Class 12 Geography Unit 8 পৰিবহণ আৰু যােগাযােগ

Class 12 Geography Unit 8 পৰিবহণ আৰু যােগাযােগ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 8 পৰিবহণ আৰু যােগাযােগ and select needs one.

Class 12 Geography Unit 8 পৰিবহণ আৰু যােগাযােগ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 8 পৰিবহণ আৰু যােগাযােগ Solutions for All Subject, You can practice these here…

দীঘল উত্তৰৰ প্ৰশ্ন

৩৪। পৃথিৱীৰ কোনকেইটা মুখ্য অঞ্চলত আকাশী পৰিবহণ ব্যবস্থাই বেছি গুৰুত্ব লাভ কৰিছে ? 

উত্তৰঃ বিমানসমূহৰ নিৰ্মাণ আৰু পৰিচালন প্রক্রিয়াটো অতিশয় সূক্ষ্ম প্রযুক্তিৰ ওপৰত নিৰ্ভৰশীল তথা ব্যয়বহুল । সেয়েহে বিশ্বৰ আগশাৰীৰ উদ্যোগ সমৃদ্ধ আৰু অৱস্থাপন্ন ৰাষ্ট্রসমূহেই বিমান পৰিবহণ খণ্ডত আগভাগ লৈ অহা দেখা যায় । মূলতঃ সংযুক্ত গণৰাজ্যত বিমান পৰিবহণৰ বাণিজ্যিক সেৱা আৰম্ভ হৈছিল যদিও বৰ্ত্তমান পৃথিৱীৰ প্রায় ৬০ শতাংশ বিমান সেৱাই আমেৰিকা যুক্তৰাষ্ট্রৰ দ্বাৰাহেপৰিচালিত হৈ আছে । বর্তমান পৃথিৱীত ২৫০ টাৰাে অধিক বিমান পৰিবহণ প্রতিষ্ঠানে তেওঁলােকৰ নিয়মীয়া উৰণৰ সহায়ত দেশ বিদেশৰ প্ৰায়বোৰ গুৰুত্বপূৰ্ণ অৱস্থানকে সংযােগ কৰা দেখা যায় । 

পৃথিৱীৰ উত্তৰ গােলার্ধত পূৱা – পশ্চিমাকৈ আন্তঃমহাদেশীয় বিমান সেৱাৰ কিছু সংখ্যক মূখ্যপথ আছে । যুক্তৰাষ্ট্রৰ পূর্বাঞ্চল , পশ্চিম ইউৰােপ আৰু দক্ষিণ পূর্ব এছিয়াৰ দেশসমূহক সামৰি এনেধৰণৰ ভালেমান আন্তঃমহাদেশীয় বিমানপথ পােৱা যায় । নিউয়র্ক , লণ্ডন , পেৰিছ , আমষ্টাৰম , ফ্রাংকফুট , বােম , মস্কো , কৰাচী , দিল্লী , মুম্বাই , বেংকক , ছিংগাপুৰ , টকিঅ ’ , ছাঁ ফ্রান্সিক্স ’ , লছ – এঞ্জেলছ , আৰু চিকাগাে প্রভৃতি বিমান বন্দৰ সমূহৰ পৰা পৃথিৱীৰ প্রায়বােৰ দেশলৈকে বিমান যােগাযােগ পােৱা যায় । 

৩৫। পথ আৰু ৰেল পৰিবহণ ব্যৱস্থাৰ মূখ্য সুবিধা আৰু অসুবিধাসমূহ কি কি ?

উত্তৰঃ পথ পৰিবহণ ব্যৱস্থাৰ সুবিধাসমূহ হলঃ 

( ক ) পথ পৰিবহণ ব্যৱস্থাত বিভিন্ন ধৰণৰ সৰু বৰ অথবা স্থায়ী অস্থায়ী লক্ষণৰ পথসমূহে পৃথিৱীৰ প্ৰতিটো আৱাসিক অৱস্থান আৰু সকলাে ধৰণৰ আর্থিক কাম – কাজৰ এলেকাকে চুই গৈছে । 

( খ ) পথৰ নিৰ্মাণ আৰু মেৰামতিৰ কাৰ্যসমূহ কম খৰচী । 

( গ ) পথৰ ওপৰত চলাচল কৰা ট্রাক , বাছ , ৰিক্সা , চাইকেল প্রভৃতি বাহনসমূহো অতি বেছি দামী নহয় কাৰণে যিকোনাে আর্থিক অৱস্থাৰ ব্যক্তি আৰু ৰাষ্ট্ৰই এই ব্যৱস্থাৰ সুবিধা ল’ব পাৰে । 

( ঘ ) পথ পৰিবহণ ব্যৱস্থাত ব্যৱহাৰ কৰা বাহনসমূহ ৰখাই যাত্রী বা মালবস্তু উঠা – নমা কৰাৰ বাবে অতিৰিক্ত সেৱান্তক সুবিধা বহু সময়ত নহ’লেও চলে । 

পথ পৰিবহণ ব্যৱস্থাৰ অসুবিধাসমূহঃ

( ক ) পথ পৰিবহণৰ মাধ্যমেৰে সৰহীয়াকৈ যাত্রী কঢ়িয়াওতে আৰু অধিক দূৰত্বলৈ সামগ্রী সৰবৰাহ কৰােতে খৰচৰ মাত্রা অত্যাধিক হাৰত বাঢ়ি যায় । 

( খ ) একেটা পথত বিভিন্ন আকৃতি – প্রকৃতিৰ অসংখ্য গাড়ী – মটৰৰ একে সময়তে চলাচল কৰাৰ ফলত ব্যস্ত পথসমূহত দূৰ্ঘটনাৰ সম্ভাৱনা দিনে দিনে বৃদ্ধি পাই আহিছে । 

ৰেল পৰিবহণৰ সুবিধাসমূহঃ

( ক ) পথসমূহৰ তুলনাত ৰেলপথসমূহ অধিক সুপ্রতিষ্ঠিত আৰু স্থায়ী । 

( খ ) বৃহৎ পৰিমাণৰ যাত্রী অথবা সামগ্রী কম খৰচত তীব্রবেগে দূৰদূৰণিলৈ পৰিবহণ কৰাৰ উপযােগী । 

( গ ) পথ পৰিবহণৰ তুলনাত ৰেল পৰিবহণত ইন্ধনৰ খৰচ ১৫-২০ শতাংশ মাত্র । 

( ঘ ) ৰেল পৰিবহণ এবিধ দূৰগামী সুবিধা প্রদানকাৰী পৰিবহণ ব্যৱস্থা । অর্থাৎ , যাতায়াত কৰিব লগা যাত্রী আৰু সামগ্ৰীৰ পৰিমাণ আৰু গন্তব্য স্থানৰ দূৰত্ব বাঢ়ি যােৱাৰ লগে লগে প্রতি কিলােমিটাৰ দূৰত্বৰ বাবদ প্রতিজন যাত্রী অথবা প্রতি টন সামগ্ৰীৰ ৰেলভাড়া কমি গৈ থাকে । 

পথ পৰিবহণৰ অসুবিধাসমূহঃ

( ক ) পথ পৰিবহণৰ তুলনাত ৰেল পৰিবহণৰ প্রতিস্থাপন আৰু পৰিচালনা কার্য অত্যন্ত খৰচী । 

( খ ) পথ পৰিবহণৰ দৰে ৰেল পথসমূহে পার্বত্য ভূমি আৰু অত্যন্ত এটা বেঁকা পথত ইয়াৰ পৰিবহণ ক্ষমতা সমানে বজাই ৰাখিব নােৱাৰে । 

৩৬। চুৱেজ খালৰ মুখ্য বৈশিষ্ট্যসমূহ লিখা । 

উত্তৰঃ ভূমধ্য সাগৰীয় পৰ্ট চৈয়দ বন্দৰক লােহিত সাগৰৰ উত্তৰসীমা চুৱেজ বন্দৰৰ লগত সংযােগ কৰি ১৮৬৯ চনত চুৱেজ খাল খন্দা হয় । আটলান্টিক আৰু ভাৰত মহাসাগৰক এই পথেৰে সংযােগ কৰাৰ ফলত পশ্চিম ইউৰােপ আৰু শ্ৰীলংকাৰ মাজৰ দূৰত্ব প্রায় ৩,৫০০ কিলােমিটাৰ হ্রাস পায় । প্রায় ১৬০ কিলােমিটাৰ দীঘল চুৱেজ খালৰ গভীৰতা ১০-১৫ মিটাৰ পর্যন্ত আৰু ইয়াৰ জলপৃষ্ঠ সমুদ্রপৃষ্ঠৰ উচ্চতাত থাকে । দৈনিক প্রায় ১০০ খন জাহাজে এই খাল অতিক্রম কৰে । এই খালৰ প্ৰৱেশ মাচুল অতি বেছি ।

৩৭। পানামা খালৰ মুখ্য প্রকৃতিৰ বিষয়ে লিখা । 

উত্তৰঃ পানামা খালে আটলান্টিক আৰু প্রশান্ত মহাসাগৰক সংযােগ কৰিছে । এই খালৰ দৈর্ঘ্য ৭২ কিলােমিটাৰ । পানামা খালটোৰ সমগ্র পথছােৱাত সৰ্বমুঠ ছখন জলপৃষ্ঠ নিয়ন্ত্রণকাৰী কপাট আছে । এই কপাটসমূহৰ সহায়ত খালৰ জলপৃষ্ঠ অৱস্থানভেদে ২৬ মিটাৰ পর্যন্ত উঠা নমা কৰিব পাৰি । পানামা খাল মুকলি কৰাৰ ফলত নিউয়ৰ্ক আৰু চাঁ – ফ্রান্সি’ চহৰৰ সামুদ্রিক দূৰত্ব প্রায় ১৩,০০০ কিলােমিটাৰ হ্রাস পাইছে । ঠিক সেইদৰে , পশ্চিম ইউৰােপ আৰু প্রশান্ত মহাসাগৰীয় উত্তৰ আমেৰিকাৰ মাজত সমুদ্র পথসমূহৰ দূৰত্বও বহুখিনি হ্রাস পাইছে । উত্তৰ আমেৰিকা আৰু পশ্চিম ইউৰােপৰ আটলান্টিক মহাসাগৰীয় বন্দৰ সমূহৰ লগত এছিয়াৰ পূব প্রান্তীয় চীন , জাপান , ফিলিপাইন প্রভৃতি দেশসমূহৰ উপৰিও অষ্ট্রেলিয়াৰ বাণিজ্যিক লেনদেন বহু পৰিমাণে সূচল হৈছে । 

৩৮। আকাশী পৰিবহণ আৰু যােগাযােগ ব্যৱস্থাৰ মূখ্য বৈশিষ্ট্যসমূহ কি কি ? 

উত্তৰঃ অসাধাৰণ ক্ষিপ্র গতিৰে আটাইতকৈ চমু পথ অনুসৰণ কৰি দুখন ঠাইৰ মাজত জৰুৰীকালীন পৰিবহণ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত আকাশী পৰিবহণৰ তুলনা নাই । এই পৰিবহণ অত্যন্ত খৰচী হােৱাৰ লগতে বৃহৎ পৰিমাণৰ গধুৰ সামগ্ৰী কঢ়িওৱাৰ বাবে উপযুক্ত নহয় । স্থল পৰিবহণে সহজে ঢুকি নেপােৱা দুর্গম অঞ্চললৈ আৰু প্রাকৃতিক দুর্যোগৰ ফলত স্থল – পৰিবহণ প্রকার্য বিধস্ত হােৱাৰ সময়ত উদ্ধাৰ আৰু সাহাজ্য অভিযানৰ বেলিকা এই পৰিবহণ সেৱা অতি গুৰুত্বপূৰ্ণ হৈ উঠে । আকাশীযান অর্থাৎ বিমানসমূহৰ নিৰ্মাণ আৰু পৰিচালন প্রক্রিয়াটো অতিশয় সূক্ষ্ম প্রযুক্তিৰ ওপৰত নিৰ্ভৰশীল তথা ব্যয়বহুল । সেয়েহে , বিশ্বৰ আগশাৰীৰ উদ্যোগ সমৃদ্ধ আৰু অৱস্থাপন্ন ৰাস্তাসমূহেই এই পৰিবহণ খণ্ডত আগভাগ লৈ অহা দেখা যায় । 

৩৯। আকাশী পৰিবহণ ব্যৱস্থাৰ পৰা হােৱা মূখ্য লাভসমূহ কি কি ? 

উত্তৰঃ আকাশী পৰিবহণত অতি ক্ষিপ্র গতিৰে আটাইতকৈ চমু পথ অনুসৰণ কৰি দুখন ঠাইৰ মাজত জৰুৰীকালীন পৰিবহণ সেৱা আগবঢ়াব পাৰি , যিটো আন কোনাে পৰিবহণ মাধ্যমতে সম্ভৱ নহয় । আন্তঃমহাদেশীয় অথবা আন্তঃৰাষ্ট্ৰীয় দূৰত্বৰ যাত্ৰী আৰু জৰুৰী তথা মূল্যৱান সামগ্রী সৰবৰাহৰ ক্ষেত্ৰত এই পৰিবহণ মাধ্যমেই আটাইতকৈ সুবিধাজনক । স্থল পৰিবহণে সহজে ঢুকি নােপােৱা দুর্গম স্থানলৈ আৰু প্রাকৃতিক দুর্যোগৰ ফলত স্থল – পৰিবহণ প্রকার্য বিধ্বস্ত হােৱাৰ সময়ত উদ্ধাৰ আৰু সাহাৰ্য্য অভিযানৰ বেলিকা এই পৰিবহণ সেৱা অতি গুৰুত্বপূর্ণ হয় । আকাশী পৰিবহণ ব্যৱস্থাত পথ নির্মাণ আৰু পথ মেৰামতিৰ আদিৰ সমস্যাৰ সম্মুখীন হ’ব লগা নহয় , সেয়ে পৰিবহণ ব্যৱস্থাটোও কোনাে সমস্যাৰ সৃষ্টি নহয় । 

৪০। আন্তঃমহাদেশীয় আকাশী পৰিবহণ ব্যৱস্থাৰ ওপৰত এটি বিস্তৃত বিৱৰণ দিয়া । 

উত্তৰঃ আকাশী পৰিবহণৰ বাণিজ্যিক সেৱা মূলতঃ সংযুক্ত গণৰাজ্যত আৰম্ভ হৈছিল যদিও বর্তমান বিশ্ব প্রায় ৬০ শতাংশ বিমান সেৱাই আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ দ্বাৰাহে পৰিচালিত হৈ আছে । বর্তমান পৃথিৱীত ২৫০ টাৰাে অধিক বিমান পৰিবহণ প্রতিষ্ঠানে তেওঁলােকৰ নিয়মীয়া উৰণৰ সহায়ত দেশ – বিদেশৰ প্ৰায়বােৰ গুৰুত্বপূৰ্ণ অৱস্থানকে সংযােগ কৰা দেখা যায় । বর্তমান প্রচলন হ’ব লগীয়া ছুপাৰচনিক পৰ্য্যায়ৰ বিমান সেৱাই মাত্র তিনি ঘণ্টাৰ ভিতৰতে লণ্ডন আৰু নিউয়কৰ মাজৰ দূৰত্ব অতিক্রম কৰিবলৈ সক্ষম হােৱাৰ আশা আছে । 

পৃথিৱীৰ উত্তৰ গােলার্ধত পূৱা পশ্চিমলৈকে আন্তঃমহাদেশীয় বিমান সেৱাৰ কিছুসংখ্যক মূখ্য পথ আছে । যুক্তৰাষ্ট্ৰৰ পূৰ্বাঞ্চল , পশ্চিম ইউৰােপ আৰু দক্ষিণ পূর্ব এছিয়াৰ দেশসমূহক সামৰি এনেধৰণৰ ভালেমান আন্তঃমহাদেশীয় বিমানপথ পােৱা যায় । নিউয়র্ক , লণ্ডন , পেৰিছ , আমষ্টাৰডাম , ফ্রাংকফুট , ৰোম , মস্কো , কৰাচী , দিল্লী , মুম্বাই , বেংকক , ছিংগাপুৰ , টকিঅ ‘ , ছাঁ-ফ্রান্সিক্স’ লছ এঞ্জেলছ আৰু চিকাগাে প্রভৃতি আদর্শ বিমান বন্দৰ সমূহৰ পৰা পৃথিৱীৰ প্ৰায়বােৰ দেশলৈকে বিমান যােগাযােগ পােৱা যায় । 

৪১। পথ পৰিবহণ ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ লিখা । 

উত্তৰঃ পথ পৰিবহণ ব্যৱস্থাৰ সুবিধাসমূহ হলঃ 

( ক ) পথ পৰিবহণ ব্যৱস্থাত বিভিন্ন ধৰণৰ সৰবৰ অথবা স্থায়ী অস্থায়ী লক্ষণৰ পথসমূহে পৃথিৱীৰ প্ৰতিটো আবাসিক অৱস্থান আৰু সকলাে ধৰণৰ আর্থিক কাম – কাজৰ এলেকাকে চুই গৈছে । 

( খ ) পথৰ নিৰ্মাণ আৰু মেৰামতিৰ কাৰ্যসমূহ কম খৰচী । 

( গ ) পথৰ ওপৰত চলাচল কৰা ট্রাক , বাছ ৰিক্সা , চাইকেল প্রভৃতি বাহনসমূহাে অতি বেছি দামী নহয় কাৰণে যিকোনাে আর্থিক অৱস্থাৰ ব্যক্তি আৰু ৰাষ্ট্ৰই এই ব্যৱস্থাৰ সুবিধা ল’ব পাৰে । 

( ঘ ) পথ পৰিবহণ ব্যৱস্থাত ব্যৱহাৰ কৰা বাহন সমূহ ৰখাই যাত্রী বা মালবস্তু উঠা-নমা কৰাৰ বাবে অতিৰিক্ত সেৱান্তক সুবিধা বহু সময়ত নহ’লেও চলে । 

পথ পৰিবহণ ব্যৱস্থাৰঅসুবিধাসমূহঃ ( ক ) পথ পৰিবহণৰ মাধ্যমেৰে সৰহীয়াকৈ যাত্রী কঢ়িয়াওতে আৰু অধিক দূৰত্বলৈ সামগ্রী সৰবৰাহ কৰােতে খৰচৰ মাত্রা অত্যাধিক হাৰত বাঢ়ি যায় । 

( খ ) একেটা পথত বিভিন্ন আকৃতি – প্রকৃতিৰ অসংখ্য গাড়ী – মটৰৰ একে সময়তে চলাচল কৰাৰ ফলত ব্যস্ত পথসমূহত দূর্ঘটনাৰ সম্ভাৱনা দিনে দিনে বৃদ্ধি পাই আহিছে । 

৪২। কোনবিলাক কাৰণৰ বাবে প্রাচীন কালৰ পৰা বৰ্তমানলৈকে পথ পৰিবহণ ব্যৱস্থাটোৰ বিকাশ ঘটি সহজলব্ধ আৰু জনপ্রিয় পৰিবহণ ব্যৱস্থা হৈছে ? 

উত্তৰঃ প্রাচীনকালৰ পৰা বৰ্তমানলৈকে পথপৰিবহণ ব্যৱস্থাটো সহজলভ্য আৰু জলপ্রিয় হােৱাৰ কাৰণসমূহ হ’লঃ 

( ক ) পথ পৰিবহণ ব্যৱস্থাত বিভিন্ন ধৰণৰ সৰু বৰ অথবা স্থায়ী অস্থায়ী লক্ষণৰ পথসমূহে পৃথিৱীৰ প্ৰতিটো আবাসিক অৱস্থান আৰু সকলাে ধৰণৰ আর্থিক কাম – কাজৰ এলেকাকে চুই গৈছে । 

( খ ) পথৰ নিৰ্মাণ আৰু মেৰামতিৰ কাৰ্যসমূহ কম খৰচী । 

( গ ) পথৰ ওপৰত চলাচল কৰা ট্রাক , বাছ , ৰিক্সা , চাইকেল প্রভৃতি বাহনসমূহো অতি বেছি দামী নহয় কাৰণে যিকোনাে আর্থিক অৱস্থাৰ ব্যক্তি আৰু ৰাষ্ট্ৰই এই ব্যৱস্থাৰ সুবিধা ল’ব পাৰে । 

( ঘ ) পথ পৰিবহণ ব্যৱস্থাত ব্যৱহাৰ কৰা বাহনসমূহ ৰখাই যাত্রী বা মালবস্তু উঠা-নমা কৰাৰ বাবে অতিৰিক্ত সেৱান্তক সুবিধা বহু সময়ত নহ’লেও চলে । 

( ঙ ) বহু ক্ষেত্ৰত এই পথ পৰিবহণৰ সহায় নােলােৱাকৈ আন কোনাে পৰিবহণ ব্যৱস্থা চলি থাকিব নােৱাৰে । কাৰণ উৎপাদন , বসতি , উদ্যোগ আৰু যিকোনাে ধৰণৰ কর্মস্থলীৰ সৰহভাগ ঠাই কেৱল পথ পৰিবহণেহে চুই যাব পাৰে । 

৪৩। পৃথিৱীৰ ৰেল পৰিবহণ ব্যৱস্থাৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ মহাদেশীয় পৰিসৰত মাটিকালি অনুপাতে ইউৰােপ মহাদেশতেই অধিক ৰেলপথ আছে । মহাদেশ খনৰ সৰ্বমুঠ ৰেলপথৰ দৈর্ঘ্য ৪.৪ লাখ কিলােমিটাৰ । বেলজিয়ামকে ধৰি মহাদেশখনৰ ভালেমান অঞ্চলত ৰেলপথৰ ঘনত্বও প্রতি এশ বর্গকিলােমিটাৰ ভূমিৰ বিপৰীতে ১৫.৩৮ কিলােমিটাৰ পর্যন্ত হােৱা দেখা যায় । সমগ্র ইউৰােপ মহাদেশতে ৰেল পৰিবহণ ব্যৱস্থাত সামগ্রী সৰবৰাহৰ তুলনাত যাত্রী সৰবৰাহৰ প্রতি অধিক মনােনিৱেশ কৰা দেখা যায় । ইউৰােপৰ আনবােৰ দেশৰ লগত ব্যতিক্রমী বুলিব পৰাকৈ ৰাছিয়াৰ ৰেলপথসমূহৰ ওপৰত যাত্রী পৰিবহণৰ সমান্তৰাল ভাৱেই বৃহৎ পৰিমাণৰ দূৰগামী পণ্য সামগ্রীৰ পৰিবহণ কার্যত অগ্রাধিকাৰ দিয়া হয় । এই দেশত লৌহ , আকৰ , খাদ্য – শস্য , কাঠ আৰু যন্ত্রপাতি প্রভৃতি দ্রব্যসমূহ সহকার্য প্রধানভাৱে ৰেলকেন্দ্রিক । 

উত্তৰ আমেৰিকা মহাদেশৰ ৰেল পৰিবহণ পৰিক্ৰমাটো অধিক মাত্ৰাত মাল পবিহণকেন্দ্রীক । ইয়াৰে কনাডাত মহাদেশখনৰ ভিতৰতে ৰেলপথৰ ঘনত্ব সর্বাধিক কানাডাৰ ৰেল পৰিবহণ পৰিক্ৰমাটো ভাৰতৰ অনুৰূপ ৰাজহুৱা খণ্ডৰ উদ্যোগ । ঘাইকৈ দেশখনৰ বিৰল বসতিৰ এলেকাসমূহৰ মাজেৰে আগুৱাই যােৱা এইসমূহ ৰেলপথেৰে কয়লা আৰু ঘেঁহু সৰবৰাহ কৰা হয় । দক্ষিণ আমেৰিকা মহাদেশৰ পাম্পাছ অঞ্চলৰ লগতে ব্রাজিলৰ কফি খেতিৰ অঞ্চলসমূহৰ মাজত মহাদেশখনৰ ৪০ শতাংশ ৰেলপথ সিচৰিত হৈ আছে । 

পৃথিৱীৰ দ্বিতীয় বৃহৎ মহাদেশ আফ্রিকাত সৰ্বমুঠ ৪০,০০০ কিলােমিটাৰ ৰেলপথহে পোৱা যায় । ইয়াৰ ভিতৰতে দক্ষিণ আফ্রিকাৰ সােণ , হীৰা , আৰু তামৰ খনিসমূহক সংযােগ কৰা ৰেলপথৰ মুঠ দৈর্ঘ্যই হৈছে ১৮,০০০ কিলােমিটাৰ । 

এছিয়া মহাদেশৰ চীন , জাপান , ভাৰত , বাংলাদেশ প্রভৃতি দেশসমূহত ৰেলপথৰ ঘন জালিকা পোৱা যায় । পাকিস্তান , ম্যানমাৰ , আফগানিস্তান , শ্রীলংকা , মধ্য প্রাচ্যৰ দেশসমূহ আৰু মহাদেশীয় এক্ষিণ – পূৱ এছিয়া আৰু এছিয়াৰ অন্তৰ্গত ৰাছিয়াৰ ভূ – ভাগত কম – বেছি পৰিমাণে ৰেল পৰিবহণৰ প্রচলন দেখা যায় । এই সমূহ দেশৰ ভিতৰত চীন আৰু ভাৰতৰ বাবে ৰেল পৰিবহণ হৈছে একেধাৰে যাত্ৰী , সামগ্ৰী আৰু সামৰিক পৰিবহণৰ মাধ্যম । জাপানৰ অতি বেগী ৰেলসমূহ যাত্ৰী পৰিবহণৰ শক্তিশালী মাধ্যম । বাংলাদেশ , শ্রীলংকা , ম্যানমাৰ আৰু পাকিস্তানৰ ৰেল সৰিবহণ প্রণালীসমূহ আশানুৰূপ সবল অথবা আধুনিক নহয় যদিও কম – বেছি পৰিমাণে ভাৰতীয় আৰ্হিপুষ্ট । 

৩৫। পৃথিৱীৰ বিভিন্ন সাগৰীয় পথসমূহৰ মূখ্য বৈশিষ্ট্যসমূহ আলােচনা কৰা । 

উত্তৰঃ বিশ্বৰ প্ৰধান সাগৰীয় পথসমূহৰ বৈশিষ্ট্যসমূহ তলত আলােচনা কৰা হ’লঃ 

( ক ) উত্তৰ আটলান্টিক সমুদ্র পথ :- এই সমুদ্র পথটো বিশ্বৰ ভিতৰতে ব্যস্ততম বাণিজ্যিক পথৰূপে বিবেচিত । কাৰণ , এইটো সমুদ্রপথে পশ্চিম ইউৰােপৰ উদ্যোগ প্রধান দেশসমূহত অবস্থিত গ্লাচগ ’ , লিভাৰপুল , মানচেষ্টাৰ , ছাউথাম্পটন , লণ্ডন , লিচবন , লেনিনগ্রেড , হামবার্গ , আমষ্টাৰডাম , ব্রাডেক্স প্রভৃতি বন্দৰ সমূহক উত্তৰ আমেৰিকাৰ ছেন্টজন । হালিফক্স , ব’ষ্টন , ‘ নউয়ক , ব্লাটিমােৰ , উইলিংটন প্রভৃতি কৃষিজাত , খনিজাত আৰু শিল্পজাত দ্রব্যৰে সমৃদ্ধ পশ্চাদভূমিৰ বহুসংখ্যক বন্দৰৰ সৈতে পােনপটীয়াকৈ সংযােগ কৰিছে । 

( খ ) ভূমধ্য সাগৰীয় চুৱেজ এছিয়াগামী পথঃ বিশ্বৰ প্ৰায় আশী শতাংশ লােকৰ বাসভূমি তথা প্ৰাগ ঐতিহাসিক যুগৰ পৰা নিৰৱিছিন্ন ভাৱে প্ৰৱাহিত মানৱ সভ্যতাৰ বাহক দেশসমূহক এই সমুদ্র পথটোৱে সংযােগ কৰিছে । এথেন্স , আলেক জেন্দ্রিয়া , এডেন , কৰাচী , মুম্বাই , কলম্বাে , ইংগাপুৰ , হংকং , চাংহাই , য়াকোহামা আৰু ব্লাডিভষ্টক এই ভূমধ্য সাগৰীয় চুৱেজ এছিয়াগামী প্ৰথৰ উল্লেখযােগ্য বন্দৰ । পাশ্চাত্য আৰু সুদূৰ প্ৰাচ্য সংযােগী এইটো সমুদ্র পথে সমগ্র পুৰণি পৃথিৱীক এক অবিচ্ছেদ্য আর্থ – সামাজিক মণ্ডলৰূপে বান্ধি ৰাখিছে । 

( গ ) অন্তৰীপ পথঃ চুৱেজ খাল মুকলি হােৱাৰ আগলৈকে এই উত্তৰমাশা অন্তৰীপ পথেই বাচ্য – পাশ্চাত্য সংযােগী একমাত্র সমুদ্রপথ আছিল । অষ্ট্রেলিয়াৰ ছিডনি , মেলবর্ণ প্রভৃতি বন্দৰ সমূহৰ লগত নিউজিলেণ্ড উপকূল আৰু ইউৰােপীয় দেশসমূহৰ মাজৰ বাণিজ্যিক পৰিবহণ উদ্দেশ্যে এতিয়াও চুৱেজখাল পথতকৈ অধিক সুবিধাজনক বিবেচিত হৈ আছে । অষ্ট্রেলিয় সুদূৰ প্ৰাচ্য অথবা ভাৰত উপমহাদেশ আৰু পশ্চিম ইউৰােপৰ মাজত যাতায়াত কৰা বৃহ পৰিমাণৰ বােজাবাহী ডাঙৰ জাহাজবােৰ সংকীর্ণ খাল পথেৰে অহা যােৱা কৰা সম্ভৱ নহয় সেয়েহে এনে ক্ষেত্ৰত এই অন্তৰীপ পথেই সুবিধাজনক হয় । 

( ঘ ) দক্ষিণ আটলান্টিক পথঃ এই পথে সংযােগ কৰা আফ্রিকা আৰু দক্ষিণ আমেৰিকা কোনােটো ভূখণ্ডই জলবহুল অথবা উল্লেখযােগ্যভাৱে সম্পদ সমৃদ্ধ নােহােৱা বাবে এই সমুদ্ৰ পথত যাতায়াতৰ পৰিমাণ নিচেই সীমিত । 

( ঙ ) উত্তৰ প্রশান্ত মহাসাগৰীয় পথ :- এই পথে উত্তৰ আমেৰিকাৰ পশ্চিম উপকূল অৱস্থিত ৱেংকুৰ , চিট’ল , প’ৰ্টলেণ্ড , ছ – ফ্রান্সিক্স ’ , লছ এঞ্জেলচ প্রভৃতি বন্দৰ সমূহক পূৱ এছিয়াৰ য়াকোহামা , কোবে , ছাংহাই , হংকং , মেনিলা , ছিংগাপুৰ প্রভৃতি বন্দৰ সমূহৰ লগত সংযােগ কৰে ।

( চ ) দক্ষিণ প্রশান্ত মহাসাগৰীয় পথ :- এই পথত ন্ত্রত পানামা খালৰ মাজেৰে উত্তৰ আমেৰিকাৰ পূব উপকূল আৰু পশ্চিম ইউৰােপৰ বন্দৰ সমূহক প্রশান্ত মহাসাগৰৰ দক্ষিণ এলেকাৰে অষ্ট্রেলিয়া , নিউজিলেণ্ড আৰু প্রশান্ত মহাসাগৰীয় সৰু সৰু দ্বীপ – দ্বীপপুঞ্জৰ লগ সংযােগ কৰিছে । হংকং, ফিলিপাইন আৰু ইণ্ডোনেছিয়াৰ লগত পানামা খালেৰে আটলান্টি উপকূলক সংযােগ কৰাৰ ক্ষেত্ৰত এইটো পথ অন্তৰীপ পথৰ বিকল্প যেন হৈ উঠে । 

৩৬। আভ্যন্তৰীণ জল পৰিবহণৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ নদ – নদী , হ্রদ আদি প্রাকৃতিক জলাশয় সমূহৰ উপৰিও মানুহে খান্দি উলিওৱ খালসমূহৰ জলপৃষ্ঠ নাও , জাহাজ আদি চলাচলৰ বাবে ব্যৱহাৰ কৰা হয় । স্থলভাগৰ মাজত অৱস্থিত এনেবােৰ জলাশয়ক আশ্রয় কৰি গঢ়ি উঠা জল পৰিবহণ ব্যৱস্থাক আভ্যন্তৰীণ জল পৰিবহণ বুলি কোৱা হয় । আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাক সামৰি লােৱা হ্রদ অঞ্চল নামে প্রখ্যাত চুপিৰিয়ৰ , মিচিগান , হিউন , ইৰি আৰু ওন্টেৰিও প্রভৃতি পৰস্পৰ সংযুক্ত সুবৃহৎ , হ্রদ সমূহক কেন্দ্ৰ কৰি উত্তৰ – পূৱে ছেন্ট লেৰেন্স নদীয়েদি আটলান্টিক লৈকে আৰু দক্ষিণে ইলিনইজ খালেৰে মিছিছিপি নদীৰ নিম্ন ভাগকলৈ মেক্সিকো উপসাগৰলৈকে ধাৰাবাহিক ভাবে কিছুমান জলাশয় আছে । 

এই জলাশয় সমূহক আশ্রয় কৰি সমগ্ৰ উত্তৰ আমেৰিকা মহাদেশত মুঠতে ১৯,২০০ কিলােমিটাৰ আভ্যন্তৰীণ জলপথ সৃষ্টি হৈছে । এই জলপথ ব্যৱস্থাটোকে বর্তমান পৃথিৱীৰ একমাত্র সুবিধাজনক আভ্যন্তৰীণ জল – পৰিবহণ ব্যৱস্থা বুলি ক’ব পাৰি । আমাজান , গংগা , ব্রহ্মপুত্র নিম্নগতি অঞ্চল , ইৰাৱতী নদী প্রভৃতি নদ-নদী সমূহক কেন্দ্ৰ কৰি আভ্যন্তৰীণ দল পৰিবহণ ব্যৱস্থা এতিয়াও বহুতাে অঞ্চলত বর্তি আছে যদিও দেখা যায় যে বিশ্বৰ প্রায় তিটো অঞ্চলতে স্থল পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ লগে লগে সেইবােৰ অঞ্চলত আগৰে পৰা হাল থকা আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা ক্রমান্বয়ে দুর্বল হৈ পৰিছে । অতিপাত মন্থৰ প্ৰতি সকলাে ধৰণৰ যাতায়াতৰ সম্ভাৱনা থকা ঠাইবােৰ স্পৰ্শ কৰাৰ অক্ষমতা আৰু সেৱান্তক কাম – কাজ পৰিচালনা কৰাৰ খৰচ অতি মাত্রা হােৱাটোৱেই এই পৰিবহণ ব্যৱস্থাৰ অনগ্ৰসৰতাৰ ঘাই কাৰণ ।

৩৭। উপগ্রহ যােগাযােগ ব্যৱস্থাই যােগাযােগৰ ক্ষেত্ৰখনত কিদৰে বৈপ্লৱিক পৰিৱৰ্তন আনিছে আলােচনা কৰা । 

উত্তৰঃ পৃথিৱীৰ অতি কমেও ১০০ কোটি লােকেই বর্তমান সময়ত যােগাযােগ সেৱাৰ ক্ষত্ৰত উপগ্রহ পৰিচালিত ইণ্টাৰনেট ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে । আকাশত নিক্ষেপ কৰা কৃত্রিম উপগ্রহ সমূহত তথ্যৰ গ্ৰাহক আৰু প্ৰতিফলক যন্ত্র সংস্থাপন কৰি এই কাম অতি কম খৰচতে সহজে সমাধান কৰা হয় । উপগ্রহ যােগাযােগ ব্যৱস্থাৰ সহায়ত অনাতাৰ , দূৰভাষ , দূৰদর্শন , ইণ্টাৰনেট প্রভৃতি মাধ্যমসমূহৰ যােগেদি বার্তা , তথ্য , অনুভূতি প্রভৃতি যিকোনাে ধৰণৰ ভাৱকে শব্দ , চিত্র প্রভৃতিৰ মাধ্যমত প্ৰেৰক সকলে সুনির্দিষ্ট গ্রাহকক উদ্দেশ্য কৰি প্রেৰণ কৰিব পাৰে । এনেবােৰ পদ্ধতিৰ যােগাযােগত দূৰত্ব অতিক্রম কৰাৰ কাৰণে কোনাে ধৰণৰ সময়ৰ প্ৰয়ােজন নহয় । প্রেৰক যন্ত্রই প্রেৰণ কৰা চিত্র , শব্দ , বর্ণ প্রভৃতি সংকেত সমূহ তৎমহুর্ততে সুনির্দিষ্ট গ্রাহক যন্ত্রৰ যোগদি যথাযথ ৰূপত প্রকৃত গ্রাহকজনে লাভ কৰিব পাৰে । 

৩৮৷ উত্তৰ আটলান্টিক সমুদ্রপথৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ পৃথিৱীৰ সকলোবােৰ সমুদ্রপথৰ ভিতৰত উত্তৰ আটলান্টিক সমুদ্র পথটোৱেই হৈছে ব্যস্ততম বাণিজ্যিক পথৰূপে বিবেচিত । কাৰণ , এইটো সমুদ্র পথে পশ্চিম ইউৰোপৰ উদ্যোগ প্রধান দেশসমূহত অৱস্থিত গ্লাচগ ’ , লিভাৰপুল , মানচেণ্টাৰ , চাউথাম্পটন , লণ্ডন , লিচবন , লেনিনগ্রেড , হামবার্গ , আমষ্টাৰডাম , ব্রডেক্স প্রভৃতি বন্দৰ সমূহক উত্তৰ আমেৰিকাৰ ছেণ্টজন , হালিফক্স , কেষ্ট , নিউয়র্ক , ক্লটিমােৰ , উইলিংটন প্রভৃতি কৃষিজাত , খনিজাত আৰু শিল্পজাত দ্রব্যৰে সমৃদ্ধ পশ্চাদ ভূমিৰ বহু সংখ্যক বন্দৰৰ সৈতে পােনপটীয়াকৈ সংযােগ কৰিছে । সেয়েহে , এইটো সমুদ্রপথৰ ওপৰত যাতায়ত কৰা মুঠ বৈদেশিক বাণিজ্যৰ পৰিমাণ আন যিকোনো বাণিজ্য পথৰ তুলনাত বহুত বেছি । পৃথিৱীৰ মুঠ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ অতি কমেও এক চতুর্থাংশ সামগ্ৰীৰ এই সমুদ্র পথেৰে সৰবৰাহ ঘটে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top