Class 12 Geography Unit 23 ভাৰতৰ কাৰিকৰী উদ্যোগ

Class 12 Geography Unit 23 ভাৰতৰ কাৰিকৰী উদ্যোগ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 23 ভাৰতৰ কাৰিকৰী উদ্যোগ and select needs one.

Class 12 Geography Unit 23 ভাৰতৰ কাৰিকৰী উদ্যোগ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 23 ভাৰতৰ কাৰিকৰী উদ্যোগ Solutions for All Subject, You can practice these here…

দীঘল প্রশ্নৰ উত্তৰ

২৩। গােলকীকৰণৰ তিনিটা প্রভাৱ বহলাই আলােচনা কৰা ৷ 

উত্তৰঃ দেশৰ আভ্যন্তৰীণ অর্থ ব্যৱস্থাটোক বিশ্ব অর্থনীতিৰ অংগীভূতককে গােলকীকৰণ অথবা বিশ্বায়ন বােলা হয় । এই গােলকীকৰণৰ তিনিটা প্ৰভাৱ তলত আলােচনা কৰা হ’লঃ 

( ক ) গােলকীকৰণ ব্যৱস্থা অনুসৰি সম্পত্তি , সেৱা , মূলধন , শ্রম প্রভৃতি আর্থিক সম্পদসমূহ এখন দেশৰ পৰা আন এখন দেশলৈ মুক্তভাৱে যাতায়াত কৰিব পৰা হৈছে । নিজ দেশৰ উৎপাদন ব্যৱস্থাটোক বিশ্বৰ প্ৰতিযােগিতামূলক বজাৰৰ কাষ চপাই দেশীয় সম্পদৰ ক্ষিপ্ত উন্নয়ন সাধন কৰিব পৰা হৈছে । ভাৰতৰ আর্থ সামাজিক অৱস্থাৰ পৰিসৰত বিদেশী বিনিয়ােগৰ সহায়ত দেশৰ বিভিন্ন আর্থিক খণ্ডৰ উৎপাদন বৃদ্ধিৰ যােগেদি দেশখনৰ সামগ্রিক অর্থনৈতিক উন্নয়ন সাধন হৈছে । 

( খ ) বিশ্বায়নৰ যােগেদি ভাৰতত বহুজাতিক কোম্পানীৰ মুক্ত পদাপর্ণ সম্ভৱপৰ হৈছে । ফলত বিদেশজাত আমদানি দ্ৰব্যৰ পৰিমাণ বৃদ্ধি পাইছে । ইয়াৰ লগতে হ্রাস পাইছে এনে দ্রব্যৰ ওপৰত আমদানি শুল্ক । 

( গ ) বিশ্বায়নৰ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ বহুতাে কোম্পানীৰ পক্ষে আৰু আন ৰাষ্ট্র অর্থনৈতিক পৰিক্ৰমাবােৰত নিজ নিজ মান অনুসৰি অংশ গ্ৰহণৰ পথ প্রশস্ত হৈছে । 

২৪। ভাৰতবৰ্ষৰ ঔদ্যোগিক অঞ্চলবিলাকৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ ঔদ্যোগিক কৰণৰ এলানি ভিন্নসূৰি কাৰকৰ দ্বাৰা বিভিন্ন মাত্ৰাত প্ৰভাৱান্বিত ভাৰতৰ উদ্যোগসমূহ দেশৰ সকলাে ঠাইতে সমৰূপত বিস্তৃতি লাভ কৰা দেখা যায় । উদ্যোগ পুঞ্জীভৱনৰ ওপৰত ভিত্তি কৰি ভাৰতত সৰ্বমুঠ ৮ টা ঔদ্যোগিক অঞ্চল পােৱা যায় । 

( ক ) মুম্বাই – পুণে ঔদ্যোগিক বলয় :- মুম্বাই চহৰাঞ্চলৰ পৰা থানে কল্যাণ পিম্পৰী হৈ পুণে ৰেলপথকেন্দ্রীক এই ঔদ্যোগিক বলয়টোৱে নাচিক আৰু শােলাপুৰ জিলা দুখনকো সামৰি লৈছে । কপাহ খেতি অঞ্চলত অৱস্থিত এই বলয়ত কপাহী বয়ন শিল্পৰ মাধ্যমত ঔদ্যোগিকৰণ আৰম্ভ হৈছিল । ১৮৬৯ চনত চুয়েজ খাল মুকলি কৰাৰ লগে লগে এই ঔদ্যোগিক বলয়ৰ নাভিবিন্দু মুম্বাই বন্দৰ হৈ অঞ্চলটোলৈ যন্ত্রপাতি আমদানি আৰু বস্ত্র সম্ভাৰ ৰপ্তানি পথ অধিক সূচল হৈ পৰে ।কপাহীবয়ন উদ্যোগৰ প্রায় সমাদ্ৰালভাৱেই অঞ্চলটোত ৰাসায়নিক খণ্ডৰ উদ্যোগেও মূৰ দাঙি উঠে । মুম্বাই হাই অৱস্থানত খনিজ তেলৰ উদ্ঘাটন আৰু ট্রস্থেত পাৰমাণৱিক শক্তি উৎপাদন গােট স্থাপনৰ লগে লগেই এই অঞ্চলত নতুন এলানি উদ্যোগ থুপ খাই পৰে । বৰ্তমান অঞ্চলটোত পৰম্পৰাগত বয়ন উদ্যোগৰ উপৰিও অভিযান্ত্রিক সৰঞ্জাম খনিজ তেল শােধন , পেট্ৰ’ৰাসায়নিক , চামৰা , প্লাষ্টিক , চিন্থেটিক সূতা, ঔষধ , ৰাসায়নিক সাৰ , বৈদ্যুতিক সৰঞ্জাম , জাহাজ নির্মাণ , মটৰগাড়ী , খাদ্য প্রস্তুতকৰণ , তথ্য প্রযুক্তি সৰঞ্জাম প্রভৃতি বিভিন্ন ধৰণৰ উদ্যোগ গ্রুপ খােৱা দেখা যায় । 

( খ ) হুগলী বলয় :- হুগলী নদীৰ দুয়ােপাৰে বাঁশবেৰিয়াৰ পৰা দক্ষিণে বিৰলা নগৰ পর্যন্ত প্রায় ১০০ কিঃমিঃ দীঘল এই উদ্যোগ বলয়টো প্রকৃততে কলিকতা কেন্দ্রীক । ১৮৫৫ চনত হাওড়াৰ ১৭ কিঃমিঃ উত্তৰে বিচৰা নামৰ ঠাইত দেশৰ প্ৰথমটো মৰাপাটকল স্থাপন কৰা হয় । দেশ বিভাজনৰ ফলত কলিকতাকেন্দ্রীক মৰাপাট উদ্যোগ কিছু পৰিমাণে সংকটৰ সন্মুখীন হয় । কিন্তু ইতিপূর্বে এই উদ্যোগ বলয়ত ঠন ধৰি উঠাক পাহীবয়ন উদ্যোগৰ পৰিসৰ বহুখিনি বৃদ্ধি পায় । এই উদ্যোগ বলয়ৰ শ্ৰীৰামপুৰ , বেলঘেৰীয়া , নৈহাটী , শ্যামনগৰ প্রভৃতি অৱস্থানত উন্নতমানৰ কাগজৰ উদ্যোগ আৰু কলিকতাকেন্দ্রীক ছপাশাল উদ্যোগ দেশৰ ভিতৰতে শীর্ষ স্থানীয় হৈ পৰে । অভিযান্ত্রিক সৰঞ্জাম , ৰাসায়নিক দ্রব্য , ঔষধ , ৰাসায়নিক সাৰ , যন্ত্রপাতি , খাদ্য প্রস্তুতকৰণ, গাড়ী নির্মাণ প্রভৃতি উদ্যোগসমূহেও এই বলয়ত থিতাপি লয় । 

( গ ) বাংগালুড় – চেন্নাই ঔদ্যোগিক বলয় :- বাংগালুডু আৰু চেন্নাই সংযােগী ঔদ্যোগিক বলয়টোৰ ১৯৪৭ চনৰ পাছৰ সময়ছােৱাত ক্ষিপ্র উন্নতি আৰু সম্প্ৰসাৰণ ঘটা দেখা যায় । এই  

বলয়টোত কপাহী বয়ন খণ্ডই শিল্প উদ্যোগৰ বাটকটীয়া । বাংগালুড় , চহৰৰ শিল্প উদ্যোগ ঘাইকৈ যন্ত্রপাতি কেন্দ্রীক । ইয়াত উৰাজাহাজ , ঘড়ী , ঔষধ , চিমেন্ট , দূৰভাষ যন্ত্র , ৰেলৰ চকা , অনার্তাৰ সৰঞ্জাম , ৰবৰৰ সৰঞ্জাম । কাগজ , জুইশলা , চামৰা প্রভৃতি উদ্যোগসমূহ এই বলয়ত দেখা যায় ।

( ঘ ) আহমেদাবাদ-চুৰাট ঔদ্যোগিক বলয়ঃ গুজৰাটৰ আহমেদাবাদ আনন্দ নড়িয়াদ-বড়ােদৰা কিল’মিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ চোৱাক অবলম্বন কৰি গঢ় লৈ উঠা এই উদ্যোগ বলয়টো সম্প্রতি দক্ষিণে তাপ্তী নদীৰ তীৰৰ সূৰত বৰৰ পৰা বীৰংগ মৰাজকোট হৈ জামনগৰ পর্যন্ত ৫৬০ কিঃমিঃ দীঘল বলয় এটাত পৰিণত হৈছে । ১৮৬০ চনৰ পাছৰ পৰা এই উদ্যোগ বলয়টোৱে ভাৰতৰ সর্বাধিক কাপােৰ উৎপাদনকাৰী কপাহী বয়ন শিল্পৰ বলয় হিচাপে স্বকীয় স্থিতি অক্ষুন্ন ৰাখিছে । ইফালে , কাম্বে উপসাগৰৰ কাষে পাজৰে খনিজ তেলৰ উদঘাটন আৰম্ভ হােৱাৰ পাছত অংকলেশ্বৰ , বড়ােদৰা আৰু জামনগৰ প্ৰভৃতি ঠাইত পেট্র’কেমিকেছ উদ্যোগে গা কৰি উঠিছে । 

কোয়ালি আৰু জামনগৰ তেল শােধানগাৰৰ কেঁচামাল আৰু কাণ্ডালাৰ বন্দৰগাৰ এনে উদ্যোগৰ প্রধান অৱস্থাপক বুলিব পাৰি । পৰম্পৰাগত বয়ন শিল্প আৰু পেট্র’ৰাসায়নিক শিল্পৰ উপৰিও এইটো বলয়ৰ প্ৰধান শিল্প উদ্যোগৰ পৰিসৰত মটৰগাড়ী , ট্রেক্টৰ , ডিজেলৰ পাম্পছেট , বয়ন উদ্যোগৰ যন্ত্রপাতি , কাৰিকৰী সৰঞ্জাম , ঔষধ আৰু খাদ্য প্রস্তুতকৰণৰ লগত জড়িত উদ্যোগসমূহ অগ্রগণ্য । দেশৰ ভিতৰতে সর্বাধিক গাখীৰ উৎপাদনৰ অঞ্চলৰূপে খ্যাত এই অঞ্চলটোৰ আনন্দ , মহেশানা আৰু হিম্মতনগৰত একোটাকৈ সুবৃহৎ কলেৱৰৰ দুগ্ধজাত দ্রব্য প্রস্তুতকৰণ কাৰখানা আছে । 

( ঙ ) ছােটনাগপুৰ ঔদ্যোগিক বলয় :- ছােটনাগপুৰ ঔদ্যোগিক অঞ্চলটো পশ্চিম বংগৰ পশ্চিম সীমান্তৰ আচানচোলৰ পৰা ঝাৰখণ্ডৰ ধনবাদ – বােকাৰাে টাটানগৰ হৈ উৰিষ্যাৰ উত্তৰ  অংশৰ ৰুৰকেল্লা হৈচম্বলপুৰ পর্যন্ত বিস্তৃত । এইটো অঞ্চলৰ প্ৰধান উদ্যোগ হৈছে খনি , জলবিদ্যুৎ তাপবিদ্যুৎ আৰু ঘাইকৈ লাে তীখা শিল্প । দামােদৰ উপত্যকা অৱস্থানৰ কয়লা সম্ভাৰ আৰু ঝাৰখণ্ড আৰু উৰিষ্যাৰ আকৰিক লাে অঞ্চলটোৰ শিল্প উন্নয়নৰ প্রাথমিক তথা মৌলিক অৱস্থাপক । ভাৰতৰ সৰ্বমুঠ ১০ টা তীখা উৎপাদন কেন্দ্ৰৰ ভিতৰত ৫ টা কেন্দ্রই এই অঞ্চলত অৱস্থিত লাে তীখা উদ্যোগৰ উপৰিও অঞ্চলটোত অভিযান্ত্রিক উদ্যোগ , যন্ত্রপাতি, ৰাসায়নিক সাৰ , চিমেন্ট , কাগজ , ৰেল – ইঞ্জিন , গুৰু বৈদ্যুতিক সৰঞ্জাম , ধাতুৰ আচবাব প্রভৃতি অনেক ধৰণৰ উদ্যোগ সুপ্রতিষ্ঠিত হৈ আছে । 

( চ ) বিশাখাপট্টনম – গুন্টুৰ ঔদ্যোগিক বলয় :-  বিশাখাপট্টনম বন্দৰগাহৰ পৰা বিজয়ৱাৰা উণ্টৰ হৈ কুর্ণল পর্যন্ত প্রায় ৬৩০ কিঃমিঃ দীঘল ঔদ্যোগিক অঞ্চলটো ঘাইকৈ বিশাখাপট্টনম কিনাড়া আৰু মছলিপট্টন বন্দৰ তিনিটাৰ পশ্চাভূমিকেন্দ্রীক । কৃষি আৰু খনিজাত দ্রব্যই এইটো অঞ্চলৰ উদ্যোগ সম্ভাৱনাৰ ঘাই পৰিসৰ । ১৯৪১ চনত বিশাখাপট্টনম পোটাশ্ৰয়টোত জাহাজ নির্মাণ উদ্যোগ স্থাপন কৰা হয় । কাকীনাড়া বন্দৰৰ সমীপৰ তাতীপাকা নামৰ ঠাইত আমদানিকৃত খাৰুৱা তেলৰ শােধনাগাৰ স্থাপন কৰাৰ ফলত পেট্র’ৰাসায়নিক উদ্যোগৰ সম্প্ৰসাৰণ আৰম্ভ হয় । অঞ্চলটোৰ আনবােৰ প্রধান উদ্যোগৰ ভিতৰত কাগজ , কপাহী বয়ন শিল্প , চেনী , মৰাপাটৰ বয়ন উদ্যোগ , বাসায়নিক সাৰ , চিমেন্ট , এলুমিনিয়াম , লঘু অভিযান্ত্রিক আহিলা পাতি আৰু খাদ্য প্রস্তুতকৰণ আদিয়েই প্রধান । 

( ছ ) গুৰগাওঁ – দিল্লী – মীৰাট ঔদ্যোগিক বলয়  :- খনিজ আৰু শক্তি সম্পদ অৱস্থানৰ পৰা ভালেখিনি নিলগত দেশৰ ৰাজধানী কেন্দ্রীক গুড়গাওঁ দিল্লী – মীৰাট ঔদ্যোগিক বলয় ঘাইকৈ বজাৰ অঞ্চলৰ আধাৰত মূৰ দাঙি উঠিছে । সেয়েহে কম পৰিমাণৰ কেঁচামালৰ পৰা অধিক মূল্যৱান দ্রব্য প্রস্তুত কৰাই হৈছে এই অঞ্চলটোৰ সকলাে শ্রেণীৰ উদ্যোগৰে এক উমৈহতীয়া বৈশিষ্ট্য । ১৯৬০ চনৰ পৰৱৰ্তী চাৰিটা দশকত এইটো বলয়ত ঔদ্যোগিক কাম – কাজৰ পৰিসৰ দেশৰ আন যিকোনাে বলয়ৰ তুলনাত ক্ষিপ্রভাৱে বৃদ্ধি ঘটিছে । বৈদ্যুতিক সৰঞ্জাম , লঘু যন্ত্রপাতি , বস্ত্ৰ উদ্যোগ , ইলেক্ট্রনিকচ সৰঞ্জাম প্রভৃতি এইটো অঞ্চলৰ প্ৰধান ঔদ্যোগিক কাম – কাজৰ ভিতৰত পৰে । তদুপৰি অঞ্চলটোত চেনী , চিমেন্ট , খাদ্য প্রস্তুত , ট্রেক্টৰ , চাইকেল , কৃষি সঁজুলি , ঊণ আৰু কৃত্রিম আঁহৰ বয়ন উদ্যোগ প্রভৃতি বজাৰকেন্দ্রীক নানাবিধ উদ্যোগ গঢ় লােৱা দেখা যায় । 

( জ ) কোল্লম – তিৰুৱপুৰম ঔদ্যোগিক বলয় :- দক্ষিণ সীমান্তত তিৰুৱন্তমপুৰম চহৰৰ পৰা ৬৫ কিঃমিঃ উত্তৰৰ কোল্লম পর্যন্ত ঘনীভূত উদ্যোগ মণ্ডল ৰূপত গঢ় লােৱা অঞ্চলটো অধিক উত্তৰ দিশলৈ এলেপণী , এর্নাকুলম , অলৱাই হৈ ত্রিমূৰ জিলা পর্যন্ত এৰাধৰা অৱস্থানৰ মাজেৰে আগবাঢ়ি গৈছে । কপাহী বয়ন শিল্প , গ্লাচ , ৰাসায়নিক সাৰ , চিমেন্ট এলুমিনিয়াম প্রভৃতি উদ্যোগসমূহ বজাৰৰ চাহিদাভিত্তিক গঢ় লােৱা দেখা যায় । ইফালে চেনী , ৰবৰ , জুইশলা , কাগজ , নাৰিকল তেল আৰু মীনকেন্দ্রীক আন এলানি উদ্যোগ অঞ্চলটোত উৎপন্ন হােৱা কেঁচামালৰ আধাৰত  দাঙি উঠে । 

২৫। উদ্যোগ স্থাপনৰ বাবে আৱশ্যকীয় কাৰকবােৰৰ বিষয়ে বর্ণনা কৰা । 

উত্তৰঃ উদ্যোগ স্থাপনৰ বাবে আৱশ্যকীয় কাৰকবােৰৰ বিষয়ে তলত আলােচনা কৰা হলঃ 

( ক ) কেঁচামাল :- উদ্যোগত ব্যৱহাৰ হােৱাৰ ফলত ওজন অথবা পৰিমাণ কমি যােবা লক্ষণৰ অথবা অতি কম সময়ৰ ভিতৰতে নষ্ট হােৱা জাতৰ কেঁচামালৰ ওপৰত নিৰ্ভৰশীল উদ্যোগসমূহ নিশ্চিতভাৱেই কেঁচামালৰ উৎপাদনস্থলীৰ মাজে মাজে গঢ় লয় । উত্তৰ প্ৰদেশৰ কুঁহিয়াৰ খেতিৰ এলেকাটোত চেনী উদ্যোগ ; গুজৰাটৰ মহেশানা , হিম্মত নগৰ আৰু আনন্দ নগৰত দুগ্ধ উদ্যোগ । উজনি অসমৰ চাহ বাগিছাৰ মাজে মাজে চাহ প্রস্তুতকৰণৰ কাৰখানা আদি কেঁচামালৰ উপলব্ধতাৰ বাবেই গঢ় লৈ উঠিছে ।

( খ ) শক্তি সম্পদ :- অধিক পৰিমাণে শক্তি নির্ভৰ উদ্যোগসমূহ শক্তি সম্পদ নাতি দূৰত গঢ় লয়।উদাহৰণস্বৰূপে , ভাৰতৰ ৰাসায়নিক সাৰৰ বৃহত্তৰ কাৰখানাটো দামােদৰ উপত্যকাৰ কয়লা আৰু জলবিদ্যুৎ উৎপাদনস্থলীত অৱস্থান কৰা দেখা যায় । 

( গ ) বজাৰ :- উদ্যোগৰ পৰিসজ্জিত দ্রব্যসমূহৰ পৰিবহণ ব্যয় কেঁচামালৰ কম পক্ষেও সমান হলে উদ্যোগটো বজাৰ অৱস্থানত গঢ় লয় ৷ সেয়েহে গধুৰ যন্ত্রপাতি , গুৰু ৰাসায়নিক দ্রব্য , বস্ত্ৰ উদ্যোগ , তেল শােধনাগাৰ প্ৰভৃতি উদ্যোগসমূহ বজাৰ এলেকাত অৱস্থান কৰা দেখা যায় ।

( ঘ ) পৰিবহণ :- কেঁচামাল আৰু পৰিসজ্জিত সম্ভাৰৰ সৰবৰাহৰ সুবিধা গ্রহণ কৰি একোটা অঞ্চলত ঠাইখনৰ লগত খাপ নােখােৱা ধৰণৰ উদ্যোগ কিছুমানাে গঢ় লৈ উঠে । ভূপাল , জবলপুৰ , বৰদৰা , কানপুৰ, লুধিয়ানা প্রভৃতি ভাৰতৰ এক শ্রেণীৰ ঔদ্যোগিক চহৰ গঢ়ি উঠাৰ প্ৰধান কাৰণ হ’ল এনে চৰহসমূহ একাধিক গুৰুত্বপূৰ্ণ ৰেলপথৰ জংচনত অৱস্থিত । 

( ঙ ) শ্রমিক :- শ্রমিকবল যিকোনাে উদ্যোগৰ অপৰিহাৰ্য কাৰক । পূৰ্বতে শ্ৰমিকৰ অভাৱে সম্ভাৱনা থকা স্বত্বেও একোটা উদ্যোগ গঢ়ি উঠাত বাধাই দেখা দিছিল । কিন্তু , বর্তমান পৰিবহণ আৰু যােগাযােগ ব্যৱস্থাৰ উন্নতিৰ লগে লগে এইটো কাৰকৰ প্ৰভাৱ যথেষ্ট হ্রাস পাই আহিছে । 

( চ ) ঐতিহাসিক পৃষ্ঠভূমি :- ভাৰতৰ ঔদ্যোগিক কাম – কাজৰ আঞ্চলিক বিস্তাৰৰ ওপৰত কিছুমান প্রাচীন পৰম্পৰা আৰু ব্রিটিছ যুগৰ ঔপনিবেশিক আদর্শ জড়িত হৈ আছে । গুজৰাট আৰু মহাৰাষ্ট্ৰৰ কপাহীবয়ন উদ্যোগ , মির্জাপুৰ আৰু ভদোহিৰ দলিচা উদ্যোগ , মুর্শিদাবাদকেন্দ্রীক বয়ন উদ্যোগ অথবা মুদাবাদৰ পিতল উদ্যোগ মধ্যযুগীয় পৰম্পৰাৰ পৃষ্ঠভূমিত সম্প্রসাৰণ ঘটা দেখা যায় । 

( ছ ) ঔদ্যোগিক নীতি :- কল্যাণমূখী গণতান্ত্রিক ৰাষ্ট্ৰ হিচাবে দেশখনৰ বিভিন্ন অঞ্চলত সময় পর্যায়ৰ ঔদ্যোগিক বিকাশ ঘটোৱাৰ স্বাৰ্থত ভাৰতৰ নিজস্ব কিছুমান ঔদ্যোগিক নীতি আছে । এনে উদ্যোগ নীতিৰ আধাৰতে অত্যন্ত পিছপৰা জনজাতি এলেকাৰ মাজত ছত্তীচগড়ৰ ভিলাই আৰু উৰিষ্যাই ৰুৰকেল্লাত দুটা বৃহৎ উদ্যোগ স্থাপন কৰা হয় । 

২৬। ভাৰতৰ লাে – তীখা উদ্যোগৰ ওপৰত এটি ভৌগলিক টোকা লিখা । 

উত্তৰঃ ভাৰতৰ সামগ্রিক ভৌগােলিক পৰিবেশ লাে – তীখা উদ্যোগ গঢ় লােৱাৰ উদ্দেশ্যে অনুকুল বুলিব পাৰি । কাৰণ , এই উদ্যোগত কেঁচামাল ৰূপে ব্যৱহৃত লৌহ আক , মেংগানিজ , চুণশিল , ডল’মাইট , কয়লা প্রভৃতি খনিজ সম্প্রদােৰৰ ক্ষেত্ৰত ভাৰত এখন সমৃদ্ধিশালী দেশ । পৃথিৱীৰ ব্যৱহাৰযোগ্য লৌহ আকৰৰ এক পঞ্চমাংশ ভাৰতত সঞ্চিত হৈ আছে । দেশত বার্ষিক লৌহ আকৰৰ উৎপাদন বর্তমান প্রায় সাত কোটি টন । তদুপৰি এই দেশত সম্প্রতি বার্ষিক প্রায় ২ নিযুত টন মেংগানিজ , ১০ কোটি টন চূণশিল , ৩ নিযুত টন ডল মাইট , ৩৫ কোটি টনৰ অধিক পৰিমাণে কয়লা উৎপাদন কৰা হয় । 

এই সম্পদসমূহৰ বিতৰণৰ প্রতি লক্ষ্য কৰিলে দেখা যায় যে , দাক্ষিণাত্য মালভূমিৰ প্রায় সকলাে এলেকাতে লৌহ আকৰ পােৱা যায় । আনহাতে দামােদৰ – মহানদী অৱবাহিকা আৰু গােদাৱৰী অৱবাহিকা অৱস্থান দুটাই ভাৰতৰ কয়লা আহৰণৰ প্রধান অঞ্চল । চুণশিল , ডল’মাইট , মেংগানিজ প্রভৃতি বাকীকেইটা খনিজ সম্পদো এই কয়লাখনিৰ ওচৰে পাজৰে পােৱা যায় । 

সেয়েহে , ভাৰতৰ প্ৰায়কেইটা লাে – তীখা কেন্দ্রই এই কয়লা খনিসমূহৰ ওচৰে – পাজৰে গঢ় লৈছে । কর্ণাটকৰ ভদ্ৰাৱতী আৰু তামিলনাডুৰ চালেম তীখা কাৰখানাৰ অৱস্থান কয়লাখনিৰ ভালেখিনি বিলগত হােৱাত এই দুয়ােটা প্রতিষ্ঠানেই গধুৰ সামগ্রী প্রস্তুতৰ সলনি কম ওজন অথচ অধিক মূল্যৰ নিদাগ তীখাৰ সৰঞ্জাম প্রস্তুত কৰে । বৰ্তমানৰ দৰে তদূৰ ভৱিষ্যতেও ভাৰতৰ প্ৰতিটো বৃহৎ লাে তীখা উদ্যোগেই ১৫-২৪° উত্তৰ অক্ষাংশ আৰু ৭৬° – ৮৮° পূর্ব দ্রাঘিমাংশৰ মাজত থকাৰ সম্ভাৱনাই অধিক । 

২৭। ভাৰতৰ কপাহী বয়ন শিল্প অঞ্চলটোৰ ওপৰত এটি ভৌগলিক টোকা লিখা । 

উত্তৰঃ বর্তমান ভাৰতৰ আশী খনমান চহৰত কপাহী কাপােৰ অথবা কপাহী “ তা প্রস্তুত কৰা যন্ত্রচালিত কলসমূহ সিচৰিত হৈ থকা দেখা যায় । তথাপিও দেশৰ কপাহ খেতিৰ অঞ্চল দুটাত , অর্থাৎ উত্তৰ – পশ্চিম ভাৰত আৰু গুজৰাটৰ পৰা তামিলনাড়ু পর্যন্ত বিস্তৃত বলয়টোত দেশৰ ৪০ শতাংশ কাপােৰৰ কল কেন্দ্রীভূত হােৱা দেখা যায় । উৎপাদনৰ পৰিমাণৰ ফালৰ পৰা মহাৰাষ্ট্র , গুজৰাট আৰু তামিলনাড়ু ৰাজ্যত দেশৰ ৭১.৮ শতাংশ বস্ত্ৰ আৰু প্রায় ৬০ শতাংশ সূতা উৎপাদন কৰা হয় । ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰত অৱস্থিত ১২৫ টা কলত দেশৰ মুঠ উৎপাদনৰ ৪৩ শতাংশ বস্ত্ৰ আৰু ১৭ শতাংশ সূতা উৎপাদন কৰা হয় । 

এই ৰাজ্যৰ মুঠ ১২৫ টাকলৰ ভিতৰত ৬৩ টা মুম্বাই চহৰত অৱস্থিত । কোলহাপুৰ , সাতা , ৱাৰ্ধা , নাগপুৰ , আকোলা , শোলাপুৰ , পুণে , আমৰাৱতী , জলগাঁও প্রভৃতি চহৰসমূহত বাকীকলসমূহ সিচৰিত হৈ আছে । গুজৰাটৰ ১১৮ টা কলৰ ভিতৰত আহমেদাবাদত ৭৩ টা আৰু বাকী ৪৫ টা কল বড়ােদ , ৰাজকোট , ভৱনগৰ , পােৰবন্দৰ প্রভৃতি স্থানত অৱস্থিত । তামিলনাড়ু ৰাজ্যৰ ৪৪০ টা বয়ন শিল্প প্রতিষ্ঠানৰ ২০০ টা কইম্বাটোৰ চহৰত অৱস্থিত । 

চেন্নাই , মাদুৰাই , তিৰুচিৰাপল্লী , তিৰুনেলবেল্লী , চালেম , টুটিকোৰিণ প্রভৃতি চহৰসমূহত বাকী প্রতিষ্ঠানসমূহ সিঁচৰিত হৈ আছে । দেশৰ বিকেন্দ্রীকৃত বয়ন উদ্যোসমূহৰ ভিতৰত উত্তৰ প্ৰদেশত ৫২ টা পশ্চিমবংগত ৩৮ টা , কর্ণাটকত ৩২ টা , কেৰেলাত ২৬ টা , ৰাজস্থানত ১৮ টা আৰু মধ্য প্রদেশত ২৪ টাকল আছে । কর্ণাটকৰ কপাহ কলসমূহ ঘাইকৈ ৰাজ্যখনৰ উত্তৰ – পূৱ অৱস্থানৰ কপাহ খেতিৰ অঞ্চলটোত গঢ়ি উঠা দেখা যায় । 

দেৱানগিৰি , হুঘলী , বেলাড়ি , মহীশূৰ আৰু বাংগালুৰু প্রভৃতি চহৰসমূহ ৰাজ্যখনৰ কপাহী বয়ন উদ্যোগৰ প্রধান কেন্দ্র । অন্ধ্রপ্রদেশৰ তেলেংগানাৰ অন্তৰ্গত কপাহ , খেতিৰ বলয় অৱস্থানত এই উদ্যোগৰ সৰ্বাধিক সম্প্ৰসাৰণ চকুত পৰে । হায়দৰাবাদ , ছেকেন্দ্রাবাদ , কাজীপেট আৰু গুন্টু প্রভৃতি চহৰসমূহত এই উদ্যোগ অধিক ঘনীভূত হােৱা দেখা যায় । 

২৮৷ ভাৰতৰ চেনী উদ্যোগৰ ওপৰত এটি ভৌগলিক টোকা লিখা ।

উত্তৰঃ ১৯০৩ চনত বিহাৰৰ দ্বাৰভংগাত ভাৰতৰ প্ৰথমটো চেনীল স্থাপন কৰা হয় । পৰৱর্তী পর্যায়ত বিহাৰ , উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ বিভিন্ন স্থানত চেনীকল স্থাপন কৰা হয় । মহাৰাষ্ট্ৰত ভাৰতৰ সর্বাধিক চেনী উৎপাদন কৰা হয় । এইখন ৰাজ্যত অৱস্থিত ১৫০ টা চেনিকলৰ ভিতৰত মনমাদ চহৰৰ পৰা আহমদনগৰ , বােন্দ , পুণে , সতাৰা আৰু সাংগলী হৈ কোলাপুৰলৈ ৰেলপথটোৰ কাষত মুঠতে ৮৭ টা চেনীল পােৱা যায় । দেশৰ দ্বিতীয় বৃহৎ চেনী উৎপাদনকাৰী ৰাজ্য উত্তৰ প্ৰদেশত আকৌ গংগা – যমুনা দোৱাৰ আৰু ৰাই কাটিবন্ধত অধিক সংখ্যক চেনীকল দেখা যায় । গংগা – যমুনা দোৱাৰ কাটিবন্ধ অৱস্থানত সহানপুৰ , দেওবন্দ , মুজাফৰ নগৰ , মিৰাট , গাজিয়বাদ , বুলন্দ চহৰ, বাঘপত , ফৰুখাবাদ প্রভৃতি অৱস্থানতে অধিকসংখ্যক চেনীকল আছে । 

দক্ষিণ ভাৰতত চেনী উদ্যোগৰ কেন্দ্ৰসমূহ তামিলনাড়ু আৰু অন্ধ্রপ্রদেশত বিস্তৃত আৰ্হিত পােৱা যায় । তামিলনাডুৰ কইম্বাটুৰ , ভেলােৰ , বিলুপৰম , তিৰুচিৰাপল্লী , তিৰনেলবেল্লী , মাদুৰাই প্রভৃতি চহৰসমূহ এই উদ্যোগৰ প্ৰধান কেন্দ্র । অন্ধ্রপ্রদেশত আকৌ উপকূলীয় বলয়ৰ পূৱ আৰু পশ্চিম গােদাৱৰী আৰু বিশাখাপট্টনম জিলা তিনিখন , তেলেংগানা অঞ্চলৰ চিটুৰ জিলা  আৰু ৰায়লসীমা অঞ্চল , মােক , নিজামাবাদ প্রভৃতি জিলাসমূহত চেনীকলসমূহ সিচৰিত হৈ আছে । কর্ণাটক ৰাজ্যত মহীশূৰৰ উত্তৰে অৱস্থিত চিমােগা আৰু ইয়াৰ পূর্বে চিত্রদূৰ্গ আৰু তুংগভদ্রা নদী উপত্যকাৰ বেলাড়ি প্রভৃতি জিলাসমূহেই চেনীউদ্যোগৰ প্রধান কেন্দ্র । দেশৰ আনবােৰ চেনী উৎপাদনকাৰী ৰাজ্যৰ ভিতৰত বিহাৰৰ সাৰণ , পূৱ – চম্পৰিণ , মজঃফাৰপুৰ , সীৱান , দ্বাৰভাংগা আৰু গয়া জিলাত ভালে সংখ্যক চেনীকল আছে । পঞ্জাবত ঘেঁহু আৰু ধান খেতিত অগ্রাধিকাৰ প্ৰদানৰ ফলত চেনী উদ্যোগৰ গতি স্তব্ধপ্রায় হােৱাই দেখা গৈছে । 

২৯। মুম্বাই পুনে ঔদ্যোগিক অঞ্চলৰ প্ৰধান বৈশিষ্ট্য আলােচনা কৰা । 

উত্তৰঃ মুম্বাই চহৰাঞ্চলৰ পৰা ঠাণে – কল্যাণ – পিম্পৰী হৈ পুণে ৰে’লপথ কেন্দ্রিক এই ঔদ্যোগিক বলয়টোৱে ওচৰৰ নাসিক আৰু শোলাপুৰ জিলা দুখনকো সামৰি লৈছে । তদুপৰি ইয়াৰ সান্নিধ্যত থকা কোলাবা , আহমেদনগৰ , সতা , সাংগলি আৰু জলগাঁও প্রভৃতি জিলাসমূহতাে ঔদ্যোগিক ত্বৰায়ন ঘটাইছে । কপাহ খেতি অঞ্চলত অৱস্থিত এইটো বলয়ত কপাহী বয়ন শিল্পৰ মাধ্যমত ঔদ্যোগীকৰণ আৰম্ভ হৈছিল । ১৮৬৯ চনত চুৱেজ খাল মুকলি কৰাৰ লগে লগে এই ঔদ্যোগিক বলয়ৰ নাভিবিন্দু মুম্বাই বন্দৰ হৈ অঞ্চলটোলৈ যন্ত্রপাতি আমদানি আৰু বস্ত্র – সম্ভাৰ ৰপ্তানিৰ পথ অধিক সুচল হৈ পৰে । এইটো ঔদ্যোগিক এলেকা কয়লাখনিৰ পৰা যথেষ্ট নিলগত । সেয়েহে অঞ্চলটোৰ প্ৰায়বােৰ শিল্প প্রতিষ্ঠানেই সহ্যাদ্রিৰ পৰা আৰব সাগমুখী । মৌচুমীপুষ্ট নদীসমূহত উৎপাদিত জলবিদ্যুৎ শক্তিৰ ওপৰত নিৰ্ভৰ কৰি চলে । 

কপাহী বয়ন উদ্যোগৰ প্রায় সমান্তৰালভাৱেই অঞ্চলটোত ৰাসায়নিক খণ্ডৰ উদ্যোগেও মূৰ দাঙি উঠে । মুম্বাই হাই অৱস্থানত খনিজ তেলৰ উদঘাটন আৰু ট্রম্বেত পাৰমাণৱিক শক্তিৰ উৎপাদন গােট স্থাপনৰ লগে লগেই এই অঞ্চলত নতুন এলানি শিল্প উদ্যোগ গ্রুপ খাই পৰে । বর্তমান অঞ্চলটোত পৰম্পৰাগত বয়ন উদ্যোগৰ উপৰিও অভিযান্ত্রিক সৰঞ্জাম , খনিজ তেলৰ শােধনু , পেট্র’ৰাসায়নিক , চামড়া , প্লাষ্টিক , চিন্থেটিক সূতা , ঔষধ , ৰাসায়নিক সাৰ , বৈদ্যুতিক সৰঞ্জাম , জাহাজ নির্মাণ , মটৰগাড়ী , খাদ্য প্রস্তুতকৰণ , তথ্য প্রযুক্তি সৰঞ্জাম প্রভৃতি অলেখ লক্ষণৰ উদ্যোগ উপর্যুপৰি থুপ খােৱা দেখা যায় । এই উদ্যোগ বলয়ৰ উল্লেখযােগ্য ঔদ্যোগিক কেন্দ্রসমূহ হৈছে মুম্বাই , বান্দৰা , কোলাবা , ঠাণে , কল্যাণ , উল্লাস নগৰ , লােনাৱলা , পিম্পৰী , পুণে , ট্রম্বে , নাসিক , মনমাদ , শােলাপুৰ , আহমেদনগৰ , সৰা , সাংগলি , পনৱেল আৰু কোলাপুৰ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top