Class 12 History Chapter 10 সম্রাট আৰু ইতিহাস

Class 12 History Chapter 10 সম্রাট আৰু ইতিহাস The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 10 সম্রাট আৰু ইতিহাস and select needs one.

Class 12 History Chapter 10 সম্রাট আৰু ইতিহাস

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 10 সম্রাট আৰু ইতিহাস Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ 

প্রশ্ন ১। মােগল ইতিহাসৰ পৰা কি তথ্য আহৰণ কৰিব পাৰি ? 

উত্তৰঃ মােগল ইতিহাসৰ পৰা আমি সেই যুগৰ সমাজ ব্যৱস্থা , শাসকসকলৰ শাসন ব্যৱস্থা , ধর্ম , চিত্র – ভাস্কর্য আৰু বিদেশী লােকসকলৰ লগত মােগলসকলৰ সম্পৰ্কৰ বিষয়ে জানিব পাৰাে । 

প্রশ্ন ২। মােগল শব্দটো ক’ৰ পৰা উদ্ভৱ হৈছে ? 

উত্তৰঃ মােগল শব্দটো মংগােল শব্দৰ পৰা আহিছে । মংগােলসকলক এটা ফৈদে তেওঁলােকৰ আদি বাসস্থানৰ পৰা মধ্য এছিয়াৰ পশ্চিমাংশলৈ গৈ সেই ঠাইৰ মুছলমানসকলৰ সৈতে ঘনিষ্ঠ সম্পর্ক স্থাপন কৰিছিল । এই অঞ্চলৰ লােকে তেওঁলােকক ‘মুঘল’ বুলি কৈছিল । পিছলৈ এই মুঘল শব্দৰ পৰা মােগল শব্দটোৰ উদ্ভৱ হৈছিল । 

প্রশ্ন ৩। মােগলসকলে কিয় নিজকে টাইমূৰী বুলি কৈছিল ? 

উত্তৰঃ মােগলসকলে নিজকে টাইমূৰী বুলি কৈছিল । কাৰণ তেওঁলােক তুর্কী আক্ৰণকাৰী টাইমূৰ বংশধৰ আছিল । 

প্রশ্ন ৪। ইতিহাসসমূহ ৰচনা কৰাৰ দুটা উদ্দেশ্য লিখা । 

উত্তৰঃ ( ক ) মােগল সাম্রাজ্যক এখন জ্ঞানদ্বীপ্ত সাম্রাজ্যৰ ৰূপত দাঙি ধৰাৰ প্রয়াসেৰে মােগল ইতিহাস ৰচনা কৰিছিল । 

( খ ) মােগল সাম্রাজ্যৰ বিৰােধিতা কৰাসকলৰ কার্য ভালনে বেয়া সেইটো দেখুওৱাৰ কাৰণেও ইতিহাস ৰচনা কৰা হৈছিল । 

প্রশ্ন ৫। আকবৰে কোনটো ভাষাক আৰু কিয় দৰবাৰী ভাষা হিচাপে ঘােষণা কৰিছিল ? 

উত্তৰঃ আকবৰে পােন প্রথমে বহু চিন্তা – ভাবনাৰ অন্তত ফাৰচী ভাষাক দৰবাৰী ভাষা হিচাপে স্বীকৃতি দিছিল কাৰণ ইৰানী আৰু মধ্য এছিয়াৰ প্ৰৱাসীসকলে সম্রাট আকবৰক ফাৰচী ভাষাৰ প্ৰতি আকৃষ্ট কৰে ।

প্রশ্ন ৬। নষ্টালিক শৈলী কি ? 

উত্তৰঃ নষ্টালিক শৈলী আছিল আকবৰৰ অতি জনপ্রিয় । কাৰণ এইবিধ এবিধ তৰল শৈলী যত পথালি সমতল পাতত কলমেৰে লিখা হৈছিল । কলমসমূহ ৫ ৰ পৰা ১০ মি . দীঘল জোঙা নিবযুক্ত আছিল । 

প্রশ্ন ৭। কোনে কেতিয়া এছিয়াটিক ছ’চাইটি গঠন কৰিছিল ? 

উত্তৰঃ ১৭৮৪ খ্রীষ্টাব্দত ছাৰ উইলিয়াম জনছৰ নেতৃত্বত এছিয়াটিক ছ’চাইটি গঠন হৈছিল । ভাৰীয় পাণ্ডুলিপিৰ সম্পাদনা আৰু ছপাৰ কাম হাতত লােৱাই আছিল এই অনুষ্ঠানটোৰ প্রধান উদ্দেশ্য আৰু লক্ষ্য । 

প্রশ্ন ৮। সুলহ – ই – কৌল মানে কি বুজা ? 

উত্তৰঃ সুলহ – ই – কৌল মানে হ’ল –পূর্ণ শান্তি । অর্থাৎ সকলাে ধৰ্ম আৰু সম্প্রদায়ৰ প্রতি সহিষ্ণুতা প্রদর্শন কৰা আদর্শ বা নীতিটোক সুলহ – ই – কৌল মতাদর্শ বুলি কোৱা হৈছিল । 

প্রশ্ন ৯। জিজিয়া কৰ কি ? 

উত্তৰঃ মােগলৰ সময়লৈ অমুছলমান লােকৰ ওপৰত এক ধর্মীয় কৰ আৰােপ কৰা হৈছিল । ইয়াকে জিজিয়া কৰ বােলা হৈছিল । অৱশ্যে এই কৰৰ পৰা শিশু , মহিলা আৰু ব্রাহ্মণসকলক বাদ দিয়া হৈছিল । 

প্রশ্ন ১০। জাহানাৰা কোন আছিল ? তেওঁৰ দুটা অৱদানৰ কথা উল্লেখ কৰা । 

উত্তৰঃ জাহানাৰা চাহজাহানৰ জীয়ৰী আছিল । তেওঁৰ দুটা অৱদান হ’ল— 

( ক ) বছৰি তেওঁ এজন উচ্চ পদবী মনসবদাৰৰ সমানেই ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । 

( খ ) জাহানাৰাই অর্থনৈতিক উৎসসমূহ নিজৰ নিয়ন্ত্রণলৈ আনিবলৈ সক্ষম হৈছিল । 

প্রশ্ন ১১। হুমায়ুনৰ লগত অহা দুজন শিল্পীৰ নাম লিখা । 

উত্তৰঃ হুমায়ুনৰ লগত অহা দুজন শিল্পীৰ নাম হ’ল — মীৰ চৈয়দ আলি আৰু আব্দুছ ছামাদ ।

প্রশ্ন ১২। দৈৱিক পােহৰৰ ধাৰণাটো মােগল চিত্রসমূহে কেনেদৰে প্ৰকাশ কৰিছে ? 

উত্তৰঃ দৈৱিক পােহৰৰ ধাৰণা মতে মােগল সম্রাটসকলে ভগৱানৰ পৰা প্রত্যক্ষভাৱে এক ঐশ্বৰিক শক্তি লাভ কৰিছিল । উদাহৰণ হিচাপে মােগলসকলৰ ৰাণী আলানকুৰাই শিবিৰত জিৰণী লৈ থকা সময়ত এক সূৰ্যৰ ৰশ্মি বা স্বর্গীয় পােহৰৰ দ্বাৰা গৰ্ভৱতী হৈছিল । 

প্রশ্ন ১৩। আবুল ফজলৰ মতে মােগল সম্রাট কি চাৰিটা সত্তা ৰক্ষা কৰিছিল ? 

উত্তৰঃ আবুল ফজলৰ মতে মােগল সম্রাটে ৰক্ষা কৰা চাৰিটা সত্তা হ’ল— জীৱন , ধন , সন্মান আৰু বিশ্বাস । 

প্রশ্ন ১৪। আকবৰৰ পিছৰ উত্তৰাধিকাৰীসকল কোন আছিল ? 

উত্তৰঃ আকবৰৰ পিছৰ উত্তৰাধিকাৰীসকল হ’ল — জাহাংগীৰ , চাহজাহান আৰু ঔৰংজীৱ । 

প্রশ্ন ১৫। কেতিয়া আৰু কাৰ শাসনকালত মােগল সাম্রাজ্যৰ পতন ঘটিছিল ? 

উত্তৰঃ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত শেষ মােগল সম্রাট দ্বিতীয় বাহাদুৰৰ শাসনকালত মােগল সাম্রাজ্যৰ ছবি চিৰকালৰ বাবে মাৰ গৈছিল ।

প্রশ্ন ১৬। কোনে কেতিয়া আৰু কাক বাদচাহ নামা গ্রন্থখন উপহাৰ হিচাপে দিছিল ? 

উত্তৰঃ ১৭৯৯ খ্রীষ্টাব্দত অযােধ্যাৰ নৱাবে সচিত্র বাদচাহ নামা গ্ৰন্থখন ইংলেণ্ডৰ সম্রাট তৃতীয় জর্জক উপহাৰ হিচাপে দিছিল । বর্তমান ই ইংলেণ্ডৰ ৰাজকীয় সংগ্রহালাত সংৰক্ষিত হৈ আছে । 

প্রশ্ন ১৭। মােগলৰ অধীনৰ অভিজাত বর্গ বা শ্রেণীবােৰৰ নাম লিখা । 

উত্তৰঃ এই শ্রেণী বা বর্গবােৰ হ’ল — ইবানী , তুবানী , আফগানী , ৰাজপুত , দাক্ষিণী আদি । 

প্রশ্ন ১৮। মােগলৰ ৰাজকীয় দৰবাৰৰ ভাষা কি আছিল ? 

উত্তৰঃ ফার্চী ভাষা । 

প্রশ্ন ১৯। কোন চনত মােগল সাম্রাজ্য লােপ পাইছিল ? 

উত্তৰঃ ১৮৫৭ চনৰ শেষত । 

প্রশ্ন ২০। সাৰত সালিম আৰু জমিনবচ মানে কি বুজা ? 

উত্তৰঃ সাৰত সালিম আৰু জমিনবচ মানে হ’ল- মােগল সম্রাটক অভিবাদন জনােৱা দুটা পদ্ধতি বা নিয়ম । সাৰত সালিম পদ্ধতি মতে কোনাে ব্যক্তিয়ে সম্রাটক সোঁহাত ক্রমে ভূমি বা মাটিৰ পৰা ক্ৰমাৎ লাহে লাহে ওপৰলৈ তুলি তলুৱা শিৰত লগাই অভিবাদন জনাব লাগিছিল । জমিনবচ মানে হ’ল ভূমি বা মাটি হাতেৰে চুমা খােৱা । 

প্রশ্ন ২১। মােগল সম্রাটসকলে ৰছৰত কেইটা আৰু কি কি উৎসৱ পালন কৰিছিল ? 

উত্তৰঃ মােগল সম্রাটসকলে বছৰত তিনিটা উৎসৱ পালন কৰিছিল । এই তিনিটা উৎসৱ হ’ল — সূর্যবর্ষ অনুসৰি সম্রাটৰ জন্মদিন পালন , চন্তবর্য অনুসৰি সম্রাটৰ জন্মদিন পালন আৰু নৌৰজ অর্থাৎ ইৰাণী নৱবর্ষ উদ্যাপন । 

প্রশ্ন ২২। তুলদান মানে কি বুজা ? 

উত্তৰঃ জন্মদিনত সম্রাটে দগাপাল্লাত নিজৰ ওজন জুখি সমপৰিমাণৰ বিভিন্ন বয় – বস্তু আদি দান কৰিছিল । ইয়াকে তুলাদান বুলি কোৱা হৈছিল । 

প্রশ্ন ২৩। হেৰেম বুলিলে কি বুজা ?

উত্তৰঃ মােগলসকলে পাৰিবাৰিক ক্ষেত্ৰত হেৰেম শব্দটো প্রায় ব্যৱহাৰ কৰিছিল । হেৰেম শব্দটো পার্চি শব্দ হাৰামৰ পৰা উৎপত্তি হৈছে । ইয়াৰ অৰ্থ হ’ল পৱিত্র স্থান ।

প্রশ্ন ২৪। গুলবদন বেগম কোন আছিল ? 

উত্তৰঃ গুলবদন বেগম হুমায়ুনৰ ভগ্নী আৰু আকবৰৰ খুৰীয়েক আছিল । তেওঁ তুর্কী আৰু ফাৰচী ভাষাত বিশেষ জ্ঞান লাভ কৰিছিল । তেৱেঁই হুমায়ুন নামা গ্রন্থখন প্রণয়ন কৰিছিল । 

প্রশ্ন ২৫। মনসৱ বুলিলে কি বুজা ? 

উত্তৰঃ মনসৱ শব্দৰ অৰ্থ হৈছে স্থান বা পদমর্যাদা । ইয়াৰ দ্বাৰা মােগল ৰাজ কর্মচাৰীক বুজোৱা হৈছিল । মােগল মত্সব ‘ জাট ’ আৰু সওৱাৰ এই নামৰ দুটা সংখ্যাৰ দ্বাৰা পৰিচিত হৈছিল । জাট হৈছে মূল মত্সবদাৰ জনৰ পদমর্যাদা । ইয়াৰ দ্বাৰা তেওঁৰ প্ৰাসংগিক সংগঠনটোত তেওঁৰ স্থান আৰু বেতন সূচায় । আনহাতে সওৱাৰে তেওঁৰ অধীনত কিমান অশ্বাৰােহী বাহিনী ৰাখিব পাৰিব তাকো সূচাইছিল ।

Sl. No.সূচী-পত্ৰ
Chapter 1ইটা মণি আৰু হাড়বােৰ
Chapter 2ৰজা কৃষক আৰু নগৰসমূহ
Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী
Chapter 4দার্শনিক প্রত্যয় আৰু স্থাপত্য
Chapter 5যুগে যুগে অসম
Chapter 6পর্যটকৰ দৃষ্টিভংগীৰে
Chapter 7ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ
Chapter 8এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ
Chapter 9কৃষক, জমিদাৰ আৰু ৰাজ্য
Chapter 10সম্রাট আৰু ইতিহাস
Chapter 11উপনিবেশবাদ আৰু গ্রাম্য সমাজ
Chapter 12বিদ্রোহীসকল আৰু ৰাজ
Chapter 13ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ
Chapter 14মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Chapter 15ভাৰত বিভাজন আৰু ৰাজনীতি
Chapter 16ভাৰতীয় সংবিধান সংকলন

প্রশ্ন ২৬। জেছুইটসকল কোন আছিল ?

উত্তৰঃ জেছুইটসকল ইউৰােপৰ খ্রীষ্টানধর্ম প্রচাৰক আছিল । মােগল দৰবাৰত তেওঁলােকে স্থান লাভ কৰিছিল । কাৰণ আকবৰে খ্রীষ্টান ধৰ্মৰ বিষয়ে জানিবলৈ বৰ আগ্রহী আছিল । সেয়ে তেওঁ গােৱাৰ জেছুইটসকল ধর্ম প্রচাৰকসকলক তেওঁৰ ৰাজসভালৈ আমন্ত্রণ কৰি আনিছিল । 

প্রশ্ন ২৭। ফটেহপুৰ চিক্রিৰ বিষয়ে লিখা । 

উত্তৰঃ ফটেহপুৰ চিক্রি হ’ল আকবৰৰ ধর্মবিষয়ক তথ্য আলােচনা বা সভা । ধর্ম বিষয়ৰ সকলাে দিশ আলােচনা কৰাৰ কাৰণে ফটেহপুৰ চিক্রিৰ ইবাদত খানালৈ হিন্দু , মুছলিম , জৈন , পাৰ্চী আৰু খ্রীষ্টান ধর্মগুৰুসকলক আমন্ত্রণ কৰিছিল । তেওঁলােকৰ সৈতে ধর্মীয় বাদ – বিবাদত লিপ্ত হৈ বিভিন্ন ধৰ্মৰ উচ্চ আদর্শসমূহৰ বিষয়ে বিতংকৈ জানি লৈ নিজৰ ধর্ম সম্পর্কে স্পষ্ট ধাৰণা কৰি লৈছিল । 

প্রশ্ন ২৮। চাহজাহান ময়ুৰ সিংহাসনৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ চাহজাহান ময়ুৰ সিংহানখন তেওঁৰ শিল্পনুৰাগৰ অপূর্ব নিদর্শন আছিল । শিল্পী বেবাদল খাৰ তত্ত্বাবধানত এই সিংহাসন নির্মাণ কৰা হৈছিল । দুটা ময়ুৰ আকৃতিৰ এই সিংহাসন দীঘলে ৩-১/২ গজ , পুতলে ২-১/২ গজ আৰু ওখ ৫ গজ আছিল । সিংহাসনৰ ওপৰৰ ছালখন ১২ টা খুটাৰ ওপৰত ৰখা হৈছিল । ৮৬ লাখ টকাৰ মূল্যৱান ৰত্ন আৰু ১৪ লাখ টকা মূল্যৰ এক লাখ তােলা সােণ এই সিংহাসনত খটোৱা হৈছিল । ইয়াক নির্মাণ কৰাৰ কাৰণে প্রায় সাত বছৰ কাল লাগিছিল । ইয়াত এক লাখ টকা মূল্যৰ ৰুবী পাথৰ আছিল । 

প্রশ্ন ২৯। ডাক চকী বুলিলে কি বুজা ? 

উত্তৰঃ চেৰচাহৰ শাসন কালত বাটৰুৱাই জিৰণী লােৱাৰ কাৰণে কিছুমান অতিথিশালা নির্মাণ কৰা হৈছিল । ইয়াকে ডাক চকী বােলা হৈছিল । কাৰণ চৰকাৰী চিঠি – পত্ৰবােৰ এইডাক চকীৰ জৰিয়তে দূৰ – দূৰণিলৈ প্ৰেৰণ কৰা হৈছিল । এইবােৰক ডাকঘৰ বুলিও কোৱা হৈছিল । 

প্রশ্ন ৩০। তুজুক – ই- বাবৰীৰ বিষয়ে লিখা । 

উত্তৰঃ বাৰৰ জীৱনীমূলক গ্ৰন্থখনক তুজুক – ই – বাবৰী বা বাবৰ – নামা ’ নামে জনা যায় । বাবৰ নামাৰ প্রধান বৈশিষ্ট্য আছিল ইয়াৰ স্পষ্টবাদিতা আৰু সত্যবাদিতা । কাৰণ বাবৰ নামাত বাবৰে নিজৰ দোষ – গুণৰো স্পষ্টভাৱে প্ৰকাশ কৰিছিল । আনকি তেওঁৰ বেয়া গুণবােৰ তেওঁ স্পষ্টভাৱে উল্লেখ কৰাৰ কাৰণে কুণ্ঠাবােধ কৰা নাছিল । বাবৰৰ জীয়ৰী গুলবদনে এই গ্ৰন্থখন পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল । 

প্রশ্ন ৩১। বুলন্দ দৰৱাজা ক’ত অৱস্থিত ? কোনে ইয়াক নির্মাণ কৰিছিল ? 

উত্তৰঃ বুলন্দ – দৰৱাজা ফটেহপুৰ চিক্রিত অৱস্থিত । আকবৰে ইয়াক নিৰ্মাণ কৰাইছিল । ই আছিল আকবৰৰ নির্মাণশৈলীবােৰৰ ভিতৰত শ্রেষ্ঠ নিদর্শন । 

প্রশ্ন ৩২। চেহেৰা বুলিলে কি বুজা ? 

উত্তৰঃ মুখৰ আকৃতিক সাধৰণতে চেহেৰা বুজায় । উল্লেখযােগ্য যে চেৰচাহৰ শাসনকালত প্রতিজন সৈনিক বিস্তৃত বিৱৰণ লােৱাৰ নিয়ম আছিল । আনকি তেওঁলােকৰ দেহৰ গঠনলৈ লক্ষ্য কৰা হৈছিল । এনে ব্যৱস্থাৰ ফলত সুঠাম আৰু নিৰােগী লােকসকলকহে সৈনা বাহিনীত মকুল কৰা হৈছিল ।

প্রশ্ন ৩৩। আকবৰক কিয় মােগল যুগৰ শ্ৰেষ্ঠ সম্রাট বুলি কোৱা হয় ? 

উত্তৰঃ বহুতাে ঐতিহাসিকে মােগল যুগৰ শাসকসকলৰ ভিতৰত আকবৰক শ্রেষ্ঠ সম্রাট বুলি ক’ব খােজে । কাৰণ আকবৰে এখন সাম্রাজ্য প্রতিষ্ঠা কৰাই নাছিল , তেওঁ এই সাম্রাজ্যৰ সকলাে দিশ উচ্চ পর্যায়লৈ লৈ গৈছিল । এই বিশাল সাম্রাজ্যৰ সুৰক্ষাৰ ক্ষেত্ৰতাে তেওঁ পদক্ষেপ গ্রহণ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ ফলত তেওঁৰ শাসনকালত মােগল সাম্রাজ্যৰ বিৰুদ্ধে কোনাে বৈদেশিক আক্রমণ সংঘটিত হােৱা নাছিল ।

প্রশ্ন ৩৪। হুমায়ুন আৰু আকবৰৰ দিনৰ কলা আৰু চিত্র শিল্পৰ উন্নতিৰ বিষয়ে চমুকৈ উল্লেখ কৰা ।

উত্তৰঃ হুমায়ুন আৰু আকবৰৰ দিনত ভাৰতীয় কলা আৰু চিত্রৰ যথেষ্ট প্রসাৰ লাভ কৰিছিল । কাৰণ দুয়ােজনে এই দিশত পৃষ্ঠপােষকতা কৰিছিল । হুমায়ুনৰ দিনত মীৰ চৈয়দ আলি আব্দুল চামাল নামৰ শিল্পীজনে হুমায়ুনৰ ৰাজসভাক পৃষ্ঠপােষকতা কৰিছিল । ঠিক তেনেদৰে আকবৰৰ ৰাজসভাতাে বহুতাে চিত্রশিল্পী আৰু ভাস্কৰবিদক উচ্চ স্থান দিছিল আৰু এই দিশত কাম কৰাৰ কাৰণে পৃষ্ঠপােষকতা আগবঢ়াইছিল । 

প্রশ্ন ৩৫। বাদচাহ নামাৰ বিষয়ে চমুটোকা লিখা । 

উত্তৰঃ চাহজাহান এজন শিক্ষিত লােক আছিল । ফৰাচী আৰু হিন্দী ভাষাত তেওঁৰ ব্যুৎপত্তি আছিল । সাহিত্যৰ প্ৰতিও তেওঁৰ অনুৰাগ আছিল , সেয়ে তেওঁৰ পৃষ্ঠপােষকতাত আবুল ফজলৰ এজন শিষ্য আব্দুল হামিদ লাহােৰীয়ে তেওঁৰ বিখ্যাত ইতিহাস সাহিত্য বাদচাহ নামা ’ ৰচনা কৰিছিল ।বাদচাহ নামা এখন বিখ্যাত ইতিহাস বিষয়ক গ্রন্থ আছিল । এই গ্রন্থখন তিনিটা স্তম্ভত প্রকাশ কৰা হৈছিল । এই গ্রন্থখনত মােগল যুগৰ বিভিন্ন দিশৰ ধাৰাবাহিক বিৱৰণ পােৱা যায় ।

প্রশ্ন ৩৬। আকবৰ নামাৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ আকবৰ নাম আৰু বাদচাহ নামা চিত্র সম্বলিত মােগল ইতিহাসৰ ভিতৰত দুখন প্রসিদ্ধ ইতিহাস । প্রতিখন গ্রন্থ পােন্ধৰশ পৃষ্ঠাৰ । ইয়াত যুদ্ধ , দুর্গবেষ্টনী , চিকাৰ , স্মাৰক , গৃহ নির্মাণ , দৰবাৰ আদি বহুতাে চবি আছে । 

আকবৰৰ নামাৰ লেখক আছিল আবুল ফজল । তেওঁ এই গ্রন্থখন তিনিটা অধ্যায়ত ভাগ কৰি লিখিছিল । ইয়াৰ প্ৰথম দুটা অধ্যায় হল ইতিহাস বিষয়ক । তৃতীয়টো অধ্যায় হ’ল আইন – ই – আকবৰী । প্রথম অধ্যায়ত আদমৰ পৰা আৰম্ভ কৰি আকবৰৰ জীৱনৰ দীঘলীয়া বর্ণনা দিয়া হৈছে । দ্বিতীয় অধ্যায়ত আকবৰৰ ৰাজত্বৰ ৪৬ বছৰ কালৰ বৰ্ণনা দিয়া হৈছে । আকবৰ নামাৰ সমসাময়িক ভাৰতৰ সমাজ ব্যৱস্থা আৰু শাসন ব্যৱস্থাক এট ধর্ম নিৰপেক্ষ দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হৈছিল । আকবৰে সার্বজনীন সহিষ্ণুনীতি অৱলম্বন কৰি এক ৰাষ্ট্র গঠনৰ পৰিকল্পনা কৰিছিল । সেয়ে আবুল ফজলে এই গ্রন্থখনিত মােগল সাম্রাজ্যক হিন্দু , জৈন , ইছলাম আদি বিভিন্ন ধর্মাৱলম্বী , বিভিন্ন জাতিৰ এক সংমিশ্ৰণত সাংস্কৃতিক সাম্রাজ্য হিচাপে বর্ণনা কৰিবলৈ চেষ্টা কৰিছিল ।

প্রশ্ন ৩৭। মােগল দৰবাৰত পাণ্ডুলিপি প্রস্তুত কৰাৰ দুটা পদ্ধতিৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ পাণ্ডুলিপি মঞ্চত কৰা হৈছিল । কাগজ প্রস্তুতকাৰীয়ে পাণ্ডুলিপিৰ ফলকবােৰ তৈয়াৰ কৰিছিল । লিপিকাৰসকলে মূলপাঠ্যৰ পৰা কপি কৰিছিল । পেইণ্টাৰসকলে দৃশ্যবােৰ আঁকিছিল । কিতাপ বন্ধাসকলে সযতনে কিতাপ আকাৰে বান্ধি অলংকৃত বকলাৰে বান্ধি ৰাখিছিল । পাণ্ডুলিপিবােৰ সংগ্ৰহ কৰি সযতনে ৰখা হৈছিল । 

প্রশ্ন ৩৮। খাজা মইনুদ্দিনৰ দৰগাহ জনপ্রিয় হােৱাৰ দুটা কাৰণ লিখা । 

উত্তৰঃ ইয়াৰ দুটা কাৰণ হ’ল – 

( ক ) এই দৰগাহলৈ যােৱাৰ ক্ষেত্ৰত যােগাযােগ ব্যৱস্থা অতি উন্নত আছিল । 

( খ ) খাজা মইনুদ্দিন মহান নেতা হােৱাৰ লগতে তেওঁৰ শিষ্যসকলে উচ্চ আধ্যাত্মিক চিন্তাধাৰাৰ দ্বাৰা পৰিচালিত আছিল । 

প্রশ্ন ৩৯। ‘কিতাবখানা ’ বুলিলে কি বুজা ? 

উত্তৰঃ কিতাপখানা মানে হ’ল পুথিভবাল বা পাণ্ডুলিপি লিখা আৰু সংৰক্ষণ কৰা ঠাই । ইয়াৰােপৰি ইয়াত নতুন পাণ্ডুলিপি প্রস্তুত কৰা হৈছিল । 

প্রশ্ন ৪০। মােগল সম্রাটসকলে গঢ়ি তােলা দুখন ৰাজধানী নগৰৰ নাম লিখা । 

উত্তৰঃ মােগল সম্রাটসকলে গঢ়ি তােলা দুখন ৰাজধানীনগৰ হ’ল আগ্রা আৰু ফটেহপুৰ চিক্রি ।

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top