Class 12 Education Chapter – 5 ( খ ) মনােযােগ আৰু আগ্রহ

Class 12 Education Chapter – 5 ( খ ) মনােযােগ আৰু আগ্রহ  The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter 5 ( খ ) মনােযােগ আৰু আগ্রহ and select needs one.

Class 12 Education Chapter – 5 ( খ ) মনােযােগ আৰু আগ্রহ 

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 5 ( খ ) মনােযােগ আৰু আগ্রহ Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ ) 

প্রশ্ন ১। আগ্রহ কি ? 

উত্তৰঃ কোনাে এক বস্তু বা বিষয়ৰ লগত ব্যক্তি জড়িত থকা বা সম্বন্ধ থকা অৱস্থাই হৈছে আগ্রহ । মই খেলৰ প্রতি আগ্রহী বােলােতে প্রকৃতপক্ষে মই খেলাৰ লগত জড়িত হৈ থকা অৱস্থাকেই বুজায় । 

প্রশ্ন ২। আগ্রহৰ দুটা বৈশিষ্ট্য কি ?

উত্তৰঃ আগ্ৰহৰ দুটা বৈশিষ্ট্য হ’ল — 

( ১ ) আগ্রহ হৈছে ব্যক্তিৰ সুপ্ত আৰু অন্তর্নিহিত মানসিক অৱস্থা । 

( ২ ) ই মনৰ ব্যক্তিনিষ্ঠ আনুভূমিক অভিজ্ঞতাৰ পৰা সৃষ্টি হয় । 

প্রশ্ন ৩। অস্থায়ী আগ্রহ কি ? 

উত্তৰঃ মন আগ্রহ বা কম সময়ৰ বাবে বৰ্তি থকা অৱস্থাক অস্থায়ী ৰাপ বােলে । এনে আগ্রহ একো – একোটা বিশেষ ক্ষণ বা পৰিস্থিতিতহে ব্যক্তিৰ মনত শক্তিশালী ৰূপত দেখা দিয়ে । 

প্রশ্ন ৪। মনােযােগৰ দুটা বৈষয়িক চৰ্ত লিখা । 

উত্তৰঃ মনােযােগৰ দুটা বৈষয়িক বা বাহ্যিক চর্ত হল— 

( ১ ) গতিশীলতা । আৰু 

( ২ ) নতুনতা । 

প্রশ্ন ৫। আহৰিত আগ্রহ কি ? 

উত্তৰঃ শিক্ষা অভিজ্ঞতা আহৰণ আৰু আভ্যাস গঠনৰ ফলত পূর্বে আগ্রহ নথকা বস্তু আৰু বিষয়ৰ প্রতি অৱশেষত আগ্রহ সৃষ্টি হৈ উঠিব পাৰে । তেনে আগ্রহক আর্জিত আগ্রহ বােলা হয় । 

প্রশ্ন ৬। মনােযােগ কি ? 

উত্তৰঃ মনােযােগ হৈছে সচেতন মনক নিয়ন্ত্রিত কৰি পৰিবেশৰ কোনাে এক বিষয়বস্তু ওপৰত কেন্দ্রিভূত কৰি তােলা মানসিক ক্রিয়া প্রচেষ্টা । ই হৈছে কোনাে বস্তুক নিৰীক্ষণ কৰিবৰ বাবে অথবা কোনাে কাম কৰিবৰ বাবে সাজু হোৱা কার্য ।

প্রশ্ন ৭। স্বতঃস্ফূর্ত মনােযােগ কি ? 

উত্তৰঃ এইবিধ মনােযােগ অনৈচ্ছিক যদিও ব্যক্তি মনৰ মুক্ততা আৰু স্বতঃস্ফুর্ততাৰ ভাব পৰিলক্ষিত হয় । ইয়াত প্রবৃত্তিমূলকভাৱে দিয়া মনােযােগৰ যান্ত্রিকতা ভাব নাথাকে । ইয়াৰ পৰিবৰ্তে ইন্দ্রিয় অনুভূতিৰ পুনৰাবৃত্তিৰ ফলত স্থায়ী ৰূপত গঢ় লৈ উঠে । 

প্রশ্ন ৮। মনােযােগ আন ফাললৈ নিয়া দুটা কাৰকৰ নাম লিখা । 

উত্তৰঃ মনােযােগৰ দুটা কাৰক হ’ল –

( ১ ) আকাৰ :- সৰু বস্তুতকৈ ডাঙৰ আকাৰৰ বস্তুৱে আমাক বেছি আকর্ষিত কৰে । 

( ২ ) তীব্রতা :- উজ্জ্বল আৰু তীব্রতা বেছি থকা বস্তুৱে আমাক বেছিকৈ আকর্ষণ কৰে । 

প্রশ্ন ৯। মনােযােগৰ বৈষয়িক চর্তসমূহ কি কি ? 

উত্তৰঃ মনােযােগৰ বৈষয়িক চর্তসমূহ হ’ল – 

( ১ ) তীব্রতা ।

( ২ ) আকাৰ ।

( ৩ ) গতিশীলতা ।

( ৪ ) নতুনত্ব ।

( ৫ ) পুনৰাবৃত্তি । 

প্রশ্ন ১০। আগ্রহৰ দুটা পাৰিপাৰ্শ্বিক কাৰক উল্লেখ কৰা । 

উত্তৰঃ আগ্রহৰ দুটা পাৰিপাৰ্শ্বিক কাৰক হ’ল— 

( ১ ) সুস্থ পবিবেশ ।

পৰিৱেশৰ কোনাে এক বিষয়বস্তু ওপৰত কেন্দ্রিভূত কৰি তােলা এক মানসিক ক্রিয়া প্রচেষ্টা । এটা সময়ত আমি বহুতাে উদ্দীপক প্রত্যক্ষ কৰাে কিন্তু সকলাে বস্তুকে একে সময়তে মনােযােগ দিব নােৱাৰে । পৰিৱেশৰ পৰা যি বস্তুৱে আমাৰ মন আকর্ষিত কৰিব পাৰে তাকেহে মনােযােগ দিব পাৰে । গতিকে ইয়াক এটা বাছনি কৃতকার্য বােলা হয় । 

প্রশ্ন ১২। মনােযােগৰ অস্থিৰতা কি ? 

উত্তৰঃ মনােযােগ স্থিতিশীল নহয় , ই সদায় গতিশীল বা অস্থিৰ । ব্যক্তি মনে চেষ্টা কৰিলেও কেৱল এটা বস্তু বা বিষয়ৰ ওপৰত মনক অধিক সময়ৰ বাবে ধৰি ৰাখিব পৰা নাযায় । মনােযােগৰ অস্থিৰতা হৈছে এক প্রধান বৈশিষ্ট্য । 

প্রশ্ন ১৩। মনোযােগৰ বিস্তৃতি কি ? 

উত্তৰঃ মনােযােগৰ বিস্তৃতি বা পৰিসৰ বুলিলে সাধাৰণতে এজন ব্যক্তিয়ে কোনাে এটা বস্তু বা বিষয়ৰ ওপৰত একেলগে কিমানখিনি সময় মনােযােগ দি থাকিব পাৰে সেই সময়খিনিকে বুজায় । স্মৃতি আদি মানসিক প্রক্রিয়াৰ দৰে মনােযােগৰো পৰিসৰ সীমাবদ্ধ । 

প্রশ্ন ১৪। ক্ষণস্থায়ী আগ্রহ কি ? 

উত্তৰঃ স্থায়ী আগ্রহ বা ৰাপৰ বিপৰীতে ব্যক্তিৰ মনত কম সময়ৰ বাবে বৰ্তি থকা আগ্রহক অস্থায়ী বা ক্ষণস্থায়ী ৰাপ বােলা হয় । এনে ৰাপ একো একোটা বিশেষ ক্ষণতে ব্যক্তিৰ মনত শক্তিশালী ৰূপত দেখা দিয়ে । সেই সময় আৰু পৰিস্থিতি সলনি হ’লে ৰাপ দুর্বল আৰু বিলুপ্ত হৈ পৰে । 

প্রশ্ন ১৫। মনোযােগ হ’ল এক বাছনিকৃত প্রক্রিয়া আলােচনা কৰা ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।

প্রশ্ন ১৬। মনােযােগক কিয় অনুসন্ধানী প্রক্রিয়া হিচাপে বিবেচনা কৰা হয় ? 

উত্তৰঃ মনােযােগ প্রদানৰ বেলিকা মনৰ এক অনুসন্ধানমূলক কার্য সংঘটিত হৈ থাকে । ফলত পৰৱর্তী মুহূর্তত কোনটো অধিক আকর্ষণীয় বিষয়াৰ প্রতি মনােযােগ দিয়া হ’ব তাৰ অনুসন্ধানকার্য এক অব্যক্ত ৰূপত চলি থাকে । 

প্রশ্ন ১৭। “ মনােযােগৰ সৈতে ইতিবাচক আৰু নেতিবাচক দিশ জড়িত হৈ থাকে ” — ব্যাখ্যা কৰা । 

উত্তৰঃ মনােযােগৰ দুটা দিশ আছে , এটা ইতিবাচক আৰু আনটো নেতিবাচক । বাহ্য জগতৰ যিটো বিষয়ৰ পৰা মনােযােগ আঁতৰাই অনা হয় সেই দিশটোক মনােযােগৰ নেতিবাচক দিশ বুলি জনা যায় । আৰু বাহ্যিক জগতৰ যিটো বিষয়ত মনােযােগ দি থকা যায় সেইটোক ইতিবাচক দিশ বুলি জনা যায় । 

প্রশ্ন ১৮। ধাৰণাগত মনােযােগ কি ?

উত্তৰঃ ধাৰণাগত বা ভাবাত্মক মনােযােগ নিজৰ নিজৰ চিন্তা ভাবনাৰ ফলত সৃষ্টি হয় । এই মনােযােগ প্রদানৰ কালত বাস্তৱ পৰিস্থিতিৰ বিষয়বস্তুৰে মনােযােগক আকর্ষিত কৰিব নােৱাৰে । ইয়াৰ বিপৰীতে ব্যক্তিগত ধাৰণা , মনৰ ভাব – চিন্তা আবেগ – অনুভূতি আদিয়ে মনােযোগক নির্ধাৰণ আৰু পৰিচালনা কৰে ।

প্রশ্ন ১৯। ‘ অভীপ্সিত মনােযােগে আগ্রহ সৃষ্টি কৰিব পাৰে ’ – এটা উদাহৰণ দিয়া ।

উত্তৰঃ অভীপ্সিত বা অনৈচ্ছিক মনােযােগে ৰাপৰ সৃষ্টি কৰিব পাৰে । উদাহৰণ স্বৰূপে উজ্জ্বল পােহৰ বা তীব্রতাই ইন্দ্রিয়ক আকর্ষণ কৰি আগ্ৰহৰ প্রৱণতাক সৃষ্টি কৰে । শিশুসকলৰ মনােযােগ এইবিধ মনােযােগৰ অন্তর্ভুক্ত । 

চমু প্রশ্নোত্তৰ ( মূল্যাংক -৩ ) 

প্রশ্ন ১। ইতিবাচক আৰু নেতিবাচক মনােযােগৰ দিশসমূহ উদাহৰণসহ ব্যাখ্যা কৰা । 

উত্তৰঃ মনােযােগ প্রদান কার্য মনৰ ইতিবাচক আৰু নেতিবাচক ক্রিয়াস্বৰূপে অভিহিত কৰিব পাৰি । এনে এটা বস্তু বা বিষাত মনােযােগ দিয়া মানে পূর্বৰ বিষয়ৰ পৰা মনােযােগ তুলি লােৱাকে বুজায় । উদাহৰণস্বৰূপে পঢ়ি থকা সময়ত যদি ভালপােৱা গান টিভি বা ৰেডিঅ’ত বাজি উঠে , আমাৰ মনােযােগে পঢ়াৰ পৰা আঁতৰি গান শুনাত মনােযােগ দিয়া হয় । 

প্রশ্ন ২। আগ্রহক কিয় সুপ্ত মনােযােগ বুলি কোৱা হয় ব্যাখ্যা কৰা । 

উত্তৰঃ আগ্ৰহক মেকভূগেলে মনােযােগৰ এক সুপ্ত অন্তর্নিহিত অবস্থা স্বৰূপে বর্ণনা কৰিছে । মনােযােগৰ মানসিক কাৰণ হৈছে মন আগ্রহ । ইয়াৰ অভাৱত মনােযােগ দিব পৰা নাই । আকৌ আর্জিত শিক্ষা – অভিজ্ঞতা অভ্যাস আদিয়েও মনত আগ্রহৰ’ সৃষ্টি কৰি মনােযােগৰ মানসিক প্রস্তুতি আনি দিয়ে । সেয়েহে আগ্রহ মনােযােগৰ প্রধান চর্ত বিশেষ । 

প্রশ্ন ৩। অভীপ্সিত মনেযােগ কি ? উদাহৰণ দিয়া । 

উত্তৰঃ মনােবিদ ৰ’ছৰ ( Rross ) ৰ মতে ব্যক্তি মনৰ ইচ্ছাশক্তি বা আত্ম – সন্মানমূলক পৰিস্থিতিৰ সৃষ্টি নােহােৱা অৱস্থাত পৰিৱেশৰ বিষয়বস্তুৰ প্রতি প্রবৃত্তিমূলক অথবা ভাববৃত্তিমূলক প্ৰভাৱত দিয়া মনােযােগেই হৈছে অভীন্সিত বা অনৈচ্ছিক মনােযােগ । বহিঃজগতৰ বিষয় বস্তুবেই এইবিধ মনােযােগক প্ৰভাৱিত আৰু পৰিচালিত কৰে । যেনে— উজ্জ্বল পােহৰ ৰা তীব্র শব্দই ইন্দ্রিক আকর্ষণ কবি মনােযােগৰ প্রবণতাক সৃষ্টি কৰে । ফলত ব্যক্তিয়ে অনিচ্ছাকৃতভাৱে হ’লেও মনােযােগ দিয়ে । 

প্রশ্ন ৪। বিশ্লেষণাত্মক মনোযােগৰ প্রকৃতি উদাহৰণসহ ব্যাখ্যা কৰা । 

উত্তৰঃ কোনাে বস্তুৰ প্ৰতিটো অংশৰ প্রতি পৃথক পৃথক মনােযােগ দিয়াটোৱেই বিশ্লেষণাত্মক মনােযােগ । এনে মনােযােগত বিষয়বস্তুৰ আটাইবিলাক সৰু সৰু অংশ পুংখানুপুংখভাৱে চালিজাৰি চোৱা হয় । যেনে — এজন বিজ্ঞানীয়ে তেওঁৰ পৰীক্ষাগাৰত অধ্যয়ন কৰােতে এই বিশ্লেষণাত্মক মনােযােগ প্রয়ােগ কৰা দেখা যায় । 

প্রশ্ন ৫। জ্ঞানেন্দ্রিয়গত মনােযােগ কি ? 

উত্তৰঃ পৰিবেশৰ উদ্দীপকৰ পৰা পােৱা প্রত্যক্ষ সংবেন অনুভূতিৰ যােগে যি মনােযােগ দিয়া হয় , তাক সংবেদনাত্মক বা জ্ঞানেন্দ্রিয়গত মনােযােগ বােলে । এই প্রত্যক্ষ বিষয়বস্তুৰ উদ্দীপন ক্ষমতা গ্রহণেন্দ্ৰিয়ৰ গ্ৰহণক্ষমতা আৰু সচেতন মনৰ কেন্দ্রিভূত ক্ষমতা বিশেষভাৱে প্রয়ােজন হয় । দৃষ্টি , শব্দ , ঘ্রাণ , স্পৰ্শ আৰু স্বাদ সংবেদন অনুভূতিৰ প্রতিক্রিয়া স্বৰূপে এইবিধ মনােযােগ দিয়া হয় । 

প্রশ্ন ৬। ধাৰণাগত মনােযোগৰ তিনিটা উদাহৰণ দিয়া । 

উত্তৰঃ ধাৰণাগত মনােযােগৰ তিনিটা উদাহৰণ হ’ল— 

( ১ ) এজন ছাত্রই শ্রেণীকোঠাত বহি থাকিলেও শিক্ষক প্রতি মনােযােগ প্রদান নকৰি পূর্ব অভিজ্ঞতাৰ স্মৃতিৰ ভাবজগতত বুৰ গৈ থকা । 

( ২ ) আগত নাথাকিলেও কোনাে বন্ধুৱে আগতে কৰা কোনাে বিশেষ কামৰ প্রতি মনােযােগী হেৱাি । 

( ৩ ) ল’ৰালীকালৰ দুষ্টামিবােৰ মনত কৰি আপােনা – আপুনি হাঁহি থকাটো এই মনােযােগৰ অন্তৰ্ভুক্ত । 

প্রশ্ন ৭। তুমি জ্ঞানেন্দ্রিয়গত মনােযােগ দিবলগীয়া হােৱা এটা উদাহৰণ দিয়া । 

উত্তৰঃ আমি যেতিয়া ইন্দ্রিয়গ্রাহ্য উদ্দীপকৰ প্রতি মনােযােগ দিওঁ তেতিয়া তাক জ্ঞানেন্দ্রিয়গত মনােযােগ বােলে । উদাহৰণস্বৰূপে পঢ়ি থকা সময়ত এটা বিশেষ গােন্ধ পাকঘৰৰ পৰা অহাৰ ফলত সৃষ্টি হােৱা মনােযােগ । 

প্রশ্ন ৮। সচেতনতাৰ ওপৰত আলােকপাত কৰা এটা প্রক্রিয়া হিচাপে মনােযােগ ব্যাখ্যা আগবঢ়োৱা । 

উত্তৰঃ মনােযােগ মনৰ এক ধীশক্তি নহয় বৰং ব্যক্তি মনৰ ই এক ক্রিয়া – প্রচেষ্টাহে মাথােন । এনে প্ৰচেষ্টাৰ যােগেদি মনে সচেতনতাক কেন্দ্রিভূত কৰি পৰিবেশৰ এটা বস্তু বা বিষয়ৰ ওপৰত মনক ধৰি ৰাখিব পাৰে । ই সচেতন মনক নিয়ন্ত্রিত কৰি পৰিবেশৰ কোনাে এক বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়া হয় । ইয়াৰ যােগেদি চঞ্চল আৰু গতিশীল মনক ধৰি ৰাখি । পৰিস্থিতিৰ প্রয়ােজন অনুসৰি প্ৰয়ােগ কৰিব পাৰি ।

প্রশ্ন ৯। ‘ মনােযােগ সদায় পৰিবৰ্তনশীল’– ব্যাখ্যা কৰা । 

উত্তৰঃ মনােযােগ স্থিতিশীল নহয় । ই সদায় গতিশীল আৰু পৰিবৰ্তনশীল । একে সময়ত একাধিক বিষয়ৰ প্রতি মনােযােগ প্রদান কৰিব নােৱাৰি । ব্যক্তি মনে চেষ্টা কৰিলেও কেৱল এটা বস্তু বা বিষয়ৰ ওপৰত মনক অধিক সময়ৰ বাবে ধৰি ৰাখিব পৰা নাযায় । মনােযােগৰ স্থায়ীত্বহীনতা হৈছে এক প্রধা বৈশিষ্ট্য ।

প্রশ্ন ১০। ভাব প্রকাশক মনােযােগৰ এটা উদাহৰণ দিয়া ।

উত্তৰঃ ব্যক্তিগত মনৰ ভাব – চিন্তা আদিয়ে মনােযােগক নির্ধাৰণ আৰু পৰিচালনা কৰে । উদাহৰণস্বৰূপে এজন ছাত্ৰই শ্রেণীকক্ষত বহি থাকিও শিক্ষক প্রতি মনােযােগ প্রদান কৰিব নােৱাৰি পূর্ব অভিজ্ঞতাৰ স্মৃতিৰ ভাবজগতত বিভােৰ হৈ থকা ভাব – প্রকাশক মনােযােগৰ উদাহৰণ ।

প্রশ্ন ১১। অনুমিত মনােযােগৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ যিবিলাক ঐচ্ছিক মনােযােগত ইচ্ছাশক্তিক এবাৰ প্ৰয়ােগ কৰিলেই দীর্ঘদিনৰ বাবে কোনাে এটা কথাত মনােযােগ দি থাকিব পাৰি তাকে অনুমিত মনােযােগ বােলে । যেনে— সুখ্যাতিৰে পৰীক্ষাত উত্তীর্ণ হম বুলি ভবা ছাত্ৰজনে গােটেই বছৰ জুৰি পঢ়া – শুনাত মনােযােগ দিয়ে ।

প্রশ্ন ১২। ‘বাহিৰৰ তীব্ৰ কোলাহলেও আমনি কৰিব নােৱৰা এগৰাকী নিদ্রামগ্ন মাতৃয়ে তেওঁৰ ৰুগীয়া সন্তানটোৰ আনকি অনুচ্চ কান্দোনটোৰ প্ৰতিও মনােযােগ দিয়ে ‘ — কাৰণটো কি ? 

উত্তৰঃ সন্তানৰ প্রতি মাতৃৰ সুপ্ত আগ্রহৰ কাৰণে মনােযােগ সৃষ্টি হয় । অনৈচ্ছিক মনােযােগৰ এটা প্রকাৰ হৈছে স্বতঃস্ফুর্ত মনােযােগ । ইন্দ্ৰিয়ৰ ওপৰত উদ্দীপক কোনাে ধৰণৰ বাধ্যবাধকতা আৰােপ নকৰিলেও ইন্দ্ৰিয়ৰ পূর্ব অভিজ্ঞতাৰ ফলত কিছুমান উদ্দীপকৰ প্রতি মনােযােগ আকর্যিত হয় । গতিকে সন্তানৰ কান্দোনৰ প্রতি মাতৃৰ মনোযােগ আপােনা আপােনি মনলৈ সৃষ্টি হয় । 

প্রশ্ন ১৩। ‘আগ্রহে ক্লান্তি ৰােধ কৰে’— ব্যাখ্যা কৰা । 

উত্তৰঃ দৈহিকভাৱে সুস্থ আৰু স্বাস্থ্যবান লােকেহে পৰিবেশ পৰিস্থিতিৰ প্রতি আগ্রহী হৈ উঠিব পাৰে । দৈহিক অক্ষমতা আৰু ৰােগগ্রস্ততা আগ্রহৰ বাবে প্রতিবন্ধক স্বৰূপ । দৈহিকভাৱে ক্লান্ত কোনাে লােকে স্বতঃস্ফুর্তভাৱে মনৰ আগ্রহ প্রকাশ কৰিব নােৱাৰে । যদি কোনাে বস্তুৰ বা বিষয়ৰ প্রতি আগ্রহ থাকে তেন্তে ক্লান্তি হােৱা কতা আহি নপৰে । কাৰণ আগ্রহ বা ৰাপে ক্লান্ত হােৱাত বাধা প্রদান কৰে । 

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top