Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে

Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে and select needs one.

Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। অসহযােগ মানে কি বুজা ? 

উত্তৰঃ ইংৰাজৰ লগত সকলাে ধৰণৰ কাম – কাজত অসহযােগ কৰাই আছিল অসহযােগ নীতি বা অসহযােগ আন্দোলনৰ প্রধান বৈশিষ্ট্য । 

প্রশ্ন ২। খিলাফৎ আন্দোলনৰ প্রধান নেতা দুজনৰ নাম লিখা । 

উত্তৰঃ এই দুজন নেতা হ’ল মহম্মদ আলী আৰু চৌকৎ আলী । 

প্রশ্ন ৩। গান্ধীজীৰ নেতৃত্বত কেতিয়া’দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল ? 

উত্তৰঃ গান্ধীজীয়ে প্রতিষ্ঠা কৰা সবমতি আশ্ৰমৰ পৰা ৭৮ জন সহযােগীৰ সৈতে ১৯৩০ চনৰ ১২ মার্চ তাৰিখে চৰকাৰৰ লােণ আইন ভংগ কৰাৰ কাৰণে আৰব সাগৰৰ পাৰত থকা দাণ্ডিলৈ যাত্ৰা কৰিছিল আৰু তাতে চৰকাৰৰ লােণ আইন ভংগ কৰিছিল ।

প্রশ্ন ৪। প্রত্যক্ষ দিৱস কি ? 

উত্তৰঃ আলি জিন্নাই ১৯৪৬ চনৰ ১৬ আগষ্টৰ দিনটো প্রত্যক্ষ দিৱস হিচাপে পালন কৰাৰ কথা ঘােষণা কৰিছিল । ইয়াৰ জৰিয়তে তেওঁ সুকীয়া পাকিস্তানৰ দাবী উত্থাপন কৰিছিল । 

প্রশ্ন ৫। কংগ্ৰেছৰ নেতা সকলে ক্রীপছৰ প্ৰস্তাৱ কিয় প্রত্যাখ্যান কৰিছিল ? 

উত্তৰঃ কংগ্ৰেছে ক্রীপছৰ প্ৰস্তাৱ প্রত্যাখ্যান কৰাৰ কাৰণ হ’ল এয়ে যে এই প্রস্তাৱত ভাৰতৰ স্বাধীনতা প্রদান কৰা কোনাে লিখিত প্রস্তাৱ নাছিল । 

প্রশ্ন ৬। ইংলেণ্ডৰ মন্ত্রীসভাৰ পৰিৱর্তনৰ দুটা ফালফল উল্লেখ কৰা ।

উত্তৰঃ এই দুটা ফলাফল হল— 

( ক ) বনুৱা দলৰ নেতা চি . আৰ . এটলি ভাৰতৰ স্বাধীনতাৰ প্রতি সহানুভূতিশীল আছিল । 

( খ ) সেয়ে তেওঁ ক্ষমতালৈ আহিয়েই ভাৰতবৰ্ষৰ স্বাধীনতা প্রদানৰ কথা ঘােষণা কৰিছিল । 

প্রশ্ন ৭। বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ প্রতিষ্ঠা দিৱসত গান্ধীজীয়ে প্ৰদান কৰা ভাষণটো কিয় গুৰুত্বপূৰ্ণ বুলি কোৱা হয় ? 

উত্তৰঃ সেই সময়ত গান্ধীজীয়ে প্ৰদান কৰা ভাষণটো অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হয় । কাৰণ সেই সময়লৈ ভাৰতৰ জাতীয়তাবাদী ভাবধাৰা আছিল অতি সীমিত । কাৰণ এই ধাৰণাটো মাত্র সমাজৰ উচ্চ পর্যায়ৰ ব্যক্তি যেনে উকিল , ডাক্তৰ আৰু জমিদাৰ সকলৰ দ্বাৰা সমাজ নিয়ন্ত্রিত হৈ আছিল । ফলত জাতীয়তাবাদী ধাৰাটোৱে সাধাৰণ মানুহক আকর্ষণ কৰিব পৰা নাছিল । কিন্তু গান্ধীজীয়ে ভাষণ প্রসংগত জাতীয়তাবাদৰ ধ্বজা সকলাে ভাৰতীয় লােকে কঢ়িয়াই নিব লাগিব বুলি ঘােষণা কৰিছিল । এনে ভাষণৰ ফলত গান্ধীজীৰ প্রতি সাধাৰণ জনতাৰ লগতে কৃষক সকলাে আকর্ষিত হৈছিল । ফলস্বৰূপে চম্পাৰণ জিলাৰ নীল খেতিয়কক লৈ হােৱা আন্দোলনত গান্ধীজীয়ে নিজে অংশগ্রহণ কৰি জাতীয়তাবাদী চেতনা সাধাৰণ মানুহৰ হৃদয়ত বােৱাবলৈ সক্ষম হৈছিল । 

প্রশ্ন ৮। বাৰাণসী হিন্দু বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ এই দুটা কাৰণ আছিল— 

( ক ) বাৰাণসী বিশ্ববিদ্যালয়খন ভাৰতৰ প্রথম জাতীয় বিশ্ববিদ্যালয় আছিল । 

( খ ) এই বিশ্ববিদ্যালয়খন ভাৰতীয় মানুহৰ আর্থিক সাহায্যত প্রতিষ্ঠা কৰিব বিচৰা হৈছিল । 

( গ ) প্রতিষ্ঠা দিৱসৰ দিনা গান্ধীজীৰ ভাষণৰ দ্বাৰা ভাৰতীয় জনসাধাৰণৰ মনত জাতীয়তাবাদী ভাবধাৰা জগাই তুলিছিল । 

প্রশ্ন ৯। “ দক্ষিণ আফ্রিকাই গান্ধীজীক মহাত্মা ৰূপে গঢ়ি তুলিলে ” -ইয়াৰ সপক্ষে দুটি যুক্তি আগবঢ়োৱা । 

উত্তৰঃ উক্ত কথাশাৰীৰ যুক্তিৰ সপক্ষে ক’ব পাৰি যে— 

( ক ) সত্যাগ্রহৰ মূলমন্ত্র আৰু অহিংসাৰ নীতি নির্দেশণাসমূহ গান্ধীজীয়ে প্রথমে দক্ষিণ আফ্রিকাতে আয়ত্ত কৰিছিল । 

( খ ) দক্ষিণ আফ্রিকাত চলা বর্ণ বৈষম্য নীতিয়ে তেওঁক ভাৰতত প্রচলিত উচ্চ – নীচ মনােভাব দূৰ কৰাৰ কাৰণে অনুপ্ৰেৰণা যােগাইছিল ।

প্রশ্ন ১০। “ লাল-বাল – পাল ” কোন আছিল ? 

উত্তৰঃ ( ক ) লালা লাজপট বায় , গুজৰাটৰ পৰা । 

( খ ) বাল গংগাধৰ তিলক , মহাৰাষ্ট্রৰ পৰা । আৰু 

( গ ) বিপিন চন্দ্র পাল বংগদেশৰ পৰা —এই ত্রিমূর্তিকে লাল বাল – পাল বুলি জনা যায় । 

প্রশ্ন ১১। ৰাওলাট আইনৰ বিৰুদ্ধে পঞ্জাৱত কিয় প্রতিবাদ হৈছিল ? 

উত্তৰঃ ৰাওলাট আইনৰ বিৰুদ্ধে পঞ্জাৱৰ জনসাধাৰণ তীব্র প্রতিবাদ জনাইছিল । কাৰণ প্রথম বিশ্বযুদ্ধৰ সময়ত পঞ্জাৱৰ বহুতাে সৈন্যই ইংৰাজৰ পক্ষ গ্ৰহণ কৰি যুদ্ধত বহুতাে ত্যাগস্বীকাৰ কৰিছিল । এনে কাৰ্যৰ ফলত পঞ্জাৱৰ জনসাধাৰণ বঁটাবাহন পােৱাৰ বিপৰীতে ইংৰাজে কুখ্যাত বাওলাট আইন পঞ্জাৱৰ জনসাধাৰণৰ ওপৰত জাপি দিছিল । এনে কার্যত পঞ্জাৱৰ জনসাধাৰণক ইংৰাজৰ বিৰুদ্ধে ক্ষুব্ধ কৰি তুলিছিল । 

প্রশ্ন ১২। ৰাওলাট আইন কি আছিল ? ভাৰতীয় জনসাধাৰণে এই আইনৰ কিয় বিৰােধিতা কৰিছিল ? 

উত্তৰঃ ছাৰ ছিডলি ৰাওলাটৰ নেতৃত্বত অনুমােদন হােৱা এখন কুখ্যাত আইন ১৯১৯ চনৰ মাৰ্চ মাহত ভাৰতত প্রয়ােগ কুৰে । এয়ে আছিল কুখ্যাত ৰাওলাট আইন । এই আইন প্রয়ােগ কৰাৰ ফলত , ভাৰতীয় মানুহৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল আৰু ইয়াৰ বিৰােধিতা কৰিছিল । কাৰণ– 

( ক ) এই আইনৰ দ্বাৰা ভাৰতীয় সংবাদ পত্ৰৰ স্বাধীনতা হৰণ কৰা হৈছিল । 

( খ ) বিনা বিচাৰে মানুহক আটক , জুৰিৰ সহায় নােলােৱাকৈ ৰাজনৈতিক অপৰাধীৰ বিচাৰব । ধাৰা ৰখা হৈছিল । 

প্রশ্ন ১৩। খিলাফৎ আন্দোলনৰ দুটা লক্ষ্যৰ কথা উল্লেখ কৰা । 

উত্তৰঃ খিলাফৎ আন্দোলনৰ দুটা লক্ষ্য হল— 

( ক ) প্রথম বিশ্বযুদ্ধৰ পিছত ইংৰাজসকলে তুৰস্ক সাম্রাজ্য প্রতি কৰা অপমানৰ প্রতিবাদ কৰা । 

( খ ) তুৰস্ক সাম্রাজ্যৰ অখণ্ডতা আৰু খলিফা সকলৰ সন্মান সুৰক্ষিত কৰি ৰখাৰ কাৰণে  চৰকাৰৰ ওচৰত দাবী জনােৱা । 

প্রশ্ন ১৪। অসহযােগ আন্দোলন সংঘটিত হােৱাৰ দুটা কাৰণ লিখা । 

উত্তৰঃ গান্ধীজীৰ নেতৃত্বত হােৱা অসহযােগ আন্দোলনৰ দুটা কাৰণ হ’ল—

( ক ) ১৯১৯ চনৰ অমানুষিক জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্রতিবাদ জনােৱা । 

( খ ) এই আন্দোলনৰ যােগেদি স্বৰাজীৰ দাবী উত্থাপন কৰা । 

প্রশ্ন ১৫। গান্ধীজীয়ে খিলাফৎ আন্দোলন সমর্থন কৰাৰ দুটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ ( ক ) খিলাফৎ আন্দোলনৰ যােগেদি গান্ধীজীয়ে হিন্দু – মুছলমানৰ মাজত একতা স্থাপন কৰা ।

( খ ) হিন্দু – মুছলমানৰ মাজৰ একতা অবিহনে শক্তিশালী ইংৰাজ বিৰােধী আন্দোলন গঢ়ি তােলাটো কঠিন হ’ব বুলি গান্ধীজীয়ে অনুভৱ কৰিছিল । 

প্রশ্ন ১৬। মহাত্মা গান্ধীয়ে হিন্দুস্তানী ভাষাটো কিয় জাতীয় ভাষা হিচাপে গণ্য কৰিছিল ?

উত্তৰঃ ১৯৩০ চনতে কংগ্ৰেছে হিন্দী ভাষাটোক ৰাষ্ট্ৰীয় ভাষা হিচাপে গ্ৰহণ কৰিছিল । ইয়াৰ কাৰণ হ’ল– 

( ক ) হিন্দীভাষাটো হিন্দী আৰু উর্দু দুটা ভাষাৰ সংমিশ্রণ হােৱা ভাষা , হিন্দু – মুছলমান দুয়ােটা জাতিৰে গ্রহণযােগ্য ভাষা । 

( খ ) হিন্দী ভাষাটো চহকী ভাষাই নহয় ই ভাৰতৰ জনপ্রিয় আৰু দুয়ােটা জাতিৰে মিলনৰ এনাজৰী স্বৰূপ । 

( গ ) হিন্দী ভাষা ভাৰতৰ সংখ্যাগৰিষ্ঠৰ ভাৰতবাসীৰ ভাষা ।

( ঘ ) এই ভাষাটো সকলাে ঠাইতে বুজি পােৱা ভাষা , ইংৰাজীৰ পাছতে ইয়াক সকলােৱে গ্ৰহণ কৰে । 

প্রশ্ন ১৭। গান্ধীজীয়ে অসহযােগ আন্দোলন প্রত্যাহাৰ কৰাৰ কাৰণ কি আছিল ? 

উত্তৰঃ অসহযােগ আন্দোলন চলি থকা সময়তে উত্তৰ প্ৰদেশৰ গােৰখপুৰ জিলাৰ অন্তৰ্গত চৌৰীচৌৰা নামে ঠাইত এক হিংসাত্মক ঘটনা সংঘটিত হয় । উত্তেজিত কৃষক জনতাই এটা আৰক্ষী চকীৰ এজন পুলিচ বিষয়া আৰু একৈছজন পুলিচক জীয়াই জীয়াই অগ্নিদগ্ধ কৰে । এনে কার্যত গান্ধীজী অসন্তুষ্ট হৈ পৰিছিল কাৰণ গান্ধীজীয়ে কোনাে ধৰণৰ হিংসাত্মক কার্যক সমর্থন কৰা নাছিল । সেয়েহে তেওঁ অসহযােগ আন্দোলন বন্ধ কৰি দিয়ে । 

প্রশ্ন ১৮। “ গান্ধীজীৰ অসহযােগ আন্দোলনৰ ফলত ভাৰতবাসীৰ মাজত জাতীয়তাবাদৰ উত্থান ঘটিছিল ” — আলােচনা কৰা । 

উত্তৰঃ গান্ধীজীৰ দ্বাৰা আৰম্ভ হােৱা অসহযােগ আন্দোলন আছিল ভাৰতত জাতীয়তাবাদী ভাৱধাৰাৰ উত্থান । কাৰণ এই আন্দোলন অকল ভাৰতীয় শিক্ষিত আৰু ধনী শ্ৰেণীৰ মাজতে আবদ্ধ হৈ থকা নাছিল । এনে আন্দোলনে সমাজৰ সকলাে শ্ৰেণীৰ জনসাধাৰণৰ হৃদয় স্পর্শ কৰিছিল । ফলস্বৰূপে এই আন্দোলনত ভাৰতৰ কৃষক , বনুৱা , শিল্পী , মহিলা আৰু সমাজৰ উচ্চ শ্ৰেণীৰ জনসাধাৰণে মুক্ত অন্তৰেৰে অংশগ্ৰহণ কৰিছিল । 

প্রশ্ন ১৯। গান্ধীজীয়ে কিয় যতৰৰ ওপৰত গুৰুত্ব আৰােপ কৰিছিল ? 

উত্তৰঃ ( ক ) গান্ধীজীয়ে যতৰ বা চক্ৰটো মানৱ সমাজৰ প্রতীক হিচাপে গ্ৰহণ কৰিছিল । 

( খ ) যতৰৰ ব্যৱহাৰৰ দ্বাৰা সাধাৰণ মানুহে অতিৰিক্ত আয়ৰ থল থকা বুলি গান্ধীজীয়ে হাতে – কামে দেখুৱাইছিল । 

প্রশ্ন ২০। ১৯২৯ চনৰ লাহােৰ কংগ্ৰেছৰ অধিৱেশনৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ ১৯২৯ চনৰ লাহােৰ কংগ্ৰেছৰ গুৰুত্ব সমূহ হ’ল–

( ক ) এই অধিৱেশনত জৱহাৰলাল নেহৰু কংগ্ৰেছৰ সভাপতি পদত নির্বাচিত হৈছিল । 

( খ ) তৰুণ শক্তিৰ হাতত নেতৃত্ব প্রদানৰ কাৰণে এই অধিৱেশনত সিদ্ধান্ত লােৱা হৈছিল । 

( গ ) অতি শক্তিশালী ৰূপত আন্দোলন গঢ়ি তুলি ভাৰতৰ স্বাধীনতাৰ পথ প্রশস্ত কৰাৰ কাৰণে এই অধিৱেশনত সিদ্ধান্ত লােৱা হৈছিল । 

প্রশ্ন ২১। ভাৰতীয় জাতীয় কংগ্ৰেছে ছাইমন কমিছন কিয় বর্জন কৰিছিল ? 

উত্তৰঃ লর্ড আৰউইনৰ দিনত ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি ক্রমান্বয়ে বেয়াৰ ফালে ঢাল খােৱাত এক সুস্থ পৰিবেশ ঘূৰাই অনাৰ উদ্দেশ্যে ব্রিটিছ চৰকাৰে ১৯২৭ খ্রীঃত চাইমন কমিছন নামে এক আয়োগ গঠন কৰি ভাৰতলৈ প্ৰেৰণ কৰে । উল্লেখযােগ্য যে এই কমিছনত সাতগৰাকী সদস্য আছিল আৰু আটাইকেইগৰাকীয়ে ইংৰাজ লােক আছিল । এজনাে ভাৰতীয় লােকক এই কমিছনৰ সদস্যভুক্ত নকৰাৰ কাৰণে ইয়াৰ প্ৰতিবাদ কৰা হয় । কিন্তু ইংৰাজ চৰকাৰে এই প্রতিবাদৰ কুৰিছিল । কিন্তু এই মেলত অংশগ্ৰহণ কৰি গান্ধীজীয়ে নিবাশ মন লৈ ঘূৰি আহিব লগা হয় । কাৰণ ৰক্ষণশীল চৰকাৰে আগৰ বনুৱা চৰকাৰে ভাৰবাসীৰ কাৰণে যিবােৰ আশ্বাস দিছিল সেইবােৰ পালন কৰিবলৈ মাস্তি হােৱা নাছিল । গান্ধীজীয়ে এই মেজ মেলত কেন্দ্ৰ আৰু প্ৰদেশবােৰত পূর্ণ দায়িত্বশীল চৰকাৰ দাবী কৰে । কিন্তু ৰক্ষণশীল চৰকাৰে এইদাবীৰ প্ৰতি সঁহাৰি নজনালে । সাম্প্রদায়িক ভিত্তিত প্রতিনিধি নির্বাচন কৰাৰ ব্যৱস্থাৰ বিৰুদ্ধে গান্ধীজীয়ে প্রতিবাদ কৰে । এনে পৰিস্থিতিত গান্ধীয়ে পুনৰ আইন অমান্য আন্দোলন আৰম্ভ কৰে । কিন্তু চৰকাৰে কংগ্ৰেছক বে – আইনী বুলি ঘােষণা কৰে । চৰকাৰে গান্ধীজী আৰু কংগ্ৰেছৰ নেতাসকলক পুনৰ আটক কৰে । পুনৰ গান্ধীজীক পুণা জেলত ৰখা হয় । ফলত দেশত পুনৰ অশান্তিৰ সূত্রপাত ঘটে । 

প্রশ্ন ৩২। সবমতি আশ্ৰমৰ গুৰুত্বৰ বিষয়ে লিখা । 

উত্তৰঃ ( ক ) দক্ষিণ আফ্রিকাৰ পৰা প্রত্যাৱৰ্তন কৰাৰ এবছৰ পিছত ১৯১৬ চনত গান্ধীজীয়ে আহমেদাবাদৰ সৰস্বতী নদীৰ পাৰত ঐতিহাসিক সবমতি আশ্ৰমখন প্রতিষ্ঠা কৰে । 

( খ ) এই আশ্ৰমখন আছিল গান্ধীজীৰ নিজৰ আদৰ্শসমূহ প্ৰচাৰ কৰাৰ প্রধান কেন্দ্রস্থল । এইখিনিতে উল্লেখ কৰিব পাৰি যে গান্ধীজীয়ে পৰীক্ষামূলকভাৱে এই আশ্রমতে সত্যাগ্রহ পালন কৰিছিল । 

প্রশ্ন ৩৩। গান্ধীজীৰ মৃত্যু সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে দৈনন্দিন প্রার্থনা সভাত উপস্থিত থকাৰ সময়তে গধূলি পুনেৰ এজন ব্রাহ্মণ ডেকা লােকে গান্ধীজীক ওচৰৰ পৰা গুলীয়াই হত্যা কৰে । পিছত আত্মসমর্পণ কৰা ব্যক্তিজন এখন হিন্দু উগ্রবাদী কাকতৰ সম্পাদক নাথুৰাম গডছে আছিল । গডছেৰ মতে গান্ধীজী মুছলমানসকলৰ প্রতি অতি দৰদী দয়ালু আছিল । 

Sl. No.সূচী-পত্ৰ
Chapter 1ইটা মণি আৰু হাড়বােৰ
Chapter 2ৰজা কৃষক আৰু নগৰসমূহ
Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী
Chapter 4দার্শনিক প্রত্যয় আৰু স্থাপত্য
Chapter 5যুগে যুগে অসম
Chapter 6পর্যটকৰ দৃষ্টিভংগীৰে
Chapter 7ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ
Chapter 8এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ
Chapter 9কৃষক, জমিদাৰ আৰু ৰাজ্য
Chapter 10সম্রাট আৰু ইতিহাস
Chapter 11উপনিবেশবাদ আৰু গ্রাম্য সমাজ
Chapter 12বিদ্রোহীসকল আৰু ৰাজ
Chapter 13ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ
Chapter 14মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Chapter 15ভাৰত বিভাজন আৰু ৰাজনীতি
Chapter 16ভাৰতীয় সংবিধান সংকলন

প্রশ্ন ৩৪। গান্ধীজীয়ে লর্ড আৰউইনলৈ কি দাবী পত্ৰ প্ৰেৰণ কৰিছিল ? 

উত্তৰঃ গান্ধীজীয়ে আৰউইনলৈ প্ৰেৰণ কৰা দাবী সমূহ হ’ল–

( ক ) লােণৰ ওপৰত থকা কৰ আৰু আইন প্রত্যাহাৰ কৰা । 

( খ ) মাদক দ্রব্য নিবাৰণ কৰা ।

( গ ) সামৰিক বাহিনীৰ খৰচ কমােৱা । 

( ঘ ) বিদেশী সামগ্ৰীৰ ওপৰত ব্যৱসায়িক কৰ আৰােপ কৰা । 

( ঙ ) মাটিৰ ওপৰত থকা ৰাজহৰ পৰিমাণ হ্রাস কৰা । 

( চ ) প্রশাসনীয় খৰচ কমােৱা আদি দাবীবােৰ ৷ 

প্রশ্ন ৩৫। ক্রীপছ মিছনৰ দল ভাৰতলৈ কিয় আহিছিল ? এই মিছন কিয় ব্যর্থ হৈছিল ? অথবা , ক্রিপছ মিছন কিয় সফল নহ’ল ? দুটা কাৰণ লিখা ।

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানে জার্মানী আৰু ইটালীৰ পক্ষ লােৱাত ব্রিটিছ চৰকাৰ বৰ শংকিত হৈ পৰিছিল । ইফালে আজাদ হিন্দ ফৌজৰ নেতা সুভাষচন্দ্র বসুৱেও জাপানৰ লগত মিত্রতা স্থাপন কৰি ভাৰতৰ ইংৰাজ চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰিছিল । ফলত ভাৰতৰ নিৰাপত্তাৰ প্ৰশ্নটো অধিক জটিল হৈ পৰিছিল । এনে পৰিস্থিতিত ভাৰতীয় জনসাধাৰণক সন্তুষ্ট কৰাৰ কাৰণে প্রধানমন্ত্রী উইনস্টন চার্চিলে ব্রিটিছ সংসদৰ সমৰ পৰিষদৰ সদস্য ছাৰ ষ্টাৰফোর্ড ক্রীপছক ১৯৪২ খ্রীঃত ভাৰতলৈ প্ৰেৰণ কৰে । ক্রীপছে ভাৰতীয় নেতৃবর্গ । লগত আলােচনাত মিলিত হ’ল আৰু কেইটামান প্রস্তাৱ গ্ৰহণ কৰে । এই প্রস্তাৱ অনুসৰি –

(ক ) আত্ম নিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে ভাৰতীয় ইউনিয়ন গঠন কৰা ।

( খ ) ভাৰতৰ প্ৰতিৰক্ষাৰ দায়িত্ব ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত থকা । 

( গ ) যুদ্ধৰ শেষত ভাৰতীয় প্রতিনিধিবর্গক লৈ গঠিত সংবিধান সভাই নতুন শাসনতন্ত্র ৰচনাৰ দায়িত্ব দিয়া । 

কিন্তু ক্রীপছ মিছা ব্যর্থ হৈছিল । কাৰণ ক্রীপছৰ প্ৰস্তাৱত কোনো নতুনত্ব নাছিল । গান্ধীজীৰ মতে ই হ’ল দেৱলীয়া বেংকে পিছত দিবলগীয়া ধনৰ এটা প্রতিশ্রুতি । সেয়ে কংগ্ৰেছে ইয়াক অগ্রাহ্য কৰে । 

ঠিক তেনেদৰে পাকিস্তানৰ দাবী স্বীকৃত নােহােৱাৰ বাবে মুছলিম লীগেও ক্রীপছ প্রস্তাৱৰ বিৰােধিতা কৰে । ফলত বিফল মনােৰথ হৈ ক্রীপছ স্বদেশলৈ প্রত্যাবর্তন কৰিবলৈ বাধ্য হয় । 

প্রশ্ন ৩৬। গান্ধী আৰউইন চুক্তিৰ বিষয়ে চমুকৈ লিখা । অথবা , লর্ড আৰউইন কোন আছিল ? গান্ধী আৰউইন চুক্তিৰ চৰ্তবােৰ কি কি আছিল ? 

উত্তৰঃ ভাৰতৰ আইন অমান্য আন্দোলন চলি থকা সময়ত কংগ্ৰেছ আৰু ইংৰাজ চৰকাৰৰ মাজত বুজাপৰা হােৱাৰ কাৰণে এক আলােচনা অনুষ্ঠিত হয় । শেষত ১৯৩৫ খ্রীঃ ৫ মার্চ তাৰিখে সেই সময়ৰ গৱৰ্ণৰ জেনেৰেল আৰউইন আৰু গান্ধীজীৰ মাজত এখন চুক্তি হয় । ইয়াকে গান্ধী – আৰউইন চুক্তি বুলি জনা যায় । এই চুক্তি অনুসৰি গান্ধীজীয়ে আইন অমান্য আন্দোলন বন্ধ কৰিবলৈ আৰু আন্দোলন চলি থকা সময়ত ইয়াক দমন কৰাৰ কাৰণে পুলিচে লােৱা ব্যৱস্থাৰ অনুসন্ধান নকৰিবলৈ দুয়ােপক্ষ সম্মত হয় । আইন অমান্য আন্দোলনত বন্দী হােৱা লােকসকলৰ হিংসাত্মক কার্যত লিপ্ত থকা লােকৰ বাহিৰে বাকী সকলাে লােককে মুক্তি দিবলৈ আৰু বাজায়াপ্ত সম্পত্তিবােৰ পুনৰ ঘূৰাই দিবলৈ চৰকাৰ সম্মত হয় । গান্ধী আৰউইন চুক্তিয়ে ভাৰতবাসীৰ মনত মিশ্রিত প্রতিক্রিয়া সৃষ্টি কৰে । কংগ্ৰেছৰ নৰমপন্থীসকলে ইয়াৰ প্রতি আদৰণি জনায় । আনহাতে , সুভাষচন্দ্র বসু , জৱাহৰলাল নেহৰু আদিয়ে এই চুক্তি সন্তোষজনক নহয় বুলি মত প্রকাশ কৰে । 

প্রশ্ন ৩৭। ১৯৩০ চনৰ ২৬ জানুৱাৰী দিনটো স্বাধীনতা দিবস হিচাপে পালন কৰাৰ কাৰণে গান্ধীজীয়ে দিয়া চাৰিটা পৰামৰ্শৰ কথা উল্লেখ কৰা । 

উত্তৰঃ ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰাৰ কাৰণে গান্ধীজীয়ে দিয়া পৰামর্শ কেইটা হ’ল— 

( ক ) এই দিৱস গাঁও আৰু চহৰৰ সকলাে অঞ্চলতে পালন কৰা হ’ব । লগতে সভা – সমিতি অনুষ্ঠিত কৰা হ’ব । 

( খ ) প্রাচীন পৰম্পৰা অনুসৰি ঢােল বজাই ৰাইজে এই দিৱস পালন কৰিব । 

( গ ) উৎযাপনৰ লগে লগে ত্ৰিৰংগা পতাকা উত্তলন কৰিব । 

( ঘ ) দিৱস উৎযাপনৰ পিছৰ সময়ছােৱাত জনসাধাৰণে যতৰত সূতা কটাৰ কাৰণে গান্ধীজীয়ে জনসাধাৰণক পৰামর্শ দিছিল । 

প্রশ্ন ৩৮। নৰমপন্থী আৰু চৰমপন্থী সকলৰ মাজত থকা পার্থক্যবােৰ আলােচনা কৰা । 

উত্তৰঃ ( ক ) নৰমপন্থী নেতা সকলে সাংবিধানিক কাঠামােৰ মাজেৰে সমস্যা সমাধান কৰিব বিচাৰিছিল । ইয়াৰ বিপৰীতে চৰমপন্থী সকলে উগ্রবাদ নীতিৰ জৰিয়তে সমস্যা সমাধানৰ পােষকতা কৰিছিল । 

( খ ) নৰমপন্থী সকলে আবেদন – নিবেদনৰ জৰিয়তে ভাৰতৰ সংস্কাৰৰ কথা চিন্তা কৰিছিল । ইয়াৰ বিপৰীতে চৰমপন্থী নেতা সকলে যিকোনাে কঠোৰ ব্যৱস্থাৰ জৰিয়তেহে সংস্কাৰৰ পােষকতা কৰিছিল । 

প্রশ্ন ৩৯। খিলাফৎ আন্দোলন কি ? ভাৰতত এই আন্দোলনৰ নেতৃত্ব কোনে দিছিল ? গান্ধীজীয়ে এই আন্দোলনলৈ কিয় সমর্থন আগবঢ়াইছিল ?

উত্তৰঃ প্রথম বিশ্বযুদ্ধৰ সময়ত ভাৰতীয় মুছলমান সকলৰ সমর্থন আদায় কৰাৰ কাৰণে ইংৰাজসকলে ঠুৰস্কৰ প্রতি কোমল মনােভাব পােষণ কৰিছিল । কিন্তু যুদ্ধৰ অন্তত ইংৰাজে নিজৰ চৰ্ত ভংগ কৰিছিল । এনে কার্যত তুৰস্কৰ লগতে ভাৰতৰ মুছলমান সকলাে অসন্তুষ্ট হয় । ফলত ইংৰাজ চৰকাৰৰ এনে নীতিৰ বিৰুদ্ধে খলিফাসকলৰ নেতৃত্বত এটি আন্দোলন আৰম্ভ হয় । এই আন্দোলনকে খিলাফৎ আন্দোলন বুলি কোৱা হয় । 

ভাৰতত এই আন্দোলনৰ নেতা আছিল মহম্মদ আলি আৰু চৌকত আলি নামে দুজন ককাই ভাই । 

গান্ধীজীয়ে ভাৰতৰ হিন্দু আৰু মুছলমানৰ মাজত এক অবিহনে ইংৰাজসকলক ভাৰতৰ পৰা খেদি পঠিওৱাতাে অতি কঠিন হ’ব বুলি অনুভৱ কৰিছিল । সেয়ে হিন্দু – মুছলমানৰ মাজত একতা স্থাপনৰ এইটোৱে উত্তম সুযােগ বুলি ভাবি গান্ধীজীয়ে খিলাফৎ আন্দোলনলৈ সমর্থন জনাইছিল । 

প্রশ্ন ৪০। সাম্প্রদায়িকতাবাদ কি ? সাম্প্রদায়িকতাবাদ গা কৰি উঠাৰ কাৰণবােৰ উল্লেখ কৰা ।

উত্তৰঃ ভাৰতত সাম্প্রদায়িকতাবাদ গঢ়ি উঠাৰ কাৰণবােৰ হ’ল – 

( ক ) ইংৰাজসকলে নিজৰ স্বার্থ সুৰক্ষিত কৰি ৰখাৰ কাৰণে ভাৰতীয় সমাজত বিভেদ সৃষ্টি কৰিছিল । 

( খ ) হিন্দু আৰু মুছলমানৰ মাজত বিভাজন ঘটাই ইংৰাজে ভাৰতত সাম্প্রদায়িকতাৰ বীজ ৰােপণ কৰিছিল ।

( গ ) ১৯০৬ চনত মুছলীম লীগৰ জন্মও ভাৰতত সাম্প্রদায়িক বিভাজনৰ আন এটা কাৰণ বুলি ক’ব পাৰি । 

( ঘ ) আলি জিন্নাৰ দ্বি – জাতীয় সূত্রও আছিল সাম্প্রদায়িকতাবাদৰ আন এক উল্লেখযােগ্য কাৰণ । 

প্রশ্ন ৪১। ১৯২৯ চনৰ লাহােৰ কংগ্ৰেছ অধিৱেশন ভাৰত বুৰঞ্জীত কিয় গুৰুত্বপূর্ণ ?

উত্তৰঃ ১৯২৯ চনত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত হােৱা ঐতিহাসিক লাহােৰৰ কংগ্ৰেছ অধিৱেশনত ইংৰাজৰ বিৰুদ্ধে পূর্ণ স্বাধীনতাৰ দাবী তােলা হৈছিল । সেই ফালৰ পৰা এই অধিৱেশন ভাৰতীয় ইতিহাসত গুৰুত্বপূৰ্ণ বুলি কোৱা হয় । 

প্রশ্ন ৪২। অসহযােগ আন্দোলনৰ যিকোনাে দুটা কাৰ্যসূচী লিখা ।

উত্তৰঃ অসহযােগ আন্দোলনৰ দুটা কাৰ্যসূচী হ’ল— 

( ক ) সকলাে চৰকাৰী পদ ত্যাগ কৰা । 

( খ ) স্বদেশী সামগ্ৰীৰ ব্যৱহাৰ কৰা ।

প্রশ্ন ৪৩। লােণ যাত্রা কিয় উল্লেখযােগ্য বুলি বিবেচিত হৈছিল তাৰ দুটা কাৰণ দশোৱা । 

উত্তৰঃ গান্ধীজীয়ে প্রতিষ্ঠা কৰা সবৰমতি আশ্ৰমৰ পৰা ৭৮ জন সহযােগীৰ সহায়ত গান্ধীজীয়ে ১৯৩০ চনৰ ১২ মার্চ তাৰিখে চৰকাৰৰ লােণ আইন ভংগ কৰাৰ কাৰণে আৰৱ সাগৰ পাৰত অৱস্থিত দাণ্ডিলৈ যাত্ৰা কৰিছিল । 

দাণ্ডি যাত্রাৰ বিশেষ তাৎপর্য আছিল । কাৰণ এই যাত্রাৰ জৰিয়তে গান্ধীজীয়ে চৰকাৰৰ লােণ আইন ভংগ কৰিছিল ।

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top