Class 12 Education Chapter – 2 অনানুষ্ঠানিক শিক্ষা

Class 12 Education Chapter – 2 অনানুষ্ঠানিক শিক্ষা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter 2 অনানুষ্ঠানিক শিক্ষা and select needs one.

Class 12 Education Chapter – 2 অনানুষ্ঠানিক শিক্ষা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 2 অনানুষ্ঠানিক শিক্ষা Solutions for All Subject, You can practice these here…

চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ ) 

প্রশ্ন ১. অনানুষ্ঠানিক শিক্ষা মানে কি বুজা ?

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ বাহিৰৰ এনে এক শিক্ষা ব্যৱস্থা যত আনুষ্ঠানিক শিক্ষাৰ দৰে বাধ্যবাধকতা নাথাকে । অনানুষ্ঠানিক এনে একপ্রকাৰ শিক্ষা ব্যৱস্থা যত সম্পূর্ণ অগতানুগতিক প্ৰথাৰে নির্দিষ্ট সময় , বয়স , স্থান , শিক্ষক আদি সকলােতে শিথিলতা অৱলম্বন কৰি আনুষ্ঠানিক শিক্ষা গ্রহণৰ পৰা বঞ্চিত হােৱা ল’ৰা – ছােৱালীক শিক্ষা দিব পৰা হয় । 

প্রশ্ন ২. অনানুষ্ঠানিক শিক্ষাত শিক্ষকৰ ভূমিকা কি ? 

উত্তৰঃ অনানুষ্ঠানিক শিক্ষাত শিক্ষকৰ ভূমিকা অতি সীমিত । এই শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষার্থীৰ মাজত প্রত্যক্ষ সম্পর্ক নাথাকে । প্রয়ােজন সাপেক্ষে শিক্ষার্থীয়ে শিক্ষকৰ লগত যােগাযােগ স্থাপন কৰি পঠনৰ বিষয়ে আলােচনা কৰিবৰ সুবিধা পায় । 

প্রশ্ন ৩. মুক্ত শিক্ষাত ‘মুক্ত’ শব্দটোৱে কি বুজায় ? 

উত্তৰঃ মুক্ত শিক্ষাত ‘মুক্ত’ শব্দটোৱেই এক মুক্ত প্রৱেশ পদ্ধতিৰ ব্যৱস্থা হিচাপে বুজায় যত বিদ্যালয় বহির্ভূত ছাত্র – ছাত্রী অকালতে স্কুল এৰা, কৰ্মৰত প্রাপ্তবয়স্ক লােকসকল , গৃহিণী  সমাজ বঞ্চিত শিকাৰুসকলৰ বাবে শিক্ষা লাভৰ সুবিধা প্রদান কৰা হয় । 

প্রশ্ন ৪. মুক্ত শিক্ষা কি ? 

উত্তৰঃ যি শিক্ষা ব্যৱস্থাত আধুনিক শিক্ষাৰ দৰে এক নির্দিষ্ট বয়সৰ সময়সীমা , নির্দিষ্ট সময়লৈকে বিদ্যালয়ত থকা নির্দিষ্ট বিষয়ৰ জ্ঞান লাভ কৰা ইত্যাদিৰে মাথো বিদ্যালয়ত আবদ্ধ থকা ব্যৱস্থা সমূহ নাথাকে তাকেই মুক্ত শিক্ষা বােলে ৷ ই এক অনানুষ্ঠানিক শিক্ষা ব্যবস্থা । 

প্রশ্ন ৫. দূৰৱৰ্তী শিক্ষা কি ? 

উত্তৰঃ দূৰশিক্ষা হ’ল এনে এটা পদ্ধতি য’ত জ্ঞান , কৌশল আৰু মনােভাবক বিভিন্ন শ্রম প্রয়ােগৰে যুক্তিসংগত সূত্র উদ্ভাৱনেৰে আৰু বিভিন্ন প্রযুক্তিপূর্ণ মাধ্যমেৰে সমাজৰ সকলাে শ্ৰেণীৰ বাবে গ্ৰহণ কৰা এক মুক্ত শিক্ষা ব্যৱস্থা । ইয়াক ডাকযােগে শিক্ষা বা মুকলি শিক্ষা বুলিও কোৱা হয় । 

প্রশ্ন ৬. যােগাযােগমূলক শিক্ষাক কিয় ডাক – শিক্ষা হিচাপে জনা যায় ? 

উত্তৰঃ ডাকযােগে শিক্ষা পৰিচালনাৰ বাবে বিশেষজ্ঞসকলে কোনাে বিষয়ৰ বিভিন্ন পাঠৰ ওপৰত বক্তৃতা যুগুত কৰে আৰু ছপা কৰি ডাকযােগে ছাত্র – ছাত্রীলৈ পঠোৱা হয় । ছাত্র – ছাত্রীয়ে ঘৰত এই ছপা সামগ্রী অধ্যয়ন কৰিব লাগে আৰু প্রশ্নাৱলীৰ উত্তৰ কৰি ছাত্ৰ – ছাত্ৰীয়ে শিক্ষকলৈ পঠাব লাগে । গতিকে ইয়াক ডাক – শিক্ষা হিচাপে জনা যায় । 

প্রশ্ন ৭. যােগাযােগমূলক শিক্ষাৰ উৎপত্তি সম্পর্কে লিখা । 

উত্তৰঃ ইউৰােপৰ কিছুমান দেশত উনৈশ শতিকাতে যােগাযােগ শিক্ষাৰ প্রৱৰ্তন হৈছিল । ১৮৯৮ চনতে চুইডেনত হানচ হাৰমভ নামৰ লােক এজনে এই পাঠ্যসূচী প্রকাশ কৰিছিল । ১৯৬২ চনত দিল্লী বিশ্ববিদ্যালয়ত আমাৰ দেশৰ প্রথম যােগাযােগ শিক্ষা বিভাগ খােলা , হৈছিল । বর্তমানে ৫০ খন মান বিশ্ববিদ্যালয়ত যােগাযােগ পাঠ্যসূচীৰ ব্যৱস্থা আছে । 

প্রশ্ন ৪. দূৰৱর্তী শিক্ষাৰ এটা সংজ্ঞা দিয়া । 

উত্তৰঃ কীগানৰ মতে “ দূৰ শিক্ষাই দূৰ শিক্ষণ আৰু দূৰ শিক্ষণ এই দুয়ােটাকে প্রতিনিধিত্ব কৰে । ” 

প্রশ্ন ৯. শিক্ষাৰ সহায়কাৰী পদ্ধতি হিচাপে অনানুষ্ঠানিক শিক্ষাৰ বিষয়ে ব্যাখ্যা কৰা । 

উত্তৰঃ শিক্ষাৰ সহায়কাৰী পদ্ধতি হিচাপে অনানুষ্ঠানিক শিক্ষাক তলত দিয়া ধৰণে ব্যাখ্যা কৰিব পাৰি । 

( i ) শিক্ষাৰ সার্বজনীন ৰূপ দিয়াত ই সহায় কৰে । 

( ii ) আজি সময়ৰ উপযােগীকৈ এই শিক্ষাই শিক্ষাদানৰ ব্যৱস্থা গ্ৰহণ কৰে । 

( iii ) বৃত্তিমূলক শিক্ষা আৰু ব্যৱসায়িক শিক্ষাত গুৰুত্ব আৰােপ কৰে । 

প্রশ্ন ১০. অনানুষ্ঠানিক শিক্ষাক কিয় শিক্ষাৰ নমনীয় পদ্ধতি হিচাপে বিবেচনা কৰা হয় ? 

উত্তৰঃ অনানুষ্ঠানিক শিক্ষাক শিক্ষাৰ নমনীয় পদ্ধতি হিচাপে বিবেচনা কাৰৰ কাৰণবােৰ হ’ল— 

( i ) এই শিক্ষাত নামভর্তি , শিক্ষা আহৰণ , শিক্ষা প্রক্রিয়াৰ পৰা প্রস্থান এই সকলাে কার্য শিক্ষার্থীৰ সুবিধা অনুযায়ী সম্পাদন কৰা হয় । 

( ii ) শিক্ষার্থী নিজস্ব প্রয়ােজন , সামর্থ্য আৰু ৰুচিবােধ অনুসৰি জ্ঞান অভিজ্ঞতা আহৰণত এই শিক্ষাই বিশেষভাৱে সহায় কৰে । 

প্রশ্ন ১১. সকলােবিলাক মুক্ত শিক্ষাই দূৰ শিক্ষা , কিন্তু সকলােবিলাক দূৰ শিক্ষাই মুক্ত নহয়’– দুটা যুক্তি দিয়া ।

উত্তৰঃ যুক্তি দুটা হ’ল–

( ১ ) দূৰ শিক্ষাই গতানুগতিক নিয়ন্ত্রিত শিক্ষাৰ বিকল্প অথবা পৰিপূৰক হিচাপেহে শিক্ষাৰ  সংযােগ সম্প্রসাৰিত কৰে । কিন্তু মুক্ত শিক্ষা এক বহুমুখী শিক্ষা ব্যৱস্থা । 

( ২ ) দূৰ শিক্ষাৰ উদ্দেশ্য হ’ল শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত শিক্ষার্থীসকলৰ মাজত আৰু বিচ্ছিন্ন অঞ্চলসমূহত শিক্ষা বিস্তাৰ কৰি শিক্ষাৰ সমান সুযােগ প্রদান কৰা । ই মুক্ত শিক্ষাৰ দৰে সকলাে শ্রেণী শিকাৰুৰ বাবে উপযােগী নহয় । 

প্রশ্ন ১২. অগতানুগতিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ পৰিপূৰক বুলি কিয় কোৱা হয় ? দুটা কাৰণ লিখা । 

উত্তৰঃ কাৰণ দুটা হল– 

( ক ) এই শিক্ষাই আনুষ্ঠানিক শিক্ষাৰ ত্রুটি – বিচ্যুতিসমূহ দূৰ কৰে । 

( খ ) যিসকল লোক আনুষ্ঠানিক শিক্ষাৰ বাবে অনুপযুক্ত বা যাৰ বাবে এই শিক্ষা সম্ভৱ নহয় তেওঁলােকক শিক্ষাৰ সুযােগ দিবৰ বাবে এই অগতানুগতিক শিক্ষাৰ এক গুৰুত্বপূর্ণ ভূমিকা আছে ।

৩ নম্বৰৰ প্রশ্ন 

প্রশ্ন ১. “বর্তমান বিশ্বই তিনি প্রকাৰৰ বিস্ফোৰণৰ সন্মুখীন হৈ আছে ” —এই বিস্ফোৰণবােৰ কি কি ? 

উত্তৰঃ বর্তমান বিশ্বই মুখামুখী হােৱা তিনিধৰণৰ বিস্ফোৰণ তলত দিয়া ধৰণৰ – 

( ক ) জন বিস্ফোৰণ :- জনসংখ্যাৰ অত্যধিক বৃদ্ধিৰ ফলত শিক্ষাৰ সা – সুবিধাসমূহ বৃদ্ধি কৰা স্বত্ত্বেও এক বৃহৎ সংখ্যক লােকে আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হৈছে । 

( খ ) জ্ঞানৰ বিস্ফোৰণ :- বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশৰ লগে লগে জ্ঞানৰ নতুন নতুন ক্ষেত্ৰৰ সৃষ্টি হৈছে আৰু ইয়াৰ লগে লগে জ্ঞান লাভৰ স্পৃহাও বৃদ্ধি হৈছে । এই জ্ঞানৰ স্পৃহাক পৰিতৃপ্ত কৰিব পৰাকৈ আনুষ্ঠানিক শিক্ষাৰ ব্যৱস্থা যথেষ্ট নহয় । 

( গ ) আশা – আকাংক্ষাৰ বিস্ফোৰণ :- বর্তমান সামাজিক জীৱনৰ জটিলতা বৃদ্ধি পােৱাৰ লগে লগে মানুহৰ আশা – আকাংক্ষাৰাে বিস্ফোৰণ হােৱা দেখা গৈছে । ফলস্বৰূপে ব্যক্তি আৰু সমাজৰ সকলাে ধৰণৰ আশা – আকাংক্ষাসমূহ পৰিতৃপ্ত হােৱা ব্যর্থ হৈ পৰিছে । 

প্রশ্ন ২. এই বিস্ফোৰণসমূহৰ বাবে হােৱা শৈক্ষিক সমস্যাসমূহৰ মুখামুখি হ’বলৈ দূৰৱর্তী শিক্ষাই কিদৰে আমাক সহায় কৰে ব্যাখ্যা কৰা । 

উত্তৰঃ বর্তমান বিশ্বই তিনিপ্ৰকাৰৰ বিস্ফোৰণৰ সন্মুখীন হ’ব লগা হৈছে –

( ক ) জনসংখ্যাৰ বিস্ফোৰণ ।

( খ ) জ্ঞানৰ বিস্ফোৰণ । আৰু 

( গ ) আশা – আকাংক্ষাৰ বিস্ফোৰণ । 

এই বিস্ফোৰণসমূহৰ ফলস্বৰূপে মানুহৰ প্ৰয়ােজনসমূহাে বৃদ্ধি পােৱা দেখা গৈছে । কেৱল আনুষ্ঠানিক শিক্ষাই এই প্রয়ােজনসমূহ তথা বৃত্তিৰ বর্ধিত চাহিদা সমূহ পূৰণ কৰিব নােৱাৰে । যাৰ ফলস্বৰূপে বর্তমান সমাজ ব্যৱস্থাত এক বিকল্প শিক্ষা ব্যৱস্থাৰ প্ৰয়ােজন আহি পৰিছে । এই বিকল্প শিক্ষা ব্যৱস্থা হৈছে ‘ দূৰ শিক্ষা । 

এই শিক্ষা ব্যৱস্থাই আনুষ্ঠানিক শিক্ষাৰ সংকীর্ণতা দূৰ কৰি সকলাে মানুহৰ প্ৰয়ােজন আৰু চাহিদা পূৰণ কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰে । 

প্রশ্ন ৩. দূৰৱর্তী শিক্ষাত সাধাৰণতে হােৱা আধুনিক কাৰিকৰী সাহায্য তিনিটাৰ উল্লেখ কৰা । 

উত্তৰঃ দূৰ শিক্ষাত ব্যবহৃত আধুনিক কাৰিকৰী সাহায্য তিনিটা হ’ল– 

( ১ ) ছপা সামগ্রী :- ইয়াৰ অন্তর্ভুক্ত উপাদান সমূহ হ’ল– পুস্তিকা , কিতাপ , বিভিন্ন বিষয়ৰ টোকা, বিশেজ্ঞই প্ৰস্তুত কৰা শিক্ষণৰ হাতপুথি ইত্যাদি । 

( ২ ) দৃশ্য – শ্ৰব্য সঁজুলি :- শ্লাইড , ফিল্ম , শ্ৰব্য কেছেট , ভিডিঅ ’ টেপ আদি ইয়াৰ অন্তর্ভুক্ত উপাদান । 

( ৩ ) কম্পিউটাৰ :- দূৰ শিক্ষাত কম্পিউটাৰে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে । 

প্রশ্ন ৪. মুক্ত শিক্ষাৰ তিনিটা গুণ উল্লেখ কৰা । 

উত্তৰঃ মুক্ত শিক্ষাৰ তিনিটা গুণ হল— 

( i ) গণমাধ্যমক শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাত ই বহুলভাৱে লােকক সাক্ষৰ কৰি তােলাত সহায় হৈছে ।

( ii ) মুক্ত শিক্ষাত খৰচ কম । 

( iii ) এই শিক্ষা ব্যৱস্থাৰ পাঠ্যক্রম মূলতঃ চাকৰিৰ লগত জড়িত আৰু বৃত্তিমুখী । 

প্রশ্ন ৫. মুক্ত বিদ্যালয়ৰ শিকাৰু কোন হ’ব পাৰে ? অথবা , অগতানুগতিক শিক্ষাৰ দ্বাৰা উপকৃত হােৱা দুই শ্ৰেণীৰ ব্যক্তিৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ মুক্ত বিদ্যালয়ৰ শিক্ষার্থীসকল হ’ল –

( i ) অর্থনৈতিভাৱে দুর্বল শিক্ষার্থীসকল ।

( ii ) অবিৰতভাৱে শিক্ষা লাভৰ প্রতি আগ্রহী শিক্ষার্থীসকল ।

( iii ) মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অসফল ছাত্র – ছাত্রীসকল । 

( iv ) কৰ্মৰ ক্ষেত্ৰত সােমাই পৰা শিক্ষা আধৰুৱা ব্যক্তিসকল । 

প্রশ্ন ৬. মুক্ত বিদ্যালয়ৰ উদ্দেশ্যসমূহ কি কি ? 

উত্তৰঃ মুক্ত বিদ্যালয়ৰ উদ্দেশ্যসমূহ হ’ল –

( i ) স্কুলীয়া শিক্ষা আধৰুৱা কৰি এৰি অহা ব্যক্তিক শিক্ষাৰ সুযােগ দিয়া । 

( ii ) আর্থিকভাৱে দুর্বল আৰু সমাজৰ দুখীয়া শ্রেণীৰ ল’ৰা – ছােৱালীক শিক্ষাৰ সুবিধা প্রদান কৰা । 

( iii ) ব্যক্তিগত আৰু অবিৰত শিক্ষা লাভৰ ইচ্ছুক ছাত্র – ছাত্রীক শিক্ষাৰ সুবিধা প্রদান কৰা । 

প্রশ্ন ৭. মুক্ত শিক্ষাৰ তিনিটা গুণ লিখা ।

উত্তৰঃ মুক্ত শিক্ষাৰ তিনিটা গুণ হল— 

( i ) গণমাধ্যমক শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাত ই বহুলভাৱে লােকক সাক্ষৰ কৰি তােলাত সহায় হৈছে ।

( ii ) মুক্ত শিক্ষাত খৰচ কম । 

( iii ) এই শিক্ষা ব্যৱস্থাৰ পাঠ্যক্রম মূলতঃ চাকৰিৰ লগত জড়িত আৰু বৃত্তিমুখী । 

 প্রশ্ন ৮. অনানুষ্ঠানিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ পৰা পৃথক কৰা বৈশিষ্ট্যসমূহ উল্লেখ কৰা । 

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ পৰা পৃথক কৰা অনানুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্যবােৰ হ’ল— 

( i ) অনানুষ্ঠানিক শিক্ষাত নামভৰ্তি কৰা অর্থাৎ শিক্ষা প্রক্রিয়াত অন্তর্ভুক্ত হােৱাৰ বাবে আৰু শিক্ষা প্রক্রিয়াৰ পৰা প্রস্থান কৰাৰ বাবে কোনাে জটিলতাৰ সন্মুখীন হ’ব নালাগে । 

( ii ) শিক্ষার্থীৰ নিজস্ব প্রয়ােজন , সামার্থ্য আৰু ৰুচিবােধ অনুসৰি জ্ঞান , অভিজ্ঞতা আহৰণত  এই শিক্ষাই বিশেষভাৱে সহায় কৰে । 

( iii ) শিক্ষা এক জীৱনব্যাপি চলা প্রক্রিয়া’— এই ধাৰণাৰ ওপৰত ভিত্তি কৰি অনানুষ্ঠানিক শিক্ষাই গঢ় লৈ উঠিছে । 

প্রশ্ন ৯. যােগাযােগমূলক শিক্ষাৰ তিনিটা উদ্দেশ্য উল্লেখ কৰা । 

উত্তৰঃ যােগাযােগ শিক্ষাৰ তিনিটা উদ্দেশ্য হল

( i ) ডাকযােগে শিক্ষা ব্যৱস্থাত কম খৰচতে যাতে অধিক সাফল্য লাভ কৰে তাৰ সুবিধা দিয়া । 

( ii ) যি সকল ছাত্র – ছাত্রীয়ে বিভিন্ন কাৰণত শিক্ষানুষ্ঠানত ভর্তি হ’ব নােৱাৰে , তেওঁলােকক শিক্ষা গ্রহণত সুবিধা দিয়া ।

( iii ) কৰ্মৰত শিক্ষক , কর্মচাৰী আৰু অন্যান্যসকলে চাকৰিৰ যােগেদি জীৱন নির্বাহ কৰি থাকিও যাতে উচ্চ শিক্ষা ল’ব পাৰে তাৰ সুবিধা দিয়া । 

প্রশ্ন ১০. IGNOU ৰ বিষয়ে কি জানা ? 

উত্তৰঃ ১৯৮৫ চনৰ চেপ্তেম্বৰ মাহত সংসদৰ এক অধ্যাদেশ অনুসৰি দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় , চমুকৈ IGNOU আৰম্ভ কৰা হয় । ইয়াৰ শৈক্ষিক কার্যাবলী , আৰম্ভ হয় ১৯৮৭ চনৰ জানুৱাৰী মাহৰ পৰাহে । IGNOU ৰ বৈশিষ্ট্যসমূহ এনে ধৰণৰ –

( ক ) ইয়াত নামভৰ্তিৰ বাবে নিম্নতম শৈক্ষিক অৰ্হতাৰ মান দৃঢ় নিয়মেৰে বন্ধা নহয় , এই মানদণ্ড নমনীয় । 

( খ ) ছাত্র – ছাত্রীয়ে নিজৰ চাহিদা অনুসৰি বহু বিষয়ৰ পৰা পাঠ্যক্রম বাছি ল’ব পাৰে । 

( গ ) শিক্ষণ কাৰ্য্যত আধুনিক আৰু উপযুক্ত শৈক্ষিক যােগাযােগ পদ্ধতি প্রয়ােগ কৰিব পাৰে । 

৪ নম্বৰৰ প্রশ্ন 

প্রশ্ন ১.দূৰৱর্তী শিক্ষা কি ? বিভিন্ন প্রকাৰৰ দূৰৱর্তী শিক্ষা পদ্ধতিৰ বিষয়ে উল্লেখ কৰা । অথবা , দূৰশিক্ষা কি ? দুৰশিক্ষাৰ প্রকৃতি সম্পর্কে তােমাৰ পৰিচিতি দেখুওৱা ।

উত্তৰঃ দূৰ শিক্ষা ব্যৱস্থা হ’ল আধুনিক শিক্ষা জগতৰ এটি অভিনৱ সংযােজন । এই শিক্ষা ব্যৱস্থা পৰম্পৰাগতভাৱে চলি থকা ব্যৱস্থাতকৈ অধিকভাৱে বৈশিষ্ট্যপূর্ণ । দূৰ শিক্ষা ব্যবস্থাটো হ’ল ব্যক্তিসকলৰ দৃষ্টিভংগীক বিস্তৃত অৱস্থালৈ অগ্ৰসৰ কৰােৱা এবিধ শিক্ষা । এই শিক্ষা ব্যৱস্থাই প্রথমে শিক্ষার্থীসকলক সামৰি লয় , তাৰ পিছতহে শিক্ষানুষ্ঠানক গুৰুত্ব দিয়ে । ইয়াত শিক্ষার্থীসকলৰ প্রয়ােজনীয়তাসমূহকহে প্রথমে গুৰুত্ব দিয়া হয় আৰু শিক্ষার্থীসকলৰ মাজত থকা ব্যক্তিগত ভিন্নতাক চকু দিয়া হয় । দূৰ শিক্ষা ব্যৱস্থাই পৰােক্ষভাৱে শিক্ষা আহৰণত অৰিহণা যােগায় । 

বিভিন্ন প্রকাৰৰ দূৰ শিক্ষা ব্যৱস্থাসমূহ তলত আলােচনা কৰা হ’ল— 

এই শিক্ষা ব্যৱস্থাৰ যােগেদি । শ্রেণীকক্ষত প্রত্যক্ষভাৱে নথকাকৈ , ডাকযােগে প্ৰেৰণ কৰা শিক্ষা সামগ্ৰীৰ ওপৰ( ক ) যােগাযােগ শিক্ষা ( Correspondence Education ) :- ত ভিত্তি কৰি শিক্ষালাভ কৰিব পৰা যায় । এই শিক্ষা ব্যৱস্থাত বিশেষজ্ঞৰ দ্বাৰা প্ৰস্তুত কৰা পাঠবােৰৰ পৰা আৰম্ভ কৰি প্রশ্নোত্তৰ আদান – প্রদান , গৃহকার্য প্রদান , মুল্যায়ন প্রদান কৰা আদি সকলাে কার্য ডার্ক ব্যৱস্থাৰ জৰিয়তে সম্পন্ন কৰা হয় বাবে এই শিক্ষাক ডাক শিক্ষা ( postal education ) বুলিও কোৱা হয় । 

( খ ) মুক্ত শিক্ষা ( Open education ) :- মুক্ত শিক্ষা এনে এক শিক্ষা ব্যৱস্থা যত শিক্ষার্থীয়ে বিদ্যালয় বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ নিয়মীয়া শ্ৰেণীকোঠাত নবহাকৈ শিক্ষা গ্রহণ কৰিব পাৰে । এই শিক্ষা ব্যৱস্থাত আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ নীতি – নিয়মৰ কোনাে বান্ধোন নাথার্কে , এই শিক্ষা সকলাে পৰ্যয়ৰ সকলাে বয়সৰ আৰু সকলাে শ্ৰেণীৰ ব্যক্তিৰ বাবে মুক্ত । মুক্ত শিক্ষাত শিক্ষার্থীৰ হাতত সম্পূর্ণৰূপে স্বাধীনতা প্রদান কৰা হয় ।

( গ ) মুক্ত বিদ্যালয় ( Open school ) :- মুক্ত বিদ্যালয়ৰ শিক্ষাদান ক্ৰিয়াটো মুক্তভাৱে সম্পন্ন কৰা হয় । শিক্ষাদান প্রক্রিয়াৰ কোনাে আনুষ্ঠানিক ধ্যান – ধাৰণা নাই । ৰেডিঅ ’ , দূৰদৰ্শন , ভিডিঅ ‘ কেছেট , টেপ ৰেকৰ্ডাৰ আদিৰ লগতে শ্ৰৱণ – দর্শন আহিলাৰ মাধ্যমেৰে শিক্ষাদান কার্যক বাস্তৱমুখী কৰি তােলা হয় । এনেবােৰ কাৰ্যসূচীৰ লগতে ব্যক্তিগত সান্নিধ্যৰ ব্যৱস্থাও আছে । 

( ঘ ) মুক্ত বিশ্ববিদ্যালয় ( Open University ) :- মুক্ত বিশ্ববিদ্যালয় ব্যৱস্থাটো শিক্ষা সম্প্ৰসাৰণ ব্যৱস্থাৰ এটি উল্লেখযােগ্য ব্যৱস্থা । মুক্ত বিশ্ববিদ্যালয়ে বিদ্যালয় এৰা , কৰ্মৰত যুৱক , ঘৰৰ গৃহিণী আৰু চাকৰিয়ালসকলকো শিক্ষা আহৰণৰ সুবিধা দিয়ে । ইয়াৰ উপৰি একেবাৰে পিছপৰা গ্রামাঞ্চলৰ দুৱাৰমুখলৈকো মুক্ত বিশ্ববিদ্যালয়ে শিক্ষা সম্প্রসাৰণ কৰাৰ ব্যৱস্থা হাতত লৈছে । শিক্ষার্থীসকলৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত এই বিশ্ববিদ্যালয়ে মুক্ততাৰ ধাৰণা প্রৱর্তন কৰে আৰু বয়সৰ ক্ষেত্ৰত এই শিক্ষা ব্যৱস্থাত কোনাে ধৰাবন্ধা নিয়ম নাই । 

প্রশ্ন ২. মুক্ত বিদ্যালয় কি ? মুক্ত বিদ্যালয়ৰ প্ৰয়ােজনীয়তাৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ মুক্ত বিদ্যালয় :- মুক্ত শিক্ষা বা মুক্ত বিদ্যালয়ৰ শিক্ষাদান ক্রিয়াটো মুক্তভাৱে সম্পন্ন কৰা হয় । শিক্ষাদান প্রক্রিয়াৰ কোনাে আনুষ্ঠানিক ধ্যান – ধাৰণা নাই । ৰেডিঅ ’ , দূৰদৰ্শন , ভিডিঅ ’ কেছেট , টেপ ৰেকৰ্ডাৰ আদিৰ লগতে শ্ৰৱণ – দর্শন আহিলাৰ মাধ্যমৰে শিক্ষাদান কার্যক বাস্তৱমুখী কৰি তােলা হয় । এনেবােৰ কাৰ্যসূচীৰ লগতে ব্যক্তিগত সান্নিধ্যৰ ব্যৱস্থাও আছে । মুক্ত বিদ্যালয়ৰ প্রয়ােজনীয়তাখিনি তলত উল্লেখ কৰা হ’ল – 

( i ) দেশৰ পৰা নিৰক্ষৰতা দূৰীকৰণত সহায় কৰা । 

( ii ) উচ্চ শিক্ষাৰ প্ৰতি থকা হাবিয়াস পূৰণত শিক্ষার্থীক সহায় কৰা । 

( iii ) সকলােৰে বাবে শৈক্ষিক সুযােগৰ সমবিতৰণ কৰা । 

( iv ) শিক্ষাক ভিন্নমুখী আৰু বৃত্তিমুখীকৰণ কৰা । 

( v ) বিভিন্ন বৃত্তিত নিযুক্ত জনসাধাৰণক কর্মবৃত্তি বজাই ৰাখিও শিক্ষা গ্রহণ কার্য সম্ভৱ কৰি তােলাত সহায় কৰা । 

প্রশ্ন ৩. মুক্ত বিশ্ববিদ্যালয়ৰ চাৰিটা উদ্দেশ্য লিখা । 

উত্তৰঃ মুক্ত বিশ্ববিদ্যালয়ৰ চাৰিটা উদ্দেশ্য হল— 

( i ) উচ্চ শিক্ষা প্রত্যাশীসকলক বৃহৎ সুবিধা দি উচ্চ শিক্ষাৰ ক্ষেত্ৰত সমতা প্রদান কৰা । 

( ii ) যি সকল প্রাপ্তবয়স্কই উচ্চ শিক্ষা লােৱাৰ আকাঙ্খা পূৰণ কৰিব পৰা নাছিল তেওঁলােকৰ বাবেও উচ্চ শিক্ষাৰ সুবিধা প্রদান কৰা ।

( iii ) যিসকল চাকৰিয়াল লােকে নিজৰ নিজৰ জ্ঞান নবীকৰণ কৰিব খােজে তেওঁলােকৰ বাবেও উচ্চ শিক্ষা লােৱাৰ সুবিধা প্রদান কৰা ।

(iv ) মুক্ত বিশ্ববিদ্যালয়ৰ নাম ভৰ্তিকৰণৰ ব্যৱস্থা মুক্ত ধাৰণাৰ মাধ্যমেৰে সম্পন্ন কৰা । 

প্রশ্ন ৪. যােগাযােগমূলক শিক্ষা সন্দৰ্ভত কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামর্শৱলী কি কি ?

উত্তৰঃ যােগাযােগমূলক শিক্ষা সন্দৰ্ভত কোঠাৰী আয়োগৰ পৰামর্শসমূহ হ’ল— 

( i ) অংশকালীন শিক্ষা দিয়া অনুষ্ঠানৰ যােগেদিও শিক্ষা ল’বলৈ অসমর্থ হাজাৰ হাজাৰ লােকৰ বাবে ব্যাপকভাৱে ডাকযােগে শিক্ষা ব্যবস্থ হাতত ল’ব লাগে ।

প্রশ্ন ৪. যােগাযােগমূলক শিক্ষা সন্দৰ্ভত কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামৰ্শৱলী কি কি ? 

উত্তৰঃ যােগাযােগমূলক শিক্ষা সন্দৰ্ভত কোঠাৰী আয়েংগৰ পৰামর্শসমূহ হ’ল— 

( i ) অংশকালীন শিক্ষা দিয়া অনুষ্ঠানৰ যােগেদিও শিক্ষা ল’বলৈ অসমর্থ হাজাৰ হাজাৰ লােকৰ বাবে ব্যাপকভাৱে ডাকযােগে শিক্ষাৰ ব্যৱস্থা হাতত ল’ব লাগে ।

( ii ) ডাকযােগে শিক্ষা লােৱা ছাত্র – ছাত্রীক মাজে মাজে তেওঁলােকৰ শিক্ষকক লগ পােৱাৰ সুযােগ দিব লাগে । 

( iii ) ডাকযােগে শিক্ষা লােৱাত সুবিধা হােৱাকৈ ৰেডিঅ’আৰু দূৰদৰ্শনৰ কাৰ্যসূচী যুগুত হােৱা উচিত । 

( iv ) কৃষি উদ্যোগ আদিৰ লগত জড়িত কৰ্মীৰ বাবে বিশেষ বিশেষ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে যাতে কর্মীসকলৰ উৎপাদন বৃদ্ধি কৰাত সহায়ক হয় । 

( v ) সাংস্কৃতিক আৰু নান্দনিক বিকাশৰ বাবে অধ্যয়ন কৰিব লগা বিষয়বােৰৰ অধ্যয়ন কৰিবলৈ ইচ্ছুক ব্যক্তিসকলৰ বাবেও ডাকযােগে শিক্ষা ব্যৱস্থা হ’ব লাগে । 

প্রশ্ন ৫. অনানুষ্ঠানিক শিক্ষাই জীৱন জোৰা শিক্ষাৰ ব্যৱস্থা কৰে’— এই উক্তিৰ সমর্থনত নিজৰ মতামত আগবঢ়োৱা । 

উত্তৰঃ ‘অনানুষ্ঠানিক শিক্ষাই জীৱন জোৰ শিক্ষাৰ ব্যৱস্থা কৰে’ – এই উক্তি সমর্থনত তলত দিয়া মতামতসমূহ আগবঢ়োৱা হ’ল— 

( i ) অগতানুগতিক বা অনানুষ্ঠানিক শিক্ষাৰ প্রধান উদ্দেশ্য হৈছে জীৱনৰ নানা অসুবিধাৰ বাবে আনুষ্ঠানিক শিক্ষা প্রক্রিয়া আকাঙ্খা অনুসৰি সম্পূৰ্ণ কৰিবলৈ অসমর্থ হােৱা বা বঞ্চিত হােৱা লােকসকলক শিক্ষাৰ সুবিধা প্রদান কৰা । 

( ii ) এনে শিক্ষাৰ পৰিসৰ অতি বিস্তাৰিত প্রকৃতিৰ । সমগ্র জীবনজুৰি এনে শিক্ষা প্রসাৰিত হৈ আছে । জীৱনৰ যিকোনাে মুহূর্ততে এই শিক্ষা লােৱাৰ সুবিধা প্রদান কৰা হৈছে । 

( ii ) এনে প্রক্রিয়াত নামভৰ্তিকৰণ পাঠ্যক্রম শিক্ষা প্রদান আৰু গ্ৰহণৰ স্থান , শিক্ষা প্রদান ৰীতি অথবা প্রণালী শিক্ষাৰ সময় আৰু স্থিতিকাল আদিৰ ক্ষেত্ৰত নমনীয় নীতি গ্রহণ কৰা হয় । 

( iv ) এনে প্ৰক্ৰিয়াৰে প্ৰদান কৰা অথবা আহৰণ কৰা শিক্ষাত জীৱন আৰু কৰ্ম অখণ্ডভাৱে জড়িত হৈ পৰে । ই এক গণতান্ত্রিক শিক্ষা । 

প্রশ্ন ৬. ‘অনানুষ্ঠানিক শিক্ষা হ’ল গণতান্ত্রিক নীতি ভিত্তিক’– চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ অনানুষ্ঠানিক শিক্ষা হ’ল গণতান্ত্রিক নীতি ভিত্তিক । কথাষাৰ সম্পূৰ্ণৰূপে গ্রহণযােগ্য । এই উক্তিৰ সমৰ্থনত তলত দিয়া মতামতসমূহ আগবঢ়াব পাৰাে । 

( i ) সকলােৰে বাবে শিক্ষা’আৰু সকলােৰে বাবে কাম’ৰ ধাৰণা বাস্তৱায়িত কৰি তােলাৰ বাবে অনানুষ্ঠানিক শিক্ষাই চেষ্টা চলায় ।  

( ii ) এনে শিক্ষাৰ বিভিন্ন মাধ্যমসমূহৰ দ্বাৰা ভাৰতবৰ্ষৰ দৰে বিশাল দেশখনত যত ২০১১ চনৰ লােকপিয়ল হিচাপে প্রায় ৭৪.০৪ শতাংশ লােকহে শিক্ষিত । শিক্ষাৰ সুবিধা সার্বজনীন কৰি তােলা সম্ভৱ । 

( iii ) বৃত্তিমুখী শিক্ষা ব্যৱস্থাৰে ব্যক্তিক প্রয়ােজন অনুসৰি স্থানীয় বা বাহিৰৰ সম্পদৰাজি আহৰণ আৰু ব্যৱহাৰ কৰি আত্মনিৰ্ভৰশীল হােৱা আৰু জ্ঞান বৃদ্ধি কৰাত অনানুষ্ঠানিক শিক্ষাই গুৰুত্ব আৰােপ কৰে । 

( iv ) এই শিক্ষা সম্পূর্ণৰূপে মুক্ত শিক্ষা । কর্মৰত , বিবাহিত , চাকৰিয়াল শিক্ষক সমাজৰ পিছপৰা লােকসকল এই শিক্ষাৰ জৰিয়তে শিক্ষা বা প্রশিক্ষণ ল’বলৈ সুবিধা পাইছে ।

( v ) গাঁও বা বিদ্যালয়ত নথকা অঞ্চলৰ এক বৃহৎসংখ্যক ল’ৰা – ছােৱালীক সামৰি এই শিক্ষা ব্যৱস্থাই গুৰুত্ব আৰােপ কৰে । 

Sl. No.Contents
Chapter 1অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা
Chapter 2অনানুষ্ঠানিক শিক্ষা
Chapter 3 শিক্ষাৰ চলিত ধাৰাসমূহ
Chapter 4শিক্ষন
Chapter 5( ক ) স্মৃতি আৰু বিস্মৃতি
Chapter 5( খ ) মনােযােগ আৰু আগ্রহ
Chapter 6মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি

প্রশ্ন ৭. আজিৰ সমাজত মুক্ত শিক্ষাৰ প্রয়ােজন কিয় ? ব্যাখ্যা কৰা । 

উত্তৰঃ ভাৰতবৰ্ষত প্রতিজন ব্যক্তিকে শিক্ষাৰ সুবিধা প্রদান কৰাৰ বাবে ১৯৮৬ চনত নতুন বাষ্ট্ৰীয় শিক্ষানীতিৰ যােগেদি কিছু নতুন পদক্ষেপৰ পৰিকল্পনা আগবঢ়োৱা হৈছে । শিক্ষা প্রক্রিয়াৰ সহায়ত দেশৰ ঐক্য – সংহতি সুদৃঢ় কৰি শিক্ষাৰ সমগ্র পর্যায়তে সকলাে প্ৰকাৰৰ অসমতা আৰু বৈষম্য আঁতৰ কৰাৰ বাবে এটা শক্তিশালী জাতীয় শিক্ষানীতি বিকশিত কৰি তােলাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে । 

এনে দৃষ্টিভংগী অনুসৰণ কৰি সকলােৰে বাবে শিক্ষা নীতি গ্রহণ কৰিয়ে অনানুষ্ঠানিক শিক্ষাই এক মুক্ত শিক্ষা ব্যবস্থা গ্রহণ কৰিছে । পৰম্পৰাগত প্ৰচলতি হৈ থকা বিধিসম্মত আনুষ্ঠানিক শিক্ষা প্রক্রিয়াৰ নানা ধৰণৰ দোষ ত্রুটী আৰু সমস্যাৰ বাবে সাধাৰণ তথা উচ্চ শিক্ষা আহৰণত ব্যর্থ হােৱা লােকসকলক উচ্চ শিক্ষা আহৰণৰ সুবিধা প্রদান কৰি দেশৰ স্কুলীয়া আৰু উচ্চ শিক্ষাক জনমুখী কৰি তােলাৰ বাবে বর্তমান মুকলি শিক্ষা অতি জনপ্রিয় হৈ উঠিছে । এই সন্দৰ্ভত তলত দিয়া দিশসমূহ উল্লেখ কৰিব পাৰে । 

( i ) মুক্ত শিক্ষাত খৰচ কম । 

( ii ) এই শিক্ষাৰ পাঠ্যক্রম মূলতঃ চাকৰিৰ লগত জড়িত আৰু বৃত্তিমুখী । 

( iii ) এই শিক্ষা ব্যৱস্থাৰ পৰা ভিতৰুৱা অঞ্চল , পাহাৰীয়া অঞ্চল , গ্রাম্যাঞ্চলত থকা লােকেও সুবিধা পায় । 

( iv ) দেশৰ পৰা নিৰক্ষৰতা দূৰীকৰণত এই শিক্ষা অতি প্রয়ােজনীয় । 

প্রশ্ন ৮. অনানুষ্ঠানিক শিক্ষাৰ সীমাবদ্ধতাবােৰ উল্লেখ কৰা । 

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ সীমাবদ্ধতাবােৰ হ’ল– 

( i ) আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ অতি সীমিত , ই জীৱনজোৰা প্রক্রিয়া নহয় । 

( ii ) ই এক সাধাৰণধর্মী শিক্ষা চাহিদা ভিত্তিক নহয় । 

( iii ) আনুষ্ঠানিক শিক্ষাৰ নীতি নিয়মবােৰ অনমনীয় গতিকে সাধাৰণ আৰু সমাজৰ বঞ্চিত লােকৰ বাবে ই উপযােগী নহয় । 

( iv ) এই শিক্ষা লােৱাৰ বাবে খৰচ অতি বেছি হয় গতিকে দুখীয়া শ্রেণীৰ লােক এই শিক্ষাৰ পৰা বঞ্চিত হয় । 

( v ) এই শিক্ষা গণতান্ত্রিক নহয় ।

See Next Page…

7 thoughts on “Class 12 Education Chapter – 2 অনানুষ্ঠানিক শিক্ষা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top