Class 12 History Chapter 11 উপনিবেশবাদ আৰু গ্রাম্য সমাজ

Class 12 History Chapter 11 উপনিবেশবাদ আৰু গ্রাম্য সমাজ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 11 উপনিবেশবাদ আৰু গ্রাম্য সমাজ and select needs one.

Class 12 History Chapter 11 উপনিবেশবাদ আৰু গ্রাম্য সমাজ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 11 উপনিবেশবাদ আৰু গ্রাম্য সমাজ Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। ভাৰতবৰ্ষলৈ কপাহৰ আমদানি সম্বন্ধে আলােচনা কৰা । 

উত্তৰঃ ১৮৬০ চনৰ আগলৈ ভাৰতবৰ্ষলৈ মুঠ আমদানিকৃত কপাহৰ তিনি – চতুর্থাংশ আহিছিল আমেৰিকাৰ পৰা । অৱশ্যে ১৮৫৯ চনত ইংলেণ্ডৰ মানচেষ্টাৰত প্রথম কটন কোম্পানী প্রতিষ্ঠা হৈছিল । 

আমেৰিকাৰ গৃহযুদ্ধৰ সময়ৰে পৰা ভাৰতবর্ষ তথা ইংলেণ্ডলৈ কপাহৰ সৰবৰাহ বহুতাে পৰিমাণে হ্রাস পাইছিল । সেয়ে কপাহৰ নাটনিৰ জোৰা মৰাৰ কাৰণে ইংৰাজসকলে ভাৰতবৰ্ষত কপাহৰ খেতি কৰাৰ কাৰণে আগ্রহী হৈ পৰে । ইয়াৰ ফলত দাক্ষিণাত্যত কপাহৰ খেতি আৰম্ভ হয় । পিছলৈ দক্ষিণ ভাৰতৰ পৰা বহুতাে পৰিমাণৰ কপাহ ৰপ্তানি কৰিবলৈ সক্ষম হৈছিল । ইংৰাজ সদাগৰ সকলাে কপাহ ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছিল । পিছলৈ ই এক লাভজনক ব্যৱসায়ত পৰিণত হৈছিল । 

প্রশ্ন ২। প্রথমে ক’ত আৰু কেতিয়া চিৰস্থায়ী বন্দোবস্ত প্ৰৱৰ্তন কৰা হৈছিল ? চিৰস্থায়ী বন্দোবস্ত প্রধান বৈশিষ্ট্যবােৰ আলােচনা কৰা । 

উত্তৰঃ ১৭৯৩ খ্রীঃত গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱলিছে বংগদেশত চিৰস্থায়ী বন্দোবস্ত প্রৱৰ্তন কৰিছিল । পিছলৈ এই ব্যৱস্থা বংগ আৰু বিহাৰতাে প্রয়ােগ কৰিছিল । চিৰস্থায়ী বন্দোবস্ত প্রধান বৈশিষ্ট্যবােৰ হ’ল— 

( ক ) এই ব্যৱস্থা মতে জমিদাৰ সকল মাটিৰ গৰাকীত পৰিণত হ’ল ।

( খ ) যিমান দিনলৈকে তেওঁলােকে খাজনা পৰিশােধ কৰি থাকিব সিমানদিনলৈকে তেওঁলােকে জমিদাৰী ভােগ কৰি থাকিব পাৰিব । 

( গ ) জমিদাৰ সকলে নিজৰ ভাগৰ দিব লগা খাজনা বছৰৰ এটা নির্ধাৰিত দিনৰ ভিতৰত ৰাজকোষত জমা দিব লাগিছিল ।

( ঘ ) ৰায়তক একোখনকৈ পট্টা দিয়াৰ ব্যৱস্থা কৰা হ’ল য’ত দিবলগীয়া খাজনাৰ কথা উল্লেখ আছিল । 

( ঙ ) চিৰস্থায়ী বন্দোৱস্তৰ ফলত ৰাজহৰ দিনত অতদিনে চলি অহা অনিয়মৰ অৱসান ঘটে । চৰকাৰৰ বাবে স্থায়ী ৰাজহৰ ব্যৱস্থা কৰি তথা এটা মাটিৰ গৰাকী শ্ৰেণীৰ সৃষ্টি কৰি । কর্ণৱালিছে চৰকাৰী ভূমি ৰাজহ নীতিৰ কিছু সুস্থিৰ অৱস্থালৈ আনিবলৈ সক্ষম হৈছিল । 

প্রশ্ন ৩। চিৰস্থায়ী বন্দোবস্তৰ কুফল আৰু সু – ফলবোৰৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ লর্ড কর্ণৱালিছে প্রৱৰ্তন কৰা চিৰস্থায়ী বন্দোৱস্তৰ কিছুমান ভাল ফল দেখা গৈছিল । যদিও ইয়াৰ কিছুমান কু – ফলাে লক্ষ্য কৰা যায় । গতিকে ইয়াৰ কু – ফল আৰুসু – ফল সমূহ তলত উল্লেখ কৰা ধৰণে আলােচনা কৰিব পাৰি । যেনে— 

চিৰস্থায়ী ব্যৱস্থাৰ সুফল :-

( ক ) এই ব্যৱস্থাৰ ফলত জমিদাৰসকল মাটিৰ স্থায়ী মালিক হ’ল । 

( খ ) কোম্পানীয়ে নির্দিষ্ট পৰিমাণৰ ৰাজহ আদায় কৰাৰ সুবিধা লাভ কৰে । 

( গ ) জমিদাৰ শ্ৰেণী কোম্পানীৰ ওচৰত নিৰ্ভৰশীল হৈ পৰে । 

( ঘ ) কোম্পানীৰ ৰাজহ বৃদ্ধি পােৱাত দেশৰ প্রশাসনীয় ব্যৱস্থাৰ উন্নতি ঘটে । 

কু – ফল :-

( ক ) এই ব্যৱস্থাৰ ফলত নির্দিষ্ট সময়ত ৰাজহ আদায় দিব নােৱৰাত বহু প্রাচীন জমিদাৰে নিজ জমিদাৰী হেৰুৱাব লগা হয় । 

( খ ) জমিদাৰসকল মাটিৰ স্থায়ী মালিক হােৱাত কৃষকসকল তেওঁলােকৰ বহতীয়া স্বৰূপ হৈ পৰিল । 

( গ ) সাধাৰণ কথাতে কৃষকসকলক মাটিৰ পৰা উচ্ছেদ কৰিবলৈ ল’লে । 

( ঘ ) ভৱিষ্যতে কোম্পানীয়ে ৰাজহ বৃদ্ধি কৰিব নােৱৰা হ’ল । 

Sl. No.সূচী-পত্ৰ
Chapter 1ইটা মণি আৰু হাড়বােৰ
Chapter 2ৰজা কৃষক আৰু নগৰসমূহ
Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী
Chapter 4দার্শনিক প্রত্যয় আৰু স্থাপত্য
Chapter 5যুগে যুগে অসম
Chapter 6পর্যটকৰ দৃষ্টিভংগীৰে
Chapter 7ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ
Chapter 8এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ
Chapter 9কৃষক, জমিদাৰ আৰু ৰাজ্য
Chapter 10সম্রাট আৰু ইতিহাস
Chapter 11উপনিবেশবাদ আৰু গ্রাম্য সমাজ
Chapter 12বিদ্রোহীসকল আৰু ৰাজ
Chapter 13ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ
Chapter 14মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Chapter 15ভাৰত বিভাজন আৰু ৰাজনীতি
Chapter 16ভাৰতীয় সংবিধান সংকলন

প্রশ্ন ৪। জোতদাৰ সকলে জমিদাৰসকলৰ বিৰুদ্ধে কেনেদৰে প্ৰতিৰােধ আন্দোলন গঢ়ি তুলিছিল ? অথবা , ব্ৰিটিছসকলৰ বিৰুদ্ধে সন্থালসকলে কিয় বিদ্রোহ কৰিছিল ?

 উত্তৰঃ অধিক মাটিৰ মালিকসকলক জোতদাৰ বুলি কোৱা হৈছিল । অষ্টাদশ শতিকাৰ শেষৰ ফালে জমিদাৰ সকল দুর্বল হৈ পৰিছিল । সেয়ে জমিদাৰ সকলৰ এনে দুর্বলতাৰ সুযােগ লৈ জোতদাৰ সকল অধিক শক্তিশালী হৈ পৰিছিল । তেওঁলােকক যাতে জমিদাৰ সকলে পুনৰ বশ কৰিব নােৱাৰে তাৰ কাৰণে তেওঁলােকে কিছুমান প্ৰতিৰােধ মূলক ব্যৱস্থা হাতত লৈছিল । 

যেনে— ( ২ ) জমিদাৰ সকলৰ মতা হ্রাস কৰাৰ কাৰণে জোতদাৰ সকলে গাঁও অঞ্চলৰ কৃষক সকলক সংগঠিত কৰি তুলিছিল । 

( খ ) জোতদাৰকলে জমিদাৰ সকলক দিব লগা ৰাজহ বন্ধ কৰাৰ কাৰণে উচটনি দিছিল । 

( গ ) জোতদাৰ সকলে বেনামী সম্পত্তি ক্রয় কৰি জমিদাৰ সকলৰ বিপৰীতে অর্থনৈতিক দিশ টনকিয়ালৰ কাৰণে চেষ্টা কৰিছিল ।

( ঘ ) আইনৰ সহায়ত জমিদাৰ সকলে জোতদাৰ সকলৰ বিৰুদ্ধে দিয়া গোচৰ সমুহ পলম কৰাৰ কাৰণে জোতদাৰ সকলে নানা ধৰণৰ কুট – কৌশল অৱলম্বন কৰি জমিদাৰ সকলৰ শক্তি প্রতিহত কৰাৰ কাৰণে চেষ্টা চলাইছিল । 

প্রশ্ন ৫। বুর্দোৱা অঞ্চলৰ নিলাম ব্যৱস্থাৰ প্রধান বৈশিষ্ট্যবােৰ আলােচনা কৰা । 

উত্তৰঃ লর্ড কর্ণৱালিছে ১৭৯৩ খ্রীঃত প্ৰৱৰ্তন কৰা চিৰস্থায়ী বন্দোবস্তৰ ফলত বংগদেশত বহুতো ৰজা আৰু জমিদাৰৰ অৱস্থা অতি শােচনীয় হৈ পৰিছিল । এনে অৱস্থাত তেওঁলােকে চৰকাৰক ৰাজহ দিয়াত ব্যৰ্থ হৈছিল । সেয়ে কোম্পানীৰ চৰকাৰে ৰাজহ আদয়ৰ ঠাইত ৰজা আৰু জমিদাৰৰ তলত থকা মাটিবােৰ নিলামত দিয়াৰ ব্যৱস্থা কৰিছিল । এই নিলাম ব্যৱস্থা বুর্দোৱা বা বৰ্তমানৰ বর্ধমান জিলাত হৈছিল । সেয়ে ইয়াক বুর্দোৱা নিলাম কার্য বুলি কোৱা হয় । এই নিলাম ব্যৱস্থাৰ প্রধান বৈশিষ্ট্যবােৰ হ’ল— 

( ক ) এই নিলাম কার্যত বহুতাে লােকে অংশ গ্ৰহণৰ কাৰণে আহিছিল ।

( খ ) ১৭৯৭ খ্রীঃত অনুষ্ঠিত হােৱা এই নিলাম কার্য এক বিৰাট ৰাজহুৱা অনুষ্ঠান হিচাপে পৰিগণিত হৈছিল । 

( গ ) এই নিলাম ব্যৱস্থাৰ ফলত বুর্দোৱাৰ ৰজাৰ বহুতাে মহল বিক্ৰী হৈছিল । 

( ঘ ) নিলামত সর্বোচ্চ ডাক দিওঁতা জনৰ ওচৰত মহল বিলাক বিক্ৰী কৰা হৈছিল । 

( ঙ ) নিলামত অংশ লােৱা বেছিভাগ লােকেই আছিল ৰাজমহল অঞ্চলৰ ছদ্মবেশী গ্রাহক । 

( চ ) এই লােকসকল প্রকৃততে ৰজাৰহে সেৱক আছিল । 

( ছ ) নিলামত বিক্ৰী হােৱা প্রায় ৯৫ শতাংশ আছিল ভূৱা নিলাম । 

( জ ) উল্লেখযােগ্য যে ৰজাৰ সেৱকসকলে নিলামত ক্ৰয় কৰা মাটিবােৰ পুনৰ ৰজাৰ হাতলৈ গৈছিল । 

প্রশ্ন ৬। জমিদাৰ সকলে কোম্পানীৰ চৰকাৰক ৰাজহ দিয়াত কিয় ব্যর্থ হব লগা হৈছিল ? আলােচনা কৰা ।

উত্তৰঃ চিৰস্থায়ী বন্দোবস্তৰ ফলত সমাজৰ আর্থিক দিশত বহুতাে কু – প্রভাৱ পৰিলক্ষিত হৈছিল । ফলত জমিদাৰসকলে নানা কাৰণত চৰকাৰক ৰাজহ পৰিশােধ কৰাত ব্যৰ্থ হৈছিল । উদাহৰণ হিচাপে–

( ক ) চিৰস্থায়ী বন্দোবস্তৰ পিছত চৰকাৰে জমিদাৰ সকলৰ ওপৰত ৰাজহৰ পৰিমাণ বৃদ্ধি  কৰিছিল । ইয়াৰ বিপৰীতে জমিদাৰ সকলে কৃষক সকলৰ পৰা অতিৰিক্ত কৰ আৰােপ কৰিব পৰা নাছিল । ফলত ৰাজহৰ পৰিমাণ আগৰ দৰে থাকি যােৱাত ইংৰাজক বর্ধিত ৰাজহ আদায় দিয়াত জমিদাৰসকল ব্যর্থ হৈছিল । 

( খ ) নানা ধৰণৰ দুর্ভিক্ষৰ সন্মুখীন হ’ব লগা হােৱা কাৰণে জমিদাৰ সকলে কৃষকৰ পৰা সময়মতে খাজনা আদায় কৰিব পৰা নাছিল । 

( গ ) চিৰস্থায়ী বন্দোবস্তৰ ফলত জমিদাৰ সকলৰ ক্ষমতা যথেষ্ট পৰিমাণে হ্রাস পাইছিল । সেয়ে তেওঁলােকে কৃষকসকলৰ পৰাও নিয়ন্ত্রণ হেৰুৱাবলৈ বাধ্য হৈছিল । ফলত বহুতাে কৃষকে  জমিদাৰ সকলক খাজনা দিবলৈ অস্বীকাৰ কৰিছিল ।

প্রশ্ন ৭। ফ্রান্সিচ বুকাননৰ জৰীপ টোকাৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ফ্রান্সিচ বুকানন গৱৰ্ণৰ জেনেৰেল লর্ড বেলেছলিৰ ব্যক্তিগত চিকিৎসক আছিল । আলিপুৰ দুৱাৰ চিৰিয়াখানাৰাে তেওঁ সংগঠক আছিল । কিছু সময়ৰ কাৰণে তেওঁ কলকাতাৰ ব’টানিকেল গার্ডেনৰো দায়িত্ব পালন কৰিছিল । বংগ চৰকাৰৰ অনুৰােধ মর্মে তেওঁ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধিকৃত অঞ্চলত এক জৰীপ চলাইছিল । পিছত তেওঁৰ জৰীপৰ লগত এই সম্পর্কীয় এটি টোকা প্রকাশ কৰিছিল । 

এই টোকাৰ বৰ্ণনা কৰা অনুসৰি এই অঞ্চলটো এটা অতি দুর্গম অঞ্চল আছিল । কাৰণ ইয়ালৈ খুব কম সংখ্যক ভ্রমণকাৰীহে যাবলৈ সাহস কৰিছিল । অঞ্চলটো এক ভয়ানক বিপদৰ প্ৰতীকহে আছিল । তেওঁ যি ঠাইলৈ গৈছিল তাৰ জনসাধাৰণে তেওঁক শত্রু জ্ঞান কৰিছিল কাৰণ এই জনজাতি সকলে চৰকাৰী কৰ্মচাৰী আৰু বিষয়া সকলক সদায় শত্রু জ্ঞান কৰিছিল । আনকি তেওঁৰ আগমনৰ লগে লগে জনসাধাৰণ ভয়তে বা ঘৃণাতে গাঁও ত্যাগ কৰি অৰণ্যত লুকাই আছিল । 

বুকাননৰ টোকাটোৰ পৰা আমি ঊনবিংশ শতিকাৰ প্ৰাক কালৰ পাহাৰীয়া লােকসকলৰ জীৱনৰ এক হতাশাজনক ছবিহে দেখা পাওঁ । কাৰণ— 

( ক ) তেওঁ ভ্ৰমণ কৰা বিভিন্ন স্থান , মুখামুখি হােৱা বিভিন্ন মানুহ , দৃষ্টিগােচৰ হােৱা বিভিন্ন আচাৰ ব্যৱহাৰৰ ওপৰত এক দিনলিপিৰ ৰূপতহে এই খচৰা টোকাটো লিখি উলিয়াইছিল ।

( খ ) এই টোকাৰ পৰা আমি সেই সময়ৰ পাহাৰীয়া লােকসকলৰ সমস্যাসমূহৰ কোনাে সমাধান নাপাওঁ । 

( গ ) এই টোকাত সেই সময়ৰ জনসাধাৰণৰ অতীত বুৰঞ্জীৰ কোনাে আভাস নাই । 

( ঘ ) বুকাননে মাত্র কোম্পানীৰ ব্যৱসায়িক দিশৰ অগ্ৰগতিৰ দিশ লক্ষ্য কৰিহে তেওঁ তেওঁৰ টোকাটো প্ৰকাশ কৰিছিল । 

( ঙ ) পিছৰ কালৰ ইতিহাসবিদ সকলে বুকাননৰ টোকাৰ পৰা পাহাৰীয়া জাতি সমূহৰ  ইতিহাস জনাৰ ক্ষেত্ৰত যথেষ্ট সমল লাভ কৰিবলৈ সক্ষম হৈছিল । 

প্রশ্ন ৮। বায়তবাৰী বন্দোবস্তিৰ মুখ্য বৈশিষ্ট্যবােৰৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ দক্ষিণ আৰু দক্ষিণ পশ্চিম ভাৰত ইংৰাজৰ নিয়ন্ত্রণাধীন হােৱাৰ ফলত , সেই অঞ্চলৰ ভূমি ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কিছু সমস্যা আহি পৰে । দক্ষিণ ভাৰতত জমিদাৰী প্ৰথাৰ প্রচলন নাছিল বাবে সেই অঞ্চলত চিৰস্থায়ী বন্দোৱস্তিৰ বিৰুদ্ধে কোম্পানীৰ বিষয়া সকলে মত পােষণ কৰিছিল । আলেকজেণ্ডাৰ ৰীড , টমাছমন প্রমুখ্যে মাদ্রাজ প্রশাসনৰ অনেক বিষয়াই দক্ষিণ ভাৰতত খেতিয়ক প্রজাৰ লগত পােনপটীয়াকৈ ভূমি ৰাজহৰ বন্দোৱস্তি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল । তেওঁলােকে ভূমি ৰাজহঁৰ চিৰস্থায়ী বন্দোবস্তিৰ ফলত চৰকাৰৰ লােকচান হােৱা বুলি যুক্তি দর্শাইছিল আৰু ৰায়তৰ ওপৰত জমিদাৰবিলাকক সম্পূর্ণ স্বত্ব দিয়াৰ ফলত জমিদাৰবিলাকে যে বায়তক নিজ খুচিত নির্যাতন কৰিব পৰা হ’ল সেই কথালৈ চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিছিল ৷ সেয়েহে তেওঁলােকে এই অঞ্চলবিলাকত বায়তৰ লগত পােনপটীয়াকৈ বন্দোৱস্তিৰ পৰামর্শ আগবঢ়াইছিল । এই বন্দোৱত্তি মতে ৰায়তে নিয়মীয়াকৈ মাটিৰ খাজনা সােধাই থাকিলে মাটিৰ মালিকীস্বত্ব তেওঁলােকৰ হাতত থাকিব আৰু খাজনা বাদ পৰিলে মাটি নিলামত বিক্ৰী হ’ব । তেওঁলােকৰ মতে পূর্বতে মাদ্রাজত এই ব্যবস্থাই চলিছিল । ৰায়তৰ লগত ঊনৈছ শতিকাৰ আগভাগত মাদ্রাজ আৰু বােম্বাই প্রেছিডেন্সিৰ একাংশ আৰু অসমত এই প্রথা প্ৰৱৰ্তন কৰা হৈছিল । এই বন্দোৱস্তিত খাজনাৰ নিৰিখ স্থায়ীভাৱে বান্ধি দিয়া হােৱা নাছিল । ২০/৩০ বছৰৰ মূৰে মূৰে প্রয়ােজনবােধে খাজনাৰ নিৰিখ সংশােধন কৰা হৈছিল । 

কিন্তু বাস্তৱক্ষেত্ৰত এই প্রথাটো কৃষকে মাটিৰ মালিকানা নাপালে । তেওঁলােকে সহজে উপলব্ধি কৰিলে যে এই নিয়মেৰে চৰকাৰে সৰু – সুৰা জমিদাৰখিনি আঁতৰাই নিজে ডাঙৰ জমিদাৰ হৈ পৰিল । এই প্রৱর্তনৰ কিছুদিন পিছতে চৰকাৰে মাটিৰ খাজনাটো কৰৰ সলনি ভাড়াহে বুলি কৰা দাবী সঁচাকৈয়ে প্রতিপন্ন কৰিছিল । তদুপৰি মাটিৰ মালিকীস্বত্বও ৰায়তে হেৰুৱাব লগা হৈছিল । বহুতাে ঠাইত মাটিৰ খাজনা ইমান বেছি হৈছিল যে খেতিৰ কাৰণে আটাইতকৈ উপযােগী বতৰতাে কৃষকসকলে ভালদৰে চলিব নােৱৰা হৈছিল । উদাহৰণস্বৰূপে , প্রথম অৱস্থাত মাদ্রাজত কৃষকবিলাকে উৎপন্ন বস্তুৰ শতকৰা ৪৫-৫৫ ভাগ পর্যন্ত খাজনা হিচাপে দিব লগা হৈছিল । তদুপৰি চৰকাৰৰ ইচ্ছানুযায়ী খাজনা বঢ়াব পাৰিছিল । কোনাে প্রাকৃতিক দুর্যোগত সমস্ত শস্য নষ্ট হলেও ৰায়তে খাজনাৰ পৰা ৰেহাই নাপাইছিল । ১৮৫৪ খ্রীঃত কলিকতাৰ সদৰ দেৱানী আদালতত বিচাৰক মফাট মিলচ অসমলৈ আহোঁতে মণিৰাম দেৱানে আপত্তি দর্শাইছিল যে ৰায়তে খাজনা দিব নােৱাৰি মাটি বন্ধকত থ’বলগীয়া হৈছে । অথবা অধিক সুদৰ হাৰত টকা ধাৰলৈ ল’বলগীয়াত পৰিছে আৰু টকা পৰিশােধ কৰিব নােৱাৰি মাটি হেৰুৱাইছে । 

প্রশ্ন ৯। ১৮৫৭ চনৰ ১২ মে তাৰিখে পুনেৰ চুপা অঞ্চলত গাঁওবাসীয়ে কি কৰিছিল ? 

উত্তৰঃ ১৮৫৭ চনৰ ১২ মে তাৰিখে পুনেৰ চুপা অঞ্চলৰ জনসাধাৰণে ঋণদাতা বা মহাজন এজনৰ ঘৰ জ্বলাই দিয়ে । তেওঁলােকে অন্য আৰু প্রায় বাৰজন জমিদাৰৰ ঘৰ – দুৱাৰ ভাঙি – চিঙি সকলাে বয় – বস্তু লুট পাত কৰিছিল । ইয়াৰােপৰি বাকীৰ বহীবােৰ নষ্ট কৰা হৈছিল । দলিল , ধান – চাউল , কাপােৰ – কানি আদি আলি বাটত জ্বলাই দিয়া হৈছিল । উল্লেখযােগ্য যে এই চুপা অঞ্চলত বহু সংখ্যক দোকানী আৰু সুদখােৰ ঋণদাতাই বাস কৰিছিল । চুপাৰ পৰা বিদ্ৰোহৰ অগনি আহমেদ নগৰলৈ বিয়পি পৰিছিল । 

পিছত চৰকাৰে বিদ্রোহ দমন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিল । বিদ্রোহী সকলক ভয় খুৱাই আত্মসমর্পণ কৰাৰ কাৰণে গাঁৱে গাঁৱে আৰক্ষীৰ শিৱিৰ স্থাপন কৰিছিল । বহুতাে লােকক আটক কৰা হৈছিল । অৱশ্যে এই বিদ্রোহ দমন কৰাৰ কাৰণে চৰকাৰক কেমাতাে সময়ৰ প্রয়ােজন হৈছিল । এই বিদ্ৰোহৰ ফলত ঋণদাতা সকলৰ বহুতাে টকাৰ ঘাটি সাধন হৈছিল । 

প্রশ্ন ১০। ১৮৫৭ চনৰ ১২ মে তাৰিখে সংঘটিত হােৱা কৃষক বিদ্ৰোহৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰিব চেষ্টা কৰিবা ( প্ৰয়োজন অনুসাৰে ওপৰৰ ৯ নং প্রশ্নোত্তৰ চাই ল’ব পৰা ।) 

প্রশ্ন ১১। কিয় কোম্পানীৰ চৰকাৰে দাক্ষিণাত্য সংঘর্ষ আয়ােগ গঠন কৰিছিল । 

উত্তৰঃ ১৮৫৭ চনৰ ১২ মে তাৰিখে দক্ষিণ ভাৰতৰ পুনেৰ চুপা অঞ্চলত প্রথম বায়ত বা কৃষক বিদ্রোহ সংঘটিত হৈছিল । মহাজন আৰু সুদখােৰ সকলৰ শােযণৰ বিৰুদ্ধে এই বিদ্রোহ সংঘটিত হৈছিল । প্রথম অৱস্থাত বােম্বাই কোম্পানীৰ শাসক সকলে এই বিদ্রোহ প্রতি বিশেষ মনােযােগ দিয়া নাছিল । কিন্তু ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্রতি লক্ষ্য কৰি চৰকাৰে পিছলৈ এই বিদ্রোহক লৈ শংকা প্রকাশ কৰে । 

সেয়ে ইংৰাজ চৰকাৰে বােম্বাইৰ ইংৰাজ শাসক সকলক এই বিদ্ৰোহৰ কাৰণ উদঘাটন কৰাৰ কাৰণে নির্দেশ দিয়ে । এই নির্দেশৰ পৰিপ্ৰেক্ষিততে বােম্বাই চৰকাৰে পিছত দাক্ষিণাত্য সংঘর্ষ আয়ােগ গঠন কৰে । এই আয়ােগে বিদ্ৰোহৰ সকলাে দিশ পৰীক্ষা কৰে । পিছত এই বিষয়ে চৰকাৰৰ ওচৰত এটি টোকা বা প্রতিবেদন দাখিল কৰে । পিছত ১৮৭৮ চনত এই প্রতিবেদন বিচাৰৰ কাৰণে ইংলেণ্ডৰ সংসদত উত্থাপন কৰে ।

প্রশ্ন ১২। অযােধ্যা ৰাজ্যখন বৃটিছ সাম্রাজ্যত চামিলকৰণে তাৰ তালুকদাৰসকলক কেনেকৈ ক্ষতিগ্রস্ত কৰিছিল ? 

উত্তৰঃ লর্ড ডেলহাউচিৰ শাসনকালত অয্যোধ্যাৰ শাসকে ভালদৰে শাসন কৰিব নােৱাৰাৰ অজু হাতত অযােধ্যা ৰাজ্যখন ১৮৫৬ চনত ইংৰাজৰ নিয়ন্ত্রণাধীন কৰে । ইয়াৰ ফলত নবাৱৰ লগতে গাঁও অঞ্চলৰ শক্তিশালী মাটিগিৰি তালুকদাৰসকলে নিজৰ মান আৰু স্থান হেৰুৱাব লগা হৈছিল । তেওঁলােকক নিৰস্ত্র হ’ল আৰু দুৰ্গবােৰাে ধ্বংস কৰা হ’ল । ইয়াৰােপৰি নিজৰ নিয়ন্ত্রণত থকা গাঁওবােৰো হেৰুৱাব লগা হৈছিল । ফলত তেওঁলােক ৰাজহৰ পৰা বঞ্চিত হ’ব লগা হয় ।

প্রশ্ন ১৩। চিৰস্থায়ী বন্দোবস্ত কি আছিল ? জমিদাৰসকল নির্ধাৰিত খাজনা জমা দিয়াত কিয় ব্যর্থ হৈছিল ? 

উত্তৰঃ এক দীঘলীয়া বিতর্ক আৰু আলােচনাৰ শেষত ১৯৭৩ খ্রীঃত লর্ড কর্ণৱালিছে বংগ , বিহাৰ আৰু উৰিষ্যাত ৰাজহ বিভাগত এক চিৰস্থায়ী বন্দোবস্ত ঘােষণা কৰিছিল । এই নিয়ম অনুসৰি জমিদাৰে চৰকাৰক দিবলগীয়া ৰাজহৰ পৰিমাণ স্থায়ীভাৱে নিৱদ্ধ কৰা হৈছিল । জমিদাৰসকলে সময়মতে ৰাজহ সংগ্ৰহ কৰিব নােৱাৰা কাৰণে চৰকাৰক নির্ধাৰিত সময় খাজনা পৰিশােধ কৰাত ব্যৰ্থ হৈছিল । 

প্রশ্ন ১৪। পাহাৰীয়াসকলে জীৱিকা নির্বাহৰ বাবে কেনেকৈ অৰণ্যবােৰ ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ পাহাৰীয়া লােকসকল সাধাৰণতে পাহাৰ অঞ্চলত বাস কৰিছিল । তেওঁলােকে জুম পদ্ধতিৰে খেতি – বাতি কৰি জীৱন নির্বাহ কৰিছিল । এই লােকসকলে নানাধৰণৰ শস্য উৎপাদন কৰিছিল । অৰণ্যৰ পৰা তেওঁলােকে মহুৱা ফুল , পাট – পলু , ধূনা আৰু খৰি সংগ্ৰহ কৰি নামনি অঞ্চলত বিক্ৰী কৰিছিল । তেওঁলােকে কয়লা উৎপাদন কৰিছিল আৰু পাটপলু পুহিছিল । 

ঠিক তেনেদৰে সন্থালসকল জনজাতিৰ লােক আছিল । তেওঁলােকে হাবি – জংঘল চাফ কৰি কৃষি কার্য কৰি জীৱন নির্বাহ কৰিছিল । কালক্রমে পাহাৰীয়া আৰু সন্থালসকলৰ মাজত মাটি – বাৰী বা খেতি কৰাৰ প্রশ্নক লৈ বিবাদ আৰম্ভ হৈছিল । দুয়ােটা জনগােষ্ঠীৰে সামাজিক তথা অর্থনৈতিক অৱস্থা সন্তোষজনক নাছিল । অতি কষ্টৰ মাজেৰে তেওঁলােকে জীৱন – নির্বাহ কৰিব লাগিছিল । লাহে লাহে দুয়ােটা জনগােষ্ঠীয়ে চৰকাৰৰ দ্বাৰা নির্যাতিত হ’বলৈ বাধ্য হৈছিল ।

প্রশ্ন ১৫। ‘ ডামিন – ই – কোহ ’ কি আছিল ? ইয়াক কেনেকৈ গঢ়ি তােলা হৈছিল ? 

উত্তৰঃ চাওতালসকলক প্রথমতে ব্রিটিছ কোম্পানীয়ে জংঘল চাফ কৰি গছ – গছনি কটা কামত নিয়ােগ কৰিছিল । পিছলৈ তেওঁলােকক সংস্থাপন কৰিবলৈ মাটি দিয়াৰ কৰিছিল । যিটো অঞ্চলত তেওঁলােকক সংস্থাপিত কৰিছিল সেই অঞ্চলটোক ডমিন – ই – কোহ বােলা হৈছিল । এই অঞ্চল অকল এই লােকসকলৰ বাবেহে সংৰক্ষিত আছিল । ইয়াত আন কোনাে লােকে হস্তক্ষেপ কৰিব নােৱাৰিছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top