Class 12 Geography Unit 13 জনসংখ্যাৰ গাঁথনি

Class 12 Geography Unit 13 জনসংখ্যাৰ গাঁথনি The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 13 জনসংখ্যাৰ গাঁথনি and select needs one.

Class 12 Geography Unit 13 জনসংখ্যাৰ গাঁথনি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 13 জনসংখ্যাৰ গাঁথনি Solutions for All Subject, You can practice these here…

দীঘল প্রশ্নৰ উত্তৰ লিখা

৩৪। ২০০১ চনৰ লােকপিয়ল মতে তলৰ কোনখন জিলাত লিংগ অনুপাত সর্বাধিক দেখুওৱা হৈছে ? 

( ক ) লখিমপুৰ ।

( খ ) গােৱালপাৰা ।

( গ ) বঙাইগাওঁ । আৰু

( ঘ ) উত্তৰ কাছাৰ ।

উত্তৰঃ ( খ ) গােৱালপাৰা । 

৩৫। অসমৰ সামাজিক গাঁথনিত জনসংখ্যাৰ প্ৰভাৱ সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ সাম্প্রতিক সময়ত অসমত বসবাস বা অধিবাসীসকল মূলতঃ ভাৰতৰ বিভিন্ন অঞ্চলকে ধৰি ওচৰৰ চুবুৰীয়া বিদেশী ৰাষ্ট্ৰৰ পৰাও ভিন্ ভিন্ সময়ত ভিন্ন ভিন্ উদ্দেশ্যে প্ৰৱজন কৰা লােকে অসমত স্থায়ী অথবা অস্থায়ীৰূপে অসমত বসবাস কৰাৰ বিষয়ে জনা যায় । বিভিন্ন সময়ত অসমলৈ আহি বসতি স্থাপন কৰা বিভিন্ন ফৈদৰ লােকসকলৰ মাজত সেয়েহে অর্থনৈতিক , সাংস্কৃতিক , গােষ্ঠীগত আৰু বৌদ্ধিক পর্যায়ৰ অনেক তাৰতম্য দেখা যায় । জীৱন – যাপন প্রণালীৰ লগত প্রত্যক্ষভাৱে জড়িত এনেবােৰ বৈচিত্ৰক আশ্রয় কৰি আকৌ ভিন ভিন ফৈদৰ লােকসকলৰ সামাজিক মর্যাদাও অৱস্থা সাপেক্ষে হীন দেৰি হয় । অসমত প্ৰাগ ঐতিহাসিক যুগৰ পৰা বসতি স্থাপন কৰি অহা বড়াে , ৰাভা , মিচিং , কাৰ্বি , তিৱা , ডিমাচা প্রভৃতি ভিন্ন সংস্কৃতিবাহী লােকসকল মংগােলীয় গােষ্ঠীৰ অন্তৰ্গত তিব্বত – বর্মীমূলীয় ভাষা ভাষী । 

আহােম , খামতি , ফাকিয়াল , আইটন , টুং প্রভৃতি উজনি অসমত কেন্দ্রীভূত মংগােল গােষ্ঠীয় লােকসকলে আকৌ ত্রয়ােদশ শতিকাৰ পৰা সপ্তদশ শতিকাৰ মাজৰ সময়ছােৱাত চীনৰ পৰা থাইলেণ্ড হৈ অসমত প্ৰৱেশ কৰে । অসমৰ আৰ্যমূলীয় লােকসকল সাংস্কৃতিকভাবে বহুধা বিভক্ত । প্রাগ ঐতিহাসিক যুগৰ পৰা আৰম্ভ কৰি প্ৰাক্‌ ব্রিটিছ যুগৰ মাজৰ কালছােৱাত অসমত সােমােৱা সম্পূর্ণ অসমীয়া ভাষী আর্যমূলীয় লােকসকলৰ মাজত বৰ্ণহিন্দু , অনুসূচীত জাতিৰ হিন্দু ধর্মাৱলম্বী লােক আৰু যথেষ্ট সংখ্যক মুছলমানধর্মী লােক সন্নিবিষ্ট হৈ আছে ৷ এইসকলে গংগা উপত্যকাৰ পৰা বা উপত্যকাৰ মাজেৰে সমকালীন সংস্কৃতিসহ ভিন্ন সূত্রে অসমত প্ৰৱেশ কৰে । ব্রিটিছ শাসনকালৰ পৰা আৰম্ভ কৰি বর্তমান সময়লৈকে এই গংগে সংস্কৃতিবাহী বাংলা , হিন্দী অথবা নেপালী ভাষী আন তিনিটা গােষ্ঠীৰ লােকৰ অসমলৈ অবিৰত আগমন ঘটিছে । 

বাণিজ্য , উদ্যোগ , চাকৰি আৰু শাৰীৰিক শ্ৰমৰ চাৰিখন প্রধান ক্ষেত্ৰত ৰাজ্যখনৰ প্রায় সকলাে অঞ্চলতে সিঁচৰিত হৈ থকা এই লােকসকল ক্রমশঃ অসমৰ নিগাজী বাসিন্দা তথা অসমীয়া ভাষী হৈ আহিছে । ব্রিটিছৰ শাসনকালত অসমত ৰােপণ পদ্ধতিৰ চাহ খেতি আৰম্ভ কৰােতে ইউৰােপীয় চাহ খেতিয়কৰ পৃষ্ঠপােষকতাত ঘাইকৈ উপদ্বীপীয় মালভূমি অঞ্চলৰ বভিন্ন ঠাইৰ পৰা অপ্রশিক্ষিত শ্রমিক অসমলৈ আনি নিগাজীকৈ বহুওৱা হয় । মূলতঃ ভিন্ ভিন এলেকাৰ ভিন ভিন সম্প্রদায়ৰ লােক আছিল যদিও চাহ বাগিছাৰ শ্ৰমকেন্দ্রীক অর্থনীতিয়ে একাকাৰ কৰি পেলােৱা এইসকল প্ৰৱজকৰ উত্তৰাধিকাৰী বৃন্দক অসমত চাহ শ্রমিক সম্প্রদায় বুলিয়েই চিনাক্ত কৰা হয় । ৰাজ্যখনৰ বিভিন্ন জাতি জনজাতিসমূহৰ প্রত্যেকেই একোটা পৰম্পৰাগত মাতৃভাষা আৰু নিজস্ব আর্থ সাংস্কৃতিক জীৱনশৈলীৰ অধিকাৰী ।বড়াে , মিচিং , তৱা , ৰাভা , ঠেঙাল আদিৰ দৰে জনগােষ্ঠীসমূহৰ একোখনকৈ স্বায়ত্ত্ব পৰিষদ আছে । 

৩৬৷ জিলা ভিত্তিক অসমৰ জনসংখ্যা বৃদ্ধি আৰু ঘনত্ব সম্পর্কে এটি টোকা লিখা । 

উত্তৰঃ অসমৰ জিলাসমূহত জনসংখ্যা বৃদ্ধিহাৰ লক্ষ্য কৰিলে দেখা যায় যে কামৰূপ জিলাতেই ১৯৯১ – ২০০১ চনৰ দশকত জনসংখ্যা বৃদ্ধিৰ হাৰ ৰাজ্যৰ ভিতৰতে সর্বাধিক ২৬.১১ শতাংশ । বিভিন্ন জিলাৰ পৰা হােৱা গুৱাহাটীমুখী আন্তঃস্থানীয় প্ৰব্ৰজন আৰু অসমৰ বাহিৰৰ অন্যান্য ৰাজ্যৰ পৰা হােৱা আন্তঃৰাজ্যিক প্রবজনেই কামৰূপ জিলাত দ্রুত হাৰত জনসংখ্যা বৃদ্ধিৰ ঘাই কাৰণ । একেদৰেই পার্বত্য জিলা দুখনতাে ২২-২৫ শতাংশ বৃদ্ধি হােৱাৰ কাৰণ হিচাবে উন্মুক্ত ভূমিলৈ আন অঞ্চলৰ পৰা ঘটা প্ৰৱজনৰ কথা উল্লেখ কৰিব পাৰি । 

ধুবুৰী , গােৱালপাৰা , নগাওঁ , কৰিমগঞ্জ , মৰিগাঁও আৰু হাইলাকান্দি জিলাত একে সময়তে ঘটা কুৰি শতাংশৰ ওপৰৰ বৃদ্ধিৰ হাৰ ৰাজ্যখনলৈ ঘটা সন্দেহজনক অনুপ্রৱেশৰ ফল বুলিব পাৰি । আকৌ বৰপেটা , দৰং , শােণিতপুৰ , লক্ষিমপুৰ , ধেমাজী , শিৱসাগৰ , তিনিচুকীয়া , কাছাৰ প্রভৃতি ৰাজ্যৰ স্থিৰ অৰ্থনীতিৰ আঠখন জিলাত বিগত দশকৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৫-২০ শতাংশ । অর্থাৎ ৰাজ্যিক বৃদ্ধি হাৰৰ প্রায় সমান । আনহাতে , কোকৰাঝাৰ , বঙাইগাওঁ , নলবাৰী , গােলাঘাট , যােৰহাট আৰু ডিব্ৰুগড় জিলাত এই সময়ছােৱাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১২-১৫ শতাংশ মাত্র । 

সামগ্রিক ৰূপত অসমত জনসংখ্যা ঘনত্ব প্রতি বর্গ কিঃমিঃ ভূ – ভাগৰ বিপৰীতে ৩৪০ জন । কিন্তু , অঞ্চল নির্বিশেষে এই ঘনত্ব একে নহয় । অসমৰ নগাঁও জিলাত জনসংখ্যা ঘনত্ব ৰাজ্যখনৰ ভিতৰতে সর্বাধিক , প্রতি বর্গ কিল’মিটাৰত ৬০৪ জন । ইয়াৰ পাছত যথাক্রমে ধুবুৰী , কামৰূপ , কৰিমগঞ্জ , নলবাৰী আৰু বৰপেটা জিলাত প্রতি বর্গ কিঃমিঃ এলেকাত ৫০০ জৈনৰ অধিক লােকে বসবাস কৰা দেখা যায় । মৰিগাওঁ, গােৱালপাৰা , দৰং আৰু হাইলাকান্দি জিলাত জনসংখ্যা ঘনত্ব ৪০১-৫০০ জনৰ পৰিসৰত পােৱা যায় । 

অসমৰ আঠখন জিলা জনসংখ্যা ঘনত্ব ৰাজ্যখনৰ সামগ্রিক ঘনত্বৰ ওচৰে – পাজৰে হােৱা দেখা যায় । এই জিলাসমূহ হৈছে যথাক্রমে শিৱসাগৰ , লক্ষিমপুৰ , কাছাৰ , বঙাইগাওঁ , ডিব্ৰুগড় , যােৰহাট , শোণিতপু আৰু তিনিচুকীয়া । বাকী কেইখন জিলাৰ ভিতৰত কোকৰাঝাৰ , গােলাঘাট আৰু ধেমাজি জিলাৰ জনবসতি সেৰেঙা হােৱা দেখা যায় । অসমৰ দুখন পার্বত্য জিলা কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলাক এতিয়াও বিৰল জনবসতিৰ এলেকা ৰূপে গণ্য কৰিব পাৰি । 

৩৭। অসমৰ জনসাধাৰণৰ ধর্মীয় গাঁথনি সম্পর্কে বহলাই লিখা । 

উত্তৰঃ ভাৰতৰ প্ৰায় সকলাে ধৰ্মাৱলম্বী লােক প্রতিনিধি অসমৰ অধিবাসীসক মাজত পােৱা যায় । তদুপৰি অসমৰ ভালেমান সৰু বৰ অনুসূচিত জনজাতি গােষ্ঠীৰ মাজ জড়ােপাসক লোকৰ উপস্থিতিও দেখা যায় । ২০০১ চনৰ জনগণনা অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ৬৪.৮৯ শতাংশ হিন্দু , ৩০.৯২ শতাংশ মুছলমান , ৩.৭ শতাংশ খ্রীষ্টিয়ান , ০.১২ শতাংশ বৌদ্ধ , ০.০৯ শতাংশ জৈন , ০.০৮ শতাংশ শিখ ধৰ্মাৱলম্বী আৰু অৱশিষ্ট ১.৩ শতাংশ লােক জড়ােপাসক অথবা নাস্তিক ভাবধাৰাৰ অনুগামী আছিল । 

সর্বভাৰতীয় ধর্মীয় গাঁথনি , লগত ৰিজনি কৰিলে অসমৰ অধিবাসীসকলৰ মাজত মুছলমান , খ্রীষ্টিয়ান , বৌদ্ধ আৰু জৈন ধৰ্মাৱলম্বীৰ অনুপাত উচ্চ হােৱাৰ বিপৰীতে হিন্দু আৰু শিখ ধর্মীৰ অনুপাত কম । ৰাজ্যখন মুঠ জনসংখ্যা প্রায় ৯৬ শতাংশই হিন্দু অথবা মুছলমান ধৰ্মাৱলম্বী । অর্থাৎ আনবােৰ ধৰ্মাৱলম্ব লােক সংখ্যা কম – বেছি হােৱাৰ ফলত ৰাজ্যখনত জিলাভিত্তিক ধর্মীয় গাঁথনিৰ প্ৰতিৰূপ চকুত লগা পৰিৱৰ্তন একোৱেই নঘটে । 

অসমৰ বিভিন্ন অৱস্থানত সৰ্বমুঠ ৯.৮৬,৫৮৯ জন খ্রীষ্টধর্মী , ৫১,০২৯ জন বৌদ্ধ , ২৩,৯৫৭ জন জৈন আৰু ২২,৫১৯ জন শিখধর্মী লােকে বাস কৰি আছে । মুঠ জনসংখ্যাৰ শতাংশ অনুক্রমে উত্তৰ কাছাৰ , কাৰ্বি আংলং , কোকৰাঝা আৰু গােৱালপাৰা , শােণিতপুৰ , দৰং , গােলাঘাট আৰু তিনিচুকীয়া জিলাত খ্রীষ্টিয়ান ধৰ্মাৱলীঃ অনুপাত অধিক । ৰাজ্যৰ এক চতুর্থাংশৰাে অধিক বৌদ্ধধর্মী লােক তিনিচুকীয়া জিলাৰ নিগাওঁ বাসিন্দা । খামতি , ফাকিয়াল , খ্যামাং প্রভৃতি গােষ্ঠীভুক্ত লােকসকল এই ধৰ্মাৱলম্বী । ডিব্ৰুগড় , শিৱসাগৰ , শোণিতপুৰ , কাৰ্বি আংলং , গােলাঘাট প্রভৃতি জিলাসমূহতাে এই ধৰ্মাৱলম্বী লােকসকলক কিছুমান নির্বাচিত অৱস্থানত পােৱা যায় । জৈন ধর্ম ৰাজস্থান প্রদেশৰ পৰা আছি, ব্যৱসায় – বাণিজ্য পৰিচালনাসূত্রে বসতি স্থাপন কৰা একাংশ ন – অসমীয়াৰ মাজতহে পোৱা যায় । 

৩৮। অসমৰ জনসাধাৰণৰ বিভিন্ন ধৰণৰ জীৱিকাৰ বিষয়ে বহলাই আলােচনা কৰা ।

উত্তৰঃ ২০০১ চনৰ জনগণনা অনুসৰি অসমত সৰ্বমুঠ কর্মজীৱীৰ সংখ্যা আছিল ১৫,৩৮,৫৯১ জন , অর্থাৎ মুঠ জনসংখ্যাৰ ৩৫.৭৮ শতাংশ ।ইয়াৰে ৭১,১৪,০৯৭ জন কর্মজীৱী লাক পূর্ণ পর্যায়ত কৰ্মৰত হােৱাৰ বিপৰীতে অৱশিষ্ট ২৪,২৪,৪৯৪ জন আছিল অংশকালীন । বর্যায়ৰ কর্মী । ৰাজ্যৰ মুঠ কর্মজীৱী লােকৰ ৩৭,৩০,৭৭৩ জন কৃষক , ১২,৬৩,৫৩২ জন কৃষিখণ্ডৰ শ্ৰমিক , ৩,৪৪,৯১২ জন ক্ষুদ্র আৰু কুটীৰ শিল্প খণ্ডত আৰু বাকী ৪১,৯৯,৩৭৪ জন । লাক ৰাজ্যখনৰ অন্যান্য উদ্যোগ আৰু সেৱা খণ্ডসমূহত মকৰল হৈ থকা দেখা যায় । 

ঘাইকৈ চাহ বাগিছাৰ প্রাধান্য থকা জিলাসমূহত মুঠ জনসংখ্যাৰ অনুপাতে কৰ্মচাৰী লােকৰ সংখ্যা চৰাচৰ বেছি হয় । লখিমপুৰ , ধেমাজি আৰু কাৰ্বি আংলং জিলাৰ বেলিকা আকৌ প্রাথমিক গুৰ বাহিৰে দ্বিতীয় , তৃতীয়ক অথবা চতুর্থক খণ্ডৰ কাম – কাজৰ নিচেই সীমিত । সেয়েহে কবল প্রাপ্তিৰ উদ্দেশ্যে প্রশিক্ষণ লােৱাৰ অৱকাশবিহীন পৰিবেশত প্রাপ্তবয়স্ক প্রায় প্রতিজনেই । ষিখণ্ডত স্বনিয়ােজন বিচাৰি লয় । কামৰূপ , কাছাৰ , ডিব্ৰুগড় , তিনিচুকীয়া , শিৱসাগৰ প্রভৃতি জলাসমূহত মুঠ কৰ্মৰত লােকৰ বুজন অংশ একোটা দ্বিতীয়ক , তৃতীয়ক অথবা চতুর্থ খণ্ডত কল হৈ থকা পােৱা যায় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top