Class 12 History Chapter 1 ইটা মণি আৰু হাড়বােৰ

Class 12 History Chapter 1 ইটা মণি আৰু হাড়বােৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 1 ইটা মণি আৰু হাড়বােৰ and select needs one.

Class 12 History Chapter 1 ইটা মণি আৰু হাড়বােৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 1 ইটা মণি আৰু হাড়বােৰ Solutions for All Subject, You can practice these here…

 চমু প্রশ্নোত্তৰ ( ২/৩/৪ ) 

প্রশ্ন ১। তলত উল্লেখ কৰা নাম কেইটাৰ অৰ্থ প্ৰকাশ কৰা । 

কুবেৰ , বৰুণ , ইন্দ্ৰ আৰু যম । 

উত্তৰঃ কুবেৰ __ধনৰ দেৱতা । 

           বৰুণ___পানীৰ দেৱতা । 

           ইন্দ্র___স্বৰ্গৰ দেৱতা । 

            যম____মৃত্যুৰ দেৱতা । 

প্রশ্ন ২। সিন্ধু সভ্যতাৰ আন এটি নাম কি ? পুৰাতত্ববিদৰ মতে সংস্কৃতিশব্দৰ অর্থ কি ? 

উত্তৰঃ হৰপ্পা হ’ল সিন্ধু সভ্যতাৰ আন এটি নাম । হৰপ্পা সভ্যতাৰ পৰাই সংস্কৃতি শব্দটোৰ উৎপত্তি হৈছিল । সংস্কৃতি শব্দটোৱে কোনাে ঠাইত উদ্ধাৰ হোৱা ভগ্নাৱশেষক বুজায় । 

প্রশ্ন ৩। সুদর্শন হ্ৰদৰ বিষয়ে ক’ৰ পৰা জানিব পাৰে ? কোনে ইয়াক নির্মাণ কৰাইছিল ?  

উত্তৰঃ প্ৰাকৃতিক সৌন্দর্যৰে ভৰপূৰ সুদর্শন হ্রদটো গুজৰাটৰ গিৰিণাৰনামে ঠাইত অৱস্থিত । মৌর্য যুগৰ গুজৰাটৰ এজন স্থানীয় শাসকে এই হ্রদটো নিৰ্মাণ কৰাইছিল । 

প্রশ্ন ৪। প্রাচীন ভাৰতৰ প্ৰথম পুথিখনৰ নাম লিখা । 

উত্তৰঃ মনুস্মৃতি । 

প্রশ্ন ৫। হৰপ্পা যুগত সভ্যতা আৰু সংস্কৃতিক বিকাশ হােৱা ঠাইবােৰৰ নাম উল্লেখ কৰা ।

উত্তৰঃ হৰপ্পা যুগত সভ্যতা আৰু সংস্কৃতি বিকাশ হােৱা ঠাইবােৰ হ’ল বর্তমান পাকিস্তানৰ কিছু অংশ , দক্ষিণ আফগানিস্তান । পাঞ্জাৱ , ৰাজস্থান , গুজৰাট , হবিয়ানা আৰু উত্তৰ প্ৰদেশৰ কিছু অংশ । জম্মু , বেলুচিস্তান , গুজৰাট । 

প্রশ্ন ৬। হৰপ্পা যুগৰ নগৰবােৰৰ কেইটমান বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ হৰপ্পা যুগৰ নগৰবােৰৰ কেইটামান প্রধান বৈশিষ্ট্য হ’ল –

( ক ) নগৰবােৰ সুন্দৰ আঁচনিৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল । 

( খ ) নগৰবিলাক দুটা ভাগত ভাগ কৰা হৈছিল — বাহিৰ নগৰ অংশ আৰু ভিতৰৰ নগৰ অংশ । 

( গ ) নগৰবােৰৰ বাস্তবােৰ সুন্দৰ পৰিকল্পনাৰে নিৰ্মাণ কৰা হৈছিল । 

( ঘ ) ঘৰবােৰ নিৰ্মাণৰ ক্ষেত্ৰত আঁচনি গ্ৰহণ কৰা হৈছিল । 

প্রশ্ন ৭। সিন্ধু সভ্যতাৰ নলা – নর্দমা সম্বন্ধে মেকে কি মন্তব্য কৰিছিল ? 

উত্তৰঃ মেক নামৰ পণ্ডিতজনে সিন্ধু সভ্যতাৰ যুগৰ নলা ব্যৱস্থাক প্রাচীন কালৰ অতি উন্নত পৰিকল্পনা বুলি অভিহিত কৰিছিল । কাৰণ সেই সময়ত নােখান্দি নগৰৰ পানীবােৰ বাহিৰলৈ যােৱাৰ ব্যৱস্থা কৰিছিল ।

প্রশ্ন ৮। চানহােদাৰােৰ জনসাধাৰণৰ শিল্প সম্বন্ধে চমুকৈ লিখা । 

উত্তৰঃ চানহােদাৰোৰ নগৰখন ইটাৰে নির্মিত আছিল । ইয়াত এটি মণি তৈয়াৰ কৰা কাৰখানাও আছিল বুলি জনা যায় । ইয়াৰােপৰি মণি বিন্ধা কৰা যন্ত্র এটিও আৱিষ্কৃত হৈছে ।

প্রশ্ন ৯। ভাৰতৰ বিষয়ে বিৱৰণ লিখাৰ ক্ষেত্ৰত আলবেৰুণীয়ে সন্মুখীন হােৱা সমস্যা দুটা লিখা । 

উত্তৰঃ সমস্যা দুটা হ’ল— 

( ক ) সংস্কৃত ভাষাটোৰ আৰবী আৰু পাৰ্চী ভাষাৰ পাৰ্থক্য ।

( খ ) ধর্ম বিশ্বাস আৰু ব্যৱহাৰিক নীতিৰ পার্থক্য । 

প্রশ্ন ১০। লােথান চহৰত ইটাৰে নির্মিত দুটা নির্মাণ কাৰ্যৰ নাম লিখা । 

উত্তৰঃ ( ক ) লােথান চহৰৰ ঘৰবােৰ ইটাৰে তৈয়াৰ কৰা হৈছিল । 

( খ ) চহৰৰ নলাবােৰ ইটাৰে তৈয়াৰ কৰা হৈছিল । 

প্রশ্ন ১১। হৰপ্পা যুগৰ শিক্ষাৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ হৰপ্পা যুগৰ শিক্ষাৰ প্ৰসাৰৰ বিষয়ে বিশেষ তথ্য পাবলৈ নাই । ইয়াৰােপৰি সকলাে মানুহ শিক্ষিত আছিল বুলি কোনাে তথ্য পােৱা নাযায় । অৱশ্যে কিছুসংখ্যক মানুহ শিক্ষিত আছিল বুলি জনা যায় । 

প্রশ্ন ১২। হৰপ্পা সভ্যতাৰ যুগত সম্পর্ক থকা তিনিখন বাহিৰা দেশৰ নাম উল্লেখ কৰা । 

উত্তৰঃ এই তিনিখন বাহিৰৰ দেশ হ’ল ওমান , দিশমুন আৰু মেছােপটেমিয়া । 

প্রশ্ন ১৩। হৰপ্পা যুগৰ চোতালৰােৰৰ ব্যৱহাৰ সম্পর্কে লিখা । 

উত্তৰঃ হৰপ্পা যুগৰ ঘৰবােৰৰ মাজত ডাঙৰ ডাঙৰ চোতাল তৈয়াৰ কৰা হৈছিল । এই চোতালবােৰ সাধাৰণতে ৰন্ধাবঢ়া আৰু বােৱা কটাৰ বাবে ব্যৱহাৰ কৰা হৈছিল । গ্রীষ্ম আৰু শীতকালত এই চোতালবােৰৰ ব্যৱহাৰ সমানে হৈছিল । 

প্রশ্ন ১৪। হৰপ্পা যুগৰ নগৰবােৰৰ বৈশিষ্ট্যবােৰ কি কি আছিল ? 

উত্তৰঃ ( ক ) হৰপ্পা যুগৰ নগৰবােৰ পৰিকল্পনাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল । 

( খ ) নগৰসমূহ দুটা ভাগত ভাগ কৰা হৈছিল — বাহিৰৰনগৰ অংশ আৰু ভিতৰৰৰ নগৰ অংশ । 

( গ ) নগৰৰ চোতালবােৰ আহল – বহল আৰু ভাগ ভাগ কৰা হৈছিল । 

( ঘ ) ঘৰবােৰ শৃঙ্খলাবদ্ধভাৱে নিৰ্মাণ কৰা দেখা গৈছিল । 

প্রশ্ন ১৫। হৰপ্পা সভ্যতা কিমান ঠাই জুৰি আছিল ? 

উত্তৰঃ হৰপ্পা সভ্যতা ১২,৯৯,৮০০ কিলােমিটাৰ জুৰি বিস্তৃত আছিল । চহৰৰ চাৰিসীমা সমকোণী ধৰণৰ আছিল । উল্লেখযােগ্য যে আন সকলাে সভ্যতাৰ ভিতৰত হৰপ্পা সভ্যতাৰ বিস্তৃতি অতি বেছি আছিল । 

প্রশ্ন ১৬। সমুদ্রগুপ্তৰ লগত জড়িত প্রশস্তিখনৰ নাম লিখা । বর্তমান ভাৰতৰ কোন ঠাইত এই প্রশস্তিখন পােৱা যায় ? 

উত্তৰঃ সমুদ্রগুপ্তৰ লগত এলাহবাদ প্রশস্তিৰ নাম জড়িত হৈ আহিছে । বর্তমানে এই  প্রশস্তি পত্ৰখন উত্তৰ প্ৰদেশৰ এলাহাবাদত পােৱা যায় ।

প্রশ্ন ১৭। ( ক ) সিন্ধু সভ্যতাৰ সময়কাল নিৰূপণ কৰা । 

উত্তৰঃ ধাতুৰ ব্যৱহাৰৰ ফালৰ পৰা সিন্ধু সভ্যতা অস্ত্র যুগৰ বুলি কোৱা হয় । কাৰণ এই যুগত তামৰ ব্যৱহাৰ বহুল পৰিমাণে হৈছিল । সময়সীমাৰ ফালৰপৰা সিন্ধু সভ্যতাৰ কালছােৱা হ’ল খ্রীঃপূঃ ২৬০০ ৰপৰা খ্রীষ্টাব্দ ১৯০০ লৈ । 

প্রশ্ন ১৮। ( খ ) পৰিত্যক্ত পেলনীয়া সামগ্রীও ইতিহাস পুনৰনিৰ্মাণৰ বাবে আৱশ্যকীয় উপকাৰী হােৱাৰ দুটা কাৰণ দেখুওৱা । 

উত্তৰঃ কাৰণ দুটা— 

( ক ) বুৰঞ্জীবিদসকলে পেলনীয়া সামগ্ৰীৰ পৰা বহু তথ্য আৱিষ্কাৰ কৰিব পাৰে । 

( খ ) মৃতকৰ সমাধিৰ পৰা সাংস্কৃতিক নীতি – নিয়ম জানিব পাৰে , সময় নিৰূপণ কৰিব পাৰে । 

প্রশ্ন ১৯ । হৰপ্পা সভ্যতাৰ সময়ৰ আৱিষ্কৃত কিছুমান ধাতুৰ নাম লিখা । 

উত্তৰঃ আৱিষ্কৃত কিছুমান ধাতু হ’ল মােহৰ , পােৰাইটা , জোখ – মাফ , টিন , ব্রোঞ্জ , তাম আদি । 

প্রশ্ন ২০। সিন্ধু সভ্যতাৰ স্তৰ কেইটাৰ কথা উল্লেখ কৰা । 

উত্তৰঃ সিন্ধু সভ্যতাক সাধাৰণতে চাৰিটা স্তৰত ভাগ কৰা হৈছে । এই স্তৰ কেইটা হ’ল— 

( ক ) সিন্ধু সভ্যতাৰ আদিস্তৰ ।

( খ ) সিন্ধু অৱবাহিকাৰ উত্তৰ অঞ্চল ।

( গ ) সিন্ধু সভ্যতাৰ সূচনা পর্ব । আৰু 

( ঘ ) সিন্ধু সভ্যতাৰ পৈণত কাল । 

প্রশ্ন ২১। সিন্ধু সভ্যতাৰ যুগৰ নলাবােৰ কেনেদৰে নিৰ্মাণ কৰা হৈছিল ? 

উত্তৰঃ সেই যুগত নলাবােৰ আঁচনিৰ দ্বাৰা নির্মাণ কৰা হৈছিল । উদাহৰন হিচাপে প্ৰতিটো পৰিয়ালৰ পৰা মলিয়ন পানী ওলাই যােৱাৰ কাৰণে পােৰা ইটাৰে নলা নির্মাণ কৰা হৈছিল । এই পানীবােৰ ওলাই গৈ মূল পথৰ নলাত পৰিছিলগৈ । আৰু সেই নলাৰে পানী গৈ সিন্ধু নদীত পৰিছিল । 

প্রশ্ন ২২। সিন্ধু সভ্যতাৰ পতনৰ তিনিটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ সিন্ধু সভ্যতাৰ পতনৰ তিনিটা কাৰণ হ’ল— 

( ক ) বিশাল সাম্রাজ্যৰ অখণ্ডতা ৰখাৰ ক্ষেত্ৰত দেখা দিয়া ব্যর্থতা । 

( খ ) আভ্যন্তৰীণ বিশৃংখলতা । আৰু 

( গ ) ইন্দ্র বা বৰুণ দেৱতাৰ দ্বাৰা সংঘটিত হােৱা প্রাকৃতিক দুর্যোগ । 

প্রশ্ন ২৩। মেকেৰ মতে হৰপ্পা যুগৰ জনসাধাৰণ চাফ – চিকুণ , স্বাস্থ্য আৰু পৰিৱেশ সম্পর্কে কেনেধৰণৰ সজাগতা অৱলম্বন কৰিছিল ? 

উত্তৰঃ মেকেৰ মতে হৰপ্পা যুগৰ জনসাধাৰণ পৰিৱেশ সম্বন্ধে সজাগ আছিল । কাৰণ দূষিত পানী ওলাই যােৱাৰ কাৰণে পােৰা – ইটাৰে নলা নির্মাণ কৰা হৈছিল । নলাবােৰ চাফ চিকুণকৈ ৰখাৰ কাৰণে নলাৰ ওপৰত ঢাকনি দিয়া হৈছিল । ঘৰৰ সন্মুখ চাফ – চিকুণ কৰি ৰাখিছিল । মুঠতে সেই যুগৰ জনসাধাৰণ পৰিয়াল সম্পর্কে খুব সজাগ আছিল । 

প্রশ্ন ২৪। ১৯৪৭ চনত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ সঞ্চালক প্রথম জন কোন আছিল ? কোনখন পুঁথিৰ জৰিয়তে আৰু কাক সিন্ধু সভ্যতাৰ ধ্বংসকাৰী বুলি কৈছিল ।

উত্তৰঃ ঘৰ ৰবাৰ্ট এৰিক মার্টিমাৰ হুইলাৰ আছিল সেই সময়ৰ ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ সঞ্চালক প্রধান । ঋকবেদত উল্লেখ থকা মতে ইন্দ্ৰদেৱতাক সিন্ধু সভ্যতাৰ ধ্বংসকাৰী বুলি কোৱা হৈছে । কাৰণ বিশেষ কাৰণত ইন্দ্রই নগৰখনত বানপানীৰ সৃষ্টি কৰি এই সভ্যতাক ধ্বংস কৰিছিল । 

প্রশ্ন ২৫। ঋকবেদত উল্লেখ থকা পূৰ ’ শব্দৰ অর্থ কি ? 

উত্তৰঃ ঋকবেদত উল্লেখ থকা পূৰ ’ শব্দৰ অৰ্থ হ’ল বান্ধ বা মথাউৰি । 

প্রশ্ন ২৬। হৰপ্পা সভ্যতাৰ যুগৰ ধর্ম সম্বন্ধে আলােচনা কৰা । 

উত্তৰঃ হৰপ্পা যুগৰ লােকসকল মাতৃ পূজাত বিশ্বাসী আছিল বুলি কোৱা হয় । ইয়াৰােপৰি তেওঁলােকে কিছুমান নির্বোধ জীৱ – জন্তুকো পূজা – পাতল কৰিছিল । এইবােৰৰ ভিতৰত গড় , সিংহ , বাঘ আদি । এই বিলাকৰ পৰা জনসাধাৰণৰ মাজত টোটেম বিশ্বাসৰ গভীৰতাৰ বিষয়ে জানিব পাৰি । এই ক্ষেত্ৰত ধ্যানমগ্ন যােগীক ভালেমান পশুৱে আগুৰি থকা চীলটোলৈ আঙুলিয়াব পাৰি । 

প্রশ্ন ২৭। হৰপ্পা যুগৰ কিছুমান গৃহৰ নাম উল্লেখ কৰা । 

উত্তৰঃ সেই যুগৰ কিছুমান উল্লেখযােগ্য নির্মাণ কার্য হ’ল এটি বিশাল গা – ধােৱা ঘৰুৱা স্নানাগাৰ , এটি ধর্মীয় সভাগৃহ , এটি শস্য ভৰাল আৰু এটি সমূহীয়া আৱাস গৃহ । 

প্রশ্ন ২৮। হৰপ্পা যুগৰ কিছুমান উৎপাদিত সামগ্ৰীৰ কথা উল্লেখ কৰা । 

উত্তৰঃ হৰপ্পা যুগৰ জনসাধাৰণ সাধাৰণতে কৃষিজীৱী আছিল । সেই সময়ত উৎপাদিত সামগ্ৰীবােৰৰ ভিতৰত আছিল গম , বালি , সৰিয়হ , ধান , কপাহ আদি । 

প্রশ্ন ২৯। হৰপ্পা সভ্যতা কত অবস্থিত ? এইসভ্যতা কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল ? 

উত্তৰঃ বৰ্তমানৰ ভাৰতৰ পাঞ্জাৱ আৰু পাকিস্তানত হৰপ্পা সভ্যতাৰ প্ৰসাৰ ঘটিছিল । ১৯২১ চনত দয়াৰাম চাহানীয়ে এই সভ্যতা আৱিষ্কাৰ কৰিছিল । 

প্রশ্ন ৩০। মেগাস্থানিচ কোন আছিল ? তেওঁ কেতিয়া ভাৰতলৈ আহিছিল ? 

উত্তৰঃ মেগাস্থানিচ গ্ৰীচ দেশৰ এজন ভ্ৰমণকাৰী আছিল । তেওঁ মৌর্য যুগত চন্দ্রগুপ্তৰ শাসনকালত ভাৰতলৈ আহিছিল । 

প্রশ্ন ৩১। মহেঞ্জোদাৰাে সভ্যতা ক’ত অৱস্থিত ? কোনে আৰু কেতিয়া এই সভ্যতা আৱিষ্কাৰ কৰিছিল ? 

উত্তৰঃ বর্তমান পাকিস্তানৰ লাৰকানা অঞ্চলত মহেঞ্জোদাৰাে সভ্যতাই বিৰাজ কৰিছিল । ১৯২২ চনত আৰ ডি বেনাৰ্জীয়ে এই সভ্যতা আৱিষ্কাৰ কৰিছিল । 

প্রশ্ন ৩২। লিপি বুলিলে কি বুজা । 

উত্তৰঃ তামৰ ফলি , শিলৰ ফলি আদিত লিখি থােৱা বা লিখি ৰখা মূল্যবান টোকাসমূহক লিপি বুলি কোৱা হয় । 

প্রশ্ন ৩৩। প্রাচীন লিপি সমূহত কি ভাষা ব্যৱহাৰ কৰা হৈছিল ? 

উত্তৰঃ প্রাচীন লিপি সমূহত লিখন কার্যত ঘাইকৈ প্রাকৃত ভাষাৰ প্রচলন ঘটিছিল । অৱশ্যে পিছলৈ তামিল , পালি আৰু সংস্কৃত ভাষাৰও প্রয়ােগ ঘটিছিল । 

প্রশ্ন ৩৪। লিপিবােৰত সাধাৰণতে কি কথা লিপিবদ্ধ কৰা হৈছিল ? 

উত্তৰঃ প্রাচীন কালৰ লিপিবােৰত সাধাৰণতে কোনাে ৰজাৰ শাসনকাল , ৰজাৰ গুণ , বিক্রম , জয় – পৰাজয়ৰ ঘটনা আৰু কোনাে কালৰ ঘটনাৰ চন – তাৰিখ আদি খােদিত কৰা হৈছিল ।

প্রশ্ন ৩৫। ছাৰকোতাদা চহৰখন কত অৱস্থিত আছিল ? কোনেইয়াক আৱিষ্কাৰ কৰিছিল ? 

উত্তৰঃ বর্তমান গুজৰাটৰ আহমেদাবাদ চহৰৰপৰা প্রায় ২৭০ কিলােমিটাৰ উত্তৰ – পশ্চিমত এই চহৰখন অৱস্থিত আছিল । ১৯৭২ চনত জগতপতি যােশীয়ে এই চহৰখন আৱিষ্কাৰ কৰিছিল । 

প্রশ্ন ৩৬। হৰপ্পা সভ্যতাৰ যুগৰ জলসিঞ্চন ব্যৱস্থা কেনে আছিল ? 

উত্তৰঃ হৰপ্পা সভ্যতাৰ যুগৰ জলসিঞ্চন ব্যৱস্থা অতি উন্নত ধৰণৰ আছিল । পুখুৰী আৰু সৰু সৰু সুতিবােৰৰ সহায়ত জলসিঞ্চন ব্যৱস্থা হাতত লােৱা হৈছিল । এইবােৰৰ সহায়ত খেতি পথাৰলৈ পানী বােৱাই নিয়া হৈছিল । 

প্রশ্ন ৩৭। কালিবানগান চহৰখন ক’ত অৱস্থিত ? কোনে আৰু কেতিয়া ইয়াক আৱিষ্কাৰ কৰিছিল ? 

উত্তৰঃ ৰাজস্তানৰ ঘগ্রানদীৰ পাৰত এই চহৰখন অবস্থিত । বি বি লাল আৰু এ এন ঘােষে ১৯৫৩ চনত এই চহৰখনৰ ভংগ্নাৱশেষ আৱিষ্কাৰ কৰে । 

প্রশ্ন ৩৮। লােথান চহৰখন কত অৱস্থিত আছিল ? কোনে ইয়াক আৱিষ্কাৰ কৰিছিল ? 

উত্তৰঃ লােথাল এখন বন্দৰ চহৰ আছিল । গুজৰাটৰ কেম্বে উপকৃত অঞ্চলত ই অৱস্থিত আছিল । ১৯৫৭ চনত এচ আৰ ৰাৱে এই চহৰখনৰ ভংগ্নাৱশেষ আৱিষ্কাৰ কৰিছিল । 

প্রশ্ন ৩৯। হৰপ্পা সভ্যতাৰ দুটা কাল বা সময়ৰ কথা উল্লেখ কৰা ।

উত্তৰঃ হৰপ্পা সভ্যতাৰ দুটা কাল বা সময় হ’ল– 

( ক ) প্রাক্ হৰপ্পা কাল । আৰু 

( খ ) পূর্ণাংগ হল্লা কাল । 

প্রশ্ন ৪০। চানহােদাৰাে নামৰ চহৰখন ক’ত অবস্থিত ? ইয়াৰ আৱিষ্কাৰক জনৰ নাম লিখা । 

উত্তৰঃ বর্তমান পাকিস্তানৰ সিন্ধু প্রদেশৰ সিন্ধু নদীৰ পাৰত এই চহৰখন অৱস্থিত আছিল । এন জি মজুমদাৰে ১৯৩১ চনৰ এই চহৰখনৰ অৱস্থিতি আৱিষ্কাৰ কৰিছিল । 

প্রশ্ন ৪১। সিন্ধু সভ্যতাৰ সময়ৰ আৰু বর্তমান পাকিস্তানৰ অন্তৰ্গত চাৰিখন ঠাইৰ নাম লিখা । 

উত্তৰঃ এই চাৰিখন ঠাই হ’ল চানহােদাৰাে , কোতদিছি , মহেঞ্জোদাৰাে আৰু হৰপ্লা । 

প্রশ্ন ৪২। সিন্ধু সভ্যতাৰ যুগৰ দুখন প্রধান চহৰৰ নাম লিখা । 

উত্তৰঃ এই দুখন চহৰ হ’ল মহেঞ্জোদাৰাে আৰু হৰপ্পা । 

প্রশ্ন ৪৩। সিন্ধু সভ্যতাৰ সময়ৰ তিনিটা প্রধান যােগাযােগ ব্যৱস্থাৰ কথা উল্লেখ কৰা । 

উত্তৰঃ তিনিটা প্রধান যােগাযােগ ব্যৱস্থা হ’ল গৰুগাড়ী , নাও আৰু জাহাজ । 

প্রশ্ন ৪৪। হৰপ্পা যুগৰ পাত্ৰবােৰ কিহেৰে তৈয়াৰী আছিল ? এই পাত্ৰবােৰ কেনেদৰে ব্যৱহাৰ কৰা হৈছিল ? 

উত্তৰঃ হৰপ্পা যুগৰ পাত্ৰবােৰ শিল আৰু লােহাৰ দ্বাৰা তৈয়াৰী আছিল । খাদ্য বস্তু তৈয়াৰ কৰা আৰু খাদ্য গুৰি কৰাৰ বাবে সাধাৰণতে পাত্ৰবােৰ ব্যৱহাৰ কৰা হৈছিল । 

Sl. No.সূচী-পত্ৰ
Chapter 1ইটা মণি আৰু হাড়বােৰ
Chapter 2ৰজা কৃষক আৰু নগৰসমূহ
Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী
Chapter 4দার্শনিক প্রত্যয় আৰু স্থাপত্য
Chapter 5যুগে যুগে অসম
Chapter 6পর্যটকৰ দৃষ্টিভংগীৰে
Chapter 7ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ
Chapter 8এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ
Chapter 9কৃষক, জমিদাৰ আৰু ৰাজ্য
Chapter 10সম্রাট আৰু ইতিহাস
Chapter 11উপনিবেশবাদ আৰু গ্রাম্য সমাজ
Chapter 12বিদ্রোহীসকল আৰু ৰাজ
Chapter 13ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ
Chapter 14মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Chapter 15ভাৰত বিভাজন আৰু ৰাজনীতি
Chapter 16ভাৰতীয় সংবিধান সংকলন

প্রশ্ন ৪৫। হৰপ্পা যুগৰ কিছুমান পােহনীয়া জীৱ – জন্তুৰ নাম উল্লেখ কৰা । 

উত্তৰঃ হৰপ্পা যুগৰ পােহনীয়া জীৱ – জন্তুবােৰ হ’ল– যাড়গৰু , বলধ , উট , গাহৰী , ম’হ , কুকুৰ আৰু গাই গৰু আছিল প্রধান ।

প্রশ্ন ৪৬। সিন্ধু সভ্যতাৰ যুগত ব্যৱহাৰ কৰা চাৰিবিধ ধাতুৰ নাম লিখা । 

উত্তৰঃ এই চাৰিবিধ সামগ্রী হ’ল সােণ , ৰূপ , তাম আৰু ব্ৰঞ্জ ।

প্রশ্ন ৪৭। লােথাল চহৰখন কিহৰ কাৰণে বিখ্যাত আছিল ? 

উত্তৰঃ লােথাল চহৰখন এটি সামুদ্রিক বন্দৰ আছিল । এই বন্দৰটোৰ জৰিয়তে অন্য দেশৰ লগত বেহা – বেপাৰ চলিছিল । 

প্রশ্ন ৪৮। সিন্ধু সভ্যতাৰ সময়ত ৰপ্তানি কৰা কেইবিধমান সামগ্ৰীৰ নাম লিখা । 

উত্তৰঃ সেই সময়ত ৰপ্তানি কৰা কেইবিধমান সামগ্রী হ’ল কপাহ , কাপােৰ , মুকুতা , হাতীৰ দাঁত আৰু হাতী দাঁতৰপৰা তৈয়াৰ কৰা নানা ধৰণৰ সামগ্রী । 

প্রশ্ন ৪৯। সিন্ধু সভ্যতাৰ যুগত পূজা – পাতল কৰা চাৰিগৰাকী দেৱ – দেৱীৰ নাম লিখা । 

উত্তৰঃ সেই সময়ত পূজা অর্চনা কৰা চাৰিগৰাকী দেৱ – দেৱী হ’ল শিৱ , মাতৃদেৱতা , গছ গছনি আৰু জীৱ – জন্তু । 

প্রশ্ন ৫০। হৰপ্পা সভ্যতাক প্রাচীন সভ্যতা বুলি কোৱাৰ কাৰণ কি ? 

উত্তৰঃ বর্তমান সময়ৰ পৰা প্ৰায় চাৰিহাজাৰ পাঁচশ বছৰ আগতে এই সভ্যতাৰ অৱস্থিতি নির্ণয় কৰা হৈছে । সেইকালৰ পৰা আন আন সভ্যতাতকৈ হৰপ্পা সভ্যতাক প্রাচীন সভ্যতা বুলি কোৱা হয় । 

প্রশ্ন ৫১। হৰপ্পা যুগৰ শিল্প সম্বন্ধে আলােচনা কৰা । 

উত্তৰঃ ( ক ) হল্পা যুগত জনসাধাৰণে শিল , তাম আৰু ত্ৰঞ্জৰ পৰা নানা ধৰণৰ সা – সৰঞ্জাম আৰু চিকাৰৰ কাৰণে অস্ত্র তৈয়াৰ কৰিছিল । 

( খ ) চিকাৰ কার্যত ব্যৱহাৰ কৰাৰ কাৰণে তীখাৰ গুটি বা গুলী তৈয়াৰ কৰিছিল । 

( গ ) মাটিৰ পাত্ৰ তৈয়াৰ কৰাৰ কাৰণে চকৰী ব্যৱহাৰ কৰিছিল । 

( ঘ ) হস্তশিল্পৰ ব্যৱহাৰৰ আছিল হৰপ্পা যুগৰ শিল্পৰ আন এক প্রধান বৈশিষ্ট্য । 

প্রশ্ন ৫২। কেতিয়াৰ পৰা খনন কাৰ্যৰ জৰিয়তে ভগ্নাৱশেষ আৱিষ্কাৰৰ কাম হাতত লােৱা হৈছিল ? এতিয়ালৈ আৱিষ্কাৰ হােৱা চাৰিখন চহৰৰ নাম লিখা । 

উত্তৰঃ ১৯২১ আৰু ১৯২২ চনৰ পৰা খনন কার্যৰ দ্বাৰা প্রাচীন সভ্যতাৰ ভগ্নাৱশেষৰ তথ্য লাভ কৰিব পৰা গৈছে । 

খনন কাৰ্যৰ দ্বাৰা এতিয়ালৈ আৱিষ্কাৰ হােৱা চাৰিখন চহৰ হ’ল হৰপ্পা , মহেঞ্জোদাৰো , লােথাল আৰু চাহােদাবাে । 

প্রশ্ন ৫৩। হৰপ্পা যুগত সভ্যতা – সংস্কৃতিৰ বিকাশ হােৱা ঠাইসমূহৰ নাম লিখা । 

উত্তৰঃ সভ্যতা আৰু সংস্কৃতিৰ বিকাশ লাভ কৰা ঠাইবােৰ হ’ল সিন্ধু প্রদেশ , বেলুচিস্থান , পঞ্জাৱ , হাৰিয়ানা , উত্তৰ প্ৰদেশৰ পশ্চিম অংশে , জম্মু ৰাজস্থান , গুজৰাট আৰু মহাৰাষ্ট্ৰৰ উত্তৰ অংশে ।

প্রশ্ন ৫৪। হৰপ্পা যুগৰ খাদ্য প্রাণীলৰ বিষয়ে চমু আভাস দিয়া । 

উত্তৰঃ সিন্ধু নদী উপত্যকা আৰু পার্শ্ববর্তী অঞ্চলসমূহ পলসুৱা আৰু ইয়াৰ জলবায়ু খেতিৰ কাৰণ উপযােগী আছিল । ফলত এই অঞ্চলত প্ৰচুৰ পৰিমাণে খাদ্য সামগ্রী উৎপাদন হৈছিল । উৎপাদিত শয্যসমূহৰ ভিতৰত গম , বার্লি , তিল , তিচি , সৰিয়হ আৰু কপাহ । গম আৰু বার্লি তাৰ জনসাধাৰণৰ প্রধান খাদ্য আছিল । ইয়াৰােপৰি খেজুৰ , তৰমুজ আৰু আঙ্গুৰৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল । খ্রীঃ পূঃ চাৰিহেজাৰ বছৰৰ আগৰ পৰাই বেলুচিস্থানৰ মাহৰ গড়ত কপাহৰ খেতি কৰা হৈছিল । মাংস হিচাপে ছাগলি , ভেড়া , গৰু আৰু গাহৰি ব্যৱহাৰ কৰিছিল । নানা ধৰণৰ মাছে খাদ্যৰ তালিকাত আছিল । 

প্রশ্ন ৫৫। মহেঞ্জোদাৰােৰ দুটা প্রধান বৈশিষ্ট্যৰ কথা উল্লেখ কৰা । 

উত্তৰঃ ( ক ) মহেঞ্জোদাৰো চহৰখন প্রায় দুশ হেক্টৰ ভূমি সামৰি অৱস্থিত আছিল । গৰখন দুর্গৰে আগুৰা আছিল । ইয়াত এটা ডাঙৰ ৰাজহুৱা স্নানাগাৰ আছিল । 

প্রশ্ন ৫৬। মহেঞ্জোদাৰো নগৰখনৰ গঠন প্রণালীৰ বিষয়ে আলােচনা কৰা ।

উত্তৰঃ বর্তমানে আৱিষ্কৃত হােৱা মহেঞ্জোদাৰে চহৰখনৰ সাতটা স্তৰ লক্ষ্য কৰা যায় । ইয়াৰপৰা চহৰখন সাতবাৰ ধ্বংস হােৱাৰ পিছত ইয়াক তেনেদৰে নিৰ্মাণ কৰা বুলি অনুমান কৰা হয় । ইয়াৰ দুটা ভাগ আছিল — দুৰ্গৰ ভিতৰৰ অংশ আৰু দুৰ্গৰ বাহিৰৰ অংশ । দুয়াে অংশৰ কাষে কাষে ঘৰবােৰ নিৰ্মাণ কৰা হৈছিল । ঘৰবােৰৰ কিছুমান দুই – তিনিমহলীয়া আছিল । আৰু এইবােৰ আহল – বহল আছিল । বাসগৃহবােৰ শাৰী শাৰীকৈ নিৰ্মাণ কৰা দেখা যায় । ঘৰৰ লগত সংলগ্ন কৰি একোটাকৈ পকী নাদ আৰু স্নানাগাৰ আছিল । স্নানাগাৰৰ পৰা বাহিৰলৈ পানী ওলাই যােৱাৰ কাৰণে পকী নলা সজা হৈছিল । 

প্রশ্ন ৫৭। মহেঞ্জোদাৰােৰ বৃহৎ স্নানাগাৰৰ বিষয়ে চমুকৈ লিখা । অথবা , মহেঞ্জোদাতে উদ্ধাৰ হােৱা বৃহৎস্নানাগাৰটোৰ মূল বৈশিষ্ট্যসমূহ কি কি আছিল ? 

উত্তৰঃ মহেঞ্জোদাৰো চহৰৰ এটি প্রধান বৈশিষ্ট্য আছিল এটি বিশাল স্নানাগাৰ । সেই আনাগাৰটো দীঘে ১৮০ ফুট আৰু পথালিয়ে ১০৮ ফুট আছিল । ইয়াৰ মাজভাগত ৩৯ ফুট দীঘল , ২৩ ফুট বহল আৰু ৮ ফুট দ এডােখৰ ঠাই পকী কৰি তাত সাতােৰাৰ কাৰণে উপযােগী কৰি তােলা হৈছিল । ইয়াৰ ওচৰত এটা কোঠালিত থকা নাদ এটাৰ পৰা পানী নি সাঁতােৰা ঠাইত পানী যােগান ধৰা হৈছিল । ইয়াৰ পৰা পানী ওলাই যােৱাৰ কাৰণে ডাঙৰ পকী নলা তৈয়াৰ কৰা হৈছিল । সাতােৰা ঠাইৰ দুয়ােকাষে তললৈ নামি যােৱাৰ কাৰণে খটখটি তৈয়াৰ কৰা হৈছিল । 

প্রশ্ন ৫৮। হৰপ্পা যুগৰ জোখ মাফ সম্বন্ধে আলােচনা কৰা । 

উত্তৰঃ জোখ মাফৰ প্ৰচলন হৰপ্পা যুগৰ পৰাই লক্ষ্য কৰা যায় । সামগ্রী জোখাৰ কাৰণে সৰু আকৃতিৰ ডগা আছিল । সৰু আকৃতিৰ ডগাবােৰ বালিত থকা অতি সূক্ষ্ম খনিজ পদার্থ দ্বাৰা নির্মিত আৰু চাৰিচুকীয়া আছিল । ডাঙৰ ডগাবােৰৰ আকৃতি শংকুৰ দৰে । ওজন ব্যৱস্থা আছিল সঠিক আৰু স্থিৰ । ঐতিহাসিক ত্রিপাঠীৰ মতে জোখ – মাফত কোনেও ফাকি দিয়া নাছিল । বা তেনে অভ্যাস মানুহৰ নাছিল বুলিব পাৰি । 

প্রশ্ন ৫৯ । হৰপ্পা যুগৰ লিপিৰ বিষয়ে আলােচনা কৰা । অথবা , হৰঞ্জীয় লিপিসমূহৰ যিকোনাে দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ হৰপ্পা যুগৰ আৰু লিখন পদ্ধতিৰ বিষয়ে সবিশেষ জনা নাযায় । অৱশ্যে লিপিৰ বিষয়ে কিছু কথা জানিব পাৰি । তথ্য মতে লিখন পদ্ধতি বা লিখােতে প্রথম শাৰী সোঁহাতৰ পিনৰ পৰা বওপিনলৈ আৰু পিছৰ শাৰী লিখােতে বওপিনৰ পৰা সোপিনলৈ লিখা হৈছিল । অৱশ্যে ঐতিহাসিক আৰ চি মজুমদাৰৰ মতে প্রথম শাৰী সোপিনৰ পৰা বাঁওপিনে আৰু দ্বিতীয় শাৰী বাঁওপিনৰ পৰা সেঁপিনে লিখিছিল । 

প্রশ্ন ৬০। হৰপ্পা যুগৰ চীল বা মােহৰৰ বিষয়ে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃ হৰপ্পা যুগৰ চীল মােহৰবােৰত হৰফ খােদাই কৰা দেখা গৈছে । সাধাৰণতে এই মােহৰবােৰৰ আকৃতি চাৰি কোণীয়া আছিল । কিছুমানৰ আকৃতি পথালিতকৈ দীঘে বেছি আছিল । কিছুমানৰ আকৃতি পথালিতকৈ দীঘে বেছি আছিল । এইবােৰ হাতীদাঁত জিকমিকাই থকা বস্তু আৰু বেলেগ বেলেগ ৰঙৰ গুৰিৰ দ্বাৰা নির্মিত আছিল । ইয়াৰ কিছুমান চীনা নক্সা থকা আৰু কিছুমান চৰি থকা আছিল । 

প্রশ্ন ৬১। সিন্ধু উপত্যকাৰ সভ্যতাৰ বিষয়ে আমি কি কি উৎসৰ পৰা জানিব পাৰো ? 

উত্তৰঃ তলত উল্লেখ কৰা উৎসসমূহৰ পৰা আমি সিন্ধু উপত্যকাৰ সভ্যতাৰ বিষয়ে জানিব পাৰাে । যেনে— 

( ক ) খনন কাৰ্যৰ ফলত উদ্ধাৰ হােৱা অট্টালিকা , ৰাস্তা – পদূলি , বৃহৎ স্নানাগাৰ আদিৰ পৰা আমি এই সভ্যতা সম্পর্কে কিছু তথ্য লাভ কৰিব পাৰাে । 

( খ ) আৱিষ্কৃত হােৱা নানা ধৰণৰ বাচন – বৰ্তন , মুদ্রা আদিৰ পৰা সিন্ধু সভ্যতাৰ বিষয়েও কিছু তথ্য লাভ কৰিব পাৰি । 

( গ ) ‘এতিয়ালৈ আৱিষ্কৃত হােৱা প্রায় দুহেজাৰ চীল – মােহৰৰ পৰাও এই সভ্যতা সম্পর্কে বহুতাে তথ্যৰ সম্ভেদ পােৱা গৈছে । 

( ঘ ) শিল্পীসকলে তৈয়াৰ কৰা নানা ধৰণৰ মূৰ্তিবােৰেও সেই যুগৰ সমাজ ব্যৱস্থা আৰু ধর্ম সম্বন্ধে কিছু আভাস দিয়ে । 

( ঙ ) বর্তমানে আৱিষ্কৃত হােৱা যুদ্ধৰ সঁজুলি যেনে কুঠাৰ , যাঠি , ডেগাৰ , ধনুকাড় আদিৰ পৰাও সিন্ধু সভ্যতাৰ সামাজিক চিন দাঙি ধৰিবলৈ সক্ষম হৈছে । 

প্রশ্ন ৬২। হৰপ্পা যুগৰ সমাজ ব্যৱস্থা সম্বন্ধে আলােচনা কৰা । নাইবা , হৰপ্পা যুগৰ সমাজ ব্যৱস্থাত সমাজত সকলাে সমান আছিল নে ? 

উত্তৰঃ হৰপ্পা যুগত সমাজত সকলাে সমান আছিল বুলি ক’ব নােৱাৰি । বাসগৃহ  নির্মাণশৈলীলৈ চাই বুজিব পাৰি যে সমাজত শ্রেণী বিভাজন আছিল । ধনী আৰু দুখীয়া এই দুটা শ্রেণী আছিল সমাজত ।

বৃহৎ দুৰ্গ আৰু প্ৰসাদ আদিও আছিল । আনহাতে দুটা কোঠালিৰ সৰু সৰু ঘৰবােৰও আছিল । মজলীয়া ধৰণৰ কিছুমালাে দেখা যায় । এনে ধৰণৰ ঘৰৰ সংখ্যাই আছিল অধিক । তেনেদৰে সমাজত কৰ্মৰাে বিভাজন ঘটিছিল । 

প্রশ্ন ৬৩। আলেকজেণ্ডাৰ কানিংহামৰ বিষয়ে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃআলেকজেণ্ডাৰ কানিংহাম ভাৰতীয় পূর্বতত্ত্ব বিভাগৰ প্ৰথমজন সঞ্চালক প্রধান আছিল । উনৈছ শতিকাৰ তেৱেই প্রথম হৰপ্পা বা সিন্ধু উপত্যকাৰ আৱিষ্কাৰ সম্বন্ধে জনসাধাৰণৰ আগত সুন্দৰ চিত্ৰ দাঙি ধৰে । তেৱেঁই প্রথম হৰপ্পাত চীল বা মােহৰ আৱিষ্কাৰ কৰিছিল । অৱশ্যে প্রথমে তেওঁ তাত যে এটি প্রাচীন সভ্যতাই বিৰাজমান কৰিছিল সেইটো উপলব্ধি কব্বি পৰা নাছিল । সেয়ে তেতিয়াই তাত খনন কাৰ্য আৰম্ভ কৰা নাছিল । তেতিয়া খনন কার্য আৰম্ভ কৰা হ’লে হয়তাে সেই সময়তে হৰপ্পা বা সিন্ধু উপত্যকাৰ সভ্যতা সম্বন্ধে তথ্যৰ সন্ধান পােৱা গ’লহেঁতেন । 

প্রশ্ন ৬৪। হৰপ্পা সভ্যতাযে নগৰীয়া সভ্যতা আছিল তাৰ কেইটামান উদাহৰণ দিয়া ।

উত্তৰঃ তলত উল্লেখ কৰা তথ্যসমূহৰ পৰা হৰপ্লাক নগৰীয়া সভ্যতা বুলি প্রমাণ পােৱা যায় । যেনে– 

( ক ) হৰপ্তাৰ নগৰবােৰৰ গঠন প্রণালী পৰিকল্পিত আৰু ঘন জনবসতিপূর্ণ আছিল । 

( খ ) ৰাষ্ট্ৰবােৰ সু – পৰিকল্পিত আৰু আহল বহল আছিল । 

( গ ) প্রতিটো বাসগৃহৰ পৰা ওলাই যােৱাৰ কাৰণে পকী নলাৰ ব্যৱস্থা আছিল । 

( ঘ ) ঘৰৰ সংলগ্নকৈ কুঁৱা বা নাদ তৈয়াৰ কৰা হৈছিল । 

( ঙ ) ঘৰ বা অট্টালিকাবােৰ পােৰা ইটাৰে তৈয়াৰ কৰা হৈছিল । 

( চ ) প্ৰতিটো পৰিয়ালৰে সুন্দৰ স্নানাগাৰ দেখিবলৈ পােৱা যায় । 

( ছ ) ঘৰবিলাক কেমহলীয়া দেখা যায় । 

( জ ) চোতালৰ চাৰিওপিনে ঘৰবােৰ নিৰ্মাণ কৰা হৈছিল । 

প্রশ্ন ৬৫। হৰপ্পাৰ সিন্ধু উপত্যকাৰ সভ্যতাক কিয় তাম্র যুগ বুলি কোৱা হয় ? 

উত্তৰঃ প্ৰচুৰ ধাতুৰ ব্যৱহাৰৰ ফালৰপৰা হৰপ্পা যুগক ব্ৰঞ্জৰ যুগ বুলি কোৱা হয় । কাৰণ সেই সময়ত বহুলৰূপত তামৰ ব্যৱহাৰ হৈছিল । অৱশ্যে টিনৰ ব্যৱহাৰাে দেখা যায় । তামৰ আৰু টিনৰ মিশ্রণ ঘটাই তেওঁলােকে ব্রঞ্জ নামে এক শংকৰ ধাতুৰ সৃষ্টি কৰিছিল । অৱশ্যে সেই সময়ত লােৰ ব্যৱহাৰৰ বিষয়ে জনা নাযায় । কাৰণ লােৰ সামগ্ৰীৰ ব্যৱহাৰ আজিলৈ আৱিষ্কৃত হােৱা নাই । 

প্রশ্ন ৬৬। হৰপ্পাৰ লােকসকলে হস্তনির্মিত সামগ্রী প্রস্তুত কৰিবলৈ কেঁচামাল কিদৰে সংগ্রহ কৰিছিল ? 

উত্তৰঃ হস্তশিল্প সামগ্ৰীৰ বাবে মাটি , পাথৰ , মণি , কাঠ , ধাতু আদি নিজৰ বসতিতে অনুসন্ধান , ভ্ৰমণৰ বাণিজ্যৰ দ্বাৰা সংগ্ৰহ কৰিছিল । নাগেশ্বৰ , বালাকাট , আফগানিস্তান শেহলৈ ৰাজস্থান , গুজৰাট আদি ঠাইৰ পৰা সংগ্ৰহ কৰিছিল । মেছপটেমিয়া , ওমান আদি ঠাইত বাণিজ্যিক উপায়েও সামগ্রী সংগ্রহ কৰিছিল । 

প্রশ্ন ৬৭। হৰপ্পাৰ লােক সকলৰ জীৱন নির্বাহৰ দুটা কৌশল লিখা । 

উত্তৰঃ হৰপ্পাৰ লােকসকলৰ জীৱন নির্বাহৰ দুটা কৌশল হ’ল– খেতি – বাতি আৰু নানা ধৰণৰ যেনে — গৰু ম’হ , ভেড়া , ছাগলী , গাহৰি আৰি জীৱ – জন্তু পুহিছিল । 

প্রশ্ন ৬৮। হৰপ্পীয় সংস্কৃতিৰ বিশ্বাস সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ হৰপ্পীয় সংস্কৃতি বিশ্বাস মতে মৃতপাত্র শৈলীৰ লগত সম্বন্ধ আছিল ।এই সংস্কৃতিৰ সময়ত কৃষি , পশুপালন তথা শিল্পৰ প্রমাণ পােৱা গৈছে । বাসিন্দাসকলৰ বিভিন্ন কলাৰ সম্বন্ধে জ্ঞান আছিল । 

প্রশ্ন ৬৯। ইতিহাস পুনৰ নিৰ্মাণৰ কাৰণে পেলনীয়া বস্তুক দৰকাৰী সমল বুলি গণ্য কৰা দুটা কাৰণ দশোৱা ।

 উত্তৰঃ ইয়াৰ দুটা কাৰণ হ’ল— 

( ক ) পেলনীয়া সামগ্রীবােৰ ইতিহাস নির্মাণৰ দিশত অতি আৱশ্যক আছিল । 

( খ ) ইয়াৰ বিশ্লেষণৰ দ্বাৰা পুৰণি ছবিবােৰ চকুত ভাঁহি উঠাত সহায় হয় । 

প্রশ্ন ৭০। সিন্ধু উপত্যকাৰ সভ্যতাৰ নগৰসমূহত দুর্গ নগৰ নামনিৰ নগৰতকৈ কেনেদৰে পৃথক আছিল ? 

উত্তৰঃ দুর্গ নগৰবােৰ নামনিৰ নগৰতকৈ পৃথক আছিল । বাহিৰা শত্ৰুৰ পৰা নগৰখনক ৰখাৰ কাৰণ দুর্গ নগৰ নিৰ্মাণ কৰিছিল । দুৰ্গৰ ভিতৰত ভড়াল ঘৰ নিৰ্মাণ কৰা হৈছিল । ইয়াৰ ভিতৰত প্রখ্যাত ৰাজহুৱা ভঁড়ালটিও আছিল । এইবােৰ ইটা আৰু কাঠেৰে নিৰ্মাণ কৰা হৈছিল । 

প্রশ্ন ৭১। ৰাজস্থানৰ ক্ষেত্ৰী অঞ্চল আৰু দক্ষিণ ভাৰতৰ পৰা হৰপ্পা সভ্যতাৰ অধিবাসীসকলে কি কি ধাতু সংগ্রহ কৰিছিল ? 

উত্তৰঃ ৰাজস্থানৰ ক্ষেত্ৰী অঞ্চলৰ পুৰা সােণ আৰু দক্ষিণ ভাৰতৰ পৰা সােণ আৰু সীহ সংগ্রহ কৰিছিল । 

See Next Page…

3 thoughts on “Class 12 History Chapter 1 ইটা মণি আৰু হাড়বােৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top