Class 12 History Chapter 12 বিদ্রোহীসকল আৰু ৰাজ

Class 12 History Chapter 12 বিদ্রোহীসকল আৰু ৰাজ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 12 বিদ্রোহীসকল আৰু ৰাজ and select needs one.

Class 12 History Chapter 12 বিদ্রোহীসকল আৰু ৰাজ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 12 বিদ্রোহীসকল আৰু ৰাজ Solutions for All Subject, You can practice these here…

 ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। চিপাহী বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ সম্বন্ধে আলােচনা কৰা । 

উত্তৰঃ চিপাহী বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ সম্বন্ধে তলত উল্লেখ কৰা ধৰণে আলােচনা কৰিব পাৰি ।

( ক ) বৈষম্যমূলকনীতি :- কোম্পানীৰ চৰকাৰে ভাৰতীয়সকলৰ ক্ষেত্ৰত প্ৰয়ােগ কৰা বৈষম্যমূলক নীতিয়েই হ’ল চিপাহী বিদ্ৰোহৰ আন এক কাৰণ । কোম্পানীৰ চৰকাৰে ভাৰতীয় লােকসকলক কোনাে উচ্চ পদত নিয়ােগ নকৰিছিল । তদুপৰি ভাৰতীয়সকলৰ তুলনাত ইংৰাজ বিষয়াসকলক উচ্চ হাৰত বেতন দিছিল । সৈন্য বাহিনীৰ লােকৰ ক্ষেত্ৰতাে এনে বৈষম্যমূলক নীতি গ্ৰহণ কৰা হৈছিল । ভাৰতীয় সৈন্যবাহিনীৰ লােকসকলে ইংৰাজ সৈন্য বাহিনীৰ উচ্চপদত ইংৰাজ লােককহে নিযুক্তি দিছিল । এই ক্ষেত্ৰতাে ভাৰতীয় সৈনিকসকলক মানসিকভাৱে অসন্তুষ্ট কৰিছিল । 

( খ ) স্বত্ববিলােপ নীতি :- স্বদেশী ৰজা আৰু জমিদাৰসকলক লর্ড ডেলহাউচিয়ে প্রৱর্জ কৰা স্বত্ববিলােপ নীতিয়ে বিতুষ্ট কৰি তুলিছিল । এই নীতি অনুসৰি কোনাে দেশীয় ৰজা সন্তানহীন অৱস্থাত মৃত্যু হ’লে কোম্পানীৰ অনুমতি সাপেক্ষেহে সিংহাসনৰ উত্তৰাধিকাৰী নির্বাচন কৰিব পাৰিছিল । ইয়াৰ কেইবাজনাে দেশীয় ৰজা সন্তান বিহীন হৈ মৃত্যু বৰণ কৰাত এই নীতিৰ বলি হৈ পৰে আৰু ৰাজ্যবােৰ ব্রিটিছ ৰাজ্যৰ অন্তর্ভুক্ত হৈ পৰে । ভাৰতীয় ৰজাসকলৰ মনত অসন্তুষ্টি ভাব জগাই তুলিছিল লর্ড ডেলহাউচিয়ে প্রৱর্তন কৰা এই নীতিয়ে । 

প্রশ্ন ২। চিপাহী বিদ্ৰোহৰ অর্থনৈতিক আৰু সামাজিক কাৰণ সম্বন্ধে আলােচনা কৰা । 

উত্তৰঃ অর্থনৈতিক কাৰণ :- ৰজা আৰু জমিদাৰসকলৰ তলতীয়া ৰাজ্যসমূহ ব্রিটিছ সাম্রাজ্যৰ লগত চামিলকৰণৰ হেতু সেই ৰাজ্যৰ ৰজা আৰু জমিদাৰসকল গভীৰ অর্থ সংকটৰ সন্মুখীন হৈছিল । ৰাজ্য আৰু জমিদাৰৰ পৰা হােৱা আয় বন্ধ হােৱাত তেওঁলােকৰ আর্থিক অবস্থা তেনে শােচনীয় হৈ পৰে আৰু সমাজত অশাস্তিয়ে দেখা দিয়ে । চিপাহী বিদ্রোহ আৰম্ভ হােৱাৰ পাঁচ বছৰ পূর্বে ডেলহাউচিয়ে নিয়ােগ কৰা ইনাম কমিছনে দাক্ষিণাত্যত প্রায় কুৰি হেজাৰ জমিদাৰী বাজেয়াপ্ত কৰিছিল । কিন্তু সেই জমিদাৰসকলৰ আর্থিক সমস্যা সম্পর্কে ডেলহাউচিয়ে কোনাে চিন্তাধাৰা গ্ৰহণ নকৰিছিল আৰু ফলস্বৰূপে সমাজত তিক্ততাই আবৰি ধৰিছিল । ইয়াৰ লগে লগে ব্রিটিছসকলৰ প্রতি ভাৰতীয়সকলৰ ক্ষোভ দিনে দিনে বাঢ়ি গৈছিল । 

সামাজিক কাৰণ :- ওঠৰ শতিকাৰ শেষ ভাগত আৰু উনবিংশ শতিকাৰ আদিভাগত ভাৰতত বিস্তাৰ হােৱা পশ্চিমীয়া সভ্যতাই ভাৰতীয় নৈষ্ঠিক লােকসকলৰ মাজতে অসন্তুষ্টিৰ ভাব জগাই তুলিছিল । সেই সময়ৰ ইংৰাজী শিক্ষা বিস্তাৰ , ৰেল আৰু টেলিগ্রাফৰ প্ৰচলন , সতীদাহ আৰু শিশুবধ ৰোধ , বিধৱা বিবাহৰ প্ৰচলন আৰু বাল্য বিবাহ বন্ধ কৰাৰ প্রচেষ্টা , মিছনেৰী সকলৰ কার্যকলাপ আদিয়ে ভাৰতীয় লােকসকলৰ মনত এনে ধৰণৰ ভাবৰ উদ্রেক কৰিছিল যেন ইংৰাজসকলে ভাৰতীয়সকলৰ যুগমীয়া সংস্কৃতি ধ্বংস কৰি ভাৰতীয়সকলক খ্রীষ্টান কৰাৰ প্রস্তুতি চলাইছিল । মুঠতে ইংৰাজসকলৰ সংস্কামূলক কার্যকলাপে ভাৰতীয় সমাজত বিৰূপ প্রতিক্রিয়া সৃষ্টি কৰিছিল । 

প্রশ্ন ৩। চিপাহী বিদ্ৰোহৰ সামৰিক কাৰণ সম্বন্ধে আলােচনা কৰা । 

উত্তৰঃ সামৰিক কাৰণ :- অকল অর্থনৈতিক , সামাজিক কাৰণসমূহৰ পৰিপ্ৰেক্ষিতত বিদ্রোহ হ’ব নােৱাৰিলেহেঁতেন , যদিহে কোম্পানীৰ চৰকাৰৰ প্রতি আনুগত্য থাকিলেহেঁতেন । বিভিন্ন কাৰণত চৰকাৰ আৰু চিপাহীসকলৰ মাজত সম্পর্ক অবনতি ঘটাৰ ফলত বিদ্রোহ পথ মুকলি হৈ পৰে ।

প্রথমতে , ৰাজনৈতিক দিশত সামৰিক লােকসকলক নিয়ােগ কৰা হৈছিল আৰু বয়সৰ প্রতি লক্ষ্য নাৰাখি লােকসকলক যিকোনাে সেনাবাহিনীত নিয়ােগ কৰিছিল । উল্লেখযােগ্য যে গডউইনে ৭০ বছৰ বয়সতাে দ্বিতীয় বাৰ যুদ্ধৰ সেনাপতি হৈছিল । 

দ্বিতীয়তে , চিপাহীসকলক বিদেশৰ যুদ্ধত সঘনাই নিয়ােগ কৰিছিল , কিন্তু তেওঁলােকক ওপৰঞ্চি ভাট্টা দিয়াৰ নিয়ম থকা সত্ত্বেও ইয়াক নিদিয়াৰ ফলত তেওঁলােকৰ মাজত অসন্তুষ্টি বৃদ্ধি পাইছিল । 

তৃতীয়তে , পশ্চিমীয়া সভ্যতা জাপি দিয়া বুলি সৈন্য দলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছিল , কিয়নাে বংগবাহিনীৰ সৈন্য দলত বংগদেশৰ লােক নিয়ােগ নকৰি বিহাৰ আৰু উৰিষ্যাৰ গােড়া মুছলমান সকলকহে নিয়ােগ কৰা হৈছিল । 

শেষত , সেই সময়ত ভাৰতীয় চিপাহীৰ তুলনাত ইংৰাজ সৈন্যবাহিনীৰ সংখ্যা নিচেই কম আছিল ।কলিকতা আৰু এলাহাবাদৰ মাজত দিনাজপুৰ নামৰ ঠাইত এটা মাহ ইংৰাজ বাহিনীক ৰখা হৈছিল । ইংৰাজসকল ক্রিমিয়াৰ যুদ্ধ , পাৰস্যৰ যুদ্ধ আদিত ব্যস্ত থাকিবলগীয়া হােৱাত চিপাহীসকলে ভাবিছিল তেওঁলােকৰ ওপৰতহে ভাৰতত ইংৰাজসকলৰ ভৱিষ্যৎ নির্ভৰ কৰিছিল । 

প্রশ্ন ৪। চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণৰ বিষয়ে আলােচনা কৰা । অথবা , চিপাহী বিদ্রোহ অসফল হােৱাৰ দুটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ এনফিল ৰাইফলৰ ব্যৱহাৰেই আছিল চিপাহী বিদ্ৰোহৰ তাৎকালীন কাৰণ । উল্লেখযােগ্য যে এই ৰাইফলটো ব্যৱহাৰৰ সময়ত ইয়াৰ কার্টিজটো দাঁতেৰে কামুৰি ধৰিব লাগিছিল । চিপাহীসকলৰ মাজত এটা ধাৰণাই গঢ় লৈ উঠে যে এই কার্টিজটো গৰু আৰু গাহৰিৰ চৰ্বীৰে তৈয়াৰী আছিল । ইতিমধ্যে গৰু আৰু গাহৰি হিন্দু আৰু মুছলমানৰ অখাদ্য । সেয়েহে এই ব্যৱস্থাৰে হিন্দু আৰু মুছলমানৰ মাজত ধর্মীয় অনুভূতিত আঘাত দিয়াৰ এক অন্যতম উপায় বুলি তেওঁলােকৰ মাজত বিশ্বাস হয় । ইয়াৰ প্রতিক্রিয়া স্বৰূপে মঙ্গল পাণ্ডে নামৰ এজন চিপাহীয়ে বেৰেকপুৰত এজন ব্রিটিছ বিষয়াক বধ কৰে আৰু লগে লগে ১৮৫৭ চনত এই বিদ্ৰোহৰ সূত্রপাত হয় । 

প্রশ্ন ৫। চিপাহী বিদ্ৰোহৰ ব্যর্থতাৰ কাৰণবােৰ আলােচনা কৰা । 

উত্তৰঃ ১৮৫৭ চনৰ চিপাহী বিদ্রোহ অৱশেষত ইংৰাজ চৰকাৰে দমন কৰিছিল । ফলত এই বিদ্রোহ ব্যৰ্থ হৈছিল । চিপাহী বিদ্ৰোহৰ ব্যর্থতাৰ কাৰণবােৰ তলত উল্লেখ কৰা ধৰণে আলােচনা কৰিব পাৰি । যেনে –

( ক ) বিদ্ৰোহৰ ব্যর্থতাৰ এটা প্রধান কাৰণ হ’ল ইয়াৰ নেতৃত্বৰ দুর্বলতা । বিদ্ৰোহৰ প্রথম নায়ক কোৱৰ সিং , তান্তীয়া টোপী , নানা চাহেব আৰু ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ আদি বিপক্ষ দলৰ সমান ক্ষমতা নাছিল । কোৱৰ সিং বা ৰাণী লক্ষ্মীবায়ে দক্ষতাৰে যুদ্ধ পৰিচালনা কৰিলেও বিদ্রোহ ব্যাপকতাৰ প্রতি লক্ষ্য ৰাখি ইংৰাজে এই বিদ্রোহ সহজে দমন কৰিব পাৰিছিল । 

( খ ) চিপাহী বিদ্ৰোহৰ ভাৰতৰ একাংশ লােকে বিৰুদ্ধাচৰণ কৰিছিল । পঞ্জাৱৰ শিখ বাহিনী আৰু নেপাল গােখা বাহিনীয়ে বিদ্রোহ দমন কৰাত ব্রিটিছসকলক সহায় কৰিছিল । ভাৰতীয় লােকৰ সাহায্যত বিদ্রোহ দমন কৰিব পৰাটো ব্রিটিছৰ কূটনীতিৰ সাফল্য ।

( গ ) বিদ্রোহীসকল সংঘবদ্ধ হােৱাত বহুতাে অসুবিধা পাইছিল কাৰণ এই বিদ্রোহ তৎকালীনভাৱে উদ্ভৱ হৈছিল । বিদ্রোহীসকলে দ্বিতীয় বাহাদুৰ চাহক স্বাধীন হিন্দুস্তানৰ সম্রাট বুলি ঘােষণা কৰিছিল । কিন্তু তেওঁলােকৰ সৈতে আন বহুতাে নেতাই সহযােগ কৰা নাছিল । বিদ্রোহ আৰম্ভ হােৱাৰ কেইদিনমান পিছতেই ব্রিটিছ সৈন্যৰ আগত তিষ্ঠিব নােৱাৰি বিদ্রোহীসকলে ব্রিটিছ সৈন্যৰ আগত টিকিব নােৱাৰিছিল আৰু তেওঁলােক ছেদেলি – ভেদেলি হৈ পৰাত ব্রিটিছ পল্টনে তেওঁলােকক সহজে কৰায়ত্ত কৰিছিল । 

( ঘ ) ভাৰতীয় বিদ্রোহীসকলে ব্রিটিছসকলৰ দৰে কিছুমান পােৱা নাছিল । যেনে — অস্ত্র শস্ত্ৰৰ যােগান , খাদ্য সামগ্ৰীৰ যােগান আদি । ভাৰতীয় বিদ্রোহীসকলে পৰিকল্পিতভাৱে আন্দোলন চলাব নােৱাৰা বাবে সহজে ব্যৰ্থ হৈ পৰে । 

( ঙ ) সমগ্ৰ ভাৰতবাসীয়ে এই বিপ্লৱক সমর্থন কৰা নাছিল । বিদ্রোহী নেতাসকলে ক্ষমতাৰ পৰা বঞ্চিত হৈহে বিদ্রোহত জঁপিয়াই পৰিছিল । ফলত তেওঁলােকৰ অর্থনীতি দুর্বল হােৱাত ব্রিটিছে সহজে তেওঁলােকক দমন কৰিব পাৰিছিল । 

( চ ) বিদ্রোহীসকল সংঘবদ্ধ হ’ব নােৱৰাৰ কাৰণ হ’ল বাহাদুৰ ছাহৰ নীতি । আনহাতে , লর্ড গৱৰ্ণৰ জেনেৰেল লর্ড কেনিঙৰ ধৈৰ্য আৰু তৎপৰতাৰ কাৰণে বিদ্রোহীসকলক সহজে দমন কৰাত সুবিধা হৈছিল । 

( ছ ) প্রধানকৈ উত্তৰ ভাৰততে এই বিদ্রোহ আবদ্ধ হৈ আছিল । বিদ্রোহীসকলৰ কৰ্মস্থল বিহাৰ , বংগ আৰু উত্তৰ প্ৰদেশ , আনহাতে , দক্ষিণ ভাৰতত পৰিস্থিতি সম্পূর্ণ আছিল । ইংৰাজসকলে বিদ্রোহ নােহােৱা ঠাইৰ পৰা সৈন্য বাহিনী আনি সহজে এই বিদ্রোহ দমন কৰিব পাৰিছিল । বিদ্ৰোহৰ প্ৰসাৰণ সীমাবদ্ধ হৈ থকা বাবেই ই ব্যর্থ হৈ পৰে । 

( জ ) বিদ্রোহীসকলৰ মাজত উদ্দেশ্যৰ ভিন্নতা আছিল । তেওঁলােকে নিজৰ নিজৰ স্বাৰ্থপূৰণৰ কাৰণে বিদ্রোহ কৰিছিল আৰু সেইকাৰণে ব্রিটিছসকলৰ বিৰুদ্ধে একগােট হৈ থিয় দিব নােৱাৰিছিল । 

প্রশ্ন ৬। চিপাহী বিদ্ৰোহৰ বিস্তাৰ সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ এনফিল্ড ৰাইফলৰ কাৰণেই ১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ আৰম্ভণি হয় । মংগল পাণ্ডে নামৰ চিপাহী এজনে ১৮৫৭ চনৰ ২৯ মার্চৰ দিনা কলিকতাৰ বেৰেক পুৰত এজন ইংৰাজ বিষয়াক হত্যা কৰাৰ লগে লগে চিপাহী বিদ্ৰোহৰ সূচনা হয় । ইয়াৰ পিছত দহ মে’ৰ দিনা মীৰাটত প্রকাশ্যে প্রথম বিদ্ৰোহৰ জুই জ্বলি উঠে আৰু কেইবাজনাে ইংৰাজ বিষয়াক হত্যা কৰি বন্দীশালৰ দুৱাৰ ভাঙি বন্দী চিপাহীসকলক মুকলি কৰি আনে । 

এইদৰে মীৰাটত জয়লাভ কৰি ৰাতিয়েই চিপাহীসকল দিল্লীলৈ যাত্ৰা কৰে আৰু এঘাৰ মেৰ পুৱা দিল্লীত উপস্থিত হৈ দিল্লীৰ চিপাহীসকলৰ সহযােগত সেই দিনাই চহৰ দখল কৰে আৰু দ্বিতীয় বাহাদুৰ ছাহক ভাৰত সম্রাট হিচাপে ঘােষণা কৰে । দিল্লীত বাহাদুৰ ছাহক সম্রাট বুলি ঘােষণা কৰা বাতৰি লগে লগে গােটেই ভাৰতবৰ্ষতে বিয়পি পৰে আৰু চাৰিওফালে তীব্র উত্তেজনা সৃষ্টি হয় । ইয়াৰ ফলত ফিৰােজপুৰ , মুজাফৰ নগৰ , অযােধ্যা , ৰােহিলা খণ্ড , দেৱাৱ অঞ্চল , বুলেখণ্ড , মধ্য ভাৰত আৰু বিহাৰৰ জগদীশপুৰৰ প্ৰাক্তন জমিদাৰ কোৱৰ সিঙে বিহাৰৰ বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল । তেওঁ ব্রিটিছ বাহিনীৰ বহুতাে সৈনিকক নিহত কৰি যুদ্ধত জয়লাভ কৰে । অৱশ্যে ইয়াৰ পিছতে তেওঁৰ মৃত্যু হয় ।

মৌলবী আহমদ উল্লাহে মাদ্ৰাজৰ বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল । তেওঁক ধৰিবলৈ এক বাহিনী পঠোৱা হৈছিল যদিও তেওঁ সেই বাহিনীক যুদ্ধত পৰাস্ত কৰে । কিন্তু এক যড়যন্ত্ৰৰ বলি হৈ তেওঁৰ মৃত্যু হয় । 

চিপাহী বিদ্ৰোহৰ প্ৰভাৱ অসমতাে পৰিছিল । মণিৰাম দেৱানে এখন গােপন চিঠিৰ দ্বাৰা চাৰিং ৰজা কন্দপেশ্বৰ সিংহলৈ বিদ্ৰোহৰ সকলাে আয়ােজন ঠিক কৰাৰ কাৰণে নির্দেশ দিছিল । কিন্তু হৰনাথ দাৰােগা বৰুৱা নামৰ এজন ইংৰাজ বিশ্বস্ত অসমীয়া কৰ্মচাৰীৰ হাতত এই চিঠিখন পৰে আৰু তেওঁ এই বিষয়ে ইংৰাজক জনায় । শেষত এই গােপন খবৰৰ ভেটিত কলিকতাত মণিৰাম দেৱান আৰু তেওঁলােকৰ সহযােগীসকলক বন্দী কৰে । তথাকথিত বিচাৰৰ শেষত ১৮৫৮ চনত পিয়লি ফুকন আৰু মণিৰাম দেৱানক ফাঁচী দিয়ে । 

এইদৰে গােটেই ভাৰতবৰ্ষতে চিপাহী বিদ্রোহ আৰম্ভ হয় । কিন্তু এই বিদ্রোহ সফল হ’বলৈ সক্ষম নহ’ল । শেষত ইংৰাজে এই বিদ্রোহ সহজে দমন কৰে । অধিকাংশই ইংৰাজ শাসন ওফৰাই পেলায় । গােৱালিয়ৰৰ বিদ্ৰোহৰ অন্যতম নেতা আছিল তান্তীয়া টোপী আৰু ৰাণী লক্ষ্মীবাঈ । উত্তৰ ভাৰতৰ বিদ্ৰোহৰ প্রধান কেন্দ্রস্থল আছিল কাণপুৰ দিল্লী , বিহাৰৰ আৰা , ঝালী লক্ষৌ আৰু বেৰেলী । সেই সময়ত দিল্লীত বাহাদুৰ ছাহ নামতহে ৰজা আছিল । দৰাচলতে তেওঁৰ চিপাহীবােৰেহে ৰাজ্যৰ শাসনভাৰ পৰিচালনা কৰিছিল । 

চিপাহী বিদ্রোহক কাণপুৰত নেতৃত্ব দিছিল নাগপুৰৰ পেছােৱাৰ তােলনীয়া পুত্র নানা চাহেবে । নানা চাহেবৰ দুই বিশ্বস্ত অনুচৰ আছিল তান্তীয়া টোপী আৰু আজিমুল্লা । লক্ষ্মীত বিদ্রোহ পৰিচালনা কৰিছিল কলিকতাত নির্বাসিত হৈ থকা অযােধ্যাৰ শেষ নবাব ৱাজিদ আলি ছাহৰ বেগম হজৰং মহলে । 

ঝালী আছিল বিদ্ৰোহৰ অন্যতম কেন্দ্র । ঝান্সী বিধৱা ৰাণী লক্ষ্মীবাঈ ১৮৫৭ খ্রীঃ বিদ্রোহৰে নহয় ভাৰত বুৰঞ্জীৰ বীৰ বিৰংগনাসকলৰ ভিতৰতে শ্রেষ্ঠতম আছিল । তেওঁৰ অতুলনীয় সাহস , অসীম বীৰত্ব আৰু সামৰিক দক্ষতাৰ দৃষ্টান্তই ভাৰতবাসীক সদায় অনুপ্রাণিত কৰি আহিছে । 

প্রশ্ন ৭। চিপাহী বিদ্রোহৰ উল্লেখযােগ্য ফলাফলবােৰৰ বিষয়ে আলােচনা কৰা । অথবা , ১৮৫৭ চনৰ বিদ্ৰোহৰ বৈশিষ্ট্য নিৰূপণ কৰা । 

উত্তৰঃ প্রথমে , ইংলেণ্ডৰ শাসক গােষ্ঠীয়ে চিপাহী বিদ্ৰোহৰ পিছত ভালদৰে উপলব্ধি কৰিছিল যে এটা ব্যৱসায়ী প্রতিষ্ঠানৰ হাতত ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশৰ শাসনভাৰ এৰি দিয়াটো সমীচিন হােৱা নাই । সেয়েহে দেশখনৰ শাসনভাৰ ৰাজ মুকুট হাতলৈ নিয়াৰ কাৰণে ইংলেণ্ডৰ সংসদে ১৮৫৮ চনৰ ২ আগষ্ট তাৰিখে এখন আইন পাছ কৰে । এই আইনৰ যােগেদি পিছলৈ ভাৰতবৰ্ষৰ শাসনভাৰ ইংলেণ্ডৰ গৃহ চৰকাৰৰ হাতলৈ নিয়া হয় । 

দ্বিতীয়তে , ইংলেণ্ডৰ সংসদে উপলব্ধি কৰিব পাৰিছিল যে ডেলহাউছিৰ স্বত্ববিলােপনীতিয়ে আছিল চিপাহী বিদ্ৰোহৰ অন্যতম কাৰণ । সেয়েহে মহাৰাণীৰ ঘােষণা পত্ৰৰ জৰিয়তে ১৮৫৮ চনৰ ১ নবেম্বৰ তাৰিখে এই নীতি নাকচ কৰা হয় । ব্রিটিছ চৰকাৰে ভাৰতবৰ্ষত ৰাজ্য বিস্তাৰ নকৰে বুলিও এই পত্ৰত কোৱা হয় । আনহাতে ভাৰতীয় ৰজা সকলৰ তােলনীয় পুত্র গ্রহণ বিষয়টোও এই পত্রই সমর্থন কৰে ।

তৃতীয়তে , সাধাৰণ বিদ্রোহীসকলক শাস্তিৰ পৰা ৰেহাই দিয়া হ’ব বুলি এই ঘােষণা পত্রই ঘােষণা কৰে । কিন্তু ব্রিটিছ কৰ্মচাৰী আৰু নাগৰিক সকলৰ হত্যাকাৰী বিদ্রোহীৰ ক্ষেত্ৰত এই আইনে কঠোৰ মনােবৃত্তি গ্রহণ কৰে । 

চতুর্থত , যােগ্যতা অনুসৰি ভাৰতীয় লােকক ৰাজ কার্যত নিয়ােগ কৰাৰ কথা এই ঘােষণা পত্ৰৰ জৰিয়তে কোৱা হয় । 

শেষত অনুৰূপ বিদ্ৰোহৰ প্রতি লক্ষ্য ৰাখি এই আইনৰ যােগেদি ভাৰতবৰ্ষত সামৰিক বাহিনী পুনৰ গঠন কৰা হয় । সামৰিক বাহিনীত ভাৰতীয় সৈন্যৰ তুলনাত ইউৰােপীয় সৈন্যৰ সংখ্যা বৃদ্ধি কৰা হয় । ভৱিষ্যৎ বিপদৰ আশংকা কৰিয়েই ইংৰাজ কর্তৃপক্ষই গােলণ্ডাজ বাহিনীত ভাৰতীয় সৈন্য নিয়ােগ বন্ধ কৰে । 

প্রশ্ন ৮। বিদ্রোহী সকলৰ মাজত একতা বজাই ৰখাৰ কাৰণে কি কি ব্যবস্থা গ্রহণ কৰা হৈছিল ? 

উত্তৰঃ ১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ জুই জ্বলি উঠাৰ কাৰণ আছিল ইংৰাজ সকলৰ শােষণমূলক নীতি । অৱশ্যে ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ ঘােষণা কৰা সময়ত হিন্দু আৰু মুছলমানৰ মাজত একতাৰ ভাব পৰিলক্ষিত হােৱা নাছিল । শেষত সামৰিক বাহিনী ব্যৱহাৰ কৰিবলৈ দিয়া এনফিল্ড ৰাইফলে হিন্দু – মুছলমানক একতাৰ দোলেৰে বান্ধ খােৱাত যষেষ্ট পৰিমাণে অৰিহণা যােগাইছিল । 

এই ৰাইফলবিলাকৰ টোটাসমূহৰ ওপৰত একোটা চর্বীযুক্ত কাগজৰ ঢাকনি আছিল আৰু টোটাসমূহ ৰাইফলত সােমােৱাৰ সময়ত ঢাকনিখনৰ মূৰটো দাঁতেৰে কামুৰিহে গুচাবলগীয়া হৈছিল । ইয়াৰ কিছুমান ঢাকনি গৰু আৰু গাহৰিৰ চৰ্বীৰে তৈয়াৰী আছিল । উল্লেখযােগ্য যে গৰু আৰু গাহৰি ক্ৰমে হিন্দু আৰু মুছলমানৰ অদ্যি আছিল । এইকথা চিপাহীসকলৰ মাজত প্ৰচাৰ হােৱাৰ লগে লগে তেওঁলােক উত্তেজিত হৈ পৰে । হিন্দু – মুছলীম সম্প্রদায়ৰ লােক তথা সৈনিকসকলৰ বিশ্বাস হ’ল যে এই কার্যৰ যােগেদি ব্রিটিছ চৰকাৰে উভয় সম্প্রদায়ৰ ধৰ্ম বিনষ্ট কৰিব বিচাৰিছে । ইয়াৰ বিপৰীতে চৰকাৰে তেওঁলােকক যি আশ্বাস দিছিল সি তেওঁলােকক পতিয়ন নিয়াব নােৱাৰিলে । ১৮৫৭ চনত সেই বাবে চিপাহী বিদ্ৰোহৰ সূচনা হয় । 

প্রশ্ন ৯। চিপাহী বিদ্ৰোহৰ প্রকৃতি আৰু গুৰুত্বৰ বিষয়ে বর্ণনা কৰা । 

উত্তৰঃ ঐতিহাসিক সকলৰ মাজত চিপাহী বিদ্ৰোহৰ প্রকৃতি সম্পর্কে মতভেদ দেখা যায় । কিছুমানে ইয়াক চিপাহী বিদ্রোহীসকলৰ মাজত হােৱা এক বিক্ষোভ বুলি কয় । 

আনহাতে , এই বিদ্রোহক কিছুমানে ভাৰতবৰ্ষৰ প্রথম স্বাধীনতা যুদ্ধ হিচাপে আখ্যা দিব খােজে । জৱাহৰলাল নেহৰু আৰু আন কিছুমানৰ মতে , ই হৈছে এটা সামন্ত বিদ্রোহ । এইটো এটা সু – সংগঠিত জাতীয় আন্দোলন নাছিল । চিপাহীসকলৰ মাজত হােৱা বিদ্ৰোহৰ কিছুমান অসন্তুষ্ট জমিদাৰ তথা অভিজাত শ্ৰেণীৰ লােকে ইয়াত অংশ গ্রহণ কৰি নিজৰ হেৰােৱ মান সন্মানৰ লগতে ৰাজ্য উদ্ধাৰৰ কামত ব্ৰতী হৈছিল । তদুপৰি সমগ্ৰ ভাৰতবৰ্ষতে ই বিয়পি পৰা নাছিল । কিছুমান নির্দিষ্ট ঠাইত ই আবদ্ধ হৈ আছিল । আনহাতে , সকলােবােৰ ভাৰতীয় লােক আৰু জমিদাৰে ইয়াত অংশ গ্ৰহণ কৰাব পৰা বিৰত আছিল । আনকি বহুতাে জমিদাৰে বিদ্রোহীসকলৰ বিৰুদ্ধে ইংৰাজক প্রত্যক্ষ তথা পৰােক্ষভাৱে সহায়হে কৰা দেখা গৈছিল । ঝান্সীৰ ৰাণী লক্ষ্মীবাঈৰ বাহিৰে বিদ্রোহীসকলক নেতৃত্ব দিব পৰা লােক নাছিল । বিদ্রোহীসকলৰ মাজত উমৈহতীয়া উদ্দেশ্যও দেখা নগৈছিল । গতিকে এইসকল ব্যক্তিয়ে এনেকুৱা যুক্তিৰে চিপাহী বিদ্ৰোহৰ প্রকৃতি সম্বন্ধে মন্তব্য দিব বিচাৰে । ভাৰতীয় ইতিহাসত যে চিপাহী বিদ্রোহে এক শ্রেষ্ঠ স্থান দখল কৰিছে তাত অকণাে সন্দেহ নাই । 

প্রশ্ন ১০। মহাজন , ব্যৱসায়ী আৰু জমিদাৰসকলে চিপাহী বিদ্রোহত কিভূমিকা গ্ৰহণ কৰিছিল ? 

উত্তৰঃ ( ক ) মহাজন :- মহাজন সকল বিদ্রোহীসকলৰ প্ৰধান শত্রু হিচাপে পৰিগণিত হৈছিল । কাৰণ বিদ্রোহীসকলে এই লােকসকলৰ হিচাপ বহী আৰু ঘৰ দুৱাৰবােৰ জ্বলাই দিছিল । সেয়ে মহাজন সকলে বিদ্রোহ দমন কৰাৰ কাৰণে ইংৰাজৰ পক্ষ গ্ৰহণ কৰা দেখা গৈছিল । 

( খ ) ব্যৱসায়ী বা সদাগৰ সকল :- ব্যৱসায়ী আৰু সদাগৰ সকল সাধাৰণ জনতাৰ প্রধান শত্রুত পৰিণত হৈছিল । কাৰণ ইংৰাজৰ লগতে তেওঁলােকো সাধাৰণ জনতাৰ চকুত লুণ্ঠণকাৰী হিচাপে চিহ্নিত হৈছিল । চিপাহী বিদ্রোহৰ সময়ত বিদ্রোহী সকলে এই ব্যৱসায়ী আৰু মহাজন সকলক জমা ভাণ্ডাৰবােৰ লুণ্ঠন কৰা লগতে ধন – সােণও লুট – পাত কৰিছিল । সেয়ে এই লােক সকলে বিদ্ৰোহৰ বিৰােধিতা কৰিছিল । 

( গ ) জমিদাৰ সকল :- জমিদাৰ সকলেও বিদ্রোহ দমন কৰাৰ কাৰণে চৰকাৰক সহায় সহযােগ কৰিছিল । কাৰণ সাধাৰণ জনতাৰ দৃষ্টিত তেওঁলােকে শত্রুত পৰিণত হৈছিল । 

প্রশ্ন ১১। উৰাবাতৰি আৰু ভৱিষ্যৎ বাণীবােৰে চিপাহী বিদ্রোহত অৰিহণা যােগাইছিল বুলি তুমি ভাবানে ? নাইবা , ১৮৫৭ চনৰ বিদ্রোহক ধর্মীয় বিশ্বাসে কিমান দূৰ প্ৰভাৱিত কৰিছিল ? অথবা , ১৮৫৭ চনৰ বিদ্রোহত ধর্মীয় বিশ্বাসে বিদ্রোহী সকলক প্ৰভাৱান্বিত কৰিছিলনে ? দুটা উদাহৰণ লিখা ।

উত্তৰঃ চিপাহী বিদ্রোহ আৰম্ভ হােৱাৰ সময়ত কিছুমান উৰাবাতৰি আৰু ভৱিষ্যৎ বাণী প্ৰচাৰ হৈছিল । এইবােৰে সাধাৰণ মানুহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল বুলি কোৱা হয় । উদাহৰণ হিচাপে– 

( ক ) এনফিল্ড ৰাইফল আছিল তেনে এক উৰা বাতৰি । কাৰণ এই ৰাইফলৰ কার্টিজটো গৰু আৰু গাহৰিৰ চৰ্বিৰে তৈয়াৰী বুলি বাতৰি প্ৰচাৰ হৈছিল । ফলত হিন্দু আৰু মুছলমানৰ ধর্মীয় অনুভূতিত ইংৰাজ সকলে আঘাত দিবলৈ কু – চক্রান্ত কৰা বুলি ভাৰতীয় চিপাহী সকলে গভীৰভাৱে বিশ্বাস কৰিছিল । 

( খ ) এসময়ত এজন ইংৰাজ লােকে এজন ব্রাহ্মণ চিপাহীৰ পৰা পানী বিচাৰিছিল । কিন্তু ব্রাহ্মণ চিপাহীজনে ধর্ম বিনষ্ট হােৱাৰ ভয়ত তেওঁ ইংৰাজ লােকজনক পানী দিয়াৰ পৰা বিৰত থাকে । চিপাহীজনৰ এনে কার্যত ইংৰাজ লােকজন অসন্তুষ্ট হয় আৰু এনফিল্ড ৰাইফলৰ ব্যৱহাৰৰ দ্বাৰা তেওঁলােকৰ ধর্ম বিনষ্ট কৰা হ’ব বুলি আগতীয়া ভৱিষ্যৎ বাণী শুনায় । এনে ভৱিষ্যৎ বাণীত চিপাহীসকলে অন্তৰেৰে বিশ্বাস কৰিছিল । ফলত তেওঁলােক ইংৰাজ বিৰােধী হৈ চিপাহী বিদ্রোহত অংশ গ্রহণ কৰিছিল । 

( গ ) চিপাহী বিদ্ৰোহৰ আগমুহূর্তত ইংৰাজসকলে মুকলি বজাৰত বিক্ৰী হােৱা আটাত গৰু আৰু গাহৰিৰ হাড়ৰ গুৰি মিহলি কৰা বুলি বাতৰি প্ৰচাৰ হৈছিল । ফলস্বৰূপে জনসাধাৰণে বজাৰত আটা কিনাটো বন্ধ কৰিছিল । এনে কাৰ্যই জনসাধাৰণক ইংৰাজৰ প্রতি সন্দিহান কৰি তুলিছিল ।

( ঘ ) শেষত , পলাচীৰ যুদ্ধৰ এশ বছৰ পিছত ভাৰতৰ পৰা ইংৰাজ সকলৰ শাসনৰ অৱসান ঘটিব বুলি যি ভৱিষ্যবাণী প্রচাৰ হৈছিল , তাৰ দ্বাৰা প্ৰভাৱান্বিত হৈও চিপাহীসকলে বিদ্ৰোহৰ অংশগ্রহণৰ কাৰণে আগবাঢ়ি আহিছিল । 

প্রশ্ন ১২। 1857 বিদ্রোহ দমনৰ বাৰে বৃটিছসকলে কি ব্যৱস্থা লৈছিল ?

উত্তৰঃ 1857 চনৰ বিদ্রোহ দমনৰ কাৰণে ইংৰাজ চৰকাৰে ভালেমান ব্যৱস্থা হাতত লৈছিল । এখন কঠোৰ আইন প্রণয়ন কৰি সমগ্ৰ উত্তৰ – ভাৰতক সামৰিক বিচাৰ ব্যৱস্থাৰ কবললৈ আনে । এই আইনৰ জৰিয়তে আনকি এজন সাধাৰণ ইংৰাজ লােকেওঁ বিদ্রোহীক শাস্তি দিয়াৰ ক্ষমতা প্রদান কৰে । এনে পদ্ধতিমূলক আইন আৰু ইংলেণ্ডৰ পৰা অনা সামৰিক সৈন্যৰ সহায়ত বিদ্রোহ কঠোৰ হাতেৰে দমন কৰে । ইয়াৰােপৰি ইংৰাজে নানা ধৰণৰ কুট – কৌশলৰ আশ্ৰয় লৈছিল । বিদ্রোহীসকলৰ বিৰুদ্ধে কিছুমান অতিৰিক্ত বাতৰি প্ৰচাৰ চলাইছিল । যাতে ভাৰতৰ মানুহ বিদ্রোহীসকল বিৰুদ্ধে যায় । এনে অতি ৰঞ্জিত ঘটনাৰ ছবি , নক্সা বা প্রবন্ধ প্রচাৰ কৰা হৈছিল । কিন্তু ইংৰাজৰ বৰ্বৰ অত্যাচাৰৰ কথা লিখিতভাবে প্রচাৰ কৰাত কঠোৰ বাধা আৰােপ কৰা হৈছিল । জমিদাৰ সকলে বিদ্ৰোহৰ পৰা আতৰি আহিলে তেওঁলােকক নানা ধৰণে পুৰস্কৃত কৰাৰ প্রলােভন দিয়া হৈছিল । কিন্তু এনে প্রলােভন আওকান কৰি বহুতাে জমিদাৰে যুদ্ধ দি মৃত্যুবৰণ কৰিছিল । অথবা গভীৰ অৰণ্যলৈ পলাই গৈছিল । বিদ্রোহীসকলক শাৰী কৰিবৰ টোপেৰে উৰুৱাই দি হত্যা কৰা হৈছিল । 

প্রশ্ন ১৩। ব্রিটিছসকলৰ বিৰুদ্ধে ভাৰতীয় চিপাহীসকল অসন্তুষ্ট হােৱাৰ চাৰিটা কাৰণ লিখা । 

উত্তৰঃ 1857 চনত সংঘটিত হােৱা চিপাহী বিদ্রোহ ভাৰতীয় ইতিহাসৰ এক উল্লেখযােগ্য অধ্যায় । নানা অসন্তুষ্টিৰ পৰিপ্ৰেক্ষিতত চিপাহীসকল ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল । ভাৰতীয় চিপাহীসকলৰ চাৰিটা প্রধান অসন্তুষ্টি হ’ল— 

( ক ) ব্রিটিছ ভাৰতীয় সৈন্য বাহিনীৰ সৰহ সংখ্যকেই আছিল ভাৰতীয় । তেনে অৱস্থাত ভাৰতীয় চিপাহীসকল ইংৰাজৰ বিৰুদ্ধে যােৱাটো সাধাৰণতে স্বাভাৱিক আছিল । 

( খ ) ভাৰতীয় চিপাহীসকল সঘনে বিদেশলৈ যুদ্ধৰ কাৰণে পঠোৱা হৈছিল । এনে কার্য ধর্মবিৰােধী বুলি হিন্দু চিপাহীসকলৰ মনত বিশ্বাস জন্মিছিল । 

( গ ) বিদেশলৈ যুদ্ধ কৰিবলৈ গ’লে বিদেশী সৈন্যসকলে অতিৰিক্ত ভাট্টা লাভ কৰিছিল যদিও ভাৰতীয় চিপাহীসকলে এনে ভাট্টাৰ পৰা বঞ্চিত হ’ব লগা হৈছিল । এনে কার্যত ভাৰতীয় চিপাহীসকল অসন্তুষ্ট হৈ পৰিছিল । 

( ঘ ) এনফিল্ড ৰাইফলৰ ব্যৱহাৰক লৈও ভাৰতীয় চিপাহীসকল গভীৰভাৱে অসন্তুষ্ট হৈ আছিল । কাৰণ দাঁতেৰে ব্যৱহাৰ কৰিবলগীয়া এই ৰাইফলৰ টোটাটো গৰু – গাহৰীৰ চৰ্বিৰে নির্মিত বুলি জনৰব চলি আহিছিল । ইয়াৰ দ্বাৰা ভাৰতীয় উভয় সম্প্রদায়ৰ চিপাহীসকলৰ ধৰ্মত ইংৰাজে আঘাত দিয়া বুলি ভাৰতীয় চিপাহীসকলে গভীৰভাৱে বিশ্বাস কৰিছিল । শেষলৈ এই বিষয়টো চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ হৈ পৰিছিল । 

প্রশ্ন ১৪। ১৮৫৭ চনৰ বিদ্ৰোহৰ কাৰণসমূহ আলােচনা কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰিবা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top