Class 12 Geography Unit 6 দ্বিতীয়ক খণ্ডৰ বৃত্তি

Class 12 Geography Unit 6 দ্বিতীয়ক খণ্ডৰ বৃত্তি The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 6 দ্বিতীয়ক খণ্ডৰ বৃত্তি and select needs one.

Class 12 Geography Unit 6 দ্বিতীয়ক খণ্ডৰ বৃত্তি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 6 দ্বিতীয়ক খণ্ডৰ বৃত্তি Solutions for All Subject, You can practice these here…

২৫। পৃথিৱীৰ লাে – তীখা উদ্যোগ সম্পর্কে এটি টোকা লিখা । 

উত্তৰঃ আজিৰ এই যান্ত্রিক যুগত লাে – তীখা উদ্যোগ হৈছে আটাইতকৈ গুৰুত্বপূর্ণ । যন্ত্রপাতি , কল কাৰখানা , ঘৰ – দুৱাৰ , দলং , গাড়ী , ঘৰুৱা সামগ্রী আদি সকলােতে লাে – তীখা ব্যৱহাৰ কৰা হয় । এই শিল্প এখন দেশৰ উন্নতি আৰু সভ্যতাৰ মাপকাঠি । আকৰিক লাে আৰু চূণশিল এই উদ্যোগৰ প্ৰধান কেঁচামাল আৰু কয়লা ইয়াৰ প্ৰধান শক্তিৰ উৎস । 

তলত পৃথিৱীৰ প্ৰধান লাে – তীখা উৎপাদন কাৰী দেশসমূহৰ বিষয়ে বর্ণনা কৰা হলঃ 

ৰাছিয়া পৃথিৱীৰ সৰ্বাধিক লাে – তীখা উৎপাদনকাৰী দেশ । দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰা এই দেশত লাে – তীখা উদ্যোগৰ সম্প্ৰসাৰণ দ্রুত গতিত হৈছে । ইউক্রেইন আৰু ডনেটজ উপত্যকাৰ আশে – পাশে থকা ডনেৎস্ক , মেকিভকা, ক্রামার্টস্ক , ভৰছিলভগ্রেডত লাে – তীখা উদ্যোগবােৰ গঢ়ি উঠিছে । মস্কো অঞ্চলত তুলা , লিপেৎস্ক আৰু গৰ্কী প্রধান লাে – তীখা কেন্দ্র । এইবােৰ কেন্দ্ৰত ডনেৎজ উপত্যকাৰ কয়লা , স্থানীয় আকৰিক লােৰ লগতে ইউক্রেইন আৰু ইউৰাইল অঞ্চলৰ আকৰিক লাে ব্যৱহৃত হয় । 

আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ দ্বিতীয় প্রধান লাে – তীখা উৎপাদনকাৰী দেশ । ইয়াত সর্বপ্রথমে আটলান্টিক মহাসাগৰীয় উপকূলৰ মেৰিলেণ্ড আৰু পেনচিলভেনিয়াত এই শিল্পৰ আৰম্ভণি হয় । পিটছবার্গ অঞ্চল লাে – তীখাৰ প্রধান কেন্দ্র । চুপিৰিয়ৰ হ্রদ অঞ্চলৰ মেচাবি পাহাৰৰ লাে খনিৰ পৰা আহৰণ কৰা আকৰিক লােৰে এই অঞ্চলৰ লাে – তীখা উদ্যোগসমূহ পৰিচালিত হয়। ইৰি হ্রদৰ পাৰত বাফেল ’ ক্লিভলেণ্ড , মিচিগান হ্ৰদৰ দক্ষিণ পাৰত চিকাগাে , গেৰি , চেন্টলুইচ আৰু চুপিৰিয়ৰ হ্ৰদৰ কাষত থকা ডুলুথ প্রধান লাে – তীখাৰ কেন্দ্র । কেঁচামালৰ সুবিধা আৰু উন্নত যাতায়াত ব্যৱস্থাৰ বাবে এই অঞ্চলত যুক্তৰাষ্ট্রৰ শতকৰা ৩৪ ভাগ লাে উৎপাদিত হয় । 

গ্রেটব্রিটেইনৰ নর্থহাম্বাৰলেণ্ড আৰু ডাৰহামত লাে – তীখা উৎপাদন যথেষ্ট পৰিমাণে হয় । ডাৰহামৰ কয়লা , মধ্য অংশৰ আকৰিক লাে আৰু পেনাইন পর্বত চূণশিল এই তিনিটা ওচৰা ওচৰিকৈ পােৱা যায় বাবে পৰিবহণ ব্যয় কম হয় । গ্রেটব্রিটেইনৰ ব্রেককান্ট্রি অঞ্চলৰ বার্মিংহাম , কভেন্ট্রি , ভাডলে , ৰেডডিছ আদি প্রধান লাে – তীখা কেন্দ্র ।

ইউৰোপৰ জার্মানী আন এখন লাে – তীখা উৎপাদনকাৰী দেশ । এই দেশৰ ৰাইনৰ উপনদী কঢ় নৈৰ উপত্যকা পৃথিৱীৰ এক শ্রেষ্ঠ তীখা উৎপাদনকাৰী অঞ্চল । ৰুঢ় নৈৰ দুয়ােপাৰে প্রায় ৮০ কিল’মিটাৰ ঠাই জুৰি ইচেন দুচেলডর্ফ । বচাম , ডর্টমুণ্ড , চলিনগেন , ক্রেফেল্ড , ডুইচবাৰ্গ আদি প্রধান লাে – তীখা কেন্দ্ৰবােৰ বিস্তৃত হৈ আছে । ৰুঢ় উপত্যকাত উচ্চ মান বিশিষ্ট কয়লা খনি আছে , তদুপৰি জল পৰিবহণৰ আৰু ৰেল পৰিবহণৰ সুবিধায় এই উদ্যোগৰ অগ্রগতি অৰিহণা যােগাইছে । 

চীন দেশত প্ৰচুৰ আকৰিক লো আৰু কয়লা খনি আছে । আনপিন অঞ্চল, ছানছি ইয়াংছুৱান , ইয়াংছি উপত্যকাৰ হাস্কাও ইউহান , পিকিঙৰ , টাইখুৱান চীনৰ প্ৰধান লাে – তীখা কেন্দ্র । 

জাপানৰ নিজা কয়লা নাই আৰু আকৰিক লােৰ পৰিমাণ কম বাবে ব্রাজিল , ভাৰত ফিলিপাইন , মাঞ্চুৰিয়া আদিৰ পৰা আকৰিক লাে আৰু চীন , কোৰিয়া , অষ্ট্রেলিয়া আদিৰ পৰা কয়লা আমদানি কৰি এই দেশে লাে – তীখা উদ্যোগ স্থাপন কৰিছে । ইয়াৰ উত্তৰ কিউছুৰ আৱাটাত স্থাপিত লােৰ কাৰখানা প্রসিদ্ধ । ইয়াক প্ৰাচ্যৰ পিটছবার্গ বুলিও কোৱা হয় । 

ভাৰতবৰ্ষত লাে – তীখা উদ্যোগৰ বাবে কেঁচা সামগ্রী আকৰিক লাে যথেষ্ট পৰিমাণে পোৱা যায় । কয়লা , চূণশিল , ডল’মাইট , মেংগানিজ আদি লাে – তীখা উদ্যোগৰ বাবে লাগতিয়ান সামগ্ৰীৰ উৎপাদনত ভাৰতবর্ষ আত্ম নিৰ্ভৰশীল যদিও লাে – তীখা উৎপাদনত বিশেষ আগবাঢ়ি পৰা নাই । ভাৰতৰ পূব উপকূলীয় অৱস্থানসহ দাক্ষিণাত্য মালভূমি অঞ্চলত সৰ্বমুঠ ১০ টা লাে – তীখা উদ্যোগৰ প্ৰধান গােট সিচৰিত অৱস্থাত পােৱা যায় । জামছেদপুৰ , দুর্গাপুৰ , ৰুৰেকেল্লা ভিলাই , বােকাৰৰ আদি প্রধান লাে – তীখা কেন্দ্র । 

২৬৷ বেছিভাগ ৰাষ্ট্ৰতে সৰহ সংখ্যক উচ্চ প্রযুক্তিৰ উদ্যোগেই প্রধান মহানগৰীয়া কেন্দ্রস্থলৰ উপকণ্ঠ অঞ্চলত স্থাপন কৰা হয় কিয় ? 

উত্তৰঃ উচ্চ প্রযুক্তিৰ উদ্যোগৰ চৌহদত বহুস্তৰীয় ঘন ফেক্টৰী , গুদান ঘৰ অথবা পৰিচালন কক্ষৰ ঠুহা মৰা পৰিৱেশৰ সলনি সেৰেঙা আৰু পৰি পাটিকৈ সজোৱা অত্যাধুনিক আৰ্হি প্রয়ােগশালা , কার্যালয় আৰু উৎপাদন গােটসমূহৰ নিৰিবিলি পৰিৱেশ এটাহে পােৱা যায় । এনেবােৰ চৌহদৰ ভিতৰত খান পানৰ আটকধুনীয়া ব্যৱস্থাৰ লগতে দুই একোখন উদ্যান গঢ় লােৱাও দেখা যায় । তদুপৰি বহুতাে উদ্যোগৰ উৎপাদন গােটসমূহত পােৱা উষ্ণ , ঈষৎ আলােকিত শ্বাসৰুদ্ধ আৱহাৱাৰ সলনি উচ্চ প্রযুক্তি উদ্যোগৰ প্রায় সকলােবােৰ ভৱনেই বাতানুকূলিত হয় । 

আত্মনিৰ্ভৰশীল পৰিসৰত গঢ়ি উঠা বিশেষীকৃত দ্রব্য উৎপাদনকাৰী এই উদ্যোগসমূহে একোটা বৃহৎ এলেকাজুৰি বিস্তৃত হৈ থকা দেখা যায় । সেইবাবেই এই উদ্যোগসমূহ প্রধান চহৰ সমূহৰ কেন্দ্রস্থলৰ বিপৰীতে উপকণ্ঠ অঞ্চলত গঢ়ি উঠা দেখা যায় ।

২৭। অত্যাধুনিক নির্মাণউদ্যোগৰ বৈশিষ্ট্যসমূহৰ এটা টোকা লিখা । 

উত্তৰঃ ( ক ) বিশিষ্ট নৈপুণ্যৰ প্ৰয়ােগঃ আধুনিক যুগৰ বৃহৎ উদ্যোগসমূহত উৎপাদিত দ্ৰব্যৰ বিভিন্ন অংশসমূহ উদ্যোগটোৰ বিভিন্ন গােটত পৃথকভাৱে প্রস্থত কৰা হয় । তাৰ পিছত অন্য এটা গােটত এনেবােৰ অংশক সুসংঘৱদ্ধ কৰি একোটা শ্ৰেণীৰ পৰিসজ্জিত দ্রব্য প্রস্তুত কৰা হয় । 

( খ ) যান্ত্রিকীকৰণঃ আধুনিক বৃহৎ উদ্যোগসমূহত উৎপাদন প্রক্রিয়া পৰিচালনাকাৰী , শ্ৰমিকসকলে উৎপাদিত দ্ৰৱ্যৰ পৰিমাণ অথবা গুণগত মানৱ গতিধাৰা যান্ত্রিক পদ্ধতিৰেহে নিয়ন্ত্রণ কৰা দেখা যায় । উৎপাদন গােটৰ লগত কম্পিউটাৰৰ সহায়ত সচৰাচৰ এই কাম সমাধা কৰা হয় । 

( গ ) কাৰিকৰী নতুনত্ব :- আধুনিক যুগৰ বৃহৎ উদ্যোগত উৎপাদনৰ মানদণ্ড ক্রমে উন্নত কৰি নিয়াৰ লগতে উৎপাদন ব্যয় পাৰ্যমানে হ্ৰাস কৰি লাভৰ পৰিমাণ বৃদ্ধি কৰাৰ উদ্দেশ্য সৰহভাৱে এলানি গৱেষণা কার্য অব্যাহত ৰখা হয় । 

( ঘ ) বহুস্তৰীয় সাংগঠনিক সংৰচনা :- আধুনিক কলাৰ উদ্যোগসমূহৰ বেছিভাগ কামেই নবল অথবা পেশী বলৰ পৰিৱর্তে যান্ত্রিক বলৰ দ্বাৰা পৰিচালিত । তদুপৰি অতিমাত্রা শ্রম বিভাজন ভিত্তিক শ্ৰমৰ বিশেষীকৰণ ,কাৰ্যৰ সহায়ত এনেবােৰ উদ্যোগত তুলনামূলকভাৱে কম কষ্টৰ বিনিময়ত সীমিত খৰচত অধিক পৰিমাণৰ উৎপাদন সম্ভৱ হয় । এনে উদ্যোগৰ তিষ্ঠা আৰু পৰিচালনা কার্যত বৃহৎ পৰিমাণৰ যান্ত্রিক আৰু অর্থকাৰী মূলধনৰ বিনিযােগ অপৰিহার্য । 

( ঙ ) বিষম ভৌগােলিক বিস্তাৰ :- পৃথিৱীৰ প্রায়বােৰ বৃহৎ উদ্যোগৰ ক্ষেত্ৰসমূহ মুঠ স্থলভাগৰ দহ শতাংশ এলেকাতে সীমাৱদ্ধ হৈ আছে । বাস্তৱ ক্ষেত্ৰত পৃথিৱীৰ এনেবােৰ বৃহৎ উদ্যোগিক প্ৰকল্প ৰাজনৈতিক তথা অর্থনৈতিকভাৱে শীর্ষ স্থানীয় ৰাষ্ট্রসমূহতে সীমাবদ্ধ বুলিব পৰি । ইয়াৰ কাৰণ—

১/ বজাৰৰ সান্নিধ্য :- উপযুক্ত পৰিসৰৰ বজাৰৰ অবিহনে বৃহৎ উদ্যোগ এটাৰ পক্ষে বৃহৎ পৰিমাণৰ উৎপাদন ব্যয়বহুল প্রক্রিয়া এটা চলাই ৰখা কোনােপধ্যে সম্ভৱ নহয় । সেয়েহে , উদ্যোগ ক্ষেত্ৰৰ লগত পােনপটীয়া সম্পর্ক থকা একোখন বজাৰেহে বৃহৎ উদ্যোগ একোটা প্রতিষ্ঠা আৰু কৰ্ম – সম্পাদনত সর্বাধিক প্ৰভাৱ পেলায় । 

২/ কেঁচামালৰ সান্নিধ্যঃ বৃহৎ উদ্যোগ একোটাত ব্যৱহৃতে কেঁচামালসমূহ কমদামী হােৱা উপৰি এনেবােৰ কেঁচামাল সহজ আৰু নিয়মীয়াভাৱে উৎস অৱস্থানৰ পৰা উদ্যোগ ক্ষেত্ৰলৈ পৰিবহণক্ষম হ’লেহেউদ্যোগটো কার্যক্ষম হৈ থাকিব পাৰে । 

৩/ শ্ৰমিকৰ যােগানঃ বহু সময়ত উপযুক্ত জোখৰ শ্ৰমিকৰ যােগান উদ্যোগ প্রতিষ্ঠাৰ সহায়ৰ হৈ উঠে । উদ্যোগৰ ধৰণ কৰণ অনুসৰি কিছুমান ক্ষেত্ৰত উচ্চ প্রশিক্ষিত কমসংখ্যক কম আৰু আন কিছুক্ষেত্ৰত বৃহৎসংখ্যক নিম্ন প্রশিক্ষিত সস্তীয়া শ্ৰমিকৰ প্ৰয়ােজন হয় । 

৪/ শক্তিৰ উৎস :- লাে – তীখা , এলুমিনিয়াম প্রভৃতি ধাতুভিত্তিক গুৰু উদ্যোগসমূহত সকলােধৰণৰ কাম – কাজত বৃহৎ পৰিমাণৰ শক্তিৰ সহায়তহে পৰিচালনা কৰিব পাৰি । সেয়েহে শক্তি সম্পদৰ উল্লেখযােগ্য উৎসৰ পৰা নীতিদূৰৰ অৱস্থানতহে এনে উদ্যোগ গঢ় লৈ উঠে । 

৫/ যাতায়াত আৰু যােগাযােগঃ গুৰু উদ্যোগ এটালৈ প্রয়ােজনীয় বৃহৎ পৰিমাণৰ কেঁচামাল আৰু ইয়াত উৎপাদিত বৃহৎ মাত্রাৰ পৰিসজ্জিত সামগ্ৰীসমূহে বজাৰ অভিমূখে সৰবৰাহ কৰাৰ উপৰি উদ্যোগস্থলীলৈ প্রয়ােজন সাপেক্ষে ভিন্ ভিন্ স্থানৰ পৰা যন্ত্রপাতি , শ্রমিক আৰু ইন্ধন সৰবৰাহৰ উদ্দেশ্যে ক্ষিপ্র তথা সুদক্ষ পৰিবহণ ব্যৱস্থা নিতান্ত অপৰিহার্য । 

৬/ চৰকাৰী নীতিঃ একোখন ৰাষ্ট্ৰৰ চৰকাৰে ৰাষ্ট্ৰখনৰ সামগ্রিক উন্নয়ন লক্ষ্যৰে ৰাষ্ট্ৰীয় অথবা আঞ্চলিক পৰিসৰত সময়ে সময়ে কিছুমান উদ্যোগ নীতি গ্রহণ কৰা দেখা যায় । ইয়াৰ ফলস্বৰূপে কিছুমান অঞ্চলত কিছুমান বিশেষ শ্রেণীভুক্ত উদ্যোগ গঢ় লােৱাত একোলনি সমস্যাৰ সৃষ্টি হয় । 

৭/ ঔদ্যোগিক পুঞ্জীভবনঃ ভিন্ন লক্ষণৰ ভালেমান উদ্যোগ ওচৰা – ওচৰিকৈ গঢ়ি উঠা অৱস্থানত মূল উদ্যোগ একোটাৰ প্ৰত্যক্ষ অথবা পৰােক্ষ পৃষ্ঠপােষকতাত আন কিছুমান আপেক্ষিক ক্ষুদ্ৰ উদ্যোগ গঢ়ি উঠে । 

২৮। কষি ব্যৱসায় বুলিলে কি বুজা ? 

উত্তৰঃ কৃষিক যেতিয়া ব্যৱসায় হিচাপে লৈ বিস্তৃত আকাৰত কৰা হয় তেতিয়া তাক কৃষি বসায় বােলে । আন উদ্যোগৰ দৰে ইয়াকো উদ্যোগিক ভিত্তিত কৰা হয় । উদাহৰণস্বৰূপে চাহ যাপন উদ্যোগ , কফি ৰােপন আদি ( এই কৃষি ব্যৱসায়ত বিনিয়োগকাৰীৰে তেওঁলােকৰ লধন বিনিয়ােগ কৰে , অসংখ্য শ্রমিক জড়িত থাকে আৰু উৎপাদিত সামগ্রীসমূহ বজাৰলৈ লৈ যােৱা হয় । ইয়াৰ কৃষি ক্ষেত্ৰবােৰ আকাৰত ডাঙৰ হােৱাৰ লগতে এইবােৰ যন্ত্রচালিত আৰু উচ্চ গঠন সম্পন্ন হয় । ) 

২৯। মুক্ত উদ্যোগৰ বিষয়ে এটি ব্যাখ্যামূলক টোকা লিখা । 

উত্তৰঃ আমি উদ্যোগক বিভিন্ন ধৰণে বিভক্ত কৰিব পাৰাে । উদাহৰণস্বৰূপে আকাৰ হিচাপে , ব্যৱহাৰ হােৱা দ্ৰব্যৰ ভিত্তিত , উৎপাদনৰ ভিত্তিত , মালিকীস্বত্বৰ ভিত্তিত , কেচাসামগ্ৰীৰ ভত্তিত আদি ধৰণে । তাৰে মাজৰে এটা ভাগ হ’ল মুক্ত উদ্যোগ । যিবােৰ উদ্যোগৰ উৎপাদিত মগ্ৰীৰ বজাৰ দেশৰ ভিতৰতে সীমাৱদ্ধ , তাকে মুক্ত উদ্যোগ বােলে । এই উদ্যোগৰ সমগ্ৰী দেশলৈ নাযায় আৰু ইয়াৰ মালিকীস্বত্বও দেশৰ ভিতৰতে থাকে । 

৩০। বিপুল প্রাকৃতিক সম্পদ থকা সত্বেও আফ্রিকা ঔদ্যোগিকভাৱে পিছপৰা কিয় ব্যাখ্যা কৰা । 

উত্তৰঃ আমি জানো যে উদ্যোগ এটা স্থাপনৰ বাবে প্রাকৃতিক সম্পদৰ লগতে কেইবাটাও কাৰকৰ প্ৰয়ােজন হয় । সেইবােৰ হ’ল বজাৰ , বিজ্ঞান – প্রযুক্তি বিদ্যাৰ উন্নয়ন , শ্রমিক , শক্তি , পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা , চৰকাৰৰ নীতি আদি । আফ্রিকাত বহুতাে আপুৰুগীয়া সম্পদ সিংহ , গড় , জেব্রা , নান ধৰণৰ উদ্ভিদৰ লগতে সােণ , ৰূপ , দস্তা , তাম , ৰেডিয়াম , ফছফেট আদি পাৱা যায় । কিন্তু ইয়াৰ ভৌগােলিক পৰিৱেশ উদ্যোগ স্থাপনৰ বাবে সুবিধাজনক নহয় । অধিকতৰ অঞ্চল হাবি – বননি , পাহাৰে আৱৰা হােৱা বাবে পৰিৱহন আৰু যােগাযােগ ব্যৱস্থা সকলাে অঞ্চলতে সুচল নহয় । আফ্রিকা এখন অনুন্নত দেশ হােৱা বাবে দেশখনৰ প্ৰযুক্তিবিদ্যাইও যথেষ্ট উন্নয়ন লাভ কৰিব পৰা নাই । অধিকতৰ অঞ্চল এতিয়াও শিক্ষাৰ পােহৰৰ পৰা বঞ্চিত । প্ৰাকৃতিক দুর্যোগ , দুর্ভিক্ষৰে দেশখন যথেষ্ট জুৰুলা । এনে সমস্যা সমাধানৰ জৰ্জৰিত হৈ থকা ৰকাৰ এখনৰ বাবে উদ্যোগ স্থাপনৰ চিন্তা বহু নিলগত । বিনিয়ােগকাৰীসকলে বিনিয়োগৰ বাবে ইচ্ছুক নহয় । ইয়াৰােপৰি দেশখনৰ জলবায়ু অতি উষ্ণ । এনে জলবায়ুৰ দেশৰ লােকসকল অধিকতৰ ৰােগাকান্ত হােৱা দেখা যায় । এনেবোৰ বহু কাৰণতে আফ্রিকাই ঔদ্যোগিক ক্ষেত্ৰত আগবাঢ়িব পৰা নাই ।

৩১। সমকাল ৰেখা কি ? 

উত্তৰঃ এখন নির্দিষ্ট ঠাইৰপৰা অন্যান্য যিবােৰ ঠাইলৈ অহা – যােৱা কৰােতে একে সময়ৰ প্রয়ােজন হয় , তেনেবােৰ ঠাইৰ সংযােগ কৰি মানচিত্র যি ৰেখা অংকন কৰা হয় তাক সমকাল ৰেখা বােলে । 

৩২৷ পৰিবহনৰ নেটৱৰ্ক আৰু সুচলতাৰ অর্থ উদাহৰণসহ দঙি ধৰা । 

উত্তৰঃ পৰিবহন ব্যবস্থা উন্নয়নৰ লগে লগে বিভিন্ন স্থান কেইবা প্ৰকাৰে বিভিন্ন স্থানৰ সতে সংযােজিত হয় আৰু ই এখন জালিকাৰ দৰে । ইয়াকে পৰিবহন নেটৱৰ্ক বােলে । যেনে ৰাষ্ট্ৰীয় ঘাইপথৰ সতে ৰাজ্যিত পথবােৰ, অন্যান্য গড়কাপ্তানি পথবােৰ সংযােজিত হয় । 

পৰিবহনৰ সুচলতা হ’ল যেতিয়া যােগাযােগ ব্যৱস্থাটোত কোনাে ধৰণৰ বাধা বিঘিনি নাথাকে , সেই অৱস্থা । উদাহৰণস্বৰূপে যিকোনাে বাধা বিঘিনি আতৰ কৰিবলৈ চৰকাৰে বিত্তৰ যােগান ধৰে । 

৩৩৷ দুৰসংযােগ সেৱাৰ বিষয়ে এটা চমু ব্যাখ্যা আগবঢ়োৱা । 

উত্তৰঃ বর্তমান আধুনিক যুগৰ উন্নত প্রযুক্তিবিদ্যাৰ এক যােগাযােগ ব্যৱস্থা হ’ল দূসংযােগ । এই ব্যৱস্থা বৈদ্যুতিক প্রযুক্তিৰ সতে জড়িত । ইয়াৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে গন্তব্য স্থানলৈ বার্তা প্ৰেৰণ কৰিব পাৰি আৰু অত্যন্ত নির্ভৰযােগ্য । এই ব্যৱস্থাই ইমান জনপ্রিয়তা লাভ কৰিছে যে টেলিগ্রাম , টেলেক্স আদি পুৰণি ব্যৱস্থাৰ প্রতি এক প্রত্যাহ্বানৰূপে চিহ্নিত হৈছে । এই ব্যৱস্থাৰ এক জনপ্রিয় প্রথা হ’ল ইন্টাৰনেট ব্যৱস্থা । সাম্প্রতিক সময়ৰ ই এক গুৰুত্বপূর্ণ সংযােগ ব্যৱস্থাৰূপে সর্বজনবিদিত হৈছে । 

৩৪। সবলীকৃত কর্মীৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ যিসকল লােক তথ্যভিত্তিক , গৱেষণা আৰু উন্নয়নৰ বিভিন্ন কার্যত জড়িত , তেওঁলােক সবলীকৃত কর্মী বােলে । এওঁলােক চতুর্থক বৃত্তিৰ সতে জড়িত লােক । এওঁলােকক তথ্যজ্ঞান ব্যৱসায়ীও বােলে । এনে কর্মীয়ে এজন ব্যক্তিৰ বাবে কার্য নকৰে , কোনাে সংগঠিত কাৰ্যৰ বাবে কৰ্ম কৰে । এওঁলােকৰ কার্য সবলীকৃততাৰে সম্পন্ন হয় । পর্যটকক বিভিন্ন তথ্য যােগান ধৰাৰ লগতে পাছুতীয়া কাৰ্যকৰা , পাহাৰীয়া অঞ্চল বা অন্যান্য দুর্ঘটনাগ্রস্থ অঞ্চলত সেৱা আগবঢ়োৱা আদি সৱলীকৃত কর্মী কার্য । সেৱাৰ মনােভাৱ এই কাৰ্যৰ প্রধান বৈশিষ্ট্য । 

৩৫। চাইবাৰ স্পেচ সম্পৰ্কত এটা ব্যাখ্যামূলক টোকা লিখা । 

উত্তৰঃ শেহতীয়াকৈ যােগাযোগ ব্যৱস্থাত সংযােজিত এটা ব্যৱস্থা হ’ল চাইবাৰ স্পেচ ইন্টাৰনেট । চাইবাৰ স্পেচ হ’ল বিশ্বজুৰি বৈদ্যুতিকভাৱে কম্পিউটাৰ সংযােজিত স্থান । ই হ’ল কম্পিউটাৰ মাধ্যমত বিভিন্ন ঠাইৰ লগত কৰা যােগাযােগ ব্যৱস্থা যত যােগাযােগকাৰীৰ মাজত সোশৰীৰে সম্পর্ক নােহােৱাকৈ ইলেকট্রনিক মাধ্যমৰ জৰিয়তে সুন্দৰ আদান – প্রদান সম্ভৱ । ইন্টাৰনেটৰ ব্যৱহাৰে সাম্প্রতিক সময়ত যথেষ্ট সময় ৰাহি কৰিছে । অর্থনৈতিক আৰু সামাজিক যােগাযোগৰ ব্যৱধান হ্রাস কৰিছে । কার্যালয় , শিক্ষানুষ্ঠান , জাহাজ , উৰাজাহাজ , ব্যৱসায় – বাণিজ্য , প্রশাসন সকলােতে ইয়াক সংযােজিত কৰা সম্ভৱ । ই পৃথিৱীখনক এখন গােলকীয় গাওঁলৈ পর্যবসিত কৰিছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top