ভাৰতৰ নেপােলিয়ন বুলি কোৱা হয় । সমুদ্রগুপ্তৰ সংগীত বিদ্যাৰ পাৰদর্শিতাৰ পৰিচয় তেওঁৰ বীণাবাদক মূর্তি অংকিত মুদ্ৰাবােৰৰ পৰা পােৱা যায় । ধর্মীয় দিশৰ পৰা সমুদ্রগুপ্ত বিশেষভাৱে উদাৰ ব্যক্তি আছিল । 

প্রশ্ন ৩১। ভাৰতীয় ইতিহাসত সমুদ্রগুপ্তৰ স্থান নির্ণয় কৰা । অথবা , সমুদ্রগুপ্তক কিয় ভাৰতৰ নেপােলিয়ন বুলি আখ্যা দিয়া হয় ? 

উত্তৰঃ ( ১ ) দিঘীজয়ী সমুদ্রগুপ্ত :- সমুদ্রগুপ্ত ভাৰতৰ ইতিহাসৰ এজন অদ্বিতীয় দ্বিগীজয়ী । ড° স্মিথে তেওঁক ভাৰতৰ নেপােলিয়ন বুলি অভিহিত কৰিছে । কিন্তু সমুদ্রগুপ্তক নেপােলিয়নতকৈ উচ্চ স্থান দিব পাৰি । কাৰণ সমুদ্রগুপ্তই কেতিয়াও পৰাজয়ৰ গ্লানি বহন কৰিবলগীয়া হােৱা নাছিল । তেওঁ অনৈক্য আৰু বিশৃঙ্খলাৰে ভৰা ভাৰতবৰ্ষৰ এখনি সৰু ৰাজ্যৰ সিংহাসনত আৰােহণ , কৰিছিল । কিন্তু ৰাজত্বৰ শেষত তেওঁ উত্তৰ আৰু দক্ষিণ ভাৰতৰ এক বিস্তৃর্ণ অঞ্চল সামৰি এখন সু – শৃঙ্খলাবদ্ধ আৰু শক্তিশালী সাম্রাজ্য এৰি যাব পাৰিছিল । 

২। কুশলী ৰাজনীতিবিদ :- সমুদ্রগুপ্ত এজন দ্বিগ্বীজয়ী বীৰেই নাছিল , তেওঁ এজন কুশলী । ৰাজনীতিবিদো আছিল । তেওঁৰ এই ৰাজনৈতিক চতুৰতাই তেওঁৰ সাফল্যতাৰ মাপকাঠি আছিল । তেওঁৰ দ্বিগ্বীজয়ৰ ব্যাপকতালৈ চাই তেওঁ যে গােটেই ভাৰতবর্ষকে ৰাজনৈতিকভাৱে একত্রিত কৰিব খুজিছিল তাক সহজে বুজিব পাৰি ।

৩। প্রশাসক :- প্রশাসক হিচাপেও সমুদ্রগুপ্তই সুখ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছিল । তেওঁৰ সুদীর্ঘ ৰাজত্বকালত মগধৰ দৰে বিশাল সাম্রাজ্য এখনে কোনাে অন্তঃ বিপ্লৱ আৰু বৈদেশিক আক্ৰমণৰ সন্মুখীন হ’বলগীয়া নােহােৱাটোৱে তেওঁৰ প্রশাসনিক কৃতিত্বৰ পৰিচয় দাঙি ধৰে । দূৰ দূৰণিৰ প্ৰদেশবােৰক যথেষ্ট ক্ষমতা দিয়া হৈছিল যদিও শাসনৰ প্ৰতিটো দিশতে তেওঁ চকু ৰাখিছিল । কেন্দ্রীয় চৰকাৰৰ এনে তৎপৰতাৰ ফলত প্রদেশবােৰত সুশাসন চলিছিল । 

৪। শিক্ষা সংস্কৃতিৰ পৃষ্ঠপােষকতা :- ভাৰতীয় সাহিত্য শিল্পকলা আদিৰ দিশত সমুদ্রগুপ্ত নাম যথেষ্ট সম্মানেৰে স্মৰণ কৰা হয় । সাহিত্য , সংস্কৃতিৰ বিভিন্ন দিশত তেওঁ নিজেই আছিল এটা বিৰল প্রতিভা । তেওঁ এজন সঙ্গীতজ্ঞ আছিল । মুদ্ৰাবােৰত অংকিত থকা তেওঁৰ বীণাবাদক মূর্তিটোৱে ইয়াৰ স্বাক্ষৰ দাঙি ধৰে । ইয়াৰােপৰি তেওঁ নিজেই এজন সু – কবি আছিল । তেওঁ উচ্চ মানৰ কবিতা ৰচনা কৰিছিল আৰু কবিৰাজ ’ উপাধি গ্রহণ কৰিছিল । 

৫। সহনশীল সম্রাট :- সমুদ্রগুপ্তৰ আটাইতকৈ উল্লেখযােগ্য দিশটো আছিল তেওঁৰ মানৱীয় সহনশীলতা । তেওঁ হিন্দুধর্মৰ এজন গোঁড়া পৃষ্ঠপােষক আছিল আৰু অশ্বমেধ যজ্ঞাদি সমাপন কৰিছিল । কিন্তু সেইবুলি তেওঁ অন্য ধৰ্মৰ প্রতি অসহিষ্ণু নাছিল বৰং সকলাে ধৰ্মৰ প্ৰতি তেওঁ সমানে পৃষ্ঠপােষকতা কৰিছিল । সিংহলৰ ৰজা মেঘবর্মনে বুদ্ধগয়াত এটা বৌদ্ধ মন্দিৰ তৈয়াৰ কৰিবলৈ ইচ্ছা কৰাত তেওঁ প্রয়ােজনীয় সকলাে সাহায্য আগবঢ়াইছিল । বৌদ্ধ পণ্ডিত বসুবন্ধ আদিয়ে তেওঁৰ ৰাজসভাত উচ্চস্থান পাইছিল । এনেবােৰ উদাহৰণে সমুদ্রগুপ্তৰ সহনশীলতাৰ পৰিচয় দাঙি ধৰে । 

ওপৰৰ আলােচনাৰ পৰা দেখা যায় যে সমুদ্রগুপ্ত আছিল এজন ব্যক্তিত্বৰ অধিকাৰী আৰু অসংখ্যা সদগুণৰ এক সমাহাৰ চৰিত্ৰ । তেওঁৰ এই ব্যক্তিত্বৰ ওপৰতেই গুপ্ত সাম্রাজ্যৰ সকলাে দিশতে অগ্ৰহৰ হৈ ভাৰত বুৰঞ্জীৰ এক সােণালী অধ্যায় ৰচিব পাৰিছিল । 

প্রশ্ন ৩২। ফাহিয়ানৰ টোকাৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ দ্বিতীয় চন্দ্রগুপ্তৰ ৰাজত্বকালত চীনা পৰিত্ৰাজক ফাহিয়ানে ভাৰতবৰ্ষৰ বৌদ্ধ তীর্থস্থানসমূহ পৰিভ্ৰমণৰ অৰ্থে আৰু বৌদ্ধ ধর্মপুস্ত কবি নয়পিটক’ৰ মূল ৰচনা সংগ্রহৰ কাৰণে ভাৰতবৰ্ষলৈ আহিছিল । পােন প্রথমে তেওঁ গােবি মৰুভূমিৰ দক্ষিণ ফালেদি খােটানত উপস্থিত হয় । তাৰপৰা তেওঁ ক্রমান্বয়ে পামিৰ পর্বতমালা অতিক্ৰম কৰি ভাৰতবৰ্ষত প্রৱেশ কৰে । তেওঁ খ্রীঃ ৪০১ পৰা ৪১০ খ্রীঃলৈকে তেওঁ দহ বছৰ কাল ভাৰতবৰ্ষত থাকি গৈছিল । দ্বিতীয় চন্দ্রগুপ্তৰ ৰাজ্যত তেওঁ সুদীর্ঘ ছয়বছৰ কাল আছিল । এই ছয়বছৰৰ ভিতৰত তিনিবছৰ তেওঁ পাটলিপুত্ৰ নগৰত আৰু দুবছৰ তাম্রলিপ্তিত অতিবাহিত কৰিছিল । 

ফাহিয়ানৰ ভ্ৰমণকাল ১২ বছৰ আছিল । ইয়াৰে ছয়বছৰ কালৰ ভিতৰত তেওঁ ৩০ খন ৰাজ্যত ভ্রমণ কৰিছিল , আৰু বাকী ছয়বছৰ কাল তেওঁ ভাৰতবৰ্ষত অধ্যয়ন কৰিছিল । ফাহিয়ানে ছয়বছৰকাল ভাৰতবৰ্ষত থাকি ভাৰতবৰ্ষৰ সম্বন্ধে এটি মনােগ্রাহী বিৱৰণ লিখি থৈ যায় । সেই বিৱৰণৰ পৰাই সেই সময়ৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক অর্থনৈতিক সামাজিক আৰু ধর্মীয় আৰু শাসন প্রণালীৰ বিষয়ে বহুতাে কথা জানিব পৰা যায় । ফাহিয়ানৰ বিৱৰণমতে সেই সময়ত মগধ ৰাজ্যখন অতি সমৃদ্ধিশালী আছিল । পাটলিপুত্র ধনসম্পদত অতুলনীয় আছিল । পাটলিপুত্র নগৰখন অতি আটকধুনীয়াকৈ গঢ়া হৈছিল । জনসাধাৰণে বুদ্ধদেৱৰ অহিংস নীতিৰ দ্বাৰা পৰিচালিত হৈছিল । দেশৰ আর্থিক অৱস্থা অতি টনকিয়াল আছিল । দেশত চোৰ – ডকাইত ধর্মীয় দিশৰ বিষয়েও ফাহিয়ানে তেওঁৰ টোকাত উল্লেখ কৰিছিল । তেওঁৰ টোকা অনুসৰি সেই সময়ত পঞ্জাব , বংগ আৰু মথুৰাত বৌদ্ধ ধর্মই প্রসাৰ লাভ কৰিছিল । বৌদ্ধধৰ্মৰ নীতি অনুসৰি জনসাধাৰণে সকলাে দিশতে অহিংস নীতি পালন কৰিবলৈ চেষ্টা কৰিছিল । অৱশ্যে লাহে লাহে বৌদ্ধধৰ্মৰ পতনৰ বিষয়েও ফহিয়ানে তেওঁৰ টোকাত উল্লেখ কৰি গৈছে । 

বৌদ্ধধৰ্মৰ পতনৰ পিছত হিন্দু ধর্মই প্ৰসাৰ লাভ কৰিছিল । হিন্দু সম্রাটসকলে বহুতাে মঠ – মন্দিৰ তৈয়াৰ কৰিছিল । অৱশ্যে সম্রাটে সকলাে ধর্মীয় দিশত সহনশীলনীতি অনুসৰণ কৰিছিল । 

প্রশ্ন ৩৩। গুপ্ত যুগক ভাৰতীয় ইতিহাসৰ কিয় সােণালী যুগ বুলি কোৱা হয় ? 

উত্তৰঃ গুপ্ত যুগে ভাৰতীয় ইতিহাসত এক উল্লেখযােগ্য অধ্যায় ৰচনা কৰি গৈছে । এই যুগৰ সভ্যতা আৰু সংস্কৃতিৰ ইতিহাসত ‘ সােণালী যুগ ’ বুলি কোৱা হয় । এইটো নিঃসন্দেহে প্রণিধানযােগ্য যে বিশালতাৰ ফালৰ পৰা নহ’লেও সাহিত্য আৰু শিল্পৰ উত্তৰ্ষৰ ফালৰপৰা গুপ্ত সাম্রাজ্যই মৌর্য সাম্রাজ্যই মৌর্য সাম্রাজ্যকে পিছ পেলাবলৈ সক্ষম হৈছিল । সেইবাবেই ভাৰতবৰ্ষৰ ইতিহাসত এই যুগক গ্ৰীচৰ পেৰিকোলাচৰ যুগ আৰু ইংলণ্ডৰ ৰাণী এলিজাবেথৰ যুগৰ লগত তুলনা কৰা হয় । 

গুপ্তযুগৰ শাসন ব্যৱস্থা কঠোৰ অথচ সহজ সৰল আছিল । গুপ্তযুগৰ শাসন ব্যৱস্থাক চীনা পৰিব্রাজক ফাহিয়ানে প্রশংসা কৰি গৈছে । দণ্ডবিধানৰ কোনাে কঠোৰতা নাছিল । জনসাধাৰণে শান্তিপূর্ণভাৱে বাস কৰিছিল । কৰ কাটল অতি লঘু আছিল । কৰৰ হেঁচাৰ পৰা জনসাধাৰণ মুক্ত আছিল । দেশত কোনাে ধৰণৰ অৰাজকতা নাছিল । ড ° স্মিথে গুপ্তযুগৰ শাসনব্যৱস্থাৰ ওপৰত সুন্দৰ মন্তব্য দি গৈছে । 

ধর্মীয় দিশৰ ক্ষেত্ৰতাে গুপ্তযুগেই শ্রেষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল । তেওঁলােকে নিজে বৈষ্ণৱপন্থী আছিল । কিন্তু অন্য ধর্ম সম্প্রদায়ৰ প্রতি ভাল ব্যৱহাৰ কৰিছিল । শাসনৰ বিভিন্ন কার্যত বিভিন্ন ধৰ্মৰ লােকক নিযুক্তি দি সহনশীলতাৰৰ পৰিচয় দিছিল । 

সাহিত্যৰ ক্ষেত্ৰতাে গুপ্তযুগৰ অৱদান অসীম । নৱৰত্ন বা এজন কবিয়ে দ্বিতীয় চন্দ্রগুপ্ত ৰাজসভা অলংকৃত কৰি ৰাখিছিল । মহাকবি কালিদাস এই যুগৰ সাহিত্য আকাশৰ ভােটাতৰা স্বৰূপ আছিল । কালিদাসৰ ৰঘুবংশ’,  ‘কুমাৰসম্ভৱ’,  ‘মেঘদূত ’ আৰু ঋতু সংহাৰ খণ্ডবাক্য আদি কাব্যবােৰ সংস্কৃত সাহিত্যৰ অমূল্য ভাণ্ডাৰ । সকলােবােৰ সংস্কৃত কাব্যতে সাহিত্যৰ নৱ ৰস প্রকাশ কৰা হৈছে । 

কালিদাসে ৰচনা কৰা ‘ শকুন্তলা ’ ( অভিজ্ঞানম শকুন্তলম্‌ ) নাটখন বর্তমান সকলাে সমাজৰ এক সম্পদ । পৃথিৱীৰ সকলাে ভাষালৈ এই নাটখন অনুবাদ কৰা হৈছে । ইয়াৰ উপৰি কালিদাসৰ মালৱিকাগ্নিমিত্র ’ , ‘ শুভ্ৰকৰ ’ , ‘ মৃচ্ছকটিকা ’ , বিশাখদত্তৰ মুদ্ৰাৰাক্ষস’প্রভৃতি ৰচনাশৈলী সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত গুপ্তযুগৰ শ্ৰেষ্ঠ অৱদান । গুপ্তযুগত ৰচনা কৰা স্থাপত্য কলা বিষয়ক মৌলিক গ্রন্থ ‘ মান – সাৰত’ত ৰংগমঞ্চ সজাৰ নিয়মবােৰ বিশদভাবে বর্ণনা কৰা হৈছে । এই গ্ৰন্থখনৰ যােগেদি গুপ্তবংশৰ সময়ত ভাৰতীয় নাট্যশালাৰ অৱস্থাৰ এক সুন্দৰ আভাস পােৱা যায় ।

গুপ্তযুগৰ শিল্পকলা আৰু ভাস্কৰ্যৰ অৱদান অসীম । ধর্ম সম্বন্ধীয় ঘটনাকে আশ্রয় কৰি গুপ্ত শিল্পীসকলে যেন শিলত প্রাণ দিবলৈ সক্ষম হৈছিল । 

বিজ্ঞানৰ ক্ষেত্ৰতাে গুপ্তযুগৰ অৱদান বিশেষ আছিল । বিজ্ঞানৰ ক্ষেত্ৰত এই যুগৰ আর্যভট্ট আৰু বৰামিহিৰৰ নাম প্রণিধানযােগ্য । আর্যভট্ট আছিল সেই যুগৰ শ্রেষ্ঠ গণিত শাস্ত্রবিদ আৰু বৰামিহিৰ আছিল শ্রেষ্ঠ জ্যোতির্বিদ । এই যুগতে গণিত শাস্ত্ৰত শূন্য আৰু দশমিকৰ আৱিষ্কাৰ হৈছিল । চিকিৎসা শাস্ত্ৰয়াে সেই সময়তে যথেষ্ট উৎকর্ষ লাভ কৰিছিল । 

এইদৰে দেখা যায় যে গুপ্তযুগে ভাৰতীয় ইতিহাসৰ সকলাে দিশতে শ্রেষ্ঠতা লাভ কৰিছিল । ইংলেণ্ডৰ ইতিহাসত ৰাণী এলিজাবেথৰ যুগ যিদৰে ইংৰাজী সাহিত্যৰএক চৰম সমৃদ্ধিৰ যুগ , ঠিক সেইদৰে ভাৰতীয় সাহিত্যৰ ইতিহাসতো গুপ্তযুগ এক চৰম উৎকৰ্যৰ যুগ বুলি ক’ব পাৰি । সকলাে দিশৰ ফালৰ পৰাই গুপ্তযুগ সমৃদ্ধ আছিল কাৰণে ভাৰতীয় ইতিহাসত গুপ্তযুগক ভাৰতীয় ঐতিহাসিকসকলে ‘ সােণালী যুগ ” বুলি অভিহিত কৰিছে । 

প্রশ্ন ৩৪। গুপ্ত যুগৰ পতনৰ কাৰণৰােৰ আলােচনা কৰা । 

উত্তৰঃ গুপ্তযুগৰ পতনৰ কাৰণবােৰ তলত উল্লেখ কৰা ধৰণে আলােচনা কৰিব পাৰি । 

( ক ) দুর্বল উত্তৰাধিকাৰী :- দ্বিতীয় চন্দ্রগুপ্তৰ মৃত্যুৰ পিছৰে পৰা গুপ্ত সাম্রাজ্যৰ স্বতন্ত্রতা আৰু অখণ্ডতা বজাই ৰাখিব পৰাকৈ এজন গুপ্ত সম্রাটৰ অভাৱ পৰিলক্ষিত হৈছিল । স্কন্দগুপ্ত যদিও এজন শক্তিশালী সম্রাট আছিল । তথাপি তেওঁৰ দিনৰে পৰা গুপ্ত সাম্রাজ্যৰ পতনৰ সূচনা আৰম্ভ হৈছিল । পুষ্যমিত্র আৰু স্থণ জাতিৰ প্রবল আক্রমণৰ পৰা তেওঁ গুপ্ত সাম্রাজ্যৰ সকলাে সম্পাদক হেৰুৱাই সর্বশ্রান্ত হৈ পৰিছিল । স্কন্দগুপ্তৰ মৃত্যু আৰু পুৰু গুপ্তৰ অল্পস্থায়ী ৰাজত্বই গুপ্ত বংশৰ ধ্বংস অধিক খৰতকীয়া কৰিছিল । 

( খ ) ৰাজপৰিয়ালৰ স্বাৰ্থপৰতা আৰু পৰম্পৰৰ কাজিয়া :- গুপ্ত সাম্রাজ্য পতনৰ এটা অন্যতম কাৰণ হ’ল ৰাজ পৰিয়ালৰ প্রধানতঃ যুৱৰাজসকলৰ স্বাৰ্থপৰতা আৰু তেওঁলােকৰ পৰস্পৰৰ মাজত হােৱা ক্ষমতাৰ যুঁজ বাগৰ । প্রথম কুমাৰ গুপ্তৰ মৃত্যুৰ পাছত সিংহাসনৰ কাৰণে তেওঁৰ পুতেকসকলৰ ( পুৰুগুপ্ত , স্কন্দগুপ্ত আৰু ঘটোৎকচ গুপ্তৰ ) মাজত সম্ভৱতঃ এখন উত্তৰাধিকাৰ যুদ্ধ হৈছিল । এই যুদ্ধত স্কন্দগুপ্তই জয়লাভ কৰিছিল যদিও গুপ্ত সিংহাসনে এনে দুর্যোগৰ পৰা ৰেহাই নাপালে ।

( গ ) বাকাটক ( Vakatakas ) সকলৰ আক্রমণ :- দাক্ষিণাত্যৰ বাকাটকসকল আছিল গুপ্তসকলৰ শক্তিশালী প্রতিবেশী । সমুদ্রগুপ্তৰ দৰে শক্তিশালী সম্রাট শাসন কালত বাকাটক সকলে প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল । পিছৰ কালৰ শাসকসকলৰ দুৰ্বলতাৰ সুযােগ গ্রহণ কৰি বাকাটসকল অধিক শক্তিশালী হৈ পৰিছিল । 

( ঘ ) ত্রুটিপূর্ণ শাসন ব্যবস্থা :- গুপ্তসকলষ বিকেন্দ্রীয় শাসনব্যৱস্থাইও ইয়াৰ পতনৰ অৰিহণা যােগায় । গুপ্তসকলে মৌর্যসকলৰ লেখীয়াকৈ এটা শক্তিশালী কেন্দ্রীয় শাসন ব্যৱস্থা গঢ়ি তুলিব পৰা নাছিল । মৌর্য সাম্রাজ্যত প্রাদেশিক শাসকবােৰ আছিল কেন্দ্রীয় চৰকাৰৰ আজ্ঞাবাহী । কিন্তু গুপ্ত শাসনত অন্য ধৰণেহে পৰিচালিত হৈছিল । 

( ঙ ) অধীন নৃপতিসকলৰ আনুগত্য অস্বীকাৰ :-  গুপ্তসকলৰ আভ্যন্তৰীণ দুর্বলতাৰ সুযােগ লৈ স্থানীয় শাসক আৰু অন্যান্য ৰাজন্যবর্গই স্বাধীনতা ঘােষণা কৰিবলৈ সুযােগ পাইছিল । মালৱৰ যশােবর্মনে হূণসকলক পৰাজিত কৰি নিজৰ প্রতিপত্তি বদ্ধি কৰাৰ লগতে গুপ্তসকলৰ প্রভাৱ নিষ্প্রভ কৰি তুলিছিল । 

( চ ) হূণ আক্রমণ :- হূণসকলৰ উপর্যুপৰি আক্রমণে গুপ্ত সাম্রাজ্য ধ্বংসত যথেষ্ট অৰিহণা যােগায় । গুপ্ত ৰজাসকলে এই আক্রমণ সফলতাৰে প্ৰতিৰােধ কৰিছিল যদিও ইয়াত ব্যস্ত থাকিবলগীয়া হােৱাত গুপ্ত ৰজাসকল তলতীয়া শাসকসকলৰ প্রতি বিশেষ চকু দিব নােৱৰাত সাম্রাজ্যৰ বান্ধ ঢিলা হৈ পৰিছিল । শেষত আন্তঃবিদ্রোহ আৰু বিশৃংখলতাপূর্ণ গুপ্ত সাম্রাজ্যক পুনৰ গঠন কৰিব পৰা যােগ্যতাৰ গুপ্ত সম্রাট এজনে সাম্রাজ্যখন লাভ কৰিব নােৱাৰিলে । বৰঞ্চ শেষ দুর্বল গুপ্ত সম্রাটসকলে বৌদ্ধধর্ম দীক্ষিত হৈ গুপ্তৰে সামৰিক শক্তিটো অধিক দুর্বল কৰি তুলিলে । অৱশেষত ৫৫৪ খ্রীঃত মৌখাৰী ৰজা ঈষাণ বৰ্মনৰ হাতত গুপ্ত সাম্রাজ্যৰ চূড়ান্ত পতন ঘটিছিল । 

প্রশ্ন ৩৫। কণিষ্কৰ কৃতিত্ব আৰু চৰিত্ৰৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ দ্বিতীয় কডফিছিছিৰ পাছত কণিষ্ক কুষাণ বংশৰ ৰজা হিচাপে সিংহাসনত আৰহণ কৰে । কণিষ্কৰ সিংহাসন আৰহণৰ সময় সম্বন্ধে বিভিন্ন ঐতিহাসিকসকল একমত নহয় । ড° স্মিথৰ মতে ১১০ খ্রীঃৰ পৰা ১২০ খ্রীঃৰ ভিতৰত কণিষ্কই সিংহাসনত আৰহণ কৰিছিল । আনহাতে জে এন বেনার্জী , ড° ৰাজয়চৌধুৰী , ড° সৰকাৰ প্রভৃতি ঐতিহাসিক পণ্ডিতসকলে কণিষ্কৰ ৰাজত্বকাল ৭৫ খ্রীঃৰপৰা আৰম্ভ হােৱা বুলি মত পােষণ কৰে ৷ শেষত ৭৮ খ্রীষ্টাব্দত কণিষ্কৰ দ্বিতীয় কডফিছিহ্ন মৃত্যুৰ পিছত কণিষ্ক কুষাণবংশৰ ৰজা হয় বুলি প্ৰায়ভাগ পণ্ডিতে মত পােষণ কৰে । 

কণিষ্কৰ যুদ্ধ বিজয় :- কণিষ্কই সিংহাসনত উঠিয়েই কডফিছিছৰ অপমানৰ প্রতিশােধ লবলৈ বিচাৰে । হিউয়েনচাঙৰ বিৱৰণী মতে কনিষ্কই চীনা সাম্রাজ্য আক্রমণ কৰে আৰু এওঁলােকৰ অধীনত থকা কাছাড় নামে ঠাই কবদ ৰাজ্যৰ চৈনিক ৰজাৰ এজন পুতেকক কণিষ্কই প্রতিভূস্বৰূপে নিজৰ ৰাজসভালৈ লৈ আহে।কণিষ্কই কাশ্মীৰ নিজ ৰাজ্যৰ অন্তর্ভুক্ত কৰিছিল বুলি ড° স্মিথে উল্লেখ কৰিছে । 

মগধ সাম্রাজ্যৰ বিৰুদ্ধে কণিষ্কই অভিযান চলােৱাৰ কোনাে বাস্তব প্রমাণ পোৱা নাযায় । কিন্তু বৌদ্ধ গ্রন্থৰ পৰা উল্লেখ পােৱা মতে কণিষ্কই পাটলিপুত্ৰ অধিকাৰ কৰাৰ পাছত বৌদ্ধ পণ্ডিত অশ্বঘােষক কণিষ্কই তেওঁৰ ৰাজসভালৈ লৈ আহিছিল । গতিকে এই ফালৰ পৰা মগধ সাম্রাজ্যৰ এটা অংশ কণিষ্কই দখল কৰা বুলি অনুমান কৰিব পাৰি । 

ইয়াৰ পিছত কণিষ্কই উজ্জয়িনীৰ শক ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰিছিল । সম্ভৱতঃ এই যুদ্ধত কণিষ্কৰ হাতত শক ৰজা পৰাজিত হৈছিল । চুক্তি অনুসৰি শক ৰজাই মালৱ ৰাজ্যৰ এটা অংশ কণিষ্কক এৰি দিবলৈ বাধ্য হয় । এইদৰে বিভিন্ন ঠাই অধিকাৰ কৰি কণিকই পুৰুষপুৰ বা পেচোৱাৰত এখন ৰাজধানী স্থাপন কৰে । ৰাজধানীখন সৌন্দর্যবর্ধনৰ কাৰণে তাত বহুতাে অট্টালিকা আৰু বৌদ্ধ মঠ – মন্দিৰ নিৰ্মাণ কৰিছিল ।

সাম্রাজ্যৰ বিস্তৃতি :- বিভিন্ন শিলালিপিৰ পৰা জনা যায় যে বর্তমানৰ উত্তৰ প্ৰদেশ , পঞ্জাব আৰু উত্তৰ – পশ্চিম প্রদেশ আৰু ভাৱালপুৰ ৰাজ্যক লৈ কণিষ্কৰ সাম্রাজ্যখন গঠিত হৈছিল । পশ্চিমে খােচানৰ পৰা পূবে বিহাৰ পর্যন্ত উত্তৰে খােটানৰ পৰা দক্ষিণে কংকন পর্যন্ত কুষাণ সাম্রাজ্যৰ বিস্তৃতি আছিল বুলি বুৰঞ্জীবিদসকলে মত পােষণ কৰে । 

শিল্প সাহিত্যৰ পৃষ্ঠপােষক :- ধর্মীয় দিশৰ উপৰিও কণিষ্ক শিল্প সাহিত্যৰ পৃষ্ঠপােষক আছিল । কুষাণযুগৰ কাৰু কাৰ্যৰ নৈপুণ্যতাই দেশ বিদেশৰ লােকৰ দৃষ্টি আকর্ষণ কৰিছিল । কবি আৰু দার্শনিক অশ্বমেধ , বৌদ্ধ দার্শনিক নাগার্জুন , চিকিৎসক চৰক আদি মনিষীসকলে এওঁৰ ৰাজত্বকালত বিভিন্ন ক্ষেত্ৰত তেওঁলােকৰ অমৰ অৱদানেৰে দেশৰ প্রতি সমৃদ্ধি আগবঢ়াইছিল । 

প্রশ্ন ৩৬। সাতবাহন সকলৰ চমু ইতিহাস বর্ণনা কৰা । 

উত্তৰঃ অশােকৰ মৃত্যুৰ পাছত মৌর্য সাম্রাজ্য ক্রমশঃ দুর্বল হৈ পৰে । ঠিক এই সময়তেই দক্ষিণ ভাৰতত এটা নতুন শক্তিয়ে মূৰ দাঙি উঠে । মগধৰ কাৰ বংশৰ শাসন উচ্ছেদ কৰি মূৰ দাঙি উঠা এই শক্তিটোৱেই আছিল সাতবাহন বংশ । এই বংশটোক অস্ত্র বংশ বুলি জনা যায় । পুৰাণৰ সাতবাহনবংশীয় ৰজাসকল ব্রাহ্মণ আছিল । মুদ্রা , শিলালিপি আৰু পুৰাণ আদিৰ পৰা সাতবাহন বংশৰ ৰজাসকলৰ বিষয়ে বিশদভাৱে জানিব পৰা যায় । 

সাতবাহন বংশৰ আদি বাসস্থান সম্পর্কে বিভিন্ন পণ্ডিতে মত পােষণ কৰে । এইক্ষেত্ৰত ইতিহাসবিদসকল একমত হ’ব পৰা নাই । ইতিহাসবিদ ৰূপচন , ড° স্মিথ আদিৰ মতে অন্ধ্ৰসকলৰ আদি বাসস্থান ‘ অন্ধ’ত আছিল । গােপালাচাৰীৰ মতে সাতবাহনসকল বর্তমান হায়দৰাবাদ চহৰৰ ঔৰংবাদত বাস কৰিছিল । গতিকে দেখা যায় বেছিভাগ ইতিহাসবিদে অস্ত্র দেশেই সাতবাহন বংশৰ আদি বাসস্থান আছিল বুলি মত পােষণ কৰে । 

খ্রীঃ দ্বিতীয় শতাব্দীৰ প্রথম ভাগত গৌতমীপুত্র সাতকর্ণীৰ সাতবাহনসকলৰ হেৰােৱা গৌৰৱ আৰু ক্ষমতা পুনর্জীৱিত কৰিবলৈ সক্ষম হয় । তেওঁ শক , যবন , গ্রীক আৰু পহলবসকলক পৰাজিত কৰাৰ উপৰিও ক্ষহৰত বংশৰ শ্ৰেষ্ঠ শক ৰজা নাহাপানক পৰাস্ত কৰি ক্ষহৰত বংশৰ উচ্ছেদ সাধন কৰে । 

প্রথম সাতকর্ণীৰ মৃত্যুৰ পাছত সাতবাসন বংশই অৱনতিৰ পিনে গতি কৰে । তেওঁৰ স্ত্রীয়ে তেওঁৰ উত্তৰাধিকাৰী হিচাপে ৰাজ্য শাসন কৰে । এই সময়তে সাতবাহন বংশৰ শাসকৰ দুর্বলতাৰ সুযােগ লৈ পশ্চিম ভাৰতৰ ক্ষহৰত নামৰ শক জাতৰ এটা শাখাই সাতবাহনসকলৰ হাতৰ পৰা মহাৰাষ্ট্ৰৰ এটা অংশ কাঢ়ি লয় । 

গৌতমীপুত্র সাতকর্ণীৰ মৃত্যুৰ পাছত তেওঁৰ ক্ষমতাশালী পুত্র বশিষ্টপুত্র পুলমায়ী সাতবাহন বংশৰ ৰজা হয় । অন্ধ্র , মধ্যপ্রদেশৰ কিছু অংশ আৰু কৰমণ্ডল উপকূললৈকে তেওঁ সাতবাহন  ৰাজ্যৰ প্রাধান্য বিস্তাৰ কৰে । তেওঁৰ ৰাজত্বকালত সাতবাহন বংশই চাৰিওফালে শ্রেষ্ঠতা লাভ কৰে । তেওঁৰ ৰাজত্ব কালতেই দেশৰ অর্থনৈতিক অৱস্থা যথেষ্ট উন্নতি হয় । নৱ নগৰ নামে চহৰখন তেওঁৰ দিনত নির্মাণ কৰা হৈছিল । তেৱেই ‘ মহাৰাজ ’ উপাধি , দক্ষিণা পথেশ্ব উপাধি গ্রহণ কৰে । টলেমিৰ লিখনিৰ পৰা পুলমায়ীৰ শাসনকালৰ বিষয়ে জানিব পাৰি ।পুলমায়ীৰ মৃত্যুৰ পাছত শিৱশ্রী পুলমায়ী সাতবাহন বংশৰ ৰজা হয় । যথাসম্ভৱ ৰুদ্ৰদমনৰ হাতত শিৱশ্রী দুবাৰৰ পৰাজিত হৈছিল । 

প্রশ্ন ৩৮। দক্ষিণ ভাৰতৰ ইতিহাসত চোলসকলৰ অৱদান সম্পর্কে চমু আভাস দিয়া । 

উত্তৰঃ মেগাস্থানিছৰ টোকা আৰু অশােকৰ শিলালিপিৰ পৰা চোল ৰাজ্যৰ বিষয়ে কিছু তথ্য পােৱা যায় । 

চোল ৰাজ্যৰ প্রথম ঐতিহাসিক ৰজা আছিল কৰিকেল । এওঁ এজন শক্তিশালী ৰজা আছিল । তেওঁ পাণ্ড্য , কেৰেলা আৰু সিংহল জয় কৰিছিল । এওঁ কাবেৰী নৈৰ তীৰত এখন নতুন ৰাজধানী স্থাপন কৰিছিল । 

পৰান্তকৰ মৃত্যুৰ পাছত চোলবংশৰ পৰৱর্তী শাসকসকল দুর্বল হােৱা হেতুকে চোল ৰাজ্যত বিশৃংখলতাই দেখা দিয়ে । শেষত দশম শতিকাৰ শেষ ভাগত ৰাজাৰাম নামৰ এজন ক্ষমতাশালী ৰজাই চোল ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰে । তেওঁ সিংহাসনত আৰােহণ কৰিয়েই চোল ৰাজ্যৰ হেৰুৱা শক্তি আৰু প্রতিপত্তি ঘূৰাই আনে । 

ৰাজাৰামৰ শাসনকাল অতি দীঘলীয়া আছিল । এই কালছােৱাৰ ভিতৰত তেওঁ অন্যান্য বহুতাে ৰাজ্য জয় কৰি দাক্ষিণাত্যৰ একচ্ছত্রী শাসক হৈ পৰে । তেওঁ চালুক্যসকলক পৰাজিত কৰি বেংগী পুনৰ উদ্ধাৰ কৰে । 

ৰাজাৰামৰ মৃত্যুৰ পাছত ১০১৮ চনত ৰাজেন্দ্ৰ চোল সিংহাসনত উঠে । সিংহাসনত আৰােহণ কৰিয়েই ৰাজ্য বিস্তাৰৰ প্রতি মনােযােগ দিয়ে শক্তিশালী নৌবাহিনীৰ সহায়ত তেওঁ পেণ্ড , আন্দামান , নিকোবৰ আদি দ্বীপসমূহ দখল কৰে । মহীশূৰৰ গংগা ৰজা আৰু কল্যাণৰ চালুক্য ৰজাও এওঁৰ হাতত পৰাস্ত হয় । 

ৰাজেন্দ্ৰ চোলদেৱৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক ৰাজাধীৰাজে সিংহাসনত বহে । এওঁৰ ৰাজত্ব কালৰ অধিকাংশ সময়েই চোল ৰাজ্যৰ আভ্যন্তৰীণ বিদ্রোহ দমন কৰাত অতিবাহিত হয় । বিভিন্ন ৰাজ্যৰ লগত যুদ্ধত জয়লাভ কৰি এওঁ অশ্বমেধ যজ্ঞ সমাপন কৰে । 

চোল ৰাজ্যৰ শাসন ব্যৱস্থা উৎকৃষ্ট আছিল । গাঁও আৰু নগৰ শাসনৰ বাবে প্রতিনিধিমূলক স্বায়ত্ত শাসন ব্যৱস্থা আছিল । স্বায়ত্ত শাসন পৰিচালনা কৰাৰ কাৰণে কর্মচাৰীসকলক নিযুক্তি দিছিল । 

চোল ৰজাসকলে সামুদ্রিক বাণিজ্য আৰু সামৰিক প্রয়ােজনীয়তাৰ কাৰণে এক বিশাল নৌ – বাহিনী গঠন কৰিছিল । দেশৰ কৃষি কাৰ্যৰ সুবিধাৰ কাৰণে একাধিক বিশাল জলসিঞ্চন পৰিকল্পনা কার্যকৰী কৰা হৈছিল । চৰকাৰী ৰাস্তা – ঘাট , জলসিঞ্চন প্রভৃতি কামৰ কাৰণে নিবনুৱা লােকক কামত নিয়ােগ কৰিছিল । 

চোল বংশৰ সম্রাটসকল স্থাপত্য আৰু ভাস্কর্য শিল্পৰ পৃষ্ঠপােষক আছিল । এই যুগত তামিল সাহিত্যই বিশেষ প্রসাৰতা লাভ কৰিছিল । 

প্রশ্ন ৩৯। গুপ্ত যুগৰ শাসন ব্যৱস্থাৰ বিষয়ে চমু আভাস দিয়া । 

উত্তৰঃ ফাহিয়ানৰ বিবৰণী আৰু শিলালিপি সমুহত পােৱা তথ্য অনুসৰি জনা যায় যে গুপ্ত শাসন ব্যৱস্থা কেন্দ্রীয় আৰু প্রাদেশিক এই দুই ভাগত ভগাব পাৰি । সকলাে শাসন ব্যৱস্থাৰ মুৰব্ৰী আছিল ৰজা নিজে । আইন কানুন বলবৎ ৰাখি ৰজাই দেশৰ শান্তি শৃঙ্খলা বজাই ৰাখিছিল ।

বিদেশী আক্রমণ আৰু আভ্যন্তৰীণ বিপদৰ পৰা দেশ আৰু প্রজাবৰ্গক ৰক্ষা কৰা ৰজাৰ প্রধান কর্তব্য আছিল । চৰকাৰী নীতি নির্ধাৰণ , বিচাৰ ব্যৱস্থা , শাসন ব্যৱস্থা আৰু শুদ্ধ পৰিচালনা আদি ৰজাসকলৰ কৰিবলগীয়া আন আন দায়িত্ব আছিল । এখন বিশাল সাম্রাজ্যৰ শাসন ব্যৱস্থা  বাহাল ৰখাৰ কাৰণে ৰজাৰ পক্ষে অসম্ভৱ আছিল আৰু সেই কাৰণে বিভিন্ন বিভাগ চোৱা – চিতা কৰাৰ কাৰণে বিভিন্ন পর্যায়ৰ ৰাজকর্মচাৰী নিযুক্ত কৰিছিল । 

গুপ্ত সাম্রাজ্য কেইখনমান প্রদেশত বিভক্ত আছিল । প্রদেশসমূহ দেশ ভুক্তি , দেশ , ভােগ , উপৰিক , গােপ্ত আৰু ভৌগিক নামেৰে পৰিচিত আছিল ।সেইবােৰ আকৌ জিলা নাইবা ‘ বিষয়ত বিভক্ত আছিল । বিষয় বা জিলাৰ বাৰক ‘ বিথিতত ভাগ কৰা হৈছিল । কেইবাখনাে গাঁও লগলাগি ‘ পেথক ’ আৰু ‘ শান্তক ’ বােলা হৈছিল । দেশবােৰৰ ভিতৰত সুকুলি , দেশ , সৌৰাষ্ট্র , ধাৱল প্রভৃতিৰ উল্লেখ পােৱা যায় । 

গাঁৱৰ শাসনকার্যত গ্রামিক বা গাঁওবুঢ়াই মুৰব্বী আছিল । দুতসকলেও গাঁৱৰ শাসনকার্যত সহায় কৰিছিল । 

ফাহিয়ানৰ বিৱৰণৰপৰা গুপ্তযুগৰ শাসনব্যৱস্থাৰ বিষয়ে বহুতাে কথা জানিব পাৰি আৰু তেওঁ গুপ্তযুগৰ আমােলৰ শাসন দক্ষতাৰ শ্ৰেষ্ঠতা প্রশংসা কৰি গৈছে । 

গুপ্তযুগৰ শাসন ব্যৱস্থাত অৱশ্যে বহুতাে ত্রুটি লক্ষ্য কৰা যায় । গুপ্ত সাম্রাজ্যখন এখন বিশাল সাম্রাজ্য আছিল । একোজন শাসক দক্ষতাৰ ওপৰতে সাম্রাজ্যখনৰ স্থিতি নিৰ্ভৰ কৰিছিল । গুপ্তযুগৰ পিছৰ শাসকসকল অত্যন্ত দুর্বল আছিল । সেয়ে তেওঁলােকে এখন বিশাল সাম্রাজ্য কৰাৰ কাৰণে অপৰাগ হৈছিল । ইয়াৰ ফলতেই এটা সময়ত গুপ্ত সাম্রাজ্যখনৰ পতন ঘটিছিল । 

প্রশ্ন ৪০। মগধৰ উত্থানৰ কাৰণবােৰ দর্শোৱা ।

উত্তৰঃ আধুনিক ইতিহাসবিদ সকলৰ মতে মগধৰ উত্থানৰ কাৰণবােৰ হ’ল— 

( ক ) মগধ আছিল প্রকৃতি প্রদত্ত সুৰক্ষাৰে সুৰক্ষিত এখন নদী মাতৃক ৰাজ্য । ইয়াৰ চাৰিওফালে পাহাৰে আবৃত কাৰণে ই অত্যন্ত সুৰক্ষিত আছিল । 

( খ ) মগধত প্ৰচুৰ পৰিমানে লাে পােৱা গৈছিল । লােৰ সহায়ত খেতিৰ সঁজুলি আৰু যুদ্ধ বিগ্ৰহৰ অস্ত্র – শস্ত্র তৈয়াৰ কৰাত সহজ হৈছিল । 

( গ ) মগধৰ হাবিত বিস্তৰ হাতী পােৱা গৈছিল । ইয়াৰ সহায়ত এক শক্তিশালী সামৰিক বাহিনী সৃষ্টি কৰাত সহজ হৈছিল । 

( ঘ ) মগধে প্রকৃতিগত ভাবে লাভ কৰিছিল বহুতাে সুযােগ্য নেতা আৰু সু – বিশাল সৈন্য বাহিনী । 

প্রশ্ন ৩৫। প্রাচীন ভাৰতৰ মন্দিৰ স্থাপত্য বিদ্যাৰ বিকাশৰ অগ্ৰগতিৰ চমু আভাস দিয়া ।

উত্তৰঃ প্রাচীন ভাৰতৰ স্থাপত্যবিদ্যাৰ ভিতৰত প্ৰধানকৈ স্কুপ আৰু মঠ – মন্দিৰবােৰ আছিল বিশেষভাৱে উল্লেখযােগ্য । 

স্তপ নির্মাণ প্রাচীন কালৰ অন্যতম শ্রেষ্ঠ স্থাপত্য কীর্তি । স্তপ বা ঢিপপােৰ প্ৰথমতে সাধাৰণ মাটিৰ অর্ধগােলাকৰ ঢিপৰ দৰে আছিল । পিছলৈ ইয়াক আন্দা বুলি কোৱা হৈছিল । লাহে লাহে ইয়াৰ গঠনশৈলী ক্রমে জটিল হৈ বর্গাকৃতি আৰু সন্তুলিত গােলাকৃতি ৰূপত প্রকাশ পায় । সাঁচিৰ স্তুপ নির্মাণৰ সম – সাময়িকভাৱে দেৱ – দেৱীৰ মূর্তিসমূহ প্রতিষ্ঠাৰ বাবে মন্দিৰ গৃহনির্মাণ কৰা হৈছিল । প্রথম অৱস্থাত মন্দিৰসমূহ একো একোটা বর্গক্ষেত্রাকাৰ কোঠা আছিল ; যাক গর্ভগৃহ বুলি কোৱা হৈছিল । লাহে লাহে গর্ভগৃহৰ ওপৰত এটি ওখ গাঁথনি সজা হৈছিল , যাক শিখৰ বুলি জনা গৈছিল । মন্দিৰসমূহ ভাস্কর্যৰে অলংকৃত কৰা হৈছিল । পিছলৈ মন্দিৰ স্থাপত্যৰ যথেষ্ট বিকাশ সাধন হৈছিল ।

1 thought on “Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top