Class 12 Geography Unit 9 আন্তৰ্জাতিক বাণিজ্য

Class 12 Geography Unit 9 আন্তৰ্জাতিক বাণিজ্য The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 9 আন্তৰ্জাতিক বাণিজ্য and select needs one.

Class 12 Geography Unit 9 আন্তৰ্জাতিক বাণিজ্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 9 আন্তৰ্জাতিক বাণিজ্য Solutions for All Subject, You can practice these here…

দীঘল প্রশ্নৰ উত্তৰ

২৯। বন্দৰসমূহে কি দৰে ব্যৱসায় বাণিজ্যত সহায় কৰে ? এই বন্দৰসমূহক অঞ্চলৰ ওপৰত ভিত্তি কৰি শ্রেণী বিভাজন কৰা । 

উত্তৰঃ বন্দৰসমূহে কি দৰে ব্যৱসায় বাণিজ্যত সহায় কৰে ইয়াক তলত আলোচনা কৰা হ’ল–

( ক ) পথ পৰিবহণ ব্যৱস্থাত বিভিন্ন ধৰণৰ সৰু বৰ অথবা স্থায়ী অস্থায়ী লক্ষণৰ পথসমূহে পৃথিৱীৰ প্ৰতিটো আবাসিক অৱস্থান আৰু সকলাে ধৰণৰ আর্থিক কাম – কাজৰ এলেকাকে চুই গৈছে । 

( খ ) পথৰ নিৰ্মাণ আৰু মেৰামতিৰ কাৰ্যসমূহ কম খৰচী । 

( গ ) পথৰ ওপৰত চলাচল কৰা ট্রাক , বাছ , ৰিক্সা , চাইকেল প্রভৃতি বাহনসমূহো অতি বেছি দামী নহয় কাৰণে যিকোনাে আর্থিক অৱস্থাৰ ব্যক্তি আৰু ৰাষ্ট্ৰই এই ব্যৱস্থাৰ সুবিধা ল’ব পাৰে । 

( ঘ ) পথ পৰিবহণ ব্যৱস্থাত ব্যৱহাৰ কৰা বাহনসমূহ ৰখাই যাত্রী বা মালবস্তু উঠা-নমা কৰাৰ বাবে অতিৰিক্ত সেৱান্তক সুবিধা বহু সময়ত নহ’লেও চলে । 

( ঙ ) বহু ক্ষেত্ৰত এই পথ পৰিবহণৰ সহায় নােলােৱাকৈ আন কোনাে পৰিবহণ ব্যৱস্থা চলি থাকিব নােৱাৰে । কাৰণ উৎপাদন , বসতি , উদ্যোগ আৰু যিকোনাে ধৰণৰ কর্মস্থলীৰ সৰহভাগ ঠাই কেৱল পথ পৰিবহণেহে চুই যাব পাৰে । 

ভৌগােলিক অৱস্থান অনুসৰি বন্দৰসমূহক প্রধানকৈ দুটা ভাগত বিভক্ত কৰা হৈছে সেইবোৰ হ’ল–

( ক ) অন্তদেশীয় বন্দৰ :- প্রকৃত উপকূল ৰেখাৰ পৰা ভিতৰুৱা অৱস্থানত থকা বন্দৰসমূহক অন্তর্দেশীয় বন্দৰ বােলে । এই শ্ৰেণীৰ বন্দৰসমূহক কোনাে এক বৃহৎ নদী অথবা কৃত্রিম খালেৰে সাগৰৰ লগত সংযােগ কৰা হয় । উদাহৰণস্বৰূপে , ইংলেণ্ডৰ মানচেষ্টাৰ বন্দৰ আৰু ভাৰতৰ কলিকতা বৰ এই শ্রেণীৰ বন্দৰৰ অন্তৰ্গত ।

( খ ) সামুদ্রিক বন্দৰ :- গভীৰ পানীয়ে স্পর্শ কৰি ৰখা উপকূল ৰেখা অথবা কোনাে কোনাে ক্ষেত্ৰত উপকূল ৰেখাৰ নাতি দূৰত অৱস্থিত গভীৰ মহীসােপানত অৱস্থিত বন্দৰসমূহক সামুদ্রিক বন্দৰ বােলে । অতি বৃহৎ আকাৰৰ কিছুমান জাহাজ পােনে পােনে উপকূল ৰেখালৈ আগুৱাই আহিব নােৱাৰাত উপকূলৰ লগত এইবােৰ জাহাজক কিছুমান পােষক জাহাজেৰে সংযােগ কৰা হয় । উদাহৰণস্বৰূপে গ্ৰীচৰ পীৰৌছ বন্দৰ আৰু ভাৰতৰ চেন্নাই , মুম্বাই প্রভৃতি বন্দৰসমূহ এই শ্রেণীৰ অন্তৰ্গত । 

৩০। অৱস্থান আৰু মালবস্তুৰ ভিত্তিত বন্দৰৰ শ্রেণী বিভাজন কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে এইখিনি উত্তৰ নিজেই কৰিব চেষ্টা কৰিবা ।

বন্দৰসমূহত সৰবৰাহ ঘটা মালবস্তুৰ ভিত্তিত বন্দৰসমহক তিনিটা ভাগত বিভক্ত কৰিব পাৰিঃ 

( ক ) ঔদ্যোগিক বন্দৰ :- শিল্প উদ্যোগৰ কেঁচামাল আৰু খাদ্য – শস্য সৰহকাৰী বন্দৰসমূহক ঔদ্যোগিক বন্দৰ বােলে । আকৰিক লাে , কপাহ, কয়লা প্রভৃতি ইন্ধন সম্পদ , ৰাসায়নিক দ্রব্য , চেনী প্রভৃতি দ্রব্যসমূহ এই শ্রেণীৰ বন্দৰত সৰবৰাহ কৰা হয় । যেনেঃ মাংগালােৰ বন্দৰ এই শ্ৰেণীৰ বন্দৰৰ অন্তৰ্গত । 

( খ ) বাণিজ্যিক বন্দৰ :- বিভিন্ন প্রকাৰৰ শিল্প উদ্যোগৰ পৰিসজ্জিত দ্রব্যসমূহ বিপণনমুখী যাতায়াতৰ উদ্দেশ্যে সৰবৰাহ কৰা বন্দৰসমূহক বাণিজ্যিক বন্দৰ বােলে । যেনেঃ আষ্ট্রেলিয়াৰ মেলবর্ণ , আন্দামান , প’র্টব্লেয়াৰ প্ৰভৃতি বন্দৰসমূহ এই শ্ৰেণীৰ বন্দৰ । 

( গ ) বহুমুখী বন্দৰ :- এনে বন্দৰত শ্রেণী নির্বিশেষে সকলাে প্ৰকাৰৰ যাতায়াত সম্ভাৰ সবৰাহ কৰা হয় । বৃহৎ পৰিমাণৰ সামগ্রী একেলগে উঠানমা কৰাই এনে বন্দৰৰ বিশেষত্ব । ভাৰতৰ বিশাখাপট্টনম , শ্রীলংকাৰ কলম্বাে প্রভৃতি এনে বন্দৰ । 

৩১৷ বন্দৰসমূহৰ প্ৰকাৰ্যৰ ভিত্তিত শ্রেণী বিভাজনৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ প্ৰকাৰ্যৰ ভিত্তিত বন্দৰসমূহক প্রধানকৈ পাঁচটা ভাগত বিভক্ত কৰা হৈছেঃ 

( ক ) তৈলবাহী বন্দৰ :- খাৰুৱা তেল আৰু তাৰ পৰা উৎপাদন কৰা পৰিশােধিত দ্রব্যসমূহৰ হৰবৰাহ এনেবােৰ বন্দৰৰ প্ৰধান কার্য পৰিসৰ । ভাৰতৰ পাড়াদ্বীপ আৰু কাণ্ডালাৰ দৰে বন্দৰবোৰ তৈলবাহী জাহাজেৰে পৰিবহণ কৰা খাৰুৱা তেল নমােৱাৰ উদ্দেশ্যেই সজাই তোলা হৈছে । এনে আৰ্হিৰ বন্দৰক টেংকাৰ প’র্ট বা তৈল সংগ্রাহী বন্দৰ বােলে । আনহাতে , শোধনাগাৰ সমূহত উৎপাদিত দ্রব্য পেট্রল , ডিজেল প্রভৃতি ৰপ্তানি কৰাৰ আৰ্হিত প্রতিষ্ঠা কৰা বন্দৰসমূহক শোধানাগাৰসেৱী বন্দৰ বােলে । 

( খ ) বিশ্রাম বন্দৰ :- দীঘলীয়া সমুদ্র পথত নির্দিষ্ট দূৰত্বৰ ব্যৱধানত দূৰগামী জাহাজসমূহে ইন্ধন , খােৱা পানী , খাদ্য দ্রব্য প্রভৃতি যাত্রাকালীন উপচাৰ সংগ্ৰহৰ উদ্দেশ্যে প্রতিষ্ঠা কৰা বন্দৰ সমূহক বিশ্রাম বন্দৰ বােলে । ভূমধ্য – চুৱেজ – এছিয়াগামী সমুদ্র পথত এডেন আৰু উত্তমাশা অন্তৰীপ পথত , কেপটাউন , কলম্বাে , ছিংগাপুৰ আদি এনে বন্দৰ অৱস্থিত । 

( গ ) পেকেট ষ্টেচন বা ফেৰী পইন্ট :- চমু পথৰ যাত্ৰী আৰু তাক সেৱাৰ উদ্দেশ্যে এই বন্দৰ সমূহগঢ়ি উঠা দেখা যায় । একেটা প্রণালীৰ দুই বিপৰীত পাৰত অথবা একেখন সংকীর্ণ । সাগৰৰ বিপৰীত উপকূলত এনেবােৰ বন্দৰ অৱস্থিত । 

( ঘ ) সংগ্রাহক বিন্দৰ :- বিস্তীর্ণ  পশ্চাৎভূমিৰ এলেকাৰ পৰা সংগ্রহ কৰা নানা প্রকাৰৰ বাণিজ্যিক দ্ৰব্য ৰপ্তানিকাৰী বন্দৰ সমূহক সংগ্রাহক বন্দৰ বােল । যেনেঃ ৰটাৰডাম বন্দৰ । 

( ঙ ) নাে – সৈনিক বন্দৰ :- প্ৰতিৰক্ষাৰ উদ্দেশ্যত প্ৰতিষ্ঠা কৰা বন্দৰ সমূহক নৌ , সৈনিক বন্দৰ বােলে । ভাৰতৰ কোচিন , কাৰবাড় প্রভৃতি এনে বন্দৰ । 

৩২। বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্য্যাৱলী আলােচনা কৰা । 

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বিশ্বব্যাপী সম্প্ৰসাৰণৰ উদ্দেশ্য আগত ৰাখি সীমা শুল্ক আৰু অন্যান্য ধৰণৰ আমদানি আৰু ৰপ্তানিৰ লগত জড়িত কৰ-কাটলৰ বােজা লাঘৱ কৰাৰ স্বাৰ

স্বাৰ্থতেই ১৯৯৫ চনত বিশ্ব বাণিজ্য সংস্থা প্রতিষ্ঠা কৰা হয় । এই সংস্থাৰ লক্ষ্য হ’ল ইয়াৰ অন্তর্ভুক্ত ৰাষ্ট্রসমূহে বিশ্বব্যাপী মুক্ত বাণিজ্য সম্প্রসাৰণ প্ৰক্ৰিয়াটো লালন – পালন তথা পর্যবেক্ষণ কৰা । 

বিশ্ব বাণিজ্য সংস্থা হৈছে , সমগ্ৰ বিশ্বৰ পৰিসৰত বিভিন্ন ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যিক নীতি – নিয়ম নির্ধাৰণকাৰী একমাত্র প্রতিষ্ঠান । এই প্রতিষ্ঠানটোৱে গােলকীয় বাণিজ্য প্রণালীঃ নীতি – নিয়ম প্রস্তুত কৰাৰ লগতে এই সংস্থাৰ সদস্য ৰাষ্ট্রসমূহৰ মাজত উদ্ভৱ হােৱা বাণিজ্যিক মতানৈক্যও মীমাংসা কৰে । তদুপৰি বেংক , দূৰসংযােগ প্রভৃতি আন্তৰাষ্ট্ৰীয় সেৱাসমূহৰ লগয়ে বৌদ্ধিক অধিকাৰ , প্রযুক্তি কৌশলৰ স্বত্তাধিকাৰ প্ৰভৃতিৰ বাণিজ্যিক লেনদেন প্রক্রিয়াও নিয়ন্ত্র কৰি যায় । 

৩৩। আন্তঃজাতিক বাণিজ্যৰ মূল আধাৰসমূহ বহলাই আলােচনা কৰা । 

উত্তৰঃ আন্ত:জাতিক বাণিজ্যৰ মূল আধাৰসমূহ তলত আলােচনা কৰা হ’লঃ 

( ক ) সম্পদজনিত বৈষম্য :- জলবায়ু , ভূ – আকৃতি , মাটিৰ গুণাগুণ আৰু ভূ – তাত্বিক সংৰচনা প্রকৃতি নিয়ন্ত্রিত আঞ্চলিক বৈষম্যৰ ফলত বিভিন্ন ৰাষ্ট্রৰ ভৌগালিক পৰিসৰত সৃষ্টি হোৱা সম্পদ সম্ভাৱনা একে নহয় । বন্ধুৰতা , উচ্চতা আৰু জলবায়ুভেদে সম্পদৰ সম্ভাৱনা ভিন ভিন হয় । 

( খ ) জনসংখ্যা :- জনসংখ্যাৰ আকাৰ বিস্তৃতি আৰু সাংস্কৃতিক বৈচিত্ৰই এখন দেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যমূখী কৰাত যথেষ্ট অৰিহণা যােগায় । দুর্বল অর্থব্যৱস্থাৰ অন্তৰ্গত অধি জনসংখ্যাৰ দেশবােৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ পৰিসৰ নিচেই সীমিত । কাৰণ , সীমিত ক্রম ক্ষমতা আৰু ঘাইকৈ দেশখনৰ বিভিন্ন শ্ৰেণীৰ লােকৰ উৎপাদিত সম্পদবােৰ আভ্যন্বী পৰিসৰত লেনদেন কৰাৰ পৰম্পৰাই এনেবােৰ দেশত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ পটভূমি দুৰ্বল কৰি ৰাখে । 

( গ ) অর্থনৈতিক উন্নয়ন পর্যায় :- অর্থনৈতিক উন্নয়নৰ তৎকালীন পর্যায় অনুসৰি একেই ৰাষ্ট্ৰৰে আন্তৰাষ্ট্ৰীয় বাণিজ্যিক লেনদেনৰ তালিকাখনৰ সালসলনি হৈ থাকে । উদাহৰণস্বৰূপে কৃষিজাত আৰু খনিজাত সম্পদৰ উৎপাদন ভিত্তিক ভাৰতৰ পৰা উনবিংশ শতিকাত প্রচুৰ পৰিমাণে আকৰিক লাে আৰু কপাহ অর্থাৎ কেঁচামালৰ ৰপ্তানি ঘটিছিল । কুৰি শতিকা কালছােৱাত এই দুই প্রাথমিক খণ্ডৰ উৎপাদনৰ আধাৰতে পূর্বৰ কেঁচামালৰ ৰপ্তানিৰ সলন তীখা অথবা তীখাৰ সৰঞ্জাম আৰু কপাহী কাপােৰ অর্থাৎ শিল্পজাত সম্পদৰ ৰপ্তানিৰ পৰম্পৰা আৰম্ভ হয় । 

( ঘ ) বিদেশী বিনিয়োগৰ পৰিমাণ :- অর্থনৈতিক ভাৱে অনগ্ৰসৰ সম্পদ সমৃদ্ধ ৰাষ্ট্ৰসমূহত বেলিকা বিদেশী পুঁজি বিনিয়ােগৰ লগে লগে ৰাষ্ট্ৰখনৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ পৰিসৰ বৃদ্ধি পাই গৈ থাকে । এনে ৰাষ্ট্ৰসমূহত বিদেশী পুঁজি বিনিয়ােগৰ ফলত কৃষি , খনি অথবা অৰু সম্পদৰ ঔদ্যোগিকৰণ ক্ষিপ্র হয় । ফলত এনেবােৰ উদ্যোগৰ উৎপাদন সমূহে আন্ত:ৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰে । 

( ঙ ) পৰিবহণ :- আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মাত্রেই আন্তঃৰাষ্ট্ৰীয় পৰিসৰত ঘটা পণ্য অথবা প্রযুক্তি প্রভৃতি সম্পদসমূহৰ স্থানান্তৰণ অপৰিহার্য ।গতিকে , উপযুক্ত পৰিবহণ মাধ্যমৰ অবিহনে মান্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ধাৰণাটোৱেই অমুলক হৈ পৰে । 

৩৪। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ গুৰুত্বপূর্ণ দিশসমূহ আলােচনা কৰা । 

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ গুৰুত্বপূৰ্ণ দিশসমূহ হ’ল— 

( ক ) বাণিজ্যৰ পৰিসৰঃ পণ্য দ্রব্যৰ বেলিকা লেনদেন কৰা দ্রব্যসমূহৰ ওজনৰ লেখেৰে আন্তৰাষ্ট্ৰীয় বাণিজ্যৰ পৰিমাণ অর্থাৎ পৰিসৰ নিৰ্ধাৰণ কৰা হয় । আন্তৰাষ্ট্ৰীয় বজাৰত প্রবেশ বা বিভিন্ন মূল্যমানৰ পণ্য আৰু কৌশলমূলক সম্পদসমূহৰ মুঠ পৰিমাণ সেইবােৰৰ বজাৰ বৰ লেখেৰে নিৰ্ধাৰণ কৰা হয় । 

উল্লেখ্য যে , এখন ৰাষ্ট্র বা কিছুমান ৰাষ্ট্ৰৰ সমষ্টিগত অঞ্চল কোটাৰ পৰিসৰত আন্তৰাষ্ট্ৰীয় বজাৰত লেনদেন হােৱা নির্বাচিত সম্পদ অথবা মুঠ সম্পদৰ আমদানি আৰু ৰপ্তানি সমান পৰিমাণৰ নহ’বও পাৰে । কিন্তু , সমগ্র বিশ্বৰ বেলিকা সকলােবােৰ -প্তানিকাৰী দেশৰ পৰা হােৱা মুঠৰ প্তানিকৃত সম্পদৰ পৰিমাণ আৰু সকলােবােৰ আমদানিকাৰী বিদেশে কৰা মুঠ আমদানিৰ পৰিমাণ হুবহু সমান হ’বই লাগিব । কাৰণ, যিকোনাে এখন ৰাষ্ট্ৰই কোনাে পৰিমাণৰ যিকোনাে সম্পদ ৰপ্তানি কৰা মানে সেই একে ৰপ্তানিকৃত সম্পদৰাশি একেখন পৃথিৱীৰ কোনােবা নহয় কোনােবা দেশৰ আমদানি শিতানত সােমাই পৰিব । 

( খ ) বাণিজ্যৰ সংৰচনাঃ সকলাে ধৰণৰ সম্পদৰ বাণিজ্যিক মূল্য একে নহয় । সেয়েহে অধিক পৰিমাণৰ কম দামী দ্রব্যৰ লেনদেনৰ তুলনাত পৰিমাণত কম হলেও মূল্যবান সম্পদ লেনদেনৰ এখন ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত নিজৰ স্থিতি অধিক সৰল কৰি তুলিব পাৰে । 

( গ ) বাণিজ্যৰ দিশ :- আন্তৰাষ্ট্ৰীয় বাণিজ্য বিস্তাৰ কাল অর্থাৎ , নতুন মহাদেশসমূহৰ আবিস্কাৰ তথা প্রধান বাণিজ্য পথবােৰ চিনাক্তকৰণৰ যুগৰ পৰাই পৃথিৱীৰ প্ৰায়বােৰ অনগ্ৰসৰ দেশৰ প্রাথমিক খণ্ডত উৎপাদিত সম্পদসমূহ ইউৰোপীয় দেশবােৰলৈ ৰপ্তানিৰ পৰম্পৰা আৰম্ভ হয় ।ইউৰােপৰ প্ৰায়বােৰ দেশেই তৃতীয় বিশ্বৰ দেশবােৰৰ পৰা বিভিন্ন উদ্যোগৰ কেঁচামাল আৰু খাদ্য শস্য আমদানিৰ বিনিময়ত নিজ দেশৰ শিল্পজাত দ্রব্যসমূহৰ তৃতীয় বিশ্ব অভিমুখী অন্ত:ৰাষ্ট্ৰীয় বাণিজ্য প্রণালী এটা গঢ়ি তুলিছিল । 

কিন্তু কুৰি শতিকাৰ আৰম্ভণি কালত প্রাচ্যত বস্থিত জাপান দেশত ক্ষিপ্র গতিত শিল্পায়ন আৰম্ভ হােৱাৰ ফলস্বৰূপে , শিল্পজাত দ্রব্য ৰপ্তানিৰ ক্ষেত্ৰত উত্তৰ আটলান্টিক শিল্পকেন্দ্রিক বলয়ৰ অপ্রতি দ্বন্দ্বী স্থিতিৰ যৱনিকা পৰে । ইফালে বিভিন্ন দেশৰ কেঁচামাল মাত্রেই আটলান্টিক অভিমূখী হৈ নাথাকিল । জাপানৰ প্রায় সমসাময়িকভাৱে ই চীন আৰু ভাৰতত হােৱা ক্ষিপ্র ঔদ্যোগি কৰণৰ ফলত এছিয়াত উৎপাদিত ভালেমান শিল্পজাত সামগ্ৰীয়ে ইউৰােপৰ বজাৰত স্থায়ী খােপনি পুতিবলৈ সমৰ্থ হৈ উঠিল । 

( ঘ ) বাণিজ্যিক ভাৰসাম্য :- এখন ৰাষ্ট্ৰই নির্ধাৰিত সময় সীমাৰ ভিতৰত ৰপ্তানি কৰা সম্পদৰ ঠিক সমমূল্য সম্পদ আমদানি কৰা অৱস্থাটোকে ৰাষ্টখনে আন্তৰাষ্ট্ৰীয় বাণিজ্যত ভাৰসাম্য ৰক্ষা কৰা বােলে । আনহাতে , ৰপ্তানিৰ তুলনাত আমদানিৰ পাৰমাণ বৃদ্ধি পােৱাক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক ঘাটি বুলি কোৱা হয় । ঠিক সেইদৰে , আমদানিৰ তুলনাত ৰপ্তানি পৰিমাণ বৃদ্ধিয়ে ৰাষ্ট্র এখনক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক ৰাহি অৱস্থা এটাত প্রতিষ্ঠা কৰে । 

৩৫। বাণিজ্যিক গাঁথনিৰ গুৰুত্বপূৰ্ণ দিশসমূহ আলােচনা কৰা । 

উত্তৰঃ বাণিজ্যিক গাঁথনিৰ গুৰুত্বপূৰ্ণ দিশসমূহ হ’ল— 

( ক ) বাণিজ্যিক পৰিসৰঃ পণ্যদ্রব্যৰ বেলিকা লেন – দেন কৰা দ্রব্যসমূহৰ ওজনৰ লেখেৰে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ পৰিমাণ , অর্থাৎ পৰিসৰ নিৰ্ধাৰণ কৰা হয় । কিন্তু বাণিজ্যকৃত দ্রব্যমাত্রেই সমান দামী নহয় । সেয়েহে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰা বিভিন্ন মূল্যমানৰ পণ্য আৰু কৌশলসমূহক সম্পদসমূহৰ মুঠ পৰিমাণ এইবােৰৰ বজাৰ দৰৰ লেখেৰে নিৰ্ধাৰণ কৰা হয় । 

( খ ) বাণিজ্যৰ সংৰচনা :- সকলােধৰণৰ সম্পদৰ বাণিজ্যিক মূল্য একে নহয় । সেয়েহে অধিক পৰিমাণৰ কম দামী দ্রব্য লেন – দেনৰ তুলনাত পৰিমাণত কম হলেও মূল্যবান সম্পদৰ লেন – দেনেৰে এখন ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত নিজৰ স্থিতি অধিক সৱল কৰি তুলিব পাৰে । 

( গ ) বাণিজ্যৰ দিশ :- আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বিস্তাৰ কাল অর্থাৎ নতুন মহাদেশসমূহৰ আৱিষ্কাৰ তথা প্রধান বাণিজ্য পথবােৰ চিনাক্ত কৰণৰ সময়ৰ পৰাইপৃথিৱীৰ প্ৰায়বােৰ অনগ্রসৰ দেশৰ প্ৰাথমিক খণ্ডত উৎপাদিত সম্পদসমূহ ইউৰােপীয় দেশসমূহলৈ ৰপ্তানিৰ পৰম্পৰা আৰম্ভ হয় । শিল্প বিপ্লৱৰ লগত মিলাই ইউৰােপৰ প্ৰায়বােৰ দেশেই তৃতীয় বিশ্বৰ দেশবােৰৰ পৰা এনেকৈ বিভিন্ন উদ্যোগৰ কেঁচামাল আৰু খাদ্যশস্য আমদানিৰ বিনিময়ত নিজ দেশৰ শিল্পজাত দ্রব্যসমূহৰ তৃতীয় বিশ্ব অভিমুখী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্রণালী এটা গঢ়ি তুলিছিল । 

সেই পৰম্পৰা অনুসৰি ইউৰােপীয় দেশসমূহ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে মূল্যৱান শিল্পজাত দ্ৰব্য ৰপ্তানিকাৰী ৰাষ্ট্ৰ আৰু ইয়াৰ বিপৰীতে ব্রাজিল , ভাৰত , অষ্ট্রেলিয়া প্রভৃতি উপনিৱেশীয় ৰাষ্ট্ৰসমূহ অথবা তৃতীয় বিশ্বৰ সকলাে দেশেই হৈ পৰিছিল প্রাথমিক খণ্ডত উৎপাদিত সম্পদৰ বিক্রেতা আৰু শিল্পজাত সম্পদৰ ক্রেতা । কুৰি শতিকাৰ আৰম্ভণি কালত প্রাচ্যত অৱস্থিত জাপানত ক্ষিপ্র শিল্পায়ন আৰম্ভ হয় । ফলস্বৰূপে শিল্পজাত দ্ৰৱ ৰপ্তানিৰ ক্ষেত্ৰত উত্তৰ আটলান্টিক শিল্পকেন্দ্রীক বলয়ৰ অপ্রতি দ্বন্দ্বী স্থিতিৰ যৱনিকা পৰে । পৰৱর্তী পর্যায়ত , অর্থাৎ দ্বিতীয় মহাসমৰৰ পিছৰ কালত কেইবাখনাে ৰাষ্ট্ৰই পূর্বৰ কেঁচামাল ৰপ্তানিৰ পৰিৱর্তে শিল্পজাত সামগ্রীৰ ৰপ্তানি আৰম্ভ কৰে । 

( ঘ ) বিদেশী বিনিয়ােগৰ পৰিমাণ :- অর্থনৈতিক ভাৱে অনগ্রসৰ সম্পদ সমৃদ্ধ ৰাষ্ট্ৰসমূহৰ বেলিকা বিদেশী পুঁজি বিনিয়ােগৰ লগে লগে ৰাষ্ট্ৰখনৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ পৰিসৰ বৃদ্ধি পাই গৈ থাকে । এনে একোখন ৰাষ্ট্ৰত বিদেশী পুঁজি বিনিয়ােগৰ ফলত কৃষি , খনি অথবা অৰণ্য সম্পদৰ ঔদ্যোগীকৰণ ক্ষিপ্র হয় । 

( ঙ ) পৰিৱহণ :- আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মাত্রেই আন্তঃৰাষ্ট্ৰীয় পৰিসৰত ঘটা পণ্য অথবা প্রযুক্তি প্রভৃতি সম্পদসমূহৰ স্থানান্তৰণ অপৰিহার্য । গতিকে , উপযুক্ত পৰিবহণ মাধ্যম অবিহনে আন্তঃৰাষ্ট্রীয় বাণিজ্যৰ ধাৰণাটোৱেই অমূলক হৈ পৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top