Class 12 Geography Unit 2 জনসংখ্যা আৰু উন্নয়ন

Class 12 Geography Unit 2 জনসংখ্যা আৰু উন্নয়ন The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 2 জনসংখ্যা আৰু উন্নয়ন and select needs one.

Class 12 Geography Unit 2 জনসংখ্যা আৰু উন্নয়ন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 2 জনসংখ্যা আৰু উন্নয়ন Solutions for All Subject, You can practice these here…

২০। পৃথিৱীৰ জনসংখ্যা ঘনত্বৰ তাৰতম্যৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ পৃথিৱীৰ জনসংখ্যা ঘনত্ব সকলাে ঠাইতে সমান নহয় । প্রতিটো অঞ্চলৰ নিজ নিজ পৰিসৰত জনসংখ্যাৰ নির্দিষ্ট একোটা ধাৰণ ক্ষমতা আছে । ভূমিখণ্ড আৰু ইয়াৰ সামগ্রিক পৰিবেশৰ উৎপাদিকা শক্তিৰ ওপৰত অঞ্চল একোটাৰ জনসংখ্যাৰ ধাৰণ ক্ষমতা নির্ভৰ কৰে । সম্পদ সমৃদ্ধ এলেকা এটা আকাৰত সৰু হ’লেও সম্পদ বিশিষ্ট বিশাল অঞ্চল এটাতকৈ বেছি মানুহক আশ্রয় দিব পাৰে । এনেসমূহ কাৰণৰ বাবে ধৰাপৃষ্ঠৰ বিভিন্ন অঞ্চলত জনসংখ্যাৰ 

ঘনত্বৰ তাৰতম্য ঘটে । 

জনসংখ্যা ঘনত্বৰ ওপৰত ভিত্তি কৰি সমগ্র পৃথিৱীক চাৰিটা ভাগত বিভক্ত কৰা হৈছে । ভাগ কেইটা হ’লঃ 

( i ) বিৰল বসতিৰ অঞ্চল ।

( ii ) পাতল বসতিৰ অঞ্চল ।

( iii ) মজলীয়া ঘনবসতিৰ অঞ্চল । আৰু

( iv ) অতি ঘন বসতিৰ অঞ্চল ।

( i ) বিৰল জনবসতিৰ অঞ্চল :- এনে অঞ্চলত জনসংখ্যা ঘনত্ব মাত্র ১-২ জন । যিবােৰ অঞ্চলৰ জলবায়ু চৰম ভাৱাপন্ন তেনে অঞ্চলত বিৰল জনবসতি দেখা যায় । এন্টার্কটিকা , ছাইবেৰিয়াৰ উত্তৰাঞ্চল , চাহাৰ , আৰু মৰুভূমি , আটাকামা , কালাহাৰি আদি লি জনবসতিৰ অঞ্চলৰ অন্তৰ্গত । 

( ii ) পাতল জনবসতিৰ অঞ্চলঃ এনে অঞ্চলত জনবসতিৰ ঘনত্ব ১০-১৫ জন । যুক্তৰাষ্ট্ৰৰ পৰা পানামা পর্যন্ত উত্তৰ আমেৰিকাৰ ৰাষ্ট্রসমূহ , সমগ্র ভূমধ্যসাগৰীয় ইউৰােপ আৰু অষ্ট্রেলিয়াৰ সিক্ত পূর্ব উপকূল এনে অঞ্চলৰ অন্তৰ্গত । 

( iii) মজলীয়া ঘন জনবসতিৰ অঞ্চলঃ এনে অঞ্চলত জনসংখ্যা ঘনত্ব প্রতিবর্গ কিলােমিটাৰত ৫০-২০০ জন । দক্ষিণ আমেৰিকা , দক্ষিণ আফ্রিকা , স্পেইন , পতুর্গাল , মধ্য ইউৰােপীয় সমভূমি প্রভৃতি অঞ্চলত এনে জনবসতি দেখা যায় । 

( iv ) অতি ঘন জনবসতিৰ অঞ্চল :- এনে অঞ্চলত জনসংখ্যা ঘনত্ব ২০০ জনতকৈ অধিক হয় । আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ – পূব অংশ , ব্রিটিছ দ্বীপপুঞ্জকে ধৰি ইউৰােপৰ পশ্চিমাঞ্চল , এছিয়াৰ দক্ষিণ , দক্ষিণ – পূর্ব আৰু পূবত অৱস্থিত সমভূমি অঞ্চল আৰু আফ্রিকাৰ নীল-নদীৰ প্লাৱন ভূমিত এনে জনবসতি দেখা যায় ।

২১। জনসংখ্যা পৰিৱৰ্তনৰ উপাদানবােৰ আলােচনা কৰা । 

উত্তৰঃ জনসংখ্যাৰ পৰিৱৰ্তন প্রধানকৈ তিনিটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে । সেইকেইটা হ’ল– 

( i ) জন্মহাৰ ।

( ii ) মৃত্যুহাৰ । আৰু

( iii ) প্ৰৱজন ।

( i ) জন্মহাৰঃ কোনাে এটা অঞ্চলৰ প্রতি ১০০০ জন লােকৰ বিপৰীতে এটা বছৰত জন্ম লাভ কৰা জীৱন্ত শিশুৰ সংখ্যাক অপৰিশােধিত জন্মহাৰ বােলে । অর্থাৎ

( ii ) মৃত্যুহাৰ :- বার্ষিক মৃত্যু সংখ্যাক মুঠ জনসংখ্যাৰ সহস্রাংশ ৰূপত প্ৰকাশ কৰি একোটা অঞ্চলৰ অপৰিশােধিত মৃত্যুহাৰ পােৱা যায় । অর্থাৎ,

( iii ) প্রজনঃ অঞ্চল একোটাত জনসংখ্যাৰ হ্রাস বৃদ্ধি ঘটাৰ অন্যতম এটা কাৰণ হ’ল জনপ্ৰৱজন । গাইগুটীয়াভাৱে বা দলৱদ্ধ ভাৱে স্থায়ী অথবা নির্দিষ্ট সময় অতিবাহিত কৰাৰ উদ্দেশ্য এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ বাসস্থান সলােৱা কাৰ্য্যকে জন প্ৰৱজন বা প্ৰবজন বুলি । কোৱা হয় । প্ৰৱজনৰ ফলত এটা অঞ্চলত জনবসতি ঘন হােৱাৰ বিপৰীতে আন এটা অঞ্চলত জনবসতি পাতল হয় । 

২২। পৃথিৱীৰ জনসংখ্যা বৃদ্ধিৰ গতিধাৰা সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ নির্দিষ্ট সময়ৰ ব্যৱধানত নির্দিষ্ট চাৰিসীমাৰ ভিতৰত ঘটা অধিবাসীৰ সংখ্যাৰ বৃদ্ধিকে জনসংখ্যা বৃদ্ধি বুলি কোৱা হয় । ১৬৫০ চনত পৃথিৱীৰ মুঠ জনসংখ্যা আছিল ৫০০ নিযুত । কিন্তু ২০০১ চনত এই সংখ্যা বৃদ্ধি পাই ৬১৩৩ নিযুত হয়গৈ । উল্লেখযােগ্য যে , কুৰি শতিকাৰ তুলনাত একবিংশ শতিকাত পৃথিৱীৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কিছু পৰিমাণে হ্রাস পাইছে । বিশেষকৈ , বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ প্ৰসাৰে জনসংখ্যাৰ বৃদ্ধি ৰােধত যথেষ্ট প্ৰভাৱ পেলাইছে । জন্ম নিয়ন্ত্রণ , পৰিয়াল কল্যাণ আদিৰ দৰে আঁচনিসমূহৰ জৰিয়তে উন্নত জীৱন ধাৰণৰ অভিলাষে মানুহক আকৃষ্ট কৰাৰ পৰিপ্ৰেক্ষিতত বৰ্ত্তমান বিশ্ব জনসংখ্যাৰ পৰিমাণ সামান্য পৰিমাণে হ’লেও নিয়ন্ত্ৰণলৈ আহিছে । কাৰণ , ১৯৭৫ চনৰ পৰা ১৯৯৫ চনলৈ সমগ্র বিশ্ব জনসংখ্যা প্রায় ২০০’ কোটি বৃদ্ধি পাইছিল । 

কিন্তু , পৰৱৰ্তী কালত অর্থাৎ ২০০১ চনত বিশ্বৰ মুঠ জনসংখ্যা হয়গৈ ৬১৩ কোটি । তথাপিও , চিকিৎসা বিজ্ঞানৰ উন্নতিয়ে মহামাৰী আৰু সংক্রামক ৰােগজনিত মৃত্যুহাৰ কমাই অনাৰ লগতে স্বাস্থ্যসন্মত দীর্ঘজীৱন যাপনৰ পথ প্রশস্ত কৰে । গতিকে , দীর্ঘজীৱন আৰু সংকুচিত মৃত্যু হাৰৰ ফলত দ্রুত জনসংখ্যা বৃদ্ধিৰ সম্ভাৱনা নুই কৰিব নােৱাৰি । সাম্প্রতিক সময়ত পৃথিৱীৰ জনসংখ্যা ৮ কোটি মানকৈ বৃদ্ধি পাবলৈ ধৰিছে । 

২৩। জনদৃশ্যপট সংক্ৰমণৰ সূত্ৰটো আলােচনা কৰা । 

উত্তৰঃ জনদৃশ্যপট সংক্ৰমণৰ সূত্র অনুসৰি এটা অঞ্চলৰ অধিবাসীসকল কৃষিকেন্দ্রীক গ্রাম্য নিৰক্ষৰ আৰ্থ – সামাজিক অৱস্থাৰ পৰা ক্ৰমে নগৰীয়া , উদ্যোগকেন্দ্রীক আৰু শিক্ষিত আর্থ – সামাজিক অৱস্থা অভিমুখে পর্যায়ক্রমে আগুৱাই গৈ থাকে । এই বহুমুখী আর্থ – সামাজিক পৰিৱর্তনৰ প্ৰাৰম্ভিক স্তৰত অঞ্চলটোৰ অধিবাসীসকলৰ মাজত জন্মহাৰ আৰু মৃত্যুহাৰ দুয়ােটাই উচ্চ নিৰিখৰ হয় । 

দ্বিতীয় পর্যায়ত মৃত্যুহাৰ ক্ষিপ্র গতিত কমে যদিও জন্মহাৰ প্ৰায় আগৰ দৰেই থকাৰ ফলত জনসংখ্যাৰ দ্রুত বৃদ্ধি হয় । আনহাতে , আর্থ – সামাজিক বিৱৰ্তনৰ পৰৱর্তী পর্যায়ত জন্মহাৰ কমি গৈ মৃত্যুহাৰৰ সমপ্ৰায়য হৈ পৰে আৰু জনসংখ্যাৰ স্বাভাবিক বৃদ্ধি শূন্যৰ কাষ চাপে । 

ইফালে অঞ্চলটোৰ সামগ্রিক প্রকৰণৰ ওপৰত প্রাথমিক খণ্ডৰ পৰিৱর্তে দ্বিতীয়ক , তৃতীয়ক অথবা চতুর্থক খণ্ডসমূহৰ নিয়ন্ত্রণ শক্তিশালী হয় । ইয়াৰ সমান্তৰালভাৱেই কাৰিকৰী জ্ঞান , দূৰদর্শিতা , সুস্বাস্থ্য প্রভৃতিৰো আশানুৰূপ বিকাশ ঘটে । প্রাথমিক খণ্ডত অপ্রশিক্ষিত শ্রম প্রয়ােগ আৰু উচ্চ নিৰিখৰ জন্ম – মৃত্যু হাৰৰ লক্ষণধাৰী প্ৰাৰম্ভিক অৱস্থাৰ পৰা প্রশিক্ষিত কর্মী পৰিচালিত নগৰ কেন্দ্রীক শিল্প – উদ্যোগ অর্থব্যৱস্থাসহ নিম্নমানৰ জন্ম – মৃত্যু হাৰৰ অৱস্থা একোটা । পােৱালৈকে সমাজ একোখনে পর্যায়ক্রমে অতিক্ৰম কৰি যােৱা আর্থ – সাংস্কৃতিক অৱস্থাৰ সমাহাৰকে জনদৃশ্যপট সংক্রমণ চক্র বােলা হয় । 

জনদৃশ্যপট সংক্ৰমণৰ প্ৰাৰম্ভিক পর্যায়ত বিজ্ঞান আৰু প্ৰযুক্তিৰ সীমাবদ্ধতাৰ হেতু আর্থিক কাম – কাজ মাত্রেই পেশীবলৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে । সেয়েহে এইটো পর্যায়ত অধিক জনসংখ্যাৰ চাহিদা বাহাল থাকে । আকৌ মহামাৰী অথবা আন কিছুমান কাৰণত অকস্মাত বহু লােকৰ মৃত্যু হয় । গতিকে এনে অৱস্থাত জনসংখ্যা বৃদ্ধিৰ তীব্ৰ প্রৱণতাৰ হেতু সমাজত জন্মহাৰ বৃদ্ধি পায় । কিন্তু , মৃত্যুহাৰ উচ্চ হােৱাৰ ফলত এনে অৱস্থাত জনসংখ্যা বৃদ্ধি হাৰ নিচেই সীমিত হৈ ৰয় । 

জনদৃশ্যপট সংক্ৰমণৰ দ্বিতীয় পর্যায় , কিছুহলেও স্বাস্থ্যসন্মত জীৱন – যাপন আৰম্ভ হােৱাৰ লগতে চিকিৎসা বিজ্ঞানৰ উন্নতিৰ ফলত মৃত্যুহাৰ কমি যােৱাৰ ফলত জন্মহাৰ আৰু মৃত্যুহাৰৰ ব্যৱধান স্বৰূপে জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি খৰতকীয়া হয় । 

জনদৃশ্যপট সংক্রমণৰ অন্তিম পর্যায়ত জন্মহাৰ আৰু মৃত্যুহাৰ দুয়ােটাই উল্লেখনীয় মাত্রাত কমি যােৱাৰ ফলত জনসংখ্যা প্রায় অপৰিৱর্তনীয় অথবা নাম মাত্রা বৃদ্ধি দেখা যায় । তদুপৰি এইটো পর্যায়ত সমাজৰ অধিকাংশ লােকেই শিক্ষিত , নগৰবাসী , আৰু পৰিকল্পিত জীৱন যাত্ৰাৰ প্রতি আগ্রহী হয় । 

২৪। উন্নয়নশীন দেশসমূহত হােৱা জনসংখ্যা বিস্ফোৰণৰ উমৈহতীয়া কাৰণসমূহৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ কোনাে এক অঞ্চল বা দেশত হােৱা জনসংখ্যাৰ অভাৱনীয় বৃদ্ধিক জনসংখ্যা বিস্ফোৰণ বােলা হয় । জনসংখ্যা বিস্ফোৰণ মূখ্যতঃ উন্নয়নশীল দেশসমূহত হােৱা কিছুমান কাৰণ হ’ল- 

( ক ) অনিয়ন্ত্রিত জন্মৰ হাৰঃ নিৰক্ষৰতা , অন্ধবিশ্বাস আদিৰ বাবে উন্নয়নশীল দেশসমূহত চৰকাৰে বহুতাে পৰিয়াল পৰিকল্পনা , কল্যাণ আঁচনি ৰূপায়ণ কৰিছে যদিও সেইবােৰে কাৰ্যতঃ অনিয়ন্ত্রিত জন্মৰ হাৰ ৰােধ কৰিব পৰা নাই । 

( খ ) প্রব্রজনঃ অনুন্নত দেশসমূহৰ পৰা উন্নয়নশীল দেশসমূহলৈ অহৰহ প্ৰব্ৰজন হৈ থকাৰ বাবে উন্নয়নশীল দেশসমূহৰ জনসংখ্যা অনিয়ন্ত্রিত হাৰত বৃদ্ধি পাব ধৰিছে । 

( গ ) সামাজিক পৰম্পৰা :- বর্তমানেও বহুতাে উন্নয়নশীল দেশত বহুবিবাহ , বাল্যবিবাহ প্রথা প্রচলন আছে । ইয়ে জনসংখ্যা বৃদ্ধিত বহু পৰিমাণে অৰিহণা যােগায় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top