Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ

Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ and select needs one.

Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ Solutions for All Subject, You can practice these here…

 ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। প্রাচীন কালত চহৰ ৰা নগৰসমূহৰ চাৰিওফালে কিয় প্রাচীৰ বা দেৱাল নির্মাণ কৰা হৈছিল ? সেই প্রাচীৰবােৰ কেনেদৰে নিৰ্মাণ কৰােৱা হৈছিল ? 

উত্তৰঃ প্রাচীন কালত চহৰ বানগৰসমূহক সুৰক্ষা দিয়াৰ কাৰণে গড়খাৱৈা প্ৰাচীৰ নির্মাণ কৰিছিল ৷ কাৰণ সেই চহৰ বানগৰসমূহ ৰাজধানী হিচাপে গঢ় লৈ উঠিছিল । তদুপৰি এই চহৰ বা নগৰ সমূহ অর্থনীতি আৰু বাণিজ্য প্রধান কেন্দ্রস্থল হিচাপে গঢ়ি উঠিছিল । সেইবাবে এই নগৰসমূহৰ যাতে কোনাে ক্ষতিসাধন কৰিব নােৱাৰে তাৰ বাবে সুৰক্ষিত কৰি ৰাখিছিল । 

নগৰসমূহ সুৰক্ষিত কৰাৰ কাৰণে যি গড়খাৱৈ বা প্রাচীৰ নিৰ্মাণ কৰিছিল যিবােৰ সম্ভৱতঃ সমাজৰ দুর্বল শ্ৰেণীৰ লােকৰ সহায়ত কম খৰচতে নির্মাণ কৰাইছিল । তদুপৰি যুদ্ধবন্দী বা আন কোনাে অভিযুক্ত ব্যক্তিকো এনে নির্মাণ কার্যত ব্যৱহাৰ কৰিছিল বুলি অনুমান কৰিব পাৰি । এনে নির্মাণ কার্যত ব্যৱহৃত সামগ্ৰীসমূহ সম্ভৱতঃ সমাজৰ ধনী শ্রেণীৰ লােকসকলে যােগান ধৰিছিল । 

প্রশ্ন ২। ষোল্ল মহাজন পদৰ সময়ত গঢ়ি উঠা কিছুমান নগৰ বা চহৰৰ নাম উল্লেখ কৰা । 

উত্তৰঃ ষোল্ল মহাজন পদৰ সময়ৰে পৰা ভাৰতত বহুতাে উল্লেখযােগ্য মহানগৰী গঢ়ি উঠাৰ প্ৰমাণ পােৱা যায় । এই নগৰসমূহৰ ভিতৰত মগধৰ ৰাজধানী পাটলিপুত্র , উজ্জয়িনী , পুহাৰ , বৈশালী , সাৰনাথ , মথুৰা আদি । এই নগৰ বা চহৰসমূহ পিছলৈ পৱিত্র তীর্থ স্থান হিচাপেও পৰিগণিত হৈছিল । 

প্রশ্ন ৩। প্রাচীন চহৰত উদ্ধাৰ হােৱা বিভিন্ন ধৰণৰ শিল্পৰ ব্যৱহাৰ সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ খনন কাৰ্যৰ জৰিয়তে উদ্ধাৰ হােৱা চহৰ নগৰৰ ভগ্নাৱশেষবােৰৰ পৰা সেই সময়ত ব্যৱহাৰ হােৱা নানাধৰণৰ শিল্পৰ কথা জনা যায় । 

( ক ) প্রাচীন কালত কুমাৰসকলে মাটিৰ বা চীনা মাটিৰে অতি মূল্যবান বাচন বর্জন নির্মাণ কৰিছিল । 

( খ ) উন্নত ধৰণৰ চীনা মাটিৰ বাচনসমূহ সম্ভৱতঃ সমাজৰ চহৰৰ ধনীক শ্ৰেণীয়ে ব্যৱহাৰ কৰিছিল । 

( গ ) এইবােৰৰ উপৰিও নানা ধৰণৰ আ – অলঙ্কাৰ আৰু গহনা ব্যৱহাৰৰ কথা জনা যায় । এইবােৰ সাধাৰণতে সােণ , ৰূপ , ব্রঙ , গ্লাছ আদিৰ ধাতুৰ সহায়ত নিৰ্মাণ কৰা হৈছিল । 

প্রশ্ন ৪। লিপিসমূহৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ লিপিসমূহৰ কেইটামান বৈশিষ্ট্য হল–

( ক ) লিপিসমূহৰ তথ্যসমূহ সদায় স্থায়ীৰূপত ৰাখিব পৰা যায় । ই সহজতে নষ্ট হৈ নাযায় । উদাহৰণ হিচাপে অশােকৰ শিলালিপিসমূহৰ কথা ক’ব পাৰি । 

( খ ) লিপিসমূহ সাধাৰণতে শাসকসকলৰ শাসনকাল , তেওঁলােকৰ কৃতকার্যতা , তেওঁলােকৰ কার্য দক্ষতা আদি গুণসমূহ লিপিবদ্ধ কৰা হৈছিল । 

( গ ) কিছুমান লিপিত চন তাৰিখবােৰ লিপিবদ্ধ কৰা হৈছিল । 

( ঘ ) লিপিসমূহৰ আখৰসমূহৰাে বিশেষ বৈশিষ্ট্য দেখা যায় । খ্রীঃ পূঃ যুগৰ লিপিসমূহ পাঁচশ বছৰ আগৰ লিখা যেন অনুমান হয় ।

প্রশ্ন ৫। গিৰণাৰ ( গুজৰাটৰ সুদর্শন হ্রদৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ বর্তমান গুজৰাটৰ গিৰণাৰ নামৰ ঠাইত অতি মনােমােহা কৃত্রিম সুদর্শন হ্রদ নিৰ্মাণৰ তথ্য পােৱা যায় । দ্বিতীয় শতিকাৰ এখন শিলালিপিৰ পৰা এই হ্রদ নির্মাণৰ কথা জনা যায় । এই শিলালিপিৰ তথ্য অনুসৰি মৌর্য যুগত বর্তমান গুজৰাটৰ এজন স্থানীয় প্রশাসকে এই কৃত্রিম হ্রদটো নির্মাণ কৰিছিল । এই হ্রদটো পানী সংৰক্ষণৰ কাৰণে নির্মাণ কৰা বুলি অনুমান কৰা হয় । হ্রদটোৰ চৌদিশে মথাউৰি নিৰ্মাণ কৰা হৈছিল আৰু প্রয়ােজন সাপেক্ষে হ্রদ পৰা পানী বােৱাই নিয়াৰ কাৰণে কিছুমান সংযােগী নলাৰ সৃষ্টি কৰিছিল । অৱশ্যে পিছলৈ প্রাকৃতিক দুর্যোগৰ ফলত হ্রদটোৰ যথেষ্ট ক্ষতিসাধন হৈছিল । পিছতে ৰুদ্ৰদমন নামৰ এজন শাসকে এই হ্রদটো পুনৰ নিৰ্মাণ কৰিছিল বুলি জনা যায় । 

প্রশ্ন ৬। পাটলিপুত্ৰ নগৰীৰ বিষয়ে চমুকৈ আলােচনা কৰা । বা , পাটলিপুত্ৰৰ এক ইতিহাসমূলক আভাস দিয়া । 

উত্তৰঃ পাটলিপুত্র পােনতে এখনি গাঁও আছিল । পিছলৈ ই মগধৰ ৰাজধানী নগৰীত পৰিণত হয় । মগধৰ প্রাচীনতম ৰাজধানী আছিল ৰাজগৃহ । খ্রীঃ পূঃ পঞ্চম শতিকাত মগধৰ শাসকসকলে ৰাজগৃহৰ পৰা পাটলিপুত্ৰলৈ ৰাজধানীখন স্থানান্তৰিত কৰে । পাটলিপুত্ৰ নগৰীৰ বিষয়ে মেগাস্থানিচে এটি সুন্দৰ টোকা লিখি থৈ গৈছে । সেই টোকাৰ বর্ণনা অনুসৰি পাটলিপুত্ৰ চহৰখন সােণ আৰু গংগাৰ সংগম স্থলত নির্মাণ কৰা হৈছিল । ইয়াৰ চৌদিশে অতি বহল গড়খাৱৈ আছিল । নগৰখন চাৰিওপিনৰ পৰা প্রাচীৰেৰে আগুৰা আছিল । ইয়াত প্রায় ৬৪ খন দুৱাৰ আৰু ৫৭০ টা স্তম্ভ আছিল । নগৰ নিৰ্মাণত ঘাইকৈ কাঠ ব্যৱহাৰ কৰা হৈছিল । চহৰখন দীঘলে চাৰেন মাইল আৰু বহলে ডেৰ মাইল আছিল । ইয়াত বহুতাে উদ্যান আছিল । উদ্যানবিলাকত পােহনীয়া মৰা চৰাই আৰু ডৰিক চৰাই দেখিবলৈ পােৱা গৈছিল । ইয়াৰ খুটাবােৰ স্বর্ণমণ্ডিত আছিল আৰু গাত সােণৰ দ্রাক্ষালতা আৰু ৰূপৰ চৰাই অংকিত কৰা হৈছিল । চাৰিওপিনে গছেৰে ছায়াময় আছিল । ৰাজপ্রাসাদ কাঠেৰে নির্মিত আছিল । প্রায় ১১৫০ মাইল এটা দীঘল পথে উত্তৰ পশ্চিম সীমান্তৰ লগত চহৰখনৰ সংযােগ স্থাপন কৰিছিল । 

প্রশ্ন ৭। মৌর্যযুগ আৰু গুপ্তযুগৰ সময়ছােৱাত ভাৰতবৰ্ষৰ ব্যৱসায় বাণিজ্যৰ বিষয়ে । এটি টোকা যুগুত কৰা । 

উত্তৰঃ মৌর্যযুগ আৰু গুপ্তযুগৰ মাজৰ সময়ছােৱাত ভাৰতবৰ্ষত আভ্যন্তৰীণ বাণিজ্য লগতে বিদেশী ব্যৱসায় বাণিজ্যৰৰ প্ৰচলন ঘটিছিল । কৃষিজাত সামগ্রীসমূহ দেশৰ ভিতৰত

এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ৰপ্তানি কৰা হৈছিল । উদাহৰণস্বৰূপে বংগদেশৰ চেনী গুজৰাট আৰু দক্ষিণ ভাৰতলৈ ৰপ্তানি কৰা হৈছিল । গুপ্তযুগত বস্ত্ৰ শিল্পৰ উন্নতি সাধন হৈছিল । সূতা , মচলিম আৰু ৰেচম কাপােৰ প্ৰচুৰ পৰিমাণ তৈয়াৰ কৰা হৈছিল । ৰেচম কাপােৰ বাৰানসী বিখ্যাত আছিল । 

অন্যান্য শিল্পৰ ভিতৰত ধাতুশিল্প , হাতীৰদাঁতৰ অলঙ্কাৰ , লােহাৰ অলঙ্কাৰ , সােণৰূপৰ অলঙ্কাৰ নির্মাণ আদি বিখ্যাত আছিল । চামৰাৰ জোতা , বিচনী , বটল , ঢাকনি আদি তৈয়াৰ কৰা হৈছিল । গুপ্তযুগত বহি র্বাণিজ্যৰ উন্নতি সাধন হৈছিল । পশ্চিম ভাৰতত থকা বৰবােৰেদি বিশেষকৈ ৰােমৰ সৈতে অতি লাভজনক ব্যৱসায় চলিছিল । পিছলৈ পশ্চিম ভাৰতৰ বন্দৰবােৰৰ সৈতে গংগা উপত্যকা আৰু দক্ষিণ ভাৰতৰ বন্দৰবােৰৰ সংযােগ স্থাপন হৈছিল । আন্তঃবাণিজ্যৰ প্রধান কেন্দ্ৰ আছিল উজ্জয়িনী । নাচিক , বাৰানসী , পিঠান , তক্ষশীলা আদি নগৰবোৰ আন্তঃবাণিজ্য প্রধান কেন্দ্ৰ আছিল । 

গুপ্তযুগত ভাৰতত বৰামৰ উপৰিও বাইজেন্টাইন সাম্রাজ্যৰ সৈতেও ব্যৱসায় বাণিজ্য আদান প্রদান ঘটিছিল । ভাৰতৰ পৰা বােমলৈ ৰেচম ৰপ্তানি হােৱাৰ উপৰিও জীৱ – জন্তু , মুক্তা , চন্দন কাঠ , লােহাৰ সামগ্রী , নীল , পাথৰ আদিও ৰপ্তানি হৈছিল । এইবিলাকৰ উপৰি পশ্চিমৰ আন আন দেশলৈও মচলা , সুগন্ধি দ্রব্য , জলকীয়া আদি ৰপ্তানি কৰা হৈছিল । পিছলৈ ৰােম আৰু চীনৰ সৈতে ব্যৱসায়ৰ যােগাযােগ হ্রাস পােৱাত দক্ষিণ পূর্ব এছিয়াৰ সৈতে ব্যৱসায় । বাণিজ্য আদান প্রদান ঘটিছিল । 

প্রশ্ন ৮। কি কি উৎসৰ পৰা আমি অশােকৰ বিষয়ে জানিব পাৰো ? 

উত্তৰঃ বিশ্ব ইতিহাসৰ শ্রেষ্ঠ সম্রাট অশােক বিন্দুসাৰৰ পুত্ৰ আছিল । সম্রাট অশােকৰ শাসনকালৰ বহুতাে লিপি ভাৰত আৰু বৰ্তমানৰ আফগানিস্তানত সিঁচৰতি হৈ আছে । এই লিপিসমূহৰ পৰা অশােকৰ পৰিয়াল , তেওঁৰ শাসন , দিগ্বিজয় , তেওঁৰ ধৰ্ম আৰু ধর্ম প্রচাৰৰ উপৰিও ব্যক্তিগত জীৱনৰ বিষয়েও জানিব পৰা যায় । এইখিনিৰ পৰা অশােকে জাৰি কৰা ৪৪ খন ৰাজকীয় শাসনৰ সম্ভেদ পােৱা যায় । বৌদ্ধ সাহিত্যিক মহাভছৰ মতে সিংহাসন প্রাপ্তিৰ পূর্বে অশােকে উজ্জয়ীনিত জপত্র নিধিৰূপে কার্যনির্বাহ কৰিছিল । অশােক সূত্র আৰু কুনাল সূত্ৰৰ মতে তেওঁ গান্ধাৰৰাে গৱৰ্ণৰ আছিল । 

প্রশ্ন ৯। কোটিল্যৰ অর্থশাস্ত্ৰৰ ঐতিহাসিক গুৰুত্ব চমুকৈ আলােচনা কৰা ।

উত্তৰঃ চাণক্য বা কোটিল্যই ৰচনা কৰা অর্থশাস্ত্র নামৰ পুথিখন বিশেষকৈ ৰাজনৈতিক নির্দেশাত্মক নীতি আৰু প্ৰশাসনীয় দিশৰ ওপৰতে লিখিছিল । ইয়াৰােপৰি সেই সময়ৰ ভাৰতবৰ্ষৰ আর্থ সামাজিক দিশৰ ওপৰতাে এই পুথিখনৰ পৰা বহুতাে তথ্য পােৱা যায় । প্রশাসনীয় সমস্যাৰ সমাধানৰ বিষয়েও কোটিল্যই এই পুথিত লিপিবদ্ধ কৰিছিল । অর্থশাস্ত্র মতে মৌর্য শাসন ব্যৱস্থাত ৰজাই আছিল ৰাজ্যৰ সর্বময় কর্তা । দেশৰ শাসন ব্যৱস্থাৰ কাৰণে মন্ত্রী পৰিষদ গঠন কৰিছিল । মুঠতে কোটিল্যৰ অর্থশাস্ত্র পুৰণি ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু অর্থনীতি বিষয়ৰ এখন অমূল্য গ্রন্থ ।

প্রশ্ন ১০। চেলুকচৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ চেলুকচ আলেকজেণ্ডাৰৰ সেনাপতি আছিল । আলেকজেণ্ডাৰৰ মৃত্যুৰ পিছত তেওঁ পশ্চিম আৰু মধ্য এছিয়া দখল কৰি নিজকে স্বাধীন সম্রাট বুলি ঘােষণা কৰিছিল । খ্রীঃ পূঃ ৩০৫ চনত চেলুকচে ভাৰত আক্রমণ কৰে । কিন্তু চন্দ্রগুপ্তই চেলুকচৰ প্রধান প্রতিদ্বন্দ্বী হিচাপে থিয় দিয়ে । শেষত চন্দ্রগুপ্তৰ হাতত চেলুকচৰ পৰাজয় ঘটে । তেতিয়া তেওঁ চন্দ্রগুপ্তৰ সৈতে সন্ধি কৰিবলৈ বাধ্য হয় । সন্ধিৰ চৰ্ত অনুসৰি চেলুকচে চন্দ্রগুপ্তক জিৰাট কান্দাহাৰ , মহাণ আৰু কাবুল নামৰ চাৰিখন ঠাই এৰি দিবলৈ বাধ্য হয় । তাৰােপৰি চেলুকচে নিজৰ কন্যাক চন্দ্রগুপ্তলৈ বিয়া দি মিত্রতা বাহাল ৰাখে । চেলুকচেই মগধৰ ৰাজধানী পাটলি পুত্ৰলৈ মেগাস্থানিচ নামে গ্রীক ৰাজদূত এজনাে প্ৰেৰণ কৰিছিল । 

প্রশ্ন ১১। মেগাস্থানিচৰ ইণ্ডিকা আৰু এলাহাবাদৰ শিলালিপিৰ ঐতিহাসিক গুৰুত্ব সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ ( ক ) ইণ্ডিকা :- চন্দ্রগুপ্ত মৌর্য শাসনকালত গ্রীক কটকী মেগাস্থানিচ ভাৰতলৈ আহিছিল । তেৱেঁই ইণ্ডিকা নামৰ পুথিখন লিখিছিল । এই পুথিখনৰ জৰিয়তে তেওঁ সেই সময়ৰ ভাৰতবৰ্ষৰ বিভিন্ন দিশৰ ওপৰত আলােকপাত কৰিছিল । তদুপৰি তেওঁ এই পুথিখনত চন্দ্রগুপ্ত মৌর্য শাসন ব্যৱস্থা , সেই সময়ৰ ভাৰতৰ আর্য সামাজিক অৱস্থাৰ বিষয়ে বহু ধৰণৰ তথ্য লিপিবদ্ধ কৰিছিল । মুঠতে মেগাস্থানিচৰ ইণ্ডিকা নামৰ পুথিখনৰ পৰা সেই সময়ৰ ভাৰতবৰ্ষৰ সমসাময়িক ঘটনাবােৰৰ বহুতাে তথ্য পােৱা যায় । 

( খ ) এলাহাবাদৰ শিলালিপি :- এলাহাবাদ শিলালিপিৰ জৰিয়তে আমি গুপ্তযুগৰ বিষয়ে অনেক তথ্যৰ সন্ধান পাবলৈ সক্ষম হৈছে । এলাহাবাদ প্রশস্তি নামৰ শিলালিপিখন ৰচনা কৰিছিল হৰিমেন নামৰ এজন বিখ্যাত সংস্কৃত পণ্ডিতে । এই শিলালিপিৰ জৰিয়তে প্রধানকৈ সমুদ্রগুপ্তৰ শাসনকালৰ বিষয়ে বিভিন্ন ধৰণৰ প্রশস্তি ৰচনা কৰিছিল । এই প্রশস্তিৰ পৰা জনা যায় যে সমুদ্রগুপ্ত কেৱল এজন দিগ্বিজয়ী বীৰেই নাছিল , তেওঁ তীক্ষ্ণ বুদ্ধি সম্পন্ন , সুদক্ষ ৰাষ্ট্র শাসক , সংগীতজ্ঞ , কবি আৰু প্ৰতিভাসম্পন্ন ব্যক্তি আছিল । মুঠতে এইখন শিলালিপিৰ পৰা গুপ্তযুগৰ বিস্তৃত তথ্যৰ সন্ধান পােৱা যায় ।

প্রশ্ন ১২। মেগাস্থানিচে পাটলিপুত্ৰৰ পৌৰশাসন ব্যৱস্থা সম্পর্কে কেনেদৰে বৰ্ণনা কৰিছে ? 

উত্তৰঃ মেগাস্থানিচৰবর্ণনা অনুসৰি পাটলিপুত্র নগৰীৰ শাসন ব্যৱস্থা সুপৰিচালিত আছিল । পাটলিপুত্ৰ নগৰীৰ শাসনকার্য সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আধুনিক মিউনিচি পালিটিৰ দৰে এখন পৌৰসভা আছিল । ত্রিছজন সভ্য লৈ এই সভা গঠিত হৈছিল । পাঁচজন সভ্যৰে গঠিত এখন উপসমিতিৰ জৰিয়তে পৃথক পৃথকভাৱে নগৰখনৰ ভিন্ ভিন্ দিশ পৰিচালিত কৰা হৈছিল । মেগাস্থানিচৰ বিৱৰণৰ পৰা জনা যায় যে যৌর্য সম্রাট চন্দ্রগুপ্তৰ আমােলত জনসাধাৰণে এক সমৃদ্ধ আৰু শান্তিপূর্ণ জীৱন যাপন কৰিছিল । দেশত চোৰ ডকাইতৰ উপদ্ৰৱ নাছিল । মেল মােকর্দমা প্রায় নহৈছিল । যাগ – যজ্ঞাদিৰ অনুষ্ঠানৰ বাহিৰে অন্য সময়ত সুৰাপান কৰা কাৰ্য গহিত বুলি বিবেচনা কৰা হৈছিল । সেই সময়ত দেশত দাসত্ব প্রথা নাছিল । দেশত কেতিয়াও খাদ্য শস্যৰ অভাৱ হােৱা নাছিল । উল্লেখযােগ্য যে মেগাস্থানিচে বিভিন্ন দিশৰ ওপৰত আলােকপাত কৰি ইণ্ডিকা’নামৰ পুথি এখনাে ৰচনা কৰিছিল ।

প্রশ্ন ১৩। মহাজন পদৰ সময়ত অকল মগধ ৰাজ্যই এখন বিশাল সাম্রাজ্যত পৰিণত হােৱাৰ কাৰণবােৰ চমুকৈ উল্লেখ কৰা । অথবা , ষােল জনপদৰ ভিতৰত মগধ সকলােতকৈ শক্তিশালী হােৱাৰ কাৰণ চাৰিটা উল্লেখ কৰা । 

উত্তৰঃ খ্রীঃ পূঃ চতুর্থ আৰু ষষ্ঠ শতিকাৰ ভিতৰত মগধ ৰাজ্যই ( বর্তমান বিহাৰ ) এখন বিশাল সাম্রাজ্যত পৰিণত হৈছিল । ইয়াৰ কাৰণ হিচাপে কেইটামান কথা লক্ষ্য কৰা যায় । যেনে— 

( ক ) কৃষিৰ ক্ষেত্ৰত মগধ ৰাজ্য অতি আগবঢ়া আছিল । 

( খ ) মগধৰ কাষেৰে বৈ যােৱা গংগা নদীয়ে ৰাজ্যখনৰ যােগাযােগৰ দিশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল । 

( গ ) মগধত বা বর্তমান ঝাৰখণ্ড ৰাজ্যত প্ৰচুৰ পৰিমাণৰ খনিজাত দ্রব্য পােৱা হৈছিল । এই খনিজাত দ্রব্যৰ সহায়ত নানা ধৰণৰ অস্ত্র – শস্ত্র তৈয়াৰ কৰিব পৰা হৈছিল । তদুপৰি খনিজাত দ্রব্যসমূহে ৰাজ্যখনৰ আর্থিক দিশৰ উন্নতি সাধনত অৰিহণা যােগাইছিল । 

( ঘ ) সৈন্যবাহিনী প্রধান আহিলা হিচাপে ইয়াৰ অটব্য হাবিবােৰত অনেক হাতী পােৱা গৈছিল । ফলত ৰাজ্যখনৰ সামৰিক বাহিনী অতি শক্তিশালী হৈ পৰিছিল । 

( ঙ ) শেষত এই কথা লক্ষ্যণীয় যে এখন বিশাল সাম্রাজ্য গঢ়ি তােলাৰ কাৰণে মগধত বহুতাে শক্তিশালী শাসকৰ জন্ম হৈছিল । সেইসকলৰ ভিতৰত বিম্বিসাৰ , অজাতশত্রু আৰু মহাপদ্মনন্দৰ কথা বিশেষভাৱে উল্লেখযােগ্য । এই শাসনসকলে মগধ ৰাজ্যক এক শক্তিশালী  সাম্রাজ্যলৈ পৰিণত কৰাৰ দিশত উল্লেখযােগ্য ভূমিকা গ্রহণ কৰিছিল ৷ 

Sl. No.সূচী-পত্ৰ
Chapter 1ইটা মণি আৰু হাড়বােৰ
Chapter 2ৰজা কৃষক আৰু নগৰসমূহ
Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী
Chapter 4দার্শনিক প্রত্যয় আৰু স্থাপত্য
Chapter 5যুগে যুগে অসম
Chapter 6পর্যটকৰ দৃষ্টিভংগীৰে
Chapter 7ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ
Chapter 8এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ
Chapter 9কৃষক, জমিদাৰ আৰু ৰাজ্য
Chapter 10সম্রাট আৰু ইতিহাস
Chapter 11উপনিবেশবাদ আৰু গ্রাম্য সমাজ
Chapter 12বিদ্রোহীসকল আৰু ৰাজ
Chapter 13ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ
Chapter 14মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Chapter 15ভাৰত বিভাজন আৰু ৰাজনীতি
Chapter 16ভাৰতীয় সংবিধান সংকলন

প্রশ্ন ১৪। ষােড়শ মহাজন পদসমূহ জনাৰ ক্ষেত্ৰত সহায় কৰা উৎসসমূহৰ চমু বিৱৰণ দিয়া । 

উত্তৰঃ খ্রীঃ পূঃ বা বুদ্ধৰ জন্মৰ ঠিক কিছু বছৰ আগৰ ভাৰতবৰ্ষৰ বিষয়ে জানিবলৈ হ’লে সাধাৰণতে তিনিটা উৎস বা সমলৰ কথা জানিব পাৰি । সেই সমল কেইটা হ’ল— 

( ক ) পণিনীৰ ব্যাকৰণ আৰু পুৰাণ আদি ব্রাহ্মণ্য সাহিত্যৰ কিছুমান ৰজাৰ নামৰ উল্লেখ পােৱা যায় । এই ৰাজ্য বা জনপদসমূহকেই কোৱা হৈছিল সম্ভৱতঃ যােড়শ মহাজন পদ ।

( খ ) সমসাময়িক বৌদ্ধ সাহিত্য বিশেষকৈ জাতক , অঞ্জুওৰা , নিকায় আৰু মহাযজ্ঞত উল্লেখ থকা যােড়শ মহাজন পদৰ উৎপত্তি আৰু বিকাশ সম্পর্কীয় তথ্য সমল ।

( গ ) জৈন সাহিত্য ভাগৱতী সূত্ৰত উল্লেখ থকা যােখন মহাজন পদৰ বিৱৰণ । খ্রীঃ পূঃ সপ্তম শতিকাৰ প্রায় শেষৰ ফালৰ পৰা উৎপত্তি আৰু বিকাশ লাভ কৰি খ্রীঃপূঃ ষষ্ঠ শতিকালৈ বৰ্তি থকা এই ৰাজ্যসমূহৰ কিছুমান আছিল ৰাজতান্ত্রিক আৰু কিছুমান প্রজাতান্ত্রিক । গতিকে এই তথ্যসমূহৰ পৰা খ্রীঃপূঃ ষষ্ঠ শতাব্দীত গঢ়ি উঠা মহাজন পদ বা যােড়শ জনপদৰ বিষয়ে জানিব পাৰি । 

প্রশ্ন ১৫। খ্রীঃ পূঃ যষ্ঠ শতিকাৰ ভিতৰত মহাজন পদবােৰ গঢ়ি উঠাৰ কাৰণবােৰ আলােচনা কৰা । 

উত্তৰঃ গৌতম বুদ্ধৰ সমসাময়িকভাৱে উত্তৰ ভাৰতত অর্থাৎ পূবে বিবাহৰ পৰা পশ্চিমে বর্তমান আফগানিস্তানৰ উত্তৰাংশলৈ বিস্তৃত বিশাল ভূখণ্ডত যােখন ডাঙৰ জনপদ বা ৰাজ্যৰ সৃষ্টি হৈছিল । এই জনপদসমূহ গঢ়ি উঠাৰ কিছুমান কাৰণ আছে । তেনে কাৰণসমূহ হ’ল–

( ক ) ঋক বৈদিক যুগৰ প্রায় শেষৰপিনে লাহে লাহে ভাৰতত লােৰ উৎপাদন আৰম্ভ হৈছিল । লােৰ উৎপাদন আৰু ব্যৱহাৰে সমাজত বৈপ্লৱিক পৰিৱৰ্তন অনাত সকলাে দিশতে এক কার্যকৰী  ভূমিকা লৈছিল । লােৰ ব্যৱহাৰৰ ফলত আর্য সমাজৰ উত্তৰণ আৰু ক্রমাগত পৰিৱ সম্ভব হৈছিল । ফলত গংগা আৰু যমুনা অৱবাহিকা অঞ্চললৈ আর্য জনজাতিসমূহৰ বসতি সম্প্রসাৰিত হৈ পৰিছিল । এনেদৰে বসতি কৰা ঠাইসমূহ পিছলৈ একো একোখন ৰাজ্যলৈ ৰূপান্তৰিত হৈছিল । 

( খ ) লােৰ পৰা তৈয়াৰ কৰা নতুন অস্ত্র – শস্ত্রই শাসকীয় শ্রেণীটোক ৰাজ্যৰ পৰিসৰ বৃদ্ধি কৰিবলৈ উৎসাহিত আৰু অনুপ্রাণিত কৰি তুলিছিল । 

( গ ) লােৰ হাতিয়াৰৰ ব্যৱহাৰৰ ফলত কৃষি ব্যৱস্থাৰ পৰিৱৰ্তন ঘটিছিল । ফলত মানুহক স্থায়ীবসতি আৰু বাসস্থানৰ প্ৰতি আকর্ষিত কৰি তুলিছিল । ফলত মানুহৰ ক্ষেত্র বা অঞ্চলভিত্তিক সমতা , আকর্যণ আৰু চেতনাই অৱধাৰিতভাৱে তেওঁলােকৰ মনত শাসকবর্গৰ প্রতি আনুগত্য আৰু সেৱাৰ ভাব গঢ়ি তুলিছিল । গতিকে পৰাক্ৰমী বাহুবলী আৰু উচ্চাকাংক্ষী শাসনকর্তা বা ৰজাৰ নেতৃত্বত পূর্বৰ সৰু সৰু জন বা ৰজাৰ পৰিৱর্তে বিশাল বা ডাঙৰ ৰাজ্য গঢ়ি তােলাৰ প্রৱণতা বৃদ্ধি পাইছিল । এনেদৰে কালক্ৰমত ডাঙৰ জন বা ৰাজ্য বা সাম্রাজ্য গঢ়ি উঠিছিল । 

প্রশ্ন ১৬। বিভিন্ন দিশসমূহ পৰিচালনা কৰাৰ কাৰণে মৌর্য যুগত কিয় বিভিন্ন প্রশাসকসকলক নিযুক্ত কৰিছিল ? 

উত্তৰঃ প্ৰশাসনৰ বিভিন্ন দিশসমূহ চোৱা চিতা কৰাৰ কাৰণে মৌর্য শাসন ব্যৱস্থাত বহুতাে বিষয় নিযুক্ত কৰিছিল । উদাহৰণস্বৰূপে –

( ক ) মৌর্য শাসন ব্যৱস্থাত এক শ্রেণীৰ ৰাজ্যিক বিষয় নিয়ােগ কৰিছিল । সেই বিষয়াসকলে প্রয়ােজন অনুসৰি পানী যাতে সকলাে ৰাজ্যই সমানভাৱে পায় ইয়াৰ বাবে তেওঁলােকে নলী নাদৰ সৃষ্টি কৰিছিল ৷ 

( খ ) কিছুমান বিষয়াকে মাটিৰ জৰীপ কৰাৰ কাৰণে নিয়ােগ কৰিছিল । তেওঁলােকে দেশৰ মাটিবােৰ জৰীপ কৰিছিল । মাটিৰ গুণানুসৰি খাজনাও নির্ধাৰণ কৰি দিছিল । ফলত নিয়মমতে , ৰাজহ সংগ্ৰহ কৰাত সুবিধা হৈছিল । 

( গ ) কিছুমান লােকক বন বিভাগৰ বিষয়া হিচাপে নিয়ােগ কৰিছিল । তেওঁলােকে চিকাৰীবােৰৰ গতিবিধি নিৰীক্ষণ কৰিছিল । আনকি প্রয়ােজন অনুসৰি চিকাৰীসকলক তেওঁলােকে শাস্তিও প্রদান কৰিছিল । 

প্রশ্ন ১৭। অশােকৰ শিকণি বা নীতিবােৰ কি আছিল ? 

উত্তৰঃ অশােকৰ শিকণি বা নীতিবােৰ হ’ল— 

( ক ) অন্য ধর্মক নিন্দা বা ঘৃণা কৰাৰ পৰা বিৰত থকা ।

( খ ) একেলগে বসবাস কৰি পৰস্পৰে পৰস্পৰৰ শাস্ত্ৰ শ্ৰৱণ কৰা । 

( গ ) সকলাে সম্প্রদায়ৰ প্রতি শ্রদ্ধাৱান হােৱা । 

( ঘ ) জীৱহিংসা আৰু প্রাণীবধৰ পৰা আঁতৰত থকা । 

( ঙ ) গৃহপতি , ব্রাহ্মণ , গৃহিণীসকলৰ ধর্ম পালনত উৎসাহ যােগাবলৈ মহামন্ত্রীসকলক অশােকে আহ্বান জনাইছিল ।

( চ ) মৃত্যুৰ পিছত স্বর্গলাভৰ কথা জনসাধাৰণক বুজি পােৱাকৈ কোৱা হৈছিল । 

প্রশ্ন ১৮। কি কি উৎসৰ পৰা মৌর্যবংশৰ ভাৰতবৰ্ষ সম্বন্ধে আমি জানিব পাৰো ? 

উত্তৰঃ মৌর্যযুগৰ সময়ৰ ভাৰতবৰ্ষৰ বিষয়ে জানিবলৈ এনেধৰণৰ উৎসসমূহৰ কথা উল্লেখ কৰিব পাৰি । যেনে— 

( ক ) মেগাস্থানিচৰ ইণ্ডিকা :- চন্দ্রগুপ্ত মৌর্য শাসনকালত গ্রীক কটকী মেগাস্থানিচ ভাৰতলৈ আহিছিল । তেওঁ সেই সময়ৰ ভাৰতবৰ্ষৰ বিভিন্ন দিশৰ ওপৰত আলােকপাত কৰি ইণ্ডিকা ’ নামৰ পুথি এখন ৰচনা কৰিছিল । এই পুথিৰ জৰিয়তে আমি মৌর্য যুগৰ ভাৰতবৰ্ষৰ আৰ্থ সামাজিক , ৰাজনৈতিক আৰু ধর্মীয় দিশৰ বিষয়ে জানিব পাৰাে । 

( খ ) কৌটিল্যৰ অর্থশাস্ত্র :- কৌটিল্যৰ অর্থশাস্ত্ৰৰ পৰাও সেইসময়ৰ ভাৰতবৰ্ষৰ সমসাময়িক ঘটনাসমূহৰ বিৱৰণ পােৱা যায় ।

( গ ) বিশাখাদত্তৰ মুদ্ৰাৰাক্ষস :- বিশাখাদত্তৰ মুদ্ৰাৰাক্ষস নামৰ পুথিখনৰ পৰা কোটিল্য বা ‘ চাণক্য আৰু চন্দ্রগুপ্তৰ হাতত নন্দবংশৰ পতনৰ ঘটনাৰ সবিশেষ জানিব পৰা গৈছে । 

( ঘ ) জৈন আৰু বৌদ্ধ সাহিত্য :- জৈন আৰু বৌদ্ধ সাহিত্যৰ জৰিয়তে সেইসময়ৰ সমসাময়িক ভাৰত্বৰ্ষৰ সমাজ ব্যৱস্থা আৰু ৰাজনীতিৰ বিষয়ে সম্যক জ্ঞান আহৰণ – কৰিব পৰা যায় । 

( ঙ ) অশােকৰ শিলালিপি :- সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বর্তমান আফগানিস্তানতাে সিচৰতি হৈ থকা অশােকৰ শিলালিপিসমূহে আমাক মৌর্যযুগৰ বিভিন্ন ঘটনাৰ সমল যােগােৱাত যথেষ্ট সহায় কৰিছে । 

প্রশ্ন ১৯। মৌর্যযুগৰ শাসনকালত ব্রাহ্মণসকলৰ ভূমিকা কেনে ধৰণৰ আছিল ? 

উত্তৰঃ মৌর্যযুগৰ শাসন কালত ব্রাহ্মণসকলৰ ভূমিকা লক্ষণীয় আছিল । কিয়নাে অশােকে ‘ প্রাণী হত্যা নিষেধ ’ আইন প্রণয়ন কৰাৰ ফলত ব্রাহ্মণসকল অসন্তুষ্ট হৈ পৰিছিল । কাৰণ অশােকৰ এনে কার্যত ব্রাহ্মণসকলৰ প্রভুত্বত আঘাত হানিছিল বুলি তেওঁলােকে বিশ্বাস কৰিছিল । তাৰােপৰি ব্ৰাহ্মণসকলৰ সামাজিক মর্যদাৰাে হানি হােৱা বুলি অনুভৱ কৰিছিল । সেইকাৰণে অশােকৰ দিনত নােৱাৰিলেও বৃহদ্রথৰ দিনত কিছুমান ব্রাহ্মণলােকে বৃহদ্রথ ৰজাক হত্যা কৰি মগধৰ সিংহাসন দখল কৰিছিল । এনেদৰে মৌর্য সাম্রাজ্যৰ পতনৰ আৰম্ভণি হৈছিল । 

দ্বিতীয়তে অশােকৰ মহাযাত্রা নিয়ােগ কৰাটো ব্রাহ্মণসকলৰ অধিকাৰ আৰু সা – সুবিধাৰ ওপৰত প্রত্যক্ষ আক্রমণ আছিল বুলি কিছুমান পণ্ডিতে মত পােষণ কৰা দেখা যায় । অৱশ্যে এই অভিযোগ সমূহ সম্পূর্ণ সত্য নহয় বুলিও আন আন পণ্ডিতে মত পােষণ কৰিছে । তথাপিও অশােকৰ অহিংস বা প্রাণী বিধ নিষেধ প্রথাই যে ব্রাহ্মণসকলক অসন্তুষ্ট কৰিছিল সেই বিষয়ে সন্দেহ নাই । 

প্রশ্ন ২০। মৌর্য শাসকসকলে অর্থনৈতিক দিশ টনকিয়াল কৰাৰ কাৰণে কেনে ধৰণৰ ব্যৱস্থা লৈছিল ? 

উত্তৰঃ কৌটিল্যৰ অর্থশাস্ত্ৰত উল্লেখ আছে যে মৌর্য শাসন ব্যৱস্থাত সাতাশীজন অধীক্ষক নিয়ােগ কৰিছিল আৰু সেইসকলে বিশেষকৈ দেশৰ অর্থনৈতিক বিভাগটোৰ প্ৰতিনজৰ দিছিল । কৃষি , বাণিজ্য , জোখ – মাপ , শিল্প উদ্যোগ , বােৱা কটা , খনি আদি সম্পদসমূহৰ ৰক্ষণাবেক্ষণ আৰু ইয়াৰ ব্যৱহাৰৰ ওপৰত চকু ৰাখিছিল সেই বিষয়াসকলেই । কৃষিৰ উন্নতিৰ কাৰণে প্রয়ােজন অনুসৰি খেতি পথাৰত পানী যােগান ধৰাৰ ব্যৱস্থা হাতত লৈছিল । মেগাস্থানিচৰ টোকা অনুসৰি মাটিৰ জোখ মাফ ইজিপ্টৰ লেখীয়াকৈ কৰিছিল আৰু চৰকাৰীভাৱে ইয়াৰ হিচাপ ৰখা হৈছিল । 

See Next Page…

1 thought on “Class 12 History Chapter 2 ৰজা কৃষক আৰু নগৰসমূহ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top