Class 12 Geography Unit 12 অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু

Class 12 Geography Unit 12 অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 12 অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু and select needs one.

Class 12 Geography Unit 12 অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 12 অসমৰ ভূ – প্রকৃতি , অৱবাহতন্ত্র আৰু জলবায়ু Solutions for All Subject, You can practice these here…

দীঘল প্রশ্নৰ উত্তৰ লিখা

৬০। অসমৰ ভূপ্রাকৃতিক অবয়বসমূহ কি কি ? প্রত্যেকৰে বৈশিষ্ট্য সমূহৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ ভৌগােলিক আয়তনৰ লেখেৰে অসমৰ মাটিকালি ভাৰতৰ ২.৩৯ শতাংশ মাত্র । কিন্তু , এই সীমিত অঞ্চলটোত উপকূলীয়া অবয়ৱৰ বাহিৰে ভাৰতৰ প্রায় সকলাে ধৰণৰ ভূ প্রাকৃতিক অবয়ৱৰ সমাৱেশ ঘটা দেখা যায় । ভূ – তাত্ত্বিক তথা ভূ – প্রাকৃতিক দৃষ্টিকোণেৰে অসমৰ ভূ – ভাগক তিনি শ্ৰেণীৰ ভূ – প্রাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি । সেইসমূহ হ’ল মালভূমি অবয়ৱ , ভংগিল পর্বত আৰু নদী গঠিত সমভূমি অঞ্চল । তলত এইসমূহৰ বিষয়ে আলােচনা কৰা হ’ল । 

ভূ – তাত্বিক তথা ভূ – আকৃতিক দৃষ্টিকোণেৰে অসমৰ ভূ – ভাগক তিনি শ্রেণীৰ ভূপ্রাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি । 

( ক ) মালভূমি অৱয়ব ( Plateau Feature ) 

( খ ) ভংগিল পাহাৰ ( Folded Hills ) আৰু

( গ ) নদী গঠিত সমভূমি ( River Valley Plains ) 

তলত ভংগিল পাহাৰৰ ভূ – আকৃতিক লক্ষণ সমূহৰ চমু বর্ণনা দিবলৈ প্ৰয়াস কৰা হ’ল – 

অসমৰ উত্তৰ কাছাৰ পাহাৰ আৰু ইয়াৰ পূব দিশৰ বৰাইল পাহাৰ এলেকাটো হিমালয় শ্ৰেণীৰ ভংগিল পর্বত মালাৰে অংগ বিশেষ । হিমালয় পর্বত শ্ৰেণীৰ অন্তৰ্গতপূর্বাঞ্চল উচ্চভূমিৰ নগা পাহাৰৰ এটা ঠেঙুলি উত্তৰ কাছাৰ জিলাত সােমাইছে । পশ্চিমে কপিলী নদীলৈকে আগুৱাই গৈ মেঘালয় মালভূমি স্পর্শ কৰি থকা এই পাহাৰ শ্ৰেণীয়েই বৰাইল পাহাৰ । এই পাহাৰৰ কিছুমান সৰু ঠাল – ঠেঙুলি নাগালেণ্ডৰ দক্ষিণ পশ্চিমে অৱস্থিত ডিমাপুৰ আৰু কহিমা জিলাৰ পৰা ধনশিৰী নৈ পাৰ হৈ কাৰ্বি আংলং জিলাৰ দক্ষিণ আৰু দক্ষিণ পূর্ব অঞ্চলতাে প্রৱেশ কৰিছে । এই পাহাৰ সমূহৰ উচ্চতা উত্তৰ কাছাৰ জিলাৰ দক্ষিণ মধ্য অঞ্চলত আটাইতকৈ বেছি । ঠেই পিকাং , মহাদেওঁ আৰু বােঠকাহা এইটো অঞ্চলত অৱস্থিত তিনিটা প্রধান শৃংগ । এই তিনিওটা শৃংগৰে আশে – পাশে থকা এলেকাটোৱেই প্ৰকৃতাৰ্থত অসমৰ আটাইতকৈ উচ্চ অৱস্থানৰ ভূভাগ । বৰাইল পাহাৰৰ শিলাসমূহ ইয়াচিন আৰু অলিগ’চিন যুগৰাই পাহাৰ পৃষ্ঠৰ শিলা দাক্ষিণাত্য মালভূমিৰ শিলাৰ সমান কঠিন নহয় । অসমৰ এই অঞ্চলত গৰম আৰু সেমেকা জলবায়ু বিৰাজমান । সমগ্ৰ বৰাইল পাহাৰ অঞ্চলত নদীৰ ক্ষয়চক্র অতি সক্রিয় অৱস্থাত আছে । 

৬১। অসমৰ ভাংগিল পার্বত্য অঞ্চলৰ প্রধান বৈশিষ্ট্য সমূহ লিখা । 

উত্তৰঃ হিমালয় পর্বত শ্রেণীৰ এটা ঠেঙুলি অসমৰ উত্তৰ কাছাৰ জিলাত সােমাইছে । পশ্চিমে কপিলী নদীলৈকে আগুৱাই গৈ মেঘালয় স্পর্শ কৰি থকা এই পাহাৰ শ্ৰেণীৰ নাম বৰাইল পাহাৰ । বৰাইল পাহাৰৰ আন কিছুমান সৰু ঠাল – ঠেঙুলি নাগালেণ্ডৰ দক্ষিণ – পশ্চিমে অৱস্থিত ডিমাপুৰ আৰু ক’হিমা জিলাৰ পৰা ধনশিৰি নৈ পাৰ হৈ কাৰ্বি আংলং জিলাৰ দক্ষিণ আৰু দক্ষিণ – পূর্ব অঞ্চলটোত প্ৰৱেশ কৰিছে । এই পাহাৰসমূহৰ উচ্চতা উত্তৰ কাছাৰ জিলাৰ দক্ষিণ – মধ্য অঞ্চলত আটাইতকৈ বেছি । 

ঠেইপিং , মহাদেও আৰু কৌকাহা এইটো অঞ্চলত অৱস্থিত তিনিটা প্রধান শৃংগ । এই তিনিওটা শৃংগৰ কাষে পাজৰে থকা এলেকাটোৱেই অসমৰ আটাইতকৈ উচ্চ অৱস্থানৰ ভূ – ভাগ বুলিব পাৰি । এই অৱস্থানৰ পৰা ক্ৰমে উত্তৰ দিশতব্রহ্মপুত্র নদীৰ ফালে আৰু দক্ষিণে বৰাক নদীৰ দিশত পাহাৰসমূহৰ উচ্চতা ক্রমে নামি গৈ অৱশেষত দুই নদীৰ উপত্যকা সমতল ক্ষেত্ৰত মিলি গৈছে । বৰাইল পাহাৰ অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অববাহিকা দুটাৰ বিচ্ছেদক অথবা জলচ্ছেদ । 

বৰাইল পাহাৰৰ শিলাসমূহ ইয়চিন আৰু অলিগ’চিন যুগৰ । অর্থাৎ , আজিৰ পৰা ৩০-৪০ নিযুত বছৰৰ পূর্বে এই পাহাৰৰ উত্থান হৈছিল । গতিকে , এই পাহাৰ পৃষ্ঠৰ শিলা দাক্ষিণাত্য মালভূমিৰ শিলাৰ সমান কঠিন নহয় । তদুপৰি , অসমৰ এইটো অঞ্চলত গৰম আৰু সেমেকা জলবায়ু ৰািজমান । সেয়েহে , সমগ্ৰ বৰাইল পাহাৰ অঞ্চলত নদীৰ ক্ষয়চক্র অত্যন্ত সক্রিয় অৱস্থাত আছে । এই নদীসমূহে সৃষ্টি কৰা থিয় ঢাল , গভীৰ উপত্যকা আৰু গিৰিখাতসমূহ এইটো অঞ্চলৰ প্ৰধান ভূ – আকৃতিক অবয়ৱ ।

৬২। অসমৰ প্ৰধান উপনৈ সমূহৰ মূখ্য বৈশিষ্ট্যসমূহ লিখা । 

উত্তৰঃ অসমৰ উত্তৰ অংশত ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈকে বিস্তৃত ব্ৰহ্মপুত্ৰ উপত্যকা সমভূমিখন ৰাজ্যখনৰ সর্ববৃহৎ ভূ – আকৃতিক অৱয়ব । এই সমভূমি অঞ্চলক বিশ্বৰ ভিতৰতে অন্যতম নদী বহুল অঞ্চল বুলি ধৰা হয় । এই সমভূমিৰ মাজেৰে পূবৰ পৰা পশ্চিমলৈ বৈ যােৱা ব্ৰহ্মপুত্ৰ নদীৰ উপনদীৰ সংখ্যা উত্তৰ পাৰে ৫৭ খন আৰু দক্ষিণ পাৰে ৩৩ খন । ইয়াৰ ভিতৰতে সােৱণশিৰি , জিয়াভৰলী , মানাহ , কপিলী , ধনশিৰী , দিখৌ ইত্যাদি ভালেকেইখন । 

উপনৈৰ আকাৰ দাক্ষিণাত্যত অৱস্থিত বহুকেইখন প্রধান নদীৰ কলেৱৰতকৈও ডাঙৰ । দক্ষিণ পাৰৰ ধনশিৰী আৰু কপিলীনদীৰ এক বিশেষ গুৰুত্ব আছে । অসংখ্য উপনদীসহ এই নদী দুখনৰ ক্ষীপ্র সমক্রমণ কাৰ্যৰ ফলত যথাক্রমে গােলাঘাট জিলাৰ ধনশিৰী মহকুমা আৰু নগাওঁ জিলাৰ হােজাই মহকুমাৰ অন্তৰ্গত এলেকা দুটা পূৰ্বতে পার্বত্য ভূমিৰ অন্তৰ্গত আছিল যদিও বর্তমান ইয়াৰ উপৰিভাগ সমতলৰ উচ্চতালৈ নামি গৈছে । এই দুয়ােটা মহকুমাৰ সমভূমিপৃষ্ঠ দুখন মূলতঃ ক্ষয়জাত সমতল পৃষ্ঠহে । এই মহকুমা দুটাত ব্ৰহ্মপুত্র সমভূমিৰ বাকী অংশত পােৱাৰ দৰে নদী গঠিত সমভূমিৰ পলসুৱা মাটি পােৱা নাযায় । 

৬৩৷ বৰাক নদীৰ উপনৈ সমূহৰ প্ৰধান বৈশিষ্ট্য সমূহ লিখা । 

উত্তৰঃ বৰাক উপত্যকা বাংলাদেশৰ মাজেৰে আগুৱাই আহি ৯২৩০ / পূর্ব দ্রাঘিমাৰ কাষৰীয়া অৱস্থানেদি অসম সােমাই কৰিমগঞ্জ , হাইলাকান্দি আৰু কাছাৰ জিলাৰ ভূ – ভাগ সামৰি লৈ মণিপুৰ সীমান্তৰে বৈ অহা বৰাক আৰু ইয়াৰ উপনৈ জিৰি পর্যন্ত বিস্তৃত হৈ আছে । এই উপত্যকাৰ উত্তৰে বৰাইল পাহাৰ , পূৱে মণিপুৰ উচ্চভূমি , দক্ষিণে মিজোৰাম পার্বত্যভূমি আৰু পশ্চিমে ভাৰত বাংলাদেশ আন্তর্জাতিক সীমান্তৰ সিপাৰে থকা উন্মুক্ত বাংলাদেশ সমতল । বৰাক উপত্যকাৰ ভৌগােলিক আয়তন ৬৯৬২ বর্গ কিঃমিঃ আৰু উচ্চতা ৫০-১০০ মিটাৰ । অসমৰ চাৰিসীমাৰ ভিতৰত বৰাক নদীৰ প্রধান প্রধান দক্ষিণবাহিনী উপনদী সমূহৰ ভিতৰত জিৰি , চিৰি মধুৰা , জাটিংগা আৰু লাৰাং আদি উল্লেখযােগ্য । ইফালে , সােণাই ধলেশ্বৰী আৰু কাটাখাল বৰাকৰ বাওঁপাৰাৰ উত্তৰ বাহিনী উপনৈ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top