Class 12 Education Chapter – 5 ( ক ) স্মৃতি আৰু বিস্মৃতি

Class 12 Education Chapter – 5 ( ক ) স্মৃতি আৰু বিস্মৃতি The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter 5 ( ক ) স্মৃতি আৰু বিস্মৃতি and select needs one.

Class 12 Education Chapter – 5 ( ক ) স্মৃতি আৰু বিস্মৃতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 5 ( ক ) স্মৃতি আৰু বিস্মৃতি Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ ) 

প্রশ্নঃ ১। অতীত অভিজ্ঞতাক ধৰি ৰখাত সহায় কৰা দুটা কাৰক উল্লেখ কৰা ।

উত্তৰঃ অতীত অভিজ্ঞতাক ধৰি ৰখাত সহায় কৰা দুটা কাৰক হ’ল – 

( i ) অনুশীলন । 

( ii ) সুস্থ মানসিক স্বাস্থা । 

প্রশ্ন ২। দুটা প্রক্রিয়াৰ নাম লিখা যাৰ জৰিয়তে আমি কোনাে কথা মনত পেলাব পাৰোঁ । 

উত্তৰঃ কোনাে কথা মনত পেলাব পৰা দুটা প্রক্রিয়া হ’ল –

( i ) পুনৰাবৃত্তি আৰু অনুশীলন ।

( ii ) অভিপ্রায় । 

প্রশ্ন ৩। বাৰণ কি ? 

উত্তৰঃ দুখ , ভয় , খং আদি , আবেগৰ আতিশয্যৰ কাৰণে মানুহে বহু কথা পাহৰে । এনে আৱেগিক উত্তেজনাই শিকন অভিজ্ঞতা আহৰণ আৰু সংৰক্ষণ উভয়তে বাধাৰ সৃষ্টি কৰে । 

প্রশ্ন ৪। ৰুদ্ধকৰণ কি ? 

উত্তৰঃ কেতিয়াবা স্মৃতিৰ চাপবােৰ এনে এটা পর্যায়ত থাকে যে সেইবােৰৰ কাৰণে প্রত্যাভিজ্ঞা সম্ভৱ হ’লেও পুনঃস্মৰণ সম্ভৱ নহয় । স্মৃতি সঁচৰ শক্তি হ্রাস নােহােৱা অৱস্থাতাে কিছুমান পৰিস্থিতিত পুনঃস্মৰণ সম্ভৱ নহয় । ইয়াকে ৰুদ্ধকৰণ বােলে ।

প্রশ্ন ৫। বৈসাদৃশ্যৰ নীতিয়ে শিকনত কি দৰে সহায় কৰে ?

উত্তৰ: দুটা ঘটনা বা বিষয়ৰ মাজত বৈসাদৃশ্য থকাৰ ফলতাে এটাই আনটোক স্মৰণ কৰাব পাৰে । উদাহৰণস্বৰূপে স্বৰ্গ আৰু নৰক উভয়ৰে বৰ্ণনা পঢ়াৰ পিছত নৰকৰ বৰ্ণনাই স্বৰ্গৰ বিষয়ে মনত পেলাই দিয়ে । ইয়াকে বৈসাদৃশ্য নীতি বােলে ।

প্রশ্ন ৬। স্মৃতিৰ বিস্তৃতি কি ?

উত্তৰঃ অতীত অভিজ্ঞতাৰ পুনঃস্মৰণ বা প্রত্যাভিজ্ঞাৰ বাবে অক্ষম হলেই আমি পাহৰা বুলি কওঁ অর্থাৎ অতীত অভিজ্ঞতাৰ পুনৰুদ্রেক অক্ষমতাই স্মৃতি বিস্মৃতি হােৱা বুলি কয় । স্মৃতিৰ বিপৰীত গুণকে বিস্মৃতি বুলি কোৱা হয় । 

প্রশ্ন ৭। ‘স্মৃতিৰ এটা আৱশ্যকীয় চর্ত হ’ল পুনৰাবৃত্তি’— ব্যাখ্যা কৰা । 

উত্তৰঃ কিছুমান মনােবৈজ্ঞানিকৰ মতে , পুনৰাবৃত্তি বা অনুশীলনৰ দ্বাৰা স্মৃতিৰ উন্নতি কৰিব পৰা যায় । পুনৰাবৃত্তি হৈছে স্মৃতিৰ এক আৱশ্যকীয় চর্ত । মেকডুগেলে ব্যাখ্যা দাঙি ধৰে যে অভ্যাসৰ দ্বাৰা স্মৃতি শক্তি উন্নতি সাধন কৰিব পাৰি । নির্দিষ্ট বিষয়টোৰ প্ৰতি থকা মনােযােগ , আগ্রহ আৰু অনুভূতি আদিৰ পাৰস্পৰিক সম্পর্কই এক বিশেষ ক্ষেত্ৰত অনুশীলনৰ সহায়ত স্মৃতি প্রক্রিয়াক উন্নত কৰাত সহায় কৰে । 

প্রশ্ন ৮। চিনাক্তকৰণে মনত পেলােৱাত সহজ কৰি দিয়ে ‘ — উদাহৰণসহ ব্যাখ্যা কৰা ।

উত্তৰঃ চিনাক্তকৰণ বা প্রত্যাভিজ্ঞ হৈছে স্মৃতিৰ এক উপাদান । আমাৰ যেতিয়া কোনাে এক – অভিজ্ঞতা হয় তেতিয়া তাক সংৰক্ষশ কৰি ৰখা হয় আৰু সময়মতে নিজাব্বীয়াকৈ চিনাক্তকৰণ কৰি প্রত্যাভিজ্ঞতাৰ স্তৰলৈ লৈ যােৱা হয় । পূর্ণ অভিজ্ঞতাৰ প্ৰতিৰূপ সমূকস চেতনৰ মাজেৰে চিনাক্তণ কৰিব লাগে । উদাহৰণস্বৰূপে আগতেজনা কোনাে ব্যক্তিৰনাম মনত পেলাবলৈ দিলে যিমান কষ্ট হয় কেইটামান নাম দি তাৰ ভিতৰত সেই ব্যক্তিজনৰ নাম চিনাক্ত কৰাত সুবিধা হয় । 

প্রশ্ন ৯। সংবেদক স্মৃতিৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ শৰীৰৰ বিভিন্ন ইন্দ্রিয় অভিজ্ঞতাৰ দ্বাৰা নানা প্রকাৰৰ ইন্দ্রিয়জাত বা সংবেদক স্মৃতিৰ সৃষ্টি হয় । যেনে দৃষ্টিৰ দ্বাৰা চক্ষুৰ স্মৃতি, শব্দৰ দ্বাৰা শ্ৰৱণ স্মৃতি , স্পৰ্শৰ দ্বাৰা স্পর্শজ স্মৃতি আদি । 

প্রশ্ন ১০। দীর্ঘম্যাদী স্মৃতি কি ? 

উত্তৰঃ কোনাে বিষয়বস্তু শিকাৰ বহুদিনৰ পাছত স্মৰণ কৰাকে দীর্ঘম্যাদি স্মৃতি বােলে । এই স্মৃতিৰ বেলিকা শিক্ষণ আৰু তাৰ পুনৰ প্ৰয়ােগৰ মাজত যথেষ্ট সময়ৰ ব্যৱধান থাকে । উদাহৰণস্বৰূপে নৃত্যশিল্পীয়ে তেওঁৰ শিক্ষা লাভ কৰাৰ কিছু সময়ৰ পিছতহে নৃত্য পৰিবেশন কৰে । 

প্রশ্ন ১১। শিকাৰ ইচ্ছাই স্মৰণত সহায় কৰে ব্যাখ্যা কৰা ।

উত্তৰঃ কোনো বিষয় শিকাৰ প্রতি আমাৰ মনত প্রবল ইচ্ছা আগ্রহ থাকিলে আমি সেই বিষয়ত বেছি মনােযােগ দিওঁ । গভীৰ মনােযােগেৰে শিকা কথা আমাৰ মনত বহুদিনলৈ থাকে ফলত স্মৃতি দীর্ঘম্যাদী হয় । গতিকে কোনাে বিষয় আৰম্ভ কৰাৰ আগতে তাৰ উদ্দেশ্য ভালকৈ ব্যাখ্যা কৰি তাক শিকাৰ প্ৰতি ছাত্র – ছাত্রীৰ আগ্রহ সৃষ্টি কৰিব লাগে । 

চমু প্রশ্নোত্তৰ ( মূল্যাংক -৩ ) 

প্রশ্ন ১। স্মৃতি কি ? স্মৃতিৰ এটা বিস্তাবিত সূত্র দিয়া । 

উত্তৰঃ প্রত্যেক মানুহৰ মনৰ ঘাইকৈ দুটা স্তৰ থাকে— সচেতন আৰু অচেতন । দৈনন্দিন জীৱনত যি শিকন আৰু অভিজ্ঞতা লাভ কৰা হয় সেই সমূহ মনৰ চেতন ভাগত সঞ্চিত হৈ থাকে । স্মৃতি এনে এক প্রক্রিয়া যাৰ দ্বাৰা মনত সঞ্চিত থকা অতীত অভিজ্ঞতা আৰু শিকন পুনঃস্মৰণ কৰিবলৈ মানুহ সমর্থ হয় । 

মনােবিদ Woodworth ৰ মতে “ পূর্বে শিকা কথাৰ পুনঃস্মৰণ অভিজ্ঞতা আৰু সংৰক্ষণেই হ’ল স্মৃতি । 

প্রশ্ন ২। সংবেদক স্মৃতি কি ? 

উত্তৰঃ আমাৰ ইন্দ্রিয় চকু , কাণ , নাক , জিভা আৰু ছালৰ সংবেদন অভিজ্ঞতাৰ দ্বাৰা লাভ হােৱা স্মৃতিক সংবেদক স্মৃতি বােলে । পাঁচবিধ ইন্দ্ৰিয়ৰ দ্বাৰা পাঁচ ধৰণৰ এনে স্মৃতি সৃষ্টি হয় । দৃষ্টি সংবেদনৰ দ্বাৰা চাক্ষুষ স্মৃতি , শ্ৰৱণ সংবেদনৰ দ্বাৰা শ্ৰৱণ স্মৃতিৰ সৃষ্টি হয় । সেইদৰে নাক , জিভা আৰু ছালৰ সংবেদনাত্মক অভিজ্ঞতাৰ দ্বাৰা ক্ৰমে ঘ্রাণজ , স্বাদজ আৰু স্পর্শজ স্মৃতি লাভ হয় । 

প্রশ্ন ৩। স্মৃতি আৰু মনঃছবিৰ মাজৰ সম্পর্ক কি ? 

উত্তৰঃ স্মৃতি আৰু মনঃছবি বা কল্পনাৰ মূল উপাদান হৈছে প্রতিৰূপ । এই প্রতিৰূপৰ যথার্থ বা হুবহু ৰূপত কৰা প্রয়ােগেই স্মৃতি আৰু ইয়াৰ সু – সংগঠন আৰু পৰিবৰ্ত্তনেৰে কৰা নতুন উদ্ভাৱনেই হৈছে কল্পনা । সেয়ে বহু সময়ত স্মৃতি আৰু কল্পনাৰ প্ৰভেদ প্রায়ে নােহােৱা হৈ পৰে । স্মৃতি আৰু মনঃছবি উভয়তে প্রতিৰূপৰ প্রাধান্য প্রতি লক্ষ্য ৰাখি বিশেষজ্ঞ সকলে স্মৃতি প্রতিৰূপ আৰু কল্পনা প্রতিৰূপ স্বৰূপে বিশেষ অর্থসূচক শব্দ প্রয়ােগেৰে ইয়াৰ ভিন ভিন অস্তিত্ব প্রতিপন্ন কৰিছে । উল্লেখযােগ্য যে তাজমহল নিজ চকুৰে দেখি অহা এজন লােকৰ মনত সি হয় স্মৃতি প্রতিৰূপ । সেয়ে দুয়ােটাৰ মাজত সম্পর্ক অতি গভীৰ । 

প্রশ্ন ৪। তলত উল্লেখ কৰা বিষয়টোৰ মনস্তাত্বিক ব্যাখ্যা আগবঢ়োৱা । 

ৰাতিতকৈ দিনত পাহৰাৰ হাৰ বেছি 

উত্তৰঃ দিনত মানুহ অধিক কর্মব্যস্ততাৰ মাজত থাকে । নানা ধৰণৰ সমস্যাৰে আবৰি থাকে । অবিবামভাৱে জিৰণি নােলােৱাকৈ কৰা কামৰ বাবে মানুহৰ দেহ – মন ক্লান্ত হৈ পৰে আৰু অৱসাদযুক্ত হৈ পৰে । ফলস্বৰূপে মানুহে দিনৰ ভাগত ৰাতিতকৈ বেছি পাহৰে । মনােবিদসকলৰ মতে শাৰীৰিক ক্লান্তি বিস্মৃতিৰ এটা প্রধান কাৰণ । সেয়েহে মানুহে শিকনৰ ক্ষেত্ৰত উপযুক্ত স্মৃতি লাভ কৰিবলৈ পর্যাপ্ত জিৰণি লােৱা উচিত । 

প্রশ্ন ৫। তলত দিয়াবােৰৰ ব্যাখ্যা কৰা 

( ক ) বিস্মৃতি মুখস্থকৰণৰ এটা চর্ত 

উত্তৰঃ বিস্মৃতি হৈছে এক আশীর্বাদ । কাৰণ যিকোনাে শিকন অভিজ্ঞতাৰ আহৰণৰ পিছত ভৱিষ্যতে স্মৃতি লাভৰ অৰ্থে প্রতিৰূপ বা চাপসমূহ মনত সঞ্চিত কৰি ৰাখিব লাগে । আনহাতে ই সকলােৰে জ্ঞাত যে মানুহৰ সংৰক্ষণ ক্ষমতা জন্মলব্ধভাৱে সীমিত । বিস্মৃতিয়ে পুৰণি , অপ্রয়ােজনীয় প্রতিৰূপসমূহ অচেতন মনৰ গভীৰ স্থলীলৈ ঠেলি পঠিওৱাৰ ফলস্বৰূপে সচেতন মন নতুন জ্ঞান – অভিজ্ঞতা আহৰণ কৰি সংৰক্ষণ কৰিবলৈ সমর্থ হয় । সেয়েহে বিস্মৃতিক এক আশীর্বাদ বুলি অভিহিত কৰিব পাৰি ।

( খ ) বিস্মৃতি হ’ল এটা আশীর্বাদ । 

উত্তৰঃ বিখ্যাত মনােবৈজ্ঞানিক ফ্রয়েডে বিস্মৃতিক সচেতন মনৰ এক প্রতিক্ষা ব্যবস্থা বুলি অভিহিত কৰিছে । কাৰণ বিস্মৃতিৰ জৰিয়তে ইচ্ছাকৃতভাৱে সচেতন মনৰ পৰা দুখদায়ক অভিজ্ঞতাসমূহ আঁতৰাই ৰখাত সহায় কৰে । ফলত দুখদায়ক অভিজ্ঞতাসমূহে ব্যক্তিৰ সচেতন মন পীড়িত কৰিব নােৱাৰে । ইয়ে সচেতন মনক প্রাকৃতিক ৰূপত নতুন নতুন জ্ঞান আহৰণত সহায়ক হিচাপে কাম কৰে । সেয়েহে বিস্মৃতিক সচেতন মনৰ প্ৰতিৰক্ষা ব্যবস্থা বুলি কোৱা হয় । 

( গ ) বিস্মৃতি হ’ল প্ৰতিৰক্ষামূলক ব্যবস্থা । 

উত্তৰঃ যদিও প্রত্যেক অভিজ্ঞতাই স্মৃতি ছাপ সৃষ্টি কৰে তথাপিও প্রত্যেক অভিজ্ঞতাৰ স্মৃতি ছাপক চেতন মনলৈ অনা সম্ভৱ নহয় । আন কথাত ক’বলৈ গলে প্রত্যেক অভিজ্ঞতার কথা মনত পেলােৱা সম্ভৱ নহয় । 

অতীত অভিজ্ঞতাক চেতন মনত পুনৰুদ্রেক কৰাৰ অক্ষমতাই হ’ল বিস্মৃতি । ( Forgetting is the inability to reactivate the memory traces of past experience in the conscious mind. ) 

বিস্মৃতিক সাধাৰণতে স্মৃতিৰ বিপৰীতধর্মী ক্রিয়া বুলি গণ্য কৰা হয় । বিখ্যাত মনােবিশ্লেষক ফ্রয়েডে বিস্মৃতিক ভাল মানসিক স্বাস্থ্যৰ বাবে অতি প্রয়ােজনীয় বুলি অভিহিত কৰিছে । তেখেতৰ মতে , বিস্মৃতি হ’ল স্মৃতিৰ মনৰ এক প্ৰতিৰক্ষা কবচ সদৃশ । কাৰণ বিস্মৃতিয়ে মানুহৰ জীৱনৰ কৰুণ অভিজ্ঞতা সমূহ পাহৰি এক সুস্থ আৰু স্বাভাৱিক জীবন যাপন কৰাত সহায় কৰে । বিস্মৃতি হ’ল স্মৃতিৰ এক কাৰক । কাৰণ ই সচেতন মনৰ পৰা অপ্রয়ােজনীয় অভিজ্ঞতাসমূহ আনি সংৰক্ষণ কৰাত সহায় কৰে । সেয়েহে মনােবিজ্ঞানৰ মতে ভাল স্মৃতিৰ বাবে অতি প্রয়ােজনীয় হৈছে ‘ বিস্মৃতি । এই কাৰণৰ বাবে কোনাে কোনাে মনােবিদে শিক্ষণক যুক্তিমূলক বিস্মৃতি ” কার্য বুলিও ক’ব বিচাৰে । 

প্রশ্ন ৬। সংযুক্তকৰণৰ নীতিয়ে মুখস্থকৰণত কিদৰে সহায় কৰে ব্যাখ্যা কৰা । 

উত্তৰঃ দুই বা ততােধিক ঘটনাৰ মাজত কালগত বা স্থানগত সামীপ্যৰ বাবে অনুংগ স্থাপন হ’ব পাৰে । যেতিয়া দুটা ঘটনা একে সময়তে বা অতি কম সময়ৰ বাৱধানত ঘটে , তেতিয়া এটা ঘটনাৰ কথা পিছত মনলৈ আহিলে আনটোৰ কথাও মনলৈ আহে । সেইদৰে স্থানগত সামীপ্যৰ বাবেও এটাই আনটোৰ বিষয় বা ঘটনালৈ মনত পেলাই দিয়ে । 

প্রশ্ন ৭। স্মৃতি প্রক্রিয়াত জড়িত হৈ থকা বিভিন্ন স্তৰবােৰ কি কি ? 

উত্তৰঃ স্মৃতিৰ বিভিন্ন উপাদানসমূহ হ’ল— 

( ১ ) শিকন:- কোনাে এক বিষয়বস্তুক মনত ৰাখিবলৈ হলে প্রথমে প্রয়ােজন হ’ব ইয়াৰ বাবে শিকনৰ । শিকনৰ জৰিয়তে কোনাে বিষয়বস্তুৰ ওপৰত পােৱা অভিজ্ঞতাৰ ফলসমূহ মনত লিপিবদ্ধ হয় । 

( ২ ) সংৰক্ষণ:- যেতিয়া কোনাে এটা বিষয় সচেতনভাৱে বাৰে বাৰে শিকিবলৈ চেষ্টা কৰা হয় আৰু ফলস্বৰূপে মনত ধৰি ৰাখিবলৈ সক্ষম হােৱা যায় তাকে সংৰক্ষণ বােলা হয় ।

( ৩ ) পুনৰুদ্রেক:- কোনাে বিষয় শিকাৰ পাছত কিমানখিনি মনত সংৰক্ষিত হয় তাক ব্যক্ত কৰাৰ মানসিক ক্রিয়াকে পুনৰুদ্রেক বােলে । 

( ৪ ) প্রত্যাভিজ্ঞ:- অতীত অভিজ্ঞতাৰ বিষয় বা বস্তুৰ উপস্থিতিত যেতিয়া আমি তাক চিনাক্ত কৰিব পাৰে তাক প্রত্যাভিজ্ঞ বােলা হয় । 

প্রশ্ন ৮। স্মৃতি প্রশিক্ষণ কি ? 

উত্তৰঃ স্মৃতি প্রশিক্ষণ মানে হ’ল স্মৃতি শক্তি বৃদ্ধি কৰিব পৰা উপায় সমূহৰ প্রতি দিয়া শিক্ষা । নিজ স্মৃতি উন্নত কৰি তােলা বা উৎকর্ষ সাধন কৰাৰ ইচ্ছা আগ্রহ আমাৰ সকলােৰে আছে যদিও বাস্তৱ ক্ষেত্ৰত ই ইমান সম্ভৱ নহয় । প্রশিক্ষণৰ দ্বাৰা স্মৃতি শক্তি উন্নতি সাধন কৰিব পাৰি নে নােৱাৰি ই এক বিতর্কমূলক বিষয় । পুৰণি শক্তিবাদী মনােবিদসকলে স্মৃতিক এক মানসিক শক্তিস্বৰূপে গণ্য কৰিছিল । এই শক্তিক সাহিত্য , বুৰঞ্জী আদি কেতবােৰ মৌলিক বিষয়ৰ পাঠ্যক্রমত অন্তর্ভুক্ত কৰি আৰু তাৰ অধ্যয়ন আৰু অনুশীলন কৰি স্মৃতিশক্তি উৎকর্ষ সাধনৰ মত প্রকাশ কৰিছিল । 

বৰ্তমানৰ এজন মনােবিদ মেকডুগলে স্মৃতি সম্বন্ধে কৰা পৰীক্ষাৰ ভিত্তিত স্মৃতি উৎকর্ষ সাধনৰ সম্ভাৱনীয়াতক দেখা পায় । তেওঁৰ মতে অনুশীলনৰ যােগেদি ব্যক্তিৰ সংবক্ষণ ক্ষমতা উৎকর্ষ সাধন কৰিব পৰা যায় । 

প্রশ্ন ৯। স্মৃতিত সৃজনশীলতাৰ কোনাে স্থান নাই ’ — ব্যাখ্যা কৰা । 

উত্তৰঃ স্মৃতিত সৃজনশীলতাৰ কোনাে স্থান নাই ’ কথাষাৰ সত্য বুলি ক’লে ভুল নহ’ব কোৱাত । স্মৃতি বা স্মৰণ কার্য হৈছে অতীতত পােৱা অভিজ্ঞতা অনুসৰি কোনাে ঘটনাক মনত কল্পনা কৰা । আনহাতে সৃজনশীলতা হৈছে ব্যক্তিৰ নিজ চিন্তা আৰু ক্ৰিয়াৰ যােগেৰে নতুন উদ্ভাৱন কৰিব পৰা ক্ষমতা । ই ব্যক্তিৰ এক অনন্য গুণৰালি , যাৰ যােগেদি তেওঁ দেশ আৰু সমাজৰ অগ্ৰগতিত শ্রেষ্ঠতম অৱদান আগবঢ়াব পাৰে । 

দেখা যায় স্মৃতি আৰু সৃজনক্ষমতা দুটা পৃথক শক্তি যাৰ ইটোৰ সিটোৰ লগত সম্পর্ক নাই । সৃজন ক্ষমতা থকা ব্যক্তি বহু সময়ত স্মৃতি বিলুপ্ত আৰু অন্যমনস্ক বিধৰ হয় । 

প্রশ্ন ১০। ধাৰণ কার্যত সহায় কৰা তিনিটা কাৰক উল্লেখ কৰা । 

উত্তৰঃ ধাৰণ কার্যত সহায় কৰা তিনিটা কাৰক হ’ল— 

( i ) ইচ্ছা শক্তি :-  ইচ্ছা শক্তিৰ মনােবলৰ ওপৰত স্মৃতিৰক্ষা বা ধাৰণ কাৰ্যকৰাটো ঘাইকৈ নিৰ্ভৰ কৰে । 

( ii ) মানসিক সুস্বাস্থ্য :- ৰোগমুক্ত , সুস্থ আৰু বলিস্থ মন এটাইহে ভালদৰে প্রতিৰূপক  সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কৰিব পাৰে । 

( iii ) অনুশীলন :- বিখ্যাত মনােবিদ উইলিয়াম মেকডুগলে মত প্রকাশ কৰে যে স্মৃতি অনুশীলনৰ যােগেদি ব্যক্তিৰ ধাৰণ ক্ষমতাৰ উল্কর্য সাধন কৰিব পৰা যায় । 

প্রশ্ন ১১৷ তলত দিয়া ক্ষেত্রবােৰত কাম কৰা বিভিন্ন ধৰণৰ স্মৃতিবােৰ চিনাক্ত কৰা । 

( ক ) এটা বাদ্যযন্ত্র বজোৱা । 

উত্তৰঃ অভ্যাস স্মৃতি ।

( খ ) টেলিফোন ডায়েৰীৰ পৰা এটা টেলিফোন নম্বৰ ব্যৱহাৰ কৰা । 

উত্তৰঃ মুখস্থ স্মৃতি । 

( গ ) শ্রুতলিপি লিখা । 

উত্তৰঃ তৎকালীন স্মৃতি । 

প্রশ্ন ১২। স্মৃতি শক্তি বৃদ্ধি সম্পর্কত ষ্টাউটৰ মতামত কি ? 

উত্তৰঃ স্মৃতি বিস্তৃত অধ্যয়নকাৰী মনােবিজ্ঞানী স্কাউটে স্মৃতিৰ উৎকর্ষ সাধনৰ দিশত কিছু ভিন্ন মত প্রকাশ কৰে । তেওঁ জেমচৰ মতক আংশিকভাৱে সমর্থন কৰি কয় যে ব্যক্তিৰ সাধাৰণ স্মৃতিশক্তিৰ উৎকর্ষ সাধন কৰিব নােৱাৰি । অৱশ্যে কোনাে এক বিশেষ দিশত তেওঁ শিক্ষা – অনুশীলন লাভ কৰিলে সেই দিশৰ প্রতি এক উন্নত স্মৃতি , প্রয়ােগ কৰিব পাৰে । উদাহৰণস্বৰূপে এজন বুৰঞ্জীবিদে বুৰঞ্জীৰ চন , তাৰিখ আৰু ঘটনা , এজন নাট্য শিল্পীয়ে নাটকৰ বচন আদি সর্বসাধাৰণ লােকতকৈ ভালদৰে মনত ৰাখিব পাৰে । 

প্রশ্ন ১৩। ‘কিছুমান কথা মনত ৰাখিবলৈ নিবিচৰা বাবে আমি পাহৰোঁ ‘ — ব্যাখ্যা কৰা । 

উত্তৰঃ পাহৰনি বা বিস্মৃতি হৈছে এক মানসিক প্রক্রিয়া । অতীত অভিজ্ঞতা চেতন মনত পুনৰুদ্রেক কৰা অক্ষমতাই হ’ল বিস্মৃতি । এই বিস্মৃতিৰ বহুতাে মনােদৈহিক কাৰণে আছে । তাৰ ভিতৰত এক হ’ল আগ্রহ আৰু মনােযােগৰ অভাৱ । প্রবল আগ্রহ আৰু গভীৰ মনােযােগে স্মৃতিশক্তি সংৰক্ষণত সহায় কৰে । অনিচ্ছা আগ্রহহীনতা বিৰক্তি আদিয়ে স্মৃতিত বাধাৰ সৃষ্টি কৰে । শিক্ষণীয় বিষয় শিক্ষার্থীয়ে যদি আগ্রহহীনভাৱে ইচ্ছাৰ বিৰুদ্ধে গ্ৰহণ কৰে । তেন্তে সেই শিক্ষণীয় বিষয় স্মৃতিলৈ অনাটো সহজ নহয় । গতিকে কিছুমান কথা মনত ৰাখিবলৈ নিচিৰা বাবে আমি পাহৰো । 

প্রশ্ন ১৪। ‘ ভালদৰে মনত পেলাবলৈ আমি ডাঙৰ লেনদেনবােৰ পাহৰিবই লাগিব ’ – ব্যাখ্যা কৰা । 

উত্তৰঃ বিস্মৃতিৰ এক মানসিক কাৰণ হৈছে পশ্চাদমুখী প্রতিৰোধ । বিস্মৃতিক সাধাৰণতে স্মৃতিৰ বিপৰীতধর্মী ক্রিয়া বুলি গণ্য কৰা হয় । কোনাে এটা বিষয় শিকাব পূর্বে আৰু তাৰ পিচত অথবা আগে পিছে সময়ৰ অলপাে ব্যৱধান নৰখাকৈ শিক্ষাই সম্পূর্ণ পৃথক আৰু সম্বন্ধহীন বিষয়ে মধ্যবর্তী বিষয়ৰ স্মৃতিৰ সংৰক্ষণত প্ৰতিৰােধৰ সৃষ্টি কৰে । এই প্রভাৱকে পশ্চাদমুখী প্রতিৰোধ বােলা হয় । মনােবিজ্ঞানৰ মতে ভাল স্মৃতিৰ বাবে অতি প্রয়ােজনীয় হৈছে বিস্মৃতি । কাৰণই সচেতন মনৰ পৰা অপ্রয়ােজনীয় অভিজ্ঞতাসমূহ দূৰ কৰে যাৰ বাবে আমি প্রয়ােজনীয় অভিজ্ঞতাসমূহ সংৰক্ষণ কৰিব পাৰে । গতিকে ভালদৰে মনত পেলাব হলে কিছু অভিজ্ঞতা পাহৰি যােৱাটো ফলদায়ক । 

প্রশ্ন ১৫।  বন্ধকৰণক কিয় বিস্মৃতিৰ এটা কাৰণ হিচাপে বিবেচনা কৰা হয় ? 

উত্তৰঃ শিকনৰ সমাপ্তি বা বন্ধকৰণ বিস্মৃতিৰ কাৰণস্বৰূপে হৈ উঠিব পাৰে । শিক্ষা গ্রহণ কার্য চলাই থকাৰ সময়ত এক মানসিক উত্তেজনাই ব্যক্তিৰ দেহ মন সচেষ্ট আৰু সক্রিয় কৰি ৰাখে । ফলত স্মৃতি সক্রিয় অৱস্থাত থাকে । কিন্তু শিক্ষণৰ সমাপ্তিৰ লগে লগে মনত এক স্বস্তিৰ ভাব অনুভূত হয় , যি স্মৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় । শিক্ষণৰ এনে সমাপ্তিয়ে সেয়েহে স্মৃতিৰক্ষাৰ দিশত এক মনােবৈজ্ঞানিক ক্ষতিসাধন কৰে ।

প্রশ্ন ১৬। নীতাই তাইৰ কিতাপৰ পৰা এটা কবিতা শিকিছে , দ্বিতীয়টো কবিতা শিকাৰ পিছত তাই পাহৰি গ’ল প্ৰথমটো ’ –কাৰণ দর্শোৱা । 

উত্তৰঃ নীতাই তাইৰ কিতাপৰ পৰা এটা কবিতা শিকিছে । দ্বিতীয় কবিতাটো শিকাৰ পিছত তাই প্রথম কবিতাটো পাহৰি গ’ল । ইয়াৰ কাৰণ হ’ল পশ্চাদমুখী প্রতিৰোধ । সময়ৰ ব্যৱধান নাৰাখি যদি দুটা একেধৰণৰ কথা দুটাৰ পিছত এটাকৈ শিকা হয় তেন্তে দেখা যায় যে দ্বিতীয় কথাৰ শিক্ষণে প্রথম কথাৰ স্মৃতি সংৰক্ষণত বাধা দিয়ে । এই মানসিক প্রক্রিয়াকে পশ্চাদমুখী প্রতিৰোধ বােলে । মানসিক কার্য দুটাৰ উপাদানৰ সাদৃশ্য থাকিলে পশ্চাদমুখী প্ৰতিৰােধ বেছি হয় । 

প্রশ্ন ১৭। পশ্চাদমুখী প্রতিৰোধ আৰু পূর্বমুখী প্রতিৰোধৰ পাৰ্থক্যৰ বিষয়ে এটি টোকা ।

উত্তৰঃ বর্তমান শিকনৰ অতীত শিকনৰ ওপৰত যি প্ৰভাৱ থাকে তাকে পশ্চাদমুখী প্রতিৰােধ বােলে । ই এক বিস্মৃতিৰ কাৰণ ।

আনহাতে কিছু সময়ত অতীত অভিজ্ঞতাই বর্তমান অভিজ্ঞতাক প্ৰভাৱিত কৰে । ইয়াক পূর্বমুখী প্রতিৰোধ বুলি কোৱা হয় । পশ্চাদমুখী প্রতিবােধৰ দৰে পূর্বমুখী প্রতিবােধ বিস্মৃতি । এটা কাৰণ । 

প্রশ্ন ২৮। স্মৰণ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰিব চেষ্টা কৰিবা ।

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top