Class 12 Education Chapter – 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি

Class 12 Education Chapter – 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি and select needs one.

Class 12 Education Chapter – 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 5 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ ( মূল্যাংক -৪ ) 

প্রশ্ন ১। মানসিকভাবে স্বাস্থ্যবান লােক এজনৰ বৈশিষ্ট্যবােৰ লিখা ।

উত্তৰঃ মানসিকভাৱে স্বাস্থ্যবান লােক এজনৰ বৈশিষ্ট্যবােৰ হ’ল–

( ১ ) এওঁলােক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী । 

( ২ ) এওঁলােক আৱেগিকভাৱে স্থিৰ । 

( ৩ ) এওঁলােক শাৰীৰিকভাৱে সবল প্রকৃতি । 

( ৪ ) এওঁলােকৰ বিশেষ কোনাে সমাযােজনৰ সমস্যা নাই ।

Sl. No.Contents
Chapter 1অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা
Chapter 2অনানুষ্ঠানিক শিক্ষা
Chapter 3 শিক্ষাৰ চলিত ধাৰাসমূহ
Chapter 4শিক্ষন
Chapter 5( ক ) স্মৃতি আৰু বিস্মৃতি
Chapter 5( খ ) মনােযােগ আৰু আগ্রহ
Chapter 6মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি

প্রশ্ন ২। শিক্ষা আৰু মানসিক স্বাস্থ্যবিধিৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ শিক্ষা আৰু মানসিক স্বাস্থ্যবিধিৰ মাজত এক গভীৰ সম্পর্ক আছে । সুস্থ সবল সমাজ এখন গঢ়াৰ বাবে মানসিক স্বাস্থ্যৰ প্ৰয়ােজনীয়তা অধিক । মানসিক স্বাস্থ্যবিজ্ঞানৰ জ্ঞানৰ সহায়ত মানসিক ৰােগৰ কাৰণবােৰ সুন্দৰভাৱে বুজি উঠিব পাৰি আৰু সমস্যাবােৰ আঁতৰ কৰাৰ বাবে সংৰক্ষণমূলক উপায়সমূহৰ বিষয়ে জনাৰ ক্ষেত্ৰত সহায় কৰে । গতিকে বিদ্যালয়সমূহে আমাৰ সমাজৰ ভৱিষ্যতৰ নাগৰিকসকলৰ স্বাস্থ্যৰ শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত । মানসিক ৰােগৰ পৰা মুক্তি পােৱাৰ বাবে মানসিক বিধিৰ শিক্ষাৰ প্ৰয়ােজন অধিক । 

বিদ্যালয়ৰ মাধ্যমৰে ল’ৰা – ছােৱালীৰ মানসিক স্বাস্থ্য অটুট ৰাখিবৰ কাৰণে বহুত কাম কৰিব পাৰে । শিক্ষাৰ মাধ্যম হিচাপে বিদ্যালয়ে এনেবােৰ ক্রিয়া – কলাপৰ বাবে ল’ৰা – ছােৱালীক বিভিন্ন পৰামর্শ দিব পাৰে যিবােৰে তেওঁলােকৰ মনৰ অৱসাদ দূৰ কৰি এক গঠনমূলক মনােভাব সৃষ্টি কৰিব পাৰে । তলত ইয়াৰ কিছু কার্যকলাপ উল্লেখ কৰা হ’ল–

( ১ ) ল’ৰা – ছােৱালীৰ জৰিয়তে বিদ্যালয়ত বিভিন্ন ফুলৰ বাগান , ফলৰ বাগান আদি পাতিব লাগে । 

( ২ ) বিদ্যালয়ৰ চৌপাশ , শ্ৰেণীকোঠা , ইত্যাদি কামবােৰ চাফা কৰিবলৈ ছাত্র – ছাত্রী সকলক দিব লাগে । 

( ত ) সুস্থ মানসিক স্বাস্থ্য গঢ় দিয়াত কলা শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিব লাগে ।

( ৪ ) জগিঙৰ পৰা আদি কৰি বিভিন্ন খেলাধূলা মাধ্যমেৰে মানসিক স্বাস্থ্য অটুট ৰাখিব পৰা যায় ।

প্রশ্ন ৩। ছাত্ৰসকলৰ মাজত মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে এগৰাকী শিক্ষকৰ ক্ষেত্ৰত কি ধৰণৰ আচৰণ প্রয়ােজনীয় ?

উত্তৰঃ ছাত্ৰ – ছাত্ৰীসকলৰ মাজত মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে এগৰাকী শিক্ষকৰ প্ৰয়ােজনীয় আচৰণবােৰ হ’ল– 

( ১ ) শ্রেণীকক্ষৰ শিক্ষামূলক কার্যসূচীৰ প্রতি সজাগতা , উৎসাহ – উদ্দীপনা আৰু আগ্রহ থকা । 

( ২ ) বাক্তি বিশেষৰ প্রতি আন্তৰিকতা , সহযােগিতা আৰু বন্ধুত্বপূর্ণ সম্বন্ধ ৰক্ষা কৰি চলা ।

( ৩ ) ছাত্র – ছাত্রীৰ লগত আদান – প্রদানৰ বেলিকা ধৈর্য , সাধুতা , সহানুভূতিশীলতা , নিৰপেক্ষতা আৰু গণতান্ত্রিক মনােভাৱ দেখুওৱা । 

( ৪ ) ছাত্রই কৰা ভাল কামৰ স্বীকৃতি আৰু প্রশংসা কৰিব পৰা । 

( ৫ ) প্রচলিত নীতি – নিয়মৰ প্রতি আস্থা , নিষ্ঠা আৰু আনুগত্যৰ ভাব থকা ইত্যাদি । 

প্রশ্ন ৪। মানসিক স্বাস্থ্য বুলিলে কি বুজা আৰু ই শাৰীৰিক স্বাস্থ্যৰ সৈতে কিদৰে সম্পর্কিত ? 

উত্তৰঃ হেডফিল্ড নামৰ এজন মনােবিজ্ঞানীৰ মতে “ সাধাৰণতে ব্যক্তিত্বৰ পূর্ণ কার্যক্রম সমবিকাশেই হৈছে মানসিক স্বাস্থ্য । ” মানুহৰ মনৰ মাজত কিছুমান চাপ থাকে । যেনে – প্রবৃত্তি , অভিপ্রায় , প্রণােদন, আগ্রহ , মনােভাৱ ইত্যাদি । যেতিয়া এই চাপসমূহে একেলগে এটাই আনটোৰ সৈতে সমিলমিলকৈ সমন্বিতভাৱে কাম কৰি যায় তেতিয়া তাৰ সম্পূর্ণ অভিব্যক্তি প্রতিফলিত হয় । যি ব্যক্তিৰ ব্যক্তিত্বত ইয়াক দেখা যায় তেনে ব্যক্তিৰ স্বাস্থ্যক সুস্থ মানসিক স্বাস্থ্য বুলি অভিহিত কৰা হয় । 

মানসিকভাৱে স্বাস্থ্যবান লােক বুলিলে সাধাৰণতে যিজন লােক জৈৱিকভাৱে সক্ষম আৰু সমাজৰ সকলাে কাম নিয়াৰিকৈ কৰিব পাৰে আৰু নৈতিক চৰিত্ৰ আদৰ্শনীয় তেনে লােককেই মানসিকভাৱে স্বাস্থ্যবান বুলি কোৱা হয় । 

গতিকে মানসিক স্বাস্থ্য বুলিলে কোনাে বেমাৰ আজাৰ বা আঘাতৰ পৰা মানসিকভাৱে মুক্ত হৈ থকা এটা বিশেষ অৱস্থা । 

মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্যৰ মাজত ওতঃপ্রােত সম্পর্ক আছে । মানুহৰ মনৰ ক্রিয়া – কলাপবােৰ সাধাৰণতে মানুহৰ আচৰণত প্রতিফলিত হয় । মানুহে কোৱা আৰু কৰা সকলােবােৰ মনৰ সুস্থ অৱস্থাক লৈ জড়িত । আৰু যিজন ব্যক্তি শাৰীৰিকভাৱে সুস্থ সেই ব্যক্তিজনহে মানসিকভাৱে সুস্থ বুলি অভিহিত কৰিব পাৰি । এটা সুস্থ শৰীৰেহে সুস্থ মন এটাৰ সৃষ্টি কৰিব পাৰে । আচৰণসমূহ হ’ল মানুহৰ এক প্ৰকাৰ দেহ – মানসিক প্রতিক্রিয়া আৰু ই মানুহৰ মানসিক স্বাস্থ্যৰ আভাস দিয়ে । এৰিষ্ট’টলৰ মতে ‘ Healthy mind is healthy body . ‘ এজন ব্যক্তিক সু – স্বাস্থ্যবান বুলি বুলি তেতিয়াহে ক’ব পাৰি যেতিয়া ব্যক্তিজনৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য উভয়ে সুস্থ হয় । সেয়ে হয়তাে কোৱা হয় যে ” Health is wealth ” . 

গতিকে এক সুস্থ আচৰণ প্ৰদৰ্শন কৰিবৰ হ’লে ব্যক্তি এজনৰ দেহ আৰু মন দুয়াে প্রকাৰে সবল হ’ব লাগিব কাৰণ দেহ মনৰ ওপৰত আৰু মন দেহৰ ওপৰত নিৰ্ভৰশীল ।

প্রশ্ন ৫। চমুটোকা লিখা : 

( ক ) মানসিক স্বাস্থ্য বিধি । 

( খ ) মানসিক স্বাস্থ্য ।

( গ ) মানসিকভাৱে স্বাস্থ্যবান ব্যক্তি ।

উত্তৰঃ ( ক ) মানসিক স্বাস্থ্য বিধি :- ব্যক্তিৰ অপ সমাযােজনত বাধা দান কৰিবলৈ পৰিবেশৰ প্ৰয়ােজনীয় অৱস্থাৰ সৃষ্টি কৰি আৱেগিক মনােভাব গঢ় দি তােলা আৰু চিন্তাক অভ্যস্ত কৰি তােলা কার্যই মানসিক স্বাস্থ্য বিধি । ই হৈছে মানসিক স্বাস্থ্যৰ উল্কর্য সাধন কৰা আৰু মানসিক বিশৃংখলতাক বাধা দান কৰা সম্বন্ধীয় নীতি আৰু পদ্ধতিৰ অধ্যয়ন । 

মনােবিদ কোভিলৰ মতে , “ মানসিক স্বাস্থ্য বিজ্ঞান নিবাৰণ আৰু শীঘ্র চিকিৎসাৰ মাজেৰে আৰু মানসিক স্বাস্থ্যৰ উন্নতি ঘটোৱাৰ বাবে মানসিক অসুস্থতাৰ ঘটনা দমনৰ বাবে উপযুক্ত কার্যপন্থা সন্নিৱিষ্ট কৰি লােৱা বিজ্ঞান । ” 

মানসিক স্বাস্থ্যবিজ্ঞান প্রণালীবদ্ধভাৱে মানসিক স্বাস্থ্য বজাই ৰখাৰ ওপৰত গুৰুত্ব প্রদান কৰে । এই বিজ্ঞানৰ প্রধান উদ্দেশ্যসমূহ হৈছে— 

( ১ ) ব্যক্তিত্ব বিকাশ আৰু জীৱনৰ অভিজ্ঞতাসমূহৰ মাজত সজীৱ হৈ থকা সম্পর্কসমূহৰ বিষয়ে উপযুক্তৰোধৰ বিকাশ ঘটোৱা । 

( ২ ) ব্যক্তি আৰু দলৰ মানসিক স্বাস্থ্যৰ নিবাৰণ আৰু উন্নতি ঘটোৱাৰ বাবে কার্য সম্পাদন । 

( ৩ ) মানসিকভাবে অসুস্থ লােকসকলক প্রয়ােজনীয় সহায় আগবঢ়োৱাৰ বাবে বিশেষ  কলা – কৌশলৰ আৱিষ্কাৰ আৰু প্রয়ােগ ঘটোৱাত সহায় আগবঢ়ায় । 

( খ ) মানসিক স্বাস্থ্য :- মানসিক স্বাস্থ্য হৈছে বেমাৰ – আজাৰ বা আঘাতৰ পৰা মুক্ত হৈ থকা এটা বিশেষ অৱস্থা । আন কথাত ইয়াৰ দ্বাৰা এগৰাকী ব্যক্তিৰ বেমাৰ আজাৰহীন অথবা আঘাতহীন মানসিক অৱস্থা এটাৰ কথা বুজোৱা হয় । মানসিক স্বাস্থ্যৰ প্রধান উদ্দেশ্যাৱলী হৈছে প্ৰতিগৰাকী লােককে তলত দিয়া স্বাস্থ্য সম্পর্কীয় দিশসমূহ ভালদৰে জনা আৰু উপলব্ধিত সহায় কৰা । 

( ১ ) সুন্দৰভাৱে মানসিক স্বাস্থ্যৰ লগত সম্পর্কিত সমস্যাসমূহ জনা আৰু বুজাত সহায় কৰা । 

( ২ ) সুন্দৰভাৱে মানসিক স্বাস্থ্যবিজ্ঞান অনুশীলনৰ কথাবােৰ বুজি পােৱাত সহায় কৰা । 

( ৩ ) মানসিক অসুস্থতাৰ কাৰণবােৰ জনা আৰু তেনে সমস্যাসমূহৰ চিকিৎসাৰ প্রক্রিয়াবােৰ জনা আৰু বুজি পােৱাত সহায় কৰা । 

( ৪ ) অতি সুন্দৰ আৰু ভাৰসাম্য মানসিক বিকাশৰ কলা – কৌশলসমূহৰ বিষয়ে জনাত সহায় কৰা । 

( ৫ ) সামাজিক পৰিৱেশৰ লগত সুদৰ সমাযােজন প্রক্রিয়াসমূহৰ বিষয়ে জনা আৰু বুজাত সহাৱা কৰা ।

( গ ) মানসিকভাবে স্বাস্থ্যবান ব্যক্তি :- সাধাৰণতে যিবােৰ লােকেজীৱন প্ৰক্ৰিয়াৰ নানা অৱস্থাৰ লগত কোনাে গুৰুতৰ সমস্যাহীনভাৱে সমাযােজন কৰিবলৈ সমর্থ হয় তেনেবােৰ লােককে মানসিকভাৱে স্বাস্থ্যবান বুলি ক’ব পাৰি । জীৱনৰ নানা পৰিবেশ , পৰিস্থিতি আৰু কার্যকলাপ মুখামুখি হােৱাৰ ক্ষেত্ৰত মানসিকভাৱে স্বাস্থ্যৱান লােক এগৰাকীয়ে কোনাে অস্বাভাৱিকতা প্রদর্শন নকৰে । এনে লােকসকল , ব্যক্তিত্ব সমাযােজনৰ কোনাে গুৰুতৰ সমস্যাৰ দ্বাৰা আক্রান্ত নহয় । সংক্ষিপ্তভাৱে মানসিক দিশৰ পৰা স্বাস্থ্যবান লােকসকল হ’ল –

( ১ ) শাৰীৰিকভাৱে স্বাস্থ্যবান । 

( ২ ) মনােবৈজ্ঞানিকভাবে শক্তিশালী । 

( ৩ ) আৱেগিকভারে স্থিৰ ।

( ৪ ) সামাজিকভাৱে সু – সমাযােজিত ।

( ৫ ) সিদ্ধান্ত গ্রহণৰ ক্ষেত্ৰত অতি আত্মবিশ্বাসী প্রকৃতি । 

( ৬ ) এওঁলােক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী । 

( ৭ ) সৃজনীশীল মনােভাৱ ।

( ৮ ) উদ্যমী আৰু যােগ্যতাসম্পন্ন ব্যক্তি । 

প্রশ্ন ৬। এজন মানসিকভাবে সুস্থ ব্যক্তিৰৰ মানসিক স্বাস্থ্যবিজ্ঞান প্রয়ােজন । ” কাৰণ দর্শোৱা । 

উত্তৰঃ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল– 

( ক ) এই বিজ্ঞানে মানসিক স্বাস্থ্য সম্পর্কীয় বিভিন্ন জ্ঞান আহৰণৰ উপায় দিয়ে । 

( খ ) সু – মানসিক স্বাস্থ্য অটুট ৰখাৰ বাবে এক মান নির্ধাৰণ কৰে যাতে বিভিন্ন প্রতিষেধক পদক্ষেপ ল’ব পাৰে । 

( গ ) এই বিজ্ঞানে মানসিক ৰােগৰ কাৰণসমূহৰ বিষয়ে অধ্যয়ন কৰি আৰু তেনে ৰােগসমূহৰ নিবাৰণৰ বাবে প্রয়ােজনীয় উপায়ৰ বিষয়ে জ্ঞাত কৰায় । 

( ঘ ) এই বিজ্ঞানে এক সুখী আৰু সমতুল জীৱন ধাৰণত সহায় কৰে ।

ৰচনাধর্মী প্রশ্নোত্তৰ ( মূল্যাংক -৫ / ৬ ) 

প্রশ্ন ১। মানসিক স্বাস্থ্যবিধিৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ ব্যক্তিৰ দেহ – মনৰ স্বাস্থ্য সংৰক্ষণ কৰাটো একে প্রকাৰ কৰ্তব্য । মানসিক স্বাস্থ্যবিধি বা স্বাস্থবিজ্ঞান হৈছে এনে এটা বিজ্ঞান যি মানৱ কল্যাণৰ সৈতে জড়িত আৰু ই মানুহৰ সম্বন্ধৰ সকলাে দিশকে সামৰি লয় । এই বিজ্ঞানৰ গুৰুত্ব সম্পর্কে তলত দিয়া ধৰণে আলােচনা কৰিব পাৰি । 

( ১ ) মানসিক স্বাস্থ্য সম্পর্কীয় বিভিন্ন জ্ঞান আহৰণৰ উপায় দিয়ে ।

( ২ ) ই এক সুখী আৰু সমতুল জীৱন ধাৰণত সহায় কৰে ।

( ৩ ) এই বিজ্ঞানে মানসিক ৰােগৰ কাৰণসমূহৰ বিষয়ে অধ্যয়ন কৰি আৰু তেনে ৰোগসমূহৰ  নিবাৰণৰ বাবে প্রয়ােজনীয় উপায়ৰ বিষয়ে মানুহক জ্ঞাত কৰায় । 

( ৪ ) সু – মানসিক স্বাস্থ্য অটুট ৰখাৰ বাবে এক মান নির্ধাৰণ কৰে যাতে বিভিন্ন প্রতিষেধক পদক্ষেপ লব পাৰে । 

( ৫ ) স্বাস্থ্য বিষয়ক শিক্ষাই মানুহক মানুহৰ লগত স্বাস্থ্যসম্পর্কীয় সম্বন্ধ স্থাপনত গুৰুত্ব দিয়ে । 

( ৬ ) শাৰীৰিক আৰু মানসিক সুবিধাসমূহে ব্যক্তিৰ সু – চৰিত্ৰ গঠনত সহায় কৰে আৰু শৰীৰৰ অৱস্থা উন্নত কৰাৰ লগতে মানসিক ক্ষমতা বৃদ্ধি কৰে আৰু ব্যক্তিক আত্মনিৰ্ভৰশীল কৰি তােলে । 

প্রশ্ন ২। ঘৰত আমি কিদৰে মানসিক স্বাস্থ্যৰ উন্নতি সাধিব পাৰে ? 

উত্তৰঃ শিশুৰ মানসিক স্বাস্থ্য ৰক্ষা কৰাত পৰিয়ালে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে । শিশুৰ মানসিক স্বাস্থ্য সমস্যাবােৰ দূৰ কৰিবৰ বাবে–

( ১ ) পিতৃ – মাতৃ আৰু পৰিয়ালৰ আন আন ব্যক্তিসকলে মৰম , ভালপােৱা , আবেগ অনুভূতি মাজেৰে শিশুৰ আবেগিক প্রয়ােজনবােৰ পূৰণ কৰিব লাগিব ।

( ২ ) পিতৃ – মাতৃ আৰু পৰিয়ালৰ আন আন ব্যক্তিসকলে শিশুসকলক আবেগিক আৰু শাৰীৰিক নিৰাপত্তা প্রদান কৰিব লাগিব । 

( ৩ ) গৃহ পৰিবেশ অৱদমনমুক্ত তথা আনন্দদায়ক হ’ব লাগিব । 

( ৪ ) শিশুৰ যুক্তিসংগত প্রয়ােজনসমূহ পূৰণ কৰিব লাগিব । 

প্রশ্ন ৩। মানসিক স্বাস্থ্যবিধিৰ উদ্দেশ্যসমূহৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ মানসিক স্বাস্থ্যবিধিৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ’ল— 

( ১ ) স্বাস্থ্যসম্পর্কীয় বাতৰি যােগানৰ সুবিধা প্রদান কৰা ।

( ২ ) সুন্দৰভাৱে জীয়াই থকাৰ বাবে অভ্যাস গঠন কৰাত সহায় কৰা । 

( ৩ ) স্বাস্থ্য শিক্ষা ছাত্র – ছাত্রীৰ জৰিয়তে পিতৃ – মাতৃক অৱগত কৰা । 

( ৪ ) মানসিক স্বাস্থ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ছাত্র – ছাত্রীক সহায় কৰা । 

( ৫ ) ব্যক্তি আৰু দলৰ মানসিক স্বাস্থ্যৰ নিবাৰণ আৰু উন্নতি ঘটোৱাৰ বাবে কার্য সম্পাদন কৰা । 

( ৬ ) পৰিবেশৰ লগত সুন্দৰভাৱে সমাযােজন কৰিব পৰা ধৰণে ব্যক্তিক অৱগত কৰা । 

( ৭ ) ব্যক্তিগত আৰু সামাজিক জীৱনৰ গতি উন্নীতকৰণ কৰা । 

প্রশ্ন ৪। শিশুৰ মানসিক স্বাস্থ্যৰ উন্নতিত বিদ্যালয়ৰ ভূমিকা সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ ছাত্র – ছাত্রীৰ মানসিক স্বাস্থ্য ৰভা কৰা ক্ষেত্রত বিদ্যালয় ভূমিকা অসীম । বিদ্যালয় হ’ল বৃহত্তৰ সমাজক প্রতিনিধিত্ব কৰা এক ক্ষুদ্র সমাজ যত পৰিকল্পিত ভাবে ছাত্র – ছাত্রীসকলক প্রয়ােজন জ্ঞান প্রদান কৰা হয় । ছাত্র – ছাত্রীসকলৰ মানসিক স্বাস্থ্য অক্ষুন্ন ৰাখিবলৈ বিদ্যালয়সমূহে কিছুমান বিশেষ দিশত গুৰুত্ব দিব লাগিব , সেই দিশসমূহ হ’ল–

( ১ ) দৈহিক স্বাস্থ্য ৰক্ষাৰ বাবে শিক্ষা প্রদান :- সুস্থ দেহতহে সুস্থ মনৰ জন্ম হ’ব পাৰে সেয়েহে বিদ্যালয়ত ছাত্র – ছাত্রীৰ দৈহিক বিকাশৰ বাবে ব্যৱস্থা ল’ব লাগে । 

( ২ ) আবেগ – অনুভূতিৰ নিয়ন্ত্রণমূলক শিক্ষা প্রদান :- ছাত্ৰ – ছাত্ৰীসকলৰ মাজত নৃত্য – গীত , আবৃত্তি , সাহিত্য চর্চা , চিত্রকলা , ভাস্কর্য , শিল্প আদি প্রয়ােজনীয় বিষয়সমূহৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে । ইয়াৰ উপৰিও ছাত্র – ছাত্ৰীসকলক ব্যক্তিগত আৰু সামাজিক পৰিস্থিতিত সুখ – দুখ । উপযুক্ত সময়ত প্ৰকাশ কৰিবলৈ শিকাব লাগে । 

( ৩ ) ক্রিয়াভিত্তিক পাঠ্যক্ৰমত অগ্রাধিকাৰ :- ক্রিয়াভিত্তিক আৰু গতিশীল নীতিৰ ওপৰত প্রতিষ্ঠিত পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষা প্রদানৰ জৰিয়তে ছাত্র – ছাত্রীৰ দেহ – মানসিক প্রয়ােজনসমূহ পূৰণ কৰি তেওঁলােকক পৰিবেশৰ লগাত সুসমাযােজন কৰাত সহায় কৰিব লাগে । 

( ৪ ) হস্ত শিল্পৰ শিক্ষা প্রদান :- মাটিৰ কাম , বাঁহ – বেতৰ কাম , কাগজৰ কাম , চিলাইৰ কাম , বাগান পৰিচালনা আদি কামৰ প্রশিক্ষণ দিব লাগে যাতে ছাত্র – ছাত্রী সকল প্রায়ােগিক জ্ঞান বৃদ্ধি পায় । 

( ৫ ) শিক্ষা নির্দেশনাৰ ব্যৱস্থা কৰা :- শিক্ষা নির্দেশনাই ছাত্ৰ – ছাত্ৰীসকলক পৰিস্থিতিৰ লগত সুসমাযােজন কৰাত সহায় কৰিব পাৰে । এনে নির্দেশনা দৈহিক স্বাস্থ্য ৰক্ষামূলক , শৈক্ষিক কৃতিত্বমূলক , ব্যৱসায় বৃত্তিমূলক খেলা – ধূলা , কলা – সংস্কৃতি মূলক , অবসৰ সময়ৰ শিক্ষামূলক নেতৃত্বমূলক ইত্যাদি হ’ব লাগে । 

( ৬ ) আত্ম – অনুশাসনৰ ব্যৱস্থা গ্রহণ :- অনুশাসনৰ ক্ষেত্ৰত শাস্তি প্রয়ােগৰ যােগেদি অবদমনমূলক নীতি গ্রহণ কৰাৰ পৰিৱর্তে ছাত্র – ছাত্রীসকলক আত্ব – অনুশাসনৰ যােগেদি আত্ম উপলব্ধি আৰু আত্ম – নিয়ন্ত্ৰণৰ শিক্ষা প্রদান কৰিব লাগে । 

( ৭ ) পৰীক্ষাৰ সংস্কাৰ সাধন কৰা :- পৰীক্ষা পদ্ধতিৰ সংস্কাৰ সাধন কৰি ছাত্ৰ – ছাত্ৰীসকলৰ মানসিক ছাপৰ দ্বাৰা সৃষ্টি হ’ব পৰা ৰােগ মুক্ত কৰাত সহায় কৰা ।

( ৮ ) ব্যক্তি পার্থক্যৰ প্রতি সচেতন হােৱা :- শিক্ষকে প্রতিজন ছাত্র – ছাত্রীকে ব্যক্তিগতভাবে বিচাৰ কৰি তেওঁলােকৰ মাজত থকা সবলতা আৰু দুর্বলতাসমূহৰ মূল্যাংকন কৰি সুসমাযােজনত সহায় কৰিব লাগে । 

( ৯ ) গৃহ আৰু স্কুল পৰিবেশৰ মাজত সমন্বয় ৰক্ষা কৰা :- ছাত্র – ছাত্রীৰ মানসিক স্বাস্থ্য ৰক্ষা কৰিবৰ বাবে সময়ে সময়ে পিতৃ – মাতৃ বা অভিভাবক আৰু শিক্ষকৰ মাজত আলােচনা বিলােচনা হ’ব লাগে । 

( ১০ ) শিক্ষকৰ ব্যক্তিত্ব আৰু সুমানসিক স্বাস্থ্য :– ছাত্র – ছাত্রীৰ মানসিক স্বাস্থ্য ৰক্ষা কৰিবৰ বাবে শিক্ষকজন সু ব্যক্তিত্ব সম্পন্ন তথা সু মানসিক স্বাস্থ্যৰ অধিকাৰী হ’ব লাগিব । কিয়নাে ছাত্র – ছাত্রীসকলে শিক্ষকসকলৰ আচৰণ বহু পৰিমাণে অনুকৰণ কৰে । 

প্রশ্ন ৫। মানসিক স্বাস্থ্য বিধিৰ কাৰ্যসমূহ কি কি ? 

উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ তিনিটা প্রক্রিয়াৰে আলােচনা কৰা হয়— 

( ১ ) নিৱাৰণমূলক কার্য :- মানসিক স্বাস্থ্য বিজ্ঞান প্রধান কাম হৈছে মানসিক অসুস্থতা , ব্যক্তিত্ব বিকাৰ আৰু সমাযােজনৰ সমস্যাসমূহ নিবাৰণ কৰা । মানৱ শিশুৰ মানসিক অসুস্থতাৰ কাৰণ , ব্যক্তিত্বৰ বিকাৰ আৰু সমাযােজনৰ সমস্যা সমূহৰ বিষয়ে মানসিক স্বাস্থ্য – বিজ্ঞানে বুজি পােৱাত সহায় আগবঢ়ায় । 

( ২ ) আবােগ্যমূলক কার্য :- চিকিৎসা কৌশলসমূহৰ ভিতৰত গুৰুত্ব প্রদান কৰা মূলতে হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ আৰােগ্যমূলক কার্য । মানুহৰ মানসিক অসুস্থতাৰ সমস্যাসমূহ উপলব্ধি কৰা , ব্যক্তিত্বৰ বিকাৰ আৰু সমাযােজনৰ সমস্যাসমূহ উপলব্ধি কৰাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য বিজ্ঞানে সহায় আগবঢ়ায় । 

( ৩ ) সংৰক্ষণমূলক কার্য :- সুস্থ মানসিক স্বাস্থ্য অবিহনে ব্যক্তিগত জীৱন প্রক্রিয়া তথা সামাজিক জীৱন প্রক্রিয়াৰে উন্নতি কেতিয়াও সম্ভৱ নহয় । মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰাটোৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কার্যৰ মূল লক্ষ্য । 

প্রশ্ন ৬। শিক্ষকসকলে তেওঁলােকৰ ছাত্ৰ – ছাত্ৰীৰ যথাযথ মানসিক স্বাস্থ্য বজাই ৰখাত কি , ভূমিকা ল’ব পাৰে ? 

উত্তৰঃ সুস্থ – সবল সমাজ এখন গঢ়াৰ বাবে মানসিক স্বাস্থ্য প্রয়ােজনীয়তা অধিক । শিক্ষানুষ্ঠানত ছাত্র – ছাত্রীৰ যথাযথ মানসিক স্বাস্থ্য বজাই ৰখাত শিক্ষকসকলে এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে । শিক্ষকসকলে আমাৰ সমাজৰ ভৱিষ্যতৰ নাগৰিকসকলৰ স্বাস্থ্যৰ শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত । এই প্রসংগত তলৰ কথাকেইটাৰ প্রতি শিক্ষকে দৃষ্টি নিক্ষেপ কৰা উচিত । 

( ১ ) শ্রেণীকক্ষৰ শিক্ষামূলক কার্যসূচীৰ প্রতি শিক্ষকে সজাগতা উৎসাহ উদ্দীপনা আৰু আগ্রহ দেখাই ছাত্র – ছাত্রীক উৎসাহিত কৰিব লাগে । 

( ২ ) ল’ৰা – ছােৱালীৰ জৰিয়তে বিদ্যালয়ত শিক্ষকে বিভিন্ন ফুলৰ বাগান , ফল বাগান গছপুলি ৰােৱা আদিৰ দৰে কামবােৰ দলগতভাৱে তালিকা বনাই কৰিব দিলে ল’ৰা – ছােৱালীয়ে । সেউজীয়া পৃথিৱী সৃষ্টি কৰিব পাৰিব । 

( ৩ ) শিক্ষকে শ্ৰেণীকোঠা ছাত্র – ছাত্ৰীক কিতাপ তৈয়াৰ কৰা , বহী বন্ধোৱা , শিল্প কলা আঁকা । আদি কামবােৰ কৰিবলৈ উৎসাহিত কৰিব লাগে । 

( ৪ ) নিয়মিয়াকৈ কৰা যােগশিক্ষা যেনে– বজ্ৰাসন , ময়ুবাসন , চক্রাসন আদিয়ে শৰীৰক সবল কৰে । গতিকে শিক্ষকে এনে কাৰ্যসূচীত নিজে অংশগ্রহণ কৰি ছাত্ৰ – ছাত্ৰীক অনুপ্রাণিত কৰিব লাগে । 

( ৫ ) স্বাস্থ্যজনিত কাৰ্যসূচীসমূহ পালন কৰা পৰিস্থিতিত ছাত্র – ছাত্রীৰ লগত আদান – প্রদান বেলিকা ধৈর্য , সাধু , সহানুভূতিশীলতা , নিৰপেক্ষতা আদি মনােভাৱ শিক্ষকে অবলম্বন কৰা উচিত । 

প্রশ্ন ৭। বিদ্যালয়ত মানসিক স্বাস্থ্য সমস্যা ৰােধৰ বাবে এখন বিদ্যালয়ে ল’ব পৰা পাঁচটা উপায় উল্লেখ কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰিব চেষ্টা কৰা ।

প্রশ্ন ৮। ক্রো এণ্ড ক্রোৱে ব্যাখ্যা কৰাৰ দৰে মানসিক স্বাস্থ্যৰ মূল উদ্দেশ্যসমূহৰ বিষয়ে বিবৰি লিখা ।

উত্তৰঃ ক্রো এণ্ড ক্রোৱে আগবঢ়োৱা মানসিক স্বাস্থ্যৰ মূল উদ্দেশ্যসমূহ হ’ল— 

( ১ ) জীৱনৰ অভিজ্ঞতা আৰু ব্যক্তিত্বৰ পূর্ণবিকাশৰ সমন্বয়ৰ জৰিয়তে মানসিক অসুস্থতা দূৰীকৰণৰ ব্যৱস্থা কৰা ৷ 

( ২ ) ব্যক্তি আৰু দলৰ মানসিক স্বাস্থ্যৰ সংৰক্ষণ । 

( ৩ ) মানসিক ৰােগ নিৰাময়ৰ বাবে চিকিৎসা বিষয়ক ব্যৱস্থাৰ উদ্ভাৱন আৰু ব্যৱহাৰ কৰা ।

প্রশ্ন ৯। সুস্বাস্থ্যৰ জীৱন – নির্বাহৰ বাবে মানসিক স্বাস্থ্যবিধি কিয় গুৰুত্বপূৰ্ণ চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰিব চেষ্টা কৰিবা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top