Class 12 Education Chapter – 2 অনানুষ্ঠানিক শিক্ষা

Class 12 Education Chapter – 2 অনানুষ্ঠানিক শিক্ষা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter 2 অনানুষ্ঠানিক শিক্ষা and select needs one.

Class 12 Education Chapter – 2 অনানুষ্ঠানিক শিক্ষা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 2 অনানুষ্ঠানিক শিক্ষা Solutions for All Subject, You can practice these here…

৫/৬ নম্বৰৰ প্রশ্ন 

প্রশ্ন ১.অনানুষ্ঠানিক শিক্ষা কি ? ইয়াৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা ।

উত্তৰঃ বর্তমান সামাজিক জীৱনৰ জটিলতা বাঢ়ি অহাৰ লগে লগে আনুষ্ঠানিক শিক্ষাই ব্যক্তি আৰু সমাজৰ সকলাে প্ৰকাৰৰ আশা – আকাংক্ষা সমূহ পৰিতৃপ্ত কৰাত ব্যৰ্থ হৈ পৰিছে । গতিকে আনুষ্ঠানিক শিক্ষাৰ কঠোৰ নীতি নিয়মসমূহ কিছু শিথিল কৰি অগতানুগতিক শিক্ষা ব্যবস্থা কৰা হৈছে । এই শিক্ষা অনানুষ্ঠানিক শিক্ষাৰ দৰে অনিয়ন্ত্রিত নহয় , অর্থাৎ স্বাভাবিক পৰিৱেশ , ঘৰ , সমাজ আদিৰ লগত হােৱা ক্রিয়া প্রক্রিয়াৰ ফল নহয় আৰু আনুষ্ঠানিক শিক্ষাৰ কঠোৰ নীতি নিয়মৰ দ্বাৰাও আৱদ্ধ নহয় । অগতানুগতিক শিক্ষা উদ্দেশ্যহীন অপৰিকল্পিত নহয় । এই শিক্ষাৰ নীতি – নিয়মবােৰ অনমনীয় নহয় । অগতানুগতিক শিক্ষাত ভর্তি হ’বৰ বাবে কোনাে নির্ধাৰিত বয়স সীমা নাই । অগতানুগতিক শিক্ষাৰ পাঠ্যক্রম জ্ঞানৰ ক্ষেত্ৰৰ বিস্তাৰৰ লাগত সামঞ্জস্য ৰাখি পৰিকল্পনা কৰা হয় । এই শিক্ষাৰ আন এটি উল্লেখনীয় দিশ হৈছে যে , এই শিক্ষা গণতান্ত্রিক নীতিৰ ওপৰত প্রতিষ্ঠিত । 

বিশিষ্ট শিক্ষাবিদ জে . পি . নায়কৰ মতে , “আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থা প্রচলন কৰা হয় , তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয় । ” 

অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্যসমূহ –

( ১ ) “ শিক্ষা এক জীৱনব্যাপি প্রক্রিয়া ’ – এই ধাৰণাৰ ওপৰত ভিত্তি কৰি অগতানুগতিক শিক্ষাই গঢ় লৈ উঠিছে । গতিকে এই শিক্ষাৰ বিস্তৃতি শিক্ষার্থীৰ জীৱন ব্যাপ্ত । 

( ২ ) ‘সকলােৰে বাবে শিক্ষা ’ এই গণতান্ত্রিক আদৰ্শ ৰক্ষাৰ সুযােগ সুবিধাৰ পৰা বঞ্চিত লােকসকল এই শিক্ষাৰদ্বাৰা লাভবান হ’ব পাৰে । 

( ৩ ) এই শিক্ষা ব্যৱস্থা সময় , স্থান , ব্যক্তি , উপস্থিতি , পাঠ্যক্রম , মূল্যায়ন ইত্যাদি দিশৰ পৰাই এক নমনীয় শিক্ষা ব্যৱস্থা । 

( ৪ ) অগতানুগতিক শিক্ষা ব্যক্তি আৰু সমাজৰ চাহিদা ভিত্তিক শিক্ষা ব্যবস্থা । 

( ৫ ) এই শিক্ষাৰ তাত্ত্বিক বিষয়সমূহতকৈ ব্যৱহাৰিক আৰু কাৰ্যকৰী বিষয়ৰ ওপৰত প্রাধান্য দিয়া হয় । 

( ৬ ) এই শিক্ষাব্যৱস্থা এক মিতব্যয়ী শিক্ষা ব্যৱস্থা । 

( ৭ ) এই শিক্ষাব্যবস্থা পৰীক্ষাকেন্দ্রিক নহয় । 

( ৮ ) অগতানুগতিক শিক্ষা স্বতঃস্ফূর্ত ।শিক্ষার্থীসকলে নিজস্ব প্রয়ােজন সাপেক্ষে এই শিক্ষা গ্রহণৰ বাবে আগ্রহী হয় । 

( ৯ ) এই শিক্ষা বিদ্যালয়ৰ চাৰিসীমাৰ মাজত আৱদ্ধ নহয় । শিক্ষার্থীয়ে নিজস্ব সুবিধা অনুযায়ী বিদ্যালয়ৰ বাহিৰতাে এই শিক্ষা গ্ৰহণ কৰিব পাৰে । 

প্রশ্ন ২. অনানুষ্ঠানিক শিক্ষাৰ উদ্দেশ্যসমূহ ব্যাখ্যা কৰা । 

উত্তৰঃ অগতানুগতিক শিক্ষাৰ লক্ষ্যসমূহ তলত দিয়া হ’ল— 

( ১ ) স্কুললৈ নােযােৱাকৈ থকা ল’ৰা – ছােৱালীক শিক্ষাৰ সুবিধা প্রদান কৰি শিক্ষাক সার্বজনীন  ৰূপ আগবঢ়োৱা । 

( ২ ) সমগ্ৰ দেশৰ আঞ্চলিক , ৰাজ্যিক আৰু জাতীয় , সামাজিক , ৰাজনৈতিক আৰু অর্থনৈতিক সমস্যা সমূহৰ বিষয়ে সচেতন কৰি সেই সমস্যাসমূহৰ সমাধান বিচাৰিবলৈ ৰাইজক আগ্রহী কৰা ।

( ৩ ) স্থানীয় আৰু প্রয়ােজনবােধে বাহিৰৰ সম্পদৰাজি ব্যৱহাৰ কৰি বিভিন্ন বৃত্তিত নিয়ােজিত ব্যক্তিসকলৰ নিজ নিজ বৃত্তি সম্পর্কে জ্ঞান আৰু অভিজ্ঞতা বৃদ্ধি কৰা । 

( ৪ ) জাতীয় আদর্শসমূহৰ প্রতি এক সুস্থ মনােভাৱ গঢ় দিবৰ বাবে বাঞ্ছিত ব্যক্তিগত আৰু সামাজিক অভ্যাস গঠনত সহায় । 

( ৫ ) দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিবৰ বাবে প্রয়ােজন হােৱা বিভিন্ন কৌশলসমূহৰ আয়ত্তকৰণত সহায় কৰা ।

( ৬ ) জীৱনধাৰণৰ মানদণ্ড উন্নত কৰা আৰু ৰাষ্ট্ৰৰ বিকাশত উপযুক্ত সহযােগিতা আগবঢ়াব পৰাকৈ ব্যক্তিক গঢ় দি তােলা । 

প্রশ্ন ৩. অনানুষ্ঠানিক শিক্ষাৰ গুৰুত্ববােৰ কি কি ? 

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন ত্রুটিসমূহ অগতানুগতিক , শিক্ষাৰ দ্বাৰা সংশােধন কৰিব পাৰি । এই শিক্ষাৰ শৈক্ষিক গুৰুত্ব তলত আলােচনা কৰা হ’ল— 

( ১ ) অগতানুগতিক শিক্ষাই শিক্ষিত আৰু অশিক্ষিত সকলােৰে শৈক্ষিক আৰু অর্থনৈতিক প্রয়ােজন পূৰণ কৰিব পাৰে ।  

( ২ ) এই শিক্ষাই নিৰক্ষৰতা দূৰ কৰি শিক্ষাৰ সার্বজনীন কৰণত এক উল্লেখযােগ্য ভূমিকা গ্রহণ কৰে । 

( ৩ ) প্রাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত এই অগতানুগতিক শিক্ষাই একে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে । 

( ৪ ) গতানুগতিক শিক্ষাই বিভিন্ন বৃত্তিত নিয়ােজিত লােকসকলৰ বৃত্তিমূলক বিকাশৰ ক্ষেত্ৰত উল্লেখযােগ্য বৰঙণি আগবঢ়ায় । 

( ৫ ) অগতানুগতিক শিক্ষা এক চাহিদা ভিত্তিক শিক্ষা । গতিকে এই শিক্ষা ব্যৱস্থাৰ যােগেদি শিক্ষার্থীয়ে নিজস্ব ইচ্ছা , আগ্রহ আৰু প্রয়ােজন অনুযায়ী শিক্ষা গ্রহণৰ সুযােগ লাভ কৰে । 

( ৬ ) এই শিক্ষাই শিক্ষার্থীক কোনাে বিষয়ৰ সার্বজনীন জ্ঞান প্রদান কৰাৰ লগতে কৰ্মৰত লােকসকলৰ কর্মদক্ষতা বঢ়াবৰ বাবে প্রশিক্ষণৰ ব্যৱস্থাও কৰে । 

( ৭ ) সমাজৰ নিষ্পেষিত লােকসকলক প্রয়ােজনীয় জ্ঞান আৰু দক্ষতা প্রদানত এই শিক্ষা বিশেষ সহায়কাৰী । 

( ৮ ) অগতানুগতিক শিক্ষা অধিক মিতব্যয়ী হােৱা বাবে এই শিক্ষাৰ যােগেদি কম খৰচতে অধিক সংখ্যক শিক্ষার্থীক শিক্ষা প্রদান কৰিব পাৰি । 

প্রশ্ন ৪. অনানুষ্ঠানিক শিক্ষাৰ সীমাবদ্ধতাবােৰ উল্লেখ কৰা । 

উত্তৰঃ অনানুষ্ঠানিক শিক্ষাৰ সীমাবদ্ধতাবােৰ হ’ল— 

( ১ ) এই শিক্ষা সম্প্ৰসাৰণ কৰা কেন্দ্ৰবােৰৰ সংখ্যা এতিয়াও পর্যাপ্ত পৰিমাণৰ হােৱা নাই । 

( ২ ) এই শিক্ষাই এতিয়াও গ্রাম্য আৰু পাহাৰীয়া অঞ্চলবোৰৰ ল’ৰা – ছােৱালীবােৰৰ শিক্ষাৰ আকাঙ্খা পূৰণ কৰিব পৰা নাই । 

( ৩ ) অনানুষ্ঠানিক শিক্ষা ব্যবস্থাৰ পাঠ্যক্ৰমৰ প্ৰকাৰ যথেষ্ট নহয় । 

( ৪ ) এই শিক্ষাৰ পৰা কেৱল মধ্যবিত্ত শ্রেণীটোহে লাভৱান হৈছে । 

( ৫ ) বহুত শিক্ষা কেন্দ্ৰত মাথো অকল ছপা মাধ্যমহে ব্যৱহাৰ কৰে , আধুনিক সঁজুলি ব্যৱহাৰ হােৱা নাই ।

( ৬ ) এই শিক্ষাৰ সঠিক পৰিকল্পনা আৰু পৰিচালনাৰ অবিহনে অধ্যয়ন সামগ্রী নিম্নমানৰ হয় ।

প্রশ্ন ৫. দূৰৱর্তী শিক্ষাৰ উদ্দেশ্যবােৰ ব্যাখ্যা কৰা । 

উত্তৰঃ দূৰৱর্তী শিক্ষাৰ উদ্দেশ্যবােৰ হ’ল –

( ১ ) জাতি , বর্ণ , ধর্ম নির্বিশেষে সকলােকে উচ্চ শিক্ষাৰ প্ৰসাৰণ আৰু বিস্তাৰিত কৰা । 

( ২ ) কম সময়তে আৰু কম খৰচতে উচ্চ শিক্ষা আহৰণৰ সুবিধা প্রদান কৰা । 

( ৩ ) দূৰ শিক্ষাৰ মাধ্যম হিচাপে আধুনিক প্রযুক্তিৰ কৌশল ব্যৱহাৰ কৰি উচ্চ শিক্ষাৰ গুণগত মান বঢ়াবলৈ চেষ্টা কৰা । 

( ৪ ) আনুষ্ঠানিক শিক্ষাৰ এক বিকল্প ফলপ্রসূ প্রণালী হিচাপে যিকোনাে বয়সৰ ব্যক্তিক বিভিন্ন পর্যায়ৰ শিক্ষাৰ সুবিধা প্রদান কৰা ৷ 

( ৫ ) কৰ্মৰত পুৰুষ – মহিলায়াে যাতে উচ্চশিক্ষাৰ পৰা বঞ্চিত নহয় তাৰবাবে সুবিধা প্রদান । 

( ৬ ) ‘সকলােৰে বাবে শিক্ষা’ গণতান্ত্রিক নীতি সফল কৰাত চেষ্টা চলােৱা । 

প্রশ্ন ৬. দূৰৱর্তী শিক্ষাৰ বৈশিষ্ট্যবােৰ লিখা । 

উত্তৰঃ দূৰৱর্তী শিক্ষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল— 

( ১ ) ই এক প্ৰকাৰ শিথিল কাৰ্যসূচী য’ত শিকাৰুৱে নিজে বিচৰা ধৰণে নিজে পঢ়ি কাম কৰি শিক্ষা লাভ কৰিব পাৰে । 

( ২ ) শ্ৰৱণ – দর্শন সঁজুলিৰে অর্থাৎ গণ মাধ্যমসমূহৰ উপযুক্ত প্রয়ােগ ঘটাই উচ্চ শিক্ষা প্রদান কৰা এই শিক্ষাৰ এক বৈশিষ্ট্য । 

( ৩ ) এই শিক্ষা ব্যৱস্থাত বিশেষ বৃত্তি অথবা উৎপাদন কার্যত নিয়ােজিত হৈ থকা লােকসকলক নিজৰ আকাঙ্খা অনুপাতে উচ্চ শিক্ষা লাভ কৰাৰ সুবিধা পায় । 

( ৪ ) এই শিক্ষা অতি মিতব্যয়িতা আৰু গণতান্ত্রিক বিধৰ । 

( ৫ ) দূৰ শিক্ষাত থকা শিথিলতা আৰু নমনীয় নীতিৰ দ্বাৰা হাজাৰ হাজাৰ শিকাৰুক উচ্চ শিক্ষা দিয়াত বা লােৱাত সুবিধা প্রদান কৰা হয় । 

প্রশ্ন ৭.আমাৰ দেশত দূৰৱর্তী শিক্ষাৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা ৷ 

উত্তৰঃ যােগাযােগ ব্যৱস্থাৰ অভূতপূর্ব উন্নতি ছপা সামগ্ৰীৰ পয়োভৰ , ৰেডিঅ ‘ , টেলিভিছন , কেছেট , কম্পিউটাৰ আদিৰ ব্যাপক প্রচলনে কোনাে শিক্ষানুষ্ঠানৰ শ্ৰেণীকোঠাত শিক্ষকৰ পৰা পাঠগ্রহণ নকৰাকৈও ঘৰতে থাকি শিক্ষা গ্রহণ কৰাৰ বাট মুকলি কৰি দিছে যাৰ ফলত দূৰৱর্তী  শিক্ষা ব্যৱস্থাৰ উদ্ভৱ হৈ জনপ্রিয়তা লাভ কৰিছে । 

ভাৰতবৰ্ষৰ দৰে বিশাল জনসংখ্যা থকা দেশ এখনৰ বাবে এই দূৰৱৰ্তী অতিশয় প্রয়ােজন বুলি ক’ব পাৰি । সকলােৰে বাবে শিক্ষা আৰু সকলােৰে বাবে কাম’নীতি অনুসৰণ কৰি গঢ়ি উঠা এই দুৰৱর্তী শিক্ষাই এক বিশাল জনসংখ্যাক গণ মাধ্যমৰ দ্বাৰা শিক্ষা বিস্তাৰ কৰাত বহুতাে সফল হৈছে । এই শিক্ষা ব্যৱস্থাৰ কেতবােৰ গুৰুত্বপূর্ণ দিশ তলত উল্লেখ কৰা হ’ল – 

( ১ ) জীৱন ব্যাপী শিক্ষা গ্রহণত সুযােগ প্রদান । 

( ২ ) ব্যক্তিৰ অৱসৰ জীৱন – যাপনৰ সুচাৰুৰূপে পালনত সহায় কৰা । 

( ৩ ) ব্যক্তিৰ শৈক্ষিক যােগ্যতা উন্নত কৰি জীৱিকা নির্বাহত সহায় কৰা ।

( ৪ ) গতিশীল সমাজ ব্যৱস্থাত সময় আৰু স্থানৰ সৈতে খাপ খুৱাই শিক্ষা আহৰণত সহায়ক । 

( ৫ ) সামাজিক সচেতনতা আৰু শিক্ষা মনােভাৱ জাগ্রত কৰােৱা । 

প্রশ্ন ৮. মুক্ত শিক্ষাৰ ধাৰণাটো ব্যাখ্যা কৰা ।  

উত্তৰঃ দূৰৱর্তী শিক্ষাৰ দ্বিতীয় আৰু আটাইতকৈ নমনীয় ব্যৱস্থাটো হ’ল মুক্ত শিক্ষা । এই মুক্ত শিক্ষা ব্যৱস্থাত ৰেডিঅ’, টেলিভিছনযােগে শিক্ষা প্রদানৰ লগতে অধ্যয়ন চক্র , দলীয় শিক্ষা , দৃশ্য নির্দেশনা আদি কর্মসূচীসমূহ সাঙুৰি লােৱা হয় । 

মুক্ত শিক্ষা ব্যৱস্থাত আনুষ্ঠানিক শিক্ষাৰ দৰে অনমনীয় নীতি গ্রহণ কৰা নহয় । ইয়াৰ নীতি – নিয়মসমূহ শিথিল কৰি দিয়া হৈছে । সাধাৰণতে চাৰিটা দিশত ‘ মুক্ত’শব্দটো বিশেষভাৱে জড়িত।সেইবােৰ হ’ল— 

( ১ ) শিকাৰুৱে পূর্ব অহর্তা নথকা কাৰণে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব নালাগে । 

( ২ ) শিক্ষা গ্রহণ শ্ৰেণীকোঠাত আবদ্ধ নাথাকি নিজৰ ঘৰতে বাস্তবায়িত কৰিব পাৰি । 

( ৩ ) পদ্ধতি বা মাধ্যম শিকাৰুৱে নিজৰ পচন্দৰ ওপৰত ভিত্তি কৰি বাছনি কৰিব পাৰে ইত্যাদি । 

গতিকে এই শিক্ষা অতি উপযােগী । ইচ্ছুক ব্যক্তিয়ে জীৱিকাৰ বাবে কৰ্মৰত থকাৰ লগে লগে মুক্ত শিক্ষা ব্যৱস্থাৰ জৰিয়তে শিক্ষা গ্রহণ কৰি থাকিব পাৰে ।

প্রশ্ন ৯. যােগাযােগমূলক শিক্ষাৰ বৈশিষ্ট্যবােৰ কি কি ?

উত্তৰঃ যােগাযােগমূলক শিক্ষাৰ বৈশিষ্ট্যসমূহ হ’ল– 

( ১ ) শ্ৰেণীত নিয়মীয়াকৈ উপস্থিত থাকিব নােৱাৰা ছাত্র – ছাত্রীসকলৰ বাবে বিকল্প শিক্ষা হিচাপে উচ্চ শিক্ষাৰ সুবিধা প্রদান কৰাটো যােগাযােগ শিক্ষাৰ এক বৈশিষ্ট্য । 

( ২ ) এই শিক্ষা ব্যৱস্থাত বিশেষজ্ঞৰ দ্বাৰা প্ৰস্তুত কৰা পাঠবােৰ ডাকযােগে ছাত্র – ছাত্রীলৈ প্ৰেৰণ কৰা হয় । গতিকে ইয়াক ডাক শিক্ষা বুলিও কোৱা হয় । 

( ৩ ) এই শিক্ষাৰ পাঠ্যসূচীসমূহৰ অধ্যয়ন কার্যসূচীসমূহত কোনাে বক্তৃতাৰ স্থান নাই । লিখিত সামগ্ৰীসমূহৰ পৰাই ছাত্র – ছাত্রীয়ে শিক্ষা গ্রহণ কৰিব লাগে । 

( ৪ ) এই শিক্ষা ব্যবস্থাই ব্যক্তিকসু – প্রচেষ্টা আৰু স্বশিকনৰ শিথিল ব্যৱস্থাই অভিৰুচী কৰে । কাৰণ ছাত্র – ছাত্রীয়ে নিজৰ সুবিধা পচন্দ আৰু সামার্থ্য অনুযায়ী শিকিব পাৰে । 

( ৫ ) কর্মৰত শিক্ষক কর্মচাৰী আৰু অন্যান্যসকলে চাকৰিৰ যােগেদি জীৱন নির্বাহ কৰি থাকিও যাতে উচ্চ শিক্ষা ল’ব পাৰে তাৰ সুবিধা যােগাযােগ শিক্ষাই প্রদান কৰে । এই শিক্ষা গণতান্ত্রিক নীতিৰ দ্বাৰা পৰিচালিত । 

প্রশ্ন ১০. যােগাযােগমূলক শিক্ষাৰ গুৰুত্ব সম্পর্কে ব্যাখ্যা কৰা । 

উত্তৰঃ বর্তমান দেশৰ সকলাে স্তৰতে যােগাযােগ মাধ্যমক আদৰি লৈছে আৰু যােগাযােগ শিক্ষাৰ দ্বাৰা অনুপ্রাণিত হ’বলৈ চেষ্টা কৰা হৈছে । কিন্তু ভাৰতবৰ্ষৰ যােগাযোগ শিক্ষা ব্যৱস্থাক তেনেই চালুকীয়া বুলি ক’ব পাৰি । ভাৰতবৰ্ষৰ জনগণক গ্রহণযােগ্য শিক্ষা দিয়াত যােগাযােগ মাধ্যম এক লেখত ল’বলগীয়া পদক্ষেপ । অগতানুগতিক শিক্ষা প্রদানত যােগাযােগ মাধ্যমৰ বিশেষ গুণাগুণ পৰিলক্ষিত হয় । আত্ম সন্তুষ্টি আৰু আত্মসন্মান লাভ কৰাত জনগণক এই মাধ্যমে উপযুক্ত শিক্ষা প্রদান কৰিব পাৰে । সকলাে স্তৰৰ ব্যক্তিৰ শিক্ষা প্রদানত এই শিক্ষাই উল্লেখনীয় ভূমিকা পালন কৰিব পাৰিছে । যােগাযােগ পাঠ্যক্রমত নিৰীক্ষণ হােৱা কেতবােr গুৰুত্বপূৰ্ণ গুণাগুণ তলত উল্লেখ কৰা হ’ল —  

( ১ ) ব্যক্তিৰ স্বকীয় কর্ম আৰু নিপুণতাৰ ওপৰত বিশ্বাসী । 

( ২ ) শিক্ষণীয় পৰিৱেশত শিক্ষার্থীৰ সক্রিয় অংশগ্রহণ । 

( ৩ ) শিক্ষাৰ সমান সুবিধা প্রদান । 

( ৪ ) বয়স সময়ৰ ব্যৱধান আৰু স্থানৰ গতিশীলতা । 

( ৫ ) শিক্ষার্থীয়ে নিজৰ সময় , সা – সুবিধা আৰু স্থান নির্বিশেষে শিক্ষা লাভ । 

প্রশ্ন ১১. মুক্ত শিক্ষাৰ বৈশিষ্ট্যবােৰ লিখা । 

উত্তৰঃ মুক্ত শিক্ষাৰ কেতবােৰ উল্লেখযােগ্য বৈশিষ্ট্য হল— 

( ১ ) নামভৰ্তিকৰণৰ শিথিলতা অর্থাৎ এই শিক্ষা ভর্তি হ’বৰ বাবে ছাত্র – ছাত্রীৰ আনুষ্ঠানিক শিক্ষাৰ বিশেষ প্রয়ােজন নাই । 

( ২ ) নিজৰ সুবিধাজনক সময়মতে যেতিয়াই কোনাে ব্যক্তিয়ে সময় উলিয়াব পাৰে তেতিয়াই অধ্যয়ন কৰিব পাৰে । 

( ৩ ) পাঠ্যক্ৰমৰ শিথিলতা— অর্থাৎ ছাত্র – ছাত্রীৰ ইচ্ছা অনুযায়ী যিকোনো বিষয় নির্বাচন কৰি ল’ব পাৰে । 

( ৪ ) ঘৰত থাকি পঢ়াৰ সুবিধা প্রদান । 

( ৫ ) শিক্ষকৰ ওপৰত নিৰ্ভৰশীল হােৱাতকৈ গণ মাধ্যম আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত অধিক নিৰ্ভৰশীল হােৱা । 

( ৬ ) ডিগ্রী , ডিপ্লোমা প্রদানৰ উপৰি নিৰৱচ্ছিন্ন শিক্ষাৰ ব্যৱস্থা । 

( ৭ ) উচ্চমানৰ শিক্ষকৰ দ্বাৰা পাঠ্যসূচী প্রণয়ন । 

প্রশ্ন ১২. মুক্ত শিক্ষাৰ সুবিধাবােৰ কি কি ? 

উত্তৰঃ মুক্ত শিক্ষাৰ সুবিধাসমূহ হ”ল–

১।পুৰুষ – মহিলা , চাকৰি কৰা নকৰা সকলাে ব্যক্তিৰ বাবে শিক্ষালাভৰ সুবিধা তেওঁলোকৰ একেবাৰে ওচৰলৈ লৈ অহা হৈছে । 

২। এই শিক্ষা ব্যৱস্থাৰ পৰা ভিতৰুৱা অঞ্চল , পাহাৰীয়া অঞ্চল , গ্রাম্যাঞ্চলত থকা লােকেও সুবিধা পায় । বয়সীয়া ব্যক্তিও এই মুক্ত শিক্ষাৰ দ্বাৰা শিক্ষিত হৈ উঠিব পাবে । 

৩। মুক্ত শিক্ষাত খৰচ কম । 

৪। এই শিক্ষা ব্যৱস্থাৰ পাঠ্যক্রম মূলতঃ চাকৰিৰ লগত জড়িত আৰু বৃত্তিমুখী । 

৫ শিক্ষার্থীলৈ পঠিওৱা পঠন সামগ্রী অভিজ্ঞ অধ্যাপকসকলে প্রস্তুত কৰে । 

প্রশ্ন ১৩. মুক্ত শিক্ষাৰ অসুবিধাবােৰ কি কি ? 

উত্তৰঃ মুক্ত শিক্ষাৰ অসুবিধাসমূহ–

১। মুক্ত শিক্ষা সম্প্রসাৰণ কৰা কেন্দ্ৰবােৰৰ সংখ্যা এতিয়াও পর্যাপ্ত পৰিমাণৰ হােৱা নাই ।

২। মুক্ত শিক্ষাই এতিয়াও গ্রামাঞ্চল স্পর্শ কৰিব পৰা নাই । 

৩। মুক্ত শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমৰ প্ৰকাৰ যথেষ্ট নহয় । 

৪। মুক্ত শিক্ষাৰ পৰা কেৱল মধ্যবিত্ত শ্রেণীটোহে লাভৱান হৈছে । 

৫। মুক্ত শিক্ষাৰ কেন্দ্ৰবােৰত সা – সুবিধা সন্তোষজনক নহয় ।

৬। মুক্ত শিক্ষাত ব্যক্তিগত সান্নিধ্যৰ কাৰ্যসূচী যথােপযুক্ত হৈ উঠা নাই । 

৭। মুক্ত শিক্ষাৰ ব্যৱস্থাৰ পঠন সামগ্রী সময়মতে শিক্ষার্থীৰ ওচৰ নাপায়গৈ । 

প্রশ্ন ১৩. ভাৰতৰ মুক্ত শিক্ষা পদ্ধতি সম্পর্কে আলােচনা কৰা ৷ 

উত্তৰঃ দূৰ শিক্ষা ব্যৱস্থা হ’ল আধুনিক শিক্ষা জগতৰ এটি অভিনৱ সংযােজন । এই শিক্ষা ব্যবস্থা পৰম্পৰাগতভাৱে চলি থকা ব্যৱস্থাতকৈ অধিকভাৱে বৈশিষ্ট্যপূর্ণ । দূৰ শিক্ষা ব্যৱস্থাটো হ’ল ব্যক্তিসকলৰ দৃষ্টিভংগীক বিস্তৃত অৱস্থালৈ অগ্ৰসৰ কৰােৱা এবিধ শিক্ষা । এই শিক্ষা ব্যৱস্থাই প্রথমে শিক্ষার্থীসকলক সামৰি লয় ; তাৰ পিছতহে শিক্ষানুষ্ঠানক গুৰুত্ব দিয়ে । ইয়াত শিক্ষার্থীসকলৰ প্রয়ােজনীয়তাসমূহকহে প্রথমে গুৰুত্ব দিয়া হয় আৰু শিক্ষার্থীসকলৰ মাজত থকা ব্যক্তিগত ভিন্নতাক চকু দিয়া হয় । দূৰ শিক্ষা ব্যবস্থাই পৰােক্ষভাৱে শিক্ষা আহৰণত অৰিহণা যােগায় । বিভিন্ন প্ৰকাৰৰ দূৰ শিক্ষা ব্যবস্থাসমূহ তলত আলােচনা কৰা হ’ল— 

( ক ) যােগাযােগ শিক্ষা ( Correspondence Education ) :- এই শিক্ষা ব্যৱস্থাৰ যােগেদি শ্রেণীকক্ষত প্রত্যক্ষভাৱে নথকাকৈ , ডাকযােগে প্ৰেৰণ কৰা শিক্ষা সামগ্ৰীৰ ওপৰত ভিত্তি কৰি  শিক্ষালাভ কৰিব পৰা যায় । এই শিক্ষা ব্যৱস্থাত বিশেষজ্ঞৰদ্বাৰা প্ৰস্তুত কৰা পাঠবােৰৰ পৰা আৰম্ভ কৰি প্রশ্নোত্তৰ আদান – প্রদান , গৃহকার্য প্রদান , মূল্যায়ন প্রদান কৰা আদি সকলাে কার্য ডাক ব্যৱস্থাৰ জৰিয়তে সম্পন্ন কৰা হয় বাবে এই শিক্ষাক ডাক শিক্ষা ( postal education ) বুলিও কোৱা হয় । 

( খ ) মুক্ত শিক্ষা ( Open cducation ) :- মুক্ত শিক্ষা এনে এক শিক্ষা ব্যৱস্থা য’ত শিক্ষার্থীয়ে বিদ্যালয় বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ নিয়মীয়া শ্রেণীকোঠাত নবহাকৈ শিক্ষা গ্রহণ কৰিব পাৰে । এই শিক্ষা ব্যৱস্থাত আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ নীতি – নিয়মৰ কোনাে বান্ধোন নাথাকে , এই শিক্ষা সকলো পর্যায়ৰ সকলাে বয়সৰ আৰু সকলাে শ্ৰেণীৰ ব্যক্তিৰ বাবে মুক্ত । মুক্ত শিক্ষাত শিক্ষার্থীৰ হাতত সম্পূর্ণৰূপে স্বাধীনতা প্রদান কৰা হয় । 

( গ ) মুক্ত বিদ্যালয় ( Openschool ) :- মুক্ত বিদ্যালয়ৰ শিক্ষাদান ক্রিয়াটো মুক্তভাৱে সম্পন্ন কৰা হয় । শিক্ষাদান প্রক্রিয়াৰ কোনাে আনুষ্ঠানিক ধ্যান – ধাৰণা নাই । ৰেডিঅ ’ , দূৰদৰ্শন , ভিডিঅ ’ ‘ কেছেট , টেপ ৰেকর্ডাৰ আদিৰ লগতে শ্ৰৱণ – দর্শন আহিলাৰ মাধ্যমেৰে শিক্ষাদান কার্যক বাস্তৱমুখী কৰি তােলা হয় । এনেবােৰ কাৰ্যসূচীৰ লগতে ব্যক্তিগত সান্নিধ্যৰ ব্যৱস্থাও আছে । 

( ঘ ) মুক্ত বিশ্ববিদ্যালয় ( Open University ) :- মুক্ত বিশ্ববিদ্যালয় ব্যৱস্থাটো শিক্ষা সম্প্ৰসাৰণ ব্যৱস্থাৰ এটি উল্লেখযােগ্য ব্যবস্থা । মুক্ত বিশ্ববিদ্যালয়ে বিদ্যালয় এৰা , কর্মত যুৱক , নব গৃহিণী আৰু চাকৰিয়ালসকলকো শিক্ষা আহৰণৰ সুবিধা দিয়ে । ইয়াৰ উপৰি একেবাৰে পিছপৰা গ্রামাঞ্চলৰ দুৱাৰমুখলৈকো মুক্ত বিশ্ববিদ্যালয়ে শিক্ষা সম্প্রসাৰণ কৰাৰ ব্যৱস্থা হাতত লৈছে । শিক্ষার্থীসকলৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত এই বিশ্ববিদ্যালয়ে মুক্ততাৰ ধাৰণা প্রৱর্তন কল আৰু বাসৰ ক্ষেত্ৰত এই শিক্ষা ব্যবস্থাত কোনাে ধৰাবন্ধা নিয়ম নাই । 

প্রশ্ন ১৪. মুক্ত বিশ্ববিদ্যালয়ৰ উদ্দেশ্যসমূহ আলােচনা কৰা ৷ 

উত্তৰঃ মুক্ত বিশ্ববিদ্যালয়ৰ উদ্দেশ্যসমূহ হ’ল–

( ১ ) জনসংখ্যাৰ এটা বৃহৎ অংশলৈ উচ্চ শিক্ষাৰ সুবিধা প্রদান কৰা । 

( ২ ) পাঠ্যসূচীসমূহ বৃত্তি আৰু জীৱিকামুখী কৰি শৈক্ষিক কাৰ্যসূচীসমূহ প্রয়ােজনভিত্তিক কৰি তােলা । 

( ৩ ) কেনেকৈ শিকিব লাগে সেয়া শিকিবলৈ ছাত্র – ছাত্রীসকলক সহায় কৰা । 

( ৪ ) বয়স , অঞ্চল নাইবা লৌকিক অহতা আদিৰ বিচাৰ নকৰি ইচ্ছুক সকললৈ উচ্চ গুণসম্পন্ন শিক্ষা আগবঢ়োৱা । 

( ৫ ) কম ব্যয় আৰু অধিক দক্ষতাৰে উচ্চ শিক্ষাৰ ব্যৱস্থা কৰা । 

( ৬ ) নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থকাৰ বিকল্প হিচাপে উচ্চ শিক্ষাৰ সুবিধা প্রদান কৰা ।

প্রশ্ন ১৫. মুক্ত বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা ৷ 

উত্তৰঃ মুক্ত বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্যসমূহ হ’ল–

( ১ ) মুক্ত বিশ্ববিদ্যালয় মাধ্যমেৰে কর্মক্ষেত্ৰত নিয়ােজিত হৈ থকা আগ্রহী ব্যক্তিসকক উচ্চ শিক্ষা অংশকালীনভাৱে লােৱাৰ সুবিধা কৰি দিয়া হয় । 

( ২ ) মুক্ত বিশ্ববিদ্যালয়ৰ নাম ভর্তিকৰণ ব্যৱস্থা মুক্ত ধাৰণাৰ মাধ্যমেৰে সম্পন্ন হয় । 

( ৩ ) মুক্ত বিশ্ববিদ্যালয়ত নির্ধাৰিত বয়সৰ যিকোনাে ব্যক্তিয়ে নিজকে শিকাৰু হিচাপে । পৰিগণিত কৰাব পাৰে । 

( ৪ ) মুক্ত বিশ্ববিদ্যালয় ব্যৱস্থাটোক অধিকভাৱে ফলপ্রসূ কৰি তােলাৰ বাবে বিস্তৃত সান্নিধ্য আঁচনি প্রয়ােগ কৰা হয় । 

( ৫ ) মুক্ত বিশ্ববিদ্যালয় ব্যৱস্থাটোৱে কৰ্মৰত ব্যক্তি বা আন আন ব্যক্তিসকলক দীর্ঘকালীনভাৱে উচ্চ শিক্ষা লাভৰ সুযােগ দান কৰে । 

( ৬ ) মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাদান প্রক্রিয়াত দূৰ সংযােগৰ ব্যৱস্থা কৰা হয় । 

( ৭ ) মুক্ত বিশ্ববিদ্যালয়ৰ কোনাে ক্ষেত্রতে কোনাে কোনাে ধৰণৰ বাধ্যবাধকতা নাই । 

( ৮ ) মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰয়ােজন অনুসৰি শিক্ষণীয় পাঠবােৰ পূর্ব পৰিকল্পনাৰে সজাই পৰাই তােলা হয় । 

( ৯ ) মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষার্থীৰ প্রয়ােজন অনুসৰি শিক্ষণীয় পাঠবােৰ পূর্ব পৰিকল্পনাৰে সজাই পৰাই তােলা হয় ।

( ১০ ) মুক্ত বিশ্ববিদ্যালয়ত শিকাৰুসকলে নামভৰ্তি কৰিলেও পাঠ্যক্রম সম্পূর্ণ নকৰাকৈ ওলাই আহিব পাৰে । 

প্রশ্ন ১৬. মুক্ত বিশ্ববিদ্যালয় উন্নয়নমূলক ধাৰাটো আলােচনা কৰা । 

উত্তৰঃ মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰথম আৰম্ভণী হয় ইংলেণ্ডত । ১৯৬৯ চনত ইংলেণ্ডৰ প্রধানমন্ত্রী হেৰল্ড উইলছনৰ কার্যকালত এই বিশ্ববিদ্যালয়খন গঢ় লৈ উঠিছিল । মুক্ত শিক্ষাৰ ক্ষেত্ৰত এই বিশ্ববিদ্যালয়ে এটি বিশেষ ধৰণৰ তাৎপর্যপূর্ণ ভূমিকা গ্রহণ কৰিবলৈ সক্ষম হয় । প্রথম বছৰতে মুক্ত বিশ্ববিদ্যালয়ত ২৫,০০০ গৰাকী শিক্ষার্থীয়ে নামভৰ্তি কৰিছিল । এই বিশ্ববিদ্যালয়ৰ আচার্য আছিল লর্ড ক্রাউথাৰ আৰু প্রথম উপাচার্য আছিল ছাৰওৱালটাৰ পেৰী ৷ মুক্ত বিশ্ববিদ্যালয়ৰ প্রধান কার্যালয় আছিল ‘ মিলটন কিনছ’ত । বিভিন্ন স্থানত ইয়াৰ কিছুমান অধ্যয়ন কেন্দ্র স্থাপিত হৈছিল । এই বিশ্ববিদ্যালয়খনে নানা ধৰণৰ বিষয়ৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল । ইয়াৰ শিক্ষাদান পদ্ধতিত বিশেষভাৱে লিখা পাঠ , দূৰদৰ্শন , অনাৰ্তাৰ প্ৰচাৰ আদিয়ে স্থান পাইছিল । এই বিশ্ববিদ্যালয়ত সময়মতে শিক্ষা লাভ কৰিব সুযােগ নােপােৱা অর্থনৈতিকভাৱে দুর্বল আৰু সামাজিকভাৱে পিছপৰা ব্যক্তিসকলে শিক্ষা লাভৰ সুযােগ পাইছিল । বর্তমানেও সামাজিক চাহিদা পূৰণ কৰি আছে । ইংলেণ্ডত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয়ৰ আৰ্হিত বর্তমান সময়ত বিশ্বৰ অধিক সংখ্যক দেশে মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰাত গুৰুত্ব প্রদান কৰিছে । ইংলেণ্ডৰ পিছত জার্মানী , স্পেইন , নেদাৰলেণ্ড , শ্রীলংকা , চীন আদি দেশত মুক্ত বিশ্ববিদ্যালয় গঢ়ি উঠিছে । 

প্রশ্ন ১৭. অনানুষ্ঠানিক শিক্ষাৰ যিকোনাে এটা অভিকৰণৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ১৯৮৯ চনৰ নৱেম্বৰ মাহত মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় নামৰ এক স্বায়ত্তশাসিত অনুষ্ঠান প্রতিষ্ঠা কৰা হয় । ইয়াকে চমুকৈ NOS ( National Open School ) বুলি জনা যায় । NOS এ আগ্রহী ব্যক্তিক অবিৰত শিক্ষাৰ সুবিধা দিয়ে আৰু প্রাথমিক , মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পাঠ্যক্রম আয়ত্ত কৰাত সহায় কৰে । তদুপৰি NOS এ শিক্ষক , অধ্যক্ষ আৰু সাধাৰণ ৰাইজক জীৱন সমৃদ্ধ পাঠ্যক্ৰমৰ বিভিন্ন প্রকাশ অনুধাৱন  কৰিবলৈ সুবিধা দিয়ে । বিদ্যালয়ৰ বাহিতৰ থকা ৬ ৰ পৰা ১৪ বছৰ বসয়ৰ ল’ৰা – ছােৱালীৰ বাবে NOS এ মুক্ত বুনিয়াদী শিক্ষা প্রকল্প হাতত লৈছে । এইসময়বিলাকতে এটা কথা বিশেষভাৱে মন কৰিবলগীয়া যে ব্যক্তিয়ে নিজৰ পৰুচি মতে , নিজে বাছি লােৱা বিষয়ত নিজৰ সুবিধাজনক গতিবেগত পাঠ্যক্ৰমৰ মাজেৰে পাৰ হ’ব পাৰে । NOS ৰ প্রধান তিনিটা উপাদান এনেধৰণৰ– 

( ক ) ছপা স্ব – শিকণ সামগ্রী 

( খ ) ব্যক্তিগত সংযােগ কাৰ্যসূচী 

( গ ) শ্ৰব্য আৰু দৃশ্য কাৰ্যসূচী । 

প্রশ্ন ১৮. অনানুষ্ঠানিক শিক্ষা হ’ল পলমকৈ বিকশিত , স্কুল এৰা আৰু বঞ্চিতসকলৰ বাবে এক উপহাৰ’— উক্তিটো ব্যাখ্যা কৰা । 

উত্তৰঃ “ অনানুষ্ঠানিক শিক্ষা হ’ল পলমকৈ বিকশিত স্কুল এৰা আৰু বঞ্চিতসকলৰ বাবে এক উপহাৰ । ” 

উত্তিটো সম্পূর্ণৰূপে শুদ্ধ বুলি ক’লে ভুল নহ’ব । অনানুষ্ঠানিক শিক্ষা হৈছে আনুষ্ঠানিক শিক্ষাৰ এক বিকল্প ব্যৱস্থা বা পৰিকল্পনা য’ত নমনীয়তা শিক্ষাৰ মূল চাবিকাঠি। অর্থাৎ এনে শিক্ষাত নামভৰ্তিকৰণ পাঠ্যক্রম , শিক্ষা প্রদান আৰু গ্ৰহণৰ স্থান , শিক্ষা প্রদানৰ ৰীতি অথবা প্রণালী , শিক্ষাৰ সময় আৰু স্থিতিকাল আদিৰ ক্ষেত্ৰত নমনীয় নীতি গ্রহণ কৰা হয় । যাৰ কাৰণে স্কুল এৰা বা বঞ্চিত শিকাৰুসকলৰ বাবে এক সুবিধা প্রদানকাৰী শিক্ষা ব্যৱস্থা হিচাপে পৰিগণিত হৈছে । 

এই শিক্ষাৰ প্রধান উদ্দেশ্য হৈছে জীৱনৰ নানা অসুবিধাৰ বাবে আনুষ্ঠানিক শিক্ষা প্রক্রিয়া আকাঙ্খা অনুসৰি সম্পূর্ণ কৰিবলৈ অসমর্থ হােৱা অথবা শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত হ’বলাগীয়া হােৱা লােকসকলক শিক্ষাৰ সুবিধা প্রদান কৰা। কাম আৰু শিক্ষা – এই দুয়ােটা প্রক্রিয়া একেলগে সুন্দৰভাৱে আগবঢ়াই নিয়াৰ বাবে সুবিধা প্রদান কৰি এখন শিক্ষিত সমাজ গঢ়ি তােলাৰ সুবিধা প্রদান কৰাটো এই শিক্ষাৰ অন্যতম প্রধান উদ্দেশ্য । 

এই শিক্ষা ব্যৱস্থাত শিক্ষার্থীৰ নিজস্ব প্রয়ােজন , সামর্থ্য আৰু ৰুচিবােধ অনুসৰি জ্ঞান , অভিজ্ঞতা আহৰণত বিশেষ গুৰুত্ব প্রদান কৰা হয় । গতিকে জীৱনৰ যিকোনাে সময়ত সেই বঞ্চিত লােকসকলে নিজৰ প্রয়ােজন অনুসৰি শিক্ষা লাভৰ সুবিধা গ্রহণ কৰিব পাৰিছে । স্বকীয় বিকাশ , আত্ম নবীকৰণ , মানৱীয় ক্ষমতাৰ সর্বাত্মক বিকাশ আদি অনানুষ্ঠানিক শিক্ষাৰ গুৰুত্বপূর্ণ বৈশিষ্ট্য । যাৰ ফলস্বৰূপে প্রাপ্ত বয়স্কসকলে এই শিক্ষাৰ দ্বাৰা নিজৰ ব্যক্তিত্ব বিকাশ কৰাৰ লগতে নিজকে স্বাৱলম্বী কৰি তােলাৰ সুবিধা পাইছে । গতিকে এই শিক্ষা ব্যবস্থা এক উপহাৰ বুলি ক’লে ভুল নহ’ব । 

প্রশ্ন ১৯. আজিৰ পৰিস্থিতিত অনানুষ্ঠানিক শিক্ষাৰ প্রয়ােজনীয়তা আৰু গুৰুত্ব কি ? 

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন ত্রুটিসমূহ অগতানুগতিক শিক্ষাৰ দ্বাৰ  সংশােধন কৰিব পাৰি । এই শিক্ষাৰ শৈক্ষিক গুৰুত্ব তলত আলােচনা কৰা হ’ল— 

( ১ ) অগতানুগতিক শিক্ষাই শিক্ষিত আৰু অশিক্ষিত সকলােৰে শৈক্ষিক আৰু অর্থনৈতিক প্রয়ােজন পূৰণ কৰিব পাৰে । 

( ২ ) এই শিক্ষাই নিৰক্ষৰতা দূৰ কৰি শিক্ষাৰ সার্বজনীন কৰণত এক উল্লেখযােগ্য ভূমিকা  গ্রহণ কৰে । 

( ৩ ) প্রাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত এই অগতানুগতিক শিক্ষাই একে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে । 

( ৪ ) অগতানুগতিক শিক্ষাই বিভিন্ন বৃত্তিত নিয়ােজিত লােকসকলৰ বৃত্তিমূলক বিকাশৰ ক্ষেত্ৰত উল্লেখযােগ্য বৰঙণি আগবঢ়ায় । 

( ৫ ) অগতানুগতিক শিক্ষা এক চাহিদা ভিত্তিক শিক্ষা । গতিকে এই শিক্ষা ব্যৱস্থাৰ যােগেদি শিক্ষার্থীয়ে নিজস্ব ইচ্ছা , আগ্রহ আৰু প্রয়ােজন অনুযায়ী শিক্ষা গ্ৰহণৰ সুযােগ লাভ কৰে । 

( ৬ ) এই শিক্ষাই শিক্ষার্থীক কোনাে বিষয়ৰ সার্বজনীন জ্ঞান প্রদান কৰাৰ লগতে কৰ্মৰত লােকসকলৰ কর্মদক্ষতা বঢ়াবৰ বাবে প্রশিক্ষণ ব্যবস্থাও কৰে । 

( ৭ ) সমাজৰ নিষ্পেষিত লােকসকলক প্রয়ােজনীয় জ্ঞান আৰু দক্ষতা প্রদানত এই শিক্ষা বিশেষ সহায়কাৰী । 

( ৮ ) অগতানুগতিক শিক্ষা অধিক মিতব্যয়ী হােৱা বাবে এই শিক্ষাৰ যােগেদি কম খৰচতে অধিক সংখ্যক শিক্ষার্থীক শিক্ষা প্রদান কৰিব পাৰি ।

7 thoughts on “Class 12 Education Chapter – 2 অনানুষ্ঠানিক শিক্ষা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top