Class 12 Education Chapter – 4 শিক্ষন

Class 12 Education Chapter – 4 শিক্ষন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter 4 শিক্ষন and select needs one.

Class 12 Education Chapter – 4 শিক্ষন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 4 শিক্ষন Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ ( মূল্যাংক -৪ ) 

প্রশ্ন ১. ‘শিক্ষন হ’ল অভিজ্ঞতা আৰু প্ৰশিকনৰ জৰিয়তে আচৰণৰ সলনিকৰণ’– উক্তিটো বহলাই ব্যাখ্যা কৰা ।

উত্তৰঃ জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈ এই গােটেই সময়ছােৱাত আমি সদায়েই নতুন নতুন পৰিস্থিতিৰ সন্মুখীন হওঁ আৰু সমাযােজনাৰ চেষ্টা কৰাে । এই সমাযােজন ( Adjustment ) প্রক্রিয়াৰ মূলতে হ’ল আমাৰ জন্মগত সহজাত প্রবৃত্তি । এই সহজাত প্রবৃত্তিবােৰেই শিক্ষনৰ মৌলিক ইন্ধন যােগায় । অৱশ্যে এই সহজাত প্রবৃত্তিৰ জৈৱিক আৰু আদিম অৱস্থাটোকেই শিক্ষন আখ্যা দিব নােৱাৰি । পৰিস্থিতি আৰু প্রয়ােজন সাপেক্ষে এই সহজাত প্রবৃত্তিসমূহৰ সংশােধন আৰু পৰিৱৰ্তনৰ জৰিয়তে উন্নত ক্রিয়া আচৰণ প্ৰদৰ্শন কৰা আৰু তাৰ জৰিয়তে নতুন পৰিৱেশত নিজকে ভালদৰে খাপ খুৱাই ল’ব পৰা অভিজ্ঞতা আহৰণ কৰা কাৰ্যকহে শিক্ষন বােলা হয় । মনােবিজ্ঞানী গেইছৰ মতে , শিক্ষন হৈছে অভিজ্ঞতা আৰু প্ৰশিকনৰ জৰিয়তে আচৰণৰ পৰিৱর্তন সাধন কৰা । এই শিক্ষন হৈছে ব্যক্তিৰ এক জীৱনজোৰা প্রক্রিয়া । এই প্রক্রিয়াৰ জৰিয়তে ব্যক্তিয়ে নতুন নতুন পৰিস্থিতিৰ সন্মুখীন হােৱা , নতুন নতুন সমস্যাৰ সমাধান কৰা আৰু পৰিস্থিতিৰ লগত সমাযোজন কৰাৰ ক্ষমতা অর্জন কৰে । শিক্ষন কাৰ্য্য সম্পন্ন কৰাৰ ক্ষেত্ৰত যিমানেই উদ্দেশ্যৰ প্ৰবলতা থাকে সিমানেই শিক্ষন কার্য সহজ হৈ পৰে । 

প্রশ্ন ২. শিক্ষনত পুৰস্কাৰ আৰু শাস্তিৰ ভূমিকা সম্পর্কে আলোচনা কৰা । 

উত্তৰঃ শিক্ষনত পুৰস্কাৰ আৰু শাস্তিৰ ভূমিকা অসীম । উপযুক্ত পুৰস্কাৰৰ মাধ্যমেৰে শিক্ষকে ছাত্র – ছাত্রীৰ মনত অভিৰােচনৰ সৃষ্টি কৰিব পাৰে আৰু এই অভিৰােচন কাৰ্য্যই শিক্ষন কাৰ্য্য অধিক সফল হােৱাত সহায় কৰিব পাৰে । ছাত্র – ছাত্রীৰ গঠনমূলক , সৃজনাত্মক গুণসমূহ উদগনি জনাবৰ বাবে পুৰস্কাৰৰ কৌশল অবলম্বন কৰিব পাৰে । পুৰস্কাৰে উদ্দীপক আৰু প্রতিক্রিয়াৰ মাজত সফল যােগসূত্র স্থাপনত সফল হয় । আনহাতে , শাস্তি প্রয়ােগে উদ্দীপক আৰু প্রতিক্রিয়াৰ সম্বন্ধ বিচ্ছিন্ন কৰি সেই কাৰ্য্য পুনৰাবৃত্তি কৰাৰ প্রতি অনাগ্রহী কৰি তােলে । ছাত্র – ছাত্রীৰ বদ অভ্যাস দূৰ কৰিবৰ বাবে শিক্ষকে শাস্তিৰ প্ৰয়ােগ কৰিব পাৰে । অৱশ্যে এই শাস্তি শাৰীৰিকৰ পৰিবৰ্তে মানসিকহে হােৱা বাঞ্ছনীয় । 

প্রশ্ন ৩. ‘শিক্ষন নিৰ্ভৰ কৰে পূৰ্ণতাপ্রাপ্তিৰ ওপৰত ’ – ব্যাখ্যা কৰা । 

নাইবা শিক্ষন আৰু পূর্ণতাপ্রাপ্তিৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ শিক্ষন আৰু পূর্ণতাপ্রাপ্তি বা পৰিপক্কতাই ব্যক্তিৰ বিকাশত সহায় কৰে । শিক্ষন আৰু পৰিপক্কতা উভয়েই এটাৰ লগত আনটো ইমান নিবিড়ভাৱে জড়িত যে এটাক আনটোৰ পৰা পৃথক কৰা কঠিন । 

পৰিপক্কতা হৈছে জৈৱিক দিশৰ ‘জীন’ সম্বন্ধীয় বিজ্ঞানৰ এক ধাৰণা যি জৈৱিক বংশগতিৰ পৰা পােৱা এক অন্তনিহিত শক্তি বা বিকাশৰ সম্ভাৱনীয়তা স্বৰূপ । আনহাতে শিক্ষন হৈছে । বহিঃপৰিবেশৰ পৰিস্থিতি বা উদ্দীপকৰ প্ৰতি কৰা প্রতিক্রিয়াৰ পুনৰাবৃত্তি যি ব্যক্তিৰ আচৰণৰ সংশােধন কৰি তােলে । 

পৰিপক্কতা আৰু শিক্ষনৰ মাজৰ সম্বন্ধ বিজ্ঞানভিত্তিকভাৱে পাব পৰা নাযায় । মানুহৰ কোনবিধ আচৰণৰ পৰিবৰ্তন জৈৱিক পৰিপক্কতাৰ ফলত আৰু কোনবিধ আচৰণ শিক্ষনৰ ফলত সংঘটিত হয় , তাক স্পষ্ট ৰূপত নির্ধাৰণ কৰাটো কঠিন । দুয়াে দিশৰে যুটীয়া প্ৰভাৱ আচৰণৰ পৰিৱৰ্তনত পৰিলক্ষিত হয় । উদাহৰণস্বৰূপে ক’ব পাৰি যে এটি শিশুৱে বিকাশৰ এক নির্দিষ্ট বয়সত দৈহিক পৰিপক্কতা লাভ কৰি উঠিলেহে ভাষা জ্ঞান আয়ত্ত কৰি উঠিব পাৰে । আনহাতে এই কথাও ক’ব পাৰি যে পৰিবেশত মাতৃ আৰু অন্যান্য লােকৰ সান্নিধ্য লাভ কৰি উঠিব নােৱাৰিলে কেৱল সেই নির্দিষ্ট বয়সপ্রাপ্ত হলেই সি ভাষা জ্ঞান স্বাভাৱিক ৰূপত ‘ শিকি উঠিব নােৱাৰে । 

এনেবােৰ দৃষ্টান্তৰ যােগেদি এটা কথা স্পষ্ট হৈ উঠে যে দৈহিক পৰিপক্কতাইহে শিক্ষনৰ যােগ্যতা আদি দিয়ে আৰু পৰিবেশৰ অনুকূল পৰিস্থিতিয়েহে এনে যােগ্যতাৰ উপযােগী কৰণত সহায় কৰে । শিক্ষকৰ বাবে এই দুয়াে দিশৰ বিবেচনা অতি প্রয়ােজনীয় । শিশুৰ প্রয়ােজনীয় দৈহিক পৰিপক্কতা হৈ নুঠাত শিক্ষা বলপূর্বক কৰি তােলা হলে সি ক্ষতি সাধন কৰিব পাৰে । সেইদৰে দৈহিক বিকাশৰ পৰিপক্কতা লাভৰ উপযুক্ত সময় পাৰ হৈ গলে শিক্ষনৰ সুফল আৰু প্রয়ােজনীয় ক্রিয়া পটুতা লাভকৰণত ব্যর্থ হব লাগে । গতিকে শিক্ষনৰ চুৰান্ত প্রাপ্তিৰ সীমা দৈহিক পৰিপক্কতাই নির্ধাৰণ কৰি তােলে । 

প্রশ্ন ৪. শিক্ষন আৰু পূর্ণতাপ্রাপ্তিৰ মাজত পার্থক্য নিৰূপণ কৰা ।

উত্তৰঃ শিক্ষন আৰু পূর্ণতা প্রাপ্তিৰ মাজৰ পার্থক্য – পৰিপক্কতাৰ অৰ্থ হৈছে বৃদ্ধি । ব্যক্তিৰ বৃদ্ধিৰ স্বতঃস্ফুর্ত আৰু নিয়মীয়া । ইয়াৰ বাবে কোনাে বিশেষ উদ্দীপক যেনে প্রশিকনৰ প্ৰয়ােজন নহয় । কিন্তু শিক্ষন হ’ল ব্যক্তিৰ আচৰণৰ পৰিবৰ্ত্তন যিটো পৰিবেশৰ দ্বাৰা নিৰ্ধাৰিত উদ্দীপকৰ দ্বাৰাহে সম্ভৱ হয় ।

পৰিবেশৰ পৰা লাভ কৰা অভিজ্ঞতাৰ দ্বাৰাহে শিশুৱে শিকে আৰু ইয়াৰ লগত প্রশিকন আৰু অনুশীলন এই দুয়ােটা জড়িত থাকে । আনহাতেদি বয়স বৃদ্ধিৰ লগে লগে শিশুৱে শাৰীৰিক আৰু মানসিক পৰিপক্কতা লাভ কৰে যাৰ দ্বাৰা শিশুৱে পৰিবেশৰ বিভিন্ন কথা শিকে । 

মনােবিজ্ঞানী ক’লেচনিকৰ মতে  “জন্মগত প্ৰৱণতাসমূহ স্বাভাৱিকভাৱে প্রস্ফুটিত হােৱাৰ . ফলত আচৰণৰ গুণগত আৰু পৰিমাণৰ পৰিবৰ্তনেই হৈছে পৰিপক্কতা । আনহাতে অতীত অভিজ্ঞতা বাস্তৱৰ কৰ্তব্য ৰূপায়ণত ব্যৱহাৰেই হ’ল শিক্ষন । নতুন কথা শিকিবলৈ হ’লে তাক কৌশলৰে নিজক খাপ খুৱাই লােৱাটো শিকাৰ এক ৰূপ । বাস্তৱ ক্ষেত্ৰত শিক্ষন ব্যক্তিৰ দেহ – মনৰ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল । বয়স বাঢ়ি অহাৰ লগে লগে শিশুৱে যেতিয়া শাৰীৰিক আৰু মানসিক পুষ্টি সাধন কৰে , তেতিয়া নানাধৰণৰ বিষয় শিকিবলৈ সক্ষম হয় । 

ৰচনাধর্মী প্রশ্নোত্তৰ ( মূল্যাংক -৫ / ৬ ) 

প্রশ্ন ১. শিক্ষনৰ প্ৰকৃতি ব্যাখ্যা কৰা । 

উত্তৰঃ শিক্ষনৰ প্রকৃতিক জানিবলৈ হ’লে কেইবাটাও দিশেৰে ফঁহিয়াই চাব লাগিব । ব্যৱহাৰিক জীৱনত ঘটা সৰু বৰ সকলাে উদাহৰণ তথা সংজ্ঞাই প্রমাণ কৰি দিয়ে যে সময়ত উপস্থাপন হােৱা ঘটনাৰ অভিজ্ঞতাতহে শিক্ষন হয় । 

শিক্ষনত আচৰণৰ পৰিবৰ্তনৰ প্রয়ােজন হয় । এৰা – ধৰাহীন মনােভাৱৰ শিক্ষনত নতুনত্ব । নাথাকে । যেনে — উত্তম প্রকৃতিৰ শস্য পাবলৈ হলে বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰ কৰিব লাগিব । শিক্ষন হ’ল এক নিজ কর্ম পন্থাত প্রচলিত প্রক্রিয়া মাথােন । এই প্রক্রিয়াই কোনাে কোনাে ক্ষেত্ৰত কাৰো দিহা – পৰামর্শ নােহােৱাকৈৱে চলাই নিয়ে । 

শিক্ষনক সমস্যা সমাধানমূলক এক উপায় হিচাপত গ্ৰহণ কৰা হয় । এই প্রক্রিয়াটোক নানা ধৰণৰে প্রচলন কৰা হয় । বহু ব্যৱস্থা গ্ৰহণ কৰাৰ লগে লগেই সমস্যাসমূহ এটা এটাকৈ আঁতৰি যায় । 

শিক্ষনৰ প্ৰভাৱত মানুহৰ জীৱনৰ অভ্যাস , ভাবধাৰা আৰু গতি প্রক্রিয়া সলনি হয় । যেনে জীৱজন্তু সমূহৰ স্বভাৱ আৰু অভ্যাসৰ সলনি কৰি মানুহৰ লগত চলা – ফুৰা কৰিব পৰা পর্যায়লৈ আহে । 

শিক্ষন হ’ল অভিজ্ঞতা আৰু প্রশিকনৰ মাজেদি লাভ কৰা সংশােধিত আচৰণ মাত্র । এজন ব্যক্তিয়ে যি শিকে সেয়াই শিক্ষন । 

প্রশ্ন ২. প্রচেষ্টা আৰু ভুলৰ মাজেৰে শিক্ষন কিদৰে সম্ভৱ ? উদাহৰণসহ ব্যাখ্যা কৰা । 

উত্তৰঃ মনােবিজ্ঞানী থর্নডাইকে এই পদ্ধতিৰ পােষকতা কৰিছিল । তেওঁৰ সংযােগবাদ তত্বৰ ওপৰত এই পদ্ধতি প্রতিষ্ঠিত । এই পদ্ধতি মতে কোনাে শিকনীয় বিষয় সম্পূর্ণ আয়ত্তাধীন হােৱাৰ আগতে প্রয়ােজন হয় বহু বিৰামহীন প্রচেষ্টাৰ । এই প্রচেষ্টা সমূহৰ ক্ষেত্ৰত যথেষ্ট ভুল হােৱাৰ সম্ভাৱনা থাকে । এই ভুলবােৰ আঁতৰাবলৈ যথেষ্ট প্রচেষ্টাৰ প্রয়ােজন হয় । এনে বিৰামহীন প্রচেষ্টাৰ ফলতেই প্রথম অৱস্থাত হােৱা ভুলৰ পৰিমাণ আৰু প্রয়ােজন হােৱা সময়ৰ পৰিমাণ লাহে লাহে কমি আহি অৱশেষত নির্ভুলভাৱে অতি কম সময়ৰ ভিতৰতে কামতাে সম্পাদন কৰিব পৰা যায় । এয়েই হৈছে শিক্ষনৰ প্রচেষ্টা আৰু ভুল পদ্ধতি । বাৰে বাৰে কৰা ভুল প্রচেষ্টাৰ অভিজ্ঞতাই শেষত শুদ্ধ পথৰ সন্ধান দিয়ে । 

মনােবিজ্ঞানী থর্নডাইকে তেখেতৰ ‘প্রচেষ্টা আৰু ভুল পদ্ধতি ’ পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰি দেখুৱাইছিল পৰীক্ষা কার্যৰ বাবে তেওঁ এটা ভােকাতুৰ মেকুৰী বিশেষ কৌশলেৰে সজা কৌতুক বাকচ এটাৰ ভিতৰত আৱদ্ধ কৰে । মেকুৰীটোৱে দেখাকৈ কৌতুক বাকচটোৰ বাহিৰত এখন থালত ভজা মাছ ৰখা হৈছিল । বাকচটোৰ প্ৰৱেশ পথৰ দুৱাৰখনাে এনেদৰে ৰখা হৈছিল যে ভিতৰৰ ফালৰ পৰা এডাল ৰচী টানিলেই সহজে খুলিব পাৰি । বাকচটোৰ ভিতৰৰ পৰা মেকুৰীটোৱে বাহিৰত ভজা মাছ দেখি খােৱাৰ বাবে অস্থিৰ হৈ পৰিল আৰু বাকচটোৰ পৰা বাহিৰ ওলাবলৈ আপ্রাণ চেষ্টা কৰিবলৈ ধৰিলে । বাকচটোৰ ভিতৰতে জপিয়াব আৰম্ভ কৰিলে আৰু দুৱাৰ মােকলাবৰ বাবে চৌদিশে হাতােৰাৰে খামুচিব আৰম্ভ কৰিলে । এনে অন্ধ প্রচেষ্টাৰ ব্যর্থ পৰিণতিৰে কিছু সময় কটোৱাৰ পিচত সি এবাৰ কেনেবাকৈ নির্দিষ্ট ৰচীভাল টানি দিয়ে আৰু দুৱাৰখন খুলি যায় । মেকুৰীটোৱে তৎক্ষণাত বাহিৰলৈ ওলাই আহি ভজা মাছখিনি খায় । 

এনেদৰে মেকুৰীটোৱে ভুল আৰু প্ৰচেষ্টাৰ জৰিয়তে লক্ষ্যবিন্দুত উপনীত হ’ব পাৰিলে । থর্নডাইকে দ্বিতীয়বাৰৰ বাবে একেই পদ্ধতিৰে মেকুৰীটোক কৌতুক বাকচটোৰ ভিতৰত আবদ্ধ কৰি ৰাখিলে আৰু বাহিৰত ভজা মাছ প্রদর্শন কৰিলে । এইবাৰাে মেকুৰীটোৱে একে ধৰণৰ আচৰণ প্রদর্শনেৰে কিছুসময়ৰ অন্তত প্রচেষ্টা আৰু ভুল পদ্ধতিৰে দুৱাৰ খুলিব সক্ষম হ’ল আৰু লক্ষ্য বিন্দুত উপনীত হ’ল । 

প্রশ্ন ৩. শিক্ষনৰ প্রচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষাত্মক মূল্য নির্ধাৰণ কৰা ।

উত্তৰঃ শৈক্ষিক তাৎপর্য :- শিক্ষাৰ ক্ষেত্ৰত প্রচেষ্টা আৰু ভুল পদ্ধতিৰ যথেষ্ট প্রভাৱ আছে । প্রচেষ্টা আৰু ভুল পদ্ধতিয়ে ছাত্র – ছাত্রীৰ সক্রিয় অংশ গ্রহণত গুৰুত্ব দিয়ে । বাৰে বাৰে কৰা প্রচেষ্টাই এহাতে ভুলৰ পৰিমাণ কমাই আনে আৰু আনহাতে অভ্যাস গঠনত সহায় কৰে । দৈহিক ক্রিয়াৰ পুনৰাবৃত্তিৰে শিক্ষার্থী আৰু শিক্ষা বিষয়ৰ মাজত এক দেহ – মানসিক সংযােগ স্থাপন কৰা প্রয়ােজন । ইয়াৰ দ্বাৰাই চৰিত্ৰ আৰু ব্যক্তিত্বৰ সজ গুণ আৰু আচৰণসমূহ শিক্ষন কালত ছাত্রই আহৰণ কৰিব পাৰে । সেয়েহে থর্নডাইকে মত পােষণ কৰিছিল যে শিক্ষনৰ মূল উদ্দেশ্য হৈছে অনুশীলনৰ যােগে অভ্যাস গঠন কৰা । বিদ্যালয়ত গণিতৰ সূত্র , বুৰঞ্জীৰ চন তাৰিখ , কবিতা মুখস্থ , বিজ্ঞানৰ সূত্র সমূহ আয়ত্ত কৰণত এই পদ্ধতিৰ সুফল প্রয়ােগ কৰা হয় । শিশুৰ ক্ষেত্ৰত এই পদ্ধতি প্রয়ােগ বেছি । 

প্রশ্ন ৪. শিক্ষনৰ অনুবন্ধন শিক্ষন পদ্ধতিটো ব্যাখ্যা কৰা । ইয়াৰ শৈক্ষিক তাৎপর্য লিখা । 

উত্তৰঃ অনুবন্ধন পদ্ধতিৰে শিক্ষন ( Learning by conditioning ) :- আচৰণবাদীসকলে অনুবন্ধন প্রক্রিয়াৰে শিক্ষন সম্ভৱ হােৱাটো বিশ্বাস কৰিছিল । এই শিক্ষন পদ্ধতিৰ মূল পৃষ্ঠপােষক আছিল মনােবিজ্ঞানী পেভলভ । পেভলভ আছিল এজন শৰীৰ বিজ্ঞানী । গতিকে তেখেতে শিক্ষনক দৈহিক দৃষ্টিকোণৰ পৰা ব্যাখ্যা কৰিছে । পেলভৰ মতে উদ্দীপকৰ প্রতি আমাৰ স্বাভাৱিক দৈহিক প্রতিক্রিয়া , বা , প্রতিবর্ত ক্রিয়াক অন্য এক উদ্দীপকৰ লগত অনুবন্ধিত কৰাৰ পৰিণতিয়েই হৈছে শিক্ষন । উদ্দীপকৰ আকর্ষণীয়তা অনুসৰি ব্যক্তিয়ে তাৰ প্রতি এক স্বাভাৱিক প্রতিক্রিয়া প্রদর্শন কৰে । উদ্দীপকৰ প্রতি স্বাভাৱিক প্রতিক্রিয়া প্রদর্শনত শিকনৰ প্রশ্ন নুঠে । 

পেলভে শিক্ষনৰ এই পদ্ধতিটো কুকুৰ এটাৰ লগত পৰীক্ষা কৰি দেখুৱাইছিল । কুকুৰটোক ভােকাতুৰ অৱস্থাত পৰীক্ষাগাৰত ৰাখি প্রথমে উদ্দীপক হিচাপে মাংস প্রদর্শন কৰে , মাংস দেখি তাৰ মুখত স্বাভাৱিক প্রতিক্রিয়া স্বৰূপে লালটি ওলােৱা দেখা যায় । মুখলৈ লালটি অহাটো স্বাভাৱিক প্রতিক্রিয়া । দ্বিতীয় পৰ্য্যায়ত উদ্দীপক হিচাপে মাংসৰ পৰিৱর্তে এটা ঘন্টা , বজাই শব্দ কৰে আৰু তাৰ স্বাভাৱিক প্রতিক্রিয়া স্বৰূপে কুকুৰটোৱে সেই শব্দ কান পাতি শুনা দেখা যায় । তৃতীয় পর্যায়ত তেওঁ প্ৰথম আৰু দ্বিতীয় উদ্দীপক ( খােৱা আৰু ঘণ্টাৰ শব্দ ) একেলগে প্রদান কৰে আৰু ইয়াৰ যুগ্ম প্রতিক্রিয়া স্বৰূপে কুকুৰটোৰ লালটি ওলােৱা কার্য পৰিলক্ষিত হয় । ইয়াৰ পাছত কিছু সময়ৰ বাবে তৃতীয় পর্যায়ৰ দুয়ােটা উদ্দীপককে পুনৰাবৃত্তি কৰা হয় । অৱশেষত কুকুৰটোৱে চতুর্থ পর্যায়ত কেৱল মাত্র ঘন্টাৰ শব্দ শুনিলেই অনুবন্ধিত প্রতিক্রিয়া স্বৰূপে মুখৰ পৰা লালটি নির্গত হয় । এই অনুবন্ধিত প্রতিক্রিয়াটো এক কৃত্রিম আৰু শিক্ষালব্ধ অভিজ্ঞতাৰহে ফল । পেভলভে কুকুৰৰ লগত কৰা পৰীক্ষাটোৰ বিভিন্ন পর্যায় এনে ধৰণৰ –

S₁ ( মাংস )–R₁( লালটি ওলােৱা , সহজাত প্রবৃত্তি ) 

S₂ ( ঘন্টাৰ শব্দ )– R₂( শব্দ শুনা , সহজাত প্রবৃত্তি ) 

S₁ + S₂ ( মাংস আৰু ঘণ্টাৰ শব্দ )–R₁ ( লালটি , ওলােৱা প্রতিক্রিয়া ) 

S₂( ঘন্টাৰ শব্দ )–R₁ ( লালটি ওলােৱা , অনুবন্ধিত প্রতিক্রিয়া ) 

ইয়াত S শব্দটোৱে উদ্দীপক আৰু R শব্দটোৱে প্রক্রিয়াক বুজায় । 

অনুবন্ধন পদ্ধতিৰ শৈক্ষিক তাৎপর্যঃ-শিকাৰ ক্ষেত্ৰত অনুবন্ধন পদ্ধতিৰ পৰিসৰ যথেষ্ট ব্যাপক । শিক্ষালব্ধ বিভিন্ন অভ্যাস , শৃংখলাবােধ , সৎগুণ , সত্মনােভাব , আদর্শ আদি অনুবন্ধিত প্রক্রিয়াৰ ফলস্বৰূপ ৷ উদাহৰণস্বৰূপে শিক্ষক শ্রেণী কোঠাত প্রৱেশ কৰাৰ লগে লগে থিয় হােৱাতাে অনুবন্ধিত প্রতিক্রিয়া । পঢ়া , লিখা , বামান , নেওঁতা মুখস্থ কৰা ইত্যাদি অনুবন্ধিত প্রতিক্রিয়াৰ যােগেদি গঢ়ি উঠে । ভাষা জ্ঞান আয়ত্ত কৰাৰ ক্ষেত্ৰতাে অনুবন্ধনবাদৰ গুৰুত্ব অসীম । মন্টেচৰী পদ্ধতিত শিশুক উদ্দীপকৰ প্রত্যক্ষ অভিজ্ঞতাৰে শব্দৰ লগত পৰিচয় কৰাই দিয়া শিক্ষন পদ্ধতি মূলতঃ অনুবন্ধত্ত্ববাদ তত্বৰ ওপৰত প্রতিষ্ঠিত । 

প্রশ্ন ৫. শ্ৰেণীকোঠাৰ পৰিস্থিতিত শিক্ষনৰ চৰ্তকৰণ সূত্ৰটোৰ সম্বন্ধ কি ? 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰিব চেষ্টা কৰিবা ।

প্রশ্ন ৬. অন্তদৃষ্টিৰ জৰিয়তে শিক্ষনৰ ব্যাখ্যা দিয়া । অন্তদর্শনৰ বৈশিষ্ট্যসমূহ লিখা । 

উত্তৰঃ অন্তর্দর্শন শব্দৰ অৰ্থ হৈছে বিষয়বস্তুৰ অন্তৰ্ভাগলৈ দৃষ্টি নিক্ষেপ কৰা । অন্তর্দর্শন বা অন্তদৃষ্টিৰ শিক্ষন পদ্ধতি গেষ্টাল্ট মনােবিজ্ঞানীসকলৰ সামগ্রিকতাবাদী দৃষ্টিভংগীৰ ওপৰত প্রতিষ্ঠিত । তেওঁলােকৰ শিক্ষন প্রক্রিয়া প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দৰে কোনাে অন্ধ যান্ত্রিক প্রক্রিয়া নহয় , বৰঞ্চ ই হৈছে সমগ্ৰ পৰিস্থিতি বা সমস্যা সম্পর্কে অন্তদৃষ্টি । অন্তদৃষ্টিৰ সহায়ত কোনাে বিশেষ সমস্যাৰ সামগ্রিক স্বৰূপটো উপলব্ধি কৰি তাৰ সমাধানৰ প্রতি প্রতিক্রিয়া কৰে ৷ কিয়নাে প্রতিটো শিক্ষনীয় বিষয় বা সমস্যাৰ কেতবােৰ অন্তর্নিহিত অংশ থাকে । সমস্যাৰ সমাধান বা শিক্ষন লাভ কৰিবলৈ হ’লে ব্যক্তিয়ে ভিন ভিন অংশৰ মাজত থকা পাৰস্পৰিক সম্বন্ধ নিৰীক্ষণ কৰিব লাগিব । 

এই নিৰীক্ষণযােগে সমূহ অংশক একগাের্ট কৰি তাৰ অন্তর্নিহিত সম্বন্ধ আৱিষ্কাৰ কৰিব পাৰিলে সেই সমস্যাৰ দ্রুত সমাধান বা শিক্ষন সম্ভৱ হৈ উঠে । সমস্যা সমাধানৰ উপায় মনত আকস্মিকভাৱে আহি পৰে । অৱশ্যে ই ব্যক্তিসমূহৰ মানসিক যােগ্যতাৰ দ্বাৰা বহু পৰিমাণে নিয়ন্ত্রিত । সমস্যাটো সামগ্রিকভাৱে কৰা পর্যবেক্ষণে ইয়াৰ জটিলতাৰ মাত্রা স্নান কৰি দিয়ে ফুলত অন্ধ , উদ্দেশ্যবিহীন অৰু যান্ত্রিক আচৰণৰ সহায় ল’ব নালাগে । মানুহৰ সকলাে প্ৰকাৰৰ উন্নত আৱিষ্কাৰ অৰু সৃজনীমূলক কাম এনে অন্তদর্শন পদ্ধতিৰ দ্বাৰাই সম্ভৱ হয় । এই পদ্ধতিৰ কেইটামান উল্লেখযােগ্য বৈশিষ্ট্য হৈছে— 

( ১ ) উদ্দেশ্যবিহীন , যান্ত্রিক আৰু অন্ধ প্রচেষ্টা বর্জন কৰা । 

( ২ ) সমস্যাৰ বিভিন্ন অংশ পর্যবেক্ষণৰ চেষ্টা কৰা । 

( ৩ ) এই অংশবােৰৰ মাজত সমন্বয় সাধন কৰা । 

( ৪ ) সমাধানৰ উপায় আকস্মিকভাৱে উদ্ভাৱন কৰা । 

( ৫ ) ইয়াৰ দ্বাৰা সমস্যা সমাধান কৰা আৰু অভিজ্ঞতা অর্জন কৰা । গতিকে অন্তদৃষ্টি পদ্ধতি বুলিলে পৰিকল্পিত অৰু সুসংবদ্ধভাৱে সমস্যাৰ সমাধান কৰাকে বুজা যায় ।

প্রশ্ন ৭. অন্তর্দর্শন পদ্ধতিৰ শৈক্ষিক মূল্য উল্লেখ কৰা । 

উত্তৰঃ অন্তর্দর্শন পদ্ধতিৰ শৈক্ষিক মূল্য তলত উল্লেখ কৰা হ’ল –

( ক ) এই পদ্ধতি অনুযায়ী আমাৰ শিক্ষন পৰিস্থিতিৰ সামগ্রিকবােধৰ ওপৰত নিৰ্ভৰ কৰে । সেইবাবে বিদ্যালয় পাঠদানৰ সময়ত বিষয়বস্তু সামগ্রিক আৰু অসম্পূর্ণভাৱে উপস্থাপন কৰিব লাগে । 

( খ ) শিক্ষকে বিষয়বস্তু এনেদৰে উপস্থাপন কৰিব লাগে যাতে শিক্ষার্থীসকলে নিজেই সমস্যামূলক পৰিস্থিতিৰ বিভিন্ন অংশৰ মাজত সম্পর্ক স্থাপন কৰিব পাৰে আৰু বিষয়বস্তু সম্পর্কে সামগ্রিক ধাৰণা গ্রহণ কৰিব পাৰে । 

( গ ) এই পদ্ধতিৰ শিক্ষণৰ এটা দিশ হ’ল শিক্ষার্থীৰ সক্রিয়তা আৰু আগ্রহ । গতিকে শিক্ষকে শিক্ষার্থীক সমস্যা সমাধানৰ প্রতি আগ্রহী কৰি তুলিব লাগে । 

( ঘ ) যি ক্ষেত্রত সুবিধা হয় শিকিব লগা বিষয়বস্তু আতিগুৰি মাৰি ব্যাখ্যা কৰাৰ পৰিৱর্তে সমস্যাৰূপে শ্রেণীত উপস্থাপন কৰিব লাগে । 

( ঙ ) শিক্ষণ পৰিস্থিতি বিশ্লেষণ কৰি চোৱাৰ আৰু ইয়াৰ ভিত্তিত সাধাৰণ ধাৰণাৰ অভ্যাস গঠনত শিক্ষার্থীক উৎসাহিত কৰি তুলিব লাগে । 

প্রশ্ন ৮. শিক্ষনৰ প্ৰাথমিক নীতিসমূহ শ্ৰেণীকোঠাত কিদৰে প্রয়ােগ কৰিব পাৰি আলচনা কৰা । 

উত্তৰঃ থর্নডাইকে বিভিন্ন জন্তুৰ লগত শিক্ষন সম্পর্কে চলােৱা দীর্ঘকাল গৱেষণাৰ ফলশ্রুতি হ’ল শিক্ষন সম্পর্কে আগবঢ়োৱা নীতিসমূহ । জন্তুৰ লগত পৰীক্ষা কার্য চলােৱা শিক্ষন প্রক্রিয়াসমূহ কিছু সংশােধনেৰে মানুহৰ বেলিকাও বিভিন্ন ক্ষেত্ৰত প্রযােজ্য । সেয়ে গৱেষণা ভিত্তিত স্থিৰি হােৱা শিক্ষনৰ নীতিসমূহক দুটা ভাগত ভাগ কৰা হৈছে — তিনিটা মুখ্য অৰু পাঁচটা গৌণ । মুখ্য নীতিসমূহ শিক্ষক আৰু শিক্ষার্থী দুয়ােৰে বাবেই তাৎপর্যপূর্ণ । এই নীতিসমূহ হ’ল– 

( ১ ) ফলাফলৰ নীতি ( Law of effect ) 

( ২ ) অনুশীলনৰ নীতি ( Law of exercise or frequency ) 

( ৩ ) প্রস্তুতিৰ নীতি ( Law of readiness ) । 

( ১ ) ফলাফলৰ নীতি :- থর্নডাইকৰ মতে “উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ পৰিৱৰ্তনীয় সংযােগৰ ফলত যদি সন্তোষজনক আৰু তৃপ্তিদায়ক ফল পােৱা যায় , তেন্তে সেই সম্পর্ক বান্ধোন দৃঢ় হয় ; আৰু যদি সেই দুয়ােটাৰ সংযােগৰ ফলত বিৰক্তিকৰ ফল পােৱা যায় , তেন্তে সেই সম্পর্কৰ বান্ধোন দুর্বল হৈ পৰে । গতিকে কোনাে কামৰ পৰিণতিৰ ওপৰতহে তাৰ প্রতিক্রিয়াৰ স্বৰূপ নিৰ্ভৰ কৰে । থর্নডাইকৰ এই নীতি অনুসৰি প্ৰাণীয়ে নিজ কার্যৰ সুখজনক অথবা দুখজনক ফলাফল অনুযায়ীহে তাৰ প্রতি আচৰণ প্ৰদৰ্শন কৰে সুখজনক বা সন্তোষজনক পৰিণতিৰ ফলত বা অসন্তোষজনক পৰিণতিৰ ফলত তেনে কামৰ পৰা আঁতৰি থাকিব বিচাৰে ৷ 

শৈক্ষিক তাৎপর্য :- এই নীতিৰ শিক্ষা ক্ষেত্ৰত যথেষ্ট প্রভাৱ আছে । শিক্ষা কার্যৰ ফলাফল সন্তোষজনক হ’লে শিক্ষা দৃঢ়তৰ হয় , স্থায়ী হয় আৰু তেনে কার্য পুনৰায় কৰিবৰ বাবে আগ্রহী হৈ উঠে । ইয়াৰ বিপৰীতে , অশুভ আৰু অসন্তোষজনক ফলাফলে মনলৈ অসন্তুষ্টিৰ ভাব আনে , শিক্ষনৰ স্থায়িত্ব দুর্বল কৰি তােলে আৰু তেনে কার্য পুনৰবাৰ কৰিবৰ বাবে দেহ – মানসিক প্রস্তুতি কমাই আনে । এই নীতিৰ ওপৰত ভিত্তি কৰিয়ে শিক্ষকে শিক্ষাদান কার্যত পুৰস্কাৰ আৰু শাস্তি প্রদানৰ ব্যৱস্থা কৰে । 

কিন্তু শিক্ষাৰ ক্ষেত্ৰত হােৱা অকৃতকার্যতাৰ বাবে ছাত্র – ছাত্রীক শিক্ষকে কৰা কটু সমালােচনা বা তেখেতে দিয়া আন শাস্তিয়ে ছাত্র – ছাত্রীক বহু ক্ষেত্রত হতাশ আৰু উদ্যমহীন কৰি তােলাৰো সম্ভাৱনা থাকে । গতিকে এই ক্ষেত্ৰত শিক্ষকে সাৱধানতা অবলম্বন কৰিব লাগে । 

( ২ ) অনুশীলনৰ নীতি :- উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত বাৰে বাৰে সংযােগ স্থাপন হলে এই সংযােগ শক্তিশালী হয় আৰু বহু দিনলৈ এই সংযােগ নঘটিলে ই দুর্বল হৈ পৰে । থর্নডাইকে কৈছিল যে কোনাে কাম পুনৰাবৃত্তিৰ ফলত ই স্থায়ীৰূপ লব পাৰে । শিক্ষনৰ এই নীতিক দুটা ভাগত ভাগ কৰা হৈছে— 

( ক ) ব্যৱহাৰ নীতি  । আৰু 

( খ ) অব্যৱহাৰৰ নীতি । 

ব্যৱহাৰৰ নীতি হল– “যেতিয়া পৰিস্থিতি আৰু প্রতিক্রিয়াৰ মাজত সংশােধিত সম্বন্ধ স্থাপন হয় , তেতিয়া আন ব্যৱস্থা একেই থাকিলে সংযােগৰ শক্তি বৃদ্ধি পায় ।” 

অব্যৱহাৰৰ নীতি অনুসৰি – “যেতিয়া পৰিস্থিতি আৰু প্রতিক্রিয়াৰ মাজত সংশােধিত সম্বন্ধ কিছু সময় ধৰি স্থাপন কৰা নহয় , তেতিয়া সেই সংযােগৰ শক্তি কমি যায় ।” 

থর্নডাইকৰ ‘প্রচেষ্টা আৰু ভুল পদ্ধতি’ শিক্ষনৰ এই নীতিৰ দ্বাৰা প্ৰভাৱিত । 

শৈক্ষিক তাৎপর্য :- ইয়াৰ যথেষ্ট শিক্ষাগত মূল্য আছে । শিশুৰ সকলাে প্ৰকাৰৰ সু অভ্যাস গঠন আৰু বদ – অভ্যাস বর্জনৰ কৌশল শিক্ষনৰ এই নীতিৰ লগত সংলগ্ন । তাৰােপৰি শিক্ষনীয় বিষয়ৰ স্থায়িত্বৰ বাবে ইয়াৰ অনুশীলনৰ প্রয়ােজন হয় , পুনৰাবৃত্তিৰ প্ৰয়ােজন হয়; ইয়াৰ অভাৱ হ’লে শিক্ষনীয় বিষয় সমূহ পাহৰণিৰ গৰ্ভলৈ গতি কৰে । ছাত্রৰ চৰিত্ৰ গঠন আৰু ব্যক্তিত্ব বিকাশত আদর্শ ক্রিয়াৰ অনুশীলন আৰু অভ্যাস গঠনৰ অতি প্রয়ােজন । 

( ৩ ) প্রস্তুতি নীতি :- থর্নডাইকৰ মতে,  “ যেতিয়া কোনাে সংযােগ ক্রিয়াৰ বাবে প্রস্তুত থাকে তেনে অৱস্থাত ক্রিয়াকৰণে সন্তুষ্টি দিয়ে আৰু ক্ৰিয়া কৰিবলৈ নাপালে অসন্তুষ্টি দিয়ে । যেতিয়া সংযােগ ক্রিয়া কৰণৰ বাবে প্রস্তুত নাথাকে তেনে অৱস্থাত ক্রিয়া কৰিবলৈ দিলে অসন্তুষ্টিৰ সৃষ্টি কৰে । গতিকে যেতিয়া কোনাে ব্যক্তিয়ে কোনাে এটা কাম কৰিবলৈ ইচ্ছা কৰে আৰু বৰ আগ্ৰহী হৈ পৰে তেতিয়া তেওঁ সেই কামটো কৰিবলৈ পালে তেওঁৰ আনন্দ হয় আৰু কৰিবলৈ নাপালে মনত বেজাৰ লাগে বা অসন্তুষ্টিৰ ভাব আহি পৰে । ঠিক তেনেদৰে কোনাে কাম কৰিবৰ বাবে আগ্রহ নথকা অৱস্থাত কামটো কৰিব লগা হ’লে মানুহ বিৰক্ত হয় আৰু কৰিব নালাগিলে অনন্দ পায় । 

শৈক্ষিক তাৎপর্য :- প্রস্তুতিৰ নীতি অনুসৰি উদ্দীপক আৰু তাৰ প্রতিক্রিয়াৰ মাজত সংযােগ স্থাপনৰ শিক্ষার্থী প্রস্তুতিৰ ভাব থকা প্রয়ােজন । এই প্রস্তুতি থাকিলে যিকোনাে কাম কৰাত শিক্ষার্থীয়ে সন্তোষ পায় আৰু এই প্রস্তুতি নেথাকিলে শিক্ষার্থীৰ বাবে কামটো কৰা বিৰক্তিদায়ক হয় । থর্নডাইকে প্রস্তুতি শব্দদুটিৰ জৰিয়তে দৈহিক অৰু স্নায়বিক প্রস্তুতিকে বুজাইছে । অৱশ্যে বাস্তৱ ক্ষেত্রত মানসিক প্রস্তুতিৰ কথা নুই কৰিব নােৱাৰি 

প্রস্তুতিৰ নীতি শিক্ষা ক্ষেত্ৰত বিশেষ ভাবে ব্যৱহৃত শিক্ষা দান আৰু শিক্ষা গ্রহণ কার্যৰ সফলতা বহু পৰিমাণে নিৰ্ভৰ কৰে ছাত্ৰ – ছাত্ৰীৰ প্রস্তুতিৰ ওপৰত । সেয়েহে শিক্ষকে শিক্ষাদান 

কৰাৰ আগতে ছাত্র – ছাত্রীসকল শিক্ষা গ্রহণৰ বাবে প্রস্তুত হয় নে নহয় পৰীক্ষা কৰি চাব লাগে । একো একোজন কৃতি শিক্ষকে শিক্ষাদান কার্যত অভিৰােচনৰ নীতি প্রয়ােগ কৰি অপ্রস্তুত ছাত্র – ছাত্রীকো শিক্ষা গ্রহণৰ বাবে প্রস্তুত কৰি তুলিব পাৰে । 

প্রশ্ন ৯. প্রভাৱৰ নীতিসমূহ শ্রেণী কোঠাত কিদৰে প্ৰয়ােগ কৰিব পাৰি আলােচনা কৰা । 

উত্তৰঃ শিক্ষার্থীৰ শিক্ষা গ্রহণৰ পৰিণতি এই শিক্ষন নীতিৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত । শিক্ষনৰ ফলাফলৰ সন্তুষ্টিয়ে ছাত্ৰক পৰৱর্তী ক্রিয়াৰ বাবে ইন্ধন যােগায় । ফলত আৰু অধিক সফলতাৰ বাবে সকলাে প্রচেষ্টা চলায় । শিক্ষাৰ সুফল লাভকৰণ ছাত্ৰৰ বাবে পুৰস্কাৰ প্রদান স্বৰূপ হৈ উঠে । এই নীতিৰ শৈক্ষিক প্রায়ােগিকতা তলত উল্লেখ কৰা হ’ল । 

( ক ) সার্থক শিক্ষা গ্রহণৰ বাবে ছাত্র শিক্ষা পৰিবেশ সুখদায়ক আৰু আনন্দদায়ক কৰি তুলিব লাগে । 

( খ ) শিক্ষনৰ কৃতকার্যতা ক্রমাগতভাৱে হৈ উঠিব পৰাকৈ অধ্যয়নৰ বিষয়বস্তু পর্যায়ক্রমে কঠিনতাৰ ভিত্তিত প্রস্তুত কৰি তুলিব লাগে । 

( গ ) শিক্ষকে ছাত্র ছাত্রীৰ অধ্যয়নত পুৰস্কাৰ , প্রশংসা , স্বীকৃতি প্রদান আদিৰে উৎসাহিত কৰি তুলিব লাগে । 

( ঘ ) শিক্ষা আহৰণত পুৰস্কৃত কৰা হলে শিক্ষার্থী মনােকামনা পূৰণ কৰে আৰু মনত প্রণােদনৰ সৃষ্টি কৰে । 

প্রশ্ন ১০. প্রস্তুতি নীতিৰ শৈক্ষিক তাৎপৰ্য্যৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ প্ৰকৰণ বা প্রস্তুতিৰ নীতি মতে ক্রিয়াৰ পৰা পাব পৰা সন্তুষ্টি আৰু অসন্তুষ্টি ব্যক্তিৰ দৈহিক প্রস্তুতিৰ ওপৰতেই নিৰ্ভৰ কৰে । শিক্ষা প্রদান আৰু শিক্ষা গ্রহণৰ এক প্ৰধান চর্ত হৈছে শিক্ষার্থীৰ দৈহিক প্রস্তুতি । এই কথাৰ প্রতি শিক্ষকে সতর্ক দৃষ্টি ৰাখিব লাগে । শিক্ষা গ্রহণ কার্য হৈছে সময় , সুবিধা আৰু প্রস্তুতি সাপেক্ষ । এই নীতিৰ কেতবােৰ শৈক্ষিক তাৎপর্য তলত সংক্ষেপে উল্লেখ কৰা হৈছে । 

( ক ) শিক্ষকে পাঠদানৰ পূর্বে ছাত্ৰৰ প্ৰস্তুতিৰ প্রতি লক্ষ্য ৰাখিব লাগে । ইয়াৰ প্ৰতি আওকণীয়া হৈ যান্ত্রিকভাৱে শিক্ষা দান কৰিব নালাগে । 

( খ ) ছাত্ৰৰ দেহ মানসিক প্রস্তুতিৰ সৃষ্টি কৰিব পৰা অভিৰােচনৰ কৌশল শিক্ষকে জানিব লাগে আৰু প্রয়ােজনমতে তাক প্ৰয়ােগ কৰিব লাগে । 

( গ ) এই প্রস্তুতিৰ প্রতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠানৰ কার্য তালিকা আৰু সময় তালিকা প্রস্তুত কৰি তুলিব লাগে । 

( ঘ ) ছাত্র শিক্ষা বলপূর্বক বিধৰ কৰি তুলিব নালাগে । তেওঁলােকৰ স্বতঃস্ফূর্ত অংশ গ্ৰহণৰ প্রতি লক্ষ্য ৰাখিব লাগে । 

প্রশ্ন ১১. শ্ৰেণীকোঠাৰ পৰিস্থিতিত শিক্ষনৰ তিনিটা নীতিৰ কাৰ্যকৰণৰ ব্যাখ্যা দিয়া । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰিব চেষ্টা কৰা ।

প্ৰশ্ন ১২. শিক্ষনৰ প্রধান বৈশিষ্ট্যসমূহ লিখা ।

উত্তৰঃ শিক্ষনৰ প্রধান বৈশিষ্টসমূহ হ’ল– 

( ক ) শিক্ষন হ’ল অভিজ্ঞতা আৰু প্ৰশিকনৰ মাজেদি লাভ কৰা সংশােধিত আচৰণ মাত্র । 

( খ ) ব্যক্তিয়ে কৰা কোনাে সমস্যাৰ সমাধান হ’ল শিক্ষন । 

( গ ) শিক্ষন লক্ষ্যৰ দ্বাৰা পৰিচালিত হয় । শিক্ষন কার্যত নির্দিষ্ট লক্ষ্যৰ প্রয়ােজন । 

( ঘ ) বিভিন্ন পৰিস্থিতিৰ লগত সংগতি সাধন হ’ল শিক্ষন । জীৱনৰ প্রত্যেক মুহূর্ততে পৰিস্থিতিৰ দ্বাৰা শিকে । 

( ঙ ) আচৰণৰ উপযুক্ত পৰিচালনতহে শিক্ষনৰ মাহাত্ম্য প্রকাশ পায় । 

( চ ) শিক্ষন অভিৰেচনৰ মাধ্যমতহে সম্ভৱ । আগ্রহ নাথাকিলে শিক্ষন কার্য অসম্পূর্ণ হয় । 

( ছ ) উদ্দীপক আৰু প্রতিক্রিয়াৰ মাজত সংযােগ স্থাপনেই হ’ল শিক্ষন । 

( জ ) শিক্ষন ব্যক্তিৰ দেহ – মনৰ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল । 

প্রশ্ন ১৩. শিকাৰুৰ সৈতে সম্পর্কিত শিক্ষনৰ দৈহিক আৰু মানসিক কাৰকসমূহৰ বিষয়ে আলােচনা কৰা ।

উত্তৰঃ শিক্ষনৰ চৰ্ত্তসমূহ ( Factors of Learning ) :- শিক্ষন প্রক্রিয়া অনেক উপাদানৰ দ্বাৰা প্ৰভাৱিত । শিক্ষনক প্রভাৱিত কৰা কিছুমান কাৰকৰ বিষয়ে তলত আলােচনা কৰা হ’ল– 

( ১ ) দৈহিক উপযুক্ততা :- দেহৰ অংগ – প্রত্যংগৰ স্বাভাৱিকতা , স্নায়বিক সক্রিয়তা , গ্রহণেন্দ্রিয়বােৰৰ গ্ৰহণ ক্ষমতা , মস্তিষ্কৰ ক্রিয়া ক্ষমতা , দেহ – যন্ত্ৰৰ ৰােগমুক্ততা আদি অৱস্থাই শিক্ষন কার্যক প্ৰভাৱিত কৰে ।

( ২ ) ক্লান্তি আৰু অৱসাদমুক্ততা :- দৈহিকভাৱে সুস্থ হােৱাৰ লগতে শিক্ষনৰ আন এক চর্ত হৈছে ক্লান্তিহীনতা বা অৱসাদ মুক্ততা । শিক্ষনৰ বাবে দৈহিক আৰু মানসিক সতেজতাৰ প্রয়ােজন । 

( ৩ ) অনুশীলন :- অনুশীলনে শিক্ষনক স্থায়ীৰূপ প্রদান কৰে । সেইবাবে অনুশীলন শিক্ষনৰ , ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ চর্ত । 

( ৪ ) বয়স আৰু লিংগ :- বয়স আৰু লিংগৰ দ্বাৰাও শিক্ষন প্রক্রিয়া প্রভাবিত হয় । সেয়েহে বয়স্ক লােকৰ শিক্ষন ক্ষমতা আৰু শিশুৰ শিক্ষন ক্ষমতাৰ মাজত পার্থক্য দেখা যায় । 

( ৫ ) শিক্ষন পদ্ধতি :- শিক্ষা গ্রহণৰ বাবে প্ৰয়ােগ কৰা পদ্ধতিয়েও শিক্ষা আহৰণৰ সফলতা বিফলতাত প্ৰভাৱ পেলায় । সকলাে বিষয়ত শিক্ষনৰ বাবে সকলাে পদ্ধতি সমানে কার্যকৰী নহয় । শিক্ষনৰ তাত্ত্বিক , চিন্তামূলক আৰু মৌখিক পদ্ধতিসমূহতকৈ প্রায়ােগিক আৰু কাৰ্যকৰী বিধৰ শিক্ষা পদ্ধতিসমূহ খণ্ড – খণ্ড কৈ শিকাতকৈ অখণ্ড ৰূপত শিকা সার্থক শিক্ষনৰ বাবে অধিক উপযােগী বুলি মনােবিদসকলে মত পােষণ কৰে । 

( ৬ ) লক্ষ্য – সচেতনতা :- লক্ষ্যহীনভাৱে গ্ৰহণ কৰা শিক্ষনতকৈ লক্ষ্য সচেতনতাৰে গ্রহণ কৰা শিক্ষনৰ পৰিণতি অধিক ফলপ্রসূ । 

( ৭ ) আগ্রহ আৰু অভিবােচন :- শিক্ষনৰ ক্ষেত্ৰত ব্যক্তিৰ আগ্ৰহ আৰু অভিৰােচনে শিক্ষনৰ বাবে উপযুক্ত মানসিক প্রস্তুতিৰ সৃষ্টি কৰে যিয়ে শিক্ষনক সফল কৰাত সহায় কৰে । 

( ৮ ) মনােভাৱ :- শিক্ষনক সার্থক কৰি তুলিবৰ বাবে শিক্ষন কাৰ্যৰ বাবে ব্যক্তি মনৰ সুস্থ গঠণাত্মক আৰু ইতিবাচক  মনোভাৱৰ প্ৰয়োজন ।সুস্থ মনোভাৱেহে শিক্ষণৰ ক্ষেত্ৰত স্বতঃ স্ফুৰ্ততা প্ৰদান কৰিব পাৰে ।

( ৯ ) কৃতকার্যতা – অকৃতকার্যতাৰ জ্ঞান :- শিক্ষন প্রচেষ্টাৰ ভাল – বেয়া পৰিণতিয়ে পৰৱর্তী প্রচেষ্টাক প্ৰভাৱিত কৰে । 

( ১০ ) অতিৰিক্ত শিক্ষন :- শিক্ষনীয় বিষয়বস্তু আয়ত্ত কৰিবলৈ লগা প্রচেষ্টাতকৈ অধিক প্রচেষ্টা কৰাকে অতিৰিক্ত শিক্ষন বুলি কোৱা হয় । এই অতিৰিক্ত শিক্ষণে শিক্ষন প্রক্রিয়াক ধনাত্মকভাৱে সহায় কৰে । 

( ১১ ) অর্থপূর্ণ বিষয়বস্তু :- শিক্ষনীয় বিষয়বস্তু অর্থপূর্ণ হলে ইয়াক সহজে শিকিব পাৰি । 

( ১২ ) বিষয়বস্তুৰ জটিলতা :- বিষয়বস্তুৰ জটিলতাৰ মাত্ৰাৰ দ্বাৰাও শিক্ষন কাৰ্যৰ সফলতা নির্ধাৰিত হয় । মুঠতে অনেক বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকে এজন ব্যক্তিৰ শিক্ষন প্রচেষ্টাক প্ৰভাৱিত কৰে । 

প্রশ্ন ১৪. শিক্ষনৰ বিষয়ৰ সৈতে সম্পর্কিত শিক্ষনৰ কাৰকসমূহ ব্যাখ্যা কৰা । 

উত্তৰঃ ছাত্ৰ -ছাত্ৰীয়ে নিজে কৰিব চেষ্টা কৰা ।

প্রশ্ন ১৫. শিক্ষণৰ প্ৰাথমিক নীতিকেইটা কি কি ? শ্রেণী পৰিৱেশত এই নীতিসমূহৰ যিকোনাে এটা প্রয়োগ সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ থর্নডাইকে বিভিন্ন জন্তুৰ লগত শিক্ষন সম্পর্কে চলােৱা দীর্ঘকাল গৱেষণাৰ ফলশ্রুতি হ’ল শিক্ষন সম্পর্কে আগবঢ়োৱা নীতিসমূহ । জন্তুৰ লগত পৰীক্ষা কার্য চলােৱা শিক্ষন প্রক্রিয়াসমূহ কিছু সংশােধনেৰে মানুহৰ বেলিকাও বিভিন্ন ক্ষেত্ৰত প্রযােজ্য । সেয়ে গৱেষণা ভিত্তিত স্থিৰি হােৱা শিক্ষনৰ নীতিসমূহক দুটা ভাগত ভাগ কৰা হৈছে — তিনিটা মুখ্য অৰু পাঁচটা গৌণ । মুখ্য নীতিসমূহ শিক্ষক আৰু শিক্ষার্থী দুয়ােৰে বাবেই তাৎপর্যপূর্ণ । এই নীতিসমূহ হ’ল– 

( ১ ) ফলাফলৰ নীতি ( Law of effect ) 

( ২ ) অনুশীলনৰ নীতি ( Law of exercise or frequency ) 

( ৩ ) প্রস্তুতিৰ নীতি ( Law of readiness ) । 

( ১ ) ফলাফলৰ নীতি :- থর্নডাইকৰ মতে “উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ পৰিৱৰ্তনীয় সংযােগৰ ফলত যদি সন্তোষজনক আৰু তৃপ্তিদায়ক ফল পােৱা যায় , তেন্তে সেই সম্পর্ক বান্ধোন দৃঢ় হয় ; আৰু যদি সেই দুয়ােটাৰ সংযােগৰ ফলত বিৰক্তিকৰ ফল পােৱা যায় , তেন্তে সেই সম্পর্কৰ বান্ধোন দুর্বল হৈ পৰে । গতিকে কোনাে কামৰ পৰিণতিৰ ওপৰতহে তাৰ প্রতিক্রিয়াৰ স্বৰূপ নিৰ্ভৰ কৰে । থর্নডাইকৰ এই নীতি অনুসৰি প্ৰাণীয়ে নিজ কার্যৰ সুখজনক অথবা দুখজনক ফলাফল অনুযায়ীহে তাৰ প্রতি আচৰণ প্ৰদৰ্শন কৰে সুখজনক বা সন্তোষজনক পৰিণতিৰ ফলত বা অসন্তোষজনক পৰিণতিৰ ফলত তেনে কামৰ পৰা আঁতৰি থাকিব বিচাৰে ৷ 

শৈক্ষিক তাৎপর্য :- এই নীতিৰ শিক্ষা ক্ষেত্ৰত যথেষ্ট প্রভাৱ আছে । শিক্ষা কার্যৰ ফলাফল সন্তোষজনক হ’লে শিক্ষা দৃঢ়তৰ হয় , স্থায়ী হয় আৰু তেনে কার্য পুনৰায় কৰিবৰ বাবে আগ্রহী হৈ উঠে । ইয়াৰ বিপৰীতে , অশুভ আৰু অসন্তোষজনক ফলাফলে মনলৈ অসন্তুষ্টিৰ ভাব আনে , শিক্ষনৰ স্থায়িত্ব দুর্বল কৰি তােলে আৰু তেনে কার্য পুনৰবাৰ কৰিবৰ বাবে দেহ – মানসিক প্রস্তুতি কমাই আনে । এই নীতিৰ ওপৰত ভিত্তি কৰিয়ে শিক্ষকে শিক্ষাদান কার্যত পুৰস্কাৰ আৰু শাস্তি প্রদানৰ ব্যৱস্থা কৰে । 

কিন্তু শিক্ষাৰ ক্ষেত্ৰত হােৱা অকৃতকার্যতাৰ বাবে ছাত্র – ছাত্রীক শিক্ষকে কৰা কটু সমালােচনা বা তেখেতে দিয়া আন শাস্তিয়ে ছাত্র – ছাত্রীক বহু ক্ষেত্রত হতাশ আৰু উদ্যমহীন কৰি তােলাৰো সম্ভাৱনা থাকে । গতিকে এই ক্ষেত্ৰত শিক্ষকে সাৱধানতা অবলম্বন কৰিব লাগে । 

( ২ ) অনুশীলনৰ নীতি :- উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত বাৰে বাৰে সংযােগ স্থাপন হলে এই সংযােগ শক্তিশালী হয় আৰু বহু দিনলৈ এই সংযােগ নঘটিলে ই দুর্বল হৈ পৰে । থর্নডাইকে কৈছিল যে কোনাে কাম পুনৰাবৃত্তিৰ ফলত ই স্থায়ীৰূপ লব পাৰে । শিক্ষনৰ এই নীতিক দুটা ভাগত ভাগ কৰা হৈছে— 

( ক ) ব্যৱহাৰ নীতি  । আৰু 

( খ ) অব্যৱহাৰৰ নীতি । 

ব্যৱহাৰৰ নীতি হল– “যেতিয়া পৰিস্থিতি আৰু প্রতিক্রিয়াৰ মাজত সংশােধিত সম্বন্ধ স্থাপন হয় , তেতিয়া আন ব্যৱস্থা একেই থাকিলে সংযােগৰ শক্তি বৃদ্ধি পায় ।” 

অব্যৱহাৰৰ নীতি অনুসৰি – “যেতিয়া পৰিস্থিতি আৰু প্রতিক্রিয়াৰ মাজত সংশােধিত সম্বন্ধ কিছু সময় ধৰি স্থাপন কৰা নহয় , তেতিয়া সেই সংযােগৰ শক্তি কমি যায় ।” 

থর্নডাইকৰ ‘প্রচেষ্টা আৰু ভুল পদ্ধতি’ শিক্ষনৰ এই নীতিৰ দ্বাৰা প্ৰভাৱিত । 

শৈক্ষিক তাৎপর্য :- ইয়াৰ যথেষ্ট শিক্ষাগত মূল্য আছে । শিশুৰ সকলাে প্ৰকাৰৰ সু অভ্যাস গঠন আৰু বদ – অভ্যাস বর্জনৰ কৌশল শিক্ষনৰ এই নীতিৰ লগত সংলগ্ন । তাৰােপৰি শিক্ষনীয় বিষয়ৰ স্থায়িত্বৰ বাবে ইয়াৰ অনুশীলনৰ প্রয়ােজন হয় , পুনৰাবৃত্তিৰ প্ৰয়ােজন হয়; ইয়াৰ অভাৱ হ’লে শিক্ষনীয় বিষয় সমূহ পাহৰণিৰ গৰ্ভলৈ গতি কৰে । ছাত্রৰ চৰিত্ৰ গঠন আৰু ব্যক্তিত্ব বিকাশত আদর্শ ক্রিয়াৰ অনুশীলন আৰু অভ্যাস গঠনৰ অতি প্রয়ােজন । 

( ৩ ) প্রস্তুতি নীতি :- থর্নডাইকৰ মতে,  “ যেতিয়া কোনাে সংযােগ ক্রিয়াৰ বাবে প্রস্তুত থাকে তেনে অৱস্থাত ক্রিয়াকৰণে সন্তুষ্টি দিয়ে আৰু ক্ৰিয়া কৰিবলৈ নাপালে অসন্তুষ্টি দিয়ে । যেতিয়া সংযােগ ক্রিয়া কৰণৰ বাবে প্রস্তুত নাথাকে তেনে অৱস্থাত ক্রিয়া কৰিবলৈ দিলে অসন্তুষ্টিৰ সৃষ্টি কৰে । গতিকে যেতিয়া কোনাে ব্যক্তিয়ে কোনাে এটা কাম কৰিবলৈ ইচ্ছা কৰে আৰু বৰ আগ্ৰহী হৈ পৰে তেতিয়া তেওঁ সেই কামটো কৰিবলৈ পালে তেওঁৰ আনন্দ হয় আৰু কৰিবলৈ নাপালে মনত বেজাৰ লাগে বা অসন্তুষ্টিৰ ভাব আহি পৰে । ঠিক তেনেদৰে কোনাে কাম কৰিবৰ বাবে আগ্রহ নথকা অৱস্থাত কামটো কৰিব লগা হ’লে মানুহ বিৰক্ত হয় আৰু কৰিব নালাগিলে অনন্দ পায় । 

শৈক্ষিক তাৎপর্য :- প্রস্তুতিৰ নীতি অনুসৰি উদ্দীপক আৰু তাৰ প্রতিক্রিয়াৰ মাজত সংযােগ স্থাপনৰ শিক্ষার্থী প্রস্তুতিৰ ভাব থকা প্রয়ােজন । এই প্রস্তুতি থাকিলে যিকোনাে কাম কৰাত শিক্ষার্থীয়ে সন্তোষ পায় আৰু এই প্রস্তুতি নেথাকিলে শিক্ষার্থীৰ বাবে কামটো কৰা বিৰক্তিদায়ক হয় । থর্নডাইকে প্রস্তুতি শব্দদুটিৰ জৰিয়তে দৈহিক অৰু স্নায়বিক প্রস্তুতিকে বুজাইছে । অৱশ্যে বাস্তৱ ক্ষেত্রত মানসিক প্রস্তুতিৰ কথা নুই কৰিব নােৱাৰি 

প্রস্তুতিৰ নীতি শিক্ষা ক্ষেত্ৰত বিশেষ ভাবে ব্যৱহৃত শিক্ষা দান আৰু শিক্ষা গ্রহণ কার্যৰ সফলতা বহু পৰিমাণে নিৰ্ভৰ কৰে ছাত্ৰ – ছাত্ৰীৰ প্রস্তুতিৰ ওপৰত । সেয়েহে শিক্ষকে শিক্ষাদান 

কৰাৰ আগতে ছাত্র – ছাত্রীসকল শিক্ষা গ্রহণৰ বাবে প্রস্তুত হয় নে নহয় পৰীক্ষা কৰি চাব লাগে । একো একোজন কৃতি শিক্ষকে শিক্ষাদান কার্যত অভিৰােচনৰ নীতি প্রয়ােগ কৰি অপ্রস্তুত ছাত্র – ছাত্রীকো শিক্ষা গ্রহণৰ বাবে প্রস্তুত কৰি তুলিব পাৰে ।

3 thoughts on “Class 12 Education Chapter – 4 শিক্ষন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top