Class 12 Geography Unit 5 প্রাথমিক খণ্ডৰ জীৱিকা

Class 12 Geography Unit 5 প্রাথমিক খণ্ডৰ জীৱিকা The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 5 প্রাথমিক খণ্ডৰ জীৱিকা and select needs one.

Class 12 Geography Unit 5 প্রাথমিক খণ্ডৰ জীৱিকা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 5 প্রাথমিক খণ্ডৰ জীৱিকা Solutions for All Subject, You can practice these here…

২৬। বাণিজ্যিক পশুপালনৰ প্রকৃতি নির্ণয় কৰা । 

উত্তৰঃ বাণিজ্যিক পশুপালন কার্যক যথেষ্ট পৰিমাণে সুসংহত আৰু মূলধনকেন্দ্রীক জীৱিকাৰূপে চিহ্নিত কৰা হয় । পশুপালনৰ এই পদ্ধতি অনুসৰি বিস্তীর্ণ অঞ্চলব্যাপী উন্নত মানৰ দেশভূমি একোখন কেইবাটাও ভাগত বিভক্ত কৰি বেৰি লােৱা হয় । এনে বেৰাযুক্ত তৃণভূমি খণ্ড একোটাত ইয়াৰ ধাৰণ ক্ষমতা অনুসৰি নির্বাচিত প্রজাতিৰ পােহনীয়া জন্তু মেলি দিয়াৰ পাছত সেই খণ্ডত ঘাঁহৰ পৰিমাণ কমি গ’লে জন্তুবােৰক কাষৰ আন এটা খণ্ডলৈ নিয়া হয় । এনে কৰাৰ ফলত ইতিমধ্যে পশুচাৰণ ঘটা তৃণভূমি খণ্ডটোত নতুন ঘাঁহ গজাৰ সুযােগ ঘটে । ‘ ণিজ্যিক পশুপালন কার্যত এখন ক্ষেত্ৰত মাত্র এজাতি পােহনীয়া জন্তু লালন – পালন কৰা হয় । এনেকৈ লালন – পালন কৰা পশুসমূহৰ স্বাস্থ্য পুষ্টি আৰু বৃদ্ধিৰ বাবে বিভিন্ন যত্ন লােৱাৰ উপৰিও এইবােৰৰ বংশগতি জনিত উৎকৰ্ষৰ লক্ষ্যৰে বৰ্ণ সংকৰ অথবা তদনুৰূপ কাৰ্যসূচী গ্ৰহণ কৰা হয় । 

২৭। অঘৰী পশু-পালন আৰু বাণিজ্যিক পশু-পালনৰ মাজৰ পার্থক্য নির্ণয় কৰা ।

উত্তৰঃ অঘৰী পশু-পালন আৰু বাণিজ্যিক পশু-পালনৰ পাৰ্থক্য— 

( ক ) অঘৰী পশু-পালন ব্যৱস্থাত পশু-পালক সকলে পশু-সমূহৰ খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ প্ৰৱজন কৰিব লগা হয় । আনহাতে বাণিজ্যিক পশু-পালন ব্যৱস্থাত পশুসমূহক একে ডােখৰ ঠাইতে লালন পালন কৰা হয় । 

( খ ) অঘৰী পশুপালন ব্যৱস্থাত নির্দিষ্ট এটা অৱস্থানৰ ঘাঁহ বনবােৰ অতি কম দিনৰ ভিতৰতে তৃণভােজী জন্তুৰ বৃহৎ পাল একোটাই খাই শেষ কৰাৰ ফলত সেই ঠাইত জন্তুৰ খাদ্যৰ অভাৱ ঘটে । আনহাতে , বাণিজ্যিক পশুপালন ব্যৱস্থাত বিস্তীর্ণ অঞ্চলব্যাপী উন্নত মানৰ তৃণভূমি একোখন কেইবাটাও ভাগত বিভক্ত কৰি বেৰি লােৱা হয় ।এনে বেৰাযুক্ত তৃণভূমি খণ্ড একোটাত ইয়াৰ ধৰণ ক্ষমতা অনুসৰি নির্বাচিত প্রজাতিৰ পােহনীয়া পশু মেলি দিয়াৰ পাছত সেই খণ্ডত ঘাঁহৰ পৰিমাণ কমি গলে পশুসমূহক কাষৰ আন এটা খণ্ডলৈ নিয়া হয় । এনেকৰাৰ ফলত পশুচাৰণ এটা তৃণভূমি খণ্ডটোত ঘাঁহ গজাৰ সুযােগ ঘটে । ইয়াৰ বাবে পশুসমূহৰ খাদ্যৰ অভাৱ নহয় । 

( গৈ ) অঘৰী পশুপালন ব্যৱস্থাত বিভিন্ন ধৰণৰ বৃহৎ সংখ্যক তৃণভােজী প্রাণীক একেলগে পালন কৰা হয় । আনহাতে , বাণিজ্যিক পশুপালন ব্যৱস্থাত বেৰাযুক্ত তৃণভূমি একোটাত ইয়াৰ ধৰণ ক্ষমতা অনুসৰি নির্বাচিত এটি প্রজাতিৰ প্ৰাণীৰ লালন – পালন কৰা হয় ।

এনেবােৰ কার্য যিকোনাে ঠাইৰ যিকোনাে পৰিবেশত সম্পাদন কৰিব নােৱাৰে।উদাহৰণস্বৰূপে , সমুদ্র তীৰৰ প্রাকৃতিক পৰিবেশতহে মাছ ধৰিব পাৰি । ঠিক সেইদৰে বিস্তীর্ণ নদী উপত্যকা অঞ্চলতহে কৃষিকার্য সফলতাৰে সম্পাদন কৰা হয় । কিন্তু , মৰুভূমি অথবা অটব্য অৰণ্যত ইযাৰ এটাও কাৰ্য্য সম্পাদন কৰিব নােৱাৰি । 

দ্বিতীয় খণ্ডৰ প্রধান বৈশিষ্ট্যসমূহ হ’ল– যিবােৰ কাৰ্য্যৰ দ্বাৰা প্রাথমিক অৱস্থাৰ পৰা আহৰণ কৰা দ্রব্যসমূহ যেনেকৈ থাকে ঠিক তেনেকৈ ব্যৱহাৰ নকৰি মানুহৰ উপভােগৰ বাবে উপযােগী কৰি তুলিবলৈ বিভিন্ন প্রক্রিয়াৰে পৰিৱর্তন , পৰিৱৰ্দ্ধত , সংযােজন বা সংশােধন কৰা হয় । তেনেকুৱা কার্যকে দ্বিতীয় খণ্ডৰ বৃত্তি বােলা হয় । শিল্প উদ্যোগ , শক্তি উৎপাদন আৰু ঘৰ নিৰ্মাণ আদি এই শ্রেণীবৃত্তিৰ অন্তৰ্গত । তৃতীয় খণ্ডৰ বৃত্তিত মূল পদার্থ বা দ্রব্যবিধৰ ৰূপান্তৰ ঘটে আৰু সাধাৰণতে সেইবােৰৰ মূল্যমান বৃদ্ধি পায় । উদাহৰণস্বৰূপে , মিলত গমৰ দানা ভাঙি গুৰি কৰি আটা আৰু ময়দা উৎপাদন কৰা হয় আৰু মানুহে এই আটা আৰু ময়দাৰ পৰা ৰুটি বনাই খায় । গমৰ গুটি বা দানা মানুহে পােনপটীয়াকৈ খাদ্য হিচাপে নাখায় । সেয়েহে , গম উৎপাদন প্রাথমিক বৃত্তি , কিন্তু আটা বা ময়দা তৈয়াৰ কৰা কাৰ্য্যক দ্বিতীয় খণ্ডৰ বৃত্তি বােলে । ঠিক সেইদৰে তীখাৰ কাৰখানাত লোৰ আকৰিকৰ পৰা অধিক উপযােগী তীখা উৎপাদন কৰা হয় । 

তৃতীয় খণ্ডৰ বৃত্তিৰ বৈশিষ্ট্যসমূহ হ’ল–তৃতীয় খণ্ডৰ বৃত্তিত মানুহে প্ৰকৃতিৰপৰা কোনাে বস্তু আহৰণ নকৰে , নাইবা ৰূপ পৰিবৰ্তন কৰি বস্তুবােৰৰ মূল্যও বৃদ্ধিন কৰে । দ্রব্য উৎপাদনৰ সলনি বিভিন্ন সেৱা কাৰ্যসমূহ এই শ্রেণী বৃত্তিৰ অন্তৰ্গত । উদাহৰণস্বৰূপে , শিক্ষকে শিক্ষাদান কার্য , গাড়ীচালক , ব্যৱসায়ী , আইনজীৱী আদি তৃতীয় খণ্ডৰ বৃত্তিৰ অন্তৰ্গত । 

তৃতীয় খণ্ডৰ কাৰ্য্য যেনেঃ ব্যৱসায় , ব্যক্তিগত সেৱা কাৰ্য্য , চৰকাৰী কাম – কাজ , শিক্ষা আদি কাম-কাজ প্রাথমিক আৰু দ্বিতীয় খণ্ডৰ উৎপাদনত উচ্চ পৰ্য্যায়ৰ দক্ষতাৰ সৃষ্টি কৰিবৰ বাবে আৱশ্যক হয় । উদাহৰণস্বৰূপে , শিক্ষা দান কাৰ্য্যৰ জৰিয়তে প্রাথমিক আৰু দ্বিতীয় খণ্ডৰ বৃত্তিত নিয়ােজিত হৈ থকা কর্মীসকলৰ দক্ষতা বৃদ্ধি কৰে । ফলত , এই খণ্ডৰ বৃত্তিসমূহত উৎপাদনাে বৃদ্ধি পায় । 

২৮। ঋতুপ্রবাসী বুলিলে কিবুজা ? অঘৰী পশুপালনৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ ঋতুভেদে সমভূমি আৰু পার্বত্যভূমিৰ মাজত অঘৰী পশুপালকসকলৰ অভিগামী আৰু প্ৰতিগামী প্রৱজনৰ সমাহাৰক ঋতু প্রবাসী ( Transhumance ) বােলা হয় । অঘৰী শুপালক সকলে পালিত জীৱজন্তুৰ খাদ্যৰ বাবে ঘাঁহনিৰ সন্ধানত গ্রীষ্ম কালত সমভূমিৰ উচ্চভূমিলৈ আৰু শীতকালত পার্বত্য উচ্চভূমিৰ পৰা সমভূমিলৈ বাসস্থান সলনি কৰে । উদাহৰণস্বৰূপে , মধ্য এছিয়াৰ ষ্টেপ অঞ্চলত বসবাস কৰা খিৰঘিজ সম্প্রদায়ৰ লােকসকলে শীতকালত ষ্টেপ ভূমিত পালিত জন্তুবােৰৰ সৈতে বসবাস কৰাৰ পিছত গ্রীষ্মৰ আগমণৰ লগে লগে টিয়ানচান পৰ্বতৰ ধালেৰে পালিত জন্তুবােৰৰ সৈতে ঘাঁহনিৰ সন্ধানত অগ্ৰসৰ হয় । গ্রীষ্মৰ অন্তত শীতৰ আগমনৰ লগে লগে খিৰগিজ সকলে পুনৰ ষ্টেপ অঞ্চললৈ ঘূৰি আহে । সেইদৰে , হিমালয়ৰ নামনিত বাস কৰা গুৰ্জৰ , বকৰৱাল , গদ্দী আৰু ভূটীয়াসকলে শীতকালত গিৰিপদী তৃণাঞ্চলত আৰু গ্রীষ্মকালত হিমালয়ৰ উচ্চ অৱস্থানৰ তৃণভূমিও পশুচাৰণৰ লক্ষ্যৰে প্রৱজন কৰে । 

অঘৰী পশুপালনৰ চাৰিটা বৈশিষ্ট্য হলঃ–

( ক ) অঘৰী পশুপালনত পশুপালকসকলে পালিত প্রাণীবােৰৰ বাবে ঘাঁহ আৰু পানীৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ প্ৰৱজন কৰে । 

( খ ) অঘৰী পশুপালক সকলে একোটা নির্দিষ্ট ভৌগােলিক পৰিসৰৰ মাজত বাসস্থান পৰিবর্তন ঘটাই থাকে । 

( গ ) অঘৰী পশুপালক সকলে আর্থিক অভাৱ পােহণীয়া জন্তুৰ দ্বাৰা পূৰণ কৰে । 

( ঘ ) অঘৰী পশুপালক সকলে সৰু সৰু গােষ্ঠী বা জনজাতীয় গােটত দলৱদ্ধ হৈ থাকে । 

২৯। স্থানান্তৰিত কৃষি আৰু স্থায়ী কৃষিপ্রধান বৈশিষ্ট্যসমূহ নির্ণয় কৰা ।

উত্তৰঃ স্থানান্তৰিত কৃষিৰ বৈশিষ্ট্যসমূহঃ 

( ক ) স্থানান্তৰিত কৃষি প্রণালীত পাহাৰৰ কোনাে এক অঞ্চলৰ হাবি কাটি জ্বলাই লৈ সেই মাটিত খেতি কৰা হয় । 

( খ ) এই কৃষি প্রণালীত প্রাচীন সাঁ – সজুলিৰ সহায়ত মাটি সামান্য ভাৱে কৰ্ষণ কৰি বীজ সিঁচি শস্যৰ খেতি কৰা হয় । 

( গ ) স্থানান্তৰিত কৃষি প্রণালী প্ৰধানকৈ জনজাতীয় লােকসকলৰ মাজত প্রচলিত । 

( ঘ ) এইকৃষি পদ্ধতিত নাঙলৰ ব্যৱহাৰ নহয় । 

( ঙ ) এই কৃষি পদ্ধতিত একাধাৰে দুইৰ পৰা তিনিবাৰ শস্য উৎপাদন কৰাৰ পাছত মাটিৰ উৰ্বৰতা ক্ষিপ্র গতিত কমি যায় । ফলত , কৃষকে কৃষি ক্ষেত্ৰ আন ঠাইলৈ স্থানান্তৰিত কৰিব লগা হয় । অর্থাৎ , একেডৰা মাটিত দুবছৰ বা তিনি বছৰতকৈ অধিক কাল কৃষি কার্য কৰিব নােৱাৰি । 

( চ ) স্থানান্তৰিত কৃষিত উৰ্বৰতা বাবে কোনাে ৰাসায়নিক সাৰ প্ৰয়ােগ কৰা নহয় । 

স্থায়ী কৃষিৰ বৈশিষ্ট্যসমূহঃ ( ক ) স্থায়ী কৃষি পদ্ধতিত নাঙল আৰু জন্তুৰ বল স্থায়ী কৃষিৰ প্ৰধান আহিলা ।

( খ ) জলসিঞ্চন , উন্নত বীজ আৰু উন্নত প্রযুক্তিৰ প্ৰয়ােগ এই কৃষি প্ৰণালীত অতি সীমিত । 

( গ ) এই কৃষি প্রণালী পৰিয়াল কেন্দ্রীক হােৱা দেখা যায় । অর্থাৎ , নিজ নিজ পৰিয়ালৰ বাবে প্রয়ােজনীয় খাদ্য আৰু সামান্য পৰিমাণৰ কেঁচামাল জাতীয় শস্যহে উৎপাদন কৰা হয় । 

( ঘ ) এই কৃষি পদ্ধতিত শস্য ক্ষেত্ৰত কি কি প্ৰণৰ শস্য কিমান সফলতাৰে উৎপাদন কৰিব পৰা যায় সেই দিশটো প্রায় এৰাই চলা দেখা যায় । কৃষকসকলে , পূর্বানুক্রমে ব্যৱহাৰ কৰি অহা পদ্ধতিসমূহকে অনুসৰণ কৰে । 

( ঙ ) এই পদ্ধতিত ব্যৱহাৰ কৰা ভূমিখণ্ডবােৰ আকাৰত নিচেই সৰু । 

৩০। পৃথিৱীৰ চিকাৰ আৰু সংগ্রহ বৃত্তিৰ অঞ্চলবােৰৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ চিকাৰ আৰু সংগ্রহ কার্য হৈছে মানুহৰ প্রাচীনতম জীৱিকা । মাংসৰ উদ্দেশ্যে বন্য প্রাণী বধ কৰা কাৰ্যক চিকাৰ আৰু খাদ্য হিচাপে গ্রহণীয় উদ্ভিদৰ বীজ , ফল প্রভৃতি অৰণ্যৰ পৰা আহৰণ কৰাকে সংগ্রহ বােলে । প্রাচীন কালত , মানুহৰ আর্থিক কাম কাজ কেৱল চিকাৰ আৰু সংগ্রহ বৃত্তিৰ ভিতৰতে সীমাবদ্ধ আছিল । বর্তমান সময়ত এই বৃত্তি ঘাইকৈ উচ্চ অক্ষাংশৰ তুন্দ্রা জলবায়ু আৰু নিৰক্ষীয় উষ্ণ জলবায়ুৰ অন্তৰ্গত বৃষ্টি অৰণ্য অঞ্চল দুটাতে অধিক মাত্রাত দেখা যায় । মধ্য অক্ষাংশৰ উপকূলীয় অঞ্চলসমূহ আধুনিক সা – সৰঞ্জাম ব্যৱহাৰ কৰি সাগৰৰ মাছ ধৰা বৃত্তিৰৰ প্ৰসাৰ ঘটা দেখা যায় । সাধাৰণতে মৰু ভূমিকে আদি কৰি চৰম পৰিবেশৰ অঞ্চলসমূহত পােষক সংগ্রহ বৃত্তিৰ প্রচলন বর্তমানেও দেখা যায় । ঘাইকৈ আদিম অর্থ ব্যৱস্থাৰ লগত জড়িত পৃথিৱীৰ বহুতো অঞ্চলৰ লােকেই খাদ্য , বস্ত্ৰ আৰু গৃহ নির্মাণৰ আহিলা অথবা ইন্ধন দ্রব্যসমূহ এই পদ্ধতিৰে সংগ্রহ কৰে । কানাডা আৰু ইউৰেছিয়াৰ উত্তৰ সীমান্ত অঞ্চল আৰু চিলিৰ দক্ষিণ প্রান্তীয় শীত প্রধান অঞ্চলসমূহত সংগ্রহ বৃত্তিধাৰী লােকৰ সংখ্যা অধিক । সেইদৰে , নিম্ন অক্ষাংশৰ আমাজান অৱবাহিকা , ক্রান্তীয় আফ্রিকা , অষ্ট্রেলিয়াৰ উত্তৰাঞ্চল , দক্ষিণ – পূর্ব এছিয়াৰ ভিতৰুৱা অঞ্চলসমূহ আৰু ক্রান্তীয় উষ্ণ মৰুভূমিৰ ঠায়ে ঠায়ে এনে বৃত্তিৰ প্ৰচলন পােৱা যায় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top