Class 12 Education Chapter – 5 ( ক ) স্মৃতি আৰু বিস্মৃতি

Class 12 Education Chapter – 5 ( ক ) স্মৃতি আৰু বিস্মৃতি The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter 5 ( ক ) স্মৃতি আৰু বিস্মৃতি and select needs one.

Class 12 Education Chapter – 5 ( ক ) স্মৃতি আৰু বিস্মৃতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 5 ( ক ) স্মৃতি আৰু বিস্মৃতি Solutions for All Subject, You can practice these here…

৪ নম্বৰৰ প্ৰশ্নাৱলী

প্রশ্ন ১। পার্থক্য নিৰূপণ কৰা 

( ক ) সঁচা স্মৃতি আৰু অভ্যাস স্মৃতি 

উত্তৰঃ অভ্যাস স্মৃতি আৰু প্রকৃত স্মৃতিঃ কোনাে শিক্ষণীয় বিষয় বাৰে বাৰে অনুশীলন কৰাৰ ফলত শিক্ষণীয় বিষয়ৰ প্রতি মনত যি সাঁচ বহে তাকে অভ্যাসগত স্মৃতি বােলে । এই শক্তি মস্তিষ্কৰ স্নায়ু প্রণালীৰ ওপৰত নিৰ্ভৰ কৰে । গতিকে ই যান্ত্রিক । 

প্রকৃত স্মৃতিত মানসিক কল্পৰ ( Mental image ) প্রয়ােজন হয় আৰু বিষয়বস্তুৰ উপলব্ধি বাবে যুক্তি শক্তিৰৰ প্রয়ােজন হয় । ইয়াত বিষয়বস্তুৰ অৰ্থ বুজি তাৰ বিভিন্ন ভাবসমূহৰ মাজত সম্পর্ক স্থাপন কৰি মনত ৰাখিবলৈ যত্ন কৰা হয় । প্রকৃত স্মৃতিয়ে শিশুৰ বােধ শক্তি , বিচাৰ শক্তি আদিৰ উৎকর্ষ সাধন কৰে । 

( খ ) সক্রিয় অৱদমন আৰু অসক্রিয় অৱদমন । 

উত্তৰঃ মনােবিশ্লেষণকাৰী ফ্রয়েডৰ মতে পাহৰনি হৈছে মনৰ এক ইচ্ছাকৃত কার্য । মনত অশান্তি সৃষ্টি কৰা অভিজ্ঞতাৰ স্মৃতি আমি মনত ৰাখিবলৈ নিবিচাৰাে । আমি ইচ্ছা কৰি পাহৰিবলৈ চেষ্টা চলােৱাৰ কাৰণে তেনেবােৰ অভিজ্ঞতাৰ স্মৃতি চেতন মনৰ পৰা গৈ অচেতন মনত ঠাই লয় । এয়ে সক্রিয় অৱদমন ।

অনিচ্ছাকৃত কিছু কথা বা ঘটনা আমি শিকো যদিও অচেতন মনৰ পৰা ই লুপ্ত হৈ যায় । অর্থাৎ অনিচ্ছাকৃত ভাৱে শিকা কথা আমি মনত কৰিব নিবিচৰা ফলত পাহৰি যাওঁ । এয়ে হল অসক্রিয় অৱদমন । 

( গ ) তাৎক্ষণিক স্মৃতি আৰু দীর্ঘম্যাদী স্মৃতি । 

উত্তৰঃ তৎকালীন স্মৃতি :-  তৎকালীন স্মৃতি হৈছে অভ্যাস স্মৃতিৰ এটি ভাগ । সময়ৰ ব্যৱধানৰ মাত্ৰাই হৈছে এইবিধ অভ্যাস স্মৃতিৰ মূল বিষয়বস্তু । কোনাে বিষয়বস্তু শিকাৰ পাছত কম সময়ৰ ব্যৱধানত স্মৰণ কৰাকে তৎকালীন স্মৃতি বােলা হয় । এইবিধ স্মৃতিত শিক্ষণ আৰু তাৰ স্মৃতি উদ্ধাৰৰ মাজত সময়ৰ ব্যৱধান , অতি কম হয় । উদাহৰণস্বৰূপে যিসকল শিক্ষার্থীয়ে পৰীক্ষাৰ কেইদিনমানৰ আগৰে পৰা মাত্র পঢ়া – শুনা কৰে আৰু পৰীক্ষা শেষ হােৱাৰ লগে লগে সকলাে পাহৰি যায় তেনেধৰণৰ স্মৃতিক তৎকালীন স্মৃতি বােলে । এই স্মৃতিৰ উপযুক্ত প্রয়ােগৰ বাবে ব্যক্তিৰ দেহ – মানসিক সতর্কতা আৰু মনােযােগৰ প্রয়ােজন । 

দীর্ঘকালীন স্মৃতি :- আনহাতে দীর্ঘকালীন স্মৃতিৰ ক্ষেত্ৰত সময়ৰ ব্যৱধান বেছি হয় । কোনাে বিষয়বস্তু শিকাৰ বহুদিনৰ পাছত স্মৰণ কৰাকে স্থায়ী স্মৃতি বােলা হয় । স্থায়ী স্মৃতি শিক্ষার্থীৰ বাবে উপযােগী কাৰণ এই ধৰণৰ স্মৃতিয়ে শিক্ষার্থীৰ জীৱনৰ বিভিন্ন সমস্যাৱলী । সমাধান কৰাত সহায় কৰে । উদাহৰণস্বৰূপে এগৰাকী নৃত্যশিল্পীয়ে নৃত্যসম্বন্ধে লাভ কৰা শিক্ষা ব্যৱহাৰৰ ক্ষেত্ৰত এই স্মৃতি ব্যৱহাৰ কৰে । নৃত্যৰ তাল , লয় আদি মনত স্থায়ীভাৱে ৰাখিবলৈ দীর্ঘকালীন স্মৃতিৰ প্রয়ােজন । 

( ঘ ) মনত পেলােৱা আৰু চিনাক্তকৰণ ।

উত্তৰঃ পুনঃস্মৰণ অৰু প্ৰত্যাভিজ্ঞা :- পুনঃস্মৰণ হৈছে স্মৃতিৰ এক কঠিন আৰু উচ্চ পর্যায়ৰ প্রক্রিয়া । পুনঃস্মৰণ হৈছে অতীত অভিজ্ঞতা বর্তমানত পুনৰুদ্ধাৰ কৰা প্রক্রিয়া । গতিকে অতীত অভিজ্ঞতাই ব্যক্তিৰ মনত যিমানে গভীৰ সাঁচ পেলাই পুনঃস্মৰণ কৰাও সিমানে সহজ হয় । গতিকে এই পুনঃস্মৰণ কার্য ব্যক্তিৰ বুদ্ধিবৃত্তি আৰু সুস্থ দেহ মানসিক সংগঠন শক্তিৰ দ্বাৰা পৰিচালিত হয় । এই বিধ স্মৃতিত বৰ্তমানৰ ইন্দ্রিয় অভিজ্ঞতাৰ কোনাে ইংগিত পােৱা নাযায় । উদাহৰণ স্বৰূপে , বর্তমানৰ ৰচনাত্মক পৰীক্ষা পদ্ধতিয়ে পুনঃস্মৰণৰ ওপৰত বিশেষ জোৰ দিয়ে । শিক্ষণৰ ওপৰত যিদৰে সংৰক্ষণ প্রক্রিয়া নিৰ্ভৰশীল সেইদৰে পুনঃস্মৰণ ক্ষমতাও বহু পৰিমাণে সংৰক্ষণৰ ওপৰত নিৰ্ভৰশীল । 

প্রত্যাভিজ্ঞা পুনঃ স্মৰণতকৈ আপেক্ষিকভাৱে সহজ আৰু চমু । অতীতত লাভ কৰা অভিজ্ঞতাৰ স্মৃতি ঘূৰাই পাবৰ বাবে ইয়াক বর্তমানে সহায় কৰে । কাৰণ যি বস্তু বা বিষয়ৰ স্মৃতি লাভ কৰিবলৈ বিচৰা হয় সি ইয়াত ব্যক্তিৰ ইন্দ্রিয়গ্রাহ্য অৱস্থাতে থাকে । তাক কেৱল অতীত অভিজ্ঞতাৰ সহায়েৰে চিনাক্তকৰণ অথবা নির্বাচনহে মাথােন কৰিব লাগে । উদাহৰণস্বৰূপে , কেবাবছৰৰ মূৰত পুৰণি বান্ধবী এজনীক লগ পালে প্রত্যভিজ্ঞাৰ জৰিয়তে চিনাক্ত হয় । স্মৃতিৰ বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষাৰ পৰা পােৱা গৈছে যে যিকোনাে মানুহৰেই পুনঃস্মৰণতকৈ প্রত্যাভিজ্ঞা শক্তি অধিক ।

( ঙ ) মুখস্থ স্মৃতি আৰু যুক্তিসংগত স্মৃতি । 

উত্তৰঃ মুখস্থ স্মৃতি :- শিকাৰ সময়ত বিষয়বস্তুৰ কোনাে অর্থ বুজিবলৈ চেষ্টা নকৰাকৈ বাৰে বাৰে আওৰাই মনত ৰখা শক্তিকে মুখস্থ স্মৃতি বা যান্ত্রিক স্মৃতি বােলে । বস্তুৰ নাম ব্যক্তিৰ নাম গাড়ীৰ নম্বৰ আদি মনত ৰখা কার্যই যান্ত্রিক স্মৃতিৰ শ্ৰেণীত পৰে । 

যুক্তিসংগত স্মৃতি :- নিজৰ বিচাৰ বুদ্ধি , যুক্তি আদি প্রয়ােগ কৰি বিষয়বস্তুৰ অর্থ সম্যকভাৱে উপলব্ধি কৰাৰ ফলত মনত ৰাখি স্মৰণ কৰিব পৰাটোৱেই যুক্তিসংগত স্মৃতি । এনে স্মৃতিৰ বাবে ব্যক্তিয়ে যি যুক্তি আৰু বিচাৰ – বুদ্ধি প্রয়ােগ কৰে । তাৰ ফলত বিষয়বস্তুৱে তেওঁৰ মনত গভীৰ সাঁচ বহুৱায় । সেইকাৰণে বিষয়বস্তুৰ জ্ঞান অধিক স্থায়ী হয় ।

প্রশ্ন ২। ভাল স্মৃতিৰ চাৰিটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ স্মৃতিৰ কেইটামান উল্লেখযােগ্য বৈশিষ্ট্যৰ বিষয়ে তলত আলােচনা কৰা হ’ল— 

( ক ) ইন্দ্রিয়গ্রাহ্য অভিজ্ঞতাৰ প্রয়ােজন ( Need of sensory experience ) :- আমাৰ সকলােৰে শৰীৰত পাঁচবিধ ইন্দ্রিয় আছে । স্মৃতি লাভৰ বাবে ইন্দ্ৰিয়ৰ প্ৰয়ােগৰ সহায়েৰে শিক্ষণ অথবা অভিজ্ঞতা আয়ত্তকৰণ অতিশয় প্রয়ােজন । 

( খ ) সংৰক্ষণ কাৰ্যৰ আৱশ্যকীয়তা ( Need of Retention ) :- প্রত্যেক ব্যক্তিৰেই মনৰ সংৰক্ষণৰ ক্ষমতা আছে । এই ক্ষমতা জন্মগত । ই শক্তি প্রয়ােগৰ দ্বাৰাই স্মৃতি লাভৰ বাবে বিভিন্ন অভিজ্ঞতাৰ ছাপ মনত সংৰক্ষিত কৰি ৰখা হয় । 

( গ ) পুনঃস্মৰণৰ প্রয়ােজন ( Need of Recalling ) :- স্মৃতিৰ আন এক উল্লেখযােগ্য বৈশিষ্ট্য হল স্মৃতিক লাভৰ বাবে সঠিক পুনঃস্মৰণৰ প্রয়ােজন বাঞ্ছনীয় । 

( ঘ ) অচেতন মনৰ ভূমিকা ( Role of Unconscious mind ) :- আমাৰ সকলােৰে মনৰ দুটা ভাগ থাকে সচেতন আৰু অচেতন । অতীত অভিজ্ঞতা পুনঃউদ্দীপকৰ ক্ষেত্ৰত অচেতন মনে এক বিশেষ ভূমিকা পালন কৰা দেখা যায় । মনােবিদসকলৰ মতে , চেতনাই সাধাৰণতে সুখদায়ক বা আনন্দদায়ক অভিজ্ঞতাসমূহ সংৰক্ষণত সহায় কৰে । আৰু ই মানুহক জীৱনৰ দুখদায়ক অভিজ্ঞতাসমূহ পাহৰি যােৱাত সহায় কৰে । 

( ঙ ) পুনৰাবৃত্তিৰ প্ৰয়ােজন ( Need of repetition ) :- যিকোনাে শিক্ষণ বা অভিজ্ঞতাৰ সংৰক্ষণৰ বাবে পুনৰাবৃত্তিৰ অতি প্রয়ােজন । পুনৰাবৃত্তিয়ে স্মৃতি লাভত বিশেষ সহায় কৰে । যিকোনাে শিক্ষণ বা অভিজ্ঞতা লাভৰ পাছত যদি পুনৰাবৃত্তি কৰা নহয় , তেনেহলে পাহৰণিৰ প্রভাৱ বেছি হয় । 

( চ ) সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যকতা ( Need of goud mental health ) :- মানসিক স্বাস্থ্য অসুস্থ বা দুর্বল হলে ব্যক্তিয়ে শিক্ষণ বা অভিজ্ঞতা যুক্তি সংগতভাৱে লাভ কৰিবলৈ অসমর্থ হয় । ইয়াৰ ফলত স্মৃতি লাভৰ ক্ষেত্ৰতাে বিপর্যয় ঘটিব পাৰে । গতিকে সঠিক পুনঃস্মৰণৰ বাবে সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যক ।

প্রশ্ন ৩। স্মৃতি প্রক্রিয়াত জড়িত কাৰকসমূহৰ ( উপাদান ) বিষয়ে আলােচনা কৰা । 

উত্তৰঃ স্মৃতি প্রক্রিয়াত জড়িত কাৰকসমূহৰ বিষয়ে তলত আলােচনা কৰা হ’ল— 

( i ) শিকন :- অভিজ্ঞতা অর্জন কৰা বা শিক্ষা লাভ কৰাটো স্মৃতিৰ প্রথম পর্যায় । যি বিষয়ত আমাৰ কোনাে অভিজ্ঞতা লাভ হােৱা নাই তেনে বিষয়ৰ স্মৰণ কেতিয়াও সম্ভৱ হ’ব নােৱাৰে । 

( ii ) সংৰক্ষণ :- মনে অভিজ্ঞতাৰ সাঁচ সংৰক্ষণ কৰি ৰাখিব পাৰে কাৰণেহে বৰ্তমান লাভ কৰা কোনাে অভিজ্ঞতা পিছত স্মৰণ কৰাটো সম্ভৱ হয় । 

( iii ) পুনঃস্মৰণ :- সংৰক্ষিত অভিজ্ঞতাৰ চেতন মনত পুনৰুদ্রেক ঘটোৱাই হ’ল পুনঃস্মৰণ । ইয়াৰ বাবে শিক্ষণ আৰু সংৰক্ষণৰ প্ৰয়ােজন । পূর্ব অভিজ্ঞতাৰ সাঁচ মনত যিমানে গভীৰ আৰু স্পষ্ট হয় সেই অভিজ্ঞতাৰ পুনঃস্মৰণণা সিমানে সহজ হয় । 

( iv ) প্রত্যাভিজ্ঞা :-  ইন্দ্রিয়গ্রাহ্য অৱস্থাত থকা কোনাে বস্তু বা বিষয়ক পূর্ব অভিজ্ঞতাৰ সহায়েৰে চিনাক্ত কৰা কাৰ্যই হৈছে প্রত্যাভিজ্ঞা । আগতে জনা কোনাে ব্যক্তিৰ নাম মনত পেলাবলৈ দিলে যিমান কষ্ট হয় , কেইটামান নাম দি তাৰ ভিতৰত চিনাক্ত কৰিবলৈ দিলে চিনাক্ত কৰাটো সিমান কষ্টকৰ নহয় । 

প্রশ্ন ৪। বিস্মৃতিৰ চাৰিটা শাৰীৰিক কাৰণ ব্যাখ্যা কৰা ।

 উত্তৰঃ বিস্মৃতিৰ চাৰিটা শাৰীৰিক কাৰণ হ’ল — 

( i ) বৃদ্ধাৱস্থা :- বয়স্ক লােকৰ ক্ষেত্ৰত পাহৰণি বেছিকৈ পৰিলক্ষিত হয় । 

( ii ) মগজুৰ আঘাত :- কোনাে দুর্ঘটনা বা দুৰাৰােগ্যৰ ফলত মগজুৰ কোনাে ভাগ আঘাতপ্রাপ্ত হ’লে , তেতিয়া বিস্মৃতি হ’ব পাৰে । 

( iii ) মাদক দ্রব্য সেৱন :- ৰাগিয়াল দ্ৰব্যৰ ব্যৱহাৰৰ ফলত শিক্ষণীয় বিষয় পাহৰণিৰ গৰ্ভত পৰে । 

( iv ) ক্লান্তি :- দীঘলীয়া সময়জুৰি জিৰণি নােলােৱাকৈ পৰিশ্ৰম কৰিলে দেহৰ স্নায়ুতন্ত্র ঘাইকৈ মগজু অৱসাদগ্রস্থ হৈ পৰে , ফলত পাহৰণিৰ সৃষ্টি হয় । 

প্রশ্ন ৫। সংযুক্তিমূলক স্মৃতিৰ ধাৰণাটো উদাহৰণসহ ব্যাখ্যা কৰা । 

উত্তৰঃ স্মৃতি – ক্রিয়াৰ বাবে অনুষংগতাৰ প্ৰয়ােগ হৈছে ইয়াৰ এক লক্ষণীয় বৈশিষ্ট্য । পূর্ব অভিজ্ঞতাৰ প্রতিৰূপক সচেতন মনত পুনৰুদ্ধাৰ কৰিবৰ বাবে অনুসংগতাৰ সহায় লব লাগে । যেতিয়া কোনাে বস্তু বা ঘটনাৰ লগত আন এটা বস্তু বা ঘটনা জড়িত হৈ থাকে তেতিয়া সিহতৰ এটাক স্মৰণ কৰাৰ লগে লগে আনটোৰ কথাও মনলৈ আহে । এনেকৈ এটা কথা অনুষংগত আন এটা কথা মনত ৰখাটোৱেই সংযুক্তিমূলক স্মৃতি । উদাহৰণস্বৰূপে টকা পইচা কথা ভাবিলে মাটি – বাৰীলৈ মনত পৰে । সেইদৰে দুখৰ দিনবােৰত সুখৰ দিনবােৰলৈ মনত পৰে। সেয়েহে সান্নিধ্য , সাদৃশ্য আদি অৱস্থা স্মৃতিক অনুষংগমূলক নীতিৰ অন্তর্ভুক্ত । 

প্রশ্ন ৬। মুখস্থকৰণৰ দুটা অর্থনৈতিক পদ্ধতি ব্যাখ্যা কৰা ।

উত্তৰঃ ( i ) অখণ্ড শিকন পদ্ধতি :- শিক্ষা গ্রহণৰ বেলিকা শিক্ষাৰ উপাদানবােৰক খণ্ড খণ্ড কৰি ভাঙি অথবা অখণ্ডভাৱে সমগ্র উপাদান অবিভক্তভাবে আয়ত্তকৰণৰ চেষ্টা কৰা হয় । অৱশ্যে ইয়াৰ ফুৰ্তি ৰক্ষাকৰণৰ ফালৰ পৰা অখণ্ড পদ্ধতি অধিক ফলপ্রসূস্বৰূপে গণ্য কৰা হয় । 

( i ) যৌক্তিক – শিকন পদ্ধতি :- বিচাৰ বৃদ্ধি প্রয়ােগ কৰি বা বুজি শিকা কথাক স্থায়ীভাৱে মনত ধৰি ৰাখিব পাৰি । সেয়ে বুদ্ধিমান লােক স্মৃতি প্রয়ােগৰ ক্ষমতা আর্থিক হােৱাটো লক্ষ্য কৰিব পাৰি । এনে লােকে যিকোনাে কথা বােধশক্তি বিচাশক্তি আদি প্রয়ােগ কৰি শিকি উঠা বাবে অধিক স্থায়ী হয় । 

প্রশ্ন ৭। ধাৰণ অবিহনে মনত পেলােৱাটো অসম্ভৱ আৰু মনত পেলােৱা অবিহনে ধাৰণৰ কাম নাই ‘ — আলােচনা কৰা । 

উত্তৰঃ ধাৰণ বা সংৰক্ষণ ক্ষমতা আৰু পুনঃস্মৰণ বা মনত পেলােৱা স্মৃতি প্রক্রিয়াৰ দুটা উপাদান । মনে অভিজ্ঞতাৰ সাঁচ সংৰক্ষণ কৰি ৰাখিব পাৰে কাৰণেহে লাভ কৰা কোনাে অভিজ্ঞতা পুনঃস্মৰণ কৰিব পৰা যায় । 

আনহাতে সংৰক্ষিত , অভিজ্ঞতাৰ চেতন মনত পুনৰুদ্রেক ঘটোৱাই হ’ল মনত পেলােৱা কার্য । এই মনত পেলােৱা কার্য কৰিব হলে অতীত অভিজ্ঞতাক সুৰক্ষিত কৰি ৰাখিব পাৰিব লাগিব । 

গতিকে ধাৰণ অবিহনে মনত পেলােৱাটো অসম্ভৱ আৰু মনত পেলােৱা অবিহনে ধাৰণৰ কোনাে মূল্য নাই বুলি কোৱা হয় । 

প্রশ্ন ৮। বিস্মৃতি আমাৰ বাবে এটা অনুগ্রহ হিচাপে বিবেচিত হ’ব পাৰে ’ – আলােচনা কৰা । 

উত্তৰঃ ভাল স্মৃতিৰ বাবে অতি প্রয়ােজনীয় চৰ্ত হৈছে বিস্মৃতি । বিস্মৃতি হৈছে এক আশীর্বাদ বা অনুগ্রহ । কাৰণ যিকোনাে শিকন অভিজ্ঞতাৰ আহৰণৰ পিছত ভবিষ্যতে স্মৃতি লাভৰ অৰ্থে প্রতিৰূপ বা চাপসমূহ মনত সঞ্চিত কৰি ৰাখিব লাগে । আনহাতে ই সকলােৰে জ্ঞাত যে মানুহৰ সংৰক্ষণ ক্ষমতা জন্মলব্ধভাৱে সীমিত । বিস্মৃতিয়ে পুৰণি , অপ্রয়ােজনীয় প্রতিৰূপসমূহ অচেতন মনৰ গভীৰ স্থলীলৈ ঠেলি পঠিওৱাৰ ফলস্বৰূপে সচেতন মন নতুন জ্ঞান অভিজ্ঞতা আহৰণ কৰি সংৰক্ষণ কৰিবলৈ সমর্থ হয় । বিস্মৃতিৰ জৰিয়তে ইচ্ছাকৃতভাৱে সচেতন মনৰ পৰা দুখদায়ক অভিজ্ঞতাসমূহ আঁতৰাই ৰখাত সহায় কৰে । ফলত দুখদায়ক অভিজ্ঞতাসমূহে ব্যক্তিৰ সচেতন মন পীড়িত কৰিব নােৱাৰে । সেয়েহে বিস্মৃতিক সচেতন মনৰ প্ৰতিৰক্ষা ব্যৱস্থা বুলি কোৱা হয় । গতিকে ক’ব পাৰাে যে বিস্মৃতি আমাৰ বাবে এটা অনুগ্রহ । 

প্রশ্ন ৯। প্রতিক্ষা ব্যৱস্থা হিচাপে বিস্মৃতিয়ে আমাৰ মানসিক স্বাস্থ্যক সুৰক্ষা দিয়ে কিদৰে ব্যাখ্যা কৰা । 

উত্তৰঃ বিখ্যাত মনােবৈজ্ঞানিক ফ্রয়েডে বিস্মৃতিক সচেতন মনৰ এক প্ৰতিৰক্ষা ব্যৱস্থা বুলি অভিহিত কৰিছে । কাৰণ বিস্মৃতিৰ জৰিয়তে ইচ্ছাকৃতভাৱে সচেতন মনৰ পৰা দুখদায়ক অভিজ্ঞতাসমূহ আঁতৰাই ৰখাত সহায় কৰে । ফলত দুখদায়ক অভিজ্ঞতাসমূহে ব্যক্তিৰ সচেতন মন পীড়িত কৰিব নােৱাৰে । ইয়ে সচেতন মনক প্রাকৃতিক ৰূপত নতুন নতুন জ্ঞান আহৰণত সহায়ক হিচাপে কাম কৰে । সেয়েহে বিস্মৃতিক সচেতন মনৰ প্ৰতিৰক্ষা ব্যৱস্থা বুলি কোৱা হয় ।

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top