Class 12 Geography Unit 6 দ্বিতীয়ক খণ্ডৰ বৃত্তি

Class 12 Geography Unit 6 দ্বিতীয়ক খণ্ডৰ বৃত্তি The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 6 দ্বিতীয়ক খণ্ডৰ বৃত্তি and select needs one.

Class 12 Geography Unit 6 দ্বিতীয়ক খণ্ডৰ বৃত্তি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 6 দ্বিতীয়ক খণ্ডৰ বৃত্তি Solutions for All Subject, You can practice these here…

দীঘল প্ৰশ্নোত্তৰ

১৭। প্রাথমিক আৰু দ্বিতীয় খণ্ডৰ বৃত্তিৰ মাজৰ পার্থক্যসমূহ আলােচনা কৰা ।

উত্তৰঃ প্রাথমিক খণ্ডৰ বৃত্তি আৰু দ্বিতীয় খণ্ডৰ বৃত্তিৰ মাজৰ পাৰ্থক্যসমূহ হলঃ 

( ক ) মানুহে যি কাৰ্যৰ দ্বাৰা প্রাকৃতিক পৰিবেশৰ পৰা প্রত্যক্ষ বা পৰােক্ষভাৱে কিবা বস্তু আহৰণ কৰি জীৱিকা অর্জন কৰে বা অর্থনৈতিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰে তাকে প্রাথমিক বৃত্তি বােলা হয় । আনহাতে, যিবােৰ কাৰ্যৰ দ্বাৰা প্রাথমিক অৱস্থাৰ পৰা আহৰণ কৰা দ্রব্যবােৰক যেনেকৈ থাকে ঠিক তেনেকৈ ব্যৱহাৰ নকৰি মানুহৰ উপভােগৰ বাবে উপযােগী কৰি তুলিবলৈ বিভিন্ন প্রকাৰে পৰিৱৰ্তন , পৰিশােধন , পৰিবর্ধন , সংযােজন বা সংশােধন কৰা হয় , তাকে দ্বিতীয় খণ্ডৰ বৃত্তি বােলা হয় । 

( খ ) প্রাথমিক খণ্ডৰ বৃত্তি ও দ্ৰব্যৰ কোনাে ধৰণৰ পৰিৱৰ্তন ঘটোৱা নহয় । আনহাতে , দ্বিতীয় খণ্ডৰ বৃত্তিত দ্রব্যৰ পৰিৱৰ্তন ঘটোৱা হয় । 

( গ ) প্রাথমিক খণ্ডৰ বৃত্তিত দ্রব্যৰ মূল্যমান কম থকাৰ বিপৰীতে দ্বিতীয় খণ্ডৰ বৃত্তিত দ্রব্যৰ ৰূপান্তৰ ঘটোৱাৰ ফলত মূল্যমান বৃদ্ধি পায় । 

( ঘ ) প্রাথমিক খণ্ডৰ শ্রেণীভূক্ত আর্থিক কাম – কাজসমূহত প্রাকৃতিক পৰিবেশ আৰু মানুহৰ প্রযত্নৰ দুয়ােটা দিশ সমানেই জড়িত হৈ থাকে । আনহাতে , দ্বিতীয় খণ্ডৰ উদ্যোগত প্রাকৃতিক পৰিবেশতকৈ মানুহৰ প্ৰযত্নৰ দিশটোহে অধিক গুৰুত্বপূর্ণ । 

১৮। আফ্রিকা মহাদেশখন প্রাকৃতিক সম্পদত যথেষ্ট চহকী হােৱা স্বত্বেও ঔদ্যোগিক ভাৱে কিয় পিছপৰা ? আলােচনা কৰা । 

উত্তৰঃ আফ্রিকা এখন প্রাকৃতিক পৰিবেশত চহকী দেশ । বিভিন্ন আপুৰুগীয়া গছ – গছনি , জীৱ – জন্তুৰে ভৰপূৰ হােৱাৰ লগতে খনিজ সম্পদেৰেও পৰিপূৰ্ণ । ইমানবােৰ প্রাকৃতিক সম্পদেৰে চহকী হােৱা স্বত্বেও এই দেশ ঔদ্যোগিক দিশত একেবাৰে পিছপৰা । ইয়াৰ হাজাৰ হাজাৰ কিল’মিটাৰ জুৰি বিস্তৃত অতব্য অৰণ্য আৰু হিংস্র জন্তুৰ বাবে বসতি স্থাপনৰ বাবে বহ অঞ্চল সুবিধাজনক নহয় । মানুহৰ বসতিৰ অবিহনে উদ্যোগ স্থাপনাে অসম্ভৱ । তদুপৰি ইয়াৰ বহু অঞ্চলত বর্তমানেও আদিম আদিবাসী থকা পৰিলক্ষিত হয় । 

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগতাে এইসকলে শিক্ষাৰ পােহৰেই দেখা পােৱা নাই । আফ্রিকাৰ অন্যান্য বসতি প্রধান অঞ্চলবােৰ তেনেই অনগ্রসৰ । ইয়াৰ প্ৰধান কাৰণ হৈছে উপযুক্ত শিক্ষাৰ অভাৱ । তাৰােপৰি এই অঞ্চল ঔদ্যোগিকভাৱে আগবাঢ়িব নােৱাৰাৰ আন এটা প্রধান কাৰণ হ’ল ইয়াৰ জলবায়ু । অতি উষ্ণ জলবায়ুৰ হােৱা হেতুকে এই অঞ্চলৰ লােকসকলে অধিক শ্ৰম কৰিব নােৱাৰে আৰু সততে বিভিন্ন ৰােগত আক্রান্ত হয় ।

ওপৰৰ আলােচনাৰ পৰা জানিব পাৰি যে , শিক্ষাৰ অনগ্ৰসৰতা আৰু উষ্ণ জলবায়ুৰ অঞ্চল হােৱা হেতুকে প্রাকৃতিক সম্পদৰ প্ৰাচুৰ্য্যতা থকা স্বত্বেও আফ্রিকা ঔদ্যোগিক ক্ষেত্ৰত আগবাঢ়িব পৰা নাই । 

১৯। পৃথিৱীৰ উন্নত দেশসমূহ ঔদ্যোগিক বিকাশৰ মূখ্য কাৰণ আলােচনা কৰা । 

উত্তৰঃ বার্ষিক ৰাষ্ট্ৰীয় আয় , শিক্ষা , যাতায়াত – যােগাযােগ , উদ্যোগ , স্বাস্থ্য আদি সকলাে দিশৰ ওপৰত ভিত্তি কৰি দেশসমূহক উন্নত , উন্নয়নশীল আৰু দৰিদ্ৰ দেশ হিচাপে চিনাক্ত কৰা হয় । দেশ এখন উন্নতিৰ জখলাত আগুৱাবলৈ বিভিন্ন কাৰকে ক্রিয়া কৰে । যেনে — জলবায়ু , শিক্ষা , মানুহৰ কর্মদক্ষতা , বিভিন্ন প্রাকৃতিক সম্পদ ইত্যাদি । এই কাৰকসমূহৰ ওপৰত ভিত্তি কৰিয়ে ঔদ্যোগিক বিকাশ সম্ভৱ হয় । এনে দেশসমূহত শিক্ষাৰ প্ৰসাৰতাৰ বাবে বিজ্ঞানৰ নন আৱিষ্কাৰ সম্ভৱ হৈছে । 

যাৰ ফলত কম খৰচত বহু পৰিমাণৰ সামগ্রী উৎপাদন কৰিব পৰা হৈছে । তাৰােপৰি যাতায়াত আৰু যােগাযােগ ব্যৱস্থাৰ উন্নতিৰ ফলত উদ্যোগৰ বাবে প্রয়ােজনীয় কেচাসামগ্রী আমদানী কৰাৰ লগতে উৎপাদিত সামগ্রী বিধ বিক্ৰীৰ বাবে বজাৰলৈ নিয়াতে সহায়ক হয় । এই সকলােবােৰ ব্যৱস্থা থকাৰ উপৰি উদ্যোগটো পৰিচালনাৰ বাবে এজন সুদক্ষ ব্যক্তিৰ দৰকাৰ , তেতিয়াহে এটা উদ্যোগ স্থাপন কৰিব পাৰি আৰু পৰিচালকৰ ওপৰত নিৰ্ভৰ কৰিয়েই উদ্যোগ এটাৰ উন্নতি স্থাৱৰ কৰিব পাৰি । এই সকলাে সুবিধা উন্নত দেশসমূহত উপলব্ধ হােৱা হেতুকে এনে দেশসমূহত ঔদ্যোগিক বিকাশ সম্ভৱ হৈছে । 

২০। দ্বিতীয় পর্যায়ক  পৰ্য্যায়ৰ কাৰ্য্য কি ? ইয়াৰ কেইটামান উদাহৰণ আগবঢ়োৱা । 

উত্তৰঃ যিবােৰ কাৰ্যৰ দ্বাৰা প্রাথমিক অৱস্থাৰ পৰা আহৰণ কৰা দ্রব্যবােৰক যেনেকৈ থাকে ঠিক তেনেকৈ ব্যৱহাৰ নকৰি মানুহৰ উপভােগৰ বাবে উপযােগী কৰি তুলিবলৈ বিভিন্ন প্রক্রিয়াৰে পৰিৱৰ্তন , পৰিবর্ধন , সংযােজন বা সংশােধন কৰা হয় , এনে কাৰ্য্যসমূহক দ্বিতীয়ক খণ্ডৰ কার্য বা বৃত্তি বােলা হয় । 

দ্বিতীয় খণ্ডৰ কার্য হৈছে শিল্পোদ্যোগ , শক্তি উৎপাদন আৰু ঘৰ নিৰ্মাণ । দ্বিতীয় খণ্ডৰ কার্যত মূল পদার্থ বা বস্তুৰ ৰূপান্তৰ ঘটে আৰু সাধাৰণতে সেইবােৰৰ মূল্যমান বৃদ্ধি পায় । শিল্পোদ্যোগে হস্তশিল্প আৰু কাৰখানাৰ উৎপাদন উভয়কে বুজায় । উদাহৰণস্বৰূপে , মিলত গমৰ দানা ভাঙি গুৰি কৰি আটা বা ময়দা প্রস্তুত কৰা হয় আৰু মানুহে এই আটা বা ময়দাৰ পৰা ৰুটি বনাই খায় । গমৰ গুটি বা দানা মানুহে পােনপটীয়াকৈ নাখায় । গতিকে গমৰ , উৎপাদন প্রাথমিক বৃত্তি , কিন্তু আটা বা ময়দা তৈয়াৰ কৰা কাৰ্যক দ্বিতীয় বৃত্তি বােলা হয় । ঠিক সেইদৰে , তীখা কাৰখানাত লােৰ আকৰিকৰ পৰা অধিক উপযােগী তীখা উৎপাদন কৰাটো দ্বিতীয় খণ্ডৰ বৃত্তি ।

২১ পৃথিৱীৰ কপাহী বয়ন উদ্যোগ সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ কপাহী বয়ন উদ্যোগ হ’ল এক কৃষি ভিত্তিক উদ্যোগ । কিয়নাে এই উদ্যোগৰ বাবে প্রয়ােজনীয় কপাহ কৃষিৰ জৰিয়তে উৎপাদন হয় । হস্তচালিত তাঁতশাল , যন্ত্রচালিত তাঁতশাল আৰু বৃহৎ আকাৰৰ কাপােৰৰ কল পর্যায়ৰ তিনিটা প্রশাখাত বয়ন উদ্যোগৰ উপ বিভাজন কৰিব পাৰি । এই তিনিটা উপশ্রেণীৰ ভিতৰত প্রথম দুটা অধিক মাত্রাত শ্রম নির্ভৰশীল হােৱাৰ বিপৰীতে বৃহৎ কাপােৰৰ কলসমূহ ঘাইকৈ যান্ত্রিক শক্তিৰ ওপৰত নিৰ্ভৰশীল হােৱা দেখা যায় । শ্রমকেন্দ্রীকৰ পৰা প্রযুক্তিকেন্দ্রীক হৈ অহাৰ লগে লগে এই উদ্যোগত বিনিয়ােগ কৰা মূলধনৰ পৰিমাণ বাঢ়ি যায় । সেয়েহে , আর্থিক দিশত আপেক্ষিকভাৱে অগ্রগণ্য অঞ্চলবােৰত প্রযুক্তিচালিত কাপােৰৰ কল প্রতিষ্ঠা হােৱাৰ বিপৰীতে আর্থিকভাৱে অনগ্রসৰ অঞ্চলবোৰত হস্ত তাঁতৰ প্ৰচলন অধিক হােৱা দেখা যায় । 

কপাহী বয়ন উদ্যোগৰ বিকাশ বহু পৰিমাণে ইয়াৰ কেঁচামাল অর্থাৎ , উন্নতমানৰ কপাহ যােগানৰ ওপৰত নিৰ্ভৰ কৰে । ভাৰতবৰ্ষ , চীন , যুক্তৰাষ্ট্র , পাকিস্তান , উজবেকিস্তান , ইজিপ্ত প্রভৃতি পৃথিৱীৰ প্ৰধান কপাহ উৎপাদনকাৰী দেশসমূহক ধৰি পৃথিৱীৰ সৰ্বমুঠ ৪০ খন দেশত কপাহীবয়ন উদ্যোগৰ অগ্রগতি দেখা যায় । ইয়াৰ ভিতৰত বস্ত্র সম্ভাৰৰ উৎপাদনত একাদিক্রমে যুক্তৰাষ্ট্র , চীন , ভাৰত , জাপান , জার্মানী , ফ্রান্স , ৰাছিয়া আৰু ইটালী অগ্রগণ্য । যুক্তৰাষ্ট্র , জাপান আৰু প্রায়বােৰ ইউৰােপীয় দেশত অৱস্থিত এই উদ্যোগৰ গােটসমূহে উত্তৰ আফ্রিকা আৰু এছিয়াৰ পৰা কেঁচা সামগ্রী অর্থাৎ , কপাহৰ আঁহ সংগ্রহ কৰে । 

আন্ত:ৰাষ্ট্ৰীয় বজাৰত লেনদেন ঘটা ৫০ শতাংশ কপাহৰ ক্রেতা হৈছে ইউৰােপ মহাদেশ । গ্রাহক চাহিদা অনুসৰি উপযুক্ত মাত্ৰাৰ গৱেষণা আৰু প্ৰযুক্তিগত উন্নয়ন অব্যাহত ৰাখিবলৈ সক্ষম হােৱাৰ বাবেই বিশ্বযুদ্ধৰ পৰা আজি কোপতি জার্মান দেশীয় কপাহী বয়ন উদ্যোগটোৱে নিজ অগ্রগতি অব্যাহত ৰাখিবলৈ সক্ষম হৈছে । চীন দেশত ১৮৯০ চনত স্থাপন হােৱা কপাহী উদ্যোগৰ অগ্ৰগতিত আন আন সা – সুবিধাৰ লগতে জনবহুল চীনৰ বৃহৎ ঘৰুৱা বজাৰখনাে এক প্রধান কাৰক । চীনৰ বস্ত্র শিল্প প্রধান কেন্দ্রসমূহ ইয়াংছি উপত্যকা , হােৱাংহাে উপত্যকা আৰু দক্ষিণ চীন অঞ্চলত অৱস্থিত ।

আধুনিক বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতৰ কপাহী বস্ত্ৰৰ আদৰ তীব্ৰ গতিত বৃদ্ধি পাইছে । ১৮৫৪ চনত মুম্বাই চহৰত দেশৰ প্ৰথমটো যন্ত্রচালিত কাপােৰৰ কল প্রতিষ্ঠা হয় । বর্তমান ভাৰতৰ আশীখন চহৰত ১৬০০ ৰাে অধিক কাপােৰৰ কল আছে । গুজৰাটৰ আহমেদাবাদত দেশৰ ভিতৰতে সর্বাধিক কাপােৰৰ কল আছে । এই চহৰক প্ৰাচ্যৰ মানচেষ্টাৰ বুলিও কোৱা হয় । 

প্রচুৰ কপাহ উৎপাদন , সাগৰীয় প্ৰভাৱৰ সেমেকা জলবায়ু , আভ্যন্তৰীণ আৰু আন্ত:ৰাষ্ট্ৰীয় পৰিবহণৰ সুবিধা , শক্তি , শ্ৰম আৰু মূলধন প্রভৃতি কাৰকসমূহৰ সুবিধাজনক অৱস্থিতিৰ হেতুকে মহাৰাষ্ট্ৰ আৰু গুজৰাট দুয়ােখন ৰাজ্যতে কপাহী বয়ন শিল্পৰ চমকপ্রদ উন্নতি ঘটিছে । সম্প্রতি , পঞ্জাৱ , হাৰিয়ানা , উত্তৰ প্ৰদেশ , কর্ণাটক আৰু তামিলনাড়ু প্রভৃতি ৰাজ্যসমূহত এই উদ্যোগৰ প্রসাৰ ঘটিছে । জাপানত কপাহৰ উৎপাদন নহয় যদিও সাগৰীয় সেমেকা জলবায়ু , সুদক্ষ শ্রমিক , উন্নত প্রযুক্তি , জলবিদ্যুৎ শক্তিৰ প্রাচুর্য , দেশ – বিদেশৰ বজাৰ প্রভৃতি কাৰকসমূহৰ বাবে এই দেশত কপাহী বয়ন শিল্পৰ বিকাশ সম্ভৱ হৈছে । 

বর্তমান জাপানেই বিশ্বৰ সর্বাধিক কপাহী বস্ত্ৰৰ প্তানীকাৰী দেশ । জাপানৰ কপাহী বয়ন উদ্যোগ কেন্দ্রীভূত হৈ থকা অঞ্চলসমূহ হ’ল— ওচাকা – কোবে অঞ্চল , টকিঅ ’ – য়াকোহামা অঞ্চল আৰু নাগয়া অঞ্চল । ছোভিয়েট ৰাছিয়াৰ বস্ত্ৰ উদ্যোগসমূহে উন্নত মানৰ কপাহী বস্ত্র উৎপাদন কৰে । কয়লা , কেঁচামাল , সস্তীয়া বনূৱা , যাতায়াত , প্রযুক্তিৰ ব্যৱহাৰ আদিয়েই এই উদ্যোগসমূহৰ উন্নতিৰ প্ৰধান কাৰণ । ৰাছিয়াত এই উদ্যোগ কেন্দ্রীভূত হৈ থকা অঞ্চলসমূহ হ’ল মস্কো ইভানােভা অঞ্চল , লেনিনগ্রেড অঞ্চল আৰু দক্ষিণ অঞ্চল । 

২২। আধুনিক বৃহৎ উদ্যোগৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা । 

উত্তৰঃ আধুনিক বৃহৎ উদ্যোগৰ বৈশিষ্ট্যসমূহ হলঃ 

( ক ) বিশিষ্ট নৈপুণ্যৰ প্ৰয়ােগঃ আধুনিক যুগৰ বৃহৎ উদ্যোগসমূহত উৎপাদিত দ্রব্যৰ বিভিন্ন অংশসমূহ উদ্যোগটোৰ বিভিন্ন গােটত পৃথক ভাৱে প্ৰস্তুত কৰা হয় । তাৰ পাছত আন এটা গােটত এনেবােৰ অংশক সুসংঘবদ্ধ কৰি একোটা শ্ৰেণীৰ পৰিসজ্জিত দ্রব্য প্রস্তুত কৰা হয় । অর্থাৎ, এনে এক বৃহৎ উদ্যোগৰ পৰিসৰত ভালে সংখ্যক অংশীদাৰ উদ্যোগ থাকে । এনে প্রতিটো অংশীদাৰ উদ্যোগত বৃহৎ পৰিমাণৰ মূলধন , প্রযুক্তি আৰু তুলনামূলক ভাৱে কম পৰিমাণৰ , কিন্তু উন্নত গুণ সম্পন্ন শ্রম বিনিয়ােগ কৰি বৃহৎসংখ্যক হুবহু একে লক্ষণৰ অর্থাৎ , সমগুণী দ্রব্য উৎপাদন কৰা হয় । পাছৰ পৰ্য্যায়ত এনােবােৰ সম্ভাৰ একত্ৰিত কৰি পৰিসজ্জিত ৰূপ দিয়া হয় । 

( খ ) যান্ত্রিকীকৰণঃ আধুনিক বৃহৎ উদ্যোগবােৰত উৎপাদন প্রক্রিয়া পৰিচালনাকাৰী শ্রমিক সকলে উৎপাদিত দ্রব্যৰ পৰিমাণ অথবা গুণগত মানৰ গতিধাৰা যান্ত্রিক পদ্ধতিৰেহে নিয়ন্ত্রণ কৰা দেখা যায় । 

( গ ) কাৰিকৰী নতুনত্বঃ আধুনিক যুগৰ বৃহৎ উদ্যোগত উৎপাদনৰ মানদণ্ড ক্রমে উন্নত কৰি নিয়াৰ লগতে উৎপাদন ব্যয় পার্যমানে হ্ৰাস কৰি লাভৰ পৰিমাণ বৃদ্ধি কৰাৰ উদ্দেশ্যে অহৰহ ভাৱে এলনি গৱেষণা কার্য অব্যাহত ৰখা হয় । কাৰণ বৰ্তমান বিশ্ব বজাৰত বহুসংখ্যক প্রতিযােগী প্রতিষ্ঠানত উৎপাদিত প্রতিদ্বন্দ্বী সম্ভাৱৰ লগত ফেৰ মাৰি গ্ৰাহকৰ মন আকর্ষণ কৰাৰ উদ্দেশ্যে কম দামত উচ্চ মানৰ দ্ৰব্যৰ যােগান ধৰাৰ উপৰিও এই দ্ৰব্যৰ প্রতি সাম্ভাব্য গ্রাহক শ্ৰেণীৰ হাবিয়াস বৃদ্ধিৰ প্ৰচেষ্টা উলাই কৰিব পৰা নাযায় । সেয়েহে , দ্ৰব্যৰ গুণগত উৎকর্য , উদ্যোগত উৎপাদিত অপদ্রব্যৰ পৰিমাণ নিয়ন্ত্রণ অথবা এনে অপদ্রব্যৰ বাণিজ্যিকৰণ , উৎপাদন ব্যয়ৰ সংকোচন আৰু গ্ৰাহকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে প্রচাৰ , বিজ্ঞাপন , উপঢৌকা প্রভৃতি কাৰিকৰী আৰু গ্ৰাহক মনস্তত্ত্ব সম্পর্কীয় অনেক গৱেষণা কার্যসমূহ আধুনিক বৃহৎ উদ্যোগসমূহৰ এক অপৰিহার্য অংগ হৈ পৰিছে । 

( ঘ ) বহুস্তৰীয় সাংগঠনিক সংৰচনাঃ আধুনিক কালৰ বৃহৎ উদ্যোগসমূহৰ বেছিভাগ কামেই জনবল অথবা পেশীবলৰ পৰিৱর্তে যান্ত্রিক বলৰ দ্বাৰা পৰিচালিত । তদুপৰি অতিমাত্রা শ্রম বিভাজন ভিত্তিক শ্ৰমৰ বিশেষীকৰণ কাৰ্যৰ সহায়ত এনেবোৰ উদ্যোগত তুলনামূলকভাৱে কম কষ্টৰ বিনিময়ত সীমিত খৰচত অধিক পৰিমাণৰ উৎপাদন সম্ভৱ হয় । এনে শ্ৰেণীৰ উদ্যোগ প্রতিষ্ঠা আৰু পৰিচালনাত বৃহৎ পৰিমাণৰ যান্ত্রিক আৰু অর্থকাৰী মূলধনৰ বিনিয়ােগ অপৰিহার্য । এই শ্ৰেণীৰ উদ্যোগৰ সামগ্রিক পৰিক্ৰমা একোটাত প্রযুক্তি , অর্থনীতি , বাণিজ্য , যাতায়াত সঞ্চয়ন , পৰিচালনা প্রভৃতি ভালেমান প্রশাখা যুক্ত অনেক কাম – কাজৰ সমাৱেশ ঘটে । 

( ঙ ) বিষম ভৌগােলিক বিস্তাৰ :- পৃথিৱীৰ প্ৰায় সমুদায় বৃহৎ উদ্যোগৰ ক্ষেত্ৰসমূহ মুঠ স্থল মণ্ডলৰ মাত্র দহ শতাংশ এলেকাতে সীমাবদ্ধ হৈ আছে । এনে বৃহৎ ঔদ্যোগিক প্রকল্প ৰাজনৈতিক তথা অর্থনৈতিক ভাৱে শীর্ষ ৰাষ্ট্ৰসমূহতে সীমাবদ্ধ বুলিব পাৰি । সমগ্র বিশ্ব খাদ্য শস্যৰ যােগান ধৰি অহা দেশ – বিদেশৰ সৰ্বমুঠ কৃষি ভূমিৰ তুলনাত পৃথিৱীৰ প্ৰতিটো অঞ্চলকে শিল্পজাত দ্রব্যৰে আগুৰা এনেবােৰ উদ্যোগৰ অধিকৃত ভূমি নিচেই নগণ্য পৰিসৰৰহে । 

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ড
Chapter 1মানৱ – ভূগােলৰ প্রকৃতি আৰু অধ্যয়ন পৰিস
Chapter 2জনসংখ্যা আৰু উন্নয়ন
Chapter 3 জনসংখ্যাৰ গাঁথনি
Chapter 4মানৱ সম্পদৰ বিকাশ
Chapter 5প্রাথমিক খণ্ডৰ জীৱিকা
Chapter 6দ্বিতীয়ক খণ্ডৰ বৃত্তি
Chapter 7তৃতীয়ক আৰু চতুর্থ খণ্ডৰ কাৰ্য্যসমূহ
Chapter 8পৰিবহণ আৰু যােগাযােগ
Chapter 9আন্তৰ্জাতিক বাণিজ্য
Chapter 10জনবসতিৰ প্ৰকাৰ
দ্বিতীয় খণ্ড
Chapter 11উত্তৰ পূৱ ভাৰতত অসমৰ অৱস্থিতি
Chapter 12অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু
Chapter 13জনসংখ্যাৰ গাঁথনি
Chapter 14জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব
Chapter 15অসমৰ কৃষিখণ্ড আৰু উদ্যোগ
Chapter 16অসমৰ যাতায়াত আৰু যােগাযোগ ব্যবস্থা
তৃতীয় খণ্ড
Chapter 17ভাৰতৰ জনসংখ্যা
Chapter 18ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম
Chapter 19মানৱ সম্পদ উন্নয়ন
Chapter 20ভাৰতৰ জনবসতি
Chapter 21ভূমি সম্পদ আৰু কৃষিকাৰ্য
Chapter 22ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ
Chapter 23ভাৰতৰ কাৰিকৰী উদ্যোগ
Chapter 24ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন
Chapter 25ভাৰতৰ পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা
Chapter 26আন্তর্জাতিক বাণিজ্য
Chapter 27নির্বাচিত সমস্যা আৰু প্রচলন: ভৌগােলিক দৃষ্টিপা

২৩। উদ্যোগ স্থাপনত প্ৰভাৱ পেলােৱা কাৰকসমূহ আলােচনা কৰা । 

উত্তৰঃ কোনাে ঠাইত যিকোনাে এটা উদ্যোগ স্থাপন কৰাৰ ক্ষেত্ৰত কেতবােৰ কাৰক জড়িত হৈ থাকে সেই কাৰকবােৰ তলত আলােচনা কৰা হ’ল । 

( ক ) কেঁচা সামগ্রী :-  উদ্যোগ স্থাপনৰ বাবে আটাইতকৈ প্ৰয়ােজনীয় উপাদানটো হ’ল কেঁচা সামগ্রী । কেঁচামাল বনজ , খনিজ , কৃষিজ বা জলজ সম্পদৰ পৰা আহিব পাৰে । কেঁচা সামগ্ৰীৰ পৰাই বিভিন্ন দ্রব্য প্রস্তুত কৰা হয় । যেনে— আকৰিক লােৰ পৰা তীখা , বিভিন্ন যন্ত্রপাতি, দৈনিক প্রয়ােজনীয় সামগ্রী ইত্যাদি তৈয়াৰ কৰা হয় । সেইদৰে কপাহ উল , ৰেশম আদি বয়ন উদ্যোগৰ কেঁচামাল , গধুৰ হ’লে বা আয়তনত ডাঙৰ হ’লে পৰিবহণ ব্যয় অধিক হয় বাবে বেছিভাগ উদ্যোগ কেঁচামাল পােৱা অঞ্চলতে স্থাপন কৰা হয় । তাৰােপৰি , কিছুমান কেঁচা সামগ্রী সংগ্রহ কৰাৰ মূহুৰ্তৰ পৰা একোটা নির্ধাৰিত সময় অতিক্রম কৰাৰ লগে লগে নষ্ট হয় । সেয়েহে এনেবােৰ কৃষিভিত্তিক উদ্যোগ সংশ্লিষ্ট কেঁচামালৰ উৎপাদন ক্ষেত্ৰৰ ওচৰতে প্রতিষ্ঠা হয় । 

( খ ) শক্তি সম্পদ :- উদ্যোগ প্রতিষ্ঠাৰ বাবে আন এবিধ প্রয়ােজনীয় উপাদান হ’ল শক্তি সম্পদ । কেঁচামালৰ পৰা ব্যৱহাৰােপযােগী বস্তু যি যন্ত্ৰৰ সহায়ত তৈয়াৰ কৰা হয় তাক চলাবলৈ শক্তিৰ প্ৰয়ােজন । কয়লা , পেট্রলিয়াম , প্রাকৃতিক গেছ , জলবিদ্যুৎ আদি শক্তিৰ উৎস । সাধাৰণতে , শক্তিৰ উৎস থকা ঠাইতহে উদ্যোগ গঢ়ি উঠে । উন্নত পৰিবহণ ব্যৱস্থা নহ’লে শক্তিৰ উৎস দূৰলৈ নিয়াত অসুবিধা হয় । 

( গ ) জলবায়ু :- কোনাে উদ্যোগৰ অৱস্থান নির্ণয়ত জলবায়ুয়ে প্রত্যক্ষ বা পৰােক্ষ ভাৱে প্ৰভাৱ বিস্তাৰ কৰে । তদুপৰি উদ্যোগৰ বাবে ব্যৱহৃত কৃষিজ , বনজ আৰু প্রাণীজ সম্পদবােৰৰ বিতৰণাে জলবায়ুৰ দ্বাৰা নিয়ন্ত্রিত হয় । গৰম জলবায়ুৰ অঞ্চলত শ্রমিক সােনকালে ভাগৰি পৰে আৰু ৰােগত আক্রান্ত হয় । মৃদু আৰু সমভাবাপন্ন জলবায়ুৰ কাৰণে নাতিশীতােষ্ণ মণ্ডলত প্রধানকৈ উদ্যোগসমূহগঢ়ি উঠিছে । সেমেকা জলবায়ুত সূতা নিচিগে আৰু মিহি হয় । মানচেষ্টাৰ অঞ্চলৰ সেমেকা জলবায়ুৰ কাৰণে ইয়াত বয়ন শিল্পই প্ৰসাৰতা লাভ কৰিছে । 

( ঘ ) পৰিবহণ ব্যবস্থা :- উন্নত পৰিবহণ ব্যৱস্থা উদ্যোগ প্রতিষ্ঠাৰ বাবে অতি প্রয়ােজনীয় । কেঁচামাল আৰু শক্তি সম্পদ উদ্যোগ কেন্দ্ৰলৈ আনিবৰ কাৰণে আৰু উৎপাদিত শিল্পজাত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে বজাৰলৈ নিবৰ কাৰণে পৰিবহণ ব্যৱস্থা উন্নত হােৱাটো জৰুৰী । কেঁচামাল আৰু শক্তিৰ যােগান আৰু পণ্যৰ বজাৰ সুপৰিবহণ ব্যৱস্থাৰ দ্বাৰা নিয়ন্ত্রিত হয় । উৎপাদনকাৰী আৰু উপভােগকাৰী দেশসমূহৰ মাজত উন্নত পৰিবহণ ব্যৱস্থা থাকিলেহে সামগ্ৰীসমূহৰ সৰবৰাহ কৰিব পাৰি ।

( ঙ ) শ্রমিক :– উদ্যোগৰ বাবে শ্ৰমিকৰ প্রয়ােজন । শ্ৰমিকৰ দক্ষতা আৰু কার্য ক্ষমতা উদ্যোগৰ উন্নতিৰ অন্যতম কাৰক । যান্ত্রিক যুগতাে যন্ত্ৰৰ দ্বাৰা বহুতাে কাম কৰিবলৈ শ্ৰমিকৰ প্রয়ােজন । শ্রমিক সংখ্যা , গুণ আৰু মজুৰীৰ ওপৰত উদ্যোগসমূহ বহু পৰিমাণে নিৰ্ভৰশীল । মৰাপাট আৰু কপাহী বয়ন উদ্যোগসমূহপৰিচালনা কৰিবলৈ প্ৰচুৰ কম মজুৰীৰ বনুৱাৰ প্রয়ােজন । জাপান , চীন , ভাৰত আদি দেশত শ্রমিক মজুৰী কম বাবে উদ্যোগ স্থাপনত সহজ সাধ্য । আনহাতে , অষ্ট্রেলিয়াত , জনসংখ্যা কম বাবে উদ্যোগ স্থাপনত ই এক অন্তৰায় । এনে দেশত অৱশ্যে বেলেগ দেশৰ পৰা সুদক্ষ শ্রমিক আমদানি কৰি অনা হয় । 

( চ ) বজাৰঃ উৎপাদিত সামগ্রীৰ বিক্ৰীৰ বাবে বজাৰৰ আৱশ্যক । বজাৰ স্থানীয় , দেশীয় বা আন্তর্জাতিক হ’ব পাৰে । নিজৰ দেশৰ বাহিৰে আন্তর্জাতিক চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি বস্তুৰ উৎপাদনৰ পৰিমাণ নির্ধাৰিত হয় । ইংলেণ্ডৰ যন্ত্রপাতি , জার্মান আৰু জাপানৰ ইলেকট্রনিক সামগ্রী , পশ্চিমবংগৰ মৰাপাটৰ সামগ্ৰী আদিৰ উৎপাদন স্থানীয় বজাৰতকৈ আন্তর্জাতি ওপৰতহে বেছি নিৰ্ভৰশীল । 

( ছ ) মূলধন :- উদ্যোগ প্রতিষ্ঠাৰ বাবে প্ৰচুৰ মূলধনৰ প্রয়ােজন হয় । ঘৰ দুৱাৰ সঁজা , যন্ত্রপাতি কিনা আৰু স্থাপন কৰা , শক্তি যােগানৰ ব্যৱস্থা কৰা , কেঁচা সামগ্রী ক্রয় কৰা , বনুৱাক মজুৰী দিয়া , পৰিবহণৰ ব্যৱস্থা কৰা আদি বিভিন্ন কামৰ বাবে বহু পৰিমাণৰ মূলধনৰ আৱশ্যক হয় । 

( জ ) দেশীয় উদ্যোগ নীতিঃ এখন দেশৰ উদ্যোগ দেশীয় উদ্যোগ নীতিৰ ওপৰত নিৰ্ভৰ কৰে । স্বাধীনতাৰ আগলৈকে ইংৰাজ চৰকাৰৰ ঔপনিবেশিক নীতি অনুসৰি ভাৰতবৰ্ষৰ কেঁচা সামগ্রী ইংলেণ্ডলৈ নি তাত তৈয়াৰী বস্তু ভাৰতলৈ আনি বিক্ৰী কৰা হৈছিল । ফলত ভাৰতত শিল্প উদ্যোগৰ প্ৰতিষ্ঠা আৰু সম্প্ৰসাৰণ একেবাৰেই কম হৈছিল । স্বাধীনােত্তৰ কালত চৰকাৰী নীতি সলনি হােৱাৰ বাবে ভাৰত উদ্যোগীকৰণত কিছু দূৰ আগবাঢ়িবলৈ সক্ষম হ’ল । 

( ঝ ) বৈজ্ঞানিক প্রচেষ্টাঃ বৈজ্ঞানিক প্রচেষ্টা আৰু কাৰিকৰী শিক্ষাদানৰ ব্যৱস্থা নাথাকিলে সেই দেশে উদ্যোগ স্থাপনত বিশেষ সফলতা লাভ কৰিব নােৱাৰিব । উপৰােক্ত কাৰকসমূহৰ উপৰিও ঠাইখনৰ ভৌগােলিক অৱস্থান উদ্যোগ স্থাপনৰ আন এটা উল্লেখযােগ্য কাৰক । 

২৪। কেঁচা সামগ্ৰীৰ ভিত্তিত উদ্যোগবােৰৰ শ্রেণী বিভাজন কৰা । 

উত্তৰঃ কেঁচামালৰ ওপৰত ভিত্তি কৰি উদ্যোগসমূহক প্রধানকৈ পাঁচটা ভাগত বিভক্ত কৰা হৈছে । সেইবােৰৰ বিষয়ে তলত আলােচনা কৰা হলঃ

( ক ) কৃষিভিত্তিক উদ্যোগ :- কৃষিজাত উৎপাদিত দ্রব্যৰ পৰিশােধন , অৱস্থান্তৰণ আৰু ৰূপায়ণ পৰিক্ৰমাৰ লগত জড়িত সৰু – ডাঙৰ সকলাে উদ্যোগ এই শ্ৰেণীৰ অন্তর্ভূক্ত । এনে উদ্যোগসমূহ চহৰ আৰু গাওঁ অঞ্চলত প্রায় সমানে সিচৰিত হৈ থাকে । অধিকাংশ কৃষি ভিত্তিক উদ্যোগেই খাদ্য প্রস্তুত কৰণৰ লগত জড়িত । উদাহৰণস্বৰূপে , ধানকল অথবা আটা প্রস্তুত কৰা কলসমূহকে ধৰি চেনী , খােৱাতেল , বিস্কুট , চাহ , কফি প্রভৃতি বিভিন্ন উদ্যোগৰ কথা ক’ব পাৰি । কপাহী বয়ন উদ্যোগ , ৰবৰ, মৰাপাট উদ্যোগ প্রভৃতি কিছুমান কৃষি ভিত্তিক উদ্যোগে . অন্যান্য প্রয়ােজনীয় দ্রব্য উৎপাদন কৰে । 

( খ ) খনিজ ভিত্তিক উদ্যোগ :- খনিৰ পৰা নিষ্কাশন কৰা বিভিন্ন দ্রব্যক কেঁচামাল হিচাপে ব্যৱহাৰ কৰা উদ্যোগসমূহ এইটো শ্ৰেণীত পৰে । লৌহ আকৰ অথবা ইয়াৰ পৰা প্ৰস্তুত কৰা তীখাক কেঁচামাল হিচাপে ব্যৱহাৰ কৰা উদ্যোগক লৌহ বর্গীয় খনিজ উদ্যোগ বােলে । তাম , এলুমিনিয়াম , দস্তা , সীহ , টিন প্রভৃতি আনবােৰ ধাতৱ খনিজ ব্যৱহাৰকাৰী উদ্যোগক অনা লৌহ বর্গীয় ধাতৱ খনিজ উদ্যোগ বােলে । অভ্র , মাৰ্বল , পাথৰ , গ্রেফাইট , কয়লা , চীনামাটি প্রভৃতি খনিৰ পৰা আহৰণ কৰা অধাতৱ মৌল অথবা যৌগক কেঁচামাল হিচাপে গ্রহণ কৰা উদ্যোগসমূহক ধাতৱ খনিজ উদ্যোগৰ শাৰীত ধৰা হয় । 

( গ ) ৰাসায়নিক উদ্যোগ :- বিভিন্ন কেঁচামাল ৰাসায়নিক কৌশলেৰে পৰিশােধন আৰু ৰূপান্তৰণ কৰি অধিক মূল্যৱান দ্রব্য সম্ভাৰ প্ৰস্তুত কৰা উদ্যোগসমূহেই ৰাসায়নিক উদ্যোগ । কেঁচামাল , শক্তি অথবা শ্ৰমিকৰ তুলনাত এনেবােৰ উদ্যোগৰ প্ৰধান চালিকা শক্তি হৈছে নিত্য নতুন গৱেষণা কর্মৰ ফচল শেহতীয়া জ্ঞান বিজ্ঞান । 

( ঘ ) বনজ উদ্যোগ :- বিভিন্ন বনজ উৎসৰ পৰা সংগৃহীত দ্ৰব্যৰ পৰিশােধন , ৰূপায়ন আৰু ৰাসায়নিক পৰিৱৰ্তন পৰিক্ৰমাক আশ্ৰয় কৰি গঢ় লােৱা উদ্যোগসমূহক সাধাৰণ অৰ্থত বনজ উদ্যোগ বুলি কোৱা হয় । কাঠৰ সা – সৰঞ্জাম প্রস্তুতকৰণ , কাগজ উদ্যোগ প্রভৃতি বনজ উদ্যোগৰ উদাহৰণ । 

( ঙ ) পশুজ উদ্যোগ :– নির্বাচিত পােহনীয়া প্ৰাণীৰ পৰা আহৰণ কৰা চর্ম , উন , মাংস , দুগ্ধ প্রভৃতি দ্রব্যসমূহ আৰু ইয়াৰ লগতে হাতীৰ দাঁত প্রভৃতি দ্রব্যক কেঁচামাল হিচাপে ব্যৱহাৰ কৰি গঢ়ি উঠা উদ্যোগসমূহেই পশুজ উদ্যোগৰ প্ৰকৃত পৰিসৰ । এনে উদ্যোগত উৎপাদিত দুগ্ধ আৰু মাংস খাদ্য প্রস্তুতকৰণৰ ভিতৰত ধৰা হয় । 

আনহাতে , উন হৈছে বয়ন উদ্যোগৰ অংশ বিশেষ । পশুৰ ছাল পৰিশােধন কৰাৰ পাছত ইয়াত জোতা , বেগ , চর্মবস্ত্র , বাদ্যযন্ত্র নির্মাণ প্রভৃতি বিভিন্ন কামত ব্যৱহাৰ কৰা হয় । 

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top