Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা

Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা and select needs one.

Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা Solutions for All Subject, You can practice these here…

 

৫/৬ নম্বৰৰ প্রশ্ন 

প্রশ্ন ১. মুদালিয়াৰ আয়ােগে আঙুলিয়াই দিয়া মাধ্যমিক শিক্ষাৰ ত্রুটীসমূহ আলােচনা কৰা । 

উত্তৰঃ মুদালিয়াৰ আয়ােগে আঙুলিয়াই দিয়া মাধ্যমিক শিক্ষাৰ ত্রুটীসমূহ হ’ল–

( ক ) আয়ােগে প্রচলিত শিক্ষা বাৱস্থাক যান্ত্রিক , পুথিগত আৰু একঘেয় বুলি অভিহিত কৰি এনে শিক্ষাই শিক্ষার্থীৰ লক্ষ্য পূৰণত বাধাৰ সৃষ্টি কৰে বুলি কয় । 

( খ ) আয়ােগে আঙুলিয়াই দিছিল যে এই শিক্ষা ব্যৱস্থা সম্পূর্ণ পৰীক্ষাকেন্দ্রিক , পাঠ্যক্ৰমৰ অতিৰিক্ত বােজা , শিকন পদ্ধতি বিজ্ঞানসন্মত নহয় আৰু শিক্ষার্থীক লক্ষ্যত উপনীত কৰােৱাত ব্যর্থ হৈছে ।

( গ ) শ্ৰেণীত ছাত্র – ছাত্রীৰ সংখ্যা অত্যাধিক হােৱা বাবে শিক্ষক – ছাত্ৰৰ ব্যৱধান বেছি হয় , ফলত শিকন ফলপ্রসূ নহয় । 

( ঘ ) শিক্ষক নির্বাচন প্রক্রিয়া আসোঁৱাহপূর্ণ হােৱাত শিকনৰ বাবে উপযুক্ত বা আগ্রহী শিক্ষক নিযুক্তিত বাধা জন্মে । 

( ঙ ) বিদ্যালয়ত সহপাঠ্যক্রমিক কার্যসূচী ৰূপায়ণৰ সুবিধা নথকা , খেল পথাৰৰ অভাৱ আদিয়ে শিক্ষার্থীৰ সৰ্বাংগীন বিকাশত বাধাৰ সৃষ্টি কৰে । 

প্রশ্ন ২. মাধ্যমিক শিক্ষা আয়ােগৰ পৰামর্শ অনুসৰি শিক্ষাৰ লক্ষ্যসমূহ ব্যাখ্যা কৰা ৷

উত্তৰঃ মাধ্যমিক শিক্ষা আয়ােগে ( ১৯৫২-৫৩ ) নিৰূপণ কৰি দিয়া শিক্ষাৰ লক্ষ্যবােৰ হৈছে –

( ক ) গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ ও মাধ্যমিক শিক্ষা সৰহভাগ নাগৰিকৰে শেষ শিক্ষা হ’ব , সেয়েহে ছাত্র – ছাত্রীসকলে গণতান্ত্রিক ভাৰতবৰ্ষৰ প্ৰয়ােজনীয়তা পূৰণ কৰিব পৰাকৈ শিক্ষা লাভ কৰিব । প্রতিজন নাগৰিকৰ গণতন্ত্রৰ বাবে নিম্নলিখিত গুণসমূহৰ প্রয়ােজন হয় । 

( ১ ) সুস্থ চিন্তাধাৰা :- এখন গণতান্ত্রিক দেশত প্রত্যেক নাগৰিকৰে সুস্থ চিন্তাধাৰাৰ অতি প্রয়ােজন । মাধ্যমিক শিক্ষাই এনে শিক্ষা প্রদান কৰিব লাগে যাতে প্রতিজন নাগৰিকে সু – চিন্তা কৰি নিজৰ ভাব স্পষ্টভাৱে প্ৰকাশ কৰিব পাৰে আৰু কু – সংস্কাৰ , অজ্ঞানতা , অন্ধবিশ্বাস আদি  জয় কৰি বৈজ্ঞানিক দৃষ্টিভংগীৰে বিবেচনা কৰিব পাৰে ৷ 

( ২ ) সুস্থ সামাজিক সমাযােজন :- প্রতিজন নাগৰিকে নিজৰ কৰ্তব্য , ওচৰ – চুবুৰীয়াৰ সৈতে সদভাৱ , মিলা – প্রীতি , বন্ধুত্ব , সহানুভূতি , সামাজিক চেতনা , সংযম আদি গুণ সমূহৰ বিকাশ সাধন কৰি মাধ্যমিক শিক্ষাৰ জৰিয়তে সমাজৰ লগত সুস্থ সমাযােজনৰ শিক্ষা লাভ কৰিব । 

( ৩ ) সামাজিক ন্যায় :- মাধ্যমিক শিক্ষাই কোনাে ধৰণৰ ব্যক্তি বৈষম্যতাক গুৰুত্ব নিদি সামাজিক ন্যায় প্রতি সু – মনােভাব ছাত্র – ছাত্রীৰ মনত গঢ় দি তােলাত গুৰুত্ব দিব লাগিব । 

( ৪ ) বাকপটুতা আৰু লিখনিৰ স্পষ্টতা :- মাধ্যমিক শিক্ষাই ছাত্র – ছাত্রীৰ সৃষ্টিকামী মনােভাব , নতুন চিন্তা – চৰ্চা , নতুন আদর্শ আৰু বৌদ্ধিক সংহতি গ্রহণ কৰা যােগ্যতা আদি গুণৰ বিকাশ কৰাৰ উপৰি তেওঁলােকৰ প্ৰকাশভংগী , কথন কৌশল , লিখন ভংগী আদি দিশত উপযুক্ত প্রশিক্ষণ দিব লাগিব । 

( ৫ ) সহনশীলতা :- মাধ্যমিক শিক্ষা ব্যৱস্থাই ছাত্র – ছাত্রীৰ কষ্ট সহিষ্ণুতা , কর্তব্য পৰায়ণতা , নিয়মানুবর্তিতা আদি গুণৰ বিকাশ ঘটাব লাগিব ।

( ৬ ) প্রকৃত দেশপ্রেম :- মাধ্যমিক শিক্ষাৰ জৰিয়তে ছাত্র – ছাত্রীৰ মনত দেশ মাতৃৰ প্ৰতি প্রেম ভালপােৱা জাগ্রত কৰি হিত সাধন কৰিবলৈ গুৰুত্ব দিব লাগে । 

( খ ) বৃত্তীয় যােগ্যতাৰ শ্ৰীবৃদ্ধিকৰণ :-  মাধ্যমিক শিক্ষাই ছাত্র – ছাত্রীৰ কায়িক শ্ৰমৰ প্রতি শ্রদ্ধাভাব জগাই তােলা ; স্ব – ক্রিয়াৰ প্রতি সচেতন কৰি তােলা , কর্ম তৎপৰতা বৃদ্ধি কৰা , শিল্প , উদ্যোগৰ বাবে প্রয়ােজনীয় কৌশল আয়ত্তকৰণ ব্যৱস্থা সুচল কৰা ইত্যাদি দিশসমূহৰ প্রতি গুৰুত্ব প্রদানূ কৰিব লাগিব । ছাত্র – ছাত্রীসকলে জীবিকা উপার্জনৰ বাট বিচাৰি পাবলৈ , কাৰিকৰী বা ব্যৱহাৰিক শিক্ষা লাভৰ সুবিধাৰ বাবে যিকোনাে এটা বৃত্তি সকলাে ছাত্র – ছাত্রীয়ে বাধ্যতামূলকভাৱে মাধ্যমিক শিক্ষাত সন্নিৱিষ্ট কৰিব লাগিব । 

( গ ) ব্যক্তিত্বৰ বিকাশ :- মাধ্যমিক শিক্ষাই ছাত্র – ছাত্রীৰ শাৰীৰিক , মানসিক আনুভূতিক , সামাজিক আৰু ব্যৱহাৰিক জ্ঞানৰ সর্বাংগীন বিকাশৰ চাহিদা পূৰণ কৰিব লাগিব । 

( ঘ ) নেতৃত্বৰ শিক্ষা :- মাধ্যমিক শিক্ষাই মাধ্যমিক পর্যায়ত সাহিত্য , কলা , ৰাজনীতি , উদ্যোগ , বাণিজ্য আদিত নেতৃত্বৰ যােগান ধৰিব লাগে।গণতন্ত্র সুস্থ বিকাশৰ বাবে নেতৃত্বৰ অতি প্রয়ােজন । নেতৃত্বৰ বিকাশৰ ক্ষেত্ৰত মাধ্যমিক স্কুলে স্কুলৰ ভিতৰতে সকলাে সা – সুবিধা কৰি ল’ব লাগিব । 

প্রশ্ন ৩. কোঠাৰী আয়ােগে উল্লেখ কৰা শিক্ষাৰ লক্ষ্যসমূহ ব্যাখ্যা কৰা । নাইবা , মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পর্কে কোঠাৰী আয়ােগৰ পৰামর্শসমূহ আলােচনা কৰা । 

উত্তৰঃ ভাৰতবৰ্ষৰ জাতীয় বিকাশৰ বাবে শিক্ষাৰ লক্ষ্য আদর্শ নিম্নলিখিত ভাৱে কোঠাৰী আয়ােগে দাঙি ধৰিছে । 

১। বর্তমান দেশৰ সামাজিক আৰু অর্থনৈতিক দিশত জাতীয় বিকাশৰ বাবে বিজ্ঞান আৰু কাৰিকৰী দিশৰ ওপৰত সর্বাধিক গুৰুত্ব আৰােপ কৰিছে । এই দিশত কৰা আয়ােগৰ বিশ্লেষণে ভাৰতীয় শিক্ষাৰ লক্ষ্যত থকা গতানুগতিকতাৰ জড়তা ভংগ কৰি গতিশীলতাৰ প্রবণতা আনি দিছে । 

২। বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ অগ্রগতি পাশ্চাত্যমুখী কৰি তােলাৰ পৰিৱর্তে ভাৰতীয় আধ্যাত্মিক আৰু নৈতিক দিশত বিকাশমুখী কৰি তুলিবলৈ চেষ্টা কৰা হৈছে । 

৩। আয়ােগে আমাৰ শিক্ষাত উৎপাদনমুখিতাৰ ধাৰণা প্রদান কৰি অর্থনৈতিক , সামাজিক আৰু ৰাজনৈতিক স্থিৰতা আৰু প্ৰগতিৰ এক নিশ্চিত পথ ৰচনা কৰিছে । বর্তমান উন্নত দেশৰবাৰে গ্ৰহণ কৰা শিক্ষাৰ প্রয়ােগবাদ দৰ্শনৰ কর্মমুখিতা আৰু কৰ্ম অভিজ্ঞতা আমাৰ শিক্ষাত জনপ্রিয়  কৰি তােলা হৈছে । 

৪। ভাৰতীয় সংবিধানৰ সমতা , ভ্রাতৃত্ব আৰু সামাজিক ন্যায়ৰ গণতান্ত্রিক আদর্শ শিক্ষাৰ লক্ষ্য আদর্শত আৰু ইয়াৰ কাৰ্যব্যৱস্থাতে প্রতিষ্ঠা কৰি তােলাৰ প্ৰয়াস কৰা হৈছে । 

৫। বর্তমান বিকাশশীল সমাজত দ্রুত আধুনিকীকৰণৰ প্রয়ােজনীয়তাৰ প্ৰতি আয়ােগে আমাৰ দৃষ্টি আকর্ষণ কৰিছে ।  

৬। দেশৰ জাতীয় ঐক্য সাধনাৰ বাবে ভাৰতীয় শিক্ষাত ধর্ম নিৰপেক্ষতা নীতি গ্রহণ প্রয়ােজনীয়তা আৰু যুক্তিযুক্ততা আয়ােগে প্রতিপন্ন কৰে ।

প্রশ্ন ৪. শিক্ষা আয়ােগ ১৯৬৪ ৰ দ্বাৰা অনুমােদিত শিক্ষাৰ গাঁথনিৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ ১৯৬৪-৬৬ চনত শিক্ষা আয়ােগে পৰামর্শ প্রদান কৰা শিক্ষা আঁচনি তলত দিয়া ধৰণৰ— 

( ক ) প্রাক প্রাথমিক পর্যায় ১ বছৰৰ পৰা ৩ বছৰলৈ । 

( খ ) প্রাথমিক পর্যায় ৭-৮ বছৰলৈ ৷ ইয়াক দুটা উপ – পর্যায় স্বৰূপে ভাগ কৰি নিম্ন ) প্রাথমিক ৪-৫ বছৰৰ আৰু উচ্চ প্রাথমিক ৩ বছৰৰ কৰিব লাগে । 

( গ ) নিম্ন মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা ৩ বা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে । 

( ঘ ) উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে । 

( ঙ ) উচ্চ শিক্ষা প্রথম ডিগ্ৰীৰ অধ্যয়ন সূচী ৩ বছৰ বা অধিক হ’ব লাগে । এই আঁচনিকে ১০ + ২ + ৩ শিক্ষা আঁচনি বুলি কোৱা হয় । 

প্রশ্ন ৫. মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ সম্পৰ্কত শিক্ষা আয়ােগ ১৯৬৪ এ দিয়া পৰামর্শসমূহৰ বিষয়ে লিখা । 

উত্তৰঃ ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়ােগে বৃত্তিমুখী কৰণত যথেষ্ট গুৰুত্ব আৰােপ কৰিছিল । আয়ােগে ভাৰতত বৃত্তিমূলক শিক্ষাৰ অনগ্ৰসৰতা আক্ষেপেৰে লক্ষ্য কৰে । বৃত্তিমুখী শিক্ষা প্রয়ােগৰ অৰ্থ হ’ল আত্মনিয়ােগৰ ব্যৱস্থা কৰাৰ লগতে চাহিদা আৰু দক্ষ মানৱ শক্তিৰ মাজত থকা অপসমযােজন নােহােৱা কৰা । ইয়াৰ উপৰি যিবিলাকে কোনাে ধৰণৰ আগ্রহ আৰু উদ্দেশ্য নােহােৱাকৈ উচ্চ শিক্ষা লাভ কৰিবলৈ বিচাৰে তেওঁলোেক অন্য উপায় দিয়াৰ ব্যৱস্থা কৰা । বৃত্তিমুখী শিক্ষা এটা নির্দিষ্ট শাখা হিচাপে পৰিগণিত হ’ব আৰু শিক্ষার্থীসকলক নির্দিষ্ট পেচাৰ বা প্রস্তুত কৰি তােলা হ’ব । পলিটেকনিক আৰু টেকনিকেল হাইস্কুলৰ পৰা পাছ কৰা ছাত্র – ছাত্রীয়ে স্থানীয় জনগােষ্ঠীৰ চাহিদা পূৰণ কৰিব পৰাকৈ সৰু সৰু কাৰখানা , উদ্যোগ প্রতিষ্ঠান , সেবা – সংস্থা আদি গঢ়ি তুলিব পাৰে । স্বাস্থ্য পৰিকল্পনা আৰু স্বাস্থ্যসেৱা ব্যৱস্থাপনা কৰি স্বাস্থ্য জড়িত বৃত্তি বিষয় শিক্ষাত সন্নিৱিষ্ট কৰি বৃত্তিৰ উপযোগী কৰি তােলা হ’ব । এই শিক্ষা + ২ স্তৰৰ উচ্চতৰ মাধ্যমিক শিক্ষাত প্ৰয়ােগ কৰা হ’ব । বৃত্তিমুখী শিক্ষাৰ অনুষ্ঠানসমূহ স্থাপন কাৰাৰ দায়িত্ব চৰকাৰৰ ওপৰত থাকিব । সেইদৰে ৰাজহুৱা আৰু ব্যক্তি মালিকানা নিয়ােগকাৰী সকলৰ ওপৰতাে দায়িত্ব থাকিব । 

প্রশ্ন ৬. ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ পাঁচটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্যৰ বিষয়ে লিখা । 

উত্তৰ : ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ চনৰ ৫ টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল – 

( ১ ) বিদ্যালয়ৰ খেল পথাৰৰ বাবে ওচৰ – পাজৰত থকা খালী ঠাই অধিগ্রহণ কৰিব লাগিব , এইবিলাক ওচৰা – উচৰিকৈ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰীয়ে ব্যৱহাৰ কৰিব পাৰিব । 

২। অতিৰিক্ত শ্রেণীকোঠা আৰু পৰীক্ষাগাৰ সাজিবৰ বাবে নির্মাণকার্যৰ আঁচনি হাতত লােৱা হ’ব । বিদ্যালয় স্তৰীয় শিক্ষাৰ দায়িত্ব মূলতঃ ৰাজ্যিক চৰকাৰ আৰু কর্তৃপক্ষৰ ওপৰত । তথাপি সম্ভৱ হ’লে কেন্দ্রীয় চৰকাৰে এনেধৰণৰ নিৰ্মাণ কাৰ্যৰ বাবে সাহায্য আগবঢ়াব ।

৩। অধিক অৰ্হতাসম্পন্ন ব্যক্তিক শিক্ষক বৃত্তিলৈ আকর্ষণ কৰি শিক্ষকৰ দক্ষতা বৃদ্ধি কৰা হ’ব । শিক্ষকক প্রাক নিযুক্তি আৰু নিযুক্তিকালীন প্রশিক্ষণ নিয়াৰিকৈ দিবৰ বাবে শিক্ষক প্রশিক্ষণ অনুষ্ঠানবিলাক টনকিয়াল কৰি তােলা হ’ব । এই প্রক্রিয়া এতিয়াই আৰম্ভ কৰা হ’ব । 

৪। কোঠাৰী আয়ােগে পৰামৰ্শ আগবঢ়াইছিল যে উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনুপাত ১৪৩ হােৱা উচিত । এই পৰামর্শ কার্যত পৰিণত কৰা হ’ব । বর্তমান অৱস্থিত বহুতাে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলা , বিজ্ঞান আৰু বাণিজ্যৰ ভিতৰত মাত্র এটা বা দুটা ধাৰাহে আছে আৰু বেছিভাগতে বৃত্তিমূলক ধাৰা নাই । 

৫। শিক্ষানীতিত কোৱাৰ দৰে শৈক্ষিক সুদৃঢ়কৰণৰ বাবে মূল পাঠ্যক্রমে এক মুখ্য ভূমিকা ল’ব । ইয়াৰ বাবে পাঠ্যপুথিৰ উন্নীতকৰণ , শিক্ষক – প্রশিক্ষণ , পৰীক্ষা / মূল্যায়ন আদিৰ উন্নতিৰ জৰিয়তে পাঠ্যক্ৰমৰ উন্নতি আনিবলৈ চেষ্টা কৰা হ’ব । 

প্রশ্ন ৭. অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ ধাৰা সম্পর্কে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ ১৯৪৮ চনত গুৱাহাটী চহৰত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হয় । এই বিশ্ববিদ্যালয়ৰ প্রথম উপাচার্য আছিল পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ । ১৯৪৮ চনৰ পৰা অসমৰ মাধ্যমিক শিক্ষাৰ ভাৰ গুৱাহাটী বিশ্ববিদ্যালয়ে গ্রহণ কৰে । সেই বছৰৰ পৰা অসমৰ সকলােবিলাক মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক প্রশাসন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনলৈ আহে আৰু সেইবছৰৰ পৰাই গুৱাহাটী বিশ্ববিদ্যালয়ে প্রৱেশিক্ষা পৰীক্ষা পাতিবলৈ আৰম্ভ কৰে । ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়ােগৰ অনুমােদনক্রমে অসমতাে ১৯৬২ চনত এখন মাধ্যমিক শিক্ষা বাের্ড স্থাপন হয় । তেতিয়াৰ পৰা মাধ্যমিক শিক্ষাৰ শৈক্ষিক প্রশাসনৰ ভাৰ বিশ্ববিদ্যালয়ৰ পৰিৱর্তে এই বােৰ্ডৰ তললৈ আহে । এই বােৰ্ডৰ কার্যালয় তেতিয়াৰে পৰা এতিয়ালৈকে গুৱাহাটী চহৰত অৱস্থিত । মুডালিয়াৰ ( ১৯৫২-৫৩ ) আয়ােগে উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বহুমুখী বিদ্যালয় স্থাপন কৰাৰ পৰামৰ্শ আগ বঢ়াইছিল । আয়ােগৰ এই অনুমােদন ক্রমে সেই সময়ত অসমৰ ৬৭ খন উচ্চ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ পৰিবৰ্তিত হল । ১৯৬৪-৬৬ চনৰ শিক্ষা আয়ােগ ( কোঠাৰী আয়ােগ ) ৰ প্রতিবেদন অনুসৰি ১৯৭৩ চনৰ পৰা অসম মাধ্যমিক শিক্ষা বাের্ডে অসমত -১২ বছৰীয়া স্কুলীয়া শিক্ষা প্রৱর্তন কৰে । ১৯৬১ চনত অসম চৰকাৰে মাধ্যমিক শিক্ষা বিল প্রস্তুত কৰি বিধানসভাত উপস্থাপন কৰে আৰু ই পাছত আইনত পৰিণত হয় । এই আইনৰ ফলতেই জন্ম হয় অসম মাধ্যমিক শিক্ষা বাের্ড । 

প্রশ্ন ৮.অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহৰ বিষয়ে উল্লেখ কৰা ।

 উত্তৰঃ অসমৰ মাধ্যমিক সমস্যাসমূহ হ’ল – 

( ক ) পাঠ্যক্রম :- আমাৰ দেশত মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত প্রচলিত পাঠ্যক্রম জীৱনৰ প্রয়ােজনীয়তাৰ লগত তেনে সম্বন্ধ নাই । এই পাঠ্যক্রমে উচ্চ শিক্ষাৰ কাৰণে প্রস্তুত কৰিব পাৰে, কিন্তু জীৱনৰ বাবে নহয় ।

( খ ) শিক্ষক :- শিক্ষা কার্যৰ সফলতা বহুলাংশে নির্ভৰ কৰে অৰ্হতা সম্পন্ন শিক্ষক মণ্ডলীৰ ওপৰত । কিন্তু অসমৰ মাধ্যমিক স্কুলবােৰৰ এটি প্রধান সমস্যাৰূপে দেখা দিছে— যােগ্য তথা প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ অভাৱ । আনকি প্রশিক্ষণ কলেজবােৰৰ অৱস্থাও বেছিভাগৰে মাধ্যমিক স্কুলৰ দৰেই ।

( গ ) ঘৰ – দুৱাৰ আৰু সা – সঁজুলি :- স্কুলঘৰৰ অৱস্থা বেছিভাগৰে সন্তোষজনক নহয় । মাধ্যমিক শিক্ষাবর্ডে স্কুলঘৰ সজাৰ নিয়ম বান্ধি দিলেও বহুত স্কুলে টকাৰ অভাৱত সেইমতে ঘৰ সাজিব  পৰা নাই । পুথিভঁৰাল , পঢ়া – কোঠা , পৰীক্ষাগাৰ আদি ছাত্র – ছাত্রীক আৱশ্যক অনুযায়ী দিব পৰা নাই । 

( ঘ ) পৰীক্ষা পদ্ধতি :- পৰীক্ষাত উত্তীর্ণ হােৱাই যেন আমাৰ শিক্ষাৰ মূল উদ্দেশ্য এনে ধাৰণাই আমাৰ মনত সােমাই গৈছে । এইটো হােৱাৰ মূলতে হ’ল পৰীক্ষাৰ ফলাফলৰ ওপৰত অধিক গুৰত্ব দিয়াৰ বাবে ।

( ঙ ) বিদ্যালয়ৰ পুঁজিৰ অভাৱ :- প্রয়ােজনীয় পুঁজিৰ অভাৱে বিদ্যালয়ৰ সাংগঠনিক দিশত প্ৰভাৱ পেলায় । প্রয়ােজনীয় সা – সঁজুলিৰ অভাৱে বাহ্যিক দিশত শিক্ষার্থীক আগুৱাই নিয়াত ব্যর্থ হয় । 

প্রশ্ন ৯. মাধ্যমিক শিক্ষা পৰিষদ , অসমৰ কার্যাৱলীৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ কোঠাৰী আয়ােগৰ পৰামৰ্শৰ আধাৰতেই ১৯৮৪ চনত অসমতাে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ’ অসম চৰকাৰে গঠন কৰে আৰু উচ্চতৰ মাধ্যমিক পর্যায়ৰ পৰিচালনা , নিয়ন্ত্রণ আৰু প্ৰশাসনৰ দায়িত্ব সংসদৰ হাতলৈ আহে । ফলস্বৰূপে তেতিয়াৰে পৰা পূর্বে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে হাতত লােৱা উচ্চতৰ মাধ্যমিক শিক্ষাৰ পাঠ্যক্রম প্রস্তুতি , পাঠ্যপুথি প্রণয়ন , পৰীক্ষা আদিৰ সকলাে দায়িত্ব সংসদৰ দায়িত্ব হৈ পৰে । 

১৯৬১ চনত অসম মাধ্যমিক শিক্ষা আইন গৃহীত হয় । এই আইনৰ প্ৰস্তাৱমতে মাধ্যমিক শিক্ষা ব’র্ড গঠন কৰা হয় । এই ব’র্ডৰ মূল কাৰ্যাৱলীসমূহ হল – 

( ক ) মাধ্যমিক আৰু উচ্চ মাধ্যমিকৰ বাবে পাঠ্যক্রম প্রস্তুত কৰা । 

( খ ) পৰীক্ষা পৰিচালনা আৰু ফলাফল ঘােষণা কৰা । 

( গ ) বৃত্তি আৰু পুৰস্কাৰ বিতৰণৰাে নীতি প্রস্তুত কৰা । 

( ঘ ) মাধ্যমিক বিদ্যালয়ৰ সমস্যাসমূহ পৰীক্ষা আৰু অধ্যয়ন কৰা । 

( ঙ ) মাধ্যমিক স্কুলৰ পুঁজি সমন্ধীয় ব্যৱস্থাৰ দায়িত্ব গ্রহণ কৰা । 

প্রশ্ন ১০. শিক্ষাৰ সমতা স্থাপনৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ত উল্লেখ কৰা ব্যৱস্থাসমূহ কি কি ?

উত্তৰঃ নতুন শিক্ষানীতিয়ে বিভিন্নতা দূৰ কৰাৰ বাবে বিশেষ গুৰুত্ব আৰােপ কৰিছে । শিক্ষাৰ সুবিধাসমূহ সমভাৱে দিয়াৰ ক্ষেত্ৰত বিশেষ প্রয়ােজনীয় দিশবােৰ হাতত লােৱাৰ ব্যৱস্থা কৰিছে । সুবিধাৰ পৰা বঞ্চিত লােকসকলক সমপর্যায়ৰ শিক্ষা প্রদানৰ সা – সুবিধা আগবঢ়োৱাত গুৰুত্ব আৰােপ কৰিছে । সমতাৰ বাবে শিক্ষাই সকলাে লােককে সমঅধিকাৰত শিক্ষা লাভ কৰাৰ কথাকে সূচোৱা হয় । 

ৰাষ্ট্ৰীয় শিক্ষানীতি ( ১৯৮৬ ) য়ে মহিলাৰ বাবে শিক্ষাৰ বিকাশ আৰু প্ৰগতিত বিশেষ গুৰুত্ব দিছে । মহিলাসকলক সম অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত শিক্ষাই মূল বাহক হিচাপে পৰিগণিত হ’ব অতীতৰ সৃষ্টি হােৱা বৈষম্যতা দূৰ কৰি নিৰপেক্ষ দৃষ্টিভংগী লােৱাৰ ক্ষেত্রসমূহ পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰা হ’ব । শিক্ষানুষ্ঠানসমূহত মহিলা শিক্ষাৰ বিকাশৰ বাবে প্রয়ােজনীয় সা – সুবিধাসমূহৰ ব্যৱস্থা কৰা হ’ব , পাঠ্যপুথি , শিক্ষক , প্রশিক্ষণ আৰু অভিৰোচন ব্যৱস্থা কৰা হ’ব । উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত মহিলা অধ্যয়ন আদিৰ দৰে বিষয়বােৰ সামৰি লােৱা হ’ব আৰু অনুষ্ঠানসমূহে যাতে মহিলাসকলৰ ভৱিষ্যৎ বিকাশত উৎগনি যােগায় তাৰ প্রতি দৃষ্টি ৰখা হ’ব । মহিলাসকলৰ মাজৰ পৰা নিৰক্ষৰতা নির্মূল কৰাৰ ব্যৱস্থা কৰি প্রাথমিক শিক্ষা যাতে নিশ্চিতভাৱে লাভ কৰিবলৈ সক্ষম হয় তাৰ প্রতি গুৰুত্ব দিয়া হ’ব । অনুসূচিত জাতিৰ লােকসকলে যাতে অ – অনুসূচীত জাতিৰ লােকসকলৰ সমানে শিক্ষা লাভ কৰিবলৈ সক্ষম হয় তাৰ ব্যৱস্থা কৰা হ’ব । গ্রাম্যাঞ্চলৰ মহিলা আৰু পুৰুষ আৰু চহৰ – অঞ্চলৰ মহিলা – পুৰুষৰ মাজত সমতা ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰােপ কৰা হ’ব । অনুসূচিত জনজাতি অধ্যুষিত অঞ্চলত প্রাথমিক বিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হ’ব । জনজাতিৰ মাজৰ পৰা শিক্ষক নিয়ােগ ব্যৱস্থাও কৰা হ’ব । কিছুমান অঞ্চলৰ সংখ্যালঘু সম্প্রদায় সমূহ শিক্ষাৰ পৰা বঞ্চিত আৰু পিছপৰা হৈ আছে । সমতা আৰু সামাজিক ন্যায় স্থাপন কৰাৰ অৰ্থে এনে সম্প্রদায় সমূহৰ ওপৰত মনােযােগ দিয়া হ’ব । বাধাগ্রস্ত শিক্ষার্থীসকলৰ বাবে প্ৰতিখন জিলাতে আবাসিক বিদ্যালয় স্থাপন কৰা হ’ব ।

প্রশ্ন ১১. মাধ্যমিক শিক্ষা পৰিষদ , অসমৰ ক্ষমতা আৰু কাৰ্যৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ কোঠাৰী আয়ােগৰ পৰামৰ্শৰ আধাৰতেই ১৯৮৪ চনত অসমতাে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ’ অসম চৰকাৰে গঠন কৰে আৰু উচ্চতৰ মাধ্যমিক পর্যায়ৰ পৰিচালনা , নিয়ন্ত্রণ আৰু প্ৰশাসনৰ দায়িত্ব সংসদৰ হাতলৈ আহে । ফলস্বৰূপে তেতিয়াৰে পৰা পূর্বে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে হাতত লােৱা উচ্চতৰ মাধ্যমিক শিক্ষাৰ পাঠ্যক্রম প্রস্তুতি , পাঠ্যপুথি প্রণয়ন , পৰীক্ষা আদিৰ সকলাে দায়িত্ব সংসদৰ দায়িত্ব হৈ পৰে । 

১৯৬১ চনত অসম মাধ্যমিক শিক্ষা আইন গৃহীত হয় । এই আইনৰ প্ৰস্তাৱমতে মাধ্যমিক শিক্ষা ব’র্ড গঠন কৰা হয় । এই ব’র্ডৰ মূল কাৰ্যাৱলীসমূহ হল – 

( ক ) মাধ্যমিক আৰু উচ্চ মাধ্যমিকৰ বাবে পাঠ্যক্রম প্রস্তুত কৰা । 

( খ ) পৰীক্ষা পৰিচালনা আৰু ফলাফল ঘােষণা কৰা । 

( গ ) বৃত্তি আৰু পুৰস্কাৰ বিতৰণৰাে নীতি প্রস্তুত কৰা । 

( ঘ ) মাধ্যমিক বিদ্যালয়ৰ সমস্যাসমূহ পৰীক্ষা আৰু অধ্যয়ন কৰা । 

( ঙ ) মাধ্যমিক স্কুলৰ পুঁজি সমন্ধীয় ব্যৱস্থাৰ দায়িত্ব গ্রহণ কৰা । 

প্রশ্ন ১২. সামাজিক আৰু ৰাষ্ট্ৰীয় সংহতি শক্তিশালী কৰাৰ বাবে কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামৰ্শবলী কি কি ? 

উত্তৰঃ সামাজিক আৰু ৰাষ্ট্ৰীয় সংগতি শক্তিশালী কৰাৰ বাবে কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামৰ্শবােৰ হ’ল – 

( ক ) আয়ােগৰ মতে জাতীয় উন্নয়ন লক্ষ্য হিচাপে সর্বসাধাৰণ লােকৰ বাবে সাধাৰণ বিদ্যালয় ( Common School ) স্থাপন কৰিব লাগিব । 

( খ ) সকলাে ল’ৰা – ছােৱালীৰ কাৰণে সামাজিক আৰু জাতীয় সেৱা আঁচনি বাধ্যতামূলক হ’ব আৰু ই শিক্ষাৰ সকলাে স্তৰতে প্রযােজ্য হ’ব । 

( গ ) মাতৃভাষাক বিদ্যালয় বা উচ্চতৰত শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাটো উচিত হ’ব । 

( ঘ ) সর্বভাৰতীয় পর্যায়ত ইংৰাজীত মাধ্যম স্বৰূপে ব্যৱহাৰ কৰিব যদিও আঞ্চলিক পর্যায়ত আঞ্চলিক ভাষা হিচাপে ব্যৱহাৰ কৰিব লাগিব । 

( ঙ ) জাতীয় চেতনাৰ উন্নতিৰ কাৰণে জাতীয় সংস্কৃতিৰ পুনৰ মূল্যায়ন কৰিব লাগিব । 

( চ ) আন্তর্জাতিক বুজাপৰাৰ বাবে শিক্ষা নীতি গ্রহণ কৰিব লাগিব । 

প্রশ্ন ১৩. শিক্ষাৰ প্ৰমূল্যসমূহ কৰ্ষিত কৰিবলৈ কোঠাৰী আয়ােগৰ পৰামৰ্শৱলী উল্লেখ কৰা । 

উত্তৰঃ জাতীয় শিক্ষাৰ লক্ষা হিচাপে কোঠাৰী আয়ােগে প্রমূল্যবােধ বিকাশ সাধনৰ ওপৰত গুৰুত্ব প্রদান কৰিছিল । এই প্রমূল্যবােধৰ এক সক্রিয় শিক্ষা ব্যবস্থা গঢ় দি তুলিবৰ বাবে আয়োগে নিম্নলিখিত পৰামৰ্শ আগবঢ়ায় ।

( ক ) কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰবােৰে তেওঁলােকৰ প্রত্যক্ষ নিয়ন্ত্রণত থকা সকলােবােৰ শিক্ষানুষ্ঠাতে নৈতিক , সামাজিক আৰু আধ্যাত্মিক মূল্যবােধৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে । 

( খ ) ব্যক্তিগতভাৱে পৰিচালিত অনুষ্ঠানেও এনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । 

( গ ) এনে মূল্যবােধৰ শিক্ষা স্কুলৰ কাৰ্যসূচীৰ অবিচ্ছেদ্য অংগ হােৱাৰ উপৰি ইয়াৰ বাবে স্কুলৰ সময় তালিকাত আছুতীয়াকৈ শ্ৰেণীৰ ব্যৱস্থা ৰাখিব লাগে । 

( ঘ ) ধৰ্মৰ তুলনামূলক অধ্যয়নৰ দিশত বিশ্ববিদ্যালয়ৰ সংশ্লিষ্ট বিভাগবােৰে ইয়াৰ প্ৰয়ােজনীয় শিক্ষাৰ উপায় উদ্ভাৱন কৰিব লাগে । 

( ঙ ) প্রথম স্নাতক উপাধি পাঠ্যক্ৰমত পৃথিৱীৰ বিভিন্ন ধৰ্মৰ সাধাৰণ অধ্যয়ন অন্তর্ভুক্ত কৰিব লাগে । 

( চ ) ছাত্ৰসকলে দলীয়ভাৱে মৌন – ধ্যান কৰাত উৎসাহ যােগাব লাগে ইত্যাদি । 

প্রশ্ন ১৪. মাধ্যমিক শিক্ষা সন্দৰ্ভত এনপিচিৰ দ্বাৰা আগবঢ়োৱা পৰামর্শৱলী উল্লেখ কৰা । 

উত্তৰঃ মাধ্যমিক শিক্ষা সন্দৰ্ভত NPC ৰ দ্বাৰা আগবঢ়োৱা পৰামর্শবােৰ তলত উল্লেখ কৰা হ’ল । 

( ক ) মাধ্যমিক শিক্ষাৰ জৰিয়তে শিক্ষার্থীক কলা , বিজ্ঞান , সমাজবিজ্ঞান আদিৰ বিভিন্ন জ্ঞান দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । 

( খ ) মানৱতাবােধ , সাংবিধানিক দায়বদ্ধতা , মিশ্রিত সংস্কৃতিৰ মূল্যবােধ আৰু শাৰীৰিক শ্ৰমৰ প্রতি সুস্থ মনােভাব গঠনৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । 

( গ ) মাধ্যমিক শিক্ষাক বিশেষ অনুষ্ঠানসমূহৰ জৰিয়তে বৃত্তিমুখী কৰি গঢ়ি তােলা হ’ব । যাতে এই ব্যৱস্থাই প্রয়ােজনীয় মানৱশক্তিৰ যােগান ধৰাৰ লগতে দেশৰ অর্থনীতিও সবল কৰি তুলিব । 

( ঘ ) মাধ্যমিক শিক্ষাৰ সুবিধা নথকা অঞ্চলসমূহৰ ছাত্ৰ – ছাত্ৰীৰ বাবে মাধ্যমিক শিক্ষাৰ প্রসাৰৰ ব্যবস্থা গ্রহণ কৰাৰ লগতে ইতিমধ্যে থকা মাধ্যমিক বিদ্যালয়সমূহ উন্নীতকৰণ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । 

( ঙ ) মেধাবী আৰু বিশেষ যােগ্যতাসম্পন্ন শিক্ষার্থীৰ বাবে দেশৰ বিভিন্ন স্থানত “ নবােদয় বিদ্যালয় স্থাপন কৰা হ’ব । 

( চ ) নবােদয় বিদ্যালয়ত বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা থকাৰ উপৰিও দেশৰ সকলাে অঞ্চলৰ লগতে গাঁৱৰ ছাত্ৰ – ছাত্ৰীক থকাৰ বাবে আৱাসৰ ব্যৱস্থাও থাকিব ইত্যাদি । 

প্রশ্ন ১৫. প্রাথমিক শিক্ষা সন্দৰ্ভত এনপিচিয়ে আগবঢ়োৱা পৰামর্শৱলী আলােচনা কৰা । 

উত্তৰঃ প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত দুটা দিশৰ ওপৰত গুৰুত্ব দিয়া হ’ব –

( ক ) সার্বজনীন নাম ভৰ্তিকৰণ আৰু ১৪ বছৰ বয়সলৈকে শিক্ষানুষ্ঠানত উপস্থিতি আৰু 

( খ ) শিক্ষাৰ গুণগত দিশৰ বিষয়াক উন্নীতকৰণ । প্রাথমিক শিক্ষা সন্দৰ্ভত এন . পি . চিয়ে আগবঢ়োৱা পৰামৰ্শাসমূহ হল – 

( ক ) শিশুকেন্দ্রিক শিক্ষা :- শিশুসকলক শিক্ষানুষ্ঠানত উপস্থিত হােৱা কথাটো শিকাৰ বাবে সুন্দৰভাৱে স্বাগতম জনাই উৎসাহপূর্ণ ধাৰণা ল’ব লাগিব আৰু প্রয়ােজনসমূহ পূৰণৰ চেষ্টা কৰিব লাগিব । প্রাথমিক স্তৰত শিক্ষণ প্রক্রিয়া কর্মশীল শিশুকেন্দ্রিক কৰি তুলিব লাগিব । প্রথম গােষ্ঠীৰ শিক্ষার্থীসকলৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰা হ’ব ৷ তেওঁলােকৰ ব্যক্তিগত চাহিদা , পঠনীয় বিষয়ৰ প্রতি অনুৰাগ , দৃষ্টিভংগী আৰু সামর্থ্যৰ প্রতি লক্ষ্য ৰাখিহে শিক্ষা প্রদান কৰা হ’ব । শাস্তি প্রদান কৰাৰ ব্যৱস্থা বাদ দি শিশুৰ সুবিধা হােৱাকৈ স্কুলৰ সময় আৰু বন্ধৰ দিন মিলাই লােৱা হ’ব । 

( খ ) স্কুলৰ সুবিধাসমূহ :- প্রাথমিক বিদ্যালয়সমূহক প্রয়ােজনীয় সা – সুবিধাখিনি দিয়াৰ ব্যৱস্থা কৰিব লাগিব । সকলাে সময়ৰ উপযােগীকৈ দুটা ডাঙৰ কোঠা , পুতলা , কলা বাের্ড , চার্ট আৰু আন আন সঁজুলিসমূহ যােগান ধৰিব লাগিব । প্রত্যেকখন বিদ্যালয়তে দুজনকৈ শিক্ষক নিয়ােগ কৰিব লাগিব , তাৰে এগৰাকী মহিলা হােৱাটো বাঞ্ছনীয় । পাৰিলে শিক্ষকৰ সংখ্যা বৃদ্ধি কৰি প্রত্যেক শ্ৰেণীৰ বাবে একোজনকৈ শিক্ষকৰ ব্যৱস্থা কৰিব লাগিব । সমগ্ৰ ৰাষ্ট্রতে বিদ্যালয়বিলাকক ‘ অপাৰেচন ব্লেকবোর্ড ’ আঁচনিৰ মাধ্যমেৰে উন্নত কৰাৰ ব্যৱস্থা সােনকালে ফলপ্রসূ হােৱাকৈ হাতত লােৱা হ’ব । এই ক্ষেত্ৰত স্থানীয় সন্থাসমূহ , স্বেচ্ছাকে অনুষ্ঠান আৰু ব্যক্তিসকলক সম্পূৰ্ণৰূপে জড়িত কৰা হ’ব । N.R.E.P. আৰু R.L.E.G.P. আঁচনিৰ সহায়ত বিদ্যালয়ৰ ঘৰবােৰ নিৰ্মাণৰ ব্যৱস্থা হাতত লােৱা হ’ব ।

17 thoughts on “Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top