Class 12 Education Chapter – 3 শিক্ষাৰ চলিত ধাৰাসমূহ

Class 12 Education Chapter – 3 শিক্ষাৰ চলিত ধাৰাসমূহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter 3 শিক্ষাৰ চলিত ধাৰাসমূহ and select needs one.

Class 12 Education Chapter – 3 শিক্ষাৰ চলিত ধাৰাসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 3 শিক্ষাৰ চলিত ধাৰাসমূহ Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ ( মূল্যাংক -৩ ) 

প্রশ্ন ১. পাৰিপার্শ্বৰ উপাদানবােৰ কি কি ? 

উত্তৰঃ পৰিৱেশৰ উপাদানবােৰ হ’ল –

( ক ) প্রাকৃতিক পৰিৱেশ :- প্রাকৃতিক পৰিৱেশে আমাৰ জলবায়ু , জলমণ্ডল , গছ – গছনি , হাবি – জংঘল , নৈ – সাগৰ আদিক সামৰি লয় । 

( খ ) সামাজিক পৰিৱেশ :- সামাজিক পৰিৱেশ বুলিলে আর্থ – সামাজিক গাঁথনি , জন গাঁথনি , জনসংখ্যা বৃদ্ধিৰ হাৰ , নিয়ােগ ব্যৱস্থা , সাংস্কৃতিক পৰিক্ৰমা , জীৱন নির্বাহৰ মানদণ্ড আদি বিষয়বােৰ অন্তর্ভুক্ত কৰা হােৱা বুজায় । 

( গ ) মানৱ সৃষ্ট পৰিৱেশ :- মানৱ সৃষ্ট পৰিৱেশে গাঁও , চহৰ , অনুষ্ঠান – প্রতিষ্ঠান , উদ্যোগ , ৰাস্তাঘাট , ঘৰ – দুৱাৰ , কৃষি , পৰিবহণ ব্যৱস্থা আদিক সামৰি লয় । 

প্রশ্ন ২. সামাজিক প্রমূল্যবােৰ কি কি ?

উত্তৰঃ যিবিলাক মূল্যবােধে আমাক আনৰ লগত মিলামিছা কৰা , বন্ধুত্ব গঢ়ি তােলা , আমাক ভাল পাবলৈ শিকা , পৰিয়ালৰ লােকক একতাৰ ডােলেৰে বান্ধি ৰখা আৰু দল আৰু সমাজৰ মাজত মিলামিছা কৰিবলৈ অনুপ্ৰেৰণা যােগায় তাকে সামাজিক প্রমূল্যবােধ বােলে । 

সামাজিক মূল্যবােধ নৈতিক আৰু ধর্মীয় আধাৰত পৰিবেষ্টিত । ইয়াৰ অৰ্থ হৈছে নৈতিক আৰু ধর্মীয় মূল্যবােধেই সামাজিক মূল্যবােধৰ স্বীকৃতি যদিহে এখন সমাজৰ লােক ভাল , সংযত আচৰণৰ আৰু অধিকাৰবােধ থকা হয় তেন্তে সেই সমাজৰ মাংগলিক অৱস্থান সুদৃঢ় হয় । প্রত্যেক সামাজিক মূল্যবােধৰ উদ্দেশ্য হ’ল সামাজিক জীৱন অমূল্য কৰি তােলা । 

প্রশ্ন ৩. প্রমূল্যবােৰ কি কি ? সংজ্ঞা দিয়া । 

উত্তৰঃ মানুহৰ অন্তর্নিহিত নৈতিক গুণ , বিশেষত্ব বা যােগ্যতাক বুজাবলৈ মূল্যবােধ শব্দটো ব্যৱহাৰ কৰা হয় । সামাজিক সমর্থন লাভ কৰা যিবিলাক আচৰণ , কর্ম বা বস্তুক ভাল পাই , সন্মান কৰি মানুহে জীৱনত আয়ত্ত কৰে আৰু গুৰুত্বসহকাৰে নিজৰ কৰি লয় তাকেই মূল্যবােধ আখ্যা দিয়া হয় । মূলবােধ হ’ল সজ্ঞান আৰু অজ্ঞানভাৱে ব্যক্তিয়ে অগ্রাধিকাৰ দি গ্ৰহণ কৰা আচৰণ আৰু গুণবিলাকে সামাজিক স্বীকৃতি পাই সমাজৰ দ্বাৰা নিয়ন্ত্রিত হয় । 

বিভিন্ন শিক্ষাবিদে মূল্যবােধৰ সংজ্ঞা নিম্নলিখিতধৰণে আগবঢ়াইছে –

১। আলপৰ্টৰ মতে – “ এটা বিশ্বাস যাৰ ওপৰত নিৰ্ভৰ কৰিয়েই এজন ব্যক্তিয়ে নিজস্ব ৰুচি অনুযায়ী কার্যসম্পাদন কৰে । ” 

২। ব্রুবেচাৰৰ মতে – “ শিক্ষাৰ লক্ষ্যৰ মাজতে মূল্য শিক্ষাৰ ধাৰণা নিহিত হৈ থাকে । ” 

৩। জন ডিউইৰ মতে– “ মূল্যবােধ প্রধানতঃ অত্যন্ত আগ্রহ , শ্রদ্ধা , প্রেম আৰু গুণ বিচাৰেৰে অন্তৰত স্থান দিয়া কোনাে বস্তু বা কমর্ক বুজায় যাৰ সহায়ত অন্য বস্তু বা কৰ্মৰ ওপৰত বিচাৰ বা সিদ্ধান্ত গ্রহণ কৰিব পাৰি । ” 

৪। পার্কাৰৰ মতে – “ মূল্যবােধ মানুহৰ অন্তর্জগতৰ বস্তু । ই সদায় এক ধৰণৰ অভিজ্ঞতাক বুজায় — বস্তুৰ লগত ইয়াৰ সম্পর্ক নাথাকে ।” 

প্রশ্ন ৪. মহিলাৰ সবলীকৰণ কি ? 

উত্তৰঃ মহিলাসকলে সমাজৰ আর্থ – সামাজিক আৰু সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যােগােৱা দেখা যায় । যদিও আমাৰ দেশত নাৰীয়ে জনসাধাৰণৰ আধা অংশই বহন কৰিছে আৰু ভাৰতীয় সংবিধানে নাৰীক পুৰুষৰ সমানেই অধিকাৰ প্রদান কৰিছে , সমাজত প্রচলিত কিছুমান ধাৰণাৰ বাবে নাৰীক পুৰুষৰ অধীন হৈ থকা দেখা যায় । এই ধাৰণাবােৰৰ প্রত্যাহ্বান জনােৱাৰ বাবে বা পৰিৱৰ্তন আনিবৰ বাবে মহিলাৰ সামর্থ্য বঢ়োৱা প্রক্রিয়াকে মহিলাৰ সৱলীকৰণ বুলি ক’ব পাৰি । মহিলা সৱলীকৰণে নাৰীক সিদ্ধান্ত গ্রহণ কৰাৰ উপৰি আত্মবিশ্বাসী হােৱাত আৰু যিকোনাে পৰিস্থিতিৰ লগত সমযােজন কৰাত সহায় কৰে । 

প্রশ্ন ৫. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ পৰিসৰে সামৰি লােৱা তিনিটা গুৰুত্বপূর্ণ ক্ষেত্র উল্লেখ কৰা । 

উত্তৰঃ পাৰিপাৰ্শ্বিকতা শিক্ষাৰ অন্তর্ভুক্ত তিনিটা গুৰুত্বপূর্ণ ক্ষেত্র হ’ল–

( ১ ) মানৱীয় জনসংখ্যাৰ আকৃতি আৰু বৃদ্ধি । 

( ২ ) মানুহৰ প্ৰমূল্যবােধ ধ্যান – ধাৰণা জীৱন নির্বাহৰ পদ্ধতি । 

( ৩ ) মানৱীয় স্বাস্থ্য আৰু জীৱনৰ মানদণ্ড । 

প্রশ্ন ৬. পাৰিপাৰ্শ্বিকতা সম্পর্কীয় সচেতনতাৰ অর্থ ব্যাখ্যা কৰা । 

উত্তৰঃ আধুনিক সমাজ ব্যৱস্থাত দেখা দিয়া সমস্যাসমূহৰ ভিতৰত এটা তাৎপর্যপূর্ণ সমস্যা হ’ল পৰিবেশ বা পাৰিপাৰ্শ্বিকতাৰ সমস্যা । আমি জানাে যে কোনাে নির্দিষ্ট ঠাইত প্ৰদূষিত পৰিবেশে ইয়াৰ পাৰিপাৰ্শ্বিকতাত বিশেষ প্রভাৱ পেলায় । উদাহৰণ স্বৰূপে উদ্যোগ এটাৰ উপজাত দ্রব্যবােৰ নদীত পেলাই দিয়াৰ ফলত নদীখনে সেইবােৰ কঢ়িয়াই নি নদীৰ গতিৰ নামনি অংশত প্ৰদূষণৰ সৃষ্টি কৰিব পাৰে । যাৰ ফলত জলচৰ প্রাণীবিলাকৰ জীৱন চক্রবিলাকত ঋণাত্মক প্রভাৱ পেলাই জৈৱ বৈচিত্র্যতাত ক্ষতি কৰিব পাৰে । গােলকীয় উত্তাপ , অ’জন স্তৰৰ বিভংগন , বনাঞ্চলৰ উচ্ছেদ ইত্যাদি সমস্যাই পৰিবেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । উন্নয়নশীল দেশবােৰৰ কিছুমান সমস্যা যেনে — বিশুদ্ধ খােৱা পানীৰ অভাৱ , অস্বাস্থ্যকৰ পৰিবেশ , অপুষ্টি ইত্যাদিবিলাক পৰিবেশ অধ্যয়নৰ গণ্ডিৰ ভিতৰত আলােচনা কৰা হয় । বহনক্ষম উন্নয়নৰ বাবে প্রয়ােজনীয় বিভিন্ন দিশবােৰ পৰিবেশ অধ্যয়নতে চালিজাৰি চাই কার্যব্যৱস্থা গ্ৰহণ কৰা হয় । 

পৰিবেশ সম্পর্কীয় বিষয়সমূহৰ সৈতে পৰিচয় হৈ আমাৰ জীৱন ধাৰণৰ মান উন্নতকৰণৰ বাবে সমহীয়া বৰঙণি যােগােৱা কথাটো আমাৰ বাবে এক প্ৰকাৰৰ প্ৰত্যাহ্বান স্বৰূপ হৈছেগৈ । পৰিবেশ শিক্ষাৰ ঘাই উদ্দেশ্যই হৈছে জণগণৰ মাজত সজাগতা সৃষ্টি কৰা আৰু পৰিবেশমূলক বিষয়সমূহৰ সম্পর্কে বুজাই তােলা যাতে প্রকৃতি আৰু প্রাকৃতিক উৎসসমূহক ভালদৰে ৰাখি তাৰ উচিত ব্যৱহাৰ কৰিব পৰা যায় । এই শিক্ষাৰ উদ্দেশ্য কেৱল বিষয়বস্তুৰ হস্তান্তকৰণেই নহয় , দৃষ্টিভংগী আৰু কৌশলৰ বিকাশ সাধন কৰা । 

প্রশ্ন ৭. বিদ্যালয়ত জনসংখ্যা শিক্ষা প্রবর্তন কৰা উচিতনে ? কিয় ? 

উত্তৰঃ বর্তমান জনসংখ্যা শিক্ষা প্রদানৰ গুৰুত্ব সকলােৱে উপলব্ধি কৰিব পাৰিছে । চিন্তাবিদসকলে প্রাথমিক পর্যায়ৰ পৰাই এই শিক্ষা প্রবর্তনৰ সপক্ষে মত প্রকাশ কৰিছে । প্রাথমিক স্কুলত পঢ়ি থকা অৱস্থাত ছাত্র – ছাত্রীসকলক জনসংখ্যা বৃদ্ধি মানে কি , বিভিন্ন দেশত এই বৃদ্ধি কিমান হৈছে , দেশৰ উৎপাদনৰ লগত লােকসংখ্যা বৃদ্ধিৰ কেনে সম্পর্ক ইত্যাদি কথা বুজাই দিয়াটো উচিত । লগতে ডাঙৰ পৰিয়ালত যে খােৱা – বােৱা , থকা – মেলা , পঢ়া – শুনাৰ সা – সুবিধা কম আৰু সৰু পৰিয়ালত এনে অভাৱ কেনেকৈ নাথাকে এই বিষয়ে সিহঁতক বুজাই দিব লাগে । 

মাধ্যমিক পর্যায়ত জনসংখ্যা শিক্ষা প্রয়ােজন অনুসৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে । এই সময়ছােৱাত ছাত্র – ছাত্রীয়ে যৌৱন কালত ভৰি দিয়ে গতিকে তেওঁলােকক এই সময়ছােৱাত যৌনশিক্ষা দিয়া উচিত । তেতিয়াহে সমাজৰ যৌন সংক্রান্ত সমস্যা আৰু যৌন বিষয়ৰ বৈজ্ঞানিক জ্ঞানেৰে সাজু হৈ ভৱিষ্যত নাগৰিকসকলৰ জীৱন সুন্দৰ কৰি গঢ়িব পৰা যাব । 

একমাত্র জনসংখ্যা শিক্ষাই হৈছে এক উপযুক্ত মাধ্যম যাৰ দ্বাৰা জনসংখ্যাৰ দ্রুত বৃদ্ধিৰ ফলত উদ্ভৱ হােৱা , সমস্যাৰ ক্ষেত্ৰত ছাত্র – ছাত্রীয়ে যুক্তিসংগত সিদ্ধান্ত ল’ব পৰা ক্ষমতাৰ বিকাশ ঘটাব পাৰি আৰু নিজৰ পৰিয়ালৰ আৰু জাতিটোৰ আর্থিক কল্যাণ কেনেকৈ হ’ব তাক বুজি উঠাত ছাত্র – ছাত্রীক সহায় আগবঢ়াব । 

প্রশ্ন ৮. শিক্ষা আৰু মহিলাৰ সবলীকৰণৰ মাজত সম্পর্ক ব্যাখ্যা কৰা ।

উত্তৰঃ শিক্ষা আৰু মহিলা সবলীকৰণৰ মাজত এক গভীৰ সম্পর্ক আছে । নাৰীসকলক সকলাে প্ৰকাৰৰ আর্থ – সামাজিক দমন নিপীড়নৰ পৰা মুক্ত কৰি পুৰুষৰ সমানে সকলাে প্ৰকাৰৰ অধিকাৰ প্রদান কৰা প্রক্রিয়াকে সৰল অর্থত নাৰীৰ সবলীকৰণ আখ্যা দিয়া হয় । ইয়াৰ বাবে সমাজ জীৱনত প্রকৃত গণতান্ত্রিক – বাতাবৰণ সৃষ্টি হােৱাৰাে প্রয়ােজন অতি গুৰুত্বপূর্ণ । এনে সকলাে কার্যৰ বাবে শিক্ষাৰ ভূমিকা আৰু প্রয়ােজনীয়তা অধিক । শিক্ষাইহে মহিলাসকলৰ – ব্যক্তিসত্তা বিকশাই তুলি দেহ – মানসিকভাৱে সক্ষম কৰি তুলিব পাবে । এই ক্ষেত্ৰত ল’ব লগীয়া শৈক্ষিক ব্যৱস্থাসমূহ হ’ল— 

( ১ ) প্ৰতিগৰাকী ছােৱালীয়ে যাতে বিনামূলীয়া আৰু বাধ্যতামূলক প্রাথমিক শিক্ষা আহৰণ  কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব । 

( ২ ) ছাত্রীসকলৰ আগ্রহ , অভিৰুচি অনুযায়ী বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব । 

( ৩ ) মহিলাসকলৰ মাজত নিৰক্ষৰতাৰ হাৰ আঁতৰােৱাৰ বাবে চেষ্টা কৰিব লাগিব । 

( ৪ ) লিংগবিষয় অধ্যয়ন এটা বাধ্যতামূলক বিষয় হিচাপে প্ৰাস্নাতক পর্যায়ৰ পৰা অন্তর্ভুক্ত কৰিব লাগিব । 

( ৫ ) মহিলাসকলৰ বাবে প্রস্তুত কৰা অধিকাৰ আৰু আইন সম্পর্কীয় সাধাৰণ জ্ঞান ছাত্র ছাত্রীসকলক প্রদান কৰিব লাগিব । 

চমু প্রশ্নোত্তৰ ( মূল্যাংক -৪ ) 

প্রশ্ন ১. এটা শৈক্ষিক প্রতিষ্ঠানত কিদৰে পাৰিপাৰ্শ্বিকতা শিক্ষা প্রবর্তন কৰিব পাৰি ? 

উত্তৰঃ এটা শৈক্ষিক প্রতিষ্ঠানত পাৰিপার্শ্বিকতা শিক্ষা প্রবর্তন কৰা উপায় সমূহ হ’ল— 

( ১ ) পাৰিপাৰ্শ্বিকতা আৰু ইয়াৰ বিভিন্ন সমস্যা সম্পর্কত ছাত্র – ছাত্রীসকলৰ মাজত শিক্ষকে সচেতনতাৰ মনােভাব বিকশিত কৰি তুলিব লাগে । 

( ২ ) পাৰিপাৰ্শ্বিক সমস্যাসমূহৰ মীমাংসাৰ বাবে উপযুক্ত পদক্ষেপ গ্রহণৰ জৰুৰী প্রয়ােজনীয়তাৰ নিশ্চিতি প্রদানৰ গুৰুত্ব উপলব্ধিত ছাত্র – ছাত্রীসকলক সহায় কৰা উচিত । 

( ৩ ) পৰিবেশ অধ্যয়ন বিষাটো পাঠ্যক্ৰমৰ প্ৰতিটো স্তৰতে বাধ্যতামূলক কৰি তুলিব লাগে । 

( ৪ ) ছাত্র – ছাত্রীসকলে অন্যান্য লােকসকলৰ লগত লগা হৈ সন্মিলিত প্রক্রিয়াৰে নিজৰ শিক্ষাৰ অভিজ্ঞতাসমূহৰ পৰিকল্পনা কৰি লােৱাত বিশেষ ভূমিকা পালন কৰা উচিত । 

প্রশ্ন ২. পাৰিপাৰ্শ্বিকতাৰ বৈশিষ্ট্যসমূহ আঙুলিয়াই দিয়া । 

উত্তৰঃ পাৰিপাৰ্শ্বিকতাৰ বৈশিষ্ট্যসমূহ হ’ল –

( ১ ) পাৰিপার্শ্বিকতাই সাধাৰণতে এটা নির্দিষ্ট স্থান আৰু সময়ত মানুহক পৰিবেষ্টিত কৰি ৰখা বিভিন্ন অৱস্থাৰ সামূহিক ৰূপটোকেই বুজায় । 

( ২ ) পাৰিপাৰ্শ্বিকতাক মূলতঃ বহুলভাৱে দুটা প্রকাৰত ভাগ কৰিব পাৰি — প্রাকৃতিক আৰু জৈৱিক পৰিবেশ । 

( ৩ ) প্রাকৃতিক পৰিবেশক আকৌ তিনিটা বিশেষ ভাগত বিভক্ত কৰিব পাৰি– পদার্থপূর্ণ তৰল বস্তুৰে পৰিপূৰ্ণ আৰু গেছ যুক্ত । 

( ৪ ) পৰিবেশৰ জৈৱিক উপাদানৰ অন্তর্ভুক্ত হৈ আছে উদ্ভিদসমূহ আৰু জীৱজন্তুসমূহ । 

প্রশ্ন ৩. জনসংখ্যা শিক্ষাৰ প্রয়ােজনীয়তা আছে কিয় ? 

উত্তৰঃ জনসংখ্যা শিক্ষাৰ প্রয়ােজনীয়তা সম্পর্কে নিম্নলিখিত দিশসমূহ বিশেষ ভাৱে দৃষ্টি নিক্ষেপ কৰিব পাৰি–

১। সামগ্রিক ধাৰণাৰ প্রয়ােজন :- বর্তমান সমাজৰ লােকসকলৰ মনত শুদ্ধ আৰু সঠিক ধাৰণাৰ অভাৱ দেখা যায় । কোনাে কোনাে লােকে এই শিক্ষাৰ সংকীর্ণ অর্থত পৰিয়াল পৰিকল্পনা আঁচনি , পাৰিবাৰিক জীৱনৰ শিক্ষা বা যৌন শিক্ষা স্বৰূপেহে গৌণ কৰে । এনে ধাৰণাই জনসংখ্যা শিক্ষাৰ প্রাধান্য অনুভৱ কৰি উঠাত জনসাধাৰণক সহায় কৰিব নােৱাৰে । সেই হেতুকে এই শিক্ষা সম্বন্ধে সম্যক আৰু সামগ্রিক ধাৰণা এটা গঢ়ি উঠা প্রয়ােজন ।

২। জীবনৰ নিম্ন মানদণ্ড উন্নীতকৰণ :- জনসংখ্যা শিক্ষাই সমাজৰ সকলাে শ্রেণী লােকৰ জীৱন যাপনৰ মানদণ্ড উন্নত কৰি তুলিব পাৰে । সমাজত থকা উচ্চ নীচ আৰু ধনী – দুখীয়াৰ মাজত থকা ব্যৱধান হ্ৰাস কৰি তুলিব পাৰে । দৰিদ্রতা , নিৰক্ষৰতা , অজ্ঞতা আৰু স্বাস্থ্যহীনতাই হৈছে জনসংখ্যা বিস্ফোৰণৰ প্ৰধান কাৰণ আৰু ইয়েই হৈছে পৰিণতি । এই শিক্ষাই দেশৰ আর্থ – সামাজিকভাৱে নিম্ন মানৰ লােকসকলক নিজৰ দুৰৱস্থাৰ কাৰণ বুজি উঠাত আৰু তাৰ প্রয়ােজনীয় প্রতিকাৰৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত নতুন দৃষ্টি দান কৰিব পাৰে । 

৩। সৰু পৰিয়ালৰ আদর্শ গ্রহণ :- আমাৰ দেশত চৰকাৰে গ্ৰহণ কৰি উঠা পৰিয়ালৰ পৰিকল্পনা কার্যকৰী হৈ উঠা নাই । তাৰ প্ৰধান কাৰণ হৈছে প্রাপ্তবয়স্ক লােকসকলক জন্ম নিয়ন্ত্ৰণৰ বাবে আকস্মিক আৰু প্ৰাসংগিকভাৱে দিয়া জন্ম নিয়ন্ত্ৰণৰ শিক্ষাই তেওঁলােকৰ মনত প্রয়ােজনীয় প্রভাৱ পেলাব আৰু মানসিক প্রস্তুতি আনি দিব নােৱাৰিলে । সেইবাবে সৰু পৰিয়াল সুখী পৰিয়ালৰ আদর্শ বাল্যকালৰে পৰা শিশু মনত গঢ়ি তােলাটো প্রয়ােজন । 

৪। পুৰণি মূল্যবােধৰ পৰিবর্তন সাধন :- মানুহৰ মনৰ ধর্মীয় আনুগত্য আৰু যান্ত্রিক

গতানুগতিকতাৰ জীৱনযাপনে জনসংখ্যা শিক্ষা আৰু পৰিয়াল পৰিকল্পনা আঁচনি নিৰর্থক কৰি তােলে । পুৰণি মূল্যবােধৰ জড়তা আৰু যান্ত্রিকতা গুচাই নতুন দৃষ্টিভংগী , মূল্যবােধ আৰু আচৰণ গঢ় দি তুলিবৰ বাবে পৰিৱেশ শিক্ষাৰ প্রয়ােজন । 

প্রশ্ন ৪. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ নীতিসমূহ কি কি ? 

উত্তৰঃ পাৰিপাৰ্শ্বিকতা শিক্ষাৰ নীতিসমূহ হ’ল– 

( ১ ) পাৰিপাৰ্শ্বিক শিক্ষা ধাৰাবাহিক প্রক্রিয়া হােৱা উচিত ।

( ২ ) এই শিক্ষাই ছাত্ৰ – ছাত্ৰীক সমস্যা সমাধান কৰিব পৰা আৰু সমালােচনামূলক চিন্তন ক্ষমতা বিকাশ সাধন কৰিব লাগিব । 

( ৩ ) পাৰিপাৰ্শ্বিক সমস্যাসমূহৰ জটিলতাৰ ওপৰত এনে শিক্ষাই গুৰুত্ব দিব লাগিব । 

( ৪ ) পৱিত্ৰতাপূর্ণ ৰীতি ( Holistic Approach ) গ্ৰহণ কৰা উচিত । 

( ৫ ) বিকাশ আৰু প্ৰগতিৰ বাবে পৰিকল্পনা কৰাৰ সময়ত পাৰিপার্শ্বিক শিক্ষাই পৰিবেশৰ দিশসমূহ গভীৰভাৱে বিবেচনা কৰা উচিত । 

প্রশ্ন ৫. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ উদ্দেশ্যসমূহ কি কি ?  

উত্তৰঃ পাৰিপাৰ্শ্বিকতা শিক্ষাৰ উদ্দেশ্যবােৰ হ’ল— 

( ১ ) পৰিৱেশৰ অন্তর্নিহিত বিভিন্ন কাৰক আৰু সেইবােৰৰ মাজত থকা সম্পর্ক বিষয়ে জনা । 

( ২ ) পৰিৱেশ সংৰক্ষণ আৰু পৰিবর্ধনৰ বাবে প্রয়ােজনীয় মূল্যবােধ মনােভাব দায়িত্ব আহৰণ কৰা । 

( ৩ ) পৰিৱেশ সম্বন্ধীয় সমস্যাৱলী চিনাক্ত আৰু সমাধান কৰাৰ কৌশল আহৰণ কৰা । 

( ৪ ) পৰিৱেশৰ সমস্যাবােৰ বুজি উঠি প্রতিক্রিয়া প্রকাশ কৰাত আৰু সমাধানৰ বাবে চেষ্টা কৰাত সহায় কৰা । 

প্রশ্ন ৬. মহিলা সবলীকৰণৰ উদ্দেশ্যবােৰ কি কি ? 

উত্তৰঃ মহিলা সবলীকৰণৰ উদ্দেশ্যসমূহ হ’ল— 

( ১ ) মহিলাসকলৰ প্রতিভা বিকাশৰ সুযােগ দিয়া । 

( ২ ) মহিলাক সংবিধান প্রদত্ত অধিকাৰ অনুসৰি সুযােগ – সুবিধা লােৱাৰ বাবে সক্ষম কৰা । 

( ৩ ) সামগ্রিকভাৱে উন্নত সামাজিক পৰিবেশ সৃষ্টি কৰা । 

( ৪ ) সমাজৰ অৱহেলিত , নিষ্পেষিত মহিলাৰ আত্ম সম্মানবােধ আৰু আত্ম – বিশ্বাস সৃষ্টি হােৱাত সহায় কৰা । 

প্রশ্ন ৭. মহিলাৰ সবলীকৰণ কিয় আৱশ্যকীয় ? অথবা , নাৰী সবলীকৰণৰ গুৰুত্ব ব্যাখ্যা কৰা । 

উত্তৰঃ মহিলা সবলীকৰণৰ প্ৰয়ােজনীয়তা সম্পর্কে নিম্নলিখিত ধৰণে আলােচনা কৰিব পাৰি মহিলাসকলে সমাজৰ আর্থসামাজিক আৰু সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যােগােৱা দেখা যায় । মহিলা সবলীকৰণে নাৰীক সিদ্ধান্ত গ্রহণ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰি আত্মবিশ্বাসী হােৱাত আৰু সমাজৰ যিকোনাে পৰিস্থিতিৰ লগত সমযােজন কৰাতাে সহায় কৰে । মহিলা সবলীকৰণে নাৰীক পৰিয়াল তথা সমাজৰ প্ৰতি থকা অর্থনৈতিক অৱদান সম্পর্কে সচেতন কৰি তােলাত সহায় কৰে । ছােৱালীৰ বাল্য বিবাহ আৰু যৌতুক প্রথা আদি ব্যৱস্থাই তেওঁলােকৰ শিক্ষা অপ্রয়ােজনীয় , তাৎপর্যহীন আৰু অর্থহীন কৰি তােলে । 

এটি কন্যা শিশু পৰিয়ালটোত জন্ম হােৱাটোৱে পৰিয়ালৰ সকলােৰে বাবে দুর্ভাগ্য , হতাশা আৰু বিৰক্তিৰ , কাৰণ স্বৰূপ হৈ উঠে । ছােৱালীৰ একমাত্র প্রয়ােজনীয় শিক্ষা স্বৰূপে বিবেচিত হােৱা অভিজ্ঞতাবােৰ হৈছে ঘৰুৱা কাম – বন কৰা , কাপােৰ – কানি , কাহীবাটি ধােৱা , ৰন্ধা – বঢ়া কৰা আৰু শিশুৰ লালন – পালন কৰা । প্রাপ্তবয়স্ক নিৰক্ষৰ মহিলা সকলাে হৈছে অর্থনৈতিকভাৱে উৎপাদনহীন । বৃত্তিমূলকভাৱে তেওঁলােকৰ কোনাে প্রশিক্ষণ আৰু ক্রিয়াপটুতা নাথাকে ; যাৰ ফলত তেওঁলােক হৈ পৰে পৰিয়ালৰ উৎপাদনহীন বিনামূলীয়া শ্রমিক । দেশ আৰু সমাজৰ কর্ম ক্ষেত্ৰত কর্তৃত্বশীল আৰু উৎপাদনশীল শ্রমিক স্বৰূপে তেওঁলােকক পাৰিবাৰিক ক্রিয়াই স্বীকৃতি প্রদান কৰিব নােৱাৰে । ইয়াৰ ফলস্বৰূপে ঘৰুৱা পৰিৱেশৰ চাৰিবেৰৰ মাজত তেওঁলােক শিশু জন্ম দিয়া আৰু লালন – পালন কৰা একোটা যন্ত্ৰত পৰিণত হ’বলগা হয় । ঘৰুৱা পৰিবেশৰ বাহিৰত তেওঁলােকৰ ৰাজনৈতিক আৰু অর্থনৈতিক দিশৰ ভূমিকা হয় অতি নগণ্য । 

ওপৰত কৰা আলােচনাই এইটো স্পষ্ট কৰি তােলে যে মহিলাসকল তেওঁলােকৰ শৈক্ষিক , অর্থনৈতিক , ৰাজনৈতিক , সামাজিক তথা সাংস্কৃতিক জগৎখনত দুর্বল আৰু গুৰুত্বহীন ব্যক্তিস্বৰূপে পৰিগণিত হৈ আছে । এনেবােৰ কথাৰ প্রতি লক্ষ্য ৰাখি মহিলা সবলীকৰণৰ প্রয়ােজনীয়তা বিশেষভাৱে পৰিলক্ষিত হয় । 

প্রশ্ন ৮. বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ ব্যৱস্থা কৰাৰ বিভিন্ন ধৰণৰবোৰ আলােচনা কৰা ।

উত্তৰঃ বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ ব্যৱস্থা কৰা বিভিন্ন উপায় বা ধৰণবােৰ তলত আলােচনা কৰা হ’ল–

( ১ ) শিক্ষানুষ্ঠানত ৰুটিনত এটা পিৰিয়ড শাৰীৰিক শিক্ষাৰ বাবে ৰাখিব লাগে । 

( ২ ) খেলা – ধূলা , সামগ্রী , খেলপথাৰ , ব্যায়ামশালা আদিৰ সুবিধা স্কুলত ছাত্র – ছাত্রীয়ে পােৱা উচিত । 

( ৩ ) শাৰীৰিক শিক্ষাৰ কাৰ্যসূচীত অংশগ্রহণ কৰাটো সকলাে ছাত্র – ছাত্রীৰ বাবে বাধ্যতামূলক হ’ব লাগে , এনে কার্যাৱলীত অংশগ্ৰহণ কৰাৰ বাবে ছাত্ৰ – ছাত্ৰীয়ে প্রয়ােজনীয় প্রশিক্ষণ পােৱা  উচিত । 

( ৪ ) শাৰীৰিক শিক্ষা কার্যাৱলীত ছাত্র – ছাত্রীয়ে অংশগ্রহণ কৰাৰ ৰেকৰ্ড ( Record ) ৰখাৰ ওপৰত গুৰুত্ব দিব লাগে । 

( ৫ ) শাৰীৰিক শিক্ষাৰ শিক্ষকসকলৰ প্ৰয়ােজনীয় অর্হতা থকা উচিত আৰু এনে শৈক্ষিক অৰ্হতা থকা আন বিষয়ৰ শিক্ষকসকলে লাভ কৰা সা – সুবিধা আৰু মর্যাদা শাৰীৰিক শিক্ষাৰ শিক্ষকসকলেও পাব লাগে ।

See Next Page…

1 thought on “Class 12 Education Chapter – 3 শিক্ষাৰ চলিত ধাৰাসমূহ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top